Sunday, 2 August 2020

১৫.০২.২০২০, শনিবাৰ
৩.১ আৰণ্যক পুৱাটি


‘বেয়া ভয় খালোঁ দেই যোৱা ৰাতি ৷’ পুৱা উঠিয়ে গগৈ ছাৰৰ মুখৰ পৰা ওলোৱা প্ৰথম বাক্যটো আছিল এনেকুৱা ৷ বুজিলোঁ, আতংক অকল মোৰ হৃদয়তে সৃষ্টি হোৱা নাছিল ৷ আতংকৰ প্ৰভাৱতে টোপনিও ভালকৈ নহ’ল ৷ যেনে-তেনে নিশাটো পাৰ কৰি এতিয়া স্বস্তি ৷

শীত নেওচিবলৈ মুকলিত দপ্‌দপাই জুই জ্বলাই দিয়া হৈছে ৷ খৰিৰ অভাৱ নাই ৷ প’ষ্টমৰ্টেম চলিছে আগনিশাৰ ঘটনা-প্ৰৱাহৰ ৷ নিচান ভ্ৰষ্ট হোৱাক লৈ নিজকে নিজে ধিক্কাৰ-বাণী শুনাইছে খেংগাই ৷ মই আকৌ মনে মনে চাব্বাচহে দিছোঁ তেওঁক ৷ অনৰ্থক জন্তু এটা নিধন নহ’লযে, তাৰে সন্তুষ্টিত ৷ ‘মাজে মাজে হাত পোন নোহোৱাটোও ভাল কথাই বুইছে ৷ কেৱল নিজে সাৰি যাব লাগে ৷ ভয় খুৱাবলৈ শব্দই যথেষ্ট ৷’ খেংগাই বুজি পালে, মই কি অৰ্থ কৰিব খুজিছোঁ ৷ হাঁহিলে ৷

এইটো ধৰাবন্ধা যে অৰণ্য যেনেকৈ প্ৰাকৃতিক, অৰণ্যৰ মজাও তেনেকৈয়ে প্ৰাকৃতিক ৷ কোনো কৃত্ৰিম কাৰবাৰ নাই ইয়াত ৷ কৃত্ৰিমতাৰ প্ৰশ্নই নাহে ৷ সেয়ে প্ৰাণভৰি ভাল পাওঁ আৰণ্যক পৰিৱেশ-পৰিস্থিতি ৷ উপভোগ কৰোঁ পূৰ্ণ ৰূপত ৷ ভীতিগ্ৰস্ত হৈও মনটো লক্‌লকাই থাকে মাদকতাখিনি বাৰে বাৰে গ্ৰহণ কৰিবলৈ ৷ অভিজ্ঞতাখিনি লভিবলৈ উচ্‌পিচাওঁ ৷ যাত্ৰাবোৰ অৱশ্যে সহজ নহয় ৷ কষ্টসাধ্য ৷ সবল মানসিক প্ৰস্তুতি প্ৰথম কথা ৷

পহুটোৰ ঠেং লেঙেৰা হোৱা বুলি কৈছিল কালি ৰাতি গোৱানিনল’ই ৷ কান্ধত বন্দুক লৈ প্ৰেম আৰু সি এতিয়া তাকে বিচাৰিবলৈ ওলাইছে ৷ সিহঁতৰ দুই সংগীয়ে আহাৰৰ যা-যোগাৰত ধৰিছে ৷ খাই-বৈ লৈ আমি ইয়াৰ পৰা প্ৰস্থান কৰিম ৷ জংঘলী বাটেৰে অন্য এটা কেম্পলৈ যাব লাগিব ৷ তাত বেত কঢ়িওৱা বলেৰ' পিক্‌-আপ্‌ ৰৈ থাকিব ৷ সেই গাড়ীত উঠি খেনাৰি পাবগৈ পাৰিম ৷ অন্যথা আকৌ এটা দিন থমকিবলগীয়া হ’ব পাৰে ৷ ড্ৰাইভাৰহঁতৰ লগত খেংগাই কালিয়ে কথা পাতি থৈছিল ৷ কি ঘটে সময়েহে ক’ব পিছে ৷

