Thursday, 2 April 2015

ব’হাগ মাহৰ মহিমা বৰ্ণনা 
(সংগ্ৰহ)

ব’হাগ মাথোঁ এটি ঋতু নহয়,
নহয় ব’হাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণজীৱনৰ ই সাহ৷

    ব’হাগ মাথোঁ বিহুতলী নহয়
    নহয় ই নিশা ফুলা ফুল,
    ব’হাগেই আনি দিয়ে সমদল গতি
    নেওচি জাতি কুল,
    ই প্ৰভেদক কৰেহি নাশ৷৷

ব’হাগ এটি মাথোঁ মাকো নহয়
নহয় ই কুলিৰে মাত,
ব’হাগ এটি নৱ নৱ চিন্তাৰ
সাঁচিপাত পুথিৰে পাত,
ই উজলায় জীৱন-আকাশ৷৷

    ব’হাগ মাথোঁ বিহুগীত নহয়,
    ইনাই-বিনাই গোৱা
    ব’হাগ এখনি সৃষ্টি দলিল
    সূৰ্যৰ জ্যোতিত পোৱা
    ব’হাগেই এন্ধাৰৰ ত্ৰাস৷৷

ব’হাগত জাতিয়ে স্নান কৰে
মলিয়ন বস্ত্ৰ সলায়,
সংগ্ৰামী জীৱনতো
ৰণ প্ৰেৰণা
দিয়ে বৰদৈচিলাই,
ওফৰায় দুখ নাগ পাশ৷৷

ডক্টৰ ভূপেন হাজৰিকা
‘গীতাৱলী’


No comments:

Post a Comment