Sunday, 4 May 2014

সুখৰ আবেলি...

আজিৰ এই সুন্দৰ আবেলিটো কি কৰোঁ? তাকে মনে মনে ভাবি আছোঁ৷

তেনেকুৱাতে প্ৰতিৱেশী হাজোৱাৰী খুৰাক দেখিলোঁ, সাজি-কাচি একেবাৰে ফিট-ফাট৷ এখোজ-দুখোজকৈ ঘৰৰ পৰা ওলাই আহিছে৷ নিকট প্ৰতিৱেশী শৰ্মানী খুৰী আৰু বিকিৰ সৈতে আদবাটতে হাঁহি-মাতি কিবা জমাইছে৷

পিছফালৰ দৰজাখনেৰে দুমহলীয়াৰ ওপৰৰ পৰা খুৰালৈ লক্ষ্য কৰি থাকোঁতেই মোৰ সৈতে এংগোলটো মিলি গ’ল৷ মাত দিলোঁ, ‘খুৰা ওলালে নেকি?’ খুৰাই মোৰ চিগনেল বুজি পালে৷

‘ওলাইছোঁ আৰু৷’ ময়ো চিগনেল বুজি পালোঁ৷

কালি আবেলিও আমি দুয়ো লামডিং ৰ’ডত বহুপৰ একেলগে একেৰাহে ঘূৰি-ফুৰি বন্ধৰ মজা উপভোগ কৰিছিলোঁ৷

সাউতকৈ তললৈ নামি গৈ ক’লা লংপেণ্টটোৰে সৈতে নীল বৰণীয়া টি-চাৰ্টটো দেহাত সুমুৱাই ল’লোঁ৷ চুলি-তুলি ফণিয়াই সময় খেদাবলৈ কামেই নাই৷ কাৰণ চুলি মোৰ চুটি৷ ফলত সময় ৰাহি৷ ম’বাইলটো বিচাৰি হাবাথুৰি খোৱাৰো প্ৰশ্ন নাই৷ য’ত যেনেকৈ পৰি আছে পৰি থাওক৷ সেইডাল কঢ়িয়াই লৈ ফুৰাটো ভাল নোপোৱা হৈ আহিছোঁ দিনকদিনে৷ লগত নাথাকিলেই সুখ৷ মানিবেগ বিচাৰিবলৈও নাই৷ দোকান-পোহাৰ গোটেইখন বন্ধ৷ গতিকে একো কিনিবলৈ নাই৷ অন্য এক সুখ৷ কাজেই ৰুমালখন ফটাফট পকেটত ভৰাই ঘপাঘপ চিৰি বগাই ৰাস্তাত হাজিৰ হ’লোঁহি৷

ওপৰলৈ আহি দেখোঁ, খুৰাৰো অৱস্থান সলনি হ’ল৷ দেউতাৰ সৈতে বেলেগ এটা চেপ্তাৰ আৰম্ভ হৈ গৈছে৷ স্মৃতি ৰোমন্থনত ধৰিছে দুয়োজনে৷ মধুৰ স্মৃতি যাৰ আছে, তাৰ সুখ থাকিবই৷ যাৰ তেনে স্মৃতিয়েই নাই, কথাই নাই, তাৰ আৰু কিহৰ স্মৃতিচাৰণ? আৰু এনে ৰোমন্থনত কিমানযে সুখ লুকাই থাকে! সেয়া মই গভীৰভাৱে উপলব্ধি কৰিব পাৰোঁ৷ তেনে নিৰ্ভেজাল আনন্দৰসৰ উত্তেজক বৰ্ণনাক সদায় সমৰ্থন কৰোঁ৷ এতেকে চিনিয়ৰ চিটিজেন দুজনৰ কথোপকথনত ব্যাঘাত জন্মোৱাটো উচিত নহ’ব বুলিয়ে ভাবিলোঁ৷ কিছু আগুৱাই আহি চাৰিআলিৰ দাঁতিত দণ্ডায়মান হৈ ৰ’লোঁ৷ তেনেদৰে অপেক্ষা কৰি থাকি মাজে মাজে খুৰাৰ ফালে চায়ো থাকিলোঁ৷ ভাবি ৰ’লোঁ, সন্ধিয়াই হ’ব দেখোন অলপ পাছত৷

কথা সামৰি হাজোৱাৰী খুৰা মোৰ ওচৰ পালেহি৷ পুত্ৰসম হ’লেও কিয় জানো, চিনাকিৰ দিন ধৰি মোৰ সৈতে তেখেতৰ আপোনা-আপুনিহে চলে৷ মাজে-মধ্যে তই-তুমিও কয়৷ মোৰ বাবে সেয়া ধৰ্তব্য নহয়৷

