Thursday, 12 October 2017

আগকথা

What is this life, if, full of care
We have no time to stand and stare?
                                                            ~William Davis

দিনাংক ১৭.৪.২০১৫৷ স্থান বনশ্ৰী ইক’-টুৰিজিম ৰিজ’ৰ্ট, গুঁইজান, তিনিচুকীয়া৷ আমাৰ চাৰিজনীয়া ভ্ৰমণকাৰী মাৰ্ক’ পল’ দলটোৰ সন্মুখত চাহৰ কাপ মুখৰ আগত লৈ বহি আছে জয়নাল আবেদিন৷ বেনুদা বুলিয়ে সৰ্বত্ৰ পৰিচিত এই মানুহজন৷ এজন প্ৰাক্তন চিকাৰী, পিছলৈ দুৰন্ত প্ৰকৃতিপ্ৰেমী৷ ‘মই ৰত্নাকৰৰ পৰা হোৱা বাল্মিকীহে’ বুলি বাক্যালাপ আৰম্ভ কৰি বেনুদাই আমি তেওঁক সোধা প্ৰশ্নসমূহৰ সমিধান দিয়াৰ লগতে আমাৰ ১০ দিনীয়া চীন-ভাৰত সীমান্ত ভ্ৰমণটোৰো বুজ লৈছিল৷ কথা পাতি আচৰিতেই হ’লোঁ যে অৰুণাচল সম্বন্ধে মানুহজনে ইমান জানে! চুবুৰীয়া প্ৰদেশখনৰ বিভিন্ন স্থানলৈ তেওঁ গৈছে৷ টুৰিষ্ট স্পটবিলাকৰ ভৌগোলিক অৱস্থান, পথ যোগাযোগ, মানুহ আৰু প্ৰকৃতি সম্বন্ধীয় তথ্য তেওঁৰ নখ-দৰ্পণত৷ কথাই কথাই মেচুকা (মেন্‌-চু-খা)ৰ সম্বন্ধে ওলাল৷ তেওঁ কৈ উঠিল, ‘মইতো ভাবো পৃথিৱীৰ ভিতৰতে অন্যতম ধুনীয়া ঠাই মেচুকা৷ এইটো মই চেলেঞ্জ কৰিয়ে কওঁ৷’ তাৰ পাছত অলপমান বিৱৰণ দিলে… ‘তালৈ ৱে’ষ্ট চিয়াং জিলাৰ সদৰ ঠাই আল’ৰ পৰা যাব লাগে৷ লিকাবালি গে’টেৰে অৰুণাচল প্ৰদেশত সোমাই আল’লৈ, আল’ৰ পৰা মেচুকা৷ চিলাপথাৰৰ পৰা গাড়ীৰে দুদিনৰ যাত্ৰা৷ আহোঁতে ল’ৱাৰ সোৱণশিৰি জিলাৰ জিৰ’ হৈ কিমিন গে’টেৰে ওলাই আহিব পাৰি৷ এটা চাৰ্কুলাৰ টুৰিষ্ট চাৰ্কিট হৈ যায়৷’

ডিবৰুৰ পাৰত বেনুদাৰ মুখেৰে বৰ্ণিত কথাবোৰে আমাক মুহূৰ্ততে উত্তেজিত কৰি তুলিলে৷ অৰুণদা আৰু মোৰ মাজত এই ঠাইক লৈ আগৰে পৰাই অলপ-অচৰপ তথ্যৰ আদান-প্ৰদান চলিছিল৷ মই তৎক্ষণাৎ অৰুণদাৰ চকুলৈ চালোঁ৷ দাদাই বুজি পালে৷ তেওঁৰ মুখৰ পৰা নিঃসৰিত হ’ল স্বভাৱসিদ্ধ বাক্যষাৰি… ‘ফেব্ৰুৱাৰীত যাম দিয়ক, ভাল লাগিব৷ ঘৰ গৈ পায়ে আপুনি ৰিচাৰ্ছ আৰম্ভ কৰি দিয়ক৷’ পুৱা ৯.২৫ বাজিছিল৷ পৰৱৰ্তী ভ্ৰমণ-লক্ষ্য হিচাপে মেচুকাৰ স্বপ্ন বুকুত বান্ধি বনশ্ৰীৰ চোতালৰ পৰা আমি বিদায় মাগিলোঁ৷ তাৰ পাছৰ পৰাই অহৰহ সুযোগৰ সন্ধানত আছিলোঁ সেই ঠাইখনলৈ যোৱাৰ, নিজ চকুৰে তাৰ সৌন্দৰ্য চোৱাৰ৷ উক্ত ভ্ৰমণ সম্পৰ্কে ‘অসমীয়া প্ৰতিদিন’ৰ দেওবৰীয়া সম্ভাৰত প্ৰকাশিত-লেখাৰ অন্তিম শাৰীত অৰুণদাই ঘোষণাই কৰি দিলে, পৰৱৰ্তী ভ্ৰমণথলী মেন্‌-চু-খা বুলি!

