থাইলেণ্ডৰ ৰাজধানী বেংকক মহানগৰীৰ কেন্দ্ৰস্থলৰ ব্যস্ততম Pratunam এলেকাৰ Ratchaprarop Roadত অৱস্থিত Baiyoke Sky Hotelৰ পৰা পুৱা ঠিক ৭ বজাত আৰম্ভ হৈছিল এই স্মৰণীয় যাত্ৰাটো। ৪জনীয়া দলটোত চৌদি আৰবিয়ান পুৰুষ M. Haitham Mourad আৰু এগৰাকী অষ্ট্ৰিয়ান মহিলা পৰ্যটকো আছিল। Chonburi Provinceৰ Bang Lamung Districtৰ অন্তৰ্গত, দেশখনৰ এটি প্ৰধান আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰ Pattayaলৈ সেইডোখৰৰ পৰা পথ-দূৰত্ব প্ৰায় ১৫০ কিলোমিটাৰ।
East-West Expresswayৰে বাটত এবাৰ এঠাইত অকণমান সময় ৰৈ ২ ঘণ্টাত পালোঁগৈ আমাৰ প্ৰথম লক্ষ্যস্থান থাইলেণ্ড উপসাগৰৰ পূব উপকূলৰ সমুদ্ৰতীৰ। বহুলেনযুক্ত Bangkok–Chonburi–Pattaya Motorway-7ত ঘণ্টাত সৰ্বোচ্চ ১৩০ কিলোমিটাৰ বেগত চলিছিল ক'লা ৰঙৰ Toyota Tourist Carখন। মন কৰিছিলোঁ, এই পথত ড্ৰাইভ কৰোঁতে চালকজনে নিৰ্ধাৰিত গতি-সীমা মানি চলাটো জৰুৰী, কিয়নো কেমেৰাৰ জৰিয়তে ট্ৰেফিক নিয়ন্ত্ৰণ কৰি থকা হয়।
Pattaya Cityৰ মায়াবী দৃশ্যপট সন্মুখত লৈ EBC Tour & Trans Co. Ltd. নামৰ স্থানীয় Tour & Water Sports Agencyটোৰ Pattaya Officeৰ সন্মুখত আমি গাড়ীৰ পৰা নামিলোঁ। যাৱতীয় কামখিনি হৈ উঠাৰ পাছতে Changing Roomত কাপোৰ সলাই সমুদ্ৰ-যাত্ৰাৰ উপযোগী সাজ পিন্ধি সাজু হ'লোঁ। তাৰ পাছতে Walking Streetৰে খোজ আৰম্ভ হ'ল Speed Boat Standলৈ।
Pattaya Beachৰ দক্ষিণ মূৰৰ Bali Hai Pierৰ পৰা আমি যাম সাগৰৰ মাজত অৱস্থিত Coral Islandলৈ, স্থানীয়ভাৱে যাক কোৱা হয় Koh Larn। Thai ভাষাত Koh (উচ্চাৰণ : ক') শব্দটোৱে দ্বীপ বুজায়। Larn মানে নাৰিকল। নাৰিকল গছৰ আধিক্যৰ হেতুকেই দ্বীপটোৰ নাম Koh Larn। আনহাতে, Coral Island নামটো বহুলভাৱে প্ৰচাৰিত আৰু জনপ্ৰিয় হোৱাৰ মূল কাৰণটো হ'ল, এই দ্বীপটোৰ চাৰিওকাষৰ সাগৰীয় পানীত প্ৰচুৰ পৰিমাণে প্ৰৱাল প্ৰাচীৰ অৰ্থাৎ প্ৰাচীৰৰ নিচিনাকৈ গোট খোৱা প্ৰৱাল পোকৰ জঁকা (Coral Reefs) আছে।
