Wednesday, 13 November 2013

মই এবাৰ মঞ্চত গান এটা গাইছিলো...

জীৱনত মঞ্চত এবাৰ হ’লেও গান গাই পাইছো৷ তাকে ক’বলৈ ওলাইছো৷ ক’বলৈ যাওঁতে বুকুখন দেখোন ফুলি উঠিছে৷ এতিয়া পিছে বাথৰুমতো গানৰ কলি এটা নোলায়! কি হ’ল, ভাবিয়ে নাপাওচোন৷

ল’ৰালি কালৰ কথা৷ মইনা মেল, চেমনীয়া চ’ৰাৰ হাস্যমধুৰ দিনবোৰ পাৰ কৰিছো৷ গভৰ্ণমেণ্ট বয়জ হাইস্কুলৰ ক্লাছ চেভেনত পঢ়ো৷ তাৰ আগেয়ে জীৱনৰ আদিপাঠ লৈ যোৱা মোৰ শিক্ষাৰ কঠীয়াতলী টাউন প্ৰাইমেৰী এল. পি. স্কুলৰ সন্মুখৰ ফিল্ডখন তেতিয়াও আমাৰ প্ৰতিটো আবেলিৰ আকৰ্ষণৰ স্থল, ল’ৰাবোৰৰ মিটিং পইণ্ট; মোতকৈ বয়সত সৰু, ডাঙৰ সকলোৰে৷ ইয়াতে বছৰটোৰ বিভিন্ন সময়ত, বিভিন্ন বতৰত, বিভিন্ন ধৰণৰ খেল-ধেমালি আমি কৰি থাকো৷ ফিল্ড খালী নাথাকেই৷ এই বোলে ফুটবল... আহিল, গ’ল৷ তাৰ পিছতে ক্রিকেট... আহিল, গ’ল৷ ভলীবল... আহিল, গ’ল৷ হকী (গছৰ ফেৰেঙনিৰে কাটি উলিওৱা হকী-ষ্টিক!), টাংগুটি, মাৰ্বল, চাইকেল, দৌৰা, জঁপিওৱা (দীঘল বাঁহত ভৰ দি মৰা প’ল ভল্ট পৰ্যন্ত!), শিলগুটি আৰু ৰবৰৰ সৰু বলেৰে চেভেন ষ্টপ, কেৰমব’ৰ্ড, বেডমিণ্টন আৰু কত কি! (পি.এইচ.ই.ৰ পানীৰ ডাঙৰ কাষ্ট আইৰণৰ পাইপৰ টুকুৰা সৰুকৈ ভাঙি লৈ, এটাই নিৰ্দিষ্ট দূৰলৈ দলিয়াই দিয়া টুকুৰাটোক নিজৰ টুকুৰাটো দলিয়াই টিকাব পাৰিলে বা এক বেগেত ব্যাসাৰ্ধৰ ভিতৰত পেলাব পাৰিলে পূৰ্বতে সি অংগীকাৰ কৰা সংখ্যা অনুযায়ী চিগাৰেটৰ পেকেটৰ আগ আৰু পাছ পিঠিৰ টুকুৰাবোৰ লাভ কৰা সেই খেলটোৰ নামটো পিচে পাহৰিলো৷ কোনোবাই ক’বনে ?)

অকল এনেকৈ খেলি কটালেইতো নহ’ব৷ সেয়ে এবাৰ সকলোৱে মিলি সিদ্ধান্ত ললো, এখন ‘ফাংচন’ পতা যাওক৷ স্কুলঘৰটোৰ ভিতৰতে পাতিম৷ আমাৰ মাজৰে যিয়ে যি পাৰে পাৰফৰ্ম কৰিব৷ মুঠতে এক্সক্লুচিভলি আমাৰ অনুষ্ঠান হ’ব৷

