Monday, 13 July 2020

১.৬ খেনাৰিক লগ পালোঁ



খলা-বমা কিছুমান অতিক্ৰমি আহোঁতে আগত পোৱা গ'ল এটা তিনিআলি ৷ পোনে পোনে, দণ্ডায়মান অৱস্থাত চাইনব’ৰ্ড এখন ৷ সোঁফালৰ ৰাস্তাটোৰে ফেনচেৰ’লৈ যায় ৷ কাঁড় চিনেৰে নিৰ্দেশ দিয়া আছে ৷ কি এই ৰাস্তা, কি সেই ৰাস্তা, ৰূপৰ অকণো হেৰ-ফেৰ নাই ৷

ৰেংমামূলীয় ফেনচেৰ’ (Phentsero) শব্দটো অৰেংমাৰ মুখত পৰি কেতিয়া ফাংচেৰপ হ'ল নাজানো ৷ ক’লা ফলকখনত লিখি থোৱা ইংৰাজী বানানটোতো তাৰেই সদম্ভ প্ৰকাশ ৷ জিলিকি আছে Welcome to Phangcherop ৷ এইফালৰ ফেনচেৰ’ আৰু সিফালৰ জংফা মূলতঃ নগা ৰেংমা মৌজাৰ ৰেংমা নগা অধ্যুষিত দুখন বৰ্ধিষ্ণু গাঁও আছিল ৷ যাতায়াত, যোগাযোগ, শিক্ষা আদি একো ব্যৱস্থাই নাছিল ৷ সংকীৰ্ণ পাহাৰীয়া পথেৰে খোজ কাঢ়ি মানুহবোৰে অতি কষ্টেৰে আহ-যাহ কৰিছিল ৷ সাধুকথা যেন লগা পুৰণা কাহিনী আৰু পটভূমিয়ে আজিও দেখিছোঁ মোট সলাবকে পৰা নাই ! বাটৰ বাস্তৱ ছবি প্ৰত্যক্ষ কৰি যথেষ্ট ব্যথিত হৈ পৰিছোঁ ৷ পৰিৱৰ্তনৰ বতাহে সতকাই চুব নোৱাৰা অঞ্চল এইবোৰ ৷

পঢ়িবলৈ পাইছিলোঁ যে ফেনচেৰ’ হৈছে সেইটো দিশত ৬খন ৰেংমা গাঁৱৰ ৰাইজে মিলি অতীতত পতা এখন গাঁও ৷ হেঁপাহ থাকিলেও উক্ত গ্ৰাম্যাঞ্চললৈ মই এতিয়াও গৈ পোৱা নাই ৷ হ’লেও, ছপাশালৰ কাম-কাজৰ মাধ্যমেৰে অঞ্চলটোৰ একাংশ ৰেংমা লোকৰ সৈতে স্থাপন হোৱা চিনা-জনাৰ সম্পৰ্ক আৰু ঘৰুৱা ভাব আজিও বৰ্তি আছে ৷ গগৈ ছাৰৰ সংগী হোৱাৰ সুযোগতে সদ্যহতে ৰাস্তাটো, ভৌগোলিক অৱস্থানটো চিনি থ’লোঁ ৷ কেতিয়াবা নিশ্চয়কৈ ওলামগৈ ৷

বিগত ১৯৬০ চনতে ফেনচেৰ’ত গিৰ্জা প্ৰতিষ্ঠা কৰা হৈছিল ৷ আনহাতে এটা দশক পাৰ হৈ গ’ল যদিও আজিও ফট্‌ফটীয়াকৈ মনত আছে, উক্ত গিৰ্জাঘৰৰ সোণালী জয়ন্তীৰ সৈতে সংগতি ৰাখি ফেনচেৰ’ বেপ্টিষ্ট চাৰ্চে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখন ছপা কৰাৰ সৌভাগ্য লভিছিলোঁ ৷ সেয়া ২০১০ বৰ্ষৰ ডিচেম্বৰ মাহৰ কথা ৷ গিৰ্জাৰ কামৰ জৰিয়তেই আন আন গাঁও কেতবোৰৰো ৰেংমা জনসাধাৰণৰ সহজ-সৰল মানসিকতা, মাৰ্জিত ব্যৱহাৰ, ৰুচি-অভিৰুচি আৰু ধৰ্মৰ প্ৰতি থকা অগাধ বিশ্বাস তথা সমৰ্পণৰ আভাস পাইছোঁ ৷ খেনাৰিত আমি আলহী হ'বলৈ গৈ থকা খেংগা ৰেশ্ব'ও তেনেকুৱাই এজনেই ৷

