Thursday, 2 June 2016

দিন পাঁচ  ৷৷ ৪.১১.২০১৫
১৩. সোৱণশিৰিৰ শেষ দৃশ্য চাই ঘূৰিলোঁ



মৃদু আপত্তি কেইবাবাৰো উত্থাপন কৰিলেও নিকেলক আগলৈ একপ্ৰকাৰ টানি নি আছোঁ মই৷ অৰণ্যৰ অকৃত্ৰিম অন্তেষপুৰৰ সেমেকা মাটিত খোজৰ চিন ৰাখি বনৰীয়া গছ-লতা হাতেৰে চুই গৈছোঁ৷ বাটে বাটে বিভিন্ন কথাও পাতিছোঁ আমি৷ তেওঁৰ মনৰ পৰা পলম হোৱাৰ শংকাটো আঁতৰাবৰ ষড়যন্ত্ৰ কৰিছোঁ বেলেগ বেলেগ প্ৰসংগৰ অৱতাৰণা কৰি৷ তাকচিঙলৈ এতিয়াও দিক্‌চৌ বাট৷ এনেকুৱা হাবিৰেই যাব লাগে তালৈ যাক এটা শব্দত দুৰ্গম্য বুলি ক’ব লাগিব৷ খোজকেইটা যিমান পাৰোঁ খৰকৈ দিছোঁ৷ নিকেল নাল’ আমাৰ গাইড যদিও নিয়ম ভংগ কৰি এতিয়া মইহে তেওঁৰ আগত হৈছোঁ! তাকচিংগামী পথটোৰ অগ্ৰভাগ, সোৱণশিৰিৰ আগলিভাগ যিমান পাৰি চাই থোৱাৰ এয়াই সুবৰ্ণ সুযোগ৷ এইটো তাড়নাই ভৰি দুখনক অবিৰতভাৱে টানি নি আছে৷ ভোক-পিয়াহেও আতুৰ কৰিব পৰা নাই৷

আনহাতে এইটো ঠিক যে এদিন ৰাস্তাটো যেতিয়া সম্পূৰ্ণ হৈ যাব, বিলাসী গাড়ী চলিব, নিশ্চিন্ত থকা-খোৱা আৰু উপভোগৰ বাবে কোনোবাই ৰিজ’ৰ্ট খুলিব, তেতিয়া ট্যুৰ অ’পাৰেটৰৰ মাৰফতত দামী পৰ্যটকৰ নিশ্চিতভাৱে আগমন ঘটিব৷ তেতিয়া আজিৰ দৰে বিপদ বা শংকা বুলিবলৈ একো নাথাকিব৷ কলিজাত অনিশ্চয়তাৰ ঢিপিং ঢিপিং ভাব লৈ আহ-যাহ কৰাটো সমূলি নোহোৱা হৈ পৰিব সেই দিনত৷ সেই দিনলৈ ৰ’বলৈ মুঠেই মন নাই আমাৰ৷ কিয়নো নিশ্চয়তাত আনন্দ নাই, অনিশ্চয়তাতহে আনন্দ বেছি৷ আজিৰ দৰে ৰোমাঞ্চকৰ অনুভূতি বুলিবলৈও তেতিয়া হয়তো একোৱেই নাপাম এইফালে৷ সেয়েহে স্পৰ্শকালিমাহীন হৈ থাকোঁতেই লৈ থ’ব বিচাৰোঁ কুমাৰী প্ৰকৃতিৰ অন্তহীন সৌৰভ৷

চৰৈৱতি, চৰৈৱতি৷ উন্মাদৰ দৰে আমি দুটা আগলৈ যাব ধৰিছোঁ৷ মুখৰ আগত জোঙা পৰ্বতৰ সমষ্টি৷ পৰ্বতৰ সিপাৰে দেখা পোৱা নাই যদিও এশ শতাংশই নিশ্চিত যে সিপাৰে আকৌ পৰ্বতেই আছে৷ সকলো মিলি হৈছে হিমালয় পৰ্বতমালা৷ প্ৰকৃতিৰ এই সৌন্দৰ্য  ইমানেই পৰিপূৰ্ণ আৰু উন্মুক্ত যে ডাঙৰকৈ কথা ক’লেও কিজানি প্ৰতিধ্বনিত হোৱাৰ ফলত বিঘ্নিত হ’ব শান্ত নীৰৱতা! বিপৰীতে বাহিৰৰ কৰুণ সত্য এয়ে যে সভ্যতাৰ দুৰন্ত গতিত পতিত হৈ আজি পৃথিৱীত যেনি-তেনি পাহাৰ নিঃশেষ হৈছে, নদী ধ্বংস হৈছে, বৰষুণ কমিছে, উষ্ণতা বাঢ়িছে৷ গোটেইখন খেলিমেলি৷ সন্তুলন হেৰাই গৈছে মানুহৰ কুঠাৰাঘাতত৷

