Saturday, 18 June 2016

দিন সাত  ৷৷ ৬.১১.২০১৫
২. মিছিমি তিতাৰ সোৱাদ পালোঁ


মনৰ ইচ্ছাৰে ভালপোৱা কাম আৰু তাৰ পৰা লাভ কৰা নিগূঢ় আনন্দৰ সৈতে আন একোৱেই তুলনা নহয়৷ প্ৰদূষণমুক্ত প্ৰাকৃতিক পৰিৱেশে এইকেইদিন দুখ-ক্লেশ পাহৰাই ৰাখিছে আমাক৷ প্ৰকৃতিৰ মাজত কটাই মনবোৰ প্ৰকৃতিৰ নিচিনাই অকৃত্ৰিম, সোৱণশিৰিৰ বোঁৱতী ধাৰটোৰ দৰেই প্ৰাণৱন্ত হৈ পৰিছে৷ একেটা তম্বুত একেৰাহে দুনিশা একেলগে কটোৱাৰ ফলত গাইড নিকেল নাল’ আৰু মোৰ মাজত এক সুকীয়া আন্তৰিকতাৰ বান্ধোনে গঢ় ল’লে৷ সম্পৰ্ক বেচ ঘনিষ্ঠ হৈ পৰিল৷ যেতিয়াই তেতিয়াই মোক বিচৰাত লাগিল তেওঁ৷

তানি ম্ৰাইও পিছ নেৰা হৈছে৷ আত্মিক স্নেহৰ সম্বন্ধ এটা তেওঁৰ সৈতেও গঢ়ি উঠিছে৷ বিশ্বাস আৰু সততাক আশ্ৰয় কৰি চলে ইহঁতৰ সৰল বুকুত সংস্থাপিত কণ কণ হৃদযন্ত্ৰবোৰ৷ ধূৰ্তালি বা বিশ্বাসঘাতকতা সেই আন্তৰিকতাৰ চৰম পৰিপন্থী৷ ঠগ খোৱাৰ ভয়ত সহজে কাৰো সৈতে বন্ধুত্বও নগঢ়ে ইহঁতে৷ সতকাই কাকো বিশ্বাসত নোলোৱা, কাৰো সৈতে ঘপকৈ মিলামিচা নকৰাটো চৰিত্ৰগতভাৱেই তাগিন সমাজৰ পূৰ্বাপৰ কথা৷ দলৰ কোনেও নোপোৱা কষ্টোপাৰ্জিত এই সাহচৰ্য মন কৰি থকা অৰূপদাই মাজে মাজে কথাটো উনুকিয়াইছে৷ তেওঁৰ দৃষ্টিত মই ধৰা পৰি গৈছোঁ৷ আনহাতে মোৰ দৃষ্টিত এনে সাহচৰ্যৰ দ্বিতীয়জন ভাগীদাৰ কেপ্টেইন কলিতা নিজেই৷ বিভেদহীন খোলা মনৰ সুবাদতে চাগৈ আমি দুয়ো তুলনামূলকভাৱে মানুহখিনিৰ বেছিকৈ ওচৰ চাপিব পাৰিছোঁ৷ বিপৰীতে, অহেতুক সমীহৰ বশৱৰ্তী হৈ অনেকে কিন্তু এতিয়াও দূৰত্ব বৰ্তাই চলিছে৷ প্ৰদীপদাৰ আকৌ প্ৰধান ভয় আচিংমুৰিৰ!

