Monday, 6 April 2015

এন.আৰ.চি.
(গল্প নহয়, সত্য)

একান্তমনে কিবা এটা ভাবি আছিলোঁ, তেনেতে ফোনটো সশব্দে বাজি উঠিল৷ চালোঁ, সম্পৰ্কীয় ভনী-জোঁৱাইৰ কল৷ ইয়াৰ আকৌ হ'ল কি(!) ভাবত এনচাৰ বুটামটো টিপি দিলোঁ৷

‘ছাজিদকা আপুনি ফ্ৰি আছে নেকি?’

‘কোৱাচোন৷’

‘এন.আৰ.চি.ৰ কাৰণে আপোনালোকক কাগজ-পত্ৰ জমা দিবলৈ নে চাবলৈ কিবা কৈছে নেকি?’

‘কোনে? নাই নাই৷ কি কাগজৰ কথা কৈছা তুমি? মই একো বুজা নাই৷’

‘আপোনালোকৰ প'লিং চেণ্টাৰ কোনটো পৰে?’

‘পুলিচ ৰিজাৰ্ভ এল.পি. স্কুল৷’

‘আমাৰ পি.ডব্লিউ.ডি. এল.পি.৷ মই একেটাই বুলি ভাবিছিলোঁ৷ আপোনালোকৰ খবৰ অহা নাই তেনেহ’লে?’

‘কিয়, ভোট নিদিলেও-দিলেও ভোটাৰ আই.ডি.খন আগতে পালোঁৱেই দেখোন! ইণ্ডিয়ান পাচপ’ৰ্টো কেতিয়াবাৰ পৰাই লগত আছে৷ তেনেস্থলত কি কাগজৰ কথা কৈছা?’


'আপুনি জানেই চাগে', উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত অসমত ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুতকৰণৰ কাম আৰম্ভ হৈছে। ১৯৫১চনৰ পৰা ১৯৭১চনৰ ২৫মার্চৰ আগৰ ভোটাৰ তালিকা বা যিকোনো চৰকাৰী নথি-পত্ৰকে নাগৰিকপঞ্জীত নাম অন্তর্ভুক্তিৰ বাবে গ্রহণযোগ্য হ'ব৷ সেইবিলাক সহজে পাবৰ বাবে এন.আৰ.চি. সেৱাকেন্দ্র স্থাপন হৈছে। তেনেকুৱা চাৰ্ভিচ চেণ্টাৰৰ পৰা নিজৰ পূর্বজসকলৰ নাম থকা তথ্য সংগ্রহ কৰিবলৈ কৈছে। পূৰ্বপুৰুষৰ নাম থকা ভোটাৰ তালিকা, ফটো আদি জমা দিব লাগে হেনো, তাকেহে...’

‘তেনেহ’লে আই.ডি., পাচপ'ৰ্ট, ডি.এল. সেইবোৰ এনেয়ে দিলে নেকি? কি হ’ব যদি এতিয়া নিদিওঁ?’

‘গোৱালপাৰাত জে’ল পাতিছে৷ জে’লত সুমুৱাই থ'ব৷ তাৰ পিছত...’

‘তাৰ পিছত? ব’ৰ্ডাৰৰ সিপাৰ, নে কি?’

'হাঃ হাঃ...'

‘যি হয় হ’ব বুইছা? বিনা কষ্টত পাৰ কৰি দিলেতো ভালেই৷ সিপাৰৰ পৰানো অসমলৈ কিয়নো ইমানকৈ আহে, তাৰে উমান ল’বগৈ পাৰিম৷ সিপাৰে ধৰা পৰিলে আকৌ এই পাৰ৷ নহ'লে আন ক'ৰবাত থিতাপি৷ বিনা খৰছত আহ-যাহ, বিনা কষ্টত প্ৰব্ৰজন৷ বঢ়িয়া লাগিব৷ জানাইতো, ঘূৰি-ফুৰি ভাল পোৱা মানুহ মই৷ গতিকে এই ছেগতে...৷ আৰু কোৱা...’

‘আপুনি ব্যস্ত আছে, এতিয়া থৈছোঁ দেই’ বুলি জোঁৱায়ে ততাতৈয়াকৈ ফোনটো ডিচ্‌কানেক্ট কৰি দিলে৷

No comments:

Post a Comment