জীৱনৰ বিশালতাক চুই চোৱাৰ বৰ্ণিল অনুৰাগেই ভ্ৰমণ৷ ভ্ৰমণ মোৰ অন্যতম প্ৰিয় হ’ব্বী৷ সময়, সুবিধা আৰু সুযোগ পালেই ইয়াৰ পাছত লাগি যাওঁ৷ ভ্ৰমণৰ জৰিয়তে বুটলিবলৈ পাওঁ এনে কিছুমান সুখানুভূতি যি আত্মাক পোনে পোনে আলোড়িত কৰে৷

মেন্‌-চু-খালৈ ওলাওঁতে প্ৰস্তুতিৰ পৰা সমাপ্তিলৈ সমগ্ৰ যাত্ৰাটোত কি দেখিলোঁ, কি বুজিলোঁ, কি ভাবিলোঁ, কি পালোঁ তাৰেই বিস্তাৰিত আৰু সচিত্ৰ কাহিনী উপস্থাপন কৰিবলৈ ওলাইছোঁ৷ ভৱিষ্যতে ক’ৰবাত, কেতিয়াবা, কাৰোবাৰ কিবা কামত আহিব পাৰে বুলি ভাবিয়ে কথাবোৰ মনত সজীৱ হৈ থাকোঁতেই এতিয়াই বৰ্ণমালাত আবদ্ধ কৰি ৰখাৰ প্ৰয়াস এটা চলাইছোঁ৷ ক’বলৈ গ’লে এয়া দুঃসাহসেই এক প্ৰকাৰৰ৷

ডুবাইৰ পৰা অহা শিৱদেৱ সিং কাটাউচ; গুৱাহাটীৰ জয়ন্ত শৰ্মা, ৰাজীৱ ভট্টাচাৰ্য আৰু দীপক কুমাৰ দাস; আৰু ডিফুৰ অৰূপ কলিতা আৰু প্ৰদীপ কুমাৰ সিংহৰ সৈতে জোঁট বান্ধি ২৫.১১.২০১৬ৰ পৰা ২.১২.২০১৬লৈ কৰা সুদীৰ্ঘ ৮দিনীয়া পৰিভ্ৰমণৰ কালছোৱাত ভালেকেইজন পৰিচিত-অপৰিচিত লোকৰ সহায়-সাৰথি-সমৰ্থন পাইছোঁ৷ একেদৰে ভ্ৰমণ কাহিনীটো খুঁটি-নাটি সামৰি আহল-বহলকৈ লিখিবলৈ যাওঁতে অনেকবোৰ উৎসৰ সাহায্য প্ৰত্যক্ষ কিম্বা পৰোক্ষভাৱে ল’বলৈ বাধ্য হৈছোঁ৷ অন্যথা, নজনাক একো নকৰাকৈ জনাটো যেনেকৈ অসম্ভৱ, যোৱাটো আৰু দেখি আহি লেখাটোও একেদৰেই সম্ভৱ নহ’লহেঁতেন৷ বিৱৰণীৰ প্ৰাৰম্ভতে সেয়ে সেই সকলোখিনিকে কৃতজ্ঞচিত্তে এবাৰ সোঁৱৰণ কৰি লৈছোঁ৷

সংলগ্ন কৰা মানচিত্ৰখনত অৱস্থিতি আৰু ভ্ৰমণ-পথ দেখুৱা হৈছে৷ নীলাটো যোৱা বাট, ক'লাটো ঘূৰি অহা বাট৷ ডিফু, গুৱাহাটী, চিলাপথাৰ, আল', মেন্‌-চু-খা, পাচিঘাট, বগীবিল, ডিব্ৰুগড় স্পৰ্শ কৰি অট'ৰিক্সা, ৰে'লগাড়ী, চিটিবাছ, মটৰগাড়ী, পদচালনা, নৌকাযাত্ৰাৰে সামৰা এটা ৰোমাঞ্চভৰা চাৰ্কুলাৰ টুৰিষ্ট চাৰ্কিট৷



No comments:

Post a Comment