Friday, 13 October 2017

দিন এক ৷৷ খণ্ড ৪

অপেক্ষাৰ ফল মিঠা৷ ১৫৬১৩ নং কামাখ্যা-মুৰ্কংচেলেক ইণ্টাৰচিটি এক্সপ্ৰেচখন নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ হ’লেও প্লে’টফৰ্মত হাজিৰ হ’লহি৷ আমাৰ ডবা B-2৷ ভিতৰ সোমাই নিজৰ নিজৰ সংৰক্ষিত আসন অধিকাৰ কৰিলোঁ আৰু আৰু এটা খেপৰ বাবে উৎসাহেৰে উন্মুখ হৈ ৰ’লোঁ৷ এই মুহূৰ্তটো প্ৰত্যেকজন যাত্ৰীৰ বাবেই স্বস্তিৰ নিশ্বাস পেলােৱাৰ মুহূৰ্ত, 'আস্‌, চিটটো পাই গ'লোঁ' বুলি৷

অজান উল্লাসত অন্তৰবোৰ মতলীয়া হৈ উঠিল যেতিয়া প্ৰায় ১৫ মিনিট দেৰিকৈ হ’লেও ৰে’লখনে গা লৰালে আৰু যাত্ৰাটো শুভাৰম্ভ কৰিলে৷ লেথাৰি নিছিগা অৰণ্যাতুৰ ভ্ৰমণ-কথায়ো অবিৰাম জিভা লৰাবলৈ ল’লে আমাৰ মাজত৷ লেকচাৰৰ পাক-ঘূৰণিত বিশাল ব্ৰহ্মপুত্ৰখন কেতিয়ানো পাৰ হ’লোঁ তলকিবই নোৱাৰিলোঁ! শৰাইঘাট দলঙত উঠা বিকট ঝংকাৰো আনকি কিয় জানো আজি, কাণত নপৰিলেই! মনত যেতিয়া এইটো খেয়াল হ’ল, বৰনৈ তেতিয়া আমাৰ পৰা বহুখিনি আঁতৰি গৈছে৷ কাণত মাথো বাজিব ধৰিছে ট্ৰেকৰ যাদুকৰী আৱাজ, খট্‌ খট্‌ খট্‌ খট্‌৷ মাজে মাজে লোৱে লোৱে সংঘাত, ঘৰ্ষণৰ কৰ্কশ শব্দ৷ ৰে'লৰ বুকুত সোমাই শত-সহস্ৰ যাত্ৰীৰ লগতে গৈ আছোঁ অৰুণাচল অভিলাষী আমি ৭ অভিযাত্ৰী৷

ৰঙিয়া পালোঁহি৷ ৰঙিয়া উত্তৰ পাৰৰ এটা ডাঙৰ জংছন৷ গাড়ীখন ইয়াত ২৫ মিনিট ৰ’ব৷ থমথমকৈ বহি থাকি আমনি লাগি গ'ল৷ প্লে’টফৰ্মলৈ নামি আহিলোঁ৷ ২ লিটাৰৰ পানী এবটল কিনি লৈ অকলে অকলে অলপ পৰ টহল দি আছোঁ৷ ৰে’লে-মটৰে অহা-যোৱা কৰা মানুহবোৰৰ মাজত পেয়জলৰ বটলবোৰ কম বিক্ৰী হয়নে? নিকিনি উপায় নাই৷ তৃষ্ণাক নেওচিব কোনে? আমাৰ সৰু কালছোৱাত কিন্তু এনে নাছিল৷ ৰে’ল বা বাছত ক’ৰবালৈ গৈ থকা অৱস্থাত পিয়াহ লাগিব বুলি ঘৰৰ পৰা পানী ভালকৈয়ে কঢ়িয়াই নিয়া হয়৷ নহ'লে ষ্টেচনৰ টেপ বা দমকলৰ তলত দুহাতেৰে আঁজলি পাতি অথবা কোনোবা হোটেলত সোমাই জাৰত ভৰাই ৰখা পানী ঘোট্‌-ঘোট্‌কৈ কেইঢোকমান পি ল'লেই হৈছিল৷ আৰু এতিয়া? বটলৰ জয়জয়কাৰ৷ বিশুদ্ধ খোৱাপানীটোপাৰেচোন সুব্যৱস্থা আজিকোপতিও হৈ নুঠিল! যাত্ৰা বুলিলেই বটল কিনাটো হৈ পৰিল বাধ্যতামূলক৷ মিনাৰেল ৱাটাৰ সংস্কৃতিয়ে ভাবনা আৰু অভ্যাস তেনেই সলাই পেলালে৷ পৰিৱৰ্তন!

দীৰ্ঘ বিৰতিৰ অন্তত গাড়ী পুনৰ চলিব লাগিল৷ গতি ভাল৷ সময়মতে ৰঙাপৰা নৰ্থ জংছন পোৱাই দিলে৷ গোৰেশ্বৰ, খৈৰাবাৰী, টংলা, ওদালগুৰি, ৰৌতা বাগান, মাজবাট, নিউ মিছামাৰী আদি বাটত পাৰ হৈ আহিছোঁ৷ মন কৰিলোঁ, ৰে’লখন ইয়াত ৰোৱাৰ লগে লগে মৌ-মাখিৰ জাকৰ দৰেই বহুতো যাত্ৰীয়ে কোবাকুবিকৈ এফালে দেখােন ঢাপলি মেলিছে! লক্ষ্য প্লে’টফৰ্মত থকা কেণ্টিনখন৷ ইণ্টাৰচিটি এক্সপ্ৰেচ ইয়াত কিছু সময় থামিব৷ গতিকে ভাত খোৱাৰ সুযোগ৷ আমি যিহেতু একো খাই অহা নাই, সেয়ে ৰাজীৱৰ বাদে আটাইৰে মাজত আলোচনা চলিল আৰু কেণ্টিনলৈ গৈ নিশাৰ আহাৰ খোৱাৰ প্ৰস্তাৱ উঠিল৷ অন্যথা চান্স আৰু নাই৷ ৰাজীৱক মাকে ঘৰৰ পৰাই ৰুটি-ভাজি দি পঠাইছে৷ কাজেই তেওঁ আমাৰ বয়-বস্তুবোৰৰ ৰখীয়াৰ দায়িত্ব চম্ভালিবলগীয়া হ'ল৷ বাকীসকল শাৰীপাতি নামিলোঁ৷

কেণ্টিনখনত খুব ভিৰ লাগিছে৷ খাদ্যৰ বাবে হেতা-ওপৰা৷ মনত খুদূৱনি জাগিব ধৰিলে যে ভাতকেইটা সুখে-শান্তিৰে খাবলৈ সময় আটিবনে? নে গো-গ্ৰাসে গিলিব লাগিব? নে থালী শেষেই হৈ যাব, আমি সন্মুখ পাওঁগৈমানে? টি.টি.ই. এজনো কেণ্টিনৰ ভিতৰলৈ সোমাই আহিছে৷ তেওঁকে সুধি চালোঁ৷ ক’লে, ‘চিন্তা নাই, আৰামত খাই লওক আপোনালোকে৷ ট্ৰে’ন ১০.৩০ বজাত এৰিব৷’ কথাষাৰে সকাহ দিলে যেনিবা৷

নিৰামিষ ভাতৰ মূল্য প্ৰতি প্লে’টত ৪০ টকাকৈ৷ খাই-বৈ আকৌ গাড়ীৰ ভিতৰ সোমালোঁহি৷ এইবাৰ সমজুৱাৰ কথা-বতৰা বন্ধ৷ নিজৰ নিজৰ বাৰ্থত ঘুমটি মৰাৰ যো-জা চলিছে৷ মোৰ বিছনা ওপৰত৷ তৎমুহূৰ্ততে ছিৰি বগাই উঠি গ’লোঁ৷ ৰে’লৱে টাইম-টে’বুল অনুযায়ী আমাৰ গন্তব্যস্থল চিলাপথাৰ পোৱাৰ সঠিক সময় ৪ বাজি ৪০ মিনিট৷ ম’বাইল ফোনটোত ৪ বজাত এলাৰ্ম দিলোঁ আৰু মূৰে-গায়ে কম্বল লৈ নিশ্চিন্তমনে শুই থাকিলোঁ৷



No comments:

Post a Comment