Sunday, 14 June 2020

৪ ফেব্ৰুৱাৰী ২০২০, মঙলবাৰ
৯.৮ ঘৰ পালোঁহি


৬২ৰ চীনা যুদ্ধৰ নীৰৱ সাক্ষীস্বৰূপ মিছিমি পৰ্বতৰ অভ্যন্তৰ আগতেও দেখিছিলোঁ ৷ এইবাৰ তাৰ ফাঁকে ফাঁকে নামি অহা ডিবাং আৰু স্ৰোতস্বিনী ডিবাঙৰ শাখা-প্ৰশাখা কিছুমান দেখিলোঁ ৷ আনিনি, আচ্‌হিছ’, ডেমবিউন চালোঁ ৷ অহা-যোৱাৰ বাটত মায়’ডিয়া, ইটালিন ব’নাচত পালোঁ ৷ ইদু মিছিমি মানুহকো ওচৰৰ পৰা পালোঁ ৷ তাকে কেন্দ্ৰ কৰি অন্তৰখন ভৰি আহিছে ৷ ইফালে অনিয়াহঁতলৈ মনত পৰিলেই হৃদয়খন কিবা গধুৰ গধুৰ লগা হ'ল ৷ লানি লানি পৰ্বত পাৰ কৰি ক’ত যে সিহঁতৰ বসতি ! চ’ক’ তায়ুৰ আকৌ কালিৰে পৰাই কি হ’লজানো, ম’বাইল ফোনৰ চুইচ্‌ অফ্‌ ৷ ভালকৈ গা-পা ধুই নাকত তেল দি শুইছে চাগৈ, এইকেইদিনৰ ভাগৰ মাৰিবলৈ ৷ দুৰ্দান্ত ডেকা চ'ক' তায়ু ৷ ড্ৰিৰ খৰ সোঁতে উটুৱাই নিয়া ভলীবল খেদি খেদি ধৰা মানুহ ৷ দৃশ্যটোৱে মোৰ মনত গোঁজ পুতিলে ৷

পুৱা ৮ বজাত চপাখোৱাৰ পৰা অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ এখন তিনিচুকীয়ালৈ যায় ৷ সেইখনকে লক্ষ্য কৰি শ্বাহনাজহঁতৰ কোৱাৰ্টাৰৰ পৰা হাইৱে’লৈ ওলাইছোঁ ৷ তিনিচুকীয়াত ডিফুলৈ ট্ৰেইন ধৰিম ৷ ১১ বজাত অবধ আছাম এৰিব ৷

ৰাক্‌চেক্‌ পিঠিত ৷ স্কুলবেগটো ছাজিদে লৈছে ৷ শ্বাহনাজৰ স্বামী ছাজিদে মোক বাছত উঠাই দিব ৷ আহি থাকোঁতে মাজবাটতে ছাজিদৰ কৰ্মস্থলী শদিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰিন্সিপাল শ্ৰীযুত যতীন গগৈ ছাৰৰ সৈতে মুখামুখি হোৱাত পৰিচয় কৰাই দিলে ৷ ‘আমি ইমান ওচৰতে থাকিও ৰে’হ ফেষ্টিভেল আজিলৈ চাবগৈ পৰা নাই ৷ আপুনি অত দূৰৰ পৰা আহি চালেগৈ !’ আশ্চৰ্য প্ৰকাশ কৰিলে ছাৰে ৷ থিয়ৈ থিয়ৈ ৰে’হ, আনিনি সম্বন্ধে অকণমান বৰ্ণনা আৰু কেইটামান প্ৰশ্নৰ উত্তৰ ৷ তাৰ পাছত বিদায় ল’লোঁ ৷

মূলপথটো ঠিক পাইছোঁহি, বাছখনো আহি পালে ৷ ইঞ্জিনৰ কাষৰ দীঘলীয়া চিটটোত জেগা আছিল ৷ উঠিয়েই বহিবলৈ পালোঁ ৷ কি ভাগ্য ! মোৰ পাছত উঠা যাত্ৰীয়ে ওৰে বাট থিয় দিবলগীয়া হ’ল ৷

