Sunday, 30 August 2020

তিনি ৷৷ যাত্ৰা-নাস্তি !


পুৱা ঠিক ৪.০০ বাজিছে ৷ গাৰুৰ কাষতে, হাত দিলেই পোৱাকৈ ৰখা মোৰ ম’বাইল ফোনটো হঠাতে বাজি উঠিল ৷ ৪.৩০ত এলাৰ্ম দি থোৱা আছিল ৷ তেতিয়ালৈ এতিয়াও আধা ঘণ্টা বাকী ৷ চকুহাল মোহাৰি দেখোঁ যে স্ক্ৰীণত দুটা চিনাকি শব্দ, এটা চিনাকি নাম ৷ মংগলছিং ৰংহাং ৷

কি হ’ল মংগলৰ ? এড্‌ভেন্সাৰ ট্ৰিপটোক লৈ উত্তেজনা ইমানেই পাৰ ভাঙিলেনে যে নিৰ্ধাৰিত সময়ৰ ইমান আগতেই সি মোক জগাই দিছে ! এইদৰে ভাবি খক্‌মক্‌কৈ কলটো ৰিচিভ কৰিলোঁ ৷

‘হেল্ল’ মংগল, গুড মৰ্নিং ৷’

‘দাদা, প্ৰব্লেম এটা হৈ গ’ল নহয় ৷ আপুনি সোনকালে ওলাই আহকচোন ৷ মই চাৰিআলিতে ৰৈ আছোঁ ৷’

পুৱাৰ প্ৰতি-সম্ভাষণৰ বিপৰীতে ক্ৰন্দনমুৱা ভাব এটাৰহে উমান পালোঁ মংগলৰ কণ্ঠস্বৰত ৷ মাতষাৰ অকণো স্বাভাৱিক যেন লগা নাই ৷ ভাবিলোঁ, ইয়াৰ আকৌ কি হ’ল ? এনে কি সমস্যা হ’ব পাৰে যে মোক এতিয়াই বাহিৰলৈ মাতিব লগা হৈছে ! খৰতকীয়াভাৱে চিন্তা কৰিব ধৰিছোঁ ৷

হঠাতে মনটোৱে চেবালে ৷ কম্বল দলিয়াই খৰখেদাকৈ চকু-মুখ ধুলোঁ ৷ বাহিৰত শেষ নিশাৰ পাতল অন্ধকাৰ ৷ আগ-ডিচেম্বৰৰ ঠাণ্ডাৰ কবলত ডিফু চহৰৰ পশ্চিমাঞ্চল এতিয়াও শুই আছে ৷ সৰি পৰা নিয়ৰৰ টোপালবোৰৰ বাহিৰে কেনিও কাৰো সাৰি-শব্দ নাই ৷

ট্ৰেকচুটযোৰ পিন্ধি ল'লোঁ ৷ ওলাই আহিলোঁ, ৰাস্তালৈ ৷ কুঁৱলীৰ মাজেৰে দেখা পাইছোঁ, ছায়ামূৰ্তি এটা ৷ অকলে অকলে পায়চাৰি কৰি আছে ৷ খোজত ধৰিব পাৰিছোঁ যে হয়, সেইটো মংগলেই হয় ৷

‘কি হ’ল মংগল ?’ আঁতৰৰ পৰাই ৰিং মাৰি পঠিয়ালোঁ ৷ বৰ্ধিত উৎসুকতাই আৰু অলপমানো পলম হ’বলৈ নিদিলে ৷

‘দাদা, আজি আমাৰ যোৱাটো নহ’ব ৷’ ওচৰ চপাত কওঁ-নকওঁকৈ সি শব্দকেইটা উলিয়াইছে ৷ মাত থোকা-থুকি ৷ ভাব-ভংগীত অপৰাধী অপৰাধী ৷

‘কিয় ? কি হ’লনো ?’ ততালিকে সুধি পেলালোঁ ৷

‘ৰাতি মোৰ ঘৰত কাজিয়া হৈ গ’ল দাদা ৷ গোটেই ৰাতি টোপনি খতি ৷ বৰ বেয়া লাগি আছে ৷’

মংগলৰ মুখমণ্ডল গোমা ৷ খং উঠি থকা বুলি সহজে বুজিব পাৰি ৷ মাজে মাজে হাত দুখন মুঠি মাৰি ধৰে ৷ বজ্ৰমুঠিৰে যেন কাৰোবাক সজোৰে এইমাত্ৰ আঘাত হানিব !