দগমগীয়া জুইকুৰা মাজত লৈ সকলোৱে নিজ নিজ সামগ্ৰীবোৰ থান-থিত লগাই আছে৷ অলপ পাছতে ৰাক্‌চেকবোৰ গাড়ীত তুলিব লাগিব৷ একেবাৰে ঘৰতহে খোল খাবগৈ৷ চুক এটাতে বহি কাপোৰকেইটা জাপি চিজিলকৈ বেগটোত সুমুৱাই আছোঁ৷ সিদিনা পদব্ৰজে তাকচিং যাত্ৰাটো আৰম্ভ কৰাৰ কেইমিনিটমানৰ আগতে গৃহস্থনীৰ হাতত জমা দি থৈ যোৱা মোনাটোৰ বস্তুবোৰ ভৰাবলৈকে বাকী৷ জুহালৰ ডুখৰি পীৰাত আপোন ভাবনাত বিভোৰ হৈ বহি ৰৈছে তানি৷ আমি গুচি যোৱাৰ পাছৰ দৃশ্যপট কল্পনা কৰি আছে নেকি বাৰু সি? আৱেগিক হৈ উঠা নাইতো? মাজে মাজে অঙঠাবোৰ খুঁচৰি খৰিকেইডাল আগুৱাই দিছে৷ চকুকেইটাত কিবা যেন উদাস উদাস ভাব৷

ইংগিতেৰে তানিক মই ওচৰলৈ মাতিলোঁ৷ সি উঠি আহিল৷ নতুনকৈ কিনা দীঘল হাতৰ ঊলিক’ট ইনাৰ গাৰ্মেণ্ট এটা আছিল মোৰ৷ এইফালে খুব ঠাণ্ডা হ’লে পিন্ধিম বুলি আনিছিলোঁ৷ ব্যৱহাৰ কৰাই নহ’ল৷ ট্ৰেকচুটযোৰৰ লগতে গৰম কাপোৰ এসাজ আৰু ৱিণ্ড শ্বিটাৰটোৱে ঠাণ্ডা প্ৰতিহত কৰাত সফলকাম হৈছে৷ সেইটোকে এতিয়া তাৰ ফালে আগ বঢ়াই দিলোঁ, ‘মোৰ তৰফৰ পৰা আপোনাক এইটোকে দিছোঁ লওক, পিন্ধিব’ বুলি৷ থেৰো-গেঁৰোকৈ হাতখন পাতিলে তানিয়ে৷ তাৰ পাছত এবাৰ মেলি চালে৷ মিচিকিয়াই ক’লে, ‘‘বহত মজবুত কাপড়া হ্যায়৷ আচ্ছা কাম আয়েগা মে’ৰা৷ ডিছেম্বৰ-জানুৱাৰী মে’ য়ঁহা বহত ঠাণ্ডা গিৰতা হ্যায়৷ য়ে মেৰে লিয়ে হ’ যায়েগা৷’’ গৰম সাজটো এহাতে ধৰি সি কাষৰ কোঠালৈ সোমাই গ’ল৷ কিন্তু পিছ মুহূৰ্ততে আকৌ মোৰ কাষ পালেহি৷

মুঠিত খৰমৰাই থকা কাগজৰ টোপোলা এটা লৈ নিচেই ওচৰতে লেপেটি কাঢ়ি বহি ল’লে সি৷ আনে নেদেখাকৈ হাতৰ টিপতে টোপোলাটো মোক দিবলৈ উদ্যত হ’ল৷ কি আছে ধৰিব পৰা নাই মই৷ সোধাত নিজেই মেলি দেখুৱালে৷ গছৰ শিপা কেইটুকুৰামান৷ চিনিব নোৱাৰাটোৱে স্বাভাৱিক৷ কি হ’ব পাৰে? দকৈ ভাবিছোঁ৷ অনুমান কৰিছোঁ, মিছিমি তিতাই হ’ব চাগৈ৷ অৰুণাচলৰ মহৌষধ৷ সোধাত সি ক’লে, ‘‘হামলোগকা ভাছা মে’ Ringxyu ব’লতা হ্যায়৷’’ উচ্চাৰণটো বাৰে বাৰে শুনি লৈ সম্ভাব্য স্পেলিংটো পকেট নোটবুকখনত টুকি থ’লোঁ৷ মনতে ভাবি ৰাখিলোঁ যে ডিফুৰ ৰিক্রিয়েশ্বন পাৰ্কৰ ৰঞ্জন বৰুৱাদা বা দীনেশ পাটগিৰিক সুধিলে নিশ্চয় ভেদ ভাঙিব পাৰিব৷

