Wednesday, 30 July 2014

নিজকে বিচাৰি...

- কি হ’ল… ম’বাইল-চ’বাইল অফ যে?

- এ’ কি ক’বি আৰু! আমাৰ নেটৱৰ্কেই নাই অ’... কাৰেণ্ট নথকাত চাৰ্জো কৰিব পৰা নাই...
ফাকি দি দিলোঁ তাক৷

- কথা ক’বলৈ আহিছ? ঈদ মুবাৰক জনাওঁ বুলি ফোন কৰি কৰি হায়ৰাণ হৈ গ’লোঁ৷ পিছত এছ.এম.এছ. এটাকে চেণ্ড কৰি দিলোঁ৷ বিশ্বাস নকৰিলে চাই ল’বি, হয়নে নহয়৷

- নাই অ’, মোৰ হেণ্ডছেটটোৰ অৱস্থাই নাই৷ সেই কাৰণে মাৰি মাৰি নাপালি চাগৈ৷
আকৌ এটা নতুন ফাকি৷

হয়ো অৱশ্যে৷ কী-পেডটোৰ বাৰটা কীৰ ভিতৰত সাতটাই অন্তৰ্ধান৷ কোনটো কেতিয়া ক’ত পৰিল, নাজানো৷ কোনোবাটো পাই বুটলি থৈ দিছিলোঁ৷ পিছে কাম নাই৷ সন্মুখৰ ষ্টিলৰ পাতল ক’ভাৰটোও কাৰোবাৰ লগত কথা পাতি থকা অৱস্থাতে দীঘলে দীঘলে সৰি পৰে৷ ৰাবাৰ বেণ্ড এডাল মাৰি চলাই আছোঁ৷ ইফালে বেটেৰীটোৱেও চাৰ্জত দিওঁতে কিছু সময়ৰ পিছতহে ৰেচপণ্ড কৰে...

- নতুন এটা লৈ নলৱ কিয়? (...) এটাকে ল৷ ভাল লাগিব৷

- ধুউৰ...

ক্ষন্তেক দুয়ো নিস্তব্ধ৷

- কি হ’ল ঐ? হেল্ল’…

- শুনি আছোঁ৷ অন্য এটা কথাহে ভাবি আছোঁ৷

- কি? কচোন৷ বেলেগ কিবা ল’বি চাগৈ?

- নাই, বেলেগ একো নহয়৷ কওঁ বাৰু, শুনচোন... টিভি, নিউজ পে’পাৰটোতো লাহে লাহে এৰিছোঁৱেই৷ এতিয়া এই ম’বাইলটোও...

- ধেই...

- অঁ, সঁচাকৈ কৈছোঁ৷ এই তিনিবিধ এৰিব পাৰিলে অন্য এবিধ পোৱা যায় বুলি ধাৰণা এটা হৈছিল৷ তাকে যোৱা তিনিদিনত এক্সপেৰিমেণ্ট এটা কৰি চালোঁ৷ তোক অলপ আগতে মিছাকৈয়ে কৈছিলোঁ, নেটৱৰ্ক নাছিল বুলি৷ বেয়া নাপাবি৷ যোৱা তিনিদিন ধৰি ফোনটো মই আচলতে ইচ্ছাকৃতভাৱেই চুইচ অফ কৰি থৈছিলোঁ৷ আজি অলপ আগতে অন কৰোঁতে তোৰ মেচেজটোও পাইছোঁ৷ ধন্যবাদ দেই৷

- অ’... কি পোৱাৰ কথা ক’ব বিচাৰিছিলি তই? কচোন ক… শুনো৷


- শুনিবি? শুন তেন্তে... কথাটো হ’ল... সেই তিনিবিধ এৰিব পাৰিলে নিজকে বিচাৰি পোৱা যায়৷ নিজকে নিজে চিনি পাবলৈ, নিজৰ সৈতে নিজে কথা পাতিবলৈ মন নাযায়নে? টিভি, নিউজ পে’পাৰ আৰু ম’বাইল ফোন বাদ দি মই তাৰেই পৰীক্ষা চলালোঁ, আৰু গম পালোঁ যে ঠিকেই, কথাটো হয়৷

No comments:

Post a Comment