Thursday, 1 May 2014

বিজয়া দশমীত চাৰাংকোট বিজয়
(ভ্ৰমণ ডায়েৰীৰ পৰা, 
নেপাল অধ্যায়ৰ অংশবিশেষ)

মই এতিয়া পোখৰাত৷ পোখৰা অৰ্থাৎ ‘দ্যা টুৰিষ্ট কেপিটেল অৱ নেপাল’৷ যাক কোনো কোনোৱে ‘পেৰাডাইজ চিটি’ বুলিও কয়৷ আনহাতে ‘ৰিয়েল নেপালী টাউন’ বুলিও অভিহিত কৰা হয়৷ পূবা-পশ্চিমাকৈ ৬কিল’মিটাৰ আৰু উত্তৰা-দক্ষিণাকৈ ১২কিল’মিটাৰ বিস্তৃত, হিমালয়ান ফুট-হিলচৰ এই ধুনীয়া চহৰখন৷ পোখাৰিয়া পৰিয়ালৰ দ্বাৰা স্থাপিত আৰু কাস্কি জিলাৰ সদৰ পোখৰা দেশখনৰ গন্দকী অঞ্চলৰ অন্তৰ্গত৷ গন্দকী অঞ্চলতে জন্ম লাভ কৰিছিল নেপালী আদিকবি ভানুভক্ত আচাৰ্যীয়ে৷ সেয়া সকলোৱে জানেই৷

মোৰ নাকৰ পোনে পোনে সৌৱা পাঁচটা শৃংগৰে বৰফাবৃত্ত অন্নপূৰ্ণা ৰেঞ্জ৷ ‘মৎচ্ছপুচ্ছ’ বুলি কয় স্থানীয় নেপালীসকলে৷ সমুদ্ৰপৃষ্ঠৰ পৰা যাৰ উচ্চতা ৬,৯৯৩মিটাৰ৷ পোখৰাৰ মুখ্য আকৰ্ষণ এই ‘ফিচ্‌টেইল’৷ আন এফালে ৪.৪৩বৰ্গকিল’মিটাৰ এলেকা আৱৰা ফেৱা তাল৷ তাল অৰ্থাৎ লে’ক৷ হাৰপানখোলা নামৰ উৎসৰ পৰা ওলাই পোখৰা ভ্ৰমণকাৰীৰ বাবে অনন্য আকৰ্ষণীয় হৈ পৰিছে এই অতিকায় জলাশয়৷ সমুদ্ৰপৃষ্ঠৰ পৰা ৭৮৪মিটাৰ উচ্চতাত থকা এইটো নেপালৰ দ্বিতীয় বৃহৎ হ্ৰদ৷ ইয়াৰ বিশাল জলভাগৰ মধ্যস্থলতে এক ভূখণ্ডত আছে বাৰাহী আইলেণ্ড টেম্পল৷ পেগোডা ষ্টাইলৰ এই মন্দিৰলৈ নৌকাযাত্ৰাৰ সুন্দৰ ব্যৱস্থা আছে৷ তুষাৰাবৃত্ত শৃংগ, স্ফটিকসদৃশ সৰোবৰ, গৰ্জনমুখৰ জলপ্ৰপাতেৰে সৈতে শুভ্ৰ খৰস্ৰোতা নৈ, চিত্ৰবৎ সৌন্দৰ্যৰে পৰিপূৰ্ণ গ্ৰাম্যাঞ্চল, সেউজীয়া পাহাৰ আৰু উপত্যকাৰ সুষম সমন্বয়, তাৰ লগতে বন্ধুভাৱাপন্ন শান্তিপ্ৰিয় থলুৱা নিবাসী ...একে ঠাইতে এনেকুৱা সংযোগ বা সংমিশ্ৰণ আধুনিক যুগত পৃথিৱীৰ ভিতৰতেই চাগৈ বিৰল৷

কাঠমাণ্ডু, মনোকামনা চফৰ পূৰা কৰি সম্প্ৰতি মই পাইছোঁহি ফেডাৰেল ডেমক্ৰেটিক ৰিপাব্লিক অৱ নেপালৰ ভিতৰতে এক নম্বৰ টুৰিষ্ট স্পট স্বৰূপে খ্যাত আৰু জনপ্ৰিয় এই পোখৰা৷ আৰু পোখৰাত উপস্থিত হৈ এনেকৈয়ে ভাবি পাইছোঁ এতিয়া৷