পিঠিত মস্ত গধুৰ বস্তা লৈ পাহাৰ বগাই বগাই অহা-যোৱা কৰাৰ ফলত তানিৰ হেনো কালি গাৰ বিষ ধৰি গৈছিল৷ জ্বৰ জ্বৰো লাগিছিল৷ বহুত দিনৰ মূৰত প’ৰ্টাৰৰ কাম কৰিছে সি৷ জেঠেৰিয়েকৰ সহায়তাৰ হকে হিচাপতকৈ বেছি ওজনো কঢ়িয়াইছে৷ ঘৰ আহি পায়ে এই শিপা অকণমান চোবাই গিলি দিলত অলপ সময়ৰ ভিতৰতে বিষ-কোপ সমূলি নাইকিয়া হ’ল হেনো! অব্যৰ্থ দৰব৷ সোৱাদটো তিতা বুলি ক’লে৷ অকণমান ভাঙি জিভাত লৈও দেখুৱালে৷ মোৰ অনুমানটো শুদ্ধ যেন লাগিল৷

উত্তেজনাত ময়ো এটুকুৰা কামুৰি চালোঁ৷ জহৰ তিতা৷ পুৰণি বিহুনামত এনেয়ে উল্লেখ থকা নাই, ‘মিছিমি আহিব, বৰেবিহ আনিব, তাকে খাই পাহৰিম তোক’ বুলি৷ কিতাপৰ পাততে পঢ়িবলৈ পাইছিলোঁ যে মিছিমি লোকে বেপাৰ কৰা বস্তুৰ ভিতৰত এবিধ গছৰ শিপা যাক ঔষধৰূপে ব্যৱহাৰ কৰিব পাৰি, তাকে মিছিমি তিতা বোলা হয়৷ তাগিন আৰু মিছিমিৰ এই বিষয়টোত পুৰুষাণুক্রমিক কিবা মিলো হয়তো থাকিব পাৰে, নাজানো৷ উভয়েই একে ৰাজ্যৰ পাহাৰীয়া জনজাতি৷ ইফালে চীন-ম্যানমাৰ-ভাৰতৰ পূৰ্বোত্তৰ সীমান্তৰ নিবাসী লিচু জনজাতিৰ লোকসকলে এই উদ্ভিদৰ খেতি কৰি পেট প্ৰৱৰ্তাই বুলি শুনিছোঁ৷ আনহাতে দিবাং ভেলীৰ মায়’ডিয়াত বাঁহগছৰ তলত কম পৰিমাণে হয় বুলিও শুনিছিলোঁ৷ মায়’ডিয়ালৈ আমি যাওঁতে কিন্তু দেখা নাপালোঁ৷

সি যি কি নহওক, কাগজেৰে বন্ধা সৰু টোপোলাটো আনৰ অগোচৰে মোৰ হাতত তুলি দিবৰ পৰত তানিয়ে শিপাখিনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে তৰ-টিপ শিকাই দিলে৷ ভেষজ চিকিৎসা আৰু বন-দৰবৰ ব্যৱহাৰত অৰুণাচলী লোক দক্ষ বুলি সুনাম আছে৷ প্ৰমাণ চকুৰ আগতে পাই গ’লোঁ৷ পৰহি আমি য়াঙৰ পৰা ঘূৰি আহি থাকোঁতে বাটে বাটে ৰৈ ৰৈ নিকেলেও মোক পৰিচয় কৰোৱাই আহিছিল কেইবাবিধো জংঘলী গছৰ সৈতে, যিবোৰৰ পাত নিশ্চিন্তে খাব পাৰি আৰু সেইবোৰ শৰীৰৰ পক্ষে গুণকাৰকো৷ অৰুণাচলৰ মিছিমি পাহাৰত এই লেখত ল’বলগীয়া লুপ্তপ্ৰায় উদ্ভিদ মিছিমি তিতা পায় বুলি কেতিয়াবাতে শুনিছিলোঁ৷ তদুপৰি জানিছিলোঁ যে মৃদ্‌গত কাণ্ডত নিহিত ঔষধি দ্ৰব্যৰ বাবে ইয়াৰ বেপাৰ সূদূৰ প্ৰসাৰিত৷ এতিয়া তানিয়ে ক’লে যে মাজাৰ চীন সীমান্তৰ ফালে ওখ পৰ্বততো এইবিধ উদ্ভিদ আছে৷ সি গৈছে তালৈ৷ সিহঁতৰ মানুহ গৈয়ে থাকে৷ তাৰ পৰাই অনা হৈছে এইখিনি শিপা৷ মাজা পইণ্টতে আমিও বাহৰ পাতি আছিলোঁ৷ গেলেন চিনিয়াকৰ পৰা খোজ কাঢ়ি তিনিদিনৰ বাট মাজা সীমান্তলৈ৷ তালৈ অৱশ্যে যোৱা নহ’ল৷ নহ’লে অভিজ্ঞতা নিশ্চয় কিছু বৃদ্ধি পালেহেঁতেন৷