‘কাৰ লগত কাজিয়া ?’ সুধিলোঁ ৷

‘মিছেছৰ লগত ৷’ কওঁ-নকওঁকৈ ক’লে ৷

‘কিয় ?’ অনুমান এটা কৰি পেলাইছোঁ যদিও তাৰ মুখেৰেই শুনো বুলি প্ৰশ্নটো কৰি সেইফালে চাই থাকিলোঁ ৷

‘কালি গোটেই পিছবেলাটো গ’ল, গেৰেজত লাগি লাগি গাড়ীখন ঠিক-ঠাক কৰিলোঁ ৷ ইঞ্জিনৰ শব্দ এটা এতিয়াও আছে যদিও যাম বুলি ওলাইছোঁ যেতিয়া কিবাকৈ চলাই নিম ৷ সেয়া সমাপ্ত কৰি, বজাৰ-সমাৰ লৈ ঘৰ সোমাওঁতে সন্ধিয়া লাগি গ’ল ৷ আমি বাটত খাবলৈ চিৰা কিনি আনিছিলোঁ ৷ প্ৰথমেই সেইখিনি জাৰিলোঁ ৷ মিছেছে তেতিয়া মোক চাই আছিল ৷ চাৱনিত প্ৰশ্নবোধক আছিল যদিও একো সোধাও নাই, কোৱাও নাই ৷ আন্ধাৰ হ’ল ৷ তাৰ মাজতে শাকনিত সোমাই আজি ঘৰত খাবলৈ লাইশাকো তুলিলোঁ ৷ ৰাতি সকলোৱে একেলগে মাছেৰে ভাত-পানী খালোঁ ৷ তেতিয়ালৈকে চব ঠিকেই আছিল ৷ খাই উঠি বহোঁতে আস্তেকৈ উলিয়ালোঁ যে কাইলৈ পুৱা আমি কৰকাণ্ঠিছ’লৈ যাম ৷ শুনাৰ লগে লগে তাই গৰম হৈ গ'ল ! মই যোৱাটো কোনোপধ্যে নামানে ৷ ইফালে ঘৰো মোৰ সেইফালেই ৷ তৰ্কা-তৰ্কি লাগি গ’ল ৷’

মই মংগললৈ চালোঁ ৷ মুষ্টিবদ্ধ হাত দুখন আগতকৈ কঠিন হৈ পৰিছে ৷ বুজিলোঁ, ভীষণ খঙৰ উদ্গীৰণ ঘটিছে তাৰ মন-মগজুত ৷ খংটো আন কাৰো ওপৰত নহয়, নিজৰ পৰিবাৰৰ ওপৰতে ৷ কাৰণটো আন একো নহয়, কৰকাণ্ঠিছ'লৈ যোৱাত ভেটো দিয়াৰ বাবে ৷ মনতে ভাবি ৰখা যাত্ৰাটো বাস্তৱায়িত হ'বলৈ নিদিয়াত তাৰ ফাই উঠি গ'ল ৷ ফলত পৰৱৰ্তী সময়ছোৱাৰ পাৰস্পৰিক কথা-কাণ্ডবোৰৰ লগতে ঘৰুৱা পৰিৱেশ হৈ পৰিল উত্তপ্ত ৷ তাৰে প্ৰতিক্ৰিয়াত বেচেৰাৰ টোপনি নহ'ল ৷ ঘৰৰ পৰা কেতিয়াবাই ওলাই আহি মাজৰাস্তাত টহলদি আছে ৷ ৪ বজাৰ লগে লগে মোলৈ ফোন ৷