আজি বিজয়া দশমী৷ 
তাৰিখ ৬.১০.২০১১৷ 
গুৰুবাৰ৷

ৰাতিপুৱা ফেৱা লে’কৰ পাৰে পাৰে খোজ কাঢ়ি এপাক ঘূৰিলোঁ৷ লে’কৰ জলৰাশিত অন্নপূৰ্ণা পৰ্বতমালাৰ ৰিফ্লেকচন প্ৰত্যক্ষ কৰিলোঁ৷ স্থিৰ, ফটফটীয়া, সুনীল জলৰাশিত দেখা ধৱল পৰ্বতৰ প্ৰতিবিম্বই মন চুই গ’ল৷

হিম শিখৰ গেষ্ট হাউচ এণ্ড ৰেষ্টুৰেণ্ট …মই উঠা অতিথিশালাৰ নাম৷ ভাৰত-নেপাল সীমান্তৰ কাকৰভিট্টাৰ পৰাই ট্ৰেভেল এজেণ্ট, মোৰ নেপালী বন্ধু গণেশে ফোন যোগে আগতীয়াকৈ ৰুম বুক কৰি দিছিল৷

হিম শিখৰৰ মেনেজাৰৰ বন্ধু তথা সহায়কাৰী সুশীল খৰ্কা৷ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মাধাৰী৷ শান্ত প্ৰকৃতিৰ নেপালী যুৱক৷ ইউ.এছ. আৰ্মীৰ চাকৰিয়াল ককাকৰ পদাংক অনুসৰণ কৰি প্ৰবাসী হোৱাৰ হিচাপ-কিতাপত বিভোৰ৷

ৰাতিপুৱা গা ধুই ছাদৰ ওপৰত কাপোৰকেইটা মেলিবলৈ যাওঁতেই মই সুশীলক লগ পালোঁ৷ কোমল ৰ’দজাক গাত লৈ এচুকত চুপচাপ বহি আছে৷ লক্ষ্য কৰিলোঁ, ডেকা ল’ৰাটোৰ মনটো দেখোন মৰা! হাৰে, কি হ’ল আকৌ ইয়াৰ? বেমাৰ নেকি?

‘ক্যে ভয়ঁ সুশীল? ...ক্যা হুৱা?’
প্ৰথমতে নেপালী আৰু তাৰ পিছত হিন্দীতে প্ৰশ্ন কৰিলোঁ৷ বলে পৰা দুই-এষাৰ নেপালী ডাইলগ মাৰি তাৰ লগত মোৰ খোলাখুলি দোস্তি হৈয়ে গৈছে ইতিমধ্যে৷

সি ক’লে... ‘নাই, ভাল লগা নাই৷ ...দশঁই উপলক্ষে আজি ইয়াত সকলোবিলাক অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থাকিব৷ দিনৰ ভাগত খানা পোৱাও টান হ’ব৷ ঘৰে ঘৰে টিকা লগোৱা, মানে ফোট দিয়া পৰ্ব এটা চলিব আজি৷’

‘হয় নেকি? তেতিয়া হ’লে এটা কাম কৰোঁ ব’লা৷’
তাৰ মানসিক অৱস্থাটোলৈ পাহৰি, আগ-পাছ নুগুণি ফট কৰে মই এটা প্ৰস্তাৱ দি দিলোঁ৷ সি মোলৈ চাই ৰ’ল৷

‘তোমাৰ ঘৰলৈ কিমান দূৰ? তালৈকে গৈ আহোঁ৷ নিবা? বাইকত তেল ভৰোৱাৰ দায়িত্ব মোৰ৷’

সি ক’লে... ‘সমস্যা আছে৷ হোটেলত এতিয়া চাওঁতা বুলিবলৈ আন কোনোৱেই নাই৷ ময়ে তদাৰক কৰিব লগা হৈছে৷ তাতে ইয়াৰ পৰা মোৰ ঘৰলৈ বহুদূৰ বাট৷ গ’লে সতকাই ঘূৰি আহিব নোৱাৰিম৷ মস্কিল হৈ যাব৷’

‘অ’, তেতিয়া হ’লে তোমাৰ টিকা লোৱা নহ’ব দেখোন আজি?’
‘নাই, আমাৰ নিয়মটো বেলেগ৷ আমি আজি টিকা নলগাওঁ৷ দেৱালীতহে লগাওঁ৷’
‘তেন্তে এটা কাম কৰোঁ৷ সৌ তালৈ, একেবাৰে ওপৰলৈ গৈ আহোঁ ব’লা৷ যাব পাৰিনে?’
কথাৰ লগে লগে মই চাৰাংকোটলৈ আঙুলিয়ালোঁ৷

