Monday, 2 October 2017

৫.. শেলুৱৈ বনাঞ্চলৰ অন্তেষপুৰত

বৰষুণে নেৰিছে আমাক৷ তথাপিও ট্ৰেকটোৰ ফটো তুলি তুলি নামি আছোঁ৷ কেমেৰাৰ ওপৰত বিন্দু বিন্দু পানী জমিছে৷ ৰুমালেৰে মচিছোঁ৷ ৰুমালখন কেতিয়াবাতে সেমেকিল৷ হ'লেও এৰা নাই৷ ১২ বাজি ১৫ মিনিট গ’ল৷ তললৈ দেখা গৈছে খনমা আংগামী গাঁৱত আমি সিদিনা পাই অহাৰ দৰে বহিবৰ সুবিধা হোৱাকৈ শিল কিছুমান ঘূৰণীয়াকৈ সজাই ৰখা৷ এই পাহাৰখনত শিলেই শিল৷ শিল, শেলুৱৈ আৰু উজ্জ্বল সেউজীয়াৰ আৱেশ৷ দীপমইনা আৰু ৰাজীৱ আগুৱাই গৈ প্ৰকাণ্ড পাথৰ এটাৰ ওপৰত বহিছে৷ নিলগৰ পৰাই ঝুম কৰি মই দুয়োৰে ফটো তুলিলোঁ৷ অলপ সময় জিৰোৱা হ’ল৷ নিৰ্জনতাৰ গভীৰতাত অৱগাহন কৰি এটাই ধাৰণা হৈছে, এড্‌ভেন্‌চাৰিষ্ট নেচাৰেলিষ্ট আৰু জংঘল ভাল পোৱা মানুহৰ বাবেহে যেন আকুল আগ্ৰহেৰে বাট চাই থাকে লোকচক্ষুৰ পৰা নিলগৰ এনেকুৱা আচৰিত আৰু সুপ্ত অৱস্থানবোৰে! আমাৰ বাবেও পৰম আকাংক্ষিত অঞ্চল এনেবোৰ য'ত প্ৰকৃতি সদায়ে উন্মুক্ত, কুমাৰী আৰু নিৰন্তৰ শিহৰণসঞ্চাৰী৷ খোজত ভৰ দি উঠি-নামি আহিব নোৱাৰা মানুহৰ জীৱনত এইবোৰ অজ্ঞাতসাৰেই থাকি যাব৷ আৰু কিমান কিযে চুপে-চাপে বিৰাজমান হৈ আছে চাগৈ, নগা পাহাৰৰ দুৰ্গম অৰণ্যৰ অভ্যন্তৰত!

মেঘালয়ত খাচিয়াই প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা জীৱন্ত শিপাৰ দলং দেখিছোঁ৷ অৰুণাচলৰ দুৰ্গমতাত বাঁহ-বেতেৰে অৰুণাচলীয়ে সজা ওলোমা দলঙেৰে তীব্ৰবেগী নৈ ইপাৰ-সিপাৰ হৈছোঁ৷ একেদৰে, নাগালেণ্ডৰ ভিতৰুৱা ঠাইতো থলুৱা নগাই এবিধ দলং সাজে৷ ৰাজীৱৰ পৰাই জানিছিলোঁ৷ স্বাভাৱিকতে ওপৰলৈ উঠি যোৱা গছৰ ডাল এটাক চিধাকৈ যাবলৈ নিদি জোৰ কৰি নমাই পথালিকৈ বাঢ়িবলৈ দিয়া হয়৷ ইও এক নগা টেক্‌নিক্‌! কৌশলপূৰ্ণভাৱে সজা এই দলংবোৰৰ নামেই নগা-দলং৷ শিপাৰ দলঙৰ দৰে ইও এদিনতে সজা দলং নহয়৷ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা, যুগ-যুগান্তৰ ধৰি কাৰ্যক্ষম হৈ থকা, দুৰ্গম অভ্যন্তৰৰ এনেবিলাকেই থলুৱা সংযোগ ব্যৱস্থা৷ পাৰ্বত্য পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰবিন্দুস্বৰূপ৷ এইফালে পিছে তেনেকুৱা দলং দেখা নাই পোৱা৷ গছৰ ডালেৰে সজা, ষ্টেপ থকা সৰু দলংহে পালোঁ এখন, এইমাত্ৰ নামি আহোঁতে৷ দলং বোলাটো ভুলেই হ'ব কিজানি৷

দলঙৰ তলেৰে পাৰ হোৱা পানীৰ ঢলটো ট্ৰেকৰ ওপৰেৰে নামনি অভিমুখে আগুৱান হৈছে৷ অধিক সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে এইখিনিত৷ এনেতে পিছফালৰ পৰা অচিনাকি ট্ৰেকাৰ্ছ কেইজনমান আহি ওলাল৷ আমাক পিছ পেলাব বিচাৰিলেও বিপজ্জনক অৱস্থানৰ বাবেই সকলোৱেই গতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হ’ল৷ ওপৰৰ পৰা দেখা গৈ আছে, টিনপাতৰ ঘৰ এটা৷ ট্ৰেকটোৰ সােঁফালে৷ বহিবৰ বাবে ব্যৱস্থা আছে৷ আমি তিনিওকে বাদ দি ১০জন ট্ৰেকাৰ্ছে বস্তু-বাহানিবোৰ নমাই আগৰে পৰাই জিৰাই আছেহি৷ দুজনী ছোৱালীও আছে৷ আমিও চালিৰ তলত সোমালোঁগৈ৷

ঘড়ীত ১.০০ বাজিছে৷ এইফালে ম’বাইল নে’টৱৰ্ক নাই৷ Network Point বোলা ডোখৰতেই শেষবাৰলৈ কল বা এছ.এম.এছ. কৰিব পাৰি৷ গতিকে ফোনৰ ব্যৱহাৰ কেমেৰা, গান শুনা, টৰ্চ লাইট, সময় চোৱাত সীমাবদ্ধ৷ নহ’লেযে কি হ’লহেঁতেন! ষ্টেপত বহি ফে’চবুক, হোৱাটছএপত ব্যস্ত থকাসকলৰ প্ৰকোপত উঠা-নমাৰ বাট পোৱাই মস্কিল হৈ পৰিলহেঁতেন কিজানি! ষ্ক্ৰীণত দৃষ্টিনিবদ্ধ হৈ থাকোঁতে ট্ৰেকত কৰ্ফাল খাই পৰিবলৈও আছে৷ সি যি কি নহওক, ৰক্ষা৷ তেনে প্ৰতিবন্ধকতা নাই পোৱা বা দুৰ্ঘটনা ঘটা নাইকিয়া৷ বহি লৈ গোটেইজাকে কথা পাতিছে, হাঁহিছে, ধেমালি-ধুমুলা কৰিছে, ঘাম আৰু বৰষুণৰ টোপাল মচিছে৷ 'আৰু কিমান থাকিছেঅ' সাথী?' 'টু আৱাৰ্ছ নিচিনা ডাউনতে যাবলে আছে৷' সময়ৰ বুজ ল'লোঁ৷ ১০.৩০ৰ পৰা এতিয়া বাজিল ১.০০৷ 'আৰু দুঘণ্টা! বাপৰে!' ৰাজীৱে স্বগতোক্তি কৰিলে৷

ঘৰটোৰ ৩০ ফুটমান সিফালেৰে ঝৰ্ণা এটা বৈ গৈছে৷ নামনিমুৱা ঝৰ্ণাটোৰ গৰ্জনে উখল-মাখল লগাই আছে৷ ৰৈ থকাৰ পৰাই শুনা পাই আছোঁ৷ নেপালৰ পোখৰাত দেখা Seti River Gorgeৰ দৰে লাগিছে শব্দটো৷ এনেকুৱা অৰণ্যৰ মাজত এনেয়েও প্ৰতিধ্বনি বেছি হয়৷ ৰাক্‌চেক্‌টো নমাই থৈ ৰাজীৱৰ কাষতে বহি অলপ পৰ জিৰাই লৈছোঁ৷ পিঠি আৰু কান্ধ দুখন মুকলি হোৱাত স্বস্তিৰ নিশ্বাস এটা আপোনা-আপুনি ওলাই আহিছে৷ ইফালে ঝৰ্ণাটোৱে ৰিঙিয়াই আছে৷ প্ৰকৃতিৰ এনেকুৱা আহ্বান নেওচিব নোৱাৰি৷ কেইমিনিটমান বহিয়ে উঠিবলগীয়া হ'ল৷ কিন্তু কি হ'ব, জংঘলে বাধা দিছে৷ পানীখিনি ভালকৈ দেখাই নাযায়৷ আগুৱাই যাবও নোৱাৰি৷ যিটো শিলত উঠি লৈছোঁ, অগ্ৰাংশ অতিপাত পিছল৷ ঝৰ্ণাৰ মায়াজালত পৰি কেনেবাকৈ বাগৰিব লাগিলে বিচাৰি উলিয়াব কোনে? জীৱন্তেযে ঘৰ গৈ নাপাওঁ সেইটোও খাটাং৷ কেমেৰাৰ কাম নাই৷ ফটো তোলা নহ'ল৷ অন্য একাষে ক্ষুদ্ৰশৌচ কৰি ফিৰি আহিলোঁ৷

