Monday, 5 May 2014

মই এবাৰ ফেইল কৰিছিলোঁ... 
(গল্প নহয়, সত্য)

(‘অকব’ত অসমীয়াত নিলিখিলে মচি দিব বুলি জানিও মনক দমাব নোৱাৰি ৰোমানত লিখি পেলোৱাসকলৰ হাতত, আন্তৰিকতাৰে)
............................................

'টাইপিং, ড্ৰাইভিং আৰু ড্ৰিংকিং ... এই তিনিটা জীৱনৰ বাবে লাগতিয়াল' বুলি মোতকৈ বয়সত সৰু যদিও বাল্যবন্ধু এজনে এবাৰ কথা প্ৰসংগত উল্লেখ কৰাটো মোৰ মনত আজিও জলজল-পটপট হৈ আছে৷ বাকী দুটা নাজানো, কিন্তু টাইপিংযে জীৱনৰ বাবে কিমান দৰকাৰী, সেয়া মই ইতিমধ্যে খুব ভালকৈ উপলব্ধি কৰিব পাৰিছোঁ৷ তাকে কওঁ বুলিয়ে এইকণ পাতনি৷


কথাই কথাই মিলি যোৱাত প্ৰবীণ (মোৰ ভাইটিৰ লগৰ) আৰু মই খাটাং কৰি পেলালোঁ যে আমি টাইপ মাৰিবলৈ শিকিম৷ ‘ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটেনো টাইপিং ইনষ্টিটিউটলৈ যায়নে’ বুলি কোনোবাই টিটকাৰী মাৰিলেও মাৰক, তালৈ ভ্ৰূক্ষেপ নকৰোঁ৷

পিছদিনা পুৱা নমান বজাতে ওলালোঁ৷ খোজ কাঢ়ি দহ-বাৰ মিনিটমানৰ বাট৷ কমাৰ্চিয়েল ইনষ্টিটিউটখনত উপস্থিত হৈ অলপ পৰ অপেক্ষা কৰিব লগা হ’ল৷ তত্ত্বাৱধায়কজন নাই, কিবা আনিবলৈ ওলাই গৈছে৷ তেতিয়ালৈকে আহি পোৱা নাই৷

খেৰী ঘৰ, বাঁহৰ বেৰ, কেঁচা মজিয়া৷ লাইট-ফেন নাই৷ অফিচ ৰুম বুলি সৰুকৈ এটা কোঠা৷ তাৰ সৈতে সংলগ্ন দীঘলীয়া ঘৰটোত কেইবাযোৰো ডেস্ক-বেঞ্চ৷ প্ৰতিখন ডেস্কতে দুই মূৰে দুটাকৈ ন-পুৰণি টাইপ ৰাইটাৰ, সৰু-ডাঙৰ জোখৰ৷ কেইবাজনো শিকাৰুৱে আঙুলিৰ বুলনিৰে সেইকেইটাত খটখটাই আছে৷ মাজে মাজে কেৰেচ কেৰেচ শব্দ৷ শব্দৰ সন্মিলনটোৱে পুৱাতেই পৰিৱেশটোলৈ কৰ্মচঞ্চলতা এটা বৈ আনিছে৷ উপস্থিত হৈয়ে মনটো কিবা এটা ভাল লাগি গ’ল৷ অলপ পৰ সেইবোৰকে লক্ষ্য কৰি থাকিলোঁ৷

পুৰণি বাজাৰ চুপাৰ এখন চলাই আদবয়সীয়া লোক এজন আহি ওলাল৷ পিন্ধনত আকাশী ৰঙৰ হাফ চাৰ্ট৷ চকুত চশমা৷ বুজিলোঁ, তেৱেঁই শিক্ষানুষ্ঠানখনৰ হৰ্তা-কৰ্তা-বিধাতা৷ মানুহজনক অনুসৰণ কৰি আমি দুটা অফিচ ৰুমটোলৈ সোমাই গ’লোঁ৷ উদ্দেশ্য বেকত কৰাত তেওঁ টাইপিঙৰ ক’ৰ্চ, এডমিচন ফিজ, মান্থলী ফিজ, এগজামিনেচন ফিজ ইত্যাদি সম্পৰ্কে বুজাই দিলে৷ 'আমি এডমিচন ল’ব বিচাৰিছোঁ' বোলাত বহী এখন উলিয়াই নাম-ধাম সুধি খচাখচ কিবাকিবি নোট কৰিলে৷ টাইম চিডিউলো ঠিক কৰিলে৷