চহৰৰ উত্তৰ-পশ্চিম অংশৰ চাৰাংকোট পোখৰাৰ ভিতৰতে সবাতোকৈ ওখ চূড়া৷ অলটিটিউড ১,৬০০মিটাৰ৷ অঞ্চলটোৰ ভিতৰত বৃষ্টিপাতৰ হাৰ অধিক বাবে ইয়াৰ পাহাৰৰ ৰং গাঢ় সেউজীয়া৷ আনহাতে শুৱনি প্ৰকৃতিৰে সমৃদ্ধ, ট্ৰেকিং, হাইকিং, ব’টিং, ৰেফটিং, চুইমিং, ফিচিং, জাংগল চাফাৰী ইত্যাদিৰ প্ৰান্তবিন্দু এই পোখৰা৷ উদ্ভিদ আৰু প্ৰাণীকুলৰো প্ৰশস্ত আশ্ৰয়-থলী৷ পাহাৰ-জংঘল মহতিয়াই ফুৰিব বিচৰা মোৰ এডভেঞ্চাৰাচ মনটোৱে আকৌ এনেবোৰ ঠাইহে সততে ভাল পায়৷ গতিকে ওপৰৰ পৰা চাব বিচাৰিছোঁ, পোখৰাখন৷

মই সুশীলৰ ফালে ঘূৰিলোঁ৷ প্ৰত্যুত্তৰৰ বাবে সাজু হৈ সি মোলৈ পোনপটীয়াকৈ চাই অৰ্থপূৰ্ণভাৱে হাঁহিলে৷ পিছৰ বাক্যকেইটাও এনে লাগিল যেন মোক সি জুখিহে চাইছে!

‘পাৰিব? খোজ কাঢ়ি বগাই বগাই উঠিব লাগিব৷ ভাগৰি যাব৷ একদম থিয় পাহাৰ৷’
‘আৰে, কিয় নোৱাৰিমহে? ময়ো পাহাৰৰে মানুহ৷ লৈ যোৱানা৷ প্ৰমাণ পাই যাবা নহয়৷’

সি চাগৈ মোৰ দম চাব খুজিছিল! ময়ো মনতে চেলেঞ্জ এটা লৈ ললোঁ... বেটা, গম পোৱা নাই?
তাৰ পাছতো সি কিছু সময় কেৰ্‌জেৰ্‌ কৰি থাকিল৷ মোৰ ইফালে স্বভাৱজাত উচপিচনিটো ভিতৰি ভিতৰি আৰম্ভ হৈয়ে গৈছে৷ নোযোৱালৈকে নেৰিছোঁ আজি৷ ‘তেল মই ভৰাম’ বুলি আকৌ এবাৰ শুনালোঁ৷ এসময়ত সি সৈমান হ’ল যেনিবা৷
ইফালে হিম শিখৰৰ কাউণ্টাৰ চম্ভালিবলৈ কোনোবা এটা নহা পৰ্যন্ত ৰ’ব লাগিল৷ কিযে অসীম ধৈৰ্যৰে পাৰ কৰিব লগা হ’ল নহয়, সেইখিনি সময়! মনটোযে সবাতোকৈ বেগী, সি ইতিমধ্যে সাউতকৈ উৰা মাৰি চাৰাংকোটৰ সৌ টিংখোপত বহিলেগৈয়ে!

ভাগ্য প্ৰসন্ন আছিল৷ অলপ পাছতে সহকাৰী এজন আহি ওলাল৷ সুশীলক আকৌ কামুৰিলোঁ... ‘দেৰি নগৰনু হৈ… খৰধৰ কৰা ভাই৷ দেৰি নকৰিবা৷’

এটা সময়ত সুশীলে তাৰ বাজাজ পালচাৰখন ষ্টাৰ্ট দিলে৷ কিবা এটা ভাল লাগি গ’ল৷ যা হওক, মনোকামনা পূৰ্ণ হ’ব যেন লাগিছে৷ বাইকৰ নম্বৰ (৫৫২জি.এ.৪পি.এ.)টো মোৰ পকেট নোটবুকত টুকি থ’লোঁ৷ তাৰ পিছত পানীৰ বটলটো এহাতে লৈ এডভেঞ্চাৰ ট্ৰিপটোৰ পিলিয়ন ৰাইডাৰৰ ভূমিকাত অৱতীৰ্ণ হ’লোঁ৷ কেমেৰাটো পকেটত ভৰাইছোঁ৷ দৰকাৰ হ’লেই ফটচনে উলিয়াম আৰু চাঁত চাঁত তুলি ল’ম৷