বহু বছৰৰ মূৰত গঁড় অঁকা যাত্ৰীবাহী চৰকাৰী বাহনত উঠাৰ সৌভাগ্য হৈছে ৷ ৰঙা বাছেৰে কৰা শৈশৱ-কৈশোৰৰ যাত্ৰাবোৰ মনলৈ আহিছে ৷ সিদিনা যাওঁতে ‘নিৰজুলি’ত গৈছিলোঁ, এতিয়া ‘ট্ৰেন্সপ’ৰ্ট’ত উভতনি ৷ চাবলৈ গ'লে দুয়োটাই বিশেষত্বপূৰ্ণ ৷

৯.১৫ কিল’মিটাৰ দীঘল দলংখন পালোঁহি ৷ উদ্বোধনৰ পাছৰ দিনাখনেই খোজ কাঢ়ি পাৰ হৈছিলোঁ এইখন ৷ জীৱনত যিমানবাৰ ইয়াৰ ওপৰেৰে অহা-যোৱা কৰিম, সিমানবাৰেই এই দূৰত্বই সমানেই শিহৰণ জগাব আৰু আনন্দ দান কৰিব ৷ এতিয়াও প্ৰভূত আনন্দ-লহৰে মোৰ হৃদয়-মনত ক্ৰিয়া কৰি আছে ৷ সহযাত্ৰীসকলে তাৰ সামান্যতমো উম-ঘাম নাপায় অৱশ্যে ৷ নিজেহে বুজিছোঁ, কিহৰ উখল-মাখল চলি আছে মনোজগতত ৷ এইবোৰ অদৃশ্য শিহৰণ, অদৃশ্য আনন্দ ৷ আনিনিয়েও যোগাই থাকিব তেনেকুৱা আনন্দ ৷ আজীৱন ৷ অকলে অকলে গৈ-অহাৰ কাৰণে মাত্ৰাটো বেছিহে হ’ব ৷

মনে মনে ভাবি আছোঁ, প্ৰদূষণ নাই ৷ আইন-শৃংখলাৰ পৰিস্থিতি সুস্থিৰ ৷ স্থানীয় মানুহখিনি মাতে-কথাই ভাল ৷ থকা-খোৱাত চিন্তা কৰিবলগীয়া নাই ৷ ঠেক হ’লেও, ভয়ংকৰ যদিও পথ যোগাযোগ এটা আছে ৷ নগৰ-মহানগৰীয়া জীৱনৰ অবাঞ্চিত হৈ-হাল্লা, বিক্ষুব্ধতা, বিশৃংখলতা নাই ৷ এইবিলাকৰ লগতে ডিবাং ভেলীৰ জনজাতীয় জীৱনশৈলী আৰু সংস্কৃতিও ভ্ৰমণকাৰীৰ বাবে আকৰ্ষণীয় ৷ প্ৰয়োজন মাত্ৰ এটা সিদ্ধান্তৰহে ৷ অকলে গৈচোন মোৰ ভালহে লাগিল ৷

২০০৮ চনৰ ৩১ জানুৱাৰী তাৰিখে ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী ডক্টৰ মনমোহন সিঙে ঘোষণা কৰা, মেকমোহন লাইনৰ সমান্তৰালভাৱে, অৰুণাচলৰ উত্তৰ-পশ্চিমৰ টাৱাঙৰ পৰা দক্ষিণ-পূবৰ কানুবাৰীলৈ ২,৪০৭ কিল’মিটাৰ দৈৰ্ঘৰ প্ৰস্তাৱিত টু লে’ন ট্ৰেন্স অৰুণাচল হাইৱে’ আৰু ইষ্ট-ৱে’ষ্ট ইণ্ডাষ্ট্ৰিয়েল ক’ৰিডৰ হাইৱে’ৰ ম্যানমাৰ সীমান্তৱৰ্তী চাংলাং জিলাৰ বিজয় নগৰৰ পৰা তিব্বত সীমান্তৱৰ্তী টাৱাং জিলাৰ মাগো-থিংবোলৈ প্ৰস্তাৱিত ২,০০০ কিল’মিটাৰ দৈৰ্ঘৰ অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱে’ নিৰ্মাণ হৈ উঠিলে ভিতৰুৱা অঞ্চলবিশেষত নিৰ্বিঘ্নে ঘূৰি ফুৰিব পৰা হ’ব ৷

