Thursday, 31 July 2014

বৈজ্ঞানিক আৱিষ্কাৰ আৰু আমাৰ উত্তৰণ
(চেনেলৰ মহিমাত টেলিভিছনৰ পৰ্দাত কিবাকিবি চোৱাৰ পিছত ‘অকব’ত ক্ষোভ উজাৰাসকলৰ কৰকমলত, স্নেহেৰে)

দেখা যায়, আমি সৰহসংখ্যক মানুহেই বৈজ্ঞানিক আৱিষ্কাৰ আৰু উদ্ভাৱনসমূহে আগ বঢ়োৱা মানৱ জাতিৰ কল্যাণকামী প্ৰয়োগিক দিশটোৰ প্ৰতি সমূলি সচেতন নহওঁ৷ চমকপ্ৰদ আৱিষ্কাৰ বা উদ্ভাৱন, যিবোৰে মনুষ্য সমাজক শক্তি আৰু সম্পদেৰে ধন্য কৰিছে, সেইবোৰক প্ৰকৃতাৰ্থত কেনেদৰে ব্যৱহাৰ কৰা উচিত সেই বিষয়টোৰ প্ৰতি আমি তেনেই অজ্ঞ৷ অন্ততঃ এটা বয়সলৈকে এইটোযে সঁচা, তাত নিশ্চয় কাৰো দ্বিমত নাথাকিব৷ সম্পদ আহৰণৰ ক্ষেত্ৰত আমাৰ মাজত অস্বাস্থ্যকৰ প্ৰতিদ্বন্দ্বিতা চৌপাশে অহৰ্নিশে বিৰাজমান৷ এই কথা দোহাৰাৰ প্ৰয়োজন নাই৷ গৰাকী হোৱাৰ অদমনীয় বাসনাৰ বিপৰীতে ব্যৱহাৰিক দিশত জ্ঞানশূন্যতা বা সীমাবদ্ধতা, উভয়ে পৰিষ্কাৰ ৰূপত তাকেই প্ৰতিপন্ন কৰি আহিছে৷

এটা প্ৰত্যক্ষ উদাহৰণ টিভি৷ প্ৰশ্ন হয়, টেলিভিছনৰ যোগাত্মক দিশটোৰ প্ৰতি আমি কিমানজন সজাগ? ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈ যায়, আমি চকুৰ টিপ নমৰাকৈ একেৰাহে চেনেলৰ পিছত চেনেল পকাই পৰ্দাৰ সন্মুখত সময় অতিবাহিত কৰি দিওঁ৷ অন্য কোনো চিন্তা বা কৰ্মই এই মনঃসংযোগ ভেদিব নোৱাৰে৷ আনে যোগান ধৰা আমোদ-প্ৰমোদ, উপভোগৰ বাসনাত মত্ত হৈ থাকি এনেকৈয়ে আমি সময় অপচয় কৰোঁ যি সময় মহামূল্যৱান, যাক কোনো প্ৰকাৰে ঘূৰাই পাব নোৱাৰি৷ তাৰ লগে লগে নিজে কিবা এটা কৰাৰ সম্ভাৱনাখিনিকো নোহোৱা কৰোঁ৷ জীৱনৰ উজ্জ্বলতম দিশটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিবৰ বাবে আমাৰ অৱকাশ নোহোৱা হয়৷ নিজৰ মাজত থকা সৃজনীমূলক প্ৰতিভাকো নিজৰ অলক্ষিতে আমি এনেকৈয়ে ধূলিসাৎ কৰি থকা নাইনে?