‘চালাও...’ সুশীলক পিছফালৰ পৰা এহাতেৰেই গবা মাৰি ধৰি স্ফূৰ্তিতে মই চিঞৰি দিলোঁ৷ ‘লেট্‌চ ষ্টাৰ্ট... নাও৷’ যেন ফ্লেগ অফহে হৈ গ’ল আমাৰ!

ডেকা ল’ৰা৷ বেচ স্পীডি৷ সাউতকৈ ৰিফিলিং ষ্টেচন পোৱালেগৈ৷ কথা দিয়ামতে পে’ট্ৰল ভৰাই দিলোঁ৷ ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩০০টকাৰ তেল কিনিলোঁ৷ এন.চি. ৪৮০৷ তাৰ পিছত ধাৱমান হ’লোঁ লক্ষ্যস্থান অভিমুখে৷ যাওঁতে বাটত দেখা সকলোবিলাক দৃশ্যই হৃদয়ত থাপি গ’লোঁ৷ সিও গাইডৰ কুশলতাৰে ৰানিং কমেণ্ট্ৰী শুনাই গ’ল৷ ভাবিলোঁ, দুয়োৰে তাল-মিল বঢ়িয়া মিলিছে দেখোন! এনে সংগীহে দৰকাৰ৷

সমতলৰ পথটো এৰি বাইকে ক্ষন্তেকতে দিশ সলালে৷ বাঁওহাতে, পাহাৰ অভিমুখে চলিব লাগিল৷ ওপৰলৈ, ক্রমে আৰু ওপৰলৈ অকাই-পকাই উঠিব ধৰিলোঁ৷ ৰাস্তাটো ঠেক যদিও মোটামুটি ঠিকেই আছে৷ তলৰ লেণ্ডস্কেপবোৰ চাই চাই গৈ আছোঁ৷ গৈ গৈ এঠাইত ৰৈ গ’লোঁ৷ কিয়নো, তাৰ পৰা মটৰ চাইকেল আৰু আগলৈ নাযায়৷ ৰাস্তা শেষ৷ বুজিলোঁ, খোজ ল’ব লাগিব ইয়াৰ পৰা৷ ওপৰলৈ চালোঁ৷ আৰু ভালেমান, মানে কেইবাগুণো বাকী আছে, মূল লক্ষ্যলৈ৷ ৰাস্তাটো থিয়৷ ৰাস্তানো আৰু কি, ক’ৰবাত ক’ৰবাত পাথৰৰ ষ্টেপ কিছুমান আছে, ক’ৰবাত একো নাই৷ মানুহৰ বসতিস্থলো দেখা গৈছে বাটে বাটে মাজে মাজে৷

পৰম্পৰাগত আৰু আধুনিক হাজাৰোধিক ঘৰেৰে চাৰাংকোট দৰাচলতে পাহাৰৰ বুকুত গঢ় লোৱা এখন ধুনীয়া গাঁও৷ আৱাসীসকল মূলতঃ হিন্দু৷ বৌদ্ধ ধৰ্মীয়ও আছে৷ গুৰুং, মগৰ, খাচ, নেৱাৰ, ঠাকুলি আদি নেপালী সম্প্ৰদায়ৰ লোকেৰে জনসংখ্যা পাঁচ হাজাৰৰ অলপমান বেছি৷ কাৰোবাৰ ঘৰৰ সন্মুখেদি, কাৰোবাৰ পিছফালেদিয়েই অহা-যোৱা কৰা লুংলুঙীয়া পথটো৷ সি যিয়েই নহওক, তেনেকৈয়ে যাব লাগিব৷ মুঠতে আহিছোঁ যেতিয়া যাবই লাগিব শেষ সীমা পৰ্যন্ত৷