কি কৰা ভাল হ'ব ? ভাবিলোঁ মনে মনে ৷

‘ব’লা খোজ কাঢ়োঁ ৷ গৈও থাকিম, শুনিও থাকিম তোমাৰ কথাখিনি ৷’ মংগলৰ উত্তেজনাৰ মাত্ৰাটো কমাবলৈকে এনেদৰে ক’বলগীয়া হ’ল ৷ ধাৰণা কৰিলোঁ যে অভিযোগবোৰ মুখেৰে বাহিৰ হৈ গ'লেহে ইয়াৰ খংটো জামৰিব ৷ সেইবোৰ নাইকিয়া হ’লেহে দৰকাৰী কথা কিছুমান বুজাব পৰা অৱস্থালৈ তাৰ মনটো ঘূৰি আহিব ৷ এতেকে আগতে সি কি কয় শুনা যাওক ৷

বজাৰৰ দিশে খোজ চলিছে আমাৰ ৷ ৰাস্তাত আন মানুহ ওলোৱাই নাই ৷ পোহৰো ভালকৈ হোৱাই নাই ৷ আন দিনাতকৈ আগতীয়াকৈ প্ৰাতঃভ্ৰমণলৈ ওলাইছোঁ যেন লাগিছে নিজৰে ৷ মংগলে উৰাই-ঘূৰাই ৰাতিৰ কাহিনী বৰ্ণনা কৰি গৈ আছে ৷ ঘনে ঘনে উত্তেজিত হৈ উঠিছে ৷ যেন ঘৰলৈকে আজি ঘূৰি নাযাব ! পৰিবাৰৰ সৈতে যেন কোনো কথাতে সহযোগেই নকৰিব আৰু !

‘ভুলতো তোমাৰহে ৷ তুমি ঘৰত কথাটো আগতেই আলোচনা কৰিব লাগে ৷ কিয় মূৰামূৰি সময়ত কৈছিলা ? এনেকৈতো নহয় ভাই ৷ যাম বুলি আমাৰ সিদ্ধান্ত কেতিয়া হৈছিল ? তেতিয়াই পৰিবাৰৰ কাণ চোৱাই থ’ব লাগিছিল ৷ দৰকাৰী কাম কি আছে, কি নাই, আগতীয়াকৈ প্লেনিং কৰি চিজিল কৰিব পৰা গ’লহেঁতেন ৷ তেনেস্থলত এনেকুৱা অনাকাংক্ষিত পৰিস্থিতিও কিজানি নহ’লহেঁতেন ৷’ বেছি আগ বাঢ়িবলৈ নিদি মই মংগলক চাব মাৰি ধৰিলো আৰু পোনে পোনে দোষী সাব্যস্ত কৰি পেলালোঁ ৷

প্ৰত্যুত্তৰত সি পুনৰ গৰ্‌গৰাই উঠিল ৷ ‘কথাটো তেনেকুৱা নহয় দাদা ৷ চাওক, আজি হ'ল দেওবাৰ ৷ বেলেগ কাম কি আছে ? ঘৰত সোমাই থকাৰ বাদে একোডাল নাই ৷ ৯ বজাত ল’ৰা-ছোৱালীহালৰ ক্লাছ এটা থাকে অৱশ্যে ৷ তাৰ কাৰণে সিহঁতক স্কুললৈ নিব লাগে ৷ শেষ হ’লে লৈ আহিব লাগে ৷ বজাৰ-সমাৰ কালি চব মই কৰিয়ে থৈছোঁ ৷ আনহাতে আমিতো ছামেলাংছ'ৰ পৰা ঘূৰি আহি গধূলি ঘৰ পায়ে যাম ৷ এই সামান্য কামটোকে তাই চম্ভালিব নোৱাৰে ! ইফালে অফিচত চাকৰিও কৰে ৷ কিযে হ’ব নহয় ! বাহিৰৰ কাম এটাও মেনেজ কৰিব নোৱাৰে ! মই নহ’লে নচলিলে নহ'বতো ৷ তাতে সিদিনাখন মাত্ৰ, পৰিয়ালটোক গুৱাহাটীৰ পৰা ফুৰাই আনিছোঁহে মাত্ৰ ৷ তেনেস্থলত এনেকুৱা বাধা কিয় ?’

