Tuesday, 7 April 2015

হেমন্ত আহিছিল...


নকিয়াৰ ৰিংটোনেৰে ম’বাইল ফোনটো বাজি উঠিল৷ স্ক্ৰীণত উজলি উঠিল সন্দিকৈ ছাৰৰ নাম৷ এন্‌চাৰ বুলি দেখুওৱা বুতামটো টিপি দিলোঁ৷ নিয়মমাফিক ক’লোঁ, ‘হেল্ল’৷

‘ক’ত আছে?’
‘ঘৰতে আছোঁ৷’
‘এয়া আপোনাৰ পুৰণি বন্ধু এজনৰ লগত কথা পাতক...’ (ফোনটো দি দিলে)

কোনো পাতনি নোহোৱাকৈ সিফালৰ পৰা ক’লে... ‘বহুত বছৰৰ মূৰত ডিফুলৈ আহিছোঁ৷ আমাৰ স্কুলতে আছোঁ এতিয়া৷ তুমি ভালে আছা?’
ময়ো সঁহাৰি দিলোঁ... ‘আছোঁ৷ পিছে ধৰিব পৰা নাই দেই৷ কোননো বাৰু তুমি?’
‘মই হেমন্ত...’
‘হাৰে! হেমন্ত! কেতিয়া আহিলা? কি সকামত আহিলা? স্কুলত কি কাম? থাকিবানে যাবা? আহি যোৱা৷ মই ঘৰতে আছোঁ৷’
‘দহ মিনিটৰ ভিতৰত গৈ আছোঁ৷’

৩৬টা বছৰ৷ চিনেমাৰ ৰিলৰ দৰে চকুৰ আগেৰে মুহূৰ্ত কিছুমান খৰগতিৰে ৰিপ্লে’ হ’ব ধৰিলে৷ পুৰণি এলবামটো ৰেক্‌ডালৰ পৰা একে টানে উলিয়াই আনিলোঁ৷ সযতনে ৰখা এখন ক’লা-বগা ফটো৷ বাওঁফালৰ পৰা মই, হেমন্ত, ৰাজেন৷ পিছফালে চনটো লিখা আছে৷ ১৯৭৯৷ সেই তেতিয়াই এৰাএৰি৷

হেমন্তক দেখুৱাম বুলি টেবুলৰ ওপৰত মেলি থৈছোঁ এলবামটো৷ ভাবিছোঁ, সি আহি পালে পোনেই এইখন দেখুৱাম৷ ভাবি আছোঁ, আৰু কি কি পাতিম, ক’ৰ পৰা আৰম্ভ কৰিম, আৰু কি কি দেখুৱাম, ইত্যাদি ইত্যাদি৷ বাটলৈ ঘনে ঘনে চাই আছোঁ৷

দহ মিনিট পাৰ হ’লত ধৈৰ্যচ্যুতি ঘটিল মোৰ৷ সন্দিকৈ ছাৰলৈ ফোন লগালোঁ... ‘বন্ধু ক’ত?’
‘প্ৰিন্সিপাল ছাৰৰ অফিচত বহি কথা পাতি আছে৷ কৈ দিছোঁ ৰ’ব৷’

ময়ো অতীতলৈ উৰা মাৰিলোঁ৷ মনত পৰে, ভাতকেইটা খাই স্কুলবেগটো লৈ পোনেই হেমন্তহঁতৰ ঘৰলৈ যাওঁ৷ বাটৰ পৰাই ডাঙৰকৈ চিঞৰ এটা মাৰোঁ... ঐ হেমন্ত... হেমন্তৰ মাকে কয়... সেয়া ছাজিদ আহিলেই৷ তাৰ পিছত গেইট খুলি এটা এটাকৈ ওলাই আহে হেমন্ত, প্ৰণৱদা, শিৱ৷ পিছে পিছে জবা৷ তাই গাৰ্লছত পঢ়ে৷ সেউজীয়া স্কাৰ্ট, বগা চাৰ্ট৷ আমিকেইটা বয়জত৷ খাকী পেণ্ট, বগা চাৰ্ট৷ বুকুত শ্বিল্ড আকৃতিৰ স্কুলবেজটো৷ চেণ্ডেল চোঁচোৰাই নামঘৰৰ ষ্টেপেৰে নামি চৰ্টকাট মাৰি হাইস্কুল পাওঁগৈ৷ আহোঁতে আকৌ একেলগে৷ নামঘৰৰ আপটোৰে৷ আবেলি চবেই মিলি বেডমিণ্টন, ক্রিকেট, বতৰৰ খেল৷ পুলিচ ৰিজাৰ্ভত দুৰ্গা পূজাত নাটকত অভিনয় কৰোঁ৷ সিহঁতৰ ৰেডিঅ’টো ঘেৰি লৈ গোটেইকেইটাই ফুটবলৰ ৰাণিং কমেণ্টেৰী শুনো৷ স্বাধীনতা দিৱস কাপ, বৰদলৈ ট্ৰফী৷ অসম পুলিচ, অইল ইণ্ডিয়া, মহমেদান স্পৰ্টিং, বাৰ্ণপুৰ ইউনাইটেড৷ সিহঁতৰ পিছফালৰ আমজোপাৰ পৰা আম পাৰোঁ৷ আগফালে ডিমৰু আৰু বগৰীলৈ দলিয়াওঁ৷ আৰুযে কত কি! মাকে নিজৰ ল’ৰাৰ দৰে মোকো মৰম কৰে৷ আগফাল-পাছফাল সকলোতে অবাধ ৰাজত্ব চলে৷

দৃশ্যবোৰে ভাবনাত খেলা কৰি থাকোঁতেই অট’ৰিক্সা এখন ৰ’লহি৷ হেমন্ত নামিল৷ দেখিয়ে চিনি পালোঁ৷ লগত আৰু এজন৷ তাৰ শালপতি৷ দুই শালপতিয়ে অট’ৰ ভাড়া দিবলৈ হেতাওপৰা লগাইছে৷ আগুৱাই গ’লোঁ৷ চান্স পাই কৈ দিলোঁ, ‘এনেকৈ কাজিয়া কৰিলে এজনেও দিব নোৱাৰিবা কিন্তু, মইহে দি দিম৷’ হাঁহিভৰা মুখমণ্ডলেৰে ৰাস্তাতেই আলিংগনত আবদ্ধ হ’লোঁ আমি দুটা৷

হাঁহিৰেই আগ বঢ়াই আনিলোঁ দুয়োকে৷ বহুৱালোঁ৷ সুদীৰ্ঘ ৩৬বছৰৰ পিছত এয়া মুখামুখি, দেখাদেখি৷ ভাবি আচৰিত পাওঁ যে অনেক বছৰৰ বিৰতিত পুৰণি বন্ধু-বান্ধৱ কিছুমানৰ সৈতে দেখা-সাক্ষাৎ হোৱাটো আজি কিছু বছৰৰ পৰা নভবাকৈয়ে মোৰ ক্ষেত্ৰত ঘটিবলৈ লৈছে৷ ইয়াক পৰম সৌভাগ্য বুলিয়ে ধৰিছোঁ৷ পুনৰ্মিলনৰ আনন্দখিনি পূৰামাত্ৰাই উপভোগ কৰি গৈছোঁ৷ ২১মাৰ্চত অহা হেমন্তও তাৰ ভিতৰৰে এটা৷ পুৰণি সম্পৰ্কটো নতুন কৰি সিও যেন মোক অনিৰ্বচনীয় সুখ অকণমান দি গ’ল!

No comments:

Post a Comment