‘আহক, এইফালে৷’ পালচাৰখন লক কৰি সি মোক হাত বাউল দিলে৷ মই ইফালে কৌতূহলীভাৱে চৌদিশ দৰ্শনত ব্যস্ত৷ সুশীলৰ মাতত সম্বিৎ ঘূৰি আহিল৷ তাক অনুসৰণ কৰিব ধৰিলোঁ৷ সি মোক ওচৰতে থকা ভিউ পইণ্টলৈ প্ৰথমে লৈ গ’ল৷ ইয়াৰ পৰা টুৰিষ্টক সূৰ্যোদয়, সূৰ্যাস্ত আৰু হিমালয়ৰ দৃশ্যাৱলী দেখুওৱা হয়৷ ৰূপোৱালী পাহাৰে সোণোৱালী বৰণ ধৰাৰ অবিশ্বাস্য চিত্ৰপট এই ঠাইৰ পৰাই প্ৰত্যক্ষ কৰা যায়৷ আমি তাত কিছু পৰ ৰ’লোঁ৷ ফটো তুলিলোঁ৷ সেইটো উচ্চতাৰ পৰা পোখৰাৰ সৌন্দৰ্যসুধা হেঁপাহ পলুৱাই পান কৰিলোঁ৷ আকাশত আপোনমনে উৰি থকা নানাৰঙী গ্লাইডাৰবোৰলৈ একেৰাহে চাই থকা দেখি সুশীলে ক’লে... ‘আৰে ইমানকৈ কি চাইছে, আমি সিহঁত য’ৰ পৰা উৰিছে সেয়াও পাম, আহক এতিয়া মোৰ পিছে পিছে৷’

কথাষাৰ শুনি মোৰ উৎসাহ চৰি গ’ল৷ বটলৰ পৰা পানী কেইঢোকমান গিলি ল’লোঁ৷ তাকো খুৱালোঁ৷ তাৰ পাছত সুশীলৰ সৈতে পাহাৰ বগাবলৈ আৰম্ভ কৰিলোঁ৷ উদ্দেশ্য এটাই৷ একেবাৰে শীৰ্ষত অৱস্থিত চাৰাংকোটত আৰোহণ কৰিব লাগে৷ মনৰ ভাবটো এনেকুৱা, যেন মাউণ্ট এভাৰেষ্ট জিনিবলৈহে আগ বাঢ়িছোঁ!

গৈ আছোঁ, গৈ আছোঁ৷ প্ৰাকৃতিক শোভা কেমেৰাত মাজে-মধ্যে বন্দী কৰি লৈছোঁ৷ কেতিয়াবা সি আগত, কেতিয়াবা মই৷ মইযে পাহাৰীয়া মানুহ, সেইটোতো আজি প্ৰতিপন্ন কৰিবই লাগিব৷ কথাটো অথনি ডাংকোপ মাৰি কোৱাৰ দৰেই হৈছে৷ গতিকে যিমানেই ওখ পাহাৰ বা যিমানেই থিয় গৰা নহওক কিয়, মানসিকভাৱে মই এশ শতাংশই প্ৰস্তুত পাৰ হৈ যাবৰ বাবে৷

অকাই-পকাই বগুৱা বাই এসময়ত বঢ়িয়া ঠাই এডোখৰত উপস্থিত হ’লোঁগৈ৷ পাহাৰৰ এঢলীয়া বক্ষত পলিথিনৰ চালি এখনৰ তলত কাঠৰ খুঁটিত ডেস্ক-বেঞ্চ দুযোৰ পতা আছে৷ সিটো ফাল এঢলীয়া৷ সুশীলে ক’লে... ‘এইখন এখন ৰেষ্টুৰেণ্ট৷’ মই বোলোঁ, ‘কি?’ সঁচাই, তেনে উচ্চতাত ৰেষ্টুৰেণ্ট দেখি আশ্চৰ্যান্বিত নহৈ নোৱাৰিলোঁ৷ অলপ পিছতেই গম পালোঁ, এনে ৰেষ্টুৰেণ্টত গাখীৰ সহজলভ্য হ’লেও পানী হ’লে খুজিলেও নাপায়৷ বৰ কষ্টত মানুহবোৰে পানী কঢ়িয়াব লগা হয় সৌ শত-সহস্ৰ ফুট তলৰ পৰা৷ অকণমান বহি ভাগৰ মাৰিবৰ বাবে এয়া দেখোন উপযুক্ত ঠাই৷

