Monday, 17 November 2014

চেলফ টে’ষ্ট
(গল্প নহয়, সত্য)

পঞ্চাশ অভিমুখে গৈ আছোঁ৷ কোনে জানো এদিন মোৰ আগত কৈছিল বোলে এনে সময়ত হো’ল বডী চেক আপ, মানে তালুৰ পৰা তলুৱালৈকে সমস্ত দেহৰ পৰীক্ষা এটা কৰোৱাব লাগে৷ এপল’ বা তেনেকুৱা ডাঙৰ হস্পিতালত এইবোৰৰ ভাল সুবিধা আছে হেনো৷ কিবা স্কীমো থাকে৷ কম খৰচতে হয়৷ তেনে টে’ষ্টৰ জৰিয়তে গম পোৱা যায় শৰীৰৰ লেটে’ষ্ট কণ্ডিচনটোৰ বিষয়ে৷ জনম লাভৰ ক্ষণ ধৰি নিতৌ ব্যৱহাৰ হৈ হৈ আমাৰ দেহাটিৰো অনেক ক্ষয়-ক্ষতি হয়৷ গতিকে এনে বয়সত মেছিনৰ ওচৰ চপা উচিত৷

মোৰ ধাৰণাটো আকৌ অলপ বেলেগ দেই৷ অন্য উপায় ইমানবোৰ থাকোঁতে যন্ত্ৰৰ ওচৰলৈ যাবই লাগিবনে? মই যোৱাত নাই৷ নিজকে নিজে মই টে’ষ্ট কৰিম৷ এই মানৱী জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে দেখোন একোটা ডাঙৰ পৰীক্ষা দিয়েই আহিছোঁ৷ সেই ভাবিয়ে নিজৰ মতত স্থিৰ হৈ থাকিলোঁ৷ ভবা মতে নিজকে টে’ষ্ট কৰিলোঁও৷ তাকে কওঁ এতিয়া৷


চেলফ টেষ্ট-১
বাৰীৰ কঁঠালজোপাতযে মৌ এবাহ আছিল, ক’বই নোৱাৰোঁ৷ সিদিনাখন কিবা কথাত সেইফালে চাওঁতেহে পাতৰ ফাঁকেৰে মৌচাকখন ঘপকৈ চকুত ধৰা দিলে৷ উত্তেজিত হৈ পৰিলোঁ৷ লগে লগে স্বগতোক্তি, ‘এইটো দেখোন মজাৰ বস্তু আছে ঔ!’ মৌ-বিচনীলৈ জুপি জুপি চাই থকা দেখি ভাই-বোৱাৰীজনীয়ে সিফালৰ পৰা মাত দিলে... ‘মৌবোৰ গুচি গ’ল নহয়৷ কালিলৈকে আছিল৷’ ভাবিলোঁ, কিয়বা গুচি গ’ল? পৰুৱাই পালে নেকি? নে পূৰ্ণিমাৰ লগত সম্পৰ্ক? নাজানো৷ 
সি যি কি নহওক, মাটিৰ পৰাই ভালদৰে নিৰীক্ষণ কৰিলোঁ৷ তাৰ পিছতে সিদ্ধান্ত কৰিলোঁ যে বিচনীখন এতিয়াই পাৰি অনা যাওক৷ কি ওলায়-নোলায় পিছত দেখা যাব৷ তৎক্ষণাৎ কাৰ্যপন্থা আৰম্ভ হৈ গ’ল৷ হাফপেণ্টটো পিন্ধি ল’লোঁ৷ পাকঘৰৰ পৰা নলুৱা কটাৰীখন আনিলোঁগৈ৷ প্লাষ্টিকৰ ঠোঙা এটাও পকেটত ভৰাই ল’লোঁ৷ আনটো পকেটত লৈ থ’লোঁ সৰু কেমেৰাটো৷ এইবাৰ গছত উঠা কাম৷
ডাল বগাই মৌচাকখনৰ ওচৰ চাপিলোঁ৷ বিনুৰ কথাটো হয়, মৌ-মাখিবোৰ নাই৷ ক’লা পৰুৱা কিছুমানে ডালে-পাতে পিয়াপি দি ফুৰা দেখিলোঁ৷ গছজোপাত উঠি থাকোঁতে সজ্ঞানে মন কৰিলোঁ, ভৰি কঁপিছে নেকি মোৰ? নাই কঁপা৷ হাত কঁপিছে নেকি? নাই কঁপা৷ বেলেন্স ঠিকেই আছে৷ তাৰ মানে ময়ো ঠিকেই আছোঁ৷ 
ল’ৰালিত গছত উঠাৰ চখ এটা খুবেই আছিল৷ লোকৰ বাৰীত আম চুৰ কৰিবলৈ ভাৰাটো যাবলগীয়া হৈছিল৷ বিনিময়ত আম কেইটামান৷ যি কি নহওক, মৌচাকখন সজা ডালটো বৰ এটা ডাঙৰ নোহোৱাত গুৰিতে সাৱধানে কাটি পেলালোঁ৷ পৰুৱা কিছুমান গায়ে-চায়ে বগাল যদিও সহ্য কৰি থাকিলোঁ৷ তাৰ পাছত মৌচাকেৰে সৈতে ঠানিটো আস্তেকৈ তললৈ পেলাই দিলোঁ৷ গছৰ তলত আগৰে পৰাই পজিছন মিলাই ৰৈ থাকিবলৈ ল’ৰাক নিৰ্দেশ দিয়া হৈছিল৷ সি থাপ মাৰি ধৰিলে৷ চকুৰ আগত মৌ-বিচনীখন দেখি তাৰ আনন্দ লাগিল৷ অকণমান আঁতৰত থকা ভনীয়েকহঁতো দৌৰ মাৰি মুহূৰ্ততে হাজিৰ হ’লহি৷ এনে বস্তু জীৱনত সিহঁতে প্ৰথমবাৰৰ বাবে ওচৰৰ পৰা দেখা পাইছে, চুই পাইছে৷ স্বাভাৱিকতে কৌতূহল বাঢ়িবই৷ মই যে আচলতে সিহঁতক দেখুৱাবৰ বাবেই গছ বগাই মৌচাকখন পাৰিলোঁ সেয়া পিছত জনাই দিলোঁ৷ তাৰ লগতে মোৰ নিজৰো টে’ষ্ট এটাযে হৈ গ’ল সেয়া মনতে ৰাখি থ’লোঁ৷ অলপ পাছত কঠাঁলজোপাৰ পৰা নামিলোঁ৷ মাটি পাবলৈ অলপমান থাকোঁতে জাঁপ মাৰি দিয়াটো আগৰে অভ্যাস আছিল৷ এতিয়াও তাৰ ব্যতিক্রম নহ’ল৷


চেলফ টে’ষ্ট-২
গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যত হাতীদণ্ডিয়েদি পাক মাৰি ফুৰিছোঁ৷ আগে আগে ৰেঞ্জাৰ বিভীষণ টকবি৷ ওখ গছ এডালৰ পৰা নামি অহা শকত-আৱত লতা এডাললৈ আঙুলিয়াই, ৰসিকতা কৰিবৰ অভিপ্ৰায়েৰে তেওঁ ক’লে... ‘টাৰ্জান লতা৷’ বাটৰ সোঁহাতে কাষতে পোৱা বনৰীয়া লতাডাল দেখি মোৰো গা উঠিল৷ ‘বগাই চাওঁ নেকি?’ ঠিক পিছতে থকা আদিশ আৰু সন্দীপন, দুইটাই জেক মাৰিলে, ‘পাৰিব জানো’ বুলি৷ লগে লগে লতাডাল ধৰিলোঁ থাপ মাৰি৷ হাত আৰু ভৰিৰ খোপনিৰ সহায়ত ক্রমে ক্রমে ওপৰলৈ বগাই যাব ধৰিলোঁ৷ কাণ্ড দেখি সিহঁতৰ স্ফূৰ্তি লাগিল৷ হাতত থকা ষ্টিল কেমেৰা, ভিডিঅ’ কেমেৰাকেইটাও ওপৰলৈ পোন হৈ পৰিল৷ চিঞৰ মাৰি সুধিলোঁ, ‘আৰু যাম নেকি ওপৰলৈ?’ ‘নালাগে, নালাগে, নামক’ বুলি কোৱাত ক্রমান্বয়ে চুঁচৰি মাটিত ভৰি দিলোঁ৷ বৰ মজা লাগিল লতাডালত বগাই৷ তাৰ লগতে মোৰ নিজৰো টে’ষ্ট এটা হৈ গ’ল৷


চেলফ টে’ষ্ট দুটাৰ ৰিজাল্টে মোক আশ্বস্ত কৰিছে যে মই ঠিকে আছোঁ৷ মেছিনৰ ওচৰ চপাৰ দৰকাৰ নাই৷

No comments:

Post a Comment