অকণো সময় নষ্ট নকৰি খুৰাই ক’লে, ‘ব’লক৷’ মোৰ মুখৰ পৰাও একে সময়তে একেটা শব্দকে ওলাল, ‘ব’লক৷’ দুয়ো হাঁহিলোঁ৷ সুখৰ হাঁহি৷ তাৰ পিছত ৰাস্তাটো পাৰ হৈ বাঁওহাতে লাহে লাহে খোজ পেলাবলৈ আৰম্ভ কৰিলোঁ৷ উগ্ৰপন্থী সংগঠনে আহ্বান জনোৱা আঠচল্লিশ ঘণ্টীয়া বন্ধৰ বাবে ৰাস্তাত স্বাভাৱিকতে গাড়ী-মটৰ তেনেকৈ নাই৷ মানুহ কিছুমানে বাটত বতাহ খাবলৈ ওলাইছে৷ সুখৰ বতাহ৷ চেঙেলীয়া কেইটামানে ৰাস্তাৰ ওপৰতে বেট-বল লৈ খেলিছে৷ আনন্দমধুৰ এখন চিৰ-পৰিচিত ছবি৷

হাজোৱাৰী খুৰায়ে প্ৰথমে আৰম্ভ কৰিলে, ‘আজি পুৱা কি হ’ল জানে? চাহ খাই উঠি আকৌ শুই থাকিলোঁ নহয়!’

মই খুৰাৰ চকুলৈ চালোঁ৷ তেওঁ কৈ গ’ল, ‘আমাৰ এওঁৰ মানে খুৰীয়েৰাৰ আকৌ অবজেকচন, কিয়নো শুব লাগে বুলি৷ মই বোলোঁ, বন্ধত আৰু কিটো কৰিবলৈ আছে? একো কামেই নাই দেখোন৷ তোমাৰ মন গৈছে যদি যোৱা, বাছি থোৱা চাউলখিনিত শিলগুটি মিহলাই লৈ আকৌ বাছি থকাগৈ৷’

খুৰীক কোৱা কথাখিনি শুনি, লগতে খুৰাৰ উপস্থাপনত বৰ ৰস পালোঁ৷ জোৰত হাঁহি দিলোঁ৷ ইখন হাতে সিখনৰ তলুৱাত কোবাই হাততালি সদৃশ ডাঙৰকৈ শব্দ এটাও সৃষ্টি কৰিলে, নিজৰ অজানিতে৷ খুৰাৰ ফালে চাই উৎসাহেৰে ক’লোঁ, ‘কিযে সুখ, নহয় খুৰা? পাইছোঁ কিন্তু আমি ন? নিবিচৰাকৈয়ে ইমান সুখ! মই ভাবোঁ, পূৰ্বজন্মত কৰা কিবা ডাঙৰ পুণ্যৰে ফল এয়া৷ কি কয়?’

খুৰাই উত্তৰ দিলে, ‘ঠিকেই৷ ঠিক কৈছে আপুনি৷’

‘চাওকচোন, কিছুমান মানুহে মানৱ জাতিৰ উন্নয়নৰ বাবে, আন কিছুমানে সুখৰ সন্ধানত এতিয়া ৰাতিক দিন কৰি, হাড়ক মাটি কৰি কাম কৰি আছে৷ আৰু আমি? বিন্দাচ ৰাস্তাত ঘূৰি আছোঁ৷ কোনো চিন্তা নাই, ভাবনা নাই৷ কৰিবলৈও একো নাই৷ চব বন্ধ৷ কি সুখ!’

খুৰাই জোৰা দিলে, ‘তেওঁবিলাকে দিনৰ পিছত দিন ধৰি ৰিচাৰ্চ কৰি আছে৷ খাৱন নাই৷ শোৱন নাই৷ কিমান টেনচন! চিন্তাত মানুহ শুকাই শেষ৷ সঁচা কথা দেই৷ ঈশ্বৰে কিন্তু আমাক কিছু সুখ দিছে৷ সেইটো মানিব লাগিব৷’

‘ডাঙৰকৈ নোকোৱাই ভাল নেকি খুৰা, কোনোবাই জানিলে হিংসাই কৰিব চাগৈ৷ আজিকালি মানুহবোৰ বৰ হিংসুক স্বভাৱৰ থাকে৷ আনৰ ভাল দেখিব নোৱাৰে৷’

খুৰাই ইফালে-সিফালে চালে যদিও মুখ বন্ধ নকৰিলে৷ ‘বিজ্ঞানী কালামলৈ চাওক৷ বিয়াই কৰাব নোৱাৰিলে বেচেৰাই৷ বয়স গ’লগৈ৷ বেচেৰা বাজপেয়ীৰো দেশ উদ্ধাৰ কৰাৰ নামত ৰাজনীতিত লাগি নিজৰ বিয়াখন পাতিবলৈকে টাইম নহ’ল৷ আৰু ...’