পিছদিনাৰ পৰা এটা নতুন যাত্ৰা আৰম্ভ হ’ল৷ অতীতলৈ ঘূৰি চাই কথাবোৰ এতিয়া ভাবিলে আচৰিতেই লাগে যে সেই যাত্ৰা আজিও চলি আছে, অবিৰতভাৱে৷ প্ৰবীণৰ কি হ’ল নাজানো, মোৰ জীৱন-যাত্ৰাত কিন্তু টাইপিঙে সঁচাই এক গুৰুত্বপূৰ্ণ ভূমিকা পৰিগ্ৰহ কৰিলে৷ এই সম্বন্ধে কেতিয়াবা মই মনে মনে অকলে অকলে চিন্তা কৰোঁ আৰু সুখ অনুভৱ কৰোঁ৷

পুৱা আঠ বজাৰ প্ৰথম গ্ৰুপটোতে আমাক দিছে৷ গৈ পোৱাৰ পিছত তত্ত্বাৱধায়কে আমাক নিজৰ ইচ্ছামতে দুয়োকে দুটা খালী হৈ থকা মেচিনত বহিবলৈ নিৰ্দেশ দিলে৷ মোৰ বাবে আনন্দৰ কথা আছিল যে টাইপ ৰাইটাৰৰ সৈতে মোৰ পৰিচয় কণমানিতেই হৈছিল৷ কিয়নো তেতিয়া আমাৰ মা নতুবা দেউতাহঁতৰ অফিচলৈ কেতিয়াবা কিবা কাৰণত গ’লে টাইপৰ চুইচবোৰ হেঁচুকি ইংৰাজী এলফাবেটকেইটা কাগজত উঠোৱাৰ প্ৰৱণতা এটা প্ৰায়ে জাগিছিল৷ কেতিয়াবা মায়ে অফিচৰ কামত ঘৰলৈ টাইপ ৰাইটাৰ এটা লৈও আহিছিল৷ সেইদিনাযে ভীষণ স্ফূৰ্তি পাইছিলোঁ৷ গডৰেজ নে ৰেমিংটন নে কি আছিল জানো, মেচিনটোত মায়ে খুৱাই দিয়া পাতল আৰু মিহি টাইপ পে’পাৰখনত অকণমানি হাতৰ এটা বা দুটা আঙুলিৰে বিচাৰি বিচাৰি ইংৰাজী বৰ্ণবোৰ তুলিবলৈ কিমানযে হেতাওপৰা লাগিছিল, ভাই-ভনীকেইটাৰ মাজত! দীঘলীয়া স্পেচবাৰডাল হেঁচি ধৰি ঘেটঘেটকৈ কেতিয়াবা এনেয়ে ইফাল-সিফাল কৰিছিলোঁ৷ হেণ্ডেলত ধৰি আকৌ চোঁচোৰাই আনো আগৰ পজিচনলৈ৷ মনত পৰে, সদায় প্ৰথমে নিজৰ নামটো লিখিছিলোঁ৷ তাৰ পিছত ক্লাছ, ৰোল নম্বৰ আদি লিখিছিলোঁ৷ স্কুলৰ নামটো লিখিছিলোঁ৷ আৰু ঢেৰ কিবাকিবি লিখিছিলোঁ, মনত নাই৷