এই উদ্দেশ্যে গড়কাপ্তানী ক’লনীৰ আবাসীসকলৰ ঘৰে ঘৰে গৈ চান্দা তোলাৰ কাম আৰম্ভ কৰা হ’ল৷ সেই প্ৰক্রিয়াই নিজৰ এলেকাৰ পৰিসীমা চেৰাই ইৰিগেচন ক’লনী চুলেগৈ৷ শকত-আৱত চুপাৰিনটেনডিং ইঞ্জিনিয়াৰ মুখাৰ্জী মহোদয়ে তেখেতৰ ঘৰলৈ চান্দা বিচাৰি যাওঁতে গেটৰ মুখতে আমাক ৰখাই সুধিলে... ‘কি, মিঠাই খুৱাবা নেকি?’
পিছলৈ সমনীয়াবোৰৰ মাজত মানুহজনৰ পৰিচয়ো সেইটোৱেই হৈ পৰিল... ‘মিঠাই খুৱাবা নেকি’৷ আনহাতে তেখেতৰ হৃষ্টপুষ্ট ল’ৰা ববীৰো জোকোৱা নাম হ’লগৈ ‘মিঠাইৰ ল’ৰা’! এই লৈ পিছত ঘমঘণ্ট নলগাও নহয়৷ সেয়া বেলেগ কাহিনী, পিছত কেতিয়াবা সুবিধা চাই কম৷এতিয়া মূল কথালৈ আহিছো৷

স্কুলৰ দীঘলীয়া ঘৰটোৰ ক, খ, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীক পৃথক কৰি ৰখা মাজৰ অস্থায়ী পাৰ্টিচনবোৰ গুচাই দিলত ধুনীয়া হল এটা ওলাই পৰিল৷ তাৰে এমূৰে ডেস্কবিলাক গোটাই ইখনৰ পিছত সিখন জোৰা দি ষ্টেজ বনোৱা হ’ল৷ ঘৰে ঘৰে বিচাৰি কাপোৰ আনি স্ক্ৰীণ, উইংচ আদি কৰা হ’ল৷ এমূৰীয়াকৈ আগ বাঢ়ি থকা তৃতীয় শ্ৰেণীৰ কোঠাটো হ’ল গ্ৰীণ ৰুম৷ পিছফালে খিৰিকীয়েদি গৈ মঞ্চত উঠিব পৰাকৈ বেঞ্চ বহুৱাই দিয়া হ’ল৷ তৃতীয় শ্ৰেণীৰ কোঠাটোৰ বিপৰীতে আনটো মূৰে থকা অফিচ ৰুমত দৰকাৰী বয়-বস্তুবোৰ ভৰাই তলা মাৰি থোৱা হ’ল৷

তেতিয়া আজিকালিৰ দৰে টেণ্ট হাউচ নাছিল৷ গতিকে ঘৰে ঘৰে গৈ কাঠৰ চকী সংগ্ৰহ কৰিলো৷ কোনো কোনোৱে চোফা চেট পৰ্যন্ত দিলে৷ সেইবোৰৰ তলফালে চকমাটিৰে গৰাকীৰ নাম আৰু সংখ্যা লিখি কঢ়িয়াই কঢ়িয়াই স্কুলৰ ভিতৰ পোৱালোহি৷ শাৰী শাৰীকৈ সজাই দিলো৷ সন্মুখত চোফা চেট৷ এই সকলোবোৰ কাম আমি আটায়ে লাগি-ভাগিয়ে কৰিলো৷

ইফালে নাচ, গান, নাটকৰ ৰিহাৰ্চেল পূৰ্ণ গতিত চলিব ধৰিলে৷ দলীয়ভাৱে পৰিৱেশন কৰিবলগীয়া জিকিৰৰ লগতে একাংকিকা নাটকতো সৰুকৈ ভাও এটা পালো৷ পিচে, ডাঙৰ মানুহবিলাকৰ আগত মোৰ গানটো এদিন গাই শুনাব লগা (আজিকালিৰ চলতি শব্দ ‘অডিচন’ নেকি?) হ’ল৷ মৰণত শৰণ দি গালো ভয়ে ভয়ে৷ কেনে হৈছিল জানো, মূল ফাংচনত গোৱাৰ বাবে কিন্তু মই চিলেক্‌চন পাই গ’লো!