শুনিছোঁ, সংযুক্ত আৰব এমীৰেট্‌ছ, চমুকৈ ইউ.এ.ই.ত হেনো বৃষ্টিপাতৰ পৰিমাণ তাকৰ হৈ আহিছে৷ তাপমান বাঢ়িছে৷ বৰষুণ কমিলে গৰম বাঢ়িবই, স্বাভাৱিক কথা৷ তাকে লৈ এতিয়া চিন্তাত ক্লিষ্ট হৈছে দেশখনৰ হৰ্তা-কৰ্তা-বিধাতাবৃন্দ৷ বিভিন্ন মহলত জোৰদাৰ চৰ্চা চলি আছে, ভৱিষ্যৎ জীৱন আৰু জীৱন-যাপনৰ কাৰণে উপায় বিচৰা হৈছে, কি কৰা যাব? দেশত প্ৰচুৰ পৰিমাণৰ বৃষ্টি হোৱাৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে সংযুক্ত আৰব এমীৰেট্‌ছে কৃত্ৰিমভাৱে এখন বৃহৎ পৰ্বত নিৰ্মাণ কৰাৰ প্ৰয়াস চলাব বুলি খবৰ ওলাইছে৷ আজব খবৰ, অদ্ভুত সমাধান৷ হ’লেও এইটো ঠিক যে আন দেশে ভাবিব নোৱাৰা, বলে নোৱাৰা প্ৰকল্প হাতত লৈ তাক বাস্তৱত ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত বিশ্বজুৰি সুনাম আছে ইউ.এ.ই. নামৰ মৰুপ্ৰান্তৰ দেশখনৰ৷ মানুহৰ দ্বাৰা তৈয়াৰী সেই পৰ্বতে পৰ্যাপ্ত পৰিমাণৰ বৰষুণ হোৱাত সহায় কৰিব পাৰিবগৈনে নোৱাৰে নাজানো৷ কোৱা হৈছে, আমেৰিকাৰ ৰাষ্ট্ৰীয় বাতাৱৰণ গৱেষণা কেন্দ্ৰ, এন.চি.এ.আৰ.ৰ পৰামৰ্শ লৈ ইউ.এ.ই.ত পৰ্বতৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব! মাৰ্কিন বিশেষজ্ঞই ক’ব কৃত্ৰিম পৰ্বতটো কিমান ওখ, কিমান বহল হ’ব, কেনে অৱয়বৰ হ’ব৷ আমাৰ বাবে নাভূত-নাশ্ৰুত কথা৷ বিপৰীতে এইফালে? পৰ্বতৰ পাছত পৰ্বত, লানি লানি পৰ্বত অকৃত্ৰিম ৰূপত সজাই ৰাখিছে প্ৰকৃতি দেৱীয়ে৷ বৰষুণো অপৰ্যাপ্ত৷ জলবায়ু স্বাস্থ্যকৰ৷ সেয়ে হ’লেও এতিয়া ৰাস্তা সাজিবলৈ পাহাৰ কিছু ভাঙিবলগীয়া হৈছে৷ ফলত লেণ্ডস্লাইড হৈছে৷ বনধ্বংস, জীৱহত্যাও নোহোৱাকৈ থকা নাই৷ সৃষ্টি আৰু ধ্বংসৰ মাজৰ বেলেন্স ঠিক ৰাখি মানৱ সভ্যতাক আগুৱাই নিয়াত আৰম্ভণিৰে পৰাই যথোপযুক্ত গুৰুত্ব দিয়া হওক৷ ইউ.এ.ই.ৰ দৰে কৃত্ৰিম পৰ্বত এইফালে সজাৰ প্ৰয়োজন কেতিয়াও নহ’ব তেতিয়া৷

