Friday, 5 June 2020

৩ ফেব্ৰুৱাৰী ২০২০, সোমবাৰ
৯.০ প্ৰভাতী কিৰণত উদ্ভাসিত আনিনি


ম’বাইল ফোনত ৫.০০ বজাত দি ৰখা এলাৰ্ম সশব্দে বাজি উঠাৰ লগে লগেই ময়ো ধহ্‌মহাই উঠি দিলোঁ ৷ ঘপাঘপ বিছনাখনো পাৰিলোঁ ৷ পিলি মেয়াই আগতেই শোৱাপাটী এৰি জুইকুৰা ধৰিছিল ৷ দেৱালত ওলমাই ৰখা জলপ্ৰায় জেকেটটো নমাই কোনো ৰকম গাত সুমুৱায়ে চিধাই বাহিৰলৈ ওলাইছোঁ ৷ তিব্বেত আৰু কাটালা ৷ কুকুৰহাল আছে নেকি আকৌ ? সাৱধানতা আহিবৰ দিনটোৰ পৰাই ৷ নাই, নাই যেনিবা এইফালে ৷ ৰক্ষা ৷ সন্মুখত দণ্ডায়মান পৰ্বতৰ দেহত বগা বগা বৰফ জিলিকিছে ! সুন্দৰ দৃশ্যটোৱে পুৱাতে যেন বিদায় সম্ভাষণহে জনালে স্বৰূপ প্ৰকট কৰি ৷ যোৱা দুদিনে ডাৱৰে চুমা দি আছিল ৷ আজি বতৰটো ফৰকাল ৷ পৰ্বতমালা নিৰাভৰণ হৈ পৰিল ৷

প্ৰাতঃকৰ্ম সমাপন কৰিয়ে কাপোৰসাজ পিন্ধি ৰাক্‌চেক্‌টো বান্ধি পেলালোঁ ৷ অনিয়াই জুইৰ গুৰিতে চাহ-বিস্কুট যাচিলে ৷ বিদায় জনাবলৈ বচ্চন আৰু মাকেও বিছনা ত্যাগ কৰি জুহালত বহিছেহি ৷ ফুড্‌ চাপ্লিমেণ্টৰ পেকেটকেইটা অনিয়াক দেখুৱাই পাকঘৰতে ৰেক্‌ডালৰ ওপৰত থ’লোঁ ৷ বটলটো দিয়াত তাই পানী ভৰাই দিলে ৷ চমু বাৰ্তালাপ চলি আছে ৷ এনেকুৱাতে গাড়ীৰ হৰ্ন শুনা গ’ল ৷

‘আপক' লে'নে' কে' লিয়ে টাটা ছুম’ আ গয়া ৷’
কেইটামান মুহূৰ্তৰ ব্যৱধান ৷ কাঠৰ মজিয়াত ধুপ্‌ ধুপ্‌ পদধ্বনি তুলি চ’ক’ তায়ু সোমাই আহিছে ৷
‘ৰে’ডী হে’ না আপ ? চলিয়ে ৷ জলদি জলদি নিকলতে হে’ ৷’
মই একো ল’বলগীয়া নহ’লেই ৷ ৰাক্‌চেক, বেগ সিহঁতেই দাঙি ল’লে ভাগে ভাগে ৷ কেমেৰাটোহে মোৰ হাতত থাকিল ৷

শেষবাৰলৈ চাই ল'লোঁ কোঠাটোত কিবা এৰিছোঁ নেকি ৷ কাষৰ কোঠাত ৱুটাচ্ছি আৰু জুহালৰ সিফালে আৰন নিদ্ৰামগ্ন ৷ ঠাণ্ডাক নেওচি য়াচ্চু মেহু সন্মুখৰ বাৰাণ্ডালৈকে আগুৱাই আহিল ৷ তেওঁক মাত লগাই মুকলি আকাশৰ তললৈ ওলালোঁ ৷ বচ্চন আৰু অনিয়াই গে’টৰ মুখলৈকে আগ বঢ়াই দিলেহি ৷