অনেক উৎকণ্ঠা আৰু অপেক্ষাৰ মূৰত বহু আকাংক্ষিত সেই দিনটো আহি পালে৷ বুকুৱেও অনৱৰতে দুৰু দুৰু কৰি থাকিল৷ এইবাৰ মূল মঞ্চত গাব লাগিব! কি হ’ব! সেই চিন্তাই টোপনিও হৰিলে৷

সময়যে নাথাকে ৰৈ! মোৰ পাল আহি পৰিল৷ টেবুল এখন আনি মঞ্চৰ সোঁমাজত ৰখা হ’ল৷ একাষে তবলা এযোৰ৷ বাবাদাই বজাব৷ সি ইতিমধ্যে পাউদাৰ-চাউদাৰ দি লৈছেই৷ সৰু হাঁতুৰীটোৰে টুক-টাক মৰিয়াইছে৷ আনফালে হাৰমনিয়াম এটা৷ কোনে বজাইছিল, মনলৈ অহা নাই (সম্ভৱ বাবাদাৰ সৰু খুড়ায়েক দিলীপ খুড়াই)৷ মাজত মই, গায়ক৷

...এইবাৰ আপোনালোকলৈ আগ বঢ়াইছো এটি গীত৷ গীতটো পৰিৱেশন কৰিব...

ঘোষিকাৰ কথা শেষ হ’ল কি নহ’ল, আঁৰ কাপোৰ আঁতৰি গ’লেই৷ দেখিলো, পেন্দুকনাৰ পৰা আৰম্ভ কৰি ল’ৰাই-ছোৱালীয়ে, মাইকীয়ে-মতাই সন্মুখত এগাল মানুহ৷ বুকুৰ ধী-ধিয়নিটো এখোপ বৃদ্ধি পালে৷ হলৰ লাইট নুমুৱাই দিয়া হ’ল৷জীৱনত প্ৰথমবাৰৰ বাবে এটা আচহুৱা পৰিৱেশ সন্মুখত লৈ থিয় দি থাকিলো৷

তাৰ পিছত সন্মুখলৈ চাই প্ৰথমে নমস্কাৰ এটা দিলো (তেনেকৈয়ে ট্ৰেইনিং দিয়া হৈছিলযে)৷ তাৰ পিছত গানৰ বহীখন মেলি টেবুলতে থৈ ললো৷ কোনোবা এজনে মাইক্র’ফ’নটোৰ উচ্চতা মিলাই মোক পিছলৈ অলপ ঠেলি দিলেহি৷ ডিঙিটো শুকাই যোৱা যেন লাগিছিল৷ হ’লেও, গাবতো লাগিবই৷

বাবাদাই চকুৰে ইংগিত দিলে৷ মানে, আৰম্ভ কৰ৷

যি হ’ব হ’ব৷ লাহেকৈ জুৰি দিলো... বুকুত এজাক ধুমুহা... ওফন্দি উঠিছে ঢৌ... অ’... বাঢ়নী নৈ... কৈয়ে দে দে কৈ... তোৰ... যাবৰ হ’ল নে নৌ... (নক’লেও গম পাইছেই চাগে কাৰ কণ্ঠৰ গীত এইটো)

প্ৰথম শাৰীকেইটা পাৰ কৰিলো৷ যিমানে আগুৱাই গ’লো সিমানেই কনফিডেন্স লেভেলটো বাঢ়িল৷ এসময়ত ভালে ভালে সামৰিলো৷ শেষত আকৌ এবাৰ ৰাইজক নমস্কাৰ জনালো৷ তাৰ পাছত আৰু আঁৰ কাপোৰলৈ ৰৈ থকাৰ কথাই নাই, চিধাই প্ৰস্থান কৰি দিলো৷


মঞ্চৰ পৰা গ্ৰীণ ৰুমলৈ যাওঁতে অনুভৱ কৰিলো, মোৰ পিঠিত বহুজনৰ মৰমী হাতৰ পৰশ৷

No comments:

Post a Comment