Friday, 8 May 2015

স্বাধীনতা


পৱিত্ৰদাই গৰ্ব কৰিয়ে কয়… ‘বুইছা, বাৰ বছৰ পাৰ হৈ গ’ল, একেটা ভাৰাঘৰতে৷ অথচ অউনাৰ অৰ্থাৎ খুৰীয়ে বা ওচৰ-চুবুৰীয়া কোনেও এষাৰ ক’ব নোৱাৰে বোলে পৱিত্ৰই কাহানিবা ছোৱালী আনি সুমুৱাইছে, বোলে পৱিত্ৰৰ লগত অহা কোনোবাই কেতিয়াবা কিবা উৎপাত কৰিছে, আপত্তিজনক কাণ্ড ঘটাইছে৷ নাই. তেনেকুৱা ৰেকৰ্ড নাই৷ সেয়ে জীয়েক দুজনীক বিদেশলৈ বিয়া দি এতিয়া সম্পূৰ্ণ অকলশৰীয়া হৈ পৰা খুৰীয়েও মোক ঘৰৰ ল’ৰাৰ দৰেই ভাবে, ভাৰাতীয়া অৰ্থত তিলমানো নাভাবে৷’

পৱিত্ৰদাই গৰ্ব কৰিয়ে কয় এই কথাবোৰ৷ পৱিত্ৰদাই কোনোবা অতনুৰ কথাও কয়… ‘অতনুৰ তাত আকৌ কি চাবা! নিতৌ নতুন নতুন ছোৱালী৷ মালিকে সুধিলে বোলে কয়, ‘আগৰজনীয়ে মোক এৰিলে৷ এতিয়া এইৰ লগত চলি আছে৷ বিয়া কৰাম আকৌ৷’ মালিক নিমাত৷ অহা-যোৱা চলি থাকে তেনেকৈয়ে৷ এজনী আহে, সেইজনী যায়, আকৌ এজনী আহে, এনেকৈয়ে জাত জাত ছোৱালীৰ আহ-যাহ চলি থাকে৷

অতনু বোলাজনে বিয়া কৰালে৷ সন্তানো হ’ল৷ পৱিত্ৰদাৰ পিছে আজিলৈ প্ৰথমটোৱেই নহ’ল৷ নহ’বও৷ পঞ্চাশ অতিক্রম কৰি একাৱন্নত ভৰি থৈছে অলপতে৷ ভাল ল’ৰাটোৱেই হৈ আছে! চিনা-জনা অনেকেই সহানুভূতিৰ সুৰত তেওঁক কয়, ‘কিবা এটা কৰা বেগেতে, নহ’লে বয়স হ’লে ভুগিবা কিন্তু৷’ কিছুমানে ধৰি-বান্ধি পাতি দিয়াৰো পোষকতা কৰে৷

কেৰেপ নাই মানুহটোৰ৷ দিন গৈ আছে তেনেকৈয়ে৷ হঠাতে এদিন প্ৰেচাৰ ষ্ট্ৰ’ক হোৱাৰ পিছত লম্ভা হাৰ্টৰ অসুখটোৰ বাবে কেয়াৰটেকাৰৰ চিন্তাও নথকা নহয়৷

কথাটো মই আমাৰ ভাৰাতীয়া দুই ডেকা গোবিন্দ আৰু উৎপলক এদিন চিৰিয়াচলিয়ে ক’লোঁ… ‘পৱিত্ৰদাই বাৰ বছৰ একেটা ভাৰাঘৰতে ঘৰৰ ল’ৰাৰ দৰে মালিকনীৰ লগত আছে৷ এতিয়াও একেদৰেই আছে৷ আজিলৈ এজনী ছোৱালী ভাড়াঘৰত নোসোমোৱালে৷ মানে সুমুৱাবহি নোৱাৰিলে৷ জীৱনটোত সুমুৱাই লোৱা দূৰৰে কথা৷ বুইছা কথাটো? দুখ লগা নহয়নে?’

সিহঁত দুইটাই মূৰ দুপিয়ালে৷ মোলৈ চকুৰ টিপ নমৰাকৈ হা কৰি চাই থাকিল৷ মাতটো কিছু সৰু কৰি মই পিছৰখিনি আৰম্ভ কৰিলোঁ… ‘মোৰ ইয়াত ছোৱালী অনাত বাধা হ’লে নাই দেই৷ প্ৰেম-ত্ৰেম, এৰাইনে-ধৰাইনে, সদনাম-বদনাম একান্ত নিজৰ কথা, ব্যক্তিগত কথা৷ স্বাধীনতাৰ প্ৰয়োগ কোনে কেনেকৈ কৰে সেই চইচ নিজৰ, ৰেচপনচিবিলিটিও নিজৰ৷ মোৰ একো নাই৷ কেৱল মালিক আৰু প্ৰতিৱেশীক অসুবিধাত নেপেলালেই হ’ল৷ মই নিবিচাৰোঁ যে তোমালোকৰ দশা পৱিত্ৰদাৰ দৰে হওক৷’

পাৰমিছন পাই চকু দুহাল তিৰ্‌বিৰাই উঠিল সিহঁত দুটাৰ৷ স্বাধীনতা লাভৰ কেইদিনমানৰ পিছতে শুনিলোঁ, গোবিন্দই হেনো নম্বৰ মিলালেই! সোনকালেই কিবা এটা হ’ব তাৰ৷ দিন-বাৰ ঠিক হৈছেই৷ উৎপলেও চেষ্টা চলাই আছে৷

No comments:

Post a Comment