কোৱা হয়, অৰুণাচল প্ৰদেশৰ হাবিত পোৱা মিছিমি তিতা (Coptis teeta) পৃথিৱীৰ অন্য ক’তো নোপোৱা এবিধ শাক-বনজাতীয় জোপোহা আৰু আচৰিত উদ্ভিদ৷ পৌৰাণিক কাহিনীৰ সেই বিখ্যাত গন্ধমাদন পৰ্বতৰ বিশল্যকৰণীৰ তুল্য পদাৰ্থ ই৷ ইয়াৰ চাহিদা তিব্বতত বৰ বেছি৷ মিছিমি তিতাক সেইফালে য়োআটজী বোলে৷ চীনাসকলেও বনৌষধি হিচাপে পুৰণি কালৰ পৰাই ব্যৱহাৰ কৰি আহিছে৷ এই সৰু গছবিধৰ শিপা মূলতঃ যিকোনো জ্বৰৰ ঔষধি দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয়৷ আনহাতে স্থানীয় লোকৰ মতে তিতা স্বাদৰ এই উদ্ভিদে কেৱল জ্বৰেই নহয়, যিকোনো অসুখেই ভাল কৰিব পাৰে৷ তাৰ মানে প্ৰাণ-সঞ্চাৰকাৰী সঞ্জীৱনী! তানিকো ইয়েই সকাহ দিছে কম সময়তে৷ কোনো ধৰণৰ বৈজ্ঞানিক ব্যাখ্যা-বিশ্লেষণ নাজানিও মনলৈ আহিছে যে এই কথাটোৱে শিপাবিধত নিহিত শক্তিশালী আৰু বিৰল গুণাগুণকে সাব্যস্ত কৰিছে৷ অৰুণাচলৰ ওপৰত চীনৰ ইমান কিয় চকু, তাৰ কাৰণ বোধ হয় এইটোও এটা৷

জংঘলী গছ-লতিকাৰ ওপৰতে জীৱনটো নিৰ্ভৰ কৰে অৰুণাচলৰ ভিতৰুৱা অঞ্চলৰ মানুহবোৰৰ৷ কটা-ছিঙাত তেজ ওলোৱা বন্ধ কৰিবলৈ সৰুতে আমিও বনৰীয়া উদ্ভিদেই ব্যৱহাৰ কৰিছিলোঁ৷ মোহাৰি লগাই দিলেই কাম খতম৷ মানুহৰ উৎপাতত সেই অব্যৰ্থ বন দৰববোৰ দেখিবলৈকে এতিয়া নোহোৱা হৈ থাকিল৷ কাঠফুলাৰ দৰে যেনি-তেনি কেৱল ফাৰ্মাছী, নাৰ্ছিংহোমৰ প্ৰাদুৰ্ভাৱ৷ আধুনিক মানৱৰ প্ৰতি ভেঙুচালিৰে সেইবোৰে কৃত্ৰিম সমাজত বেমাৰ আৰু বেমাৰীৰ আগ্ৰাসন কিমান চলিছে তাকে কৈ নিদিয়েনে? অত্যাধুনিক লাইফ-ষ্টাইল ৰোগে ছানি ধৰা ঠাইবিলাকৰ তুলনাত এইফালে কিন্তু এতিয়াও ডাক্তৰ আৰু দৰবৰ লগত মানুহৰ কোনো সম্পৰ্কই নাই৷ 

