Saturday, 7 February 2015

য’তে-ত’তে ওলোমাই ৰখা 
ডাঙৰ আখৰৰ ভুলবোৰ...

বেনাৰ, প’ষ্টাৰৰ নিৰ্মাণ এতিয়া ভাতৰ লগত পানী খোৱাৰ দৰে মামুলি কথা৷ কম্পিউটাৰত পছন্দমতে ডিজাইন কৰিলে আৰু ডিজিটেল মেছিনত লগে লগে মাল্টিকালাৰ প্ৰিণ্টিং হৈ একে পাকতে ওলাই গ’ল! বচ, বস্তু ৰেডী৷ লৈ যাওক, আঁৰি দিয়ক৷ আগৰ দিনৰ দৰে মাৰ থকা মাৰ্কিন কাপোৰ কিনক, স্কেল লৈ জুখি-মাখি আঁচ পাৰক, স্থান অনুমান কৰি আখৰবোৰ চক পেন্সিল বা কাঠ পেন্সিলেৰে পাতলকৈ লিখক, হিচাপত ঠিকমতে নপৰিলে গোটেইসোপা মোহাৰক, এডজাষ্ট কৰি আকৌ এফালৰ পৰা লিখক, ফাইনেলি ৰঙৰ প্ৰয়োগ৷ ল’গ’ থাকিলেতো ভীষণ কষ্ট৷ বেক গ্ৰাউণ্ডো সাধাৰণতঃ বগা৷ নহ’লে বেলেগ ৰঙৰ কাপোৰ বিচাৰিবলগীয়া হয়৷ ফটো-চটোৰ কাৰবাৰ নাই৷ একে ধৰণৰ একাধিক বেনাৰৰ দৰকাৰ হ’লে ইখনৰ সৈতে সিখনৰ পাৰ্থক্য ৰৈ যায়৷

আৰু এতিয়া? যি লাগে, যেনেকৈ লাগে, সেইমতেই উপলব্ধ৷ বেক-লিট, ফ্ৰণ্ট-লিট মেডিয়াৰ ওপৰত বহুৰঙী প্ৰিণ্টিং৷ থাওকতে হৈ যায়৷ চাৰিওচুকে আইলিড৷ গতিকে ইনড’ৰ, আউটড’ৰ যিকোনো স্থানতে ওলোমাবলৈকো সুবিধা৷ সেয়েহে এতিয়া যেনিতেনি দেখিব, ফ্লেক্স আৰু ফ্লেক্স৷ গে’ট, ষ্টে’জ, পেণ্ডেল, আলিৰ দাঁতিৰ গছ, লাইট প’ষ্ট, বিল্ডিঙৰ ওপৰ, ঘৰৰ ভিতৰ, সকলোতে ফ্লেক্সৰ পয়োভৰ৷ কাৰ্যসূচী হৈ যোৱাৰ পিছতো কিছুমান ওলমিয়েই থাকে!

ডিজিটেল চাইনেজ এণ্ড গ্ৰাফিকচ টেকন’লজীৰ প্ৰভূত অগ্ৰগতি কল্পে অত্যাধুনিক ইমানখিনি সা-সুবিধা আমাৰ হাতৰ মুঠিত আহি পৰিল ঠিকেই৷ তৎসত্ত্বেও কিন্তু বানানৰ ভুলটো হ’লে দূৰ হোৱাই নাই এতিয়াও৷ এইটোও ঠিক যে ছপা কিতাপৰ পাততো অসাৱধানবশতঃ ভুল-চুক ৰৈ যায়৷ সেয়া কিতাপখনৰ ভিতৰভাগত সোমাই লুকাই ৰয়৷ বিপৰীতে, বেনাৰ-প’ষ্টাৰৰ ভুলটোহঁত কিন্তু বাহিৰত সকলোৰে চিধাই চকুত পৰাকৈ ট ট কৰে জিলিকি থাকে৷ বৰ দৃষ্টিকটু হয়৷ লাজো লাগে দেখি৷

মুদ্ৰণ প্ৰমাদে ৰং-চঙীয়া, সুন্দৰ ডিজাইনৰ ডিচপ্লে’ একোখনৰ সৌন্দৰ্য তেনেই ম্লান কৰি পেলায়৷ তাৰ আগেৰে পাৰ হৈ যোৱা অনেকে তাকে লৈ বিৰূপ মন্তব্যও কৰা শুনা যায়৷ দি দিয়ে নিগেটিভ মাৰ্কিং৷ ফলত সেই প্ৰদৰ্শনেৰে উদ্দেশ্য পূৰণত উদ্যোক্তাই অলপ হ’লেও কাৰোবাৰ আন্তৰিকতা, সহযোগিতা আদি হেৰুৱায়৷ গতিকে ৰাজহুৱা স্থানেই হওক, বিয়াঘৰতে হওক, উৎসৱৰেই হওক, অধিৱেশনৰেই হওক, প্ৰচাৰধৰ্মী বেনাৰ-প’ষ্টাৰ ওলমোৱাৰ আগতে আমি এই দিশটো গুৰুত্ব সহকাৰে তং কৰা উচিত৷

সৌ-সিদিনা অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনলৈ গৈছিলোঁ৷ আধুনিকতাৰ বাৰ্তাবাহী ফ্লেক্সৰ একেই প্ৰকোপ তাতো, কেইবা কিল’মিটাৰ আঁতৰৰ পৰাই৷ ভাবকচোন, সেইবোৰত যদি বানানৰ বিসংগতি ৰৈ যায়, তেনেহ’লে কথাটো কেনেকুৱা হ’ব? আন যি কোনো কাৰ্যসূচীৰ ক্ষেত্ৰতো ভুল কৰাটো কোনোমতেই ভাল নহয়৷ তথাপি দেখোন ভুল থাকি যায়! চকুত নপৰে চাগৈ৷ নে চকুত পৰিলেও এৰি দিয়া যায়, ‘একো নহয় দে’, ‘বাদ দে’, ‘মাৰ গুলী', 'সময় নাই' বুলি৷ ফলস্বৰূপে অনাকাংক্ষিত ভুল বানানে নিজৰ অস্তিত্ব ঘোষণাৰে আমালৈ বীৰদৰ্পে চাই যেন বিকট হাঁহি একোটা মাৰে, ভেঙুচালি কৰি থাকে বাৰে বাৰে৷

কথা হ’ল, এনে দৰ্শনী সদায় হৈয়ে থাকিবনে? এনেবোৰ ভ্ৰান্তি সমূলি নাইকিয়া হোৱা উচিত নহয়নে? গতিকে কোনোবা অধিৱেশন, কোনোবা কাৰ্যসূচী আদিক কেন্দ্ৰ কৰি সমিতি, উপ-সমিতি গঠন হোৱাৰ দিনতে বেনাৰ-প’ষ্টাৰ ইত্যাদি নিৰ্মাণত ভাষাগত সজাগতা আৰু ত্ৰুটিশূন্যতাৰ বাবেও এজন বা দুজন নিৰীক্ষক নিৰ্দিষ্ট কৰি ৰাখিব লাগে৷ অনুষ্ঠান একোটাৰ সন্মানৰ স্বাৰ্থত, ভাষাৰ মৰ্যাদা আৰু ভাষাৰ প্ৰতি থকা আনুগত্যৰ খাতিৰত কিবা ভুল চকুত পৰিলেই তেনেকুৱা বেনাৰ-প’ষ্টাৰ ততালিকে নাকচ কৰাৰ লগতে শুধৰোৱাৰ নিৰ্দেশ দিব লাগে৷ য’তেই লগোৱা হয় ত’ৰে পৰাই খোলাই দিব লাগে৷ ফ্লেক্স প্ৰিণ্টিঙৰ ফ্লেক্সিবিলিটিও তাতেই৷

ডাঙৰ ডাঙৰ আখৰত ভুল বানান একোটাহঁত ৰাইজৰ সন্মুখত প্ৰকাশ্যে ওলোমাই ৰখাটো বেয়া কথা৷ ভাষাটোৰ, জাতিটোৰ মৰ্যাদা হানিকাৰক কথা৷ চাইনেজ ইণ্ডাষ্ট্ৰিৰ নতুন বিপ্লৱক আমি আদৰি ল’ব লাগিব ঠিকেই৷ কিন্তু শব্দৰ ভুলবোৰৰ এনে ৰাজহুৱা প্ৰদৰ্শনীৰ প্ৰতিও সমানেই সচেতন হ’ব লাগিব৷



No comments:

Post a Comment