Monday, 23 February 2015

টিভি-ম’বাইল-লেপটপজ্ঞানী ল’ৰাটো
(গল্প নহয়, সত্য)

সি গা ধুবলৈ বাথৰুমত সোমাব ধৰিছিল৷ 

ক’লোঁ, ‘বাহিৰত মই উলিয়াই থোৱা বাল্টিটোৰ পানীখিনি গা ধোৱাৰ আগতে চন্দন পুলিকেইটাত দি দে৷’

বাল্টিটো এহাতে লৈ সি কণা কুকুৰা ঘূৰাদি ঘূৰিব লাগিল৷ পুলি বিচাৰি নাপায়হে নাপায়৷ ইফালে দেৱালৰ কাষতে ৰোৱা হৈছিল৷ কৰি থকা কামটো কৰি থকা অৱস্থাতে ৰুমৰ ভিতৰৰ পৰাই চিঞৰ এটা মাৰি পঠিয়ালোঁ, ‘খিৰিকীখনৰ ফালে আহ৷’ 

উদ্দেশ্যটো আছিল তাক ল’কেচনটো বটাই দিয়া৷ তেতিয়া যেনিবা সি পুলি এটা দেখা পালে৷ বাল্টিটো বেঁকা কৰি তেনেই অকণমান পানী ঢালিলে তাত৷ বাকীখিনি ওচৰৰ টাবকেইটাত থকা ফুলগছবোৰত অকণ অকণকৈ দি থাকোঁতেই ওলাই গৈ দেখা পালোঁ৷

ক’লোঁ,  ‘ইয়াত নহয়, সিফালে ৰোৱা চন্দন পুলিবোৰত দি দেগৈ৷’

পুনৰবাৰ সি ওপৰচকুৱাই পুলিবোৰ বিচাৰি নোপোৱা হ’ল৷ তাত ইফালে খুঁটি মাৰি থোৱাই আছিল৷ দেখুৱাই দিলত অকণ অকণ ঢালি গ’ল৷ 

ফাগুনমহীয়া খৰাং৷ সেইকণ পানীৰে পুলিৰ তৃষ্ণাযে নমৰে সেয়া খাটাং৷ কাম দেখি হাঁহি উঠিল৷ তালৈ চাই থাকি মনতে ভাবিলোঁ, এই ল’ৰা ক্লাছ এইট পালেগৈ, পিছে নিজে গছপুলি এটা ৰোৱাটো দূৰৈৰে কথা, গুৰিত পানী দিবলৈও আজিও শিকা নাই৷ কিযে হ’ব ইহঁতৰ! কিবা কাম এটাত পাচিলে মোৰকে নাপায় সতকাই৷ খেপিয়াই, জপটিয়াই ফুৰে৷ লগত থাকি ষ্টেপ বাই ষ্টেপ কামাণ্ড দি নাথাকিলেই নহয়৷ একেদৰে, ৰাতিপুৱা টোপনিৰ পৰা জগোৱাৰ পৰা আৰম্ভ কৰি ৰাতি বিছনাত পেলোৱালৈকে প্ৰত্যেকটো কথাতে চৰ্দাৰৰ দৰে কামাণ্ড দি থাকিব লাগে মাকজনীয়ে! উঠ ঐ উঠ, মুখ ধো, গা ধো, ভাত খা ইত্যাদি ইত্যাদি৷ পিছে, ম’বাইল টিপিবলৈ হ’লে দিবা আৰু৷ টিভিৰ চেনেল সলোৱাটো ঠিক আছে৷ লেপটপত গাড়ী দৌৰোৱাততো ক’বই নালাগে৷ সেইবোৰত ওস্তাদ একেবাৰে৷ 

মন কৰিছোঁ, মেনু ড্ৰিভন কামবোৰ ইহঁতে ঘপাঘপ আয়ত্ত কৰিব পাৰে৷ লগালগ অ’পাৰেটো কৰিব পাৰে৷ দেখিলে এনে ভাব হয়, যেন আগৰে পৰাই জানেহে! প্ৰব্লেমৰো চল্যুচন দি দিয়ে ফটাফট৷ বিপৰীতে, পানী এবাল্টি লৈ গছপুলিকেইটাত দেগৈচোন যা বুলি ক’লে গাঁঠি লাগে৷ লগে লগে যেন নাৰ্ভাচ! মূৰে কাম নকৰা হয়! ওচৰত ৰৈ চৰ্দাৰী কৰি নাথাকিলেই নহয়৷ কোনটোৰ পিছত কোনটো কাম কৰিব বাৰে বাৰে গাই থাকিব লাগে৷ সিহঁতৰ বাবে মাক-বাপেকহাল একোখন মেনু হৈ পৰিব লাগে! তাৰোপৰি একেটা কথাকে কমেও তিনিবাৰমান ক’ব লাগে৷

টিভি-ম’বাইল-লেপটপজ্ঞানী ল’ৰাটোৰ এই ধৰণৰ কথা-কাণ্ডবোৰ আলেঙে আলেঙে লক্ষ্য কৰি থাকোঁ৷ আমি ইয়াৰ সমান হৈ থকাৰ দিনত এই তিনি সম্পদৰ এটাও নাছিল৷ দিন সলনি হ’ল৷ এতিয়া উপজিয়ে ইহঁতে এইবোৰ চুবলৈ পায়, চাবলৈ পায়, ব্যৱহাৰ কৰিবলৈ পায়৷ বিপৰীতে, জীৱনৰ গভীৰত ডুব মাৰি তলিত থকা মণি-মুকুতাবোৰ চিনি পাই সংগ্ৰহ কৰাৰ মানসিকতা গঢ় লোৱাৰ পৰা এইজাতৰ বস্তুবোৰে ইহঁতক চিৰদিনৰ বাবে আঁতৰাই ৰাখিব বুলিও জ্ঞানী আৰু দূৰদৰ্শী লোকে এষাৰ কয়৷

তেনেহ’লে কি আছে ইহঁতৰ আগছোৱাত?


কথা গম্ভীৰেই দেখোন!

No comments:

Post a Comment