Wednesday, 5 November 2014

ক্রিকেট : টমাচ বিচ্ছ অল্টাৰৰ সৈতে
(গল্প নহয়, সত্য)



 আজিৰ পৰা প্ৰায় পঁচিশ বছৰৰ আগৰ আবেলি এটা মনত পৰিছে৷ দিনটো আছিল ৯ফেব্ৰুৱাৰী ১৯৮৯৷

স্থানীয় ষ্টেডিয়াম খেলপথাৰত হ’ব লগা প্ৰথম বাৰ্ষিক জয়ছিং দলৈ মেম’ৰিয়েল ক্রিকেট টুৰ্ণামেণ্টৰ বাবে জোৰদাৰ প্ৰস্তুতি চলিছে আমাৰ অসমী ক্লাবৰ প্লে’য়াৰবিলাকৰ৷ ডিফু টাউন প্ৰাইমেৰী স্কুলৰ সন্মুখৰ ফিল্ডত আবেলি আবেলি ৰেগুলাৰ নে’ট প্ৰেকটিছ৷ তেনে এটি আবেলিতে, ‘ফৰেইনাৰ’ এজন ৰাস্তাৰে দৌৰি দৌৰি আহি নে’টখনৰ বাহিৰফালে উইকেটৰ পিছত ৰ’লহি৷ বিদেশী যেন দেখিলে আমি তেতিয়া চিধাই ফৰেইনাৰ বুলিয়ে কৈছিলোঁ৷ কোন হয়, ক’ৰ পৰা আহিছে, একো ধৰিব পৰা নাই৷ বেটিং কৰি আছোঁ৷ কনচেনট্ৰেচন ব্ৰেক হ’বলৈ দিয়া নাই৷ কৌতূহলবশতঃ কোনোবা এটা আগন্তুকৰ ওচৰ চাপি গ’ল৷ সম্ভাষণ জনালে৷ একান্তমনে আমাক নিৰীক্ষণ কৰি থকা মানুহজনক আমাৰ লগত খেলিব নেকি সুধিলে৷ হাঁহি মাৰি শলাগি তেওঁ ভিতৰ সোমাই আহিল৷ বলটো তুলি দিয়া হ’ল তেওঁৰ হাতত৷ এইফালে মই৷ তেওঁ মোলৈ শ্ল’ মিডিয়াম পে’চ বল কৰিব ধৰিলে৷ গায়ে-গঠনে মানুহজনক মোৰ ইয়ান ব’থামৰ দৰেই লাগিল৷ ইংলেণ্ডৰ অলৰাউণ্ডাৰ ব’থামে সেই সময়ত আন্তৰ্জাতিক ক্রিকেটত তোলপাৰ লগাই আছিল৷ ব’থামৰ সৈতে তেওঁৰ চকুৰ মিল দেখি আকৌ ভাবিবলৈ ল’লোঁ, ইংলিছ ক্রিকেটাৰ ইয়ান টৰেন্স ব’থাম ইয়াত কেনেকৈ? ব’লিং একচন আৰু বডি মুভমেণ্টবিলাকো দেখোন সাইলাখ একেই! ক্রিয়া কৰি থকা এনেকুৱা অনেক ভাব মনত লৈয়ে সাৱধানে কেই অভাৰমান খেলি মই পেড সোলোকালোঁ৷ বেচ চাতুৰীভৰা আছিল তেওঁৰ বলবোৰ৷ এসময়ত তেওঁকো বেটিং কৰিবলৈ আহ্বান জনালোঁ৷ কেপ্টেইন বিছুদাই বলিং কৰিলে৷ আমাৰ প্ৰেকটিছত চামিল হোৱা এই খেলুৱৈজনৰ পৰা পিছত কেতবোৰ দৰকাৰী টিপছ আমি পালোঁ৷ কোনোবা এটাই বজাৰলৈ গৈ মেডনা ষ্টুডিঅ’ৰ পৰা ফটোগ্ৰাফাৰ মাতি আনিলে৷ উপস্থিত সকলোটিকে লৈ গ্ৰুফ ফটো দুখন তোলা হ’ল৷ আন্ধাৰ নামি অহাত সকলোকে ধন্যবাদ জনাই হেণ্ডচেক কৰি মানুহজন গ’লগৈ৷ সযত্নে সংৰক্ষিত পুৰণি এলবামটো মেলোঁতে কালি সেই ফটোত চকু পৰাত ক্ষন্তেকৰ বাবে অতীতলৈ ঘূৰি গ’লোঁ আৰু মনৰ এই কথাখিনি আপোনা-আপুনি ওলাই আহিল৷

সেই নীলা চকুৰ, বগা, ওখ-পাখ, চাহাবসদৃশ আগন্তুকেই আছিল টমাচ বিচ্ছ অল্টাৰ৷ টম অল্টাৰ বুলিলে বেছিভাগেই তেওঁক চিনি পাব৷ আমেৰিকান বংশোদ্ভৱৰ এজন ভাৰতীয় অভিনেতা৷ চিনেমা আৰু টেলিভিচনৰ পৰ্দাত বহুতেই তেওঁৰ অভিনয় নিশ্চয়কৈ দেখা পাইছে৷ মূলতঃ হিন্দী কথাছবিৰ সৈতে জড়িত যদিও বাংলা, অসমীয়া, তামিল, তেলেগু, কুমাওনী আদি আঞ্চলিক ভাষাৰ চলচ্চিত্ৰতো তেওঁ কাম কৰিছে৷ অসমীয়া ছবি এখনত অভিনয় কৰিবৰ বাবেই তেওঁ তেতিয়া ডিফুলৈ আহিছিল৷ টুৰিষ্ট লজত আছিল৷ ইভিনিং ৱাকত ওলাই আহিয়ে আমাৰ সৈতে এই অভাবনীয় সংযোগ৷ থকাকেইদিন তেওঁক আমাৰ লগত খেলিবলৈ মাতিলোঁ৷ পিছে নিজৰ কামত স্থান সলাব লগা হোৱাত তেওঁ তেতিয়াই অপাৰগতা প্ৰকাশ কৰিলে৷


মুচৌৰী নিবাসী আমেৰিকান প্ৰেছবিটেৰীয়ান মিছনেৰী পূৰ্বপুৰুষৰ সন্তান টম অল্টাৰ অভিনেতাই নহয়, এজন লেখক আৰু ক্রীড়া সাংবাদিকো আছিল৷ ক্রিকেট ভাল পোৱা এই মানুহজনে স্প’ৰ্টচ ৱিক, ক্রিকেট টক, আউটলুক, ডেবনেয়াৰ, ছানডে অবজাৰভাৰ আদি আলোচনীত লিখিছিল৷ ফিল্ম ইণ্ডাষ্ট্ৰিৰ এম.চি.চি. (Match Cut Club)ত তেওঁ নাছিৰুদ্দিন শ্বাহ, সতীশ শ্বাহ, বিশাল ভৰদ্বাজ, আমিৰ খান, নানা পাটেকৰ, ভূপিন্দৰ সিং আদিৰ সৈতে ক্রিকেট খেলিছিল৷ ক্ষন্তেকীয়াভাৱে হ’লেও মানুহজনক আমাৰ মাজত পাই আমি সিদিনা সঁচাকৈ উৎফুল্লিত হৈ পৰিছিলোঁ৷

No comments:

Post a Comment