‘শৌচ কৰিবলৈ কেনি যাৱ তহঁতি ঐ ?’ কাৰো নাম নোলোৱাকৈ খেংগাই চিঞৰ মাৰি সুধিলে ৷
‘চিধা যাব, তাৰ পাছত লেফ্‌ট ঘূৰিব, তাৰ পাছত ৰাইটত সোমাব ৷ চাইনব’ৰ্ড দেখিবই ৷ যাওক ৷ ছেনিটেৰী লেট্ৰিন বনাই থোৱা আছে ৷’
সেইফালে আঙুলিয়াই দেখুৱাই থকা ৰাজৰ উত্তৰটোৰ অৰ্থ মই ঠিক বুজি পোৱা নাই ৷ নিজে গ’লেহে গম পাম ৷ ইয়াতনো ছেনিটেৰী লেট্ৰিন থাকিবনে ? মনে মনে এক প্ৰকাৰ বিভ্ৰান্তই হ’লোঁ ৷ কি কথা ক’লে ই ? বাৰু, সময়ত দেখা যাব ৷

গগৈ ছাৰৰ সৈতে একেলগে নলাটোলৈ গৈ মুখ ধুলোঁ ৷ জিৰ্‌ জিৰ্‌কৈ বৈ থকা পানীবোৰ বৰ চেঁচা ৷ গভীৰতা নায়েই ৷ সেয়ে মাজতে খান্দি দ কৰি ৰাখিছে ৷ বাঁহৰ চুঙা এটা কাষতে পৰি আছে ৷ সেইটো ডুবুৱাই পানী ল’ব পাৰি ৷ বটলত পানী ভৰাই থাকোঁতেই মনলৈ আহিল যে শিলগুটি এটা বুটলিব লাগে মই ৷ সেয়ে প্ৰথমেই ওচৰতে পোৱা সৰু চাই এটা উঠাই পকেটত ভৰাই ল’লোঁ ৷ স্মৃতিচিহ্ন এই কেম্প চাইটৰ, এইখন জংঘলৰ ৷ পুঙৰ পৰা সংগ্ৰহ কৰিবলৈ পাহৰিলোঁ ৷ উত্তেজনাত খেয়ালেই নহ’ল কালি ৷ পাছত মনত পৰাত পস্তাইছোঁ ৷ এতিয়া সেয়েহে আগে-ভাগে লৈ থ'লোঁ ৷ নিজৰ অসাৱধানতাৰ কাৰণেই চলা-ফিৰা কৰোঁতে খোৱা বেতৰ আঁচোৰ আৰু কিহবাৰ খোঁচবোৰে পানী পাই এতিয়া চেক্‌চেকাইছে ৷ অৰণ্যলৈ আহিলে এইবোৰ হ’বই ৷ মামূলি কথা ৷ নিজকে নিজে বুজাইছোঁ ৷

