Monday, 8 December 2014

বিয়ালৈ নমতাৰ দুখ আৰু আনন্দ
(গল্প নহয়, সত্য)


পুত্ৰ-বোৱাৰীসহিত বৰানী বাইদেউ৷ পদূলিমুখতে ৱাগন-আৰখন ৰখাই দেউতাৰ নাম ধৰি আমাৰ এওঁকেই সুধিছিল হেনো... ‘অমুকৰ ঘৰ কোনটো’ বুলি৷ মই গমেই নাপাওঁ৷ এৱোঁ চিনি নাপায়৷

কাম সামৰি ড্ৰয়িং ৰুমৰ দৰজাখন ঠেলি সোমাই যাওঁতেহে দেখিলোঁ, আৰে! বাইদেউ দেখোন! লগত পুত্ৰ৷ কাষত সেইগৰাকী নিশ্চয় বোৱাৰীয়েকেই হ’ব৷ দীঘলীয়া নমস্কাৰ এটাৰে আটাইকে এফালৰ পৰা সাদৰ-সম্ভাষণ জনালোঁ৷ তাৰ লগে লগে মাহদিয়েক পুৰণি দৃশ্য এটা মনৰ পৰ্দাত ভাহি উঠিল৷

এদিন পুৱা৷ অইন দিনাৰ দৰে মৰ্ণিং ৱাকত ওলাইছোঁ৷ কেঁকুৰীটোতে হওক বৰানী বাইদেউৰ সৈতে দেখাদেখি৷ দূৰৰ পৰাই তেওঁ দেখোন হাত দুখন যোৰ কৰি মুখৰ আগলৈ আহিল! চকুত ইতস্ততঃ প্ৰকাশক চাৱনি৷ ‘বেয়া-চেয়া নাপাবা আৰু৷ ল’ৰাৰ বিয়ালৈ তোমালোকৰ ঘৰৰ কাকো মতা নহ’ল৷ পুৰণি মানুহ৷ কেনেকৈযে থাকি গ’ল! মনটো বৰ বেয়া লাগি আছে অ’৷ দায়-দোষ নধৰিবা দেই৷ মাৰা আৰু দেউতাৰাকো কথাটো জনাবা আৰু বেয়া পাবলৈ মানা কৰিবা৷’

বাইদেউৰ মনত দোষী দোষী স্পষ্ট ভাব৷ ঘৰ সোমায়েই কথাটো জনাজনি কৰি দিলোঁ৷ মাকো, দেউতাকো৷ আমাৰ বাবে সেইটো অৱশ্যে একো ধৰ্তব্য বিষয় বা পইণ্ট নহয়৷ বিয়ালৈ নামাতিলেই যেনিবা, কিনো ধৰিবলগীয়া আছে তাত? অতীতত তেনেকুৱা আমাৰোতো ঘটি গৈছে! মোৰ বিয়াতেই ৰৈ গৈছিল দেখোন অৰ্চনাহঁতক মাতিবলৈ৷ পিছতহে খেয়াল হ’ল৷ অৰ্চনাৰ মাকে আমাৰ মাক দেখা পালেই আগুচি ধৰি কয়... 'এনেয়েতো বৰ আহিব পাৰ, ল'ৰাৰ বিয়ালৈ হ'লে নামাতিলি? ইমানযে ভাবি আছিলোঁ, বিয়াখন খামগৈ বুলি!' কথাটো এতিয়াও ঘৰত মাজে মাজে ওলায়৷ তেনে হোৱা অনুচিত যদিও পৰিয়ালৰ প্ৰথমখন বিয়াত আয়োজনৰ হেমগেমত অনেক কিছু ঘটে৷ নিজৰ ক্ষেত্ৰত হোৱা গতিকে বৰা পৰিয়ালৰ বৰপুত্ৰৰ বিয়াৰ নিমন্ত্ৰণ নোপোৱা কথাটোও ঘৰত সহজভাৱেই লোৱা হৈ গৈছিল৷ বৰানী বাইদেউৰহে চাগৈ নিজকে বুজাব নোৱাৰা ধৰণে অসন্তুষ্টি এটা থাকি গ’ল৷ ভাব প্ৰকাশত কিবা যেন দোষী দোষী সুৰ এটা লক্ষ্য কৰিলোঁ৷