টাইপ ৰাইটাৰৰ অংগ-প্ৰত্যংগৰ থুলমূল বৰ্ণনা সমাপ্ত কৰি মানুহজনে আমাক প্ৰথমে কাগজখন কেনেকৈ ফিট কৰিব লাগে, ৰিবন কেনেকৈ লগাব লাগে, কাৰ্বন কেনেকৈ লগায়, হাত দুখন কেনেকুৱা পজিচনত ৰাখিব লাগে আদি দৰকাৰী কথা কিছুমান শিকালে৷ সেইখিনি হৈ যোৱাৰ পিছত অফিচ ৰুমৰ পৰা পৃষ্ঠাৰ এমূৰে ষ্টেপল পিন মৰা কাগজকেইখিলামান আনিলেগৈ৷ দেখিলোঁ, তিনিখিলা ফুলস্কেপ কাগজ৷ প্ৰত্যেকৰে এপিঠিত কিছুমান আখৰ টাইপ মৰা আছে৷ অলপ পিছতে চকু ফুৰাই বুজি পালোঁ যে টাইপিঙৰ ফৰ্মূলা সেইবোৰ৷ ফিংগাৰিং আৰু এক্সাৰচাইজ৷ সোঁহাত আৰু বাওঁহাতৰ কী-ষ্ট্ৰ’ক দিয়াৰ লগতে একোটা অনুশীলন একেৰাহে তিনিদিনলৈ কৰি মনত ৰাখিবলৈ নিৰ্দেশ দিয়া আছে৷ মানে সেইমতেহে চলাব লাগে, এটা বা দুটা আঙুলিৰে আগতে কৰা ধৰণে বিচাৰি বিচাৰি টুক-টাককৈ নহয়৷ মনত পৰিল, মা-দেউতা উভয়ৰে হাতৰ দহোটা আঙুলি নাচি থকাৰ দৃশ্য৷ বাঁওহাতে থৈ লোৱা কাগজখনত দৃষ্টি নিবদ্ধ থাকে৷ মাজে মাজে মেচিনটোলৈ লক্ষ্য কৰে৷

প্ৰশিক্ষকে তেতিয়াই আমাক দিয়া সেই পাতকেইখিলা এতিয়াও পুৰণি ফাইলত আদৰেৰে সাঁচি-সামৰি ৰাখিছোঁ৷ মোৰ জীৱন-বাটত সেইকেইখিলাৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু মৰ্যাদা আছে৷ সেয়ে অন্য বহুত কাগজ লাড়ু কৰি বা টুকুৰা-টুকুৰকৈ ফালি হেলাৰঙে ডাষ্টবিনলৈ দলিয়াই দিব পাৰিলেও সেইকেইপাত নোৱাৰি৷

সেইদিনাৰে পৰা আমাৰ এঘণ্টীয়া অনুশীলন নিয়মিতভাৱে চলি থাকিল, তিনি মাহলৈ৷ 'প্ৰেকটিচ মেক্‌চ এ মেন পাৰফেক্ট৷' নিতৌ টাইপ ৰাইটাৰত খটখটাই খটখটাই ৰোমানত টাইপিং আয়ত্ত কৰি গ’লোঁ৷ নিৰ্দিষ্ট দিনত পৰীক্ষা পাতিলে৷ আমি দুটায়ো পৰীক্ষাত বহিলোঁ৷ কাগজ লগোৱাৰ পৰা আদি কৰি সকলোবোৰতে পাৰ্গতালিৰ উমান ল’লে৷ তাৰ পিছত আছাম ত্ৰিবিউন খবৰ কাগজৰ দফা এটা দিলে টাইপ মাৰিবলৈ৷ ঘড়ীত সময় নিৰ্দিষ্ট কৰি তত্ত্বাৱধাকে শেন চকুৰে আমাক লক্ষ্য কৰি থাকিল৷ অলপ পিছতে ৰিজাল্টো ঘোষণা কৰিলে৷ মোৰ স্পীড হিচাপতকৈ কম হোৱাত পুনৰ অনুশীলন কৰিব লাগিব বুলি নিৰ্দেশ দিলে৷ পৰীক্ষাও আকৌ দিব লাগিব বুলি জনালে৷ আনহাতে টাইপিং স্পীড সন্তোষজনক হোৱাৰ সুবাদত প্ৰবীণ উত্তীৰ্ণ হ’ল৷ সি চাৰ্টিফিকেটো পাই গ’ল মোতকৈ আগতে৷ মই ফেইল মাৰিলোঁ৷

আন দিনাৰ দৰে সেইদিনাও দুইটাই একেলগেই ঘৰলৈ উভতিলোঁ৷ মোৰ মনটো স্বাভাৱিকতে গধুৰ হৈ থাকিল৷ আৰু সিদিনা সেইযে ঘৰ সোমালোঁহি, তাৰ পিছত আৰু কমাৰ্চিয়েল ইনষ্টিটিউটখনত কোনোদিনে ভৰি দিয়া নহ’ল৷ অনুশীলনো নকৰিলোঁগৈ, পৰীক্ষা দিয়াটো দূৰৈৰে কথা৷ সেয়ে চাৰ্টিফিকেটো গোটাব নোৱাৰিলোঁ৷

