Sunday, 17 May 2015

হেৰাই যোৱাৰ উপহাৰ, 
হেৰাই যোৱাৰ পুৰস্কাৰ
(গল্প নহয়, সত্য)


একান্তমনে কাম কৰি আছোঁ৷ তেনেকুৱাতে ম’বাইল ফোনটো সশব্দে বাজি উঠিল৷ নম্বৰটোলৈ চালোঁ৷ চিনাকি৷ ধৰিলোঁ৷
‘হেল্ল’ ছাজিদ...’
‘হেল্ল’...’
‘কি কৰি আছে?’
‘আছোঁ, কওকচোন...’
‘অকণমান আহিব পাৰিব? মোৰ অফিচলৈ?’
‘দহমিনিটমানৰ পিছত যদি যাওঁ, হ’বনে?’
‘হ’ব৷ বেছি নহয়, পাঁচ মিনিটৰ কাম আছে৷ আহি যাব৷’
‘ঠিক আছে বাৰু, গৈ আছোঁ৷’
ততালিকে ফাইলটো ছে’ভ কৰি কম্পিউটাৰটো শ্বাট ডাউন কৰি দিলোঁ৷ ফটাফট কাপোৰসাজ পিন্ধি দৌৰ মাৰিলোঁ৷ কিয়বা মাতিছে, কিবা কাৰ্যসূচী ওলাবও পাৰে!
অফিচ কক্ষত বহাৰ লগে লগে এজাপ ফটোৰে গধুৰ ঠোঙা এটা মোৰফালে ঠেলি দিলে৷
‘চাওক৷’
ডং, কিবিথো, ৱালং, খুপা, হাৱাই, পৰশুৰাম কুণ্ড, চৌখাম, তেজু, ৰ’য়িং, মায়’ডিয়া, শদিয়া, ডিবুৰুৰ পাৰ, মুলাই কাঠনিৰ ফটো৷ মই তোলা ফটোও আছে ভালেমান৷ তাৰ পিছে পিছে ঠেলি দিলে ইংৰাজী আলোচনী, বাংলা আলোচনী৷ তাৰে এখন ডাকযোগে আহি পোৱা ভ্ৰমণ সম্পৰ্কীয় আলোচনী৷ তাৰ পিছে পিছে ৰঙাচাহ আৰু বিস্কুতৰ টেমা এটা৷ পাঁচ মিনিট বুলি কোৱাষাৰযে এনেয়েহে, বুজিবলৈ অকণো অসুবিধা নহ’ল৷ আধা ঘণ্টা পাৰ হ’লেইচোন!
সেয়া চাই-কৰি এৰাএৰিৰ সময় আহিল৷ তেনেকুৱাতে চকুৰ আগলৈ আহিল খাকী এনভেলপ এটা৷ মোৰ মুখৰ আগত থ’লে৷
‘কেমেৰাটো কিমান বুলি কৈছিলে আপুনি? তেইশ হাজাৰ? ইয়াত তেইশ হাজাৰ আছে৷ কেমেৰাটো লৈ ল’ব৷’
মই অবাক৷ এইটো আকৌ কেনে কথা? নালাগে, বুলি কোৱাত শুনালে ঢেৰ কিবাকিবি৷ মই নলওঁ, তেৱোঁ নেৰে৷
‘আমাৰ নেক্সট ট্ৰিপটোৰ আগতে কেমেৰাটো আনি লওক৷’
মই কিংকৰ্তব্যবিমূঢ়৷ কোনো ধৰণৰ অফিচিয়েল কাম-কাজ, বিল-পে’মেণ্ট, পাৰ্চেণ্টেজজাতীয় লেন-দেনৰ সম্পৰ্ক আমাৰ মাজত নাই৷ অথচ!
যাবলগীয়া কথা নাছিল যদিও পিছদিনা পুৱাতে গুৱাহাটীলৈ ঢাপলি মেলিলোঁ৷ নাগালেণ্ড এক্সপ্ৰেছত গৈ কেমেৰা কিনি বি.জি. এক্সপ্ৰেছত ৰিটাৰ্ণ৷ ঘৰ পায়ে সম্পূৰ্ণ বিৱৰণসহ দীঘলীয়া এটা এছ.এম.এছ.৷
‘... কেমেৰা আনিলোঁগৈ৷ একৈশ হাজাৰ ল’লে৷ আপোনাক দেখুৱাম৷ ...’
‘অ’.কে’.’

হেৰাই যোৱাৰ দিন আহি আছে৷ ধৰি লৈছোঁ যে এই নতুন কেমেৰাটোও নিশ্চয় হেৰাই যোৱাৰে উপহাৰ, নতুবা হেৰাই যোৱাৰ পুৰস্কাৰ!

No comments:

Post a Comment