Wednesday, 13 November 2013

এপেগ দামী ৱাইন আৰু এবাটি ছেৱৈ...
(বিমান যাত্ৰাৰ ডুখৰীয়া স্মৃতি)

বিশ্ব পৰ্যটন দিৱস৷ ২৭চেপ্তেম্বৰ, ২০১০৷
সেই বিশেষ দিনটোতে মোৰ জীৱনৰ প্ৰথম বিদেশ যাত্ৰা৷ কেনেকৈনো ইমান মিলি গ’ল নাজানো৷ পিছত জানি নিজেই আচৰিত হ’লো৷ সমানে উৎফুল্লিতও৷

Jet Airways 9W 066 বিমানৰ 15A চিটটোত বহিলো৷ ঘৰলৈ ফোন কৰিলো৷ ফটো তুলিলো৷আসন গ্ৰহণ কৰাৰ অলপ পিছতে পৰিচাৰিকা এগৰাকীয়ে সুগন্ধিযুক্ত শীতল ৰুমাল একোখনকৈ দি গ’ল৷ ট্ৰেখনত নুৰিয়াই অনা বগা ৰুমাল এখন চেপেনাৰে চেপি মোকো দিয়াত সেইখন মেলি লৈ মুখমণ্ডল মচিব ধৰিলো৷ এক ধৰণৰ শীতলতা আৰু সজীৱতা অনুভৱ হ’ল৷ পিছত আকৌ এবাৰ আহি তেওঁ এফালৰ পৰা ৰুমালবোৰ সংগ্ৰহ কৰি লৈ গ’ল৷

মোৰ যাত্ৰাপথৰ আকাশী দূৰত্ব ১,৬৩৩কিল’মিটাৰ৷ উৰণ সম্পূৰ্ণ কৰিবলৈ সময় লাগিব ২ঘণ্টা ১০মিনিট৷ বিমান উৰাৰ আগে আগে এইবিলাক তথ্য জনোৱা হৈছিল৷ সন্মুখৰ চিটত থকা ডিচপ্লে’ত ওলাইছিল সাৱধানতা সম্পৰ্কীয় জানিবলগীয়া কথাবিলাক৷

দিনৰ ঠিক ১১.৫৫মিনিট৷ লগে লগে আমাৰ বিমানখনৰ গাটো লৰিল৷ লাহে লাহে ৰাণৱে’ত ই গতি কৰিবলৈ ল’লে৷ আৰু ক্ষন্তেক পিছতে আমাৰ বিমানে ভাৰতৰ মাটি এৰিলে৷ লগে লগে মোৰ ভ্ৰমণ-সংগীজনে উৎসাহেৰে মোৰ সৈতে হেণ্ডচেক্‌ কৰিলে এটা ড্ৰিম ফুল্‌ফিল্‌ হোৱাৰ আনন্দত৷

প্ৰথম বিদেশ ভ্ৰমণ এয়া৷মোৰ চিটটো খিৰিকীৰ কাষত৷ মাজে মাজে তললৈ চাই গৈছো৷সন্মুখৰ চিটটোৰ পিছফালে থকা এল.চি.ডি. মনিটৰত গন্তব্য স্থলৰ ভৌগোলিক অৱস্থান, অতিক্রম কৰি অহা দূৰত্ব, তাপমান, উচ্চতা, সময় ইত্যাদি পৰ্যবেক্ষণ কৰি যাব ধৰিলো৷ বহুতে আকৌ টেক্‌ অফ্‌ৰ পিছতে গে’ম বা মুভিত মগ্ন হ’ল৷ দুজনমানে হে’ডফ’ন লগাই গান শুনিব ধৰিলে৷দুজনমানে চিটত হেলান দি টোপনিয়াইছে৷

আকাশমাৰ্গত বিমানখন স্থিৰ হোৱাত ট্ৰলীসহ আহিল পৰিচাৰিকা৷ ট্ৰলীৰ ওপৰ খাপত দেখিলো কেইবা ধৰণৰো সুৰাৰ বটল৷ লগতে ফলৰ ৰস, শীতল পানীয়৷ কোনে কি ড্ৰিংক্‌চ ল’ব তেওঁ এফালৰ পৰা সুধি গ’ল৷ সেইমতে নিজেই তৈয়াৰ কৰি হাতে হাতে ধৰাই গ’ল৷ মোৰ সংগীজনে কিছু পৰ কিবা ভাবিলে৷ তাৰ পিছত দামী ৱাইনৰ পেগ এটা ল’লে৷ অনুচ্ছ স্বৰত মোক ক’লে... ‘এয়াৰত বা ফ্লাইটত মদ খাই পাইছো বুলি এট্‌ লিষ্ট আনৰ আগত বাহাদুৰী মাৰিব পাৰিম৷’ আপুনি জুইচ খাওক৷

মই খুজিলো অ’ৰেঞ্জ জুইচ্‌৷ তাৰ পিছতেই খানা বিতৰণ৷ ভে’জ, নন্‌-ভে’জ কোনবিধ ল’ব সুধিলে৷ স্বাভাৱিকতেই মোক ভে’জ দিবলৈ ক’লো, I am a vegetarian বুলি৷

সন্মুখৰ চিটৰ পিছফালে থকা ট্ৰেখন খুলি লৈ তাতে খাদ্য-সম্ভাৰেৰে উপচি থকা ট্ৰেখন লাহেকৈ থ’লো৷ পেকেট কৰা গৰম চাও চাও, এবাটি চালাড, এবাটি ছেৱৈ, চেনী, গাখীৰ, আফ্‌টাৰ মিণ্ট, বাটাৰ, জেম্‌, চচ্‌, ব্ৰেড্‌ ইত্যাদি৷ ব্ৰেড্‌-বাটাৰেৰে আৰম্ভ কৰিলো৷ ছেৱৈত সামৰণি মাৰিলো৷ খাই বৰ ভাল লাগিল৷ ভোকটো লাগিয়ে আছিল বাবেই নেকি, নাজানো৷ আটাইতকৈ ভাল লাগিল ছেৱৈ বাটি৷ ৱাঃ, এনেকুৱা সুস্বাদু ছেৱৈ আগতে কাহানিও খোৱা মনত নপৰে৷ কেনেকৈ তৈয়াৰ কৰিছে জানো! স্বভাৱজাত কৌতুহলৰ বশৱৰ্তী হৈ গৱেষণা কৰিলো অলপ পৰ৷ এই সোৱাদ বোধ কৰো জীৱনত পাহৰিব নোৱাৰিম৷ তাতে ফ্লাইটত খোৱা ছেৱৈ বুলি বিশেষত্ব এটা নিশ্চয় থাকিব৷


খোৱা শেষ কৰাৰ পৰত মনিটৰলৈ চাই গম পালো, উৰাজাহাজখন য়াংগন (পূৰ্বৰ ৰেংগুন)ৰ ওপৰেৰে গৈ আছে৷ খিৰিকীৰে তললৈ চাই মণিব পৰা-নোৱাৰাকৈ লক্ষ্য কৰিছিলো কিছুমান ঘৰৰ চাল, বংগোপসাগৰৰ তীৰ, অৰণ্য, নদী আদি৷ ৩৫,০০০ফুট ওপৰেৰে ঘণ্টাত ৮৪৩কিল’মিটাৰ বেগেৰে আমাৰ বিমানখন ধাৱমান হৈছিল লক্ষ্যস্থান অভিমুখে৷

No comments:

Post a Comment