ডুমডুমা পালোঁ ৷ ডুমডুমা আস্থানত ক্ষণিক বিৰতি ৷ পুনৰ যাত্ৰা কৰি ১০ বজাত তিনিচুকীয়া পোৱাই দিলে ৷ ভাড়া ল’লে ৯০ টকা ৷ ফেৰেককৈ ফালি কনডাক্টৰে টিকট এটাও আগ বঢ়াই দিছিল ৷ বহুত বছৰৰ পাছত নিগমৰ বাছৰ টিকটটোৰ পৰশ পালোঁ ৷

মই ক’লৈ যাম বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰে’লৱে’ ষ্টেচনলৈ যাম বুলি কোৱাত সহযাত্ৰী এগৰাকীয়েই পৰামৰ্শ দিছিল ক’ত নামিলে মোৰ সুবিধা হ’ব আৰু সময় বাচিব ৷ কেনেকৈ যাব লাগিব তাকো তন্ন তন্নকৈ বুজাই দিছিল ৷ সেইমতে নামিয়ে লগে লগে সিজুগুৰি অভিমুখী টেম্প’ এখন পাই গ’লোঁ আৰু উঠি দিলোঁ ৷ এইবাৰ গাইডৰ ভূমিকা ল’লে অচিনাকি যুৱতী সহযাত্ৰী এজনীয়ে ৷ ষ্টেচনৰ সন্মুখ পোৱাত তাই মোক নমাই দিলে ৷ সহযাত্ৰীসহ টেম্প’খন চিধা গুচি গ’ল ৷ বুকুৱে-পিঠিয়ে বেগ দুটা ওলমাই মই পোনালোঁ প্লে'টফৰ্মলৈ ৷ চিন্তা কৰিলোঁ, অচিনাকি শুভাকাংক্ষী এই পৰ্যন্ত অনেকজন পালোঁ এই যাত্ৰাপথত ৷ সৰগীয় মাতৃ নান্নী ইনয়িটায়াৰ আশিসধন্য হ’লোঁ যেন লাগিল মনে মনে ৷

আনিনি যাত্ৰাৰ আগে আগে দেখা দিয়া সীমাহীন অনিশ্চয়তা আৰু ঘূৰি অহাৰ দিন সঠিক নথকাত আগতীয়াকৈ ৰিজাৰ্ভেচন কৰা নাছিলোঁ ৷ এতিয়া কাউণ্টাৰৰ সন্মুখৰ দীঘলীয়া শাৰীত থিয় দি ডিফুলৈ সাধাৰণ শ্ৰেণীৰ টিকট এটাকে সংগ্ৰহ কৰি ৰে'লখন অহালৈ খাপ পাতি থাকিলোঁ ৷

ৰৈ আছোঁ ৷ নিৰ্ধাৰিত সময় পাৰ হৈ গ’ল ৷ গাড়ীৰ দেখা-দেখি নাই ৷ বেলেগ বেলেগ কিবাহে অহা-যোৱা কৰি আছে ৷ কি হ’ল আমাৰখনৰ ? ইয়াতো দেখোন অনিশ্চয়তাই লগ নেৰিছে ! অৱশেষত ১৫৯০৯ নং নামনিমুৱা ডিব্ৰুগড়-লালগড় অবধ আছাম এক্সপ্ৰেছ ১ নং প্লে’টফৰ্মলৈ সোমাই আহিল ৷ বেছি সময় নৰ'ল ৷ ১১.১৫ বজাত নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনৰ পৰা আগলৈ যাত্ৰা আৰম্ভ কৰিলে ৷

খিৰিকীৰ কাষৰ অকলশৰীয়া চিট অধিকাৰ কৰি বহিছোঁ ৷ গাড়ী এৰাৰ লগে লগে প্ৰথমে অৰূপদাক ফোন কৰিলোঁ, যি মোক আহিবৰ দিনা নিশা ডিফু ষ্টেচনত থৈ গৈছিল ৷ ৩১ তাৰিখৰ পাছৰে পৰা নে’টৱৰ্কৰ খেলিমেলিৰ বাবে কথাই পাতিব পৰা নাই ৷ হেঁপাহটো পলুৱাই ল’লোঁ ৷ ‘কেনে লাগিল ?’ সুধিলে ৷ ক’লোঁ, ‘অকলশৰীয়াকৈহে মজা লাগিলচোন দাদা ৷ সাহসটোও অকণমান বাঢ়িল ৷’ ‘তাৰ মানে এতিয়াৰ পৰা তুমি…’