অৱশ্যে সিদিনাৰ নিৰানন্দ মোৰ বাবে যেন সাময়িকহে আছিল৷ পিছলৈ তেনেকুৱা যেনেই উপলব্ধি হ’ল৷ কাৰণ জীৱনৰ পৰৱৰ্তী দিনবোৰত টাইপিঙৰ জৰিয়তে শত-সহস্ৰজনক সেৱাৰ লগতে আনন্দ (বহুতে ‘উদ্ধাৰ কৰা’ বুলি কয়) যোগাই যাব পাৰিছোঁ৷ স্তূপীকৃত কিতাপ-আলোচনী, অন্যান্য কাম-কাজবোৰলৈ এপলক চাই কথাটো ভাবিলে আজি নিজৰেই কিবা আচৰিত আচৰিত যেন লাগে৷ মইযে ফেইল কৰিছিলোঁ সেয়া পাহৰিয়েই থাকিলোঁ৷
............................................

টেইল-পিচ (পুচ্ছাংশ) :
টাইপিং ইনষ্টিটিউটৰ পৰীক্ষাত ফেইল মৰাৰ পিছত এদিন যেতিয়া কম্পিউটাৰ কিনিলোঁ, তাৰ লগে লগে ইংৰাজী বাদেই, অসমীয়া, বাংলা আৰু হিন্দী টাইপিঙো নিজা প্ৰচেষ্টাৰেই আয়ত্ত কৰি পেলালোঁ৷ চাৰ্টিফিকেট হ’লে নাই৷ আনহাতে এনেকুৱা মুহূৰ্তৰো সন্মুখীন হ’লোঁ যে অসমীয়াত যেতিয়া ধাৰাসাৰ গতিৰে খটখটাই কাৰ্চৰডালক হুঁচ নিদিয়াকৈ দৌৰাই আছোঁ, কাষত বহাজনে চকীৰ পৰা উঠি আহি কী-বৰ্ডখন ভালেসময়লৈ চায় ৰয়৷ ‘ইয়াতচোন অ-আ-ক-খ একো লিখা নাই, কেনেকৈ টাইপ কৰিব পাৰিছে’ বুলি প্ৰশ্ন কৰে৷ তেওঁৰ মনৰ ভাবটো এনেকুৱা, যেন মই পৃথিৱীত নোহোৱা-নোপজা কাম এটাহে কৰি আছোঁ! দৰাচলতে আচল কথাটো তেনেই সৰল আৰু সকলোৰে বাবেই সম্ভৱ৷ হাতৰ আঙুলিয়ে টাইপৰ কী-ষ্ট্ৰ’ক এবাৰ চিনিলে আৰু কেতিয়াও নাপাহৰে৷ নিজৰ অভিজ্ঞতাৰে কথাষাৰ কোনোবাই মোৰ আগত এদিন কৈছিল৷ ঠিকেই৷ টাইপিঙৰ গূঢ় ৰহস্যটোও সেইটোৱেই৷

মই আশা কৰোঁ, সকলোৱে নিজস্ব সাধনাৰে কষ্ট কৰি, সময় দি টাইপিং শিকিব৷ ড্ৰাইভিং আৰু ড্ৰিংকিঙত যেনেকৈ আঙুলিৰ সহায় লোৱা হয়, ঠিক একেদৰে টাইপিঙৰ ক্ষেত্ৰতো নিজৰ হাতৰ আঙুলি দহোটাক কী-ষ্ট্ৰ’ককেইটা চিনাত আন্তৰিকতাৰে সহায় কৰিব৷ তাৰ পাছত য’ত ৰোমানত দৰকাৰ তাত ৰোমানত আৰু য’ত অসমীয়াত দৰকাৰ (যেনে ‘অকব’ত) তাত অসমীয়াত লিখিব৷ আৰু আপুনি লাভ কৰিব মই এতিয়াই আপোনাক কৈ বা লিখি বুজাব নোৱাৰা এক ধৰণৰ আনন্দ৷ সেয়া সময়ে অৱশ্যেই ক

(ৰচনা : ৫.৫.২০১৪)

No comments:

Post a Comment