এফালৰ পৰা চাবলৈ গ’লে কথাটো অকণো বেয়া হোৱা নাই৷ চিকিৎসালয় আৰু কোম্পানিপ্ৰস্তুত ঔষধৰ পৰা আঁতৰত কটোৱা মুক্ত প্ৰাকৃতিক জীৱন-শৈলীত অভ্যস্ত এওঁলোক৷ জীৱন-মৰণলৈ কেৰেপ নাই৷ নানান সমস্যাৰে জৰ্জৰিত হ’লেও তাৰ মাজতে তেওঁলোকৰ এই কথাটো পছন্দ হ’ল মোৰ৷ কাৰণ ইমান দুৰ্গম অঞ্চল এটালৈ আহিছোঁ যদিও মোৰ বেগতো দৰবৰ দ-টোও নাই৷ ভ্ৰমণৰ প্ৰস্তুতিতে স্বজ্ঞানে সিদ্ধান্ত লৈছিলোঁ মেডিচিন আৰু আৰ্মচ লগত নিনিওঁ বুলি৷ এতিয়া ভাবি আচৰিত পাইছোঁ যে ডাক্তৰ আৰু ঔষধৰ ভক্ত নোহোৱা মানুহটোৰ হাতলৈ নিজে নিজেই আহি গৈছে ৰামায়ণ মহাকাব্যত বৰ্ণিত বিশল্যকৰণীৰ সমতুল্য মিছিমি তিতা! চৌপাশে যেন দূৰত ৰিণিকি ৰিণিকি সৌবোৰ গন্ধমাদন পৰ্বত! 

বিষ কাটিবলৈ অৰুণাচলৰ বিভিন্ন সমাজত কানি ব্যৱহাৰ কৰে, যদিও বিভিন্ন জাতৰ ড্ৰাগছৰ পয়োভৰত কানি আজি আউটডেটেড৷ পৰ্তুগীজে কানি আনি চীনত মেলিছিল৷ কানিৰ বাবে ১৮৩৯ চনত কানি যুদ্ধ নামে এখন বিখ্যাত যুদ্ধই লাগিছিল চীনত৷ সেইখন দেশৰে সীমান্তৱৰ্তী ভাৰতৰ পূব অৰুণাচলত ঘূৰি-পকি কানিৰ প্ৰাচুৰ্য নিজেই দেখি আহিছোঁ৷ এইফালে কিন্তু কানিৰ প্ৰয়োগ নাই৷ কানীয়া মানুহো দেখা নাই, পপী ফুলৰ খেতিও দেখা নাই কেনিও৷ জীৱনৰ বাবে দুবিধেই মাত্ৰ যুগান্তকাৰী দৰব৷ নিৰ্মল বায়ু আৰু পৰিষ্কাৰ পানী৷ তাৰ ওপৰত দঞি-পল’ নাইবা প্ৰভু যিশুলৈ প্ৰাৰ্থনা৷ বচ সিমানেই৷

কেতেনালালৈ আহি ওচৰৰ পৰা দেখিলোঁ এই মানুহবোৰৰ জীৱন৷ কস্তুৰীৰ ঘ্ৰাণ নাপালোঁ যদিও জীৱনদায়িনী মিছিমি তিতাৰ আগতে কেতিয়াও নোপোৱা সোৱাদকণ চাকি চাবলৈ হ’লে পালোঁ, তানিৰ মৰমতে৷

(পৰৱৰ্তী খণ্ড - বিদায় কেতেনালা, আকৌ আহিম)

No comments:

Post a Comment