Saturday, 18 June 2016

দিন সাত  ৷৷ ৬.১১.২০১৫
৩. বিদায় কেতেনালা, আকৌ আহিম


অলপ পাছতে আমাৰ এৰাএৰি হ’ব৷ নাজানো, এই এৰাএৰি হয়তো চিৰদিনলৈয়ো হ’ব পাৰে৷ নিকেলক বাহিৰলৈ টানি নিলোঁ৷ থেংক ইউ অৰ্থাৎ ধন্যবাদ শব্দটো সিহঁতৰ দোৱানত কি হ’ব? মই জানিব বিচাৰোঁ৷ অলপ ভাবি শব্দ এটা তেওঁ ক’লে৷ উচ্চাৰণবিভ্ৰাট ঘটিব পাৰে, পাহৰি যাব পাৰোঁ বুলি ভাবি মোৰ নোটবুকত নিজৰ হাতেৰে লিখিও দিলে বেচেৰাই৷

বাকী সংগীসকলে ইতিমধ্যে ভূমি স্পৰ্শ কৰিছে৷ জুইৰ গুৰিত অচিনাকি এক আগন্তুকৰ উপস্থিতি লক্ষ্য কৰিলোঁ৷ ক্ষন্তেক আগতে চাঙলৈ উঠি আহিছে৷ পিন্ধনত ফটা-ছিটা চাৰ্ট এটা৷ ঠাণ্ডাত কঁপি আহিছিল মানুহটো৷ মোৰ ৰাক্‌চেকৰ তলত ডাঠ জেকেট এটা আছে৷ উলিওৱাই নহ’ল৷ তানিক মাতিলোঁ ওচৰলৈ৷ ক’লোঁ, ‘‘মোৰ লগত জেকেট এটা আছে৷ কাষলতিৰ তল আৰু বাঁও মণিবন্ধত অলপমান চিলাই এৰাইছে৷ তাকে এই মানুহজনক দি যাওঁ বুলি ভাবিছোঁ৷ ঠাণ্ডাৰ পৰা ৰক্ষা পাব৷ পিছে ল’বনে তেওঁ? নে বেয়া পাব?’’ ‘‘বুৰা কিউ মানেগা? দে’ দিজিয়ে৷’’ তানিয়ে এইদৰে ক’লে৷ ততালিকে ৰাক্‌চেকটো খুলিলোঁ৷ তলৰ পৰা জেকেটটো বাহিৰ কৰি আগন্তুকক দি দিলোঁ৷ তেওঁ লগে লগে গাত সুমুৱালেই৷ ৰয়েল ব্লু তয়’তা জেকেটটোৰে নিজৰ অনুৰূপ মানুহ এজন মুখৰ আগত থিয় হৈ থকাৰ দৰে অনুভৱ হ’ল মোৰ৷ ট্ৰেকিঙত লগত নিনিয়া বেগটোত কাপোৰ ধোৱা চাবোন এডোখৰ আছিল৷ ফুড চাপ্লিমেণ্টৰ পেকেটো আছিল কেইটামান৷ এইবোৰ ঘূৰাই নি কি কৰিম? গৃহস্থনীৰ দুহাতত তুলি দিলোঁ আথে-বেথে৷ শিকাই দিলোঁ পেকেটকেইটাত থকা খাদ্যবিধ কেনেকৈ খাব লাগিব৷ স্বীকাৰোক্তিৰ সুৰত তাই কৈ উঠিল, ‘‘আজ হামক’ বহত সামান মিলা দাদা৷ ইতনা মেহেৰবানি কিয়া!’’

ক’বলৈ মন আছিল, আমিনো কিডাল মেহেৰবানি কৰিছোঁ তহঁতৰ তুলনাত? নক’লোঁ৷ ৰাতিপুৱাৰ কোমল মিঠা ৰ’দ এজাক আশা কৰি আছিলোঁ যদিও সূৰ্য দেৱতাও দেখোন এই পৰ্যন্ত নিশ্চুপ! আমি গুচি যোৱাটো বিচৰা নাই নেকি? চাঙৰ পৰা নামি আকাশৰ তললৈ ওলাওঁতেই কথাটোৱে এইদৰে ৰেখাপাত কৰিলে৷ ইফালে আৱেগিক সম্পৰ্কৰ দায়বদ্ধতাত তানিয়ে মোৰ ৰাক্‌চেক আৰু শ্লীপিং বেগটো নিজে লৈছে৷ নিজ হাতে গাড়ীত তুলি দিয়াৰ মন৷ মই বাৰে বাৰে খোজাতো চুবলৈকে নিদিলে৷