জংঘলৰ মাজেদি খৰকৈ গৈ ফৰ্মেচন কাটিং চলি থকা এছোৱা ৰাস্তাত ওলালোঁগৈ৷ দূৰৈত গ্ৰেফৰ মানুহে কাম কৰি থকা দৃষ্টিগোচৰ গৈছে৷ শিলাময় পাৰ্বত্য এলেকা৷ হেলিকপ্টাৰে নমোৱা হালধীয়া ৰঙৰ ৰক ড্ৰিলিং মেছিন ইয়াতো আছে৷ ব্লাষ্টিং কৰি প্ৰকাণ্ড প্ৰকাণ্ড পাথৰ টুকুৰা-টুকুৰ কৰি ওফৰাই পেলোৱা হৈছে৷ য’তে-ত’তে ওপৰৰ পৰা পানী নিগৰি পৰি আছে৷ নিকেলৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই সিদ্ধান্ত শুনাই দিলোঁ যে আমি সৌ মানুহখিনিৰ ওচৰলৈকে যাম৷ অভিযানটোৰ সেয়াই অন্তিম সীমা হ’ব৷ মনে নামানিলেও তাৰ পৰাই ঘূৰিম আমি৷ আৰু আগলৈ গৈ থকাৰ ইচ্ছা আছে যদিও সম্ভৱ নহ’ব৷ সময়ে ৰঙা চকু দেখুৱাই আছে৷ নিকেল নাল’ সন্মত নোহোৱাৰ প্ৰশ্নই নাই৷ সিদ্ধান্তটো মানি ল’লে আৰু পৰৱৰ্তী সময়ত মোৰ সৈতে এদিন তাকচিঙত উপস্থিত হোৱাৰ সংকল্প ৰাখিলে৷ অসমাপ্ত যাত্ৰাটোক ভৱিষ্যৎ কাৰ্যসূচী এটাৰে সোনকালেই সমাপ্তিৰ ৰূপ দিবলৈ দৃঢ়মনে তেৱোঁ বদ্ধপৰিকৰ হৈ ৰ’ল৷

ঘড়ীত সময় ১২.৪৫৷ পথ সমাপ্তিত আমি বি.আৰ.অ’.ৰ ৭জন কৰ্মীক লগ পালোঁ৷ মানুহবোৰে তেতিয়া কেঁকুৰিটোতে বহি ভাত খাই আছে৷ টিফিন কেৰিয়াৰত কেম্পৰ পৰা খাদ্য আহিছে৷ এনেকৈ খাদ্য কঢ়িওৱা প’ৰ্টাৰবোৰৰ বেছিভাগেই দেখিছোঁ মাইকী মানুহ৷ আমি বাটত পাই অহা গাল-ৰঙা মানুহজনী ইতিমধ্যে এইখিনি পালেহি! আচৰিত হ’লোঁ তাইৰ গতি আৰু সাহস অনুমান কৰি৷ অলপ ধতুৱা লোকৰ কাম নহয় এইবোৰ৷ এলাপেচা মানুহে আধা বাটতে পেঁপা কাঢ়িব৷ সঁচাকৈয়ে ইহঁত অৰণ্যৰ প্ৰকৃত সন্তান বুলি স্বীকাৰ কৰিবই লাগিব৷ আটিল শৰীৰ, তেজে ফুটো ফুটো কৰা দুখন গাল৷ চেহেৰা গঢ়িবৰ বাবে বাতৰি কাকতত দিয়া বিজ্ঞাপনৰ ঔষধি আৰু টনিক ইহঁতে নিশ্চয় কেতিয়াও মুখত দি পোৱা নাই৷ ডাক্তৰ আৰু দৰৱৰ পৰা শতযোজন আঁতৰত অৱস্থান ইহঁতৰ৷ প্ৰকৃতিৰ পৰিচৰ্যাতে দেহে-মনে উজ্জ্বল আৰু স্বাস্থ্যৱান মানুহ৷ নিৰোগী আৰু তাগ্ৰা মানুহবোৰক চালোঁ কিছুপৰ৷

নিকেলে লকেল মানুহকেইজনৰ সৈতে বাক্য বিনিময় কৰিলে৷ হিন্দীভাষীও আছিল তাত৷ ঘৰ-বাৰী, ল’ৰা-ছোৱালী ক’ৰবাতে এৰি পেটৰ দায়ত, কৰ্তব্যৰ খাটিৰত সোমাই আছেহি ঠিকনাবিহীন হৈ৷ সিহঁতবোৰ বেছি আচৰিত হ’ল, ইমান দূৰৰ পৰা আমি সোৱণশিৰি চাবলৈ, পৰ্বত চাবলৈ, ৰাস্তাৰ বুজ ল’বলৈ তেনেকৈ অহাৰ কথা শুনি৷ এঠাইত কোৱাৰ দৰে ‘‘ক্যা কৰনেকে লিয়ে আয়া ইস জংগলমে’’ জাতীয় বাক্য কাৰো মুখৰ পৰা নোলাল যদিও জন্তু চোৱাদি কিন্তু চালে মোক৷ মই অকণমান ফালৰি কাটি ব্যস্ত হৈ পৰিলোঁ কেমেৰাটো লৈ৷ দৃশ্যপট পৰিদৰ্শন কৰি ইফালে সিফালে জুম কৰি থাকিলোঁ৷