পৰিবাৰে যাত্ৰাটোত ব্যাঘাত জন্মোৱাত মংগলৰ প্ৰচণ্ড ক্ৰোধ ৷ দ্বিতীয়তে, তাইৰ বাবেই আজি যাবলৈ ওলোৱা দলটোৰ আগত সি খুব লাজ পাব ৷ কথাৰ মূল্য নাই বুলি সংগীবোৰে তাক হাঁহিব ৷ ৰেকৰ্ডটো আগলৈকো থাকি যাব ৷ মূল সমস্যাটোযে তাতেই, সেয়া মই বুজি পাইছোঁ ৷ সকলো ঠিক-ঠাক হৈ থকা যাত্ৰাটো হঠাতে নহ’ব বুলি জানি মোৰো উৎসাহ পমি যোৱা, বুকু নিবিষোৱা নহয় ৷ পিছে উপায় কি আছে ? নিজকে যিমান পাৰি বুজাইছোঁ ৷ বিকল্প চিন্তিছোঁ ৷ ক’ৰবালৈ যাবলৈ বুলি খাটাং হোৱাৰ পাছত মূৰকত যাত্ৰা নাকচ হোৱাৰ পৰিপ্ৰেক্ষিতত সৰুকালত কিমানযে খং উঠিছিল, দেউতাৰ ওপৰত ৷ বিকল্প তেতিয়া একো নাছিল ৷ ইফালে আজি এই যাত্ৰাত নিবলগীয়া গাড়ীখন হৈছে মংগলৰ ৷ বেলেগ গাড়ী মজুত থকা হ’লে মংগলক এৰি হয়তো বাকীকেইজন গুচি যাব পাৰিলোঁহেঁতেন ৷ সেইটোও এতিয়া সম্ভৱপৰ নহ'ব চাগৈ ৷

একেটা কথাকে চেপেটা কৰি কৰি দুয়ো প্ৰধান ডাকঘৰৰ সন্মুখ পালোঁহি ৷ ৫ বাজিবৰ হৈছে ৷ ফোনটো ৰিং হ’ব ধৰিলে ৷ অৰূপদাই কৰিছে ৷ এইটো গম পায়ে মংগলৰ মুখমণ্ডলত চিন্তাৰ ৰেখা কিছুমান ফুটি উঠিল ৷ অৰূপদা চিনিয়ৰ মানুহ ৷ অগ্ৰজ ভ্ৰমণ-সংগীজনৰ আগত সি মুখখন দেখুৱাই টান হ’ব এতিয়া ৷ মোৰো চিন্তা হৈছে, কথাষাৰ কেনে প্ৰকাৰে কোৱা যায় ?

‘ঐ মই হ’লে ৰে’ডী দেই ৷ আচ্ছা এক কাম কৰিবা ৷ মই সেইফালে নাযাওঁ ৷ তোমালোকে গাড়ীখন লৈ এইফালে আহোঁতে মোক উঠাই ল’বা ৷ ওপৰলৈ উঠি যোৱা ৰাস্তাটোতে ৰৈ থাকিম ৷ বাহিৰ ওলাইছোঁৱেই ৷’

‘দাদা, বেয়া কথা এটা হ’ল নহয় ৷’ দুখৰ কাহিনীটো বাটে বাটে কৈ গৈ থাকিলোঁ ৷ লুক-ঢাক কৰিবলৈ নাই ৷ ইফালে মংগলৰো খংটো বৃদ্ধি পাই থকা যেন লাগিল ৷ মাজে মাজে চোকা ডায়লগ একোটাও এৰি থাকিল, পৰিবাৰক উদ্দেশ্য কৰি ৷ ইংগিতেৰেই মই তাক শান্ত কৰাৰ প্ৰচেষ্টা চলাই গৈছোঁ ৷ 'আমি আপোনাৰ ঘৰৰ ফালেই গৈ আছোঁ দাদা, লগ পাম' বুলি কৈ ফোনটো কাটি দিলোঁ ৷

‘আচ্ছা মংগল, কথা এটা কওঁ ৷ মইযে অৰুণাচল, নাগালেণ্ড, মেঘালয় আদি কৰি অ’লৈ-ত’লৈ গৈ থাকোঁ, গমটো পোৱাই ৷ পিছে সেইবোৰ কেনেকৈ সম্ভৱ হয় জানা জানো তুমি ?’