কাজেই আমি দুগিলাচ লাচিৰ অৰ্ডাৰ দিলোঁ৷ কাৰেণ্ট নথকাত বেছি ঠাণ্ডা নহ’ব বুলি গৰাকীয়ে আক্ষেপেৰে জনালে৷ ‘হ’ব ভাই, যি হয় আনা৷ এয়াওযে পাইছোঁ, অভাৱনীয়ভাৱে৷’ ক্ষন্তেক পিছতে লাচি আহিল৷ গিলাচত চুমুক দি চকুৰ সন্মুখত উজলি উঠা পোখৰাৰ সেই অংশটোৰ মনোমুগ্ধকৰ দৃশ্য ওপৰৰ পৰা উপভোগত ধৰিলোঁ৷ কেমেৰায়ো তাৰ কাম কৰি গ’ল৷

সতেজ হৈ লৈ পৰৱৰ্তী খেপ আৰম্ভ কৰিলোঁ৷ অৱশেষত সফলতাৰে শিখৰত আৰোহণ কৰিলোঁগৈ৷ এনেহে লাগিল যেন পৃথিৱীৰ শীৰ্ষবিন্দুত আহি পালোঁ৷

শিখৰত ৱায়াৰলেছ আৰু আন কিবাহৰ টাৱাৰ দেখা পালোঁ৷ দৰ্শন স্থলীও সজা আছে৷ টাৱাৰৰ গুৰিতে ৰখীয়াৰ দায়িত্বত থকা নেপালীজ আৰ্মীৰ জোৱান কেইজনমানে ঘৰৰ ভিতৰতে মাদল, বাঞ্চুৰী, চাৰাংগী আদি পৰম্পৰাগত বাদ্য বজাই সমৱেত কণ্ঠত গান গাই আছিল৷ সুশীলে মোক নি দেখুৱালে৷ বুজিলোঁ, দছেৰাৰ টিকা পৰবৰে সমূহীয়া আনন্দ সেয়া৷ উৎসৱ মানেইতো সীমাহীন উলাহ৷ আনহাতে আমি আহোঁতে বাটত পাৰ হৈ অহা কেইবাঘৰতো উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰি আহিছোঁ৷ তেওঁলোকৰ থলুৱা নাচ-গান দেখা পাইছোঁ৷ এঠাইত চুপে-চাপে ফটোও তুলিছিলোঁ৷ কোনো কোনোৱে আকৌ ফটো তোলাটো সমূলি ভাল নাপায়৷ কিয় নাজানো৷ সুশীলে সেই বিষয়ে আগতেই সাৱধান কৰি থৈছিল মোক৷ গতিকে অঘটন যাতে নঘটে, সেই লৈ নিজকে সম্পূৰ্ণ নিয়ন্ত্ৰণৰ অধীনত ৰাখিব লগা হ’ল৷ য’ৰ যি নীতি সেয়া মানি চলাটো ভাল৷ ভ্ৰমণত এইটোৱেই ফাইনেল কথা৷

চাৰাংকোট হৈছে পোখৰাৰ এক নম্বৰ ভিউ পইণ্ট৷ ইয়াত উপস্থিত হৈয়ে সেই উচ্চতাৰ পৰা দশোদিশে দৃষ্টি সম্প্ৰসাৰিত কৰি উক্ত কথাষাৰৰ সত্যতাৰ উমান পালোঁ৷ সঁচাকৈ ক’বলৈ গ’লে কোনফালে চাওঁ, কোনফালে নাচাওঁ লাগিল৷ এফালে সৌৱা বৰফাবৃত্ত ধউলাগিৰি৷ সৌফালে ফিচ্‌টেইল৷ তলত পোখৰা৷ সেইটো ফেৱা লে’ক৷ পেৰাগ্লাইডিং, স্কাইডাইভিং কৰাসকলে হিমালয়ান ভালচাৰৰ দৰে আপোনমনে লে’কৰ ওচৰে-পাজৰে উৰি-ফুৰি আছে৷ ১,১১৩মিটাৰ উচ্চতাত সেইফালে ৱৰ্ল্ড পিচ পেগোডা৷ বতৰ অনুকূল থকাত অন্নপূৰ্ণা ৰেঞ্জটোও স্পষ্ট হৈ ওলাইছে৷ কি এক পেনোৰেমিক ভিউ! নিজকে কিবা বৰফৰ বুকুত সোমাই থকা যেনহে লাগিল৷ দূৰৈত মাউণ্টেইন ফ্লাইটবোৰ সৰুকৈ দেখা গৈছে৷ ট্ৰেকিঙৰ উদ্দেশ্যে যোৱা অভিযাত্ৰীসকলো মণিব পৰা-নপৰা অৱস্থাত দৃশ্যমান হৈছে৷ তেনেকুতে সুশীলে আন এফালে দূৰলৈ, তললৈ আঙুলিয়াই বুজাই গ’ল সি পঢ়া স্কুল, কলেজ, ফিল্ড, তাৰ ঘৰৰ অৱস্থান, ছেটি গন্দকি নৈ আৰু ঢেৰ কিবা কিবি৷