এনেতে দূৰত হলৌ বান্দৰৰ হু-ক-কু হু-ক-কু আৱাজ শুনা পোৱা গ'ল ৷ গগৈ ছাৰ আৰু মই ইজনে সিজনলৈ চাইছোঁ ৷ চকুৱে-মুখে আশ্চৰ্যৰ ভাব ৷ ভালো লাগিছে শুনি ৷ ইয়াত হলৌ আছে তাৰ মানে ! ইহঁত এতিয়া দুষ্প্ৰাপ্য জীৱ ৷ চিকাৰীৰ পাল্লাত নপৰিলেই হয় ৷ পুৱাতে খুব চিঞৰে ৷ যোৰহাট ফৰেষ্ট ডিভিজনৰ মৰিয়নি ৰেঞ্জৰ অন্তৰ্গত হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যতো প্ৰত্যক্ষ কৰিছিলোঁ আৰু শুনিছিলোঁ, অৰণ্য কঁপোৱা হলৌৰ কোলাহল ৷ হলৌ বান্দৰৰ প্ৰিয় বিচৰণথলী হোলোং গছ ৰেংমা হিলছতো আছে নিশ্চয় ৷ ওখ গছৰ ইজোপাৰ পৰা সিজোপালৈ জঁপিয়াই থকা দৃশ্য গিবনত চাবলৈ পাইছিলোঁ, যিবোৰক জীৱনৰ অন্যতম স্মৰণীয় আৰু শ্ৰেষ্ঠ স্নেপশ্বট বুলিব পাৰি ৷ অৰুণাচল প্ৰদেশৰ ল'ৱাৰ ডিবাং ভেলীৰ সদৰ ৰ'য়িঙৰ মিচিমি হিল্‌ কেম্পত থাকোঁতেও মিচিমি হিলছ্‌ৰ বুকুত শুনা পাইছিলোঁ অনুৰূপ, তাল-ফাল লগোৱা শব্দধ্বনি ৷ এনেকুৱা সময়তে ৷

হাত-মুখ ধুই অহাত খেংগাই বাঁহৰ চুঙাত লালচাহ বাকি দিলে ৷ বিস্কুটৰ পেকেটটো চাঙৰ ওপৰতে খুলি থৈছে ৷ ৬ বাজি ১৫ মিনিট গৈছে ৷ খেংগা লাগি গ'ল চুঙাভাত সিজোৱাত ৷ কৈছে, ‘চুঙাও খতম, চাউলো খতম ৷ যিমান পাৰি দবাই খাই ল’ব দেই ৷’ কথাটো হ'ল, চাউল যিমান আছিল চব ৰান্ধি দিছে ৷ ওলোটাই কঢ়িয়াবলৈ নাই ৷ কেম্প এৰিবই লাগিব অলপ পাছতে ৷

চাহটোপা খাই অদূৰত পৰি থকা কেঁচা বেতৰ মুঠা এটা দাঙি চালোঁগৈ ৷ অনুমান, ওজন ২০-২৫ কেজি হ’ব লাগে ৷ সমান সমান জোখৰ মুঠাবোৰ ৷ তমালেৰে আঁটি আঁটি বন্ধা ৷ গোট অনুপাতে একোটা মুঠাত ২০-২৫ ডালকৈ আছে ৷ ৫টা স্থানত বান্ধ দিছে ৷ ইমান গধুৰ এইবোৰ ইয়াৰ পৰা কঢ়িয়াই প্ৰায় ১০০ মিটাৰ ওপৰত থকা ৰাস্তালৈ উঠোৱাটো মুখৰ কথা নহয় ৷ বেতকটীয়া ডেকাবোৰে কিন্তু গহীনাই দাঙি লৈ যোৱা দেখা পাইছিলোঁ কালি ৷

লতাজাতীয় কাঁইটীয়া এই উদ্ভিদবিধ চিৰসেউজীয়া হাবিত সৰহভাৱে পোৱা যায় ৷ সাধাৰণতে ২৫-৩০ ফুট দীঘল হয় ৷ আকৃতিত সৰু হ’লেও বেতৰ দৰে সবল আৰু দিন যোৱা বস্তু বৰ কমেই আছে ৷ আন আন বনজ সম্পদ কমি অহাৰ দৰে বেতো হাবি-বননিত টুটি আহিছে ৷ মূল্যৱান গছবিধৰ কেইবাটাও প্ৰজাতি আছে ৷ জাতি বেত, লেজাই বেত, ৰাইডাং বেত, সৌকা বেত, চুদ্দি বেত আদি ৷ কিতাপত এইদৰে পাইছিলোঁ ৷