তিনিআলিটো এৰি ট্ৰেকাৰখন বাঁওহাতে সোমাল ৷ অলপ আগত কেঁকুৰি এটা ৷ ৰূপ দেখি বিচূৰ্তিয়ে খাই গ'লোঁ ৷ ৰাস্তা নে গেলাপুখুৰী ? বোকা-পানীৰে একেবাৰে চপচপীয়া হৈ আছে ৷ সৰু সৰু ডোঙা ইতিমধ্যে আমি ঢেৰ অতিক্ৰম কৰি আহিছোঁ যদিও এইছোৱাই চকু কপালত তুলিলে ৷ গাড়ীখন পিছে ৰৈ দিয়া নাই ৷ ঘেল্‌ ঘেল্‌ শব্দ তুলি পুখুৰীটোত সোমাল আৰু চৰ্‌-চৰ্‌কৈ বোকা-পানী ফালি ওলাই গ’ল ৷ এনেকৈয়ে প্ৰতিনিয়ত আহে-যায় ৷ ভাবিবৰ আহৰি নাই ৷ বোকাপানীত নমাৰ লগে লগেই মই ভিডিঅ’ ৰেকৰ্ডিং আৰম্ভ কৰি দিছিলোঁ ৷ মজা লাগিল পাৰ হৈ ৷ খোজ কাঢ়ি অহা-যোৱা কৰাসকলৰযে কি নগুৰ-নাগতি হ'ব এইছোৱাত ! ৰেংমা পাহাৰত জীৱন সংগ্ৰাম জটিল ৷ জটিল গমনাগমনো ৷

এতিয়া ৩ বাজিছে ৷ এৰা বাটৰ সুৰটো মনত পেলাই অভিশপ্ত অংশটোলৈ পাৰ হোৱাৰ ঠিক পাছতে উভতি চাইছিলোঁ এবাৰ ৷ তাৰ পাছতে সন্মুখলৈ মূৰটো ঘূৰাইছিলোঁহে, আকৌ এখন নদীয়ে দেখা দিলে ৷ নৈ-নৰ্দমাৰ যেন অন্তই নপৰিব ! অথনিৰ নামবৰখনতকৈ এইখন বহল যেন লাগিছে ৷ সাদৃশ্য এয়ে যে সেইখনৰ দৰেই ইয়াতো ৰাস্তাটো পানীত সোমাল ৷ সিটো পাৰে ওলাই থকা দেখা পাই আছোঁ ৷ দলং নাই ৷ খৌ খৌ কৰে বৈ থকা জলধাৰাটো অতিক্ৰম কৰিয়ে গৰা এটা উঠিব লাগিব ৷ নদীবক্ষত শিল কিছুমান ৷ তাতে খুন্দা খাই সৃষ্টি হৈছে সৰু-বৰ ৰেপিড্‌ছ কিছুমান ৷ তাতে পৰি সূৰ্যৰ ৰশ্মিয়ে সৃষ্টি কৰিছে অবিশ্বাস্য জিলমিলনি ৷ ভাল লগা কৰি তুলিছে নৈসৰ্গিক পৰিৱেশটো ৷ ভাবিবলৈকে পাহৰি গৈছোঁ যে ধল আহিলে মানুহৰ কেনে দুৰৱস্থা হ'ব পাৰে ?

এইখন খেনাৰি ৷ দৈগ্ৰোং নদীৰ আগলি ৷ কাৰবি আংলং জিলাৰ উত্তৰ-পূব অংশৰ ফাংৰাং পৰ্বত শিখৰৰ সমীপত উৎপত্তি হৈছে ৷ তাৰ পৰা পূবমুৱা হৈ ১৫ কিল’মিটাৰমান বৈ অহাৰ পাছত ৰিকা নৈক বাঁওপাৰে লগত লৈছে ৷ তাৰ পৰা উত্তৰ-পূবমুৱা হৈ হেহাই গাঁৱৰ কাষেদি প্ৰায় ৩ কিল’মিটাৰ আহি ৰেংদাং নামৰ ডাঙৰ নৈ এখনক বাঁওপাৰে লোৱাৰ পাছতে নাম লৈছে দৈগ্ৰোং ৷