সেইগৰাকী বাইদেৱেই পুত্ৰ জিতু আৰু বোৱাৰী মাতুসহ আজি বিয়লি আমাৰ ঘৰত পদাৰ্পণ কৰিলে, দায়-দোষ খণ্ডনৰ অভিপ্ৰায়েৰে৷ বিয়লি চাৰে চাৰি বজাৰ পৰা চাৰে সাত বজালৈ তিনি ঘণ্টা সময় আমিও তেওঁলোকক প্ৰতি মুহূৰ্ততে ঘেৰি থাকিলোঁ৷ কথা-বতৰা, আদৰ-আপ্যায়নত যাতে কোনো ত্ৰুটি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমিও অতিথি সৎকাৰত সময় আৰু হৃদয় দিলোঁ৷ বাইদেউক সহজ কৰিবলৈ মাজে মাজে বিয়াত আমাক নমতাৰ কথাটোও চল পালেই উনুকিয়াই থাকিলোঁ৷ হাঁহি-ধেমালিৰে সন্ধিয়াটো বেছ উপভোগ্য হৈ উঠিল৷ তিনিটা ঘণ্টা কেনেকৈনো পাৰ হ’ল কোনেও গমেই নাপালোঁ৷ বাইদেৱে ‘আজিহে মনটো পাতল লাগিছে’ বুলিবলৈ বাধ্য হ'ল৷ যাবৰ পৰত মান হিচাপে গামোচা এখন আগ কৰি ন-বোৱাৰীজনীয়ে দেউতাৰ আগত আঁঠু লোৱা দৃশ্যটো আছিল বৰ্ণনা কৰিব নোৱাৰা বিধৰ, অতি আৱেগিক৷

পাহৰণিতে হওক বাৰু, বিয়াখনলৈ আমাৰ পৰিয়ালক নিমন্ত্ৰণ নকৰাৰ বাবে বোৱাৰীসহিত বৰানী বাইদেউক এতিয়া আমাৰ ঘৰত আমাৰ মাজত এনেকৈ অন্তৰংগভাৱে, দীৰ্ঘ সময়ৰ বাবে পাই বেলেগ ধৰণৰ আনন্দ এটা লাগিল৷ বিয়াখনলৈ মতা হ’লে, গৈও কিজানি এইটো আনন্দ নাপালোঁহেঁতেন৷ গতিকে আটায়ে ঈশ্বৰক ধন্যবাদ দিলোঁ৷ তেৰাই যি কৰে ভালেই কৰে বুলি পতিয়ন গ’লোঁ, আকৌ এবাৰ৷

Sunday, 7 December 2014

বাছ ষ্টেণ্ডত ৰৈ
(গল্প নহয়, সত্য)


কাৰোবাক থ’বলৈ, কাৰোবাক আনিবলৈ বা আন কিবা কাৰণত বাছ ষ্টেণ্ডলৈ যাব লগা থাকিলে, খুব মজা পাওঁ৷ সময়তকৈ অলপ আগতীয়াকৈয়ে হাজিৰ হওঁগৈ৷ চৌপাশৰ আলেখ-লেখ চাওঁ৷ ঘটনা-পৰিঘটনাবোৰ লক্ষ্য কৰি নীৰৱে এক ধৰণৰ আনন্দ লওঁ৷

কাউণ্টাৰৰ ফুটাটোৰ সন্মুখত উখনা-উখনি এখন চলে৷ ‘তাৰ গাড়ীত কিয় এতিয়াই টিকট মাৰিছ?’ 