অলপ পাছতে ছেনিটেৰী লেট্ৰিনটো চোৱাৰ সৌভাগ্যকণ আহিল ৷ বাঁও, সোঁকৈ সোমালোঁগৈ ৷ নলাৰ পানীৰ ওপৰতে গছৰ ডাল দুটা পেলাই ৰাখিছে ৷ বাঁহৰ চুঙা এটা পৰি আছে ৷ পুতি ৰখা হৈছে চাপৰ খুঁটি এটা ৷ এয়াই ৰাজে কোৱা ছেনিটেৰী লেট্ৰিন ৷ বেতনিৰ মাজত আছুতীয়াকৈ ৰখা সেমেকা আৰু জয়াল অৱস্থানটোত উপস্থিত হৈ ভয়েই লাগিল ৷ পাহাৰৰ এঢলীয়াৰ তলভাগৰ ৰেইন-ফৰেষ্ট ৷ বেছি পৰ বহি থাকিব নোৱাৰি ৷ পাতৰ মাজেৰে কিহবাই টানি নিলেও আচৰিত হ’বলগীয়া একো নাই ৷ খেংগাই অথনি ঘূৰি আহি ৰাজহঁতক পানীৰ ওপৰতে এনে ধৰণে ব্যৱস্থাটো কৰি ৰখাৰ কাৰণে টান কথা শুনাইছিল ৷ তাকে এতিয়া ময়ো সমৰ্থন কৰিলোঁ আৰু বুজালোঁ যে জল প্ৰদূষণ কৰাটো উচিত হোৱা নাই ৷

চাৰে ছয় বাজিবৰ হৈছে ৷ ভাত ৰান্ধিবৰ কাৰণে ৰাজে খৰি লৈ আহিছে ৷ সংগী দুজনমান শুয়ে আছে ৷ স্থান এৰি যোৱাৰ আগতে গগৈ ছাৰে ভিডিঅ’ ৰেকৰ্ডিং আৰম্ভ কৰিলে ৷ কথাও কৈ গ’ল লগে লগে ৷ কুশলী ইউটিউবাৰহে যেন ! কেম্পটো দেখুৱালে, কাটি ৰখা বেতবোৰ দেখুৱালে, বেত মহলৰ কাৰণে বেতৰ যোগানত দিন-ৰাতি একাকাৰ কৰা মানুহখিনি দেখুৱালে ৷ অৰণ্যৰ মাজত বেত কাটিবলৈ অহা-যোৱা কৰা ভয়ংকৰ ৰাস্তাকে ধৰি বাঁহ-বেত, ডাঙৰ ডাঙৰ গছ-গছনিৰে ভৰপূৰ অৰণ্যখনৰ সঁচাৰূপটো এফালৰ পৰা দেখুৱাই গ'ল ৷ জৈৱ-বৈচিত্ৰপূৰ্ণ এই ভাৰ্জিন ফৰেষ্টক তেওঁ আমাজন ফৰেষ্টৰ সৈতে তুলনা কৰিছে ৷ একেই পৰিৱেশৰ ডাঠ অৰণ্য, চৰাই-চিৰিকটিৰ কলকলনি, জীৱ-জন্তুৰ পয়োভৰ, ৰাতিপুৱাই শুনা হলৌ বান্দৰৰ মাত, অকলশৰে বিচৰণ কৰি থকা বনৰীয়া দঁতাল হাতী, নিশাৰ লতামাকৰিৰ কথাও উল্লেখ কৰিলে ৷ চহৰত থাকি কল্পনা কৰিব নোৱাৰি এনে পৰিৱেশ ৷