খুৰাই বোধ হয় খাপ খোৱা উদাহৰণ কেইটামান মনৰ ভিতৰতে জুকিয়াই থাকিল৷ তেনেকুৱাতে পিছফালৰ পৰা আহি থকা হাজৰিকাদা আমাৰ ওচৰ চাপিলহি৷ চকু দুটা ফুলি আছে মানুহটোৰ৷ দেখিয়ে গম পাইছোঁ৷ দিনৰ ভাগত এইজনেও তামাম দিছে আজি৷

‘শুই শুই এইমাত্ৰ উঠি আহিছে ন দাদা?’

প্ৰশ্নৰ আকস্মিকতাত হাজৰিকাদাই প্ৰথমে থতমত খালে৷ তাৰ পিছত বেঁকা হাঁহি এটা মাৰিলে৷ ‘আৰু কৰিবা কি?’

‘আপোনাকো সুখ দিছে কিন্তু দেই ওপৰৱালাই৷ ল’ব লাগে, ল’ব লাগে৷’

খুৰাই লাহেকৈ মাত দিলে, ‘ময়ো ঠিকছে শুলোঁ৷ কিনো কৰিব আৰু? কাম নাই, বন নাই, চব বন্ধ৷ চাহ একাপ খাই এয়া ওলাই আহিছোঁ৷ ঘূৰি গৈ সেই একেটাই কৰিব লাগিব৷’

তেনেকুৱাতে মিহিকৈ এটোপ দুটোপ বৰষুণ গাত পৰাৰ উমান পালোঁ৷ বতৰটো আগৰে পৰাই সন্দেহজনক হৈয়ে আছিল৷ সোনকালেই আহিব চাগৈ৷ হাজোৱাৰী খুৰাৰ সিদ্ধান্তমৰ্মে সন্মুখৰ চাৰিআলিটোৰ পৰাই আমি বেক কৰিলোঁ৷

‘ঈশ্বৰেও দিছে আৰু খুৰা৷ এয়া চাওক, অলপ পিছতে বৰষুণ দিব৷ সুখেই সুখ৷ নিশালৈও মহাসুখে বাট চাই আছে৷ বৰষুণৰ আমেজ লৈ আৰামছে টোপনি মাৰিব পাৰিব৷ বহুতে আকৌ বৰষুণ এজাকৰ কাৰণে হামৰাও কাঢ়ি আছে৷ গৰমে দহিছে৷ আমাৰ ইফালে প্লিজেণ্ট ৱেডাৰ৷ প্ৰকৃতিয়ে আমাক সেয়াও অকপটে দান দি দিছে৷ গতিকে এই সুখ স্বীকাৰ কৰাটোহে কথা৷ এনে অপৰ্যাপ্ত সুখ পাবলৈ সঁচাকৈ ভাগ্য লাগিব৷ সুখ আচলতে ধনেৰে কিনিব নোৱাৰি৷ হয়নে নহয়, কওক?’

খুৰাই ‘হয় হয়’ বুলি শলাগিলে৷ লগতে হাঃ হাঃকৈ হাঁহি৷ সুখৰ হাঁহি৷ ‘সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ...’ তাহানিতে স্কুলত পঢ়া কবিতাৰ পংক্তিটো অকণো খোকোজা নলগাকৈ মাতি যাব ধৰিলে তেওঁ৷ মই আচৰিত হ’লোঁ৷

ধীৰে ধীৰে আহি ঘৰৰ সন্মুখ পালোঁ৷ তেতিয়ালৈ আন্ধাৰ নামিছে৷ হাজোৱাৰী খুৰাক বিদায় দিলোঁ, ‘এনেকুৱা সাংঘাতিক সৌভাগ্য কেইজনৰনো ঘটে খুৰা? এতিয়া যাওক, ৰে’ষ্ট কৰককৈ৷ বৰষুণজাক আহিছেই৷ কাৰেণ্ট গ’লেই কিজানি৷ গতিকে টিভিৰ চিঞৰ-বাখৰ, খকা-খুন্দা চাই মগজ বেয়া কৰিবলৈ নাই৷ সিও এক সুখ৷ সোনকালে খাই-বৈ বিছনাত পৰকগৈ৷ সুখক নেওচা দিব নাপায়৷ ঈশ্বৰে দিয়া বস্তু৷ ময়ো যাওঁ৷’

(ৰচনা : ৪.৫.২০১৪)

No comments:

Post a Comment