চাৰাংকোটৰ টিঙত তেনেকৈয়ে বহুত পৰ কটাই দিলোঁ আমি৷ সেই সৌন্দৰ্যগ্ৰাহিতাৰ হেঁপাহ নপলাবই যেন কাহানিও! জীৱনলৈ মনত থাকি গ’ল, নিৰ্ভেজাল সুখানুভূতিৰ ৰূপত৷ চাৰাংকোটৰ নাম স্মৰণ কৰি চকু দুটা মুদিলেই এতিয়াও উপঙি উঠে পোখৰা৷

মিছন একমপ্লিছড৷ সুশীলক খুব জোৰত হেণ্ডচেক এটা দিলোঁ দুখ পালেও পা বুলি৷ ৰসিকতা বুজি সিও আনন্দ কৰিলে৷

এইবাৰ তললৈ নামিব লাগিল৷ উভতনি যাত্ৰাপথতো প্ৰচুৰ সাৱধানতাৰ দৰকাৰ৷ নামি আহোঁতে সুশীলে মোক ফালৰি কটোৱাই লৈ গ’ল ব্লু স্কাই পেৰাগ্লাইডিং লিমিটেডৰ উৰণ থলীলৈ৷ গছ-গছনি নথকা পাহাৰৰ এঢলীয়া বক্ষত উপস্থিত হ’লোঁগৈ৷ ওপৰৰ পৰা তললৈ দৌৰি আহি শূন্যলৈ গতি কৰা উৰণবিদসকলৰ কাৰ্যকলাপ বহু সময় ধৰি তাতে ঘাঁহনিত বহি বহি উপভোগ কৰি গ’লোঁ৷ মুক্ত আকাশত বিচৰণ কৰিব বিচৰা দুঃসাহসিক ক্ৰীড়াবিদসকলে প্ৰথমে কষ্ট কৰি এই ঠাইলৈ উঠি আহিব লগা হয়৷ তাৰ পিছত পিঠিত গ্লাইডাৰৰ ৰছীবোৰ অকাই-পকাই লৈ ইয়াৰ পৰাই উৰণ আৰম্ভ কৰে৷ বহুপৰ উৰি থাকি তলৰ নিৰ্দিষ্ট লেণ্ডিং এৰিয়াত নামেগৈ৷ ‘ইস, ময়ো তেনেকৈ যদি উৰিব পাৰিলোঁহেঁতেন ঐ!’ …এইজাতীয় ভাব এটা মনলৈ আহিল৷

সুশীলক অনুসৰণ কৰি কাষতে থকা তত্ত্বাৱধায়ক তথা ট্ৰেইনাজনৰ ঘৰটোলৈ গ’লোঁ৷ আমাক দেখি লোকজনে পোনচাটেই সুধিলে... ‘উৰিব নেকি?’ নঞৰ্থকভাৱে মূৰ দুপিয়াব লগা হ’ল৷ ভাবিলোঁ, এই এটা মজাৰ কাম জীৱনত শিকা নহ’ল, কৰা নহ’ল আৰু নহ’বও চাগৈ৷

