Thursday, 14 November 2013

মই এনেকৈ লিখো...
(ইন্দুভূষণ নাথৰ হাতত)

এয়া, আপোনাক খোলাখুলিকৈ জনাবলৈকে মই মোৰ ডেস্কটপ কম্পিউটাৰটো অন্‌ কৰিছো৷ মোৰ অ’পাৰেটিং চিষ্টেম উইনড’জ এক্সপি৷
এয়া ক্রমে ষ্টাৰ্ট, প্ৰগ্ৰামছেৰে আগ বাঢ়ি গৈ পে’জমেকাৰ ৬.৫ খুলি ল’লো৷ নতুন পে’জ এটা মুকলি হৈ গ’ল৷
আকৌ ষ্টাৰ্ট, প্ৰগ্ৰামছেৰে গৈ ইউনিক’ড এনেবল্‌ড ৰামধেনু ভাৰ্চন ৬.০.০ খুলিলো৷ পে’জমেকাৰত লিখিবলৈ কাৰ্‌চৰ্‌টো বাওঁকাষে লগাই ললো৷ কণ্ট্ৰল পেলেটত ফণ্টটো গীতাঞ্জলিলাইটইউএনআই কৰিলো৷ ফণ্ট চাইজ ১৪ কৰি ললো৷ টাইপিং আৰম্ভ কৰিলো৷ সংখ্যা লিখিবৰ হ’লে এফ-ছিক্স, ৰোমান আখৰ লিখিবলৈ এফ-টেন টিপি অট’মেটিক ফণ্ট পৰিৱৰ্তন কৰিছো৷
এয়া মোৰ টাইপিঙৰ কাম হৈ গ’ল৷
আকৌ এবাৰ পঢ়ি চাই ললো৷ বানান ভুল হ’লে বেয়া কথা হ’ব নহয়৷
ঠিক আছে৷ এতিয়া ফাইলটো যথাস্থানত চে’ভ কৰি থলো৷
তাৰ পিছত এয়া পে’জমেকাৰত থাকিয়ে কী-ব’ৰ্ডত ক্রমে কণ্ট্ৰল এ (চিলেক্ট অল্‌), কণ্ট্ৰল চি (কপী) টিপিলো৷ অৰ্থাৎ গোটেই লেখাখিনিকে কপী কৰি ললো৷
আকৌ ষ্টাৰ্ট, প্ৰগ্ৰামছেৰে গৈ ক্রমে মাইক্র’চফ্‌ট অফিচ ৱৰ্ড ২০০৭ খুলিলো৷ এটা খালী পৃষ্ঠা আহিল৷ কণ্ট্ৰল ভি (পে’ষ্ট) টিপিলো৷ পে’জমেকাৰৰ লেখাখিনি তৎক্ষণাৎ ৱৰ্ডত পে’ষ্ট হৈ গ’ল৷ সেয়া ঠিকে আছেনে নাই, এবাৰ চকু ফুৰালো৷
মাইক্র’চফ্‌ট অফিচ ৱৰ্ড ২০০৭ত থাকিয়ে আকৌ কণ্ট্ৰল এ, কণ্ট্ৰল চি টিপি লেখাখিনি কপী কৰি ললো৷ তাৰ পিছত ষ্টাৰ্ট, প্ৰগ্ৰামছ্‌, লজিক চফ্‌ট হৈ ৰামধেনু টু ইউনিক’ড খুলিলো৷ কনভাৰ্ট ডাটা বুলি উল্লেখ থকা বক্সটোত মাউচেৰে ক্লিক্‌ কৰি দিলো৷ লেখাখিনি এম.এছ. ৱৰ্ডৰ পৰা ইউনিক’ডলৈ মুহূৰ্তৰ ভিতৰতে কনভাৰ্ট হৈ গ’ল৷
এতিয়া এমএছ ৱৰ্ডতে নতুন পে’জ এটা খুলি কণ্টল ভি টিপিলো (বা অ’ভাৰৰাইট কৰিলেও হয়)৷ ইউনিক’ড’ত কনভাৰ্ট কৰা ধৰণেৰে লেখাখিনি পে’ষ্ট হ’ল৷
কণ্টল এ টিপিলো৷ ফণ্ট টাইপটো সলাই আছামিজ ৰোহিনী কৰি দিলো৷ ফণ্ট চাইজটোও ডাঙৰ কৰি দিলো, এবাৰ পঢ়ি চোৱাত সুবিধা হোৱাৰ বাবে৷
এফালৰ পৰা পঢ়ি গ’লো৷ দেখা পালো, ঊৰ্ধ্বক’মাটো ‘ক্স’ হৈ আছে৷ বাকী সকলো ঠিকেই আছে৷ এতিয়া ‘ক্স’কেইটা বিচাৰি শুধৰাই ঊৰ্ধ্বক’মা কৰি পেলালো৷ (এই অসুবিধাটো দূৰ কৰিব পৰা নাই, কোনোবাই জনাবচোন৷)
ইণ্টাৰনেট খুলিলো, গুগুল ক্রম খুলিলো, ‘অকব’ত সোমালো৷ তাৰ পিছত লেখাখিনি ৱৰ্ডৰ পৰা কপী কৰি ‘অকব’ৰ ৱালত পে’ষ্ট কৰিলো৷ এবাৰ এনেয়ে পঢ়ি চাই লৈ প’ষ্টটো টিপি দিলো৷
আপোনাৰ বাবে মোৰ লেখাটো দৃশ্যমান হৈ পৰিল৷
মই এনেকৈয়ে লিখো৷ কাৰোবাৰ কামত আহিব পাৰে বুলি পদ্ধতিটো উল্লেখ কৰি থলো৷

14.7.2013

No comments:

Post a Comment