আগৰে পৰা জিৰণি লৈ থকা দলটোৱে পদচালনা পুনৰ সূচনা কৰাৰ আগতেই আমি ওলালোঁ৷ ট্ৰেকৰ ওপৰেৰে আকৌ পানীৰ ঢল৷ কাজেই গতি অতি মন্থৰ৷ অলপ পাছতে সিহঁতবোৰো আহি পালেহি৷ গোটেইসোপা থূপ খোৱাত ট্ৰেকটোত ভিৰ লাগি গ'ল৷ পাৰ হৈ যাব দিবলৈ মন নথকা নহয়৷ পিছে বাট উলিয়াবই নোৱাৰি৷ Narrow road, no overtaking টাইপৰ হৈছে কথাটো৷ তাকে লৈ হাঁহিলোঁ অলপমান৷ খৰ খোজত যাব বিচৰা ট্ৰেকাৰে লেহেম গতিত আগে আগে গৈ থকা কাৰোবাক মুখৰ আগত পালে কিমান অস্বস্তিত ভোগে নোকোৱাই ভাল৷ এবাৰ সুবিধাজনক এঠাইত একাষৰীয়া হৈ ৰৈ দিলোঁ৷ সিহঁতকেইটা পাৰ হ'ব ধৰিলে৷

ক'ৰ মানুহ কথা নাই, ট্ৰেকত সকলোজনেই আপোন হৈ যায়৷ সঁচাকৈয়ে এইখন এখন বেলেগ জগত৷ অলপ আগতে ক্ষন্তেকীয়া চাৱনি নিক্ষেপতে চকুৰ চিনাকি হৈ পৰা নগা ছোৱালী দুজনী দুপিয়াই দুপিয়াই পাৰ হৈছে৷ তাকে দেখি ৰাজীৱে কাৰণ জানিব বিচাৰিলে৷ সিহঁতেও মিচিকিয়া হাঁহিৰে অৰণ্যখনৰ তেজপিয়া প্ৰাণীটোৰ বিষয়ে জনাই গ’ল৷ 'ইটো জংঘলতে লিচ্ছ বিচ্চি বিচ্চি থাকিছে৷' বৰষুণ পৰিলে ইয়াত জোকৰ উপদ্ৰৱ বৃদ্ধি পায় বুলি কোনোবাই মোকো এবাৰ কৈছিল৷ ‘If you choose to hike during monsoon, be careful of leeches as they are found in plenty’ বুলি প্ৰাক্তন ট্ৰেকাৰ্ছৰ মুখ নিসৃত এষাৰ সাৱধান-বাণীয়ে আছে৷ কথাটো জানি চেলেং, মাধৱদাহঁতে জোক প্ৰতিৰোধী ব্যৱস্থা লৈ আহিছে৷ বৰষুণ পৰি আছিল যদিও কালি ৱাটাৰ পইণ্টলৈ উঠাৰ সময়ত জোকে আমাৰ এজনকো খোৱাৰ কথা ওলোৱা নাই৷ ওভতনি ট্ৰেকিঙত এতিয়ালৈ কাৰ কি ঘটিছে ক’ব নোৱাৰোঁ৷ অজানিতে নিজৰে দেহাতে কেনিবা যদি চুপে-চাপে অ’পাৰেচন চলাই আছে তাকো নাজানো৷ Gibbon Wildlife Sanctuaryত ফৰেষ্টাৰ দেবেশ্বৰ বৰাৰ পাছে পাছে প্ৰশান্ত আৰু সঞ্জুৰ সৈতে হলৌ বান্দৰ চাবলৈ ঘূৰি ফুৰোঁতে নীৰৱে সোঁভৰিৰ তেজ খাই পেটুৱা হৈ পাছত বিট অফিচৰ মজিয়াত সৰি পৰা জোকটো হ’লে আজিও খুব ভালকৈ মনত আছে৷ এবাৰ পাই থৈছোঁ গতিকে এতিয়া সিমান ভয় কৰা নাই৷ খালে খাব আৰু! জীৱটো বাচিলেই হ'ল৷


No comments:

Post a Comment