তাৰ পৰা ৩ কিল’মিটাৰ ভটিয়াই নগাজানক বাঁওপাৰে সামৰি দৈগ্ৰোং কিছু পৰিমাণে বহল হৈ পৰে ৷ তাৰ পৰা ১ কিল’মিটাৰ গৈ বুঢ়া ইংতি গাঁৱত কানিলাংছ’, আৰু ১ কিল’মিটাৰ গৈ বালিজান, আৰু ১.৫০ কিল’মিটাৰ গৈ কাছমাৰীজান, আৰু ২ কিল’মিটাৰ গৈ হেমাইজান, আৰু ১ কিল’মিটাৰ গৈ ৰিবাকুটজান, আৰু ১.৫০ কিল’মিটাৰ গৈ বৰচাপৰিজান আদি জানসমূহক বাঁওপাৰে লৈ নামবৰ বনাঞ্চলৰ উত্তৰেদি উত্তৰ-পূব দিশত বৈ গৈছে ৷ এনেকৈ ১ কিল’মিটাৰ বৈ তিছ’জানক সোঁপাৰে, আৰু ০.৫০ কিল’মিটাৰ গৈ পাৰুলিজানক বাঁওপাৰে লগত লয় ৷ একে দিশত আৰু ৩ কিল’মিটাৰ গৈ নৈখন নামবৰ বনাঞ্চলৰ উত্তৰ সীমা পায় ৷ পাছত লেটেকু বস্তিৰ ওচৰৰ পৰা উত্তৰমুৱা হৈ গোলাঘাট জিলাত সোমাই পোন পথেৰে ধাৱমান হয় ৷ ৭ কিল’মিটাৰ গৈ শ্যামৰায়পুৰ চাহ বাগিচাৰ কাষত সৰু শামুকজান আৰু ১ কিল’মিটাৰ ভটিয়াই ধলাজানক বাঁওপাৰে সুমুৱাই লয় ৷ তাৰ পাছত ৫ কিল’মিটাৰ গৈ বগীধলা চাহ বাগিচাত লাংটাৰীজান বা কাবেৰীআদঙক বাঁওপাৰে লয় ৷ তাৰ পৰা ৪ কিল’মিটাৰ ভটিয়াই ধলাজানক লগ ধৰে ৷ তাৰ পৰা আৰু ১ কিল’মিটাৰ ভটিয়াই ঢেঁকীয়াজানক বাঁওপাৰে সাঙুৰি লয় ৷ আৰু ১ কিল’মিটাৰ ভটিয়াই দৈগ্ৰোং চাহ বাগিচাত নৈখন ধনশিৰিত পৰে ৷ গতিপথৰ দৈৰ্ঘ ৬৪ কিল’মিটাৰ ৷

দৈগ্ৰোঙৰ আগলি অংশ এইখন খেনাৰিৰ কাষে কাষেই এতিয়াৰে পৰা আমাৰ যাত্ৰাটো চলি থাকিব যেন অনুমান হৈছে ৷ আমি য’লৈ গৈ আছোঁ সেই গাঁওখনৰ নামটো এই নৈখনৰ নামটোৰে একেই ৷ খেনাৰি ৷  ৰেংমা ভাষাত Nkhenlari ৷ গাঁওখন পোৱাৰ আগতে নৈখনক বাটতে লগ পাই কিবা এটা ভাল লাগি গ’ল ৷ পাৰ হৈ গৰাটোত উঠিব ধৰিলে ট্ৰেকাৰখনে ৷

খেনাৰিক একাষে ৰাখি পুনৰ খাল-ডোং মহতিয়াই, পথৰুৱা বাটেৰে যাত্ৰা অব্যাহত ৰখাৰ দুই মিনিটমানৰ ভিতৰতে সোঁহাতে পুনৰ এখন গাঁও দেখা পালোঁ ৷ Karenga Gaon ৷ গছ এজোপাত লগাই থোৱা তক্তা এটুকুৰাতে নামটো উল্লেখ কৰা আছে ৷ ফেনচেৰ’ আৰু ৰিদংগে’ন্যুৰ মাজত অৱস্থিত এই গাঁওখন বেছি পুৰণা নহয় ৷ কাৰেংগা গাঁওক তলত এৰি শিলাময় ৰাস্তাৰে ট্ৰেকাৰখন হালি-জালি ওপৰলৈ উঠিব ধৰিলে ৷ পৰিৱেশ সলনি হৈ আহিল ৷

No comments:

Post a Comment