ইমাননো খৰগতিৰে যাব পাৰেনে নীলা-সেউজীয়া সৌ ৰংবোৰ? ইমাননো কোবাল হ’ব পাৰেনে পানীৰ গতি? সেই ঠাইতে ৰৈ সোৱণশিৰিৰ সদ্যদৃশ্যমান আগলি ৰূপটো দৰ্শন কৰি হৃদয়ত ছবিখন আঁকি ল’লোঁ৷ আনে নেদেখা ছবি৷ জীৱনৰ এখন মূল্যৱান ছবি হ’ব এইখন৷ এই সুন্দৰ ঠাইবোৰ ঈশ্বৰে নীৰৱে সৃষ্টি কৰি থৈছে৷ সৃষ্টিকৰ্তাৰ চমৎকাৰিত্ব আমিও নীৰৱে দৰ্শন কৰি নিজকে ভাগ্যৱান বুলি গণ্য কৰিছোঁ৷ আমি য’ত থিয় হৈছোঁহি তাৰ পৰা আগলৈ ৰাস্তা আৰু নাই৷ এইবাটে এয়াই শেষ সীমা৷ অলপ আগেয়ে পাই অহা হেঙিং ব্ৰীজখনেৰে নৈ পাৰ হৈ সিপাৰেদি আগ বাঢ়ি অহা হাবিতলীয়া বাট এটা চকামকাকৈ দৃষ্টিত ধৰা দিছে৷ ৰাস্তাটো উঠিছে, নামিছে৷ কালি আমি অতিক্রম কৰাৰ অনুৰূপ কষ্টগম্য ট্ৰেকেই হ’ব নিশ্চয়৷ ধৰিব পাৰিছোঁ যে আগলৈ গৈ থাকি পুনৰ এখন সাঁকোৰে এইপাৰ ওলাবহি আমি নজনা দূৰত্বত, আগত৷ এবাৰ এইপাৰ, এবাৰ সেইপাৰ৷ সিপাৰেদি যোৱা হ’লে ইমানদূৰে আমি দাজ’বুং পালোঁগৈহেঁতেন বুলি নিকেলে ব্যক্ত কৰিলে৷

প্ৰকৃতিৰ বৰ্ণাঢ্য আয়োজনৰ মাজেৰে এনেকৈয়ে ইপাৰ-সিপাৰকৈ গৈ থাকিব তাকচিঙৰ ট্ৰেকটো৷ আজিৰ তাৰিখত সেইটোৱেই ‘হাইৱে’’ তাকচিঙৰ৷ দেখাত ইংৰাজী বৰ্ণমালাৰ ভি আখৰটোৰ দৰে উপত্যকাটোৰ নামনিত ফিটা এডালৰ ৰূপ লৈ ৰূপালী চাদৰ হৈ তাকচিং পৰ্যন্ত অকণো লগ নেৰাকৈ বৈ থাকিব নদী সোৱণশিৰি৷ মুখৰ আগত দেখি থকা শৈলপৰ্বতৰ পেট কটা কামটো সম্পূৰ্ণ কেতিয়া হ’ব সি অনিশ্চিত যদিও কাম চলি থাকিলে এদিনযে তাকচিং ওলাবলৈ সেইটো সুনিশ্চিত৷ সেয়াই বহুদিনীয়া আশা তাকচিংবাসী নাহসকলৰো, তাগিনসকলৰো৷

অৰুণাচল প্ৰদেশৰ সৰ্বাংগীণ বিকাশত সোৱণশিৰি নদীপ্ৰত্যন্ত গাঁওবাসী আৰু তেওঁলোকৰ সৰু সৰু গাঁওবোৰৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰতি চৰকাৰৰ তৰফৰ পৰা অপৰিসীম গুৰুত্ব দিবলগীয়া আৰু প্ৰত্যাহ্বানৰ মাজেৰে কৰণীয় অনেক কাম এতিয়াও ৰৈ আছে৷ বিৰল বৈচিত্ৰ্যৰে চহকী এই ঠাইবোৰ স্বৰাজোত্তৰ কালৰ আগৰে পৰাই  দেশৰ অন্যান্য প্ৰান্ততকৈ অৱহেলিত হৈ অহাটো আকাশৰ চন্দ্ৰ-সূৰ্যৰ দৰেই ধ্ৰুৱসত্য৷ ‘লুক ইষ্ট’ কথাষাৰ আৰু মানুহৰ কল্যাণকামী আঁচনিসমূহৰ সঠিক ৰূপায়ণ প্ৰসংগক্রমে প্ৰণিধানযোগ্য৷


(পৰৱৰ্তী খণ্ড – ‘সোণালী নৈ’ৰ আগলিত এটা স্মৰণীয় বনভোজ)

No comments:

Post a Comment