এইটো ঠিক যে, আমোদ-প্ৰমোদ মানুহক নলগা নহয়৷ অন্যথা আমি হয়তো শক্তিহীন হৈ পৰিম৷ পৰিশ্ৰমৰ অন্তত কৰা বিনোদনে মানুহৰ মন ৰঙাই তোলে, প্ৰাণ শক্তিৰে ভৰাই তোলে৷ পিছে অতিশয় দুৰ্ভাগ্যৰ কথা, পৰিমিত মাত্ৰাৰ বিপৰীতে প্ৰচুৰভাৱে কৰা বিনোদনৰ অন্ততো আমি কাহানিও শক্তিমন্ত হৈ নুঠোঁ৷ পৰিশ্ৰমৰ প্ৰতিও অনুপ্ৰাণিত হোৱাৰ পৰিৱৰ্তে দেখোঁ হৈ ৰওঁ একেদৰে উদাসীন৷ আনৰ ফচলৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা আমিবোৰ জীৱন-দৌৰত সঁচাকৈ ক’বলৈ গ’লে একো একোটা সুবিধাবাদীহে৷ আমি এতিয়া সহজ জীৱন-যাপন প্ৰণালীৰ প্ৰতি অধিক অনুৰক্ত৷ সহজৰ প্ৰতি আমাৰ ধাউতি অপৰিসীম৷ সকলো সহজে হোৱাটোহে এতিয়া আমাক লাগে৷ যিকোনো কাম কম আয়াসতে, শৰীৰৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ হোৱাটোহে বিচাৰোঁ৷ কষ্ট বা শ্ৰম নকৰি কম সময়তে অধিক সম্পদৰ গৰাকী হোৱাটোৱেই এতিয়া আমাৰ জীৱনৰ মূলমন্ত্ৰ৷ আনে উদ্ভাৱন কৰা মনোৰঞ্জনৰ উপায়সমূহ গ্ৰহণ কৰি বিলাস-বাসনাত অহোৰাত্ৰ নিমগ্ন হৈ থকাই আমাৰ ধৰ্ম৷ শ্ৰমবিমুখ, আৰামদায়ক, বিলাসী জীৱন গ্ৰহণ কৰি মনোৰঞ্জক বিষয়ত অধিকাংশ সময় নিজকে নিয়োজিত কৰি ৰখাত আমাৰ ইচ্ছা প্ৰবল৷ আমোদ-প্ৰমোদহে আমাৰ বাবে হৈ পৰিছে মুখ্য বিষয়৷ চিন্তা আৰু কৰ্ম হৈ পৰিছে গৌণ৷ অপৰিমেয় ভোগ-বিলাসৰ ফল স্বৰূপে আমি ধী-শক্তি হেৰুৱাই পেলাইছোঁ৷ গভীৰ চিন্তা আমি লাহে লাহে কৰিব নোৱাৰাই হৈ পৰিছোঁ৷ আমি যুক্তিহীন হৈ পৰিছোঁ, তাত্ত্বিক চেতনা বিলুপ্ত হৈ পৰিছে, মনুষ্যত্ব বিকল হৈ গৈছে৷ পাহৰিলে নহ’ব যে মানুহে কৰা আটাইতকৈ ডাঙৰ অপচয়টো আমি কৰিব লাগিছোঁ নিজৰ অজানিতেই৷

বিজ্ঞানীসকলৰ দীৰ্ঘদিনীয়া নিৰলস সাধনাৰ ফল, তেওঁলোকৰ উৰ্বৰ মস্তিকৰ সৃষ্টি বৈজ্ঞানিক আৱিষ্কাৰ আৰু উদ্ভাৱনসমূহৰ ধনাত্মক দিশটোৰ বিপৰীতে ঋণাত্মক দিশৰ প্ৰতি উদ্ভৱ হোৱা আমাৰ অহৈতুকী প্ৰীতিয়ে আমালৈযে বিপদ মাতি আনিছে আৰু ভৱিষ্যতেও আনিব তাক আমি সোনকালে বুজি উঠিলে ভাল৷ সহজলভ্য বিনোদনৰ নিষ্ক্ৰিয় দৰ্শক বা নিস্পন্দ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে উচ্চস্তৰীয় আনন্দৰ সক্রিয় অংশীদাৰ হ’ব পাৰিলে আৰু ভাল৷ পিছে কথা হ’ল, তেনে সাধনাত ব্ৰতী হ'ব পাৰিছোঁনো কিমানজনে? বৈজ্ঞানিক আৱিষ্কাৰ আৰু উদ্ভাৱনে দিয়া যান্ত্ৰিক সুবিধা প্ৰয়োগেৰে দৈনন্দিন কাৰ্য সম্পন্ন কৰি ৰাহি কৰা সময়ক আমি নিজৰ প্ৰাণৰ, নিজৰ মগজুৰ, নিজৰ চেতনাৰ উন্নতিৰ হকে ব্যৱহাৰ কৰিবলৈ শিকিছোনে? জীৱনৰ গভীৰতম আনন্দ আৰু প্ৰশান্তিৰ সঞ্জীৱনী সুধা আহৰণৰ নিমিত্তে উৎসৰ সন্ধানত আমি এতিয়াও সিদ্ধি লভিব পৰা নাই৷ 'মূৰ্খৰ বাকচ'টোৰ ভিতৰৰ চৰিত্ৰবোৰে দেখুৱাই থকা কৰ্ম-কাণ্ডবিলাকক লৈ ক্ষোভ উজাৰিয়েইতো আমি অনৰ্থক মূৰ গৰম কৰি আহিছোঁ, শক্তি ক্ষয় কৰি আহিছোঁ৷ ব্যক্তিৰ, সমাজৰ, দেশৰ, জাতিৰ উত্তৰণৰ পৰিপ্ৰেক্ষিতত কথাবোৰ কিমান দুঃখজনক, কিমান নঞৰ্থক, নহয়নে?

(প্ৰকাশ : ‘নতুন দৈনিক’, ২.৭.২০০৩)

No comments:

Post a Comment