৬ বাজিছে ৷ ছুম’খন চৌহদৰ বাহিৰত, পথৰ দাঁতিত ৰৈ আছে ৷ ড্ৰাইভিং চিটতচোন চ’ক’ তায়ু বহি আছে ৷ তাৰ মানে তেওঁ নিজে চলাই আহিছে, কাউণ্টাৰলৈ মোক নিবলৈ ! কি আচৰিত !
‘আপকা কেমেৰা দিজিয়ে ত’ ৷’
কেমেৰাটো দিয়াত গে’টৰ সোঁমাজত বচ্চন আৰু অনিয়াৰ সৈতে মোক থিয় হ’বলৈ ক’লে ৷ গাড়ীত বহি থকাৰ পৰাই স্নেপ এটা লৈ দিয়াৰ ইচ্ছা ৷ স্মৃতি হিচাপে ৰৈ যাব ৷ বেক্‌-গ্ৰাউণ্ডত মই আনিনিত তিনিৰাতি কটোৱা ঘৰটো ৷ সাজু হোৱাৰ লগে লগে নিৰ্দেশ, ‘চব লোগ এক সাথ জোৰ সে চিল্লাইয়ে… আনিনি ৷’
‘আনিনি… ৷’
লগে লগে ক্লিক্‌ ৷

বিদায়-বেলাত বুকুখন স্বাভাৱিকতেই বেদনাগধুৰ হৈ পৰে ৷ তাতে অজান সুদূৰত, ভাবিব নোৱাৰা আতিথ্যত তলে তলে বেছিকৈয়ে গধুৰ হৈ আছিল ৷চ'ক' তায়ুৱে পৰিস্থিতি চম্ভালাত সহায় কৰিলে, আচম্বিতে এনেখন কৰি ৷ টেক্‌নিক্‌টো মই কালি আচ্‌হিছ'ত এপ্লাই কৰিছিলোঁ ৷ তাৰে সফল প্ৰয়োগ চলিল ইয়াত, পুৱাই পুৱাই ৷ স্মৃতি হৈ থাকিল এখন ঘৰ, এহাল মানুহ ৷

হাঁহি-ধেমালিৰ মাজেৰেই এৰাএৰি হ’লোঁ অনিয়া আৰু বচ্চনৰ পৰা ৷ আগৰ কেঁকুৰিটোত ছুম’খন নেদেখা হোৱালৈকে হাত জোকাৰি থাকিল দুয়ো ৷ এইকেইদিন আলহী হৈ থাকি সৰল মনৰ সম্ভেদ পালোঁ ইদু দম্পতীহালৰ, তেওঁলোকৰ ঘৰখনৰ ৷ এইবোৰ পাহৰা নাযাব ৷

ছুম’ কাউণ্টাৰ অভিমুখে গাড়ীখন আগুৱাব ধৰিলে ৷ ‘মে’ ভি আজ যা ৰহা হুঁ ৷’ কালি বচ্চনে মোক কৈছিল কথাটো ৷ এতিয়া নিজ মুখে ক'লে চ'ক' তায়ুৱে ৷ তেওঁৰ গাড়ী বেলেগ ৷ 'একেখনতে বুক্‌ কৰিব লাগিছিল ৷ একেলগে বহি কথা পাতি যাব পাৰিলোঁহেঁতেন' বোলাত ক’লে, 'আপুনি ২ নম্বৰ চিট বিচৰা বাবে দুয়োৰে গাড়ী বেলেগ হ’ল ৷ হ’লেও অগা-পিছাকৈয়ে গৈ থকা হ’ব ৷ একে সময়তে যাত্ৰাৰম্ভ কৰি একে সময়তেই ৰ’য়িং পামগৈ ৷ বাটত দেখা পাম ৷'

ফেষ্টিভেল গ্ৰাউণ্ডৰ আগেৰে গৈ থাকোঁতে সেইফালে চালোঁ ৷ সদ্যহতে নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে ৷ ৰে’হ উৎসৱৰ তৃতীয় দিনৰ পৰম্পৰা অনুযায়ী আজি গাহৰি উছৰ্গা কৰা হ’ব ৷ মেঠোনৰ দৰে গাহৰিৰো শৰীৰৰ কোনো অংশই পেলনি নাযায় ৷ অৰ্থনৈতিক অৱস্থা, পৰিয়ালৰ মৰ্যাদা ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি কোনো কোনোৱে মেঠোনো বলি দিয়ে ৷ অলপ পাছত উৎসৱথলীয়ে নিশ্চয় প্ৰাণ পাই উঠিব ৷ আজিয়ে সামৰণি পৰিব ৫২ তম ৰে'হ ৷