হাতত এই মুহূৰ্তত সময় অফুৰন্ত ৷ ২৯ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ভ্ৰমণ কাহিনী এটাৰ জুমুঠি তৈয়াৰ কৰি পেলোৱা যাওক ৷ এইবুলি মন স্থিৰ কৰি নোটবুক আৰু কলম উলিয়াই লৈছোঁ ৷ স্মৰণ কৰি কৰি কথাবোৰ টুকি আছোঁ ৷ ৰে’লখনৰ গতিটোৰ লগে লগে হিচাপ এটাও কৰি উলিয়ালোঁ, এই যাত্ৰাত ক’ত কেনেকৈ কিমান খৰচ হ’ল ৷

অলপ পাছত চেষ্টা কৰোঁতে চ’ক তায়ুকো পাই গ’লোঁ ফোনত ৷ বৰ্ণনা কৰিবলগীয়া হ’ল কালি সন্ধিয়া ৰ’য়িং পোৱাৰ পৰৱৰ্তী কাহিনী ৷ প্ৰশ্ন কৰিলে, ‘আউৰ কিতনা দূৰ যানা পড়েগা ? কব মিলেগা অপনা ঘৰ ?’ মাতষাৰ শুনি এনেকুৱা লাগিল যে শুই উঠা বেছি দেৰি হোৱা নাই ৷ মই ইতিমধ্যে চপাখোৱা, তিনিচুকীয়া এৰি নিজ গৃহমুখে বহুদূৰ আগ বাঢ়িলোঁ ৷ 

ৰে’লখন প্ৰথমছোৱাত ঠিকেই চলিছিল ৷ দৌৰ দেখি ভাবিলোঁ, কিছু পলমকৈ এৰিলেও ৰাইট টাইমতে পোৱাবগৈ ৷ পাছে কি কালিকা লাগিলজানো, বৰহাটৰ পৰা বেমাৰ আৰম্ভ হ’ল ৷ য’তে-ত’তে ৰখাই থ'ব ধৰিলে ৷ ফলত ঘৰ কেই বজাত পামগৈ, আগতীয়া সকলো গণনা, জল্পনা-কল্পনাই বিফল ৰূপ পালে ৷ সময়ৰ কোনো মতলব নোহোৱা হৈ থাকিল ৷ সৰ্বমুঠ ১ ঘণ্টা ৪৫ মিনিট লে’ট কৰি পেলালে ৷

শেষ পৰ্যন্ত অনিশ্চয়তাৰে ভৰপূৰ, অথচ ভীষণ উপভোগ্য আৰু অভিজ্ঞতা তথা জ্ঞানদায়ী এটা দীঘলীয়া একক যাত্ৰাৰ অন্ত পেলাই ৬.৩০ বজাত ডিফু ষ্টেচনৰ প্লে'টফৰ্মত নামিলোঁ ৷ তাৰ পৰা অট'ৰিক্সা এখন লৈ চিধাই ঘৰ ৷ (সমাপ্ত)


(abdussazid.blogspot.inত সমস্ত খণ্ড উপলব্ধ)

1 comment:

  1. উপভোগ্য ভ্ৰমণ উপন্যাস এখন শেষ কৰি মন ভৰি পৰিছে । যোৱা চাৰিদিন একেৰাহে মবাইলত পঢ়ি অঁতালোঁ । আপুনি কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ আগ্ৰহী নহয় বুলি অকবত লিখা দেখিছোঁ । ই-বুক আকাৰে প্ৰকাশ কৰা বাবে ধন্যবাদ । ইতিমধ্যে দিয়া নাই যদি কাকত বা আলোচনীত ধাৰাবাহিকভাৱে দিব পাৰে । অৰুণাচল পৰ্যটনৰ ক্ষেত্ৰত আগ্ৰহীসকলৰ বাবে আপোনাৰ এইখন উপন্যাস এক গুৰুত্বপূৰ্ণ দলিল ।

    ReplyDelete