এসপ্তাহৰ পূৰ্বে বেংককত Tourist Information Centre RTS Inter Transport and Tours Service Company Limitedত কথা পতা Puwadol Chantapoon (Nui) নামৰ Consultantজনে পৰামৰ্শ দিছিল : সমুদ্ৰত উঠা ঢৌৰ শিহৰণ আৰু দ্ৰুত গতি উপভোগ কৰিব বিচাৰিলে স্পীড ব'টত যাওক। আনহাতে তেতিয়াই গম পাইছিলোঁ যে সমুদ্ৰ পথেৰে Pattayaৰ পৰা Coral Islandলৈ দূৰত্ব প্ৰায় ৪.৫ নটিকেল মাইল (প্ৰায় ৭.৫ কিলোমিটাৰ) আৰু এই দূৰত্ব অতিক্ৰম কৰিবলৈ হাইড্ৰ'ডাইনামিক ডিজাইনেৰে সমৃদ্ধ দুৰন্ত গতিৰ স্পীড ব’টবোৰে সময় লয় ১৫ৰ পৰা ২০ মিনিট মাত্ৰ।
সামুদ্ৰিক যাত্ৰাটোত আমাৰ দলটোক কঢ়িয়াই নিবলৈ Mojar Speed Boat সাজু হৈ আছে। Coral Island explore কৰিবলৈ ওলোৱা আৰু ১০জন দেশী-বিদেশী পৰ্যটক গোট খালেহি। সময়মতে ড্ৰাইভাৰো হাজিৰ হ'ল আৰু নিজৰ জেগাত বহি ৰ'ল। Rich নামৰ গাইডজনো উপস্থিত হ'লহি। তেওঁৰ নিৰ্দেশক্ৰমে সাগৰৰ একাঁঠু পানীত নামি উৎফুল্লিত মনেৰে আমি ব'টখনলৈ আগ বাঢ়িলোঁ আৰু প্ৰত্যেকে আসন গ্ৰহণ কৰিলোঁ।
১০.৩০ বজাৰ লগে লগে Pattayaৰ সমুদ্ৰতীৰৰ শুভ্ৰ বালি পাছফালে এৰি থৈ সন্মুখৰ নীলাভ জলৰাশি ফালি গতি আৰম্ভ হ'ল। কোনটো দিশত আছে প্ৰৱাল দ্বীপটো? চালকৰ সমান্তৰালভাৱে আগত বহি আছোঁ যদিও ধৰিবকে পৰা নাই। কৌতূহলী মন-চক্ষুৰে মাত্ৰ চৌপাশৰ দৃশ্যাৱলী চাই যাব ধৰিছোঁ। ব'টখন সাগৰৰ বুকুলৈ ওলাই যোৱাৰ পৰতে বাওঁহাতে Pratumnak Hillৰ ওপৰত ৰঙা ৰঙৰ আখৰেৰে ডাঙৰকৈ লিখা PATTAYA আৰু বগা বৰণৰ সৰু আখৰেৰে লিখা city শব্দ দুটা খুব স্পষ্টকৈ দেখা পাইছিলোঁ। ডাঠ সেউজীয়া পাহাৰত জিলিকি থকা নামফলকখনৰ লগতে উপকূলৰ দৃশ্যটো বৰ ধুনীয়া লাগিছিল।
শক্তিশালী আউটব’ৰ্ড ইঞ্জিনে প্ৰচণ্ড বেগত প্ৰপেলাৰ ঘূৰাব ধৰিলে। তৰংগবোৰৰ ওপৰেৰে উৰাৰ দৰে আগ বাঢ়িছে আমাৰ স্পীড ব'ট। যেনি-তেনি ছিটিকিছে পানী। এটা অতি ৰোমাঞ্চকৰ অভিজ্ঞতা। জীৱনত প্ৰথমবাৰৰ বাবে উঠিছোঁ। মন কৰিলোঁ, ঢৌৰ প্ৰকৃতি বুজি ড্ৰাইভাৰজনে গাড়ীৰ দৰেই Steering Wheel আৰু Throttleৰ ব্যৱহাৰেৰে গতি নিয়ন্ত্ৰণ কৰি গৈছে। যাত্ৰীসকলে যাতে অত্যধিক জোকাৰ অনুভৱ নকৰে, যাত্ৰাটো যাতে মসৃণ আৰু উপভোগ্য হয়, তাৰ প্ৰতি তেওঁ অহৰহ লক্ষ্য ৰাখিছে।