তানিহঁত ধনেৰে সৰু কিম্বা দুৰ্বল মানুহ হ’ব পাৰে৷ মনবোৰ বহুত ডাঙৰ, অসম্ভৱ শক্তিশালী আৰু সাহসী৷ ব্যতিক্রমী আৰু আচৰিত জীৱন-চৰ্যা ইহঁতৰ৷ গাড়ী-ঘৰ, চাকৰি, বেংক বেলেঞ্চৰ সমস্যা নথকা সৰল প্ৰাকৃতিক জীৱন৷ ভৈয়ামৰ তুলনাত এশগুণে কষ্টকৰ ইহঁতৰ দৈনন্দিনৰ জীৱন-যুদ্ধখন৷ কিয়নো পাহাৰ আৰু জংঘলৰ বাদে খোলা চকুৰ সন্মুখত আন একোৱেই দেখিবলৈ নাই৷ কিন্তু তাতেই আছে শিহৰণ, আছে মাদকতা, আছে ভাললগা আৰু কিবাকিবি৷ ভাবি পালোঁ, দুদিনীয়া বন্ধুত্বতে তানিয়ে মোৰ শাৰীৰিক সুস্থতাৰ কথা চিন্তা কৰিছে! মোৰ ইফালে কোনো বেমাৰ-আজাৰ বুলিবলৈ নাই৷ নিৰোগী, সুস্থ মানুহ৷ তৎসত্ত্বেও মানুহটোৱে আগ বঢ়াইছে কষ্টপ্ৰাপ্য মিছিমি তিতা অলপমান, অৰুণাচলী সঞ্জীৱনী! বাৰে বাৰে কৈ আছে, ‘‘আপ ত’ ছেকেগা৷ আপ ফিৰছে আ যায়িয়ে৷ হম দ’ন’ চলে যায়েংগে তাকচিং’’৷ তাৰ মানসিক শক্তিক তবধ মানিছোঁ, অনুকৰণ কৰাৰ চেষ্টা কৰিছোঁ সংগোপনে, কোনেও নজনাকৈ৷ সেই শক্তি আৰু সাহসৰ প্ৰয়োজন আছে৷

দাদি, নানা, মামা, নাল’, ইব্যা৷ ম্ৰা দম্পতীৰ চাংঘৰত এইকেইদিন হাতে-কামে সহায় কৰা তাগিন গাভৰুহঁত৷ ইহঁতৰ খিলখিল হাঁহি আৰু চঞ্চলতা-চপলতাবোৰেই কেতেনালাৰ পৰ্বতমালাৰো প্ৰাণ৷ ইহঁতৰ অতিথি হোৱাৰ বিৰল সুযোগ জীৱনত আকৌ কেতিয়াবা পামনে বাৰু? এতিয়াই একো নাজানো৷ এই আতিথ্য আৰু মৰমৰ প্ৰত্যুত্তৰত কি ক’ম? মাটিত ভৰি দিয়েই হাত দাঙি সিহঁতৰ দোৱানতে ৰিং এটা মাৰি পঠিয়ালোঁ, হেবনি খে’৷ শুনি থতমত খালে সিহঁতে৷ মুহূৰ্তৰ বাবে জলকা লগাৰ পাছত হাঁহি মাৰি ওপৰৰ পৰা কেইজনীমানে চিঞৰি উঠিল, হেবনি খে’৷ আৰু কিবাকিবি কৈছিল৷ মনত ৰখা নহ’ল৷

ৰাস্তাত উঠি ইফালে-সিফালে চাওঁতে দেখিলোঁ, প্ৰদীপদাই মানিবেগ খুলি ছোৱালীহঁতক ৰূপ কেইটামানকৈ হাতে হাতে দি আছে৷ কাক কিমান দিলে ইচ্ছা কৰিয়েই নুসুধিলোঁ৷ মৰমতে নিজজ্ঞানে আনক দিয়া উপহাৰ৷ সিহঁতকেইজনীয়েও গধুৰ হৈ পৰা মন একোটাৰে নিজৰ ঠাইখনৰ পৰা আমাক বিদায় সম্ভাষণ জনাইছে৷ আকৌ আহিব বুলিও সোঁৱৰাইছে৷

পি.চি.অ’.টোৰ সন্মুখতে শাৰী পাতি দুখন চুম’ সাজু৷ তাৰে এখন দেখোন জে. জে. ভাইৰ! সি আৰু মাদাই ২ তাৰিখে আমাক ইয়াত এৰি থৈ গৈছিল৷ এতিয়া চকুত চকু পৰা মাত্ৰক সি চিনাকি হাঁহি এটা মাৰিলে৷ সুধিলোঁ, ‘‘মাদা ক’ত?’’ ‘‘ৱ’ত’ ইটানগৰমে’ বৈঠা হ্যায়৷’’ পোনপটীয়া উত্তৰ৷ আমি ডিফুৰ পাৰ্টী পিছে এইবাৰো তাৰ গাড়ীৰ যাত্ৰী হ’বলৈ নাপালোঁ৷ পুৰণি চিনাকি হিচাপত আগৰ পাঁচজনেই জে. জে. ভাইৰ গাড়ী আগে-ভাগে অধিগ্ৰহণ কৰিলেগৈ৷ তাৰ মানে আমি সিখনত বহিব লাগিব৷ আমা আৰু আল’ক ৰাস্তাৰে আহি থকা দেখা গ’ল৷ হাতত মোনা আৰু মস্ত ছাতি৷ আমাই পিছে কালি নিশা আল’ৰ কথা কোৱা নাছিল৷ আজি নিয়মীয়া চুম’ নথকাত উপায় নাপাই তায়ো আমাৰ লগতে যোৱাটো থিৰাং কৰিলে৷ নহ’লে এটা দিন কেতেনালাত এনেয়ে বতাহ খাই থাকিব লাগিব৷ দুয়ো পোনে পোনে আমাৰ গাড়ীখনলৈকে আহিল৷ কালিয়েই গৃহস্থনীক দি থোৱা প্ৰতিশ্ৰুতি৷ ৰাক্‌চেক আৰু অন্যান্য বস্তুবোৰ চিজিল কৰি পিছফালে চিট এটা ময়ে উলিয়াই দিলোঁ তাইক৷ আল’ খিৰিকীৰ কাষত বহিব, মোৰ ওচৰত৷ বাটত নামি যাব৷ এজনীৰ ঠাইত দুজনী ওলালত তিনিজনীয়া চিটত থেপাথেপিকৈ চাৰিজন বহি যাব লাগিব৷ ‘‘হ’ব হ’ব, একো কথা নাই, চলি যাব৷ এৰি থৈ যোৱাৰটো প্ৰশ্নই নুঠে৷ এতিয়া আমি আটাইবোৰ আপোন মানুহ৷’’ অৰূপদাই নিজৰ মনোভাব প্ৰকাশ কৰিলে৷

বিদায় বেলাৰ গধুৰ মন৷ ঘড়ীত পুৱা ৬.৪০ বাজিছে৷ তানিৰ দুহাত স্পৰ্শ কৰি আকৌ এবাৰ উচ্চাৰণ কৰিলোঁ, হেবনি খে’, থেংক ইউ, ধন্যবাদ৷ লগে লগে গাড়ী ষ্টাৰ্ট দিলে৷ প্ৰকৃতিৰ সৈতে নিবিড় অন্তৰংগতাৰে পৰিপূৰ্ণ প্ৰশান্তিৰ ভাব হৃদয়ত লৈ ডাপৰিজো অভিমুখে আমাৰ চুম’ আগ বাঢ়িল৷ কুঁৱলীয়ে গোটেইখন আগুৰি আছে৷ দূৰলৈ নেদেখি৷ তাৰ মাজেৰেই আৰম্ভণি হৈ গ’ল শংকা-অনিশ্চয়তাৰে ভৰা ওভতনি যাত্ৰাটো৷ বৰষুণ পৰি পিছল বাট৷ অসংখ্য চমু কেঁকুৰি, য’ত সকলোৰে অলক্ষিতে বিপদে নীৰৱে চোপ লৈ থাকে৷ তেনেকুৱা কেঁকুৰিবোৰ পাৰ্গতালিৰে কাটি লৈ গৈ থাকিল দুয়োজন চালকে৷

লাহে লাহে কেতেনালা আঁতৰি গৈ আছে৷ মনত পৰিছে Ruskin Bondৰ ‘Once you have lived with mountains’৷ মনে মনে আওৰাইছোঁ...
Once you have lived with mountains
Under the whispering pines
And deodars, near stars
And a brighter moon,
With wood smoke and mist
Sweet smell of grass, dew lines
On spider-spun, sun-kissed
Buttercup and vide;
Once you have lived with these,
Blesses, God’s favourite then,
You will return,
You will come back
To touch the trees and grass
And climb once more the windswept mountain pass.

বিদায় কেতেনালা৷ আকৌ আহিম কেতিয়াবা৷





(পৰৱৰ্তী খণ্ড - হেবনি খে’ আমা ম্ৰা)

No comments:

Post a Comment