সি মোৰ চকুলৈ চালে ৷ ‘আপোনাৰ মিছেছে মানে বৌৱে স্কুটী চলাব জানে ৷ বাহিৰৰ কামো কৰা দেখোঁ ৷ আমাৰ…’

‘তুমি সেইটো ডেভেলপ কৰিব পৰা নাই তাৰ মানে ৷ কনফিডেন্স গঢ়িব পৰা নাই ৷ সেয়ে আজি প্ৰথম ষ্টেপতে গণ্ডগোল লাগি গ'ল ৷ বুজিলা এতিয়া, কথাৰ আচল গুৰি ক’ত ?’

কিবা ভাবি ভাবি সি গম্ভীৰ হৈ পৰিল ৷ বোবা যন্ত্ৰণাত যেন মূক হৈ পৰিছে ৷

‘পৰিবাৰক শক্তিশালী কৰা মংগল ৷ সবল কৰা, সাহসী কৰি তোলা ৷ চাকৰি এটা থাকিলেই সেইখিনি হোৱাটো নুবুজায় কিন্তু ৷ অৰূপদাৰ বৌক নেদেখিছা ? গাড়ী চলাব জানে ৷ কিমান কাম কৰিব পাৰে ! চাকৰিও আছে ৷ তুমি এইবোৰ বিষয়ত গুৰুত্ব দিয়া নাই চাগৈ ৷ সেয়ে এতিয়া খালা মুখ-থেকেচা ৷ বুজাবুজিৰ অভাবত আমাৰো পণ্ড হ’ল ছামেলাংছ’ যাত্ৰা ৷’ আস্তেকৈ মই মংগলক পোনপটীয়াভাৱে আক্ৰমণ কৰিব ধৰিলোঁ ৷ সি ঠাণ্ডা হৈ আহিল ৷

অৰূপদাৰ এলেকাত সোমালোঁহি ৷ ষ্ট্ৰীট লাইটৰ পোহৰত দূৰৰ পৰাই দেখা পাইছোঁ, তেওঁ এইফালে আহি আছে ৷ মূৰত কাউবয় টুপী, পিঠিত বেগ এটা ৷ পূৰা এড্‌ভেন্সাৰিষ্টৰ সাজ ৷ মুখামুখি হওঁতেই মংগলে নিজমুখে পৰিস্থিতি বৰ্ণনা কৰিলে ৷ দুখৰ লগতে ক্ষোভো উজাৰিলে ৷ উপায় নাই ৷ ভাল নালাগিলেও অৰূপদাই শুনি গ'ল ৷ শেষ বিচাৰত তেৱোঁ মংগলকে দায় দিলে ৷ ‘দোষ তোমাৰহে, ঘৈণীৰ নহয় ৷ আগৰ পৰা কি কৰি আছিলা ?’

আমাৰ লগতে অৰূপদায়ো উভতি খোজ ল’লে ৷ মাজে মাজে মোলৈ চাই ডায়লগ একোটা ৷ ‘লগত গাড়ীখন নাই বুইছা ৷ গুৱাহাটীত থাকি গ'ল ৷ নহ’লে গুচি গ'লোঁহেঁতেন ৷ এবাৰ ক'ৰবালৈ ওলালে এনেকুৱা হ'লে শান্তি নাপাওঁ ৷ এতিয়া ঘপকৈ এই ব্ৰহ্মপুৱাতে কাৰোবাক গাড়ী এখন খোজোঁ কেনেকৈ ?’

সোনকালে উঠি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি স্ফূৰ্তি মনেৰে ওলাই অাহিছিল তেওঁ ৷ গতি ৰুদ্ধ হোৱাত মনত বেয়া তেওঁৰো লাগিছে ৷ কথা পাতি পাতি থানা ৰ’ড এৰি ডিফু কলেজ পালোঁহি আমি ৷ পূৰ্বনিৰ্ধাৰিত যাত্ৰা-সময়লৈ ১৫ মিনিট বাকী ৷ ঠিক কৰিলোঁ, মংগলছিং ক্ৰ’ক ফোন এটা কৰা হওক ৷ সহযাত্ৰীক কথাষাৰ কৈ দিয়াই ভাল ৷ পিছে কওঁনো কোন সতে ? বৰ দিগদাৰ ৷

‘হেল্ল' দাদা, মই একদম ৰে’ডী ৷ ঘৰতে আছোঁ ৷ আহি আছে নেকি ?’ কলটো ৰিচিভ কৰিয়ে ক্ৰ’ই বিৰাট উৎসাহেৰে এনেকৈ কৈ উঠিল ৷ কালিয়ে পতা কথামতে প্ৰথমে তেওঁকে নিবলৈ আহিম বুলি কোৱা হৈছিল ৷

‘ৰ’ব ৰ’ব, ঘটনা এটা হ’ল ৷’

ক্ৰ' চিন্তিত হৈ পৰিল ৷ ‘কি ঘটনা দাদা ?’

