Friday, 13 February 2015

আচম্বিতে লগ পালোঁ বি.বি.জি.ক…


উদয়ন প্ৰকাশন৷ ওপৰত লিখি থোৱা ষ্টলখনৰ নামটোত এনেয়ে এবাৰ চকু ফুৰাই ল’লোঁ৷

সজাই ৰখা কিতাপবোৰৰ ওপৰেৰে চকু ফুৰাই গৈ আছোঁ৷ মনে বিচৰা কিতাপ কিবা পাওঁ নেকি অনুসন্ধান কৰিছোঁ৷ ওপৰ-তল, সোঁ-বাঁও, তলত দ’মাই থোৱা, কাপোৰেৰে ঢাকি থোৱা... সকলোতে৷ তেনেকুৱা এটা দ’মৰ তলতে কিতাপখন চেপা খাই আছিল৷ ‘প্ৰেতাত্মাৰ প্ৰতিশোধ’৷ ঘপহকৈ চকু পৰাত টান মাৰি উলিয়াই আনিলোঁ৷ নামটো চিনাকি দেখোন মোৰ৷ অঁ, হয়তো৷ এইখনচোন ন বছৰৰ আগতে মই কৰা ৰহস্যঘন কিতাপখনেই৷ বেটুপাতটো দেখিয়ে চিনি পাইছিলোঁ৷ টাইটেল পে’জটো মেলি নিশ্চিত হ’লোঁ৷ লেখক বি.বি.জি.৷ ঠিকেইতো৷

মনটো ভাল লাগি গ’ল৷ ষ্টলৰ সহায়ক ল’ৰাজন কাষতে আছিল৷ তেওঁক দেখুৱালোঁ আৰু ক’লোঁ, ‘এইখনচোন মই কৰা কিতাপ৷’ লগে লগে তেওঁ আঙুলি টোঁৱালে সন্মুখত বহি থকাজনলৈ৷ সিজনে তেতিয়া ইতিমধ্যে তেওঁৰ টেবুলত থোৱা মোৰ নিৰ্বাচিত কিতাপ দুখনৰ দহ শতাংশ ৰেহাই মূল্যৰ যোগ-বিয়োগৰ অংকটো তলমূৰকৈ একান্তমনে কৰি আছিল৷ ব্যস্ততাৰ মাজতে কিবা উমান পাই তেওঁ মোৰ ফালে মূৰ তুলি চালে৷ চকুৱে চকুৱে পৰিলোঁ দুয়ো৷ তাৰ পাছৰ পৰিৱেশ... ডিফু ডিফু৷

‘হাৰে! তুমি...’ এইবুলি চকীৰ পৰা উঠি চিলনী অহাদি আহি কৰমৰ্দনৰ লগতে তেওঁ মোক সাবটি ধৰিলেহি৷
‘আপোনাক এনেকৈ পাম বুলি ভবাই নাছিলোঁ দাদা৷’ গবা মাৰি ধৰিলোঁ ময়ো৷
‘কি কৰিবা আৰু? পেন্সন নোহোৱা চাকৰি৷ ৰিটায়াৰমেণ্টৰ পিছত এইদৰেই সৰু-সুৰাকৈ লাগি আছোঁ আৰু, কিতাপৰ ব্যৱসায়তে৷ ষ্টল লৈ এইবাৰেই প্ৰথম ওলাইছোঁ৷’ বন্ধু ভাবনাৰে কান্ধত হাত ৰাখি তেওঁ কৈ গ’ল৷
‘ভাল হৈছে, ভাল হৈছে দাদা৷ আপোনাক ইয়াত দেখা পাই কিযে আনন্দ লাগিছে! বহুত বছৰৰ মূৰত লগ পালোঁ দেই৷ ভালে আছে, ন?’
‘আছোঁ ভাই৷ মোৰো খুব ভাল লাগিছে তোমাক পাই৷ ঘৰত ভালনে? কোৱাচোন ডিফুৰ খবৰ কি?’

বি.বি.জি.য়ে তেনেকৈ মোক বহুপৰ সাবটি ধৰি থকা দেখি ষ্টলৰ ল’ৰাজন হতবাক৷ ‘এতিয়া চাহ-তাহ হ’ব লাগে আৰু...’ তেওঁ মাত দিলে৷

আলিংগনমুক্ত হৈ বি.বি.জি. এটা সময়ত নিজৰ চকীত বহিলগৈ৷ ইতিমধ্যে কৰি উলিওৱা হিচাপটো ঘচ ঘচকৈ কাটি ক’লে... ‘এহ, ইমান হ’লেই হ’ব দিয়া৷ আৰু কমাই দিছোঁ৷ পুৰণি মানুহ৷’ তাৰ পিছত দুখনমান কিতাপ ঠোঙাটোত হেঁচি হেঁচি ভৰাই দি ক’লে... ‘এইকেইখন মোৰ ফালৰ পৰা দিছোঁ, লৈ যোৱা, পঢ়িবাগৈ৷

‘পুৰণি মানুহৰ এৰাব নোৱাৰা টান৷ গ্ৰন্থ উৎসৱথলীত কথাটো ৰাষ্ট্ৰ হোৱাৰ পিছত সৰু ষ্টলখন কোৰাচ গাব পৰাকৈ অনতিপলমে ডিফুৰ মানুহেৰে ভৰি পৰিল!

No comments:

Post a Comment