দুখন গাড়ীৰ তদাৰককাৰীৰ মাজতো হেতাওপৰা৷ ‘এইখনত উঠক বাইদেউ, এইখন আগতে যাব৷’ ‘সৌখনত বহি লওক খুৰা৷ ডাইৰেক্ট গাড়ী৷’

কোনোবা এটাই চিঞৰে৷ ‘ঐ সময় হ’ল৷ ষ্টাৰ্ট দে, ষ্টাৰ্ট দে৷’

কতনা তালুকি-ভালুকি! সময় পাৰ কৰোৱাৰ ফন্দি৷ হেণ্ডিমেন-কণ্ডাক্টৰৰ খেদাখেদি, দৌৰাদৌৰি, ঢকিয়াঢকি, গতিয়াগতি, গুৰিয়াগুৰি৷ কুকুৰ-চুপতিখন চাই ভাল লাগে৷

হঠাতে দুজন লোকৰ মুখামুখি৷ কথা কটাকটি, উচ্চ-বাচ্য৷ মুখ চম্ভালিবলৈ নাই৷ ভাবনাত যি আহিছে অকৃত্ৰিমভাৱে তাকেই বতাহত উলিয়াই দিছে৷ মাজে মাজে অবাইচ শব্দ একোটাও৷ ডাঙৰ কাজিয়া এখনেই হ’ব যেন লাগিছে! পিছ মুহূৰ্ততে দেখোঁ, ইজনে সিজনৰ বাহুবন্ধনত সোমাই পৰিছে৷ হাঁহিৰ জোৱাৰ উঠিছে৷ পান দোকানখনৰ আগত দুয়ো অৱস্থান লৈছেগৈ৷ তামোল একোখনকৈ মুখত সুমুৱাইছে৷ ওঁঠত এটাকৈ চিগাৰেট৷ গম পালোঁ, দুয়োজনেই একে লাইনৰ বাছ ড্ৰাইভাৰ৷ পিককণ পেলাই এজনে আনজনক ক’লে, ‘মই গৈ থাকোঁ দে, তই আহি থাকিবি৷ হেৰি কৰিবি অ’, মাজনীক আমাৰ ঘৰত কেইদিনমান থকাকৈ আহিবলৈ ক’বি৷’

‘বকলীয়া, লাংহিন, ডকমকা…৷’ কেইটামানে অনবৰতে ইফালৰ পৰা সিফাল কৰি চিঞৰিয়েই থাকে তালফাল লগাই, বিৰাম নোহোৱাকৈ৷ মুখ বিষায়নে নিবিষায়জানো! কোনোবাই এদিন কৈছিল, সিহঁতে বোলে ৰাতি টোপনিতো বকে... বকলীয়া লাংহিন, ডকমকা... টাইম হৈ গ’ল… টিকট লৈ লওক৷

সম্ভাব্য পেচেঞ্জাৰৰ ওপৰত সিহঁতৰ শেনচকু৷ সন্মুখেৰে পাৰ হোৱা সকলোকে যাত্ৰী বুলিয়েই ভাবে৷ সন্তানসহ অহা এক মহিলাৰ পিছত লাগিছে তাৰে দুটা৷ নিজৰ গাড়ীখনত উঠাবলৈ দুবছৰীয়াটোক লৈ দুয়োৰে মাজত টনাটনি৷ মাকৰ ইফালে চিন্তাক্লিষ্ট মুখমণ্ডল৷ চকুৰ আগত কি ঘটিছে একো ভু-ভটঙকে পোৱা নাই৷ পোৱালিৰ হুৰাওৰাও কান্দোন৷

‘ক’লৈ যাব দাদা?’ কথা সুধি উত্তৰলৈ বাট নাচালেই৷ মানুহ এজনক কাউণ্টাৰলৈ পঠিয়াই এটাই বেগটো বুকুত সাবটি নি চিধাই নিজৰ গাড়ীত উঠালেগৈয়ে! আচল গাড়ী পিছে সেইখন নহয়৷ তাতোকৈ আগতে যাব লগাখনহে৷ সি কিন্তু টানিছে সিখনলৈ৷ দুয়োখনেই দুফালে লাগি আছিল৷ কাউণ্টাৰৰ মালিকে ধমক দিলে৷ সুধিলে, ‘ঐ, বেগটো ঘূৰাই দিলিনে নাই মানুহজনক?’ সি ক’লে, ‘দিলোঁ, দিলোঁ৷’ ‘তেনেকুৱা নকৰিবি৷ কিবা হেৰালে তইহে ভৰিব লাগিব৷’ তাৰ পিছত এটা সত্য কাহিনী শুনালে৷ এবাৰ হেনো এজন যাত্ৰীয়ে ছাগলী আনিছিল৷ ছাগলী মুঠতে চাৰিটা৷ বাটত নমোৱাৰ সময়ত তেওঁ দাবী কৰিলে বোলে ছাগলী পাঁচোটাহে আছিল৷ এটা ক’ত গ’ল? ক’ৰবাত নমাই দিয়াৰো অভিযোগ তুলিলে৷ কথা গৰম হৈ গৈ থাকিল৷ উপায় নাই৷ অৱশেষত বাছেই ভৰিব লগা হ’ল৷ এনেকুৱা আশ্চৰ্যজনক ঘটনাও ঘটে!

মাক আৰু জীয়েক৷ ক’ৰবালৈ যাব চাগৈ৷ মাকৰ হাতত পুৰণিজাতৰ ম’বাইল ফোন৷ অ’পাৰেট কৰিবও ভালকৈ নাজানে চাগৈ৷ বাৰে বাৰে জীয়েকৰ ফালে আগুৱাই দিছে৷ জীয়েকজনী ইফালে সাজোনে-কাচোনে আধুনিকা৷ হাতত মস্ত ষ্ক্ৰীণ টাচ্চ এটা৷ আজিকালিৰ ষ্টাইলত, পাৰ্লাৰত ষ্ট্ৰেইট কৰা চুলিখিনি তিনিভাগকৈ মেলা৷ টাইট জিনছ, ভৰিত হাই হিল৷ ঘনেপতি চুলিকেইডালত ওপৰৰ পৰা তললৈ এখন হাত বুলাই আছে৷ কান্ধত ভেনিটি বেগ৷ এখন হাতত মস্ত ম’বাইলটো৷ বাঁওহাতৰ তলুৱাত পাতি লৈ সোঁহাতৰ তৰ্জনীৰে খুঁটিয়াই খুঁটিয়াই কিবা চায়৷ চুলি ঠিক কৰে৷ আকৌ খুঁটিয়ায়৷

বিভিন্ন জাতৰ মানুহ দেখিবলৈ পোৱা যায় বাছ কাউণ্টাৰবোৰত৷ ভিন্ন জন, ভিন্ন মন৷ ভিন্ন বেশ-ভূষা, ভিন্ন গতি-বিধি৷ এই বিচিত্ৰতা মন কৰি বৰ ভাল লাগে৷

Saturday, 6 December 2014

পৰিৱৰ্তন বিচাৰি...
(গল্প নহয়, সত্য)


১৯৭৯চনতে স্থাপিত ক্লাবটো৷ ইলেভেন ষ্টাৰ আছিল নাম৷ কালৰ কুটিল গতিত এদিন নোহোৱা হৈ থাকিল৷ পিছে সিদিনা (যোৱাটো দেওবাৰে) পুনৰ্জীৱন লাভ কৰিলে৷ নাম ল’লে ইলেভেন ষ্টাৰ ফুটবল ক্লাব৷ চমুকৈ ইলেভেন ষ্টাৰ এফ.চি.৷ এই নৱজীৱনৰ অৰ্থে দৰকাৰ হোৱা সঞ্জীৱনীকণৰ যোগান ধৰোঁতা নিশ্চয়কৈ হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগেই বুলিব লাগিব৷ গুৰি ধৰোঁতাজনকো ‘অকব’ৰ পাঠকে নিশ্চয়কৈ চিনি পাব৷

গাড়ীখন ৰখাই গপগপকৈ সোমাই আহিল চিনাকি মানুহজন৷ ‘চিঠি এখন বনাই দিয়াচোন৷ আজিয়েই লাগে৷ খেলা-ধূলাৰ উন্নতি সাধনৰ জৰিয়তে সামাজিক উন্নয়নৰ বিষয়ে আলোচনা কৰিবলৈ দেওবাৰে মিটিং এখন পাতিছোঁ৷’

সিমান কথাই যথেষ্ট৷ গম পাই গ’লোঁ পিছৰখিনি৷ পকেটৰ পৰা উলিয়াই তেওঁ কাগজ এখন দেখুৱালে৷ ক্লাবৰ এমব্লেমটো কাঠ পেন্সিলেৰে আঁকিছে৷ ‘এইটো চোৱাচোন৷ ফ্ৰী টাইমত বনাই থ’বা৷ ফ্লেগ আৰু জাৰ্চিৰ ডিজাইনো কৰি দিব লাগিব, মৰ্ণিং ষ্টাৰৰ কৰি দিয়াৰ নিচিনাকৈ৷’

এল. পি. স্কুলতে মিটিংখন হ’ল৷ পুনৰুজ্জীৱিত হ’ল ইলেভেন ষ্টাৰ ক্লাব৷ ফুটবলৰ নামত জীৱনৰ সুদীৰ্ঘ, একাংশ সময় উচৰ্গা কৰা পুতুলদাই ইয়াত অনুঘটকৰ ভূমিকা লৈছে৷ ফুটবল বুলিলে উৎসাহৰ অন্ত নাই৷ তেনে উৎসাহৰে বশৱৰ্তী হৈ একেদিনাই এমব্লেমটো ডিজিটেলাইজড কৰি পেলালোঁ৷ কি আচৰিত! একেবাৰতে পুতুলদাৰো পছন্দ হৈ গ’ল৷ এলাপেছা কামেৰে এই মানুহটোক সন্তুষ্ট কৰাটো অসম্ভৱ কিন্তু৷ মানসিকতা বুজি কাম কৰিব পাৰিলে হ’ব, নহ’লে বৰ মস্কিল!

বিদ্যালয় পৰ্যায়ত খেলা-ধূলাৰ অৱনতি আৰু ছাত্ৰ-ছাত্ৰীৰ অনীহাক লৈ আমি সততে দুখবোধত ভোগো৷ চিন্তা কৰোঁ, কেনেকৈ আগৰ সোণালী সুদিনবোৰ ঘূৰাই অনা যায়৷ এনুৱেল স্পৰ্টছ সঁচাকৈ হয়নে আজিকালি? নে বিদ্যালয় বুলিলে শিক্ষক-অভিভাৱক, পিতৃ-মাতৃয়ে কেৱল এ বি চি ডি, ৱান টু থ্ৰি ফ’ৰ আয়ত্ত কৰা ঘৰ একোটাকহে বুজি আছে? অতীতৰ খেল-ধেমালিৰ মুকলি পৰিৱেশটো, প্ৰকৃতিৰ সৈতে মিতিৰালি পতা মুহূৰ্তবোৰ ক’ত হেৰাই গ’ল? সকলোকে যেন লাগে একো একোজন পাঠ্যপুথিবিশাৰদ সন্তান! শ্ৰেণীকোঠা, টিউচন, কোচিং ক্লাছ, মাৰ্কচিট, পিঠিৰ বেগটোৰ বাহিৰে চিনাবলৈ আন একো নায়েই যেন!

অলিয়ে-গলিয়ে, যেনিয়ে-তেনিয়ে বিদ্যালয় কিছুমান স্থাপন হোৱাটো নিশ্চয় দৃষ্টিগোচৰ নোহোৱাকৈ কাৰো থকা নাই৷ পিছে, ন্যূনতম হিচাপত, শিক্ষানুষ্ঠানবোৰৰ নিজাববীয়া খেলপথাৰ একোখন আছেনে? খেলৰ সা-সুবিধাবোৰ কেনেকুৱা? গেইম ফিজ নোলোৱাকৈ আছে জানো? তাৰ বিপৰীতে প্ৰশিক্ষণ আগ বঢ়োৱা হৈছেনে? প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছেনে? অধ্যয়নৰ সমান্তৰালভাৱে অনেক বিষয়ৰে বিকাশ বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীবোৰৰ হ’ব লাগিব৷ স্তৰ অনুযায়ী প্ৰয়োজনীয় সা-সুবিধা তেওঁলোকক দিব লাগিব৷ এই সকলোবোৰ মিলিয়েইটো স্কুলীয়া জীৱনটো৷ তেতিয়া হ’লে কণমানিহঁত বঞ্চিত হ’ব কিয়? শিক্ষাৰ অৰ্থ কেৱল কিতাপ পঢ়া, পৰীক্ষা দিয়া, নম্বৰ গোটোৱাতে সীমাবদ্ধ নিশ্চয় নহয়৷ এনে সংকীৰ্ণতাই আজি প্ৰজন্মৰ পিছত প্ৰজন্মক অতি সন্তৰ্পণে আৰু অকালতে পক্ষাঘাত-আক্রান্ত ৰোগীৰ সমপৰ্যায়ৰ কৰি তুলিছে বুলিলে চাগৈ একো ভুল কোৱা নহ’ব৷ এই অৱস্থাটোৰ পৰা আমাক যিমান পাৰি সিমান সোনকালে পৰিত্ৰাণ লাগে৷ বিদ্যালয়বিলাকৰ এনে ধৰণৰ বঞ্চনাক আমি তুৰন্তে বুজি উঠিব লাগিব আৰু ইমানতে প্ৰতিৰোধ কৰিব পাৰিব লাগিব৷ তাৰ বাবে ইচ্ছুকসকল একগোট হোৱা আৰু ইতিবাচক পদক্ষেপ লোৱাটো বৰ জৰুৰী কথা হৈ পৰিছে৷ খেলা-ধূলাৰ উন্নতি কৰণৰ জৰিয়তে সামাজিক উন্নয়ন সাধিবলৈ সমাজত নিষ্ঠাৱান ক্রীড়া সংগঠক এচামৰ অতিকৈ প্ৰয়োজন হৈছে৷

ফুটবলক ভাল পোৱা একাংশ ক্রীড়া সংগঠকৰ আন্তৰিক প্ৰচেষ্টাত, আমাৰ ইয়াত তাকেই কৰা হ’ল যোৱাটো দেওবাৰে৷ আপোনাৰ অঞ্চলত একা? 

Friday, 5 December 2014

শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ ৰংবং তেৰাং ছাৰৰ এটি গীত৷ ডক্টৰ ভূপেন হাজৰিকাক উদ্দেশ্য কৰি ১৯৬৪চনত গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেখেতে জীৱনৰ এই প্ৰথম গীতটি লিখিছিল৷ কাৰবি গীতিকাৰ, সুৰকাৰ, শিল্পীগৰাকীৰ গীতটি ‘অকব’ৰ পাঠকসকলৰ বাবে উদ্ধৃত কৰা হ’ল৷

হে’ শিল্পী বন্ধু!
মোৰ হেজাৰ কাৰদম তুমি ল’বা৷
মোৰ এটি অনুৰোধ তোমালে
তাক হিয়াৰ উমেৰে জীয়াবা৷
হে’ শিল্পী বন্ধু!
আজি কাৰবি পাহাৰৰ বুকুলে
তোমাক হেজাৰ ‘লংকি’য়ে মাতিছে
লুইতৰ ৰংমনৰ স’তে আকৌ
চিনাকি হোৱাৰ আশাৰে
তোমাৰ কণ্ঠত আছে আছে ভাষা
তোমাৰ সুৰত আছে আছে আশা৷
(সেয়েহে) নিৰাশ ‘কাদমে’ও বিচাৰে
তোমাৰ মনৰ এটি অনুকম্পা
হে’ শিল্পী বন্ধু!
‘লংকি’ আৰু ‘কাদমে’ চিঞৰিছে
ৰংমন ৰহদৈয়ে সঁহাৰিছে,
বহু যুগৰ চিনাকি বৰ ঘৰত
আজি যুগৰ এলান্ধু বান্ধিছে৷
হে’ শিল্পী বন্ধু!
মোৰ হেজাৰ কাৰদম তুমি ল’বা৷
তোমাৰ কণ্ঠ আৰু সুৰেৰে
যুগৰ এলান্ধু তুমি সাৰিবা৷
হে’ শিল্পী বন্ধু!
মোৰ হেজাৰ কাৰদম তোমালে...


(উৎস পুথি : সমন্বয়ৰ ৰূপকাৰ, সম্পাদনা পৱিত্ৰ বৰা আৰু খনীন্দ্ৰ কুমাৰ ডেকা)

Wednesday, 3 December 2014

মোডীজীৰ সৈতে সন্ধিয়াৰ আড্ডা
(গল্প নহয়, সত্য)


কালি সন্ধিয়াটো মোডীজীৰ সৈতে কটালোঁ