অন্য এটা বাটেৰে আমি ক্রমে তললৈ গতি কৰিব ধৰিলোঁ আৰু এসময়ত মূল পথটোত নিজকে আৱিষ্কাৰ কৰিলোঁ৷
ষ্টেপেৰে নামি আহি আছোঁ৷ তেনেকুৱাতে অথন্তৰ এটা ঘটিল৷ মানে সুশীলৰ ভৰি-হাত ধোৱাৰ টেনডেনচি এটা আহিল৷ বেচেৰা! কি হ’ব এতিয়া? সমস্যাটো সমাধানৰ পক্ষে খৰকৈ চিন্তিব ধৰিলোঁ দুইটাই৷ সুবিধাজনক যেন লগা ঘৰ এটা পাই প্ৰথমে সি গৰাকীক নেপালীতে নমস্তে জনালে৷ তাৰ পাছত নিজৰ অৱস্থাটো মুকলিকৈ কৈ অনুমতি খুজিলে৷ গৰাকীৰ নিৰ্দেশক্রমে খৰখেদাকৈ ভিতৰ চ’ৰালৈ সোমাই গৈ কামফেৰা কৰি ওলাই আহিল৷ সি পিছত মোক কোৱামতে পানী আৰু চেনিটেৰীৰ ব্যৱস্থা ভালেই আছিল হেনো তাত৷ সেইখিনি সময়ত মই মুখ-হাত ধুই বাৰাণ্ডাতে বহি অপেক্ষা কৰিলোঁ৷ ইফালে-সিফালে আহ-যাহ কৰি থকা বিভিন্ন দেশৰ পৰ্যটকবিলাকলৈ মন কৰি ৰ’লোঁ, কেনেকৈযে ইহঁতে অ’ৰ পৰা ত’লৈ বছৰি ঘূৰি থাকিব পাৰে! সুশীল ওলাই অহাত দুয়ো বাকীছোৱা নামি আহি বাইকৰ কাষত উপস্থিত হ’লোঁ৷ ডিঙিটো মেলি চাৰাংকোটলৈ ঘূৰি চাই নিজেই অবাক হ’লোঁ... সৌ টিংখোপলৈ সঁচাসঁচিকৈ গৈছিলোঁনে বুলি৷

প্ৰত্যাৱৰ্তনৰ পথত সুশীলক ধন্যবাদ জনালোঁ৷ লাহে লাহে তল পালোঁহি৷ পিছে চিধা ৰাস্তা নলৈ কি মতলবেৰে জানো সি ভোঁ-ভোঁৱাই মটৰ চাইকেল চলাই দিলে আন এফালেহে৷ পদাৰ্পণ কৰোৱালে এটা সৰু টিলাত অৱস্থিত মাতা বিন্ধ্যবাসিনী মন্দিৰত৷ মই মন্দিৰ প্ৰাংগণ নিৰীক্ষণ কৰিব ধৰিলোঁ৷ সি দুৰ্গা দেৱীৰ সন্মুখত আঁঠু কাঢ়ি মূৰ দোঁৱালেগৈ৷ পূজাৰীজনে তাৰ কপালত ৰঙা তিলক এটা আঁকি দিয়াৰ লগতে নিৰ্মালিও দিলে৷ মোৰ ওচৰ চাপি অহা সুশীললৈ চাই মই ক’লোঁ… ‘ভালেই হ’ল৷ বাটতে তীৰ্থও হৈ গ’ল, টিকা লোৱা পৰ্বও হ’ল৷ এতিয়া পৱিত্ৰ অন্তৰেৰে হোটেললৈ উভতিব পাৰি৷’ সি হাঁহিলে৷

ইমানখিনি ঘূৰি-পকি আহি যেতিয়া আমি পোখৰাৰ লে’কচাইড, গৌৰীঘাটত অৱস্থিত হিম শিখৰ গেষ্ট হাউচ এণ্ড ৰেষ্টুৰেণ্ট পালোঁহি তেতিয়ালৈ পেটে কলমলাইছিল৷ পিছে ভাত খাবলৈ হ’লে নাপালোঁ৷ দছেৰাৰ দিনটোত দোকান-পোহাৰ কোনেও খোলা নাৰাখে৷ সুশীলে পুৱাতেই কৈছিল৷ গতিকে পানী আৰু বিস্কুতেৰেই দুইটাই ভোক নিবাৰণ কৰিব লগা হ’ল৷ চলি যাব, ন’ প্ৰব্লেম বুলি ৰুমত সোমায়ে চিধাই গাটো তিয়াই পেলালোঁ৷ তাৰ পিছত বিছনাত দীঘল দি পৰি পৰ্বতাৰোহণৰ ভাগৰ মৰাত লাগিলোঁ৷ খোলা খিৰিকীৰে সুদূৰত চাৰাংকোট আকৌ দেখা পায়ে আগবেলাৰ যাত্ৰাকালীন স্নেপশ্বটবোৰ চকুৰ আগত চিনেমাৰ ৰিলৰ দৰে আপোনা-আপুনি ৰিৱাইণ্ড হ’ব ধৰিলে৷ ‘আজি চাৰাংকোট বিজয় কৰি আহিলোঁ’ বুলি গৰ্বেৰে লগৰ দুজনৰ আগত কেতিয়া কওঁ কেতিয়া কওঁ বুলি মনটোৱেও উচপিচাই থাকিল৷


(ৰচনা :  ৩০.৪.২০১৪)


















No comments:

Post a Comment