‘ৰংহাঙৰ গৃহ-কন্দল ৷ আমাৰ ট্ৰিপ কেনচেল ৷’

‘ইস্‌ ! মইতো আন্ধাৰতে উঠি কেমেৰা-চেমেৰা লৈ তৈয়াৰ হৈ গৈছিলোঁ জানেনে ? এতিয়া জোতাৰ ফিটা মাৰি আছোঁ ৷ ছেঃ ৷ এইবোৰ কথা ঘৰত আগতেই আলোচনা হ’ব লাগে ৷ হ’ব আৰু, কি কৰিব ? নেক্সট টাইম ৷’

মংগলে শুনি আছে ৷ ফোনটো তাৰ হাতলৈ দি দিলোঁ ৷ মাতৃভাষাৰে ক্ৰ’ক সি বুজাব ধৰিলে ৷ ক্ষমাও খুজিলে কিজানি ৷ আমি গৈ থাকিলোঁ ৷ কেন্দ্ৰীয় বিদ্যালয় নাপাওঁতেই বাঁওহাতে নামি লৰুলাংছ’ লে'কৰ পাৰেৰে দীঘলীয়া পদযাত্ৰা চলিছে ৷ ক্ৰ'ৰ ঘৰটো এইখিনিতে, লে'কৰ সিপাৰে ৷ দূৰৰ পৰাই আঙুলিয়াই দেখুৱাই গ'লোঁ ৷

লৰুলাংছ' পালোঁহি ৷ পোহৰো ভালকৈ হৈছে ৷ কৰকাণ্ঠিছ’ যাত্ৰা বাতিল হোৱা বুলি ঘোষিত হ'ল ৷ মংগলক ক'লোঁ, ‘কাজিয়া-পেছাল, খং-ৰাগ বাদ দিয়া বুইছা ৷ ধৰি থাকি একো লাভ নাই ৷ এইবোৰ ঘৰ ঘৰ কী কাহানী ৷ তুমি আজি প্ৰথমবাৰ ওলাইছিলাতো আমাৰ লগত ৷ নতুন এড্‌ভেন্সাৰিষ্ট ৷ গতিকে প্ৰথম শিক্ষাটো পালা যে ক'ৰবালৈ গৈ থকাটো যিমান টান, ঘৰৰ পৰা বাহিৰ হোৱাটো তাতোকৈও টান ৷ কিতাপত নথকা কথা ৷ সদায় মনত ৰাখিবা ৷'

অৰূপদায়ো কৈ উঠিল, 'এইবিলাক বাদ দিয়া ৷ আজি লৰুলাংছ’ দেওবৰীয়া বজাৰবাৰ ৷ ভাল চাই মুৰ্গী এটা কিনি ঘৰলৈ লৈ যাবা ৷ তেল-মছলা দি মজাছে ৰান্ধিবা ৷ ল’ৰা-ছোৱালী, ঘৈণীৰ সৈতে মিলি স্ফূৰ্তি কৰি খাবা ৷ পাৰিবাৰিক সম্বন্ধটো বেয়া হ'ব নালাগে দেই ৷ নহ'লে আমাৰ বেয়া লাগিব ৷’

মংগলৰ ওঁঠৰ কোণেদি সলাজ হাঁহি এমোকোৰা বিৰিঙি উঠিল ৷ ক’লে, ‘কালি ৰাতি মাছ-ভাতেই খোৱা হৈছিল দাদা ৷ হ’লেও কিটোনো হ'ল ?’

'পুৱাই পুৱাই যাত্ৰা-নাস্তি ৷' সুৰত সুৰ মিলাই শব্দকেইটা বতাহত এৰি দিলোঁ আৰু বিৰহৰ মাজতো তিনিও খুব হাঁহিলোঁ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment