Saturday, 11 October 2014

শ্বিলং-চহৰা, মাউলিননং-ডাউকি-তামাবিল...
মেঘালয়ৰ পাহাৰে-পানীয়ে
তিনিটা সুখময় দিন

৷৷ সাত ৷৷

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰতি দুৰ্বলতা এটা আগৰে পৰাই আছে৷ ভাৰত-ম্যানমাৰ সীমান্তৰ দৰেই এইখণ্ডও নিৰ্বিঘ্নে পাৰ হৈ কিছু আগুৱাব পাৰিম বুলি ভাবি আছিলোঁ৷ কিন্তু নহ’ব দেখিছোঁ৷ জিৰ’ পইণ্টলৈকেহে অনুমতি পালোঁ৷ আনহাতে, বাংলাদেশৰ উত্তৰ-পূবৰ চিলেট ডিভিজনৰ Jafflong, Nohksiar, Nerilapara, Notun Songram Pungi, Wansalam Ryngksae ইত্যাদি শতিকাপ্ৰাচীন প্ৰায় শতাধিক গাঁৱত চল্লিশ হাজাৰমান খাচী লোকৰ বসতি আছে বুলি শুনিছোঁ৷ প্ৰমাণ লগে লগে পালোঁ৷ ইণ্ডিয়ান পাছপ’ৰ্ট দেখুৱাই খাচী পুৰুষ-মহিলা চাৰিজন চকুৰ সন্মুখতে সিপাৰৰ কুটুমৰ ঘৰলৈ যাবলৈ উদ্যত হ’ল৷ তাকে দেখি নিজৰ ওপৰতে খংটো উঠিল৷ পাছপ’ৰ্টখন পাহৰণিত ঘৰত এৰি আহিলোঁ৷ নহ’লে...

যি কি নহওক, জি’ৰ পইণ্টক লক্ষ্য কৰি খোজ আগ বঢ়ালোঁ৷ সেইখিনিত উপস্থিত হৈছোঁ কি নাই, সিপাৰৰ পৰা ডেকা এজন আগুৱাই আহিল৷ চিধাই কৰমৰ্দন কৰিলোঁ আৰু নিজৰ চিনাকি দিলোঁ : আব্দুছ ছাজিদ, ইণ্ডিয়ান৷ একে সুৰতেই তেৱোঁ পৰিচয় দাঙি ধৰিলে : মোহাম্মদ শাহিন, বাংলাদেশী৷ ‘চিলেটি?’ ...মই সুধিলোঁ৷ তেওঁ ‘হাঁ’ বুলিলে৷ এইবাৰ মই হকে-বিহকে, ভুলে-ভালে চিলেটি আৰম্ভ কৰি দিলোঁ৷ বিশুদ্ধ চিলেটি অৱশ্যে তেওঁৰো নাই৷ চিলেটি আৰু হিন্দীৰ খিচিৰি এটা চলাই গ’ল৷ কথা-বতৰাৰ পৰা গম পালোঁ, শাহিন আলম চৌধুৰী সেই অঞ্চলটোৰ পাথৰ-কয়লা ব্যৱসায় মালিক সমিতিৰ মেনেজাৰ৷ ব্যৱসায় সূত্ৰে ভাৰতলৈ আগতে গৈছে৷ সেয়ে হিন্দী কিছু কিছু বুজি পায়, ভগা-ভগাকৈ ক’বও পাৰে৷ ঘৰৰ বিষয়ে সোধাত সেই স্থানৰ পৰা দুই কিল’মিটাৰ দক্ষিণলৈ ৰিণিকি ৰিণিকি চকুত পৰাৰ দিশে আঙুলিয়ালে৷ বি.এছ.এফ. আৰু বি.ডি.আৰ. নথকা হ’লে ভাত খাই আহিলোঁগৈহেঁতেন বোলাত খুব হাঁহিলে ল’ৰাটোৱে৷ ইফালে-সিফালে চাই নানা প্ৰশ্ন-উত্তৰেৰে ভালেপৰ পৰস্পৰৰ মাজত গল্প চলি আছিল৷ তাকে দেখি বাংলাদেশ ৰাইফলচৰ জোৱান এজন আমাৰ ফালে আগ বাঢ়ি আহিল৷ ভাবিলে চাগৈ, এই দুটা বিদেশীৰ কিনো ইমান আলাপ বুলি৷ ‘আচ্ছালামু আলাইকুম’ বুলি কৈ হেণ্ডচেক এটাও মাৰি দিলোঁ তেওঁক৷ তেৱোঁ যথাযথ প্ৰত্যুত্তৰ দিলে আৰু মিচিকিয়ালে৷ দাঁতি-কাষৰীয়া মছজিদৰ পৰা ভাহি অহা আজানৰ শব্দ কাণত পৰাত অলপ পাছতে তেওঁ কেম্পলৈ উভতিল৷ তাত উপস্থিত জোৱানকেইজনে তালাচী চকীৰ ভিতৰতে নামাজ পঢ়া দেখা পালোঁ৷ চৌধুৰী চাহেবৰ পৰা বিদায় মাগি বি.এছ.এফ.ৰ কেম্পত উপস্থিত হ’লোঁহি৷

অকণমান পিছতে হঠাতে প্ৰশ্ন এটা মনলৈ আহিল... বাংলাদেশী জোৱানজনৰ নামটো সোধা নহ’ল! সিপাৰলৈ চালোঁ, শাহিনে এইফালেই চাই আছে৷ তাৰ চাগৈ মোৰ দৰেই বেয়া লাগিছিল৷ আকৃতি একে, তেজ একে, ছালৰ বৰণো প্ৰায় একে৷ অথচ মিলা-মিছাত ইমান বাধা-নিষেধ! তাৰ ফালে চাই হাত বাউলি দিলোঁ৷ ইংগিত পায়ে সি খোজ আগ বঢ়ালেই৷ এইফালৰ পৰা ময়ো আগ বাঢ়িব লাগিলোঁ৷ বি.এছ.এফ.ৰ অনুমতিৰ কথা ভাবিবলৈকে নহ’ল৷ জিৰ’ পইণ্টত ৰৈ তাক সুধিলোঁ, ‘মোৰ সৈতে কৰমৰ্দন কৰা বি.ডি.আৰ.ৰ জোৱানজনৰ নামটো কি, জানে নেকি?’ সি বোধ হয় নাজানে৷ সেয়ে খৰখোজেৰে চকীৰ ফালে গ’ল৷ সিজন আকৌ তেতিয়া তাত নাই৷ বোধ হয় নামাজ পঢ়া শেষ হোৱা নাই৷ আন এজন জোৱানে হাত বাউলি দি মোক ওচৰলৈ মাতিলে৷ ইফালে সন্মুখত লক্ষ্মণ-ৰেখা৷ কি কৰোঁ? যা যি হয় হ’ব বুলি পাৰ হৈ আগলৈ গুচি গ’লোঁ৷ এতিয়া বাংলাদেশৰ মাটিত মই৷ জোৱানজনে চিনাকি-পৰ্বতে শাহিনৰ হাতত দিয়া মোৰ ভিজিটিং কাৰ্ডখন নিজে লৈ কি কৰে, ক’ৰ পৰা আহিছে আদি নানানটা প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ ধৰিলে৷ ময়ো নিৰ্ভয়ে শুদ্ধ উত্তৰ দি গ’লোঁ৷ তেনেকুৱাতে পকেটৰ ভিতৰত ম’বাইলটো বাজিব ধৰিলে৷ এবাৰ, দুবাৰ, তিনিবাৰ৷ বাজিয়ে আছে, বাজিয়ে আছে৷ স্ক্ৰীণলৈ চাই গম পালোঁ, শ্ৰীমতীৰ কল৷ সিপাৰৰ পৰা দূৰত মোক দেখি আছে৷ নিয়ম ভংগ কৰাৰ বাবে ধৰি নিব বুলি চিন্তা লাগিছে চাগৈ৷ মই এইফালে কথা এৰিবও পৰা নাই৷ অৱশেষত জোৱানজনে সহকৰ্মীৰ নামটো ক’লে : হাবিলদাৰ মবিৰুল৷ নামটো মনত লৈ লাহেকৈ ভাৰতভূমি অভিমুখে ঘূৰিলোঁ৷ পিছত গম পালোঁ, বি.এছ.এফ.ৰ সেই অনা-অসমীয়াজনে বোলে মই দ্বিতীয়বাৰ যোৱা দেখি খুব হাল্লা কৰি আছিল৷ হুইচেল বজাবলৈকো উদ্যত হৈছিল৷ তাকে দেখি পত্নীৰো লাগিছিল ভীষণ চিন্তা৷ পিছত কথাটো পাতলাবৰ নিমিত্তে তেওঁক ক’লোঁ... বি.ডি.আৰ.ৰ জোৱানে মোক ঢাকালৈ ফুৰাবলৈ নিয়াৰ কথা কৈছিল৷ তোমালোকৰ পৰাহে নহ’ল... মই পিছে সুযোগ পালে যোৱাৰ ধাণ্ডাতে আছিলোঁ!

বেলিটোৱে ক্রমান্বয়ে পশ্চিমলৈ গতি কৰিছিল৷ ভোকটোৱেও আমনি কৰিব ধৰিছিল৷ সীমান্ত চকীত ডিউটি কৰি থকা বি.এছ.এফ.ৰ দুয়োজন ফৌজীকে কৰমৰ্দন কৰি এখোজ-দুখোজকৈ গাড়ীৰ ফালে আহিব ধৰিলোঁ৷ ছিটত বহিবলৈ লোৱাৰ সময়তে দেখিলোঁ, বগা বলেৰ’ এখন আহি ওচৰতে ৰৈছেহি৷ কোন আহিল? বোধ হয় সীমান্ত চাবলৈকে আমাৰ দৰেই কৌতূহলী কোনোবা আহিছে৷ নে আকৌ সিপাৰলৈ বুলি! সেইটোও ভাবিলোঁ৷ পৰিৱেশটো শেষবাৰলৈ অধ্যয়ন কৰি, মনৰ কেমেৰাত সমস্ত বন্দী কৰি তামাবিল-ডাউকি বাংলাদেশ-ভাৰত আন্তঃৰাষ্ট্ৰীয় সীমান্ত এৰিলোঁ৷ শিক্ষা এটা লৈ থ’লোঁ যে অহাবাৰ আহিলে পকেটত নিজৰ পাছপ’ৰ্টখন নিশ্চয় থাকিব৷





No comments:

Post a Comment