এনেতে পহু বিচাৰি যোৱা কালে' অৰ্থাৎ প্ৰেম আৰু গোৱানিনল’ আহি ওলাল ৷ নাই, পহুটোৰ কোনো সম্ভেদ নাপালে ইহঁতে ৷ ঠোঁট-মুখ চেলেকি কেম্পলৈ উভতি আহিছে ৷ আমাৰ শয়নথলীৰ সন্মুখতে থকা চৌকাটোৰ কাষত বহি খেংগাই দাইলত তেল মাৰিছে ৷ কেইফুটমান আগত থকা জুইকুৰাক ঘেৰি ধৰি বাকীবোৰে বেত চিকুণাইছে ৷ জুইৰ ওপৰত ওলমাই ৰখা চিকাৰৰ জন্তুও ছাৰৰ ফ্ৰেমৰ পৰা বাদ নপৰিল ৷ কালে’ক সোধাত সি হাঁহি মাৰি কৈ গ’ল ইয়াত কি কি বেত পায় ৷ ‘ইয়াত ৪ ধৰণৰ বেত পোৱা যায় ৷ ৰাইডাং, তেঙাল, ৱাহিং আৰু পানী বেত ৷’ তাৰ মুখে শুনা আৰু কিতাপত পোৱা নামবোৰৰ মাজত মই সামঞ্জস্য বিচাৰিবলৈ ধৰিলোঁ ৷

গগৈ ছাৰক ৰাইডাং দুডাল লাগে ৷ ডিফুলৈ লৈ যাব ৷ ৰাজে জোখমতে কাটি একেজোঁটে বান্ধি চাঙৰ ওচৰতে ৰাখিলে ৷ সৌকা এডালো দিছে লগতে ৷ মোক সুধিলে, ‘আপোনাকো লাগিব নেকি ছাৰ ?’ মই বোলোঁ ‘নালাগে, নালাগে ৷ জংফালৈ যাওঁতে ৰাহ' চেব্বে'ই বেতৰ লাখুটি এডাল উপহাৰস্বৰূপে দি পঠাইছিল, সেইডাল আছেই ঘৰতে ৷’

পুৱা ৭.৩০ হোৱাই নাই ৷ আমি ভাত খালোঁ ৷ ভাত, দাইল, সিদ্ধ আলু ৷ গৰম গৰম ৷ খেংগাৰ ভাষাৰে দবাই খাইছোঁ কাৰণ ঘৰ নোপোৱালৈকে বাটত একো নিমিলিব পাৰে ৷ ৰাক্‌ছেক্‌টো তাৰ আগতেই বান্ধি ৰাখিছিলোঁ ৷

ধূনাৰ ওপৰত ডক্টৰ ৰাজু গগৈ ছাৰে চলোৱা গৱেষণামূলক অধ্যয়নৰ উদ্দেশ্যে ইয়ালৈ আহিছিলোঁ ৷ খেংগা ৰেশ্ব’ক গাইড হিচাপে লৈ কাৰবি আংলঙৰ ৰেংমা পাহাৰৰ ভিতৰুৱা বনাঞ্চল, এই অৰণ্যভূমিত প্ৰৱেশ ঘটিল ৷ অতি বেছি ধূনা দিব পৰা উচ্চ মানবিশিষ্ট ধূনা গছৰ অনুসন্ধানেই ছাৰৰ মূল লক্ষ্য ৷ কালে’ই এতিয়া আমাক হাবিতলীয়া ট্ৰেকেৰে অন্য এটা কেম্পলৈ নিব ৷ যাওঁতে বাটে বাটে ধূনা গছো দেখুৱাব ৷ কেম্প সংগীসকলৰ পৰা বিদায় মাগিলোঁ ৷ তেওঁলোকে বস্তু-বাহানি সামৰি চিধা ৰাস্তাৰে আহি থাকিব ৷

কালে’, গোৱানিনল’, খেংগা, গগৈ ছাৰ আৰু মই ৷ পিঠিত নিজৰ নিজৰ টালি-টোপোলা ৷ লগত তিনিটা বন্দুক, দা, খুকুৰি আৰু লাখুটি ৷ ঠিক ৮ বজাৰ লগে লগে খোজ আৰম্ভ হ’ল ৷ বতৰটো ভাল ৷ (ক্ৰমশঃ)

No comments:

Post a Comment