কিছু দূৰত্ব অতিক্ৰম কৰাৰ পাছতে সাগৰৰ মাজতে এঠাইত আমাৰ ব'টখন থামিল। ওলমি থকা ৰছী কিছুমানৰ সিফালে অৱস্থানৰত Rongsamut Diving Companyৰ দুমহলীয়া জাহাজ এখন। শুদা গাৰে মানুহ কিছুমান শাৰী পাতি বহি আছে। থিয় হৈ থকা এজনে কিবা-কিবি বুজাই আছে। এটা মূৰেদি এজন এজনকৈ সাগৰত নমা দেখিলোঁ। কি কৰিবলৈ গৈছে নাজানিলোঁ।
নাতিদূৰত সৰু স্পীড ব'ট এখন। ঢৌবোৰৰ ওপৰেৰে জঁপিয়াই জঁপিয়াই খুব বেগেৰে আহি আছে। সাগৰৰ ওপৰত, শূন্যত এজন মানুহ। পেৰাছুট এটাত ধৰি আছে। স্পীড ব'টখন জোৰত চলিলে লোকজন আকাশলৈ উঠে। গতি ধীৰ কৰিলে তললৈ নামে। কোনোবা মুহূৰ্তত সমুদ্ৰপৃষ্ঠত লাগো-নালাগোকৈ ঢৌবোৰ ভৰিৰে চুই গৈছে। গাইডে ক'লে- "এইটো এটা Professional Water Sports Point। জনপ্ৰিয় জলক্ৰীড়াসমূহ যেনে Jet Skiing, Banana Boat Rides, Parasailing, Snorkeling, SCUBA (Self-Contained Underwater Breathing Apparatus) Diving, Swimming আদি ইয়াত কৰাৰ ব্যৱস্থা আছে।"
অলপ সময় ইফাল-সিফালকৈ থাকি Parasailingৰ আনন্দ লৈ থকা পৰ্যটকজনৰ দুঃসাহসিক কাৰ্যকলাপ প্ৰত্যক্ষ কৰাৰ পাছত আমাৰ ম'জাৰ ব'টখনে পুনৰ লৰচৰ কৰিলে আৰু নিজৰ গন্তব্যৰ দিশে ধাৱমান হ'ল। ব'টখন যিমানেই আগুৱাইছে ৰিণিকি ৰিণিকি দেখা দূৰৈৰ পাহাৰ আৰু সমুদ্ৰসৈকত সিমানেই স্পষ্ট ৰূপত ওচৰ চাপি আহিব ধৰিলে। বুজি পাই গ'লোঁ যে সেয়াই Koh Larn : Coral Island : আমাৰ মূল লক্ষ্যস্থান।
Coral Island কোনোবাই নকৈ আৱিষ্কাৰ কৰা দ্বীপ নহয়, বৰঞ্চ পৰ্যটন উন্নয়নৰ ফলশ্ৰুতিত ক্ৰমে ক্ৰমে বিশ্বৰ সন্মুখলৈ অহা উচ্চ প্ৰাকৃতিক ভূখণ্ডহে। দশক দশকৰ পূৰ্বতে এই দ্বীপটো মানুহৰ বসতিহীন বা নগণ্য জনবসতিপূৰ্ণ ঠাই আছিল। মূলতঃ স্থানীয় মাছমৰীয়াসকলে আশ্ৰয় ল'বলৈ ব্যৱহাৰ কৰিছিল। সাগৰেৰে যাত্ৰা কৰা নাবিকসকলে বিশ্ৰাম লৈছিল। কোনো কোনো সময়ত সাগৰীয় ডকাইত বা জলদস্যুৱেও সাগৰৰ মাজত নিৰাপদ থলী হিচাপে ব্যৱহাৰ কৰিছিল। সত্তৰ-আশীৰ দশকত যেতিয়া পাট্টায়া চহৰখন থাইলেণ্ডৰ এটা প্ৰধান International Tourist Hub হিচাপে গঢ় লৈ উঠিল, ঠিক তেতিয়াই পৰ্যটকসকল এই কণমানি দ্বীপটোৰ প্ৰতি আকৰ্ষিত হ'ল।