ছুম' কাউণ্টাৰ খোলা আছে ৷ বাকী একো খোলা নাই ৷ দোকান-পোহাৰ তাকৰ অৱশ্যে ৷ ইলেকট্ৰিক হিটাৰ লগাই মহিলা এগৰাকীয়ে কিবা লিখি আছে ৷ নেপালী মহিলাগৰাকীয়েই কাউণ্টাৰটোৰ পৰিচালিকা ৷ চ’ক’ তায়ুৰ কাউণ্টাৰটো এইটো নহয় ৷ কাষতে আছে, কেইখোজমান উভতি ৷ হ'লেও ইয়াতে বহি লৈ তেওঁ হিটাৰৰ উম ল’ব ধৰিলে ৷ মই বাহিৰৰ দৃশ্য চোৱাত মগ্ন হ'লোঁ ৷ ইফালে-সিফালে কি আছে সেয়াও জনাৰ কৌতূহল জন্মিল ৷

ল’ৰা এটাই গাড়ী এখন ধুই অঁতাইছে ৷ সেইখনেই যাব ৰ’য়িঙলৈ ৷ ক্ষন্তেক পাছতে ছুম’খন পেচেঞ্জাৰ আনিবলৈ গুচি গ’ল ৷ পিলি মেয়াৰ কাৰণেও চিট এটা যোগাৰ কৰা হৈ গৈছে ৷ আমাৰ দুয়োৰে গাড়ী একেখনেই ৷ চ'ক'ৰহে বেলেগ হ'ল ৷ একেলগে হোৱা হ'লে ভাল আছিল যদিও এতিয়া উপায় নাই ৷ আচৰিত লাগিল যে চ’ক’ তায়ুৱে তেওঁ যাবলগীয়া কাউণ্টাৰৰ ছুম' নিজে ড্ৰাইভ কৰি আমাক ইয়ালৈ আনিলে !

আনিনিত আজি ৰ’দ দিব ৷ নেদেখা স্থানৰ পৰা কোনোবাই টৰ্চৰ পোহৰ পেলোৱাৰ দৰে ৰঙচুৱা সূৰ্যৰশ্মি এচমকা পৰি জলমলাই উঠা পৰ্বত শিখৰে তাৰেই ইংগিত দিলে ৷ পৰ্বতমালাই ঘেৰি ৰখা দিগন্তৰ সিপাৰৰ পৰা বেলিটো মালভূমিখনৰ বুকুলৈ লাহে লাহে অগ্ৰসৰ হৈছে ৷ পূব দিশটো কেনি, আজি গম পালোঁ ৷ পশ্চিম, উত্তৰ, দক্ষিণো জানিলোঁ ৷ দিশ নজনাকৈয়ে এইকেইদিন ঘূৰি-পকি আছিলোঁ ৷

পুৱাৰ ৰ’দৰ হেঙুলী কিৰণে চৌদিশৰ চূড়াবোৰত মোহনীয়া ৰহণ সানি পৰিৱেশটো অধিক চালে-চকুৰোৱা কৰি তুলিলে, সময় আগ বঢ়াৰ সমানে সমানে ৷ মোহাৱিষ্ট নয়নে উপভোগ কৰি গ'লোঁ আনিনিৰ শান্ত-সমাহিত ৰূপসজ্জাৰ ৷ এই ঠাইৰ ভূ-আকৃতিবিজ্ঞানৰ সবিশেষ মোৰ জনাত নাই ৷ ইয়াৰ জীৱমণ্ডল, ইয়াৰ পৰিৱেশ-সুনীতি, সেইবোৰ ইয়াৰ আদিবাসী ইদু মিছিমিসকলে বৰ্তাই ৰাখিব লাগিব বুলি ভাবো ৷ তেতিয়াহে সৌন্দৰ্য হৈ ৰ'ব অজৰ-অমৰ ৷

মোৰ সোঁফালে পৰ্বতৰ বক্ষত বগা আখৰেৰে উজলি উঠিছে ANINI শব্দটো ৷ বিভিন্নফালৰ পৰা দেখা পোৱা যায় এই আখৰকেইটা ৷ ৰ'দ এতিয়াও পৰা নাই যদিও বৰ্ধিত উজ্জ্বলতালৈ চাই খুব মজা লাগিছে ৷ আই.এল.পি.ৰ যি হয় হ’ব, আজি থাকি যোৱা হ’লেই ভাল আছিল ৷ চিত্ৰপটৰ সামগ্ৰিকতাই মনলৈ এনেকুৱা ভাবো আনিছে ৷ পিছে নেছেল ৷ ৰ’য়িংগামী এ.আৰ.১০ ১২২৪ নম্বৰ টাটা ছুম’ গ’ল্ড সন্মুখত থিয় দিলেহিয়ে !

