Sunday, 24 May 2015

নিঃসংগ মৌনতাৰ সংগী, প্ৰকৃতি


‘মানুহৰ সংগ যিমান ভাল লগা, অকলশৰে থাকিবলৈ দুগুণ ভাল লগা হয়, যদি মানুহৰ নিঃসংগ মৌনতা মুখৰ কৰি সংগী হয় সংগীত, কিতাপ আৰু প্ৰকৃতি৷’

অলপতে পঢ়া প্ৰবন্ধ এটাৰ (‘আধুনিক মানুহৰ বিষণ্ণতা-বিলাস’, পল্লবী ডেকা বুজৰবৰুৱা; ‘আমাৰ অসম’, ১৭.৫.২০১৫) এই কথাখিনিয়ে ‘চিন্তা কৰাৰ বাট এটা’ মোলৈ লগে লগেই মুকলি কৰিছিল৷ লেখাটিত তিনিটা সংগীৰ কথা কোৱা হৈছিল… সংগীত, কিতাপ আৰু প্ৰকৃতি৷ এই তিনিও মিলি নিঃসংগ মৌনতা মুখৰ কৰি তুলিব পাৰে, ঠিকেই৷ কিন্তু অভিজ্ঞতা আৰু বিবেচনাৰে নিজৰ ক্ষেত্ৰত মই আৰু অকণমান সংকোচন কৰিব বিচাৰিম৷ তিনিৰ জেগাত এক, অৰ্থাৎ তাৰে দুটা বাদ দি কেৱল এটাতে সীমিত থাকিম৷ বাদ দিম সংগীত আৰু কিতাপ৷ ৰাখিম প্ৰকৃতি৷ কেৱল প্ৰকৃতি৷ কিয়নো, প্ৰকৃতিতেই উপলব্ধ শিক্ষা, সংগীত সব-কিছু৷ প্ৰকৃতিৰ সৈতে একাত্ম হোৱাৰ সুযোগতে সেই অভিজ্ঞতা আৰু উপলব্ধি মোৰ হৈছে৷ অৰ্থাৎ নিঃসংগ মৌনতা মুখৰ কৰিবলৈ মোৰ হিচাপত কেৱল এটা সংগী, প্ৰকৃতিয়েই যথেষ্ট৷ মানুহ ভেদে ইয়াৰ চিন্তা আৰু ব্যাখ্যা অৱশ্যেই বেলেগ বেলেগ হ’ব৷ সেই লৈ মোৰ কোনো বিৰোধ নাই৷ নিজৰ কথাটোহে উল্লেখ কৰিছোঁ, সুযোগটো পাই৷ আপুনিও আপোনাৰ মনৰ কথা জনাব পাৰে, খোলাকৈ৷

মানুহৰ সংগ ভাল পাওঁ৷ উপভোগ কৰোঁ৷ কিন্তু সকলোৰে নহয়৷ সংগীত ভাল পাওঁ৷ সেয়াও উপভোগ কৰোঁ৷ পিছে সকলো গীত শুনি নহয়৷ সেইদৰে, কিতাপ পঢ়িও ভাল পাওঁ আৰু উপভোগ কৰোঁ৷ পিছে সকলো কিতাপ নহয়৷ মানুহভেদে এই নিৰ্বাচনৰ তাৰতম্য, পৰিমাণৰ হীন-ডেঢ়ি নিশ্চয়কৈ থাকিব৷ তাত দ্বিমত নাই৷ আনহাতে, গভীৰতালৈ নগৈও ক’ব পাৰি যে এইবোৰ তেনেই স্বাভাৱিক আৰু সৰল কথা৷ দেখা যায়, পিছৰ দুয়োটা বিষয়ৰেই পোনপটীয়া সম্পৰ্ক আছে মানুহৰ সৈতে৷ তেনেস্থলত মানুহৰ সংগত থাকি নিঃসংগ হ’ব কেনেকৈ?

সংগীত আৰু কিতাপৰ ক্ষেত্ৰত এইটো স্পষ্ট যে, কিছুমান গায়কৰ গান শুনিব পাৰি বা কিছুমান লেখকৰ কিতাপ পঢ়িব পাৰি ঠিকেই৷ পিছে গায়কজনক বা লেখকজনক দেখিলে, লগ পালে, সংশ্ৰৱ হ’লে শ্ৰদ্ধা ভাবটো নেদেখা অৱস্থাত যিমান শক্তিশালী আছিল তাতোকৈ কম হৈ পৰে৷ তাৰ কাৰণ আগতীয়াকৈ জনা নাযায়, সময়তহে ওলায়৷ গতিকে কোনোবাই ক’বৰ দৰে ‘ওচৰ নাচাপি দূৰত থকাই ভাল’৷ ওচৰ চাপিলে কিছুমান কথা সহ্য নহ’ব, মতান্তৰ হ’ব, কিজানি মনান্তৰো হ’ব৷ গীতৰ কথা আৰু নিজৰ কথা-কাণ্ড তথা বক্তব্যৰ সৈতে শিল্পীজনৰ ব্যক্তিগত চৰিত্ৰৰ আকাশ-পাতাল অমিল ওলাব৷ কলমৰ ভাষা আৰু লেখকজনৰ অন্তৰৰ কথাৰ মাজত আকাশ-পাতাল তফাৎ ধৰা পৰিব৷ মুখাৰ আঁৰৰ মুখ বুলি যাক কোৱা হয়৷ হেনজানি আঁতৰত থকাই শ্ৰেয়ঃ৷ কথা হ’ল, কিমান আঁতৰত? ক’ৰবাত পঢ়িছিলোঁ, এই ব্যৱধান ঠিক যেন দুটা কেটেলা পহুৰ অৱস্থানৰ দৰেই৷ হিচাপতকৈ ওচৰ চাপিলে ইটোৱে সিটোৰ খোঁচ খাব৷ হিচাপৰ দূৰত্ব বৰ্তাই ৰাখিলে কেতিয়াও খোঁচ নাখায়৷ সেয়াই নিৰাপদ অথচ কাৰ্যকৰী দূৰত্ব৷

আমি সকলো প্ৰকৃতিৰ সন্তান৷ প্ৰকৃতিয়েই মাই-বাপ৷ প্ৰকৃতিৰ দানসমূহক লৈয়ে জীয়াই আছোঁ সকলোৱে৷ নিৰ্মল বায়ু আৰু নিৰ্মল পানী… প্ৰকৃতিয়ে নিৰন্তৰভাৱে আগ বঢ়াই থকা এই দুটা ন্যূনতম অপৰিহাৰ্য উপচাৰ৷ তাৰ অবৰ্তমানত জীৱ ধাৰণেই নহ’ব৷ সৰ্বোপৰি, প্ৰকৃতি নিজেই বৃহৎ জ্ঞানভাণ্ডাৰ৷ তাৰে পৰাই উৎপত্তি সংগীতৰ, উৎপত্তি কিতাপৰ, উৎপত্তি বহু কিবাকিবিৰ৷

অতএব মই ক’ব খোজোঁ যে দৰকাৰ পৰিলে মই অকলশৰীয়াকৈও থাকিব পাৰিম৷ সংগীত আৰু কিতাপো এৰিব পাৰিম৷ প্ৰকৃতি কিন্তু মোক লাগিবই৷ এসোপা গান, এগাল কিতাপ দিলেও থাকিব নোৱাৰিম যদিহে প্ৰকৃতিৰ পৰা মোক বিচ্ছিন্ন কৰি দিয়া হয়৷ গান নুশুনাকৈও থাকিম, কিতাপ নপঢ়াকৈও থাকিম, একো কথা নাই৷ প্ৰকৃতিক উপেক্ষা কৰি কিন্তু মুহূৰ্তও থাকিব নোৱাৰিম৷ ইয়ে মুখৰ কৰি তুলিব৷ ইয়াক লৈয়ে বিলাস কৰিম৷

নেছাৰ ইজ দ্যা বে’ষ্ট৷ প্ৰকৃতিয়েই সৰ্বোত্তম৷ মানুহৰ নিঃসংগ মৌনতা মুখৰ কৰি তুলিবলৈ প্ৰকৃতিয়েই সৰ্বশ্ৰেষ্ঠ সংগী, এককভাৱেই যি মানুহক জীয়াই ৰাখিছিল, ৰাখিছে আৰু ৰাখিবও৷


প্ৰকৃতিক আমি জীয়াই ৰখাৰ সহজ অৰ্থও তাতেই নিহিত হৈ আছে৷

No comments:

Post a Comment