লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰী গাঁৱৰ সদানন্দ বৰা (Lateral entry 1991., Electrical Engineering, NERIST)। এই বৰাদাই এদিন মোক কৈছিল : তুমি চাকৰি কৰিলে প্ৰথমৰে পৰা প্ৰতিমাহে অন্ততঃ দুখন হ'লেও ভাল কিতাপ কিনিবা।
বৰাদাই যোৰহাটৰ Toklai Experimental Stationত চাকৰি কৰিছিল। Study leave লৈ NERISTত Degree moduleত পঢ়িবলৈ আহিছিল। আমাৰ পাছৰ batchটোৰ ছাত্ৰ আছিল। একেখন হোষ্টেল (Block F)ৰে আৱাসী আছিল। বয়সত মোতকৈ ডাঙৰ কাৰণে দাদা বুলিছিলোঁ। এতিয়া ক'ত কি কৰি আছে নাজানো।
পুৰণি ডায়েৰী এখনৰ পাত লুটিয়াই গৈ থাকোঁতে ওপৰত উল্লেখ কৰি অহা, বৰাদাৰ মুখৰ বাক্যটো এঠাইত লিখিত ৰূপত পালোঁ। পঢ়াৰ লগে লগে মানুহজনলৈ মনত পৰি গ'ল। এবাৰ কিবা এক উপলক্ষ্যত তেওঁৰ পৈত্ৰিক ঘৰখনলৈও যোৱা হৈছিল।
সি যি কি নহওক, বৰাদাই আশা পুহি ৰখা ধৰণে চাকৰি পিছে মোৰ কৰা নহ'ল। হ'লোঁগৈ স্বাৱলম্বী, স্বউদ্যমী, নিজে নিজৰ বচ্। ১৯৯৭ত Pre-pressৰ কামত হাত দিলোঁ। ২০০৩ত Printing machine আৰু ছপাশালৰ আনুষংগিক যন্ত্ৰপাতি ল'লোঁ। কিতাপ কিনাৰ অভ্যাস এটা আগৰে পৰাই আছিল। এতিয়া কিতাপ ছপোৱাৰ সুযোগে লগ দিলেহি। তদুপৰি বহুগৰাকী গুণী-জ্ঞানী লেখক-লেখিকাৰ মুদ্ৰিত গ্ৰন্থৰ প্ৰথম পাঠক হোৱাৰ সৌভাগ্যও লাভ কৰিলোঁ। কথাটো ভাবি ভাল লাগে।
NERISTৰ পূৰ্বে POWIETৰ ছাত্ৰ হৈ থাকোঁতে বৰপেটা জিলাৰ ভকুৱাটেপা গাঁৱৰ উত্তম শৰ্মা মোৰ অন্যতম সহপাঠী আৰু অভিন্নহৃদয় বন্ধু আছিল। গুৱাহাটীৰ পাণ বজাৰস্থিত পুথি বিক্ৰেতা বি. আৰ. কলিতা বুক ডিপোত কৰ্মৰত উত্তমক আকস্মিকভাৱে এদিন গ্ৰন্থ-বিপণিতে লগ পাই গ'লোঁ। সেই দিন ধৰি উত্তমে কিতাপ কিনাৰ ক্ষেত্ৰত বহুত সহায় কৰি থৈছে। Pressৰ কামত তেতিয়া গুৱাহাটীলৈ ঘনাই গৈ থকা হৈছিল মোৰ। প্ৰতিবাৰেই স্বনিৰ্বাচিত বিষয়বস্তুৰ ৩০-৩৫খন কিতাপৰ তালিকা একোখন যুগুত কৰি লৈ যাওঁ। সেইখন উত্তমৰ হাতত দিওঁ। ২৫ৰ পৰা ৪০ শতাংশ পৰ্যন্ত discountত কিতাপখিনি সি যোগাৰ কৰি থয়। নিজৰ কাম সমাপ্ত কৰি মই পুনৰ উত্তমৰ ওচৰলৈ যাওঁ। হিচাপ-কিতাপৰ পাছত মূল্য পৰিশোধ কৰি কিতাপবোৰ ৰাক্ছেকত ভৰাওঁ আৰু প্ৰাণৰ সন্তুষ্টিৰে বিদায় লওঁ। ডিফুলৈ বুলি নিশাৰ উজনিমুৱা ট্ৰেইন ধৰিবলৈ পোনে পোনে গুৱাহাটী ৰেলৱে ষ্টেচন পাওঁহি।
ৰেলখন অহাৰ অপেক্ষাৰে নিৰ্দিষ্ট প্লেটফৰ্মত মানুহৰ হেম-গেমৰ পৰা আঁতৰি এমূৰীয়াকৈ থকা বেঞ্চত বহি লওঁ। লাইটৰ পোহৰত বেগৰ পৰা এখন এখনকৈ কিতাপবোৰ উলিয়াওঁ। লিৰিকি-বিদাৰি গোন্ধ লওঁ, চকু ফুৰাই চাওঁ। সদানন্দ বৰাদালৈ মনত পেলাওঁ।
কিতাপৰ ব্যৱসায়ৰ সৈতে উত্তম জড়িত হৈ থকালৈকে এই ধাৰাবাহিকতা অক্ষুণ্ণ আছিল। ক'বলৈ ভাল লাগে যে মোৰ ঘৰুৱা সংগ্ৰহৰ বুজনসংখ্যক কিতাপ উত্তমৰ জৰিয়তে এনেদৰেই সংগ্ৰহ কৰা।
সময়ৰ সোঁতত উত্তমে পেছা সলনি কৰিলে। অসমৰ অন্যতম বিশিষ্ট ভ্ৰাম্যমান নাট্যদল 'থিয়েটাৰ সূৰ্য'ৰ সম্পাদক হ'ল। মোৰো আগৰ দৰে তাৰ জৰিয়তে, বিশেষ ৰেহাই মূল্যত, একেমুঠে, নিজৰ মনে বিচৰা এদ'ম এদ'ম কিতাপ কিনাৰ মুদাটো মৰি থাকিল। কথাটো ভাবি দুখ লাগে।
No comments:
Post a Comment