ৰাক্‌চেকটো ওপৰত উঠাব খুজিছে ৷ ধৰি দিলোঁ ৷ এজনে ল’ড কৰিলে ৷ তিৰ্পালেৰে ঢাকি দিয়া হ'ল ৷ এনেতে পৰিচালিকাই ভিতৰলৈ মাতিলে মোক ৷ কিয়বা মাতিলে ? একো ভাবি পোৱা নাই ৷
'২ নম্বৰ চিটটো আপোনাৰ বুকিং আছিল ৷'
মই বোলোঁ হাঁ মেডাম ৷
'সমস্যা এটা হৈছে ৷ আপুনি ৩ নম্বৰত বহিব ?’
মই বোলোঁ কি হ’ল আকৌ  হঠাতে ? ২ত বহি নিৰন্তৰ কেমেৰা চলাই যাম বুলি ভাবি আছিলোঁ ৷
‘দুজন পেচেঞ্জাৰ আছে ৷ তেওঁলোকৰ ১ আৰু ২ত একেলগে বহাৰ মন ৷ আপুনি যদি বেয়া নাপায়, ৩ত বহক ৷ ৩ নম্বৰটোও খিৰিকীৰ কাষতে, ২ৰ পাছতে ৷’
‘হ’ব বাৰু ৷’

কাউণ্টাৰৰ বাৰাণ্ডাতে মুখামুখি হ’লোঁ অগ্নি মেহুৰ সৈতে ৷ সিদিনা ৰে'হথলীত চ'ক' তায়ু, বচ্চন মিপি আৰু মোক ফটো তুলি দিছিল ৷ ব’মডিলালৈ যাবলগীয়া দুই সতীৰ্থক বিদায় দিবলৈ আহিছে ৷ তেওঁলোক ফটোগ্ৰাফিক চ’চাইটি অফ্‌ অৰুণাচল প্ৰদেশৰ মেম্বাৰ ৷ ৰাস্তাত গৈ থাকোঁতে ফটো তুলি, ভিডিঅ' ৰেকৰ্ডিং কৰি যোৱাৰ হেঁপাহ ৷ একেলগে বহিবলৈ পালে সুবিধা হয় ৷ অগ্নিয়েও তাকে ক'লে ৷ তেওঁৰ সৈতে কথা পাতি কটালোঁ অলপ সময় ৷

পৰিচালিকাৰ নিৰ্দেশক্ৰমে ড্ৰাইভাৰ নিজৰ আসনত উপৱিষ্ট হ'ল ৷ কম বয়সীয়া নেপালী ল'ৰা ৷ আনিনিৰ ৰৌদ্ৰোজ্জ্বল চৌপাশলৈ এবাৰ সজল দৃষ্টি প্ৰসাৰিত কৰি ময়ো গাড়ীত উঠিলোঁ ৷ আনিনি, আনিনি, আনিনি ৷ আশা কৰামতে আনিনিলৈ আহিব পৰাত ইচ্ছাসুখকণ পূৰণৰ তীব্ৰতা ইতিমধ্যে স্তিমিত হৈ পৰিছে ৷ এই আগমনক লৈ সন্তুষ্ট হ'লোঁ যদিও সুযোগ পালে দুনাই আহিম আনিনিলৈ, এনেকুৱা লাগি আছে ৷

৬.৪০ত চকা ঘূৰিল ৷ আনিনি এৰি টাটা ছুম' আগ বাঢ়িল লক্ষ্যস্থান ৰ’য়িং অভিমুখে ৷ চালকে উচ্চগ্ৰামত গান বজাই দিছে ৷ শীতল পুৱাটোৰ জড়তা আঁতৰাবলৈকে চাগৈ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment