Friday, 3 October 2014

শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ এটা কাৰবি লোক-সাধু৷ ডিফু সাহিত্য সভাই, ১৯৮৩চনত প্ৰকাশ কৰা ‘কাৰবি লোক-সাধু’ (সম্পাদনা - কামিনী দাস) গ্ৰন্থখনৰ পৰা এই সাধুটো উদ্ধৃত কৰা হৈছে৷ সাধুটো সংগ্ৰহ কৰি দিছিল শ্ৰীমতী জিতেমাই বে’পী বাইদেৱে৷ মোৰ মাতৃসমা 'বে’পী বাইদেউ' ডিফুৰ এগৰাকী উদ্যোগী মহিলা আৰু সমাজ-সেৱিকা৷ বৰ্তমান তেখেত কাৰবি আংলং জিলা মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা৷ সাধুটো এনে...

এটা গৰখীয়া আৰু সাপৰ সাধু

এখন ৰাজ্যত এগৰাকী বিধবাৰ এটা ল’ৰা আছিল৷ সি সদায় ৰজাৰ ঘৰত গৰু চৰাইছিল৷ এদিন সি লগৰীয়াবিলাকৰ লগত পথাৰত গৰু চৰাই থকা সময়ত এটা ডাঙৰ সাপে ফোপাই-জোপাই আহি তাৰ ওচৰ পালেহি৷ সেই সময়ত লগৰবিলাক অলপ দূৰে দূৰে আছিল৷ সাপে ইফালে-সিফালে চাই সেই ল’ৰাটোক ক’লে… ‘তুমি মোক অকণমান সহায় কৰিব পাৰিবানে? তুমি মোক তোমাৰ মূৰৰ জাপিটোৰে ঢাকি থোৱাচোন৷ এইফালেদি এটা ডাঙৰ সাপে মোক বিচাৰি আহিলে তুমি নাই বুলি ক’বা৷ দেখা নাই বুলি নক’বা কিন্তু৷ দেখিছিলোঁ, কিন্তু এতিয়া মানে বহু দূৰ পাইছে চাগৈ বুলি ক’বা৷’

ল’ৰাটোৱে তাৰ মূৰৰ জাপিটোৰে সাপটোক ঢাকি থ’লে৷ অলপ পিছতে সেইফালেদি আন এটা প্ৰকাণ্ড সাপ আহি তাৰ ওচৰ পালেহি৷ সাপে তাক সুধিলে… ‘তুমি এইফালেদি এটা সাপ অহা দেখিছিলা নেকি?’ তেতিয়া সি ক’লে… ‘দেখিছিলোঁ, কিন্তু এতিয়া বহু দূৰ পালে চাগৈ৷’ সাপটোৱে ল’ৰাটোক ধন্যবাদ দি বৰ বেগেৰে তাৰ পৰা আঁতৰি গ’ল৷

তাৰ ভালেমান পৰৰ পিছত জাপিৰে ঢাকি থোৱা সাপটোৱে ল’ৰাটোক মাত লগালে… ‘ভাইটি, তুমি মোক এতিয়া যাবলৈ দিয়া৷’ ল’ৰাটোৱেও তাৰ জাপিটো দাঙি দিলে৷ সাপে তেতিয়া ল’ৰাটোক খুব মৰম কৰি ক’লে… ‘ভাইটি, তুমি মোক আজি ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলা৷ এতিয়া কোৱা, তোমাক কি লাগে?’ ল’ৰাটোৱে একো নালাগে বুলি ক’লে৷ সাপে তেতিয়া ক’লে… ‘ঠিক আছে, তোমাক মই এটা বস্তু দিম৷ তুমি মোৰ পিঠিত অকণমান তোমাৰ হাতখন ফুৰাই দিয়াচোন৷’ ল’ৰাটোৱে ভয়ে ভয়ে সাপৰ পিঠিত হাত ফুৰালে৷ সাপৰ পিঠিত হাত ফুৰাওঁতে তাৰ আঙুলিত এটা ধুনীয়া আঙঠি লাগি আহিল৷ তেতিয়া সাপে ল’ৰাটোক ক’লে… ‘ভাইটি, এইটো আঙঠিৰে তুমি যি বিচাৰা তাকে পাবা৷’ এই বুলি কৈ সাপটো যিফালৰ পৰা আহিছিল সেইফালেই গুচি গ’ল৷

সেইদিনাখন সি লগৰীয়াবিলাকৰ সৈতে গৰুবোৰ আনি ৰজাৰ গোহালিত বান্ধি মাকৰ ওচৰলৈ গ’ল৷ সি ৰাতি ভাত-পানী খাই আকাশ-পাতাল ভাবিবলৈ ধৰিলে৷ সি এতিয়া সাপে কোৱা মতে কিবা কৰিব নে কেইদিনমান বাট চাব? কিন্তু আঙঠিৰ কথাটো হ’লে কাকো নক’লে৷

কেইবছৰমানৰ পিছত সি এটা ডাঙৰ কথা চিন্তা কৰিলে৷ সি সেই আঙঠিটো কামত লগাব বিচাৰিলে৷ সি মাকক ৰজাৰ জীয়েকক তাৰ বাবে খুজিবলৈ ক’লে৷ মাকে পুতেকৰ কথা শুনি বৰ আচৰিত হ’ল৷ ৰজাৰ ঘৰৰ গৰখীয়া হৈ ৰজাৰ জীয়েকলৈ মন মেলাটো বৰ অন্যায় বুলি পুতেকক বুজাব ধৰিলে৷ ইফালে পুতেকৰ আঁকোৰগোজ মনোভাবে মাকক ৰজাৰ জীয়েকক খুজিবলৈ বাধ্য কৰালে৷ ৰজা-ৰাণীয়ে গৰখীয়াটোৰ কথা জানিব পাৰি তাৰ মাকক ক’লে… ‘সি (তোমাৰ ল’ৰা) যদি এৰাতিৰ ভিতৰতে আমাৰ দৰে এগোহালি গৰু আৰু ঘৰ-দুৱাৰ, সা-সম্পত্তি কৰিব পাৰে তেতিয়া হ’লে তালৈ আমাৰ ছোৱালী বিয়া দিম৷’

মাকে দুখে-বেজাৰে আহি পুতেকক ৰজা-ৰাণীয়ে কোৱা কথাটো ভাঙি-পাতি ক’লে৷ পুতেকে কথাটো শুনি মাকক চিন্তা নকৰি শুই থাকিবলৈ ক’লে৷ ৰাতি ভাত খাই মাক শোৱাৰ পিছত সি আঙঠিটো কামত লগালে৷ সি একে ৰাতিৰ ভিতৰতে ৰজাৰ এগোহালি গৰুৰ ঠাইত তাৰ দুগোহালি গৰু কৰিলে৷ ৰাজপ্ৰাসাদতকৈও ধুনীয়া ধুনীয়া দুটা প্ৰাসাদ সাজিলে৷ সকলোবোৰ সা-সম্পত্তি ৰজাৰ দুগুণ কৰিলে৷ লগুৱা-লিগিৰীৰে ঘৰ ভৰি পৰিল৷ ৰাতিপুৱা ৰজা-ৰাণীলৈ সংবাদ পঠালে যে তেওঁলোকৰ জীয়েকক ততালিকে তালৈ বিয়া দিব লাগে৷ নহ’লে সি সৈন্য-সামন্ত লৈ ৰজাক আক্রমণ কৰিবলৈ যাব৷ তাৰ খা-খবৰবোৰ পাই ৰজাই বিয়াৰ দিন ঠিক কৰি বৰ ধুমধামেৰে জীয়েকক বিয়া দি দিলে৷ তাৰ পিছত সি বৰ সুখে-সন্তোষেৰে দিন নিয়াই ৰাজ্য শাসন কৰি থাকিল৷

No comments:

Post a Comment