যাত্ৰাৰম্ভৰ ২০ মিনিটমানৰ পাছত Coral Islandৰ দৃষ্টিনন্দন Tawaen Beachত আমাক নমাই দিলে। চকুৱে ধৰিব পৰালৈকে পাউদাৰৰ দৰে কোমল আৰু শুধ বগা বালি। পৰিষ্কাৰ বালিৰ ওপৰেৰে পদযাত্ৰা কৰি চৌপাশৰ ৰেহ-ৰূপ চোৱাত নিমগ্ন হৈ পৰিলোঁ। আমাতকৈ আগতে উপস্থিত হোৱা ভ্ৰমণকাৰী মানুহবোৰে সমুদ্ৰৰ পানী আৰু পাৰৰ বালিত নিজৰ নিজৰ ভাগে ব্যস্ত আৰু আত্মহাৰা হৈ পৰিছে। জলকেলি কৰিছে, ফটো উঠিছে, বালিত নাম লিখিছে, আপোনমনে বহি প্ৰকৃতি উপভোগ কৰিছে। কোনো কোনোৱে Sun loungersত Beach umbrellaৰ তলত পাতি থোৱা Beach chairত হেলান দিছে। কোনোবাই ৰ’দ ল’বলৈ, কোনোৱে গাৰ বৰণ সলনি কৰিবলৈ বালিত বাগৰি Sunbathing, Sunbasking কৰিছে। কিছুমানে দৌৰিছে, খেলিছে, পৰস্পৰে পৰস্পৰলৈ পানী ছটিয়াইছে। কোনোবাই নিৰ্জনতাত সাগৰৰ কোলাহল শুনি আত্মবিভোৰ হৈ আছে। মুঠতে কেউফালে উৎসাহজনক আৰু আনন্দমুখৰ পৰিৱেশ।
৭০০ কিলোমিটাৰতকৈও অধিক দূৰত্বলৈ বিস্তৃত সমুদ্ৰতীৰটো মুকলি, বহল আৰু চাফা। পিয়াহ লগাত দোকান এখনত নাৰিকলৰ পানী আৰু নাৰিকল খালোঁ। থলুৱা লোক এজনে এমূৰীয়াকৈ হুইল বৰশী টুপাই মাছ ধৰি আছিল। তেওঁৰ ওচৰ পালোঁগৈ। তাৰ পৰা উভতি আহি Beachটোত শাৰী শাৰীকৈ থকা দোকান-পোহাৰবোৰ এফালৰ পৰা নিৰীক্ষণ কৰাত লাগি গ'লোঁ। বিভিন্ন প্ৰকাৰৰ সামুদ্ৰিক মাছ, শামুক, কেঁকোৰা ইত্যাদি জীয়াই ৰখাৰ ব্যৱস্থাপনাই দৃষ্টি কাঢ়ি নিলে। থাই আৰ্হিৰ মেখেলা এখন, কান্ধত লোৱা থাই ষ্টাইলৰ মোনা দুটা আৰু সৰু ফ্ৰক্ এটা কিনিলোঁ। প্ৰত্যেকতে হাতীৰ নক্সা। এনেকুৱা ছবি থকা কাপোৰবোৰ থাইলেণ্ডৰ স্বকীয় বৈশিষ্ট্যৰ পৰিচায়ক।
হঠাতে ক'ৰ পৰাজানো, বৰষুণ এজাক নামি আহিল। পৰ্যটকবোৰে যিয়ে য'তে যেনেকৈ পাৰে আশ্ৰয় ল'লে। বৰষুণজাক অৱশ্যে বেছি পৰ নাথাকিল। এৰাৰ লগে লগেই সকলোৱে উৎফুল্লতাৰে পুনৰ মচগুল হৈ পৰিল নিজ নিজ ধৰণেৰে আত্মাৰ তৃপ্তি সাধনত।
Beachৰ কাষে কাষে ডাঠ সেউজীয়া পাহাৰ। গাইড Richএ ক'লে- "১২.৩০ বজাত দুপৰীয়াৰ আহাৰ খুৱাবলৈ সকলোকে লৈ যোৱা হ'ব। গতিকে এই সময়খিনিত পাহাৰৰ ওপৰছোৱা এক্সপ্ল'ৰ কৰি আহিব পাৰে। গাড়ী সাজু আছে।"
Coral Island মূলতঃ কেইটামান সৰু সৰু সেউজীয়া পাহাৰ আৰু গছ-গছনিৰে আৱৰি থকা এক উচ্চভূমি। ৰূপালী বৰণৰ Toyota Hilux D-4D এখন যথাস্থানত ৰৈ আছিল। শক্তিশালী পিক-আপ ভেনখনৰ পাছফালৰ অংশটোত আসন বনাই বহাৰ বাবে সুব্যৱস্থা কৰি দিছে। ইমান সময়ে বন্ধুত্ব গঢ় লৈ উঠা ডেকা বিদেশী পৰ্যটক দুজনৰ সৈতে তাতে বহি ল'লোঁ। পাহাৰীয়া ভূ-প্ৰকৃতিৰ মাজেদি ব্লক ইটাৰে নিৰ্মিত একা-বেঁকা ঠেক সুন্দৰ ৰাস্তা। যাত্ৰাপথত সুসজ্জিত দোকান-পোহাৰ, ধুনীয়া ধুনীয়া ঘৰ, ফুলগছ, উজ্জ্বল ৰং সনা থাই স্থাপত্যৰ উপাসনাগৃহ, ৰিজ'ৰ্ট, ৰেস্তোৰাঁ, যাত্ৰী জিৰণি চ'ৰা, দুচকীয়া আৰু চাৰিচকীয়া বাহন ভাড়ালৈ দিয়া ঘৰ, বতাহৰ শক্তিৰে বিদ্যুৎ উৎপাদন কৰা Windmill আদি দেখা পালোঁ। সমগ্ৰ অঞ্চলটোৱেই পৰিষ্কাৰ-পৰিচ্ছন্ন। প্ৰদূষণ নাই। পৰিৱেশ শান্তিপূৰ্ণ। প্ৰাকৃতিক দৃশ্য বেচ ধুনীয়া। View Pointৰ পৰা দেখা সমুদ্ৰ আৰু সমুদ্ৰতীৰৰ দৃশ্যবোৰো অতি মনোমোহা আৰু ছবিৰ দৰে আকৰ্ষণীয়।
পাট্টায়া উপকূলৰ পৰা প্ৰায় ৭.৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত Coral Island বা Koh Larn নামৰ এই দ্বীপটো আকাৰত বৰ বেছি প্ৰশস্ত নহয়। দীঘলে প্ৰায় ৪.৫ কিলোমিটাৰ আৰু বহলে প্ৰায় ২ কিলোমিটাৰ। পাহাৰৰ সৰ্বোচ্চ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৮০ মিটাৰ। আমি ভৰি দিয়া সুদৃশ্য Tawaen Beachটোৰ উপৰি এই দ্বীপটোত আছে Tonglang Beach, Tien Beach, Samae Beach, Tayaiy Beach আৰু Nual Beach।
পাহাৰ পৰিক্ৰমা শেষ কৰি সময়মতে বীচ্ছলৈ ঘূৰি আহিলোঁ। ১২.৩০ বজাৰ লগে লগে China Townলৈ লৈ গ'ল Seafood lunchৰ বাবে। সহযাত্ৰীসকলে একে লগে বহি দুপৰীয়াৰ আহাৰ খাইছে। ইমান পৰে সকলোটি চা-চিনাকি আৰু সহজ হৈ পৰিছে। মই ডাঙৰ চাই মধুৰিআম এটা ল'লোঁ। গাইডক কোৱাত টুকুৰা-টুকুৰকৈ কাটি প্লে'ট এখনত সজাই আনি দিলে। গুটি ৪-৫টামানহে পালোঁ। মধুৰিৰেই পেট ভৰি গ'ল মোৰ। ইমানযে মঙহাল, ইমানযে সোৱাদ!
অতীতত এই দ্বীপৰ অৰ্থনীতি সম্পূৰ্ণৰূপে নাৰিকল উৎপাদন আৰু সাগৰীয় মাছ মৰা প্ৰথাৰ ওপৰত নিৰ্ভৰশীল আছিল। মূল ভূমিত সৰ্বসাধাৰণৰ আহ-যাহৰ কাৰণে কোনো ব্যৱস্থা নাছিল। ক্ৰমে ক্ৰমে দ্বীপটো বিশ্বৰ অন্যতম Popular Destination হৈ পৰিল। বৰ্তমান ইয়ালৈ পাট্টায়াৰ পৰা স্পীড ব'ট বা যাত্ৰীবাহী ফেৰীৰে নিতৌ হাজাৰ-বিজাৰ ভ্ৰমণকাৰী আহে, থাকে, চায়, আনন্দ লয়। পৰ্যটন উদ্যোগৰ সম্প্ৰসাৰণৰ অৰ্থে যাতায়াতৰ সুবিধা উন্নত হৈ উঠাৰ সমান্তৰালভাৱে ৰিজ’ৰ্ট, ৰেস্তোৰাঁ আৰু জলক্ৰীড়াৰ বিশাল বজাৰ এখনো ইয়াত গঢ় লৈ উঠিছে যদিও দ্বীপটোৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাগৰীয় প্ৰৱালসমূহৰ সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি অহা হৈছে। তদুপৰি Beach Index Assessmentৰ উপাদান বা কাৰক হিচাপে Water quality, Amount of litre, Beach nourishment, Land use intensity আদি পৰ্যাৱৰণ সম্বন্ধীয় বিষয়সমূহতো প্ৰাধান্য দি অহা হৈছে। এনেকৈয়ে এসময়ৰ নিৰ্জন Koh Larn বিশ্বৰ অন্যতম প্ৰধান Travel Spot, Coral Islandলৈ ৰূপান্তৰিত হ'ল।
আবেলি ৩.০০ বাজিছে। গাইডে আমাক এখন নাৱত উঠিবলৈ মাতিলে। উন্মুক্ত মেছিন নাওখনৰ তলি অংশটো আইনাৰ। বহিবলৈ দুফালে দুশাৰী আসন আছে। গাইডজনে এমূৰে ওপৰত থিয় হৈ ল'লে। Glass Bottom Boatখন অচিৰেই সাগৰৰ মাজলৈ ৰাওনা হ'ল আৰু সোনকালেই এঠাইত স্থিৰ হ'ল। তললৈ আঙুলিয়াই গাইডে সকলোকে আইনাৰ মাজেদি পানীলৈ লক্ষ্য কৰিবলৈ ক'লে। লগতে বৰ্ণনাও কৰি গ'ল। প্ৰৱাল বা পোৱাল হৈছে এবিধ ক্ষুদ্ৰ সাগৰীয় প্ৰাণী। ইংৰাজীত Coral। প্ৰৱালৰ দেহৰ পৰা প্ৰস্তুত কৰা মণিক পোৱাল মণি বোলা হয়। সাগৰ তলিৰ প্ৰৱাল পোক আৰু স্ফটিকস্বচ্ছ পানীৰ বাবেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা অনুসন্ধিৎসু পৰ্যটকসকলৰ মাজত এই দ্বীপটো বহুলভাৱে Coral Island অৰ্থাৎ প্ৰৱাল দ্বীপ বুলি পৰিচিত হৈছে। এক কথাত ক'বলৈ গ'লে সমুদ্ৰৰ তলত অসংখ্য প্ৰৱাল পোকৰ জঁকা থূপ খাই সৃষ্টি হোৱা এটা দ্বীপ, য'ত নানা প্ৰকাৰৰ সামুদ্ৰিক প্ৰাণীয়ে বাস কৰে, সেয়াই প্ৰৱাল দ্বীপ। ফটফটীয়া পানীৰ তলত আমাৰ চকুৰ আগত এয়া প্ৰৱাল প্ৰাচীৰ (Corel Reefs)। আমি সচৰাচৰ দেখিবলৈ নোপোৱা, বেলেগ এখন জগত! আটায়ে মনোযোগেৰে চালে। ময়ো জীৱনত এই প্ৰথম দেখিলোঁ আৰু অভিভূত হ'লোঁ।
প্ৰৱাল প্ৰাচীৰ দৰ্শন কৰি বীচ্ছলৈ ঘূৰি অহাৰ লগে লগেই স্পীড ব'টেৰে কৰেল দ্বীপৰ পৰা পাট্টায়ালৈ সামুদ্ৰিক-ওভতনি আৰম্ভ হ'ল। পাট্টায়া পোৱাৰ পাছত The World's Biggest Jewelry Store : Gems Gallery, Pattaya দেখুৱাবলৈ নিলে। সেয়া চাই আহি দিনজোৰা স্থল-জল ভ্ৰমণসূচীৰ অন্তিমটো যাত্ৰা অনুসৰি বিয়লি ৫.৩০ বজাত Toyota Tourist Carখনেৰে বেংককলৈ ৰাওনা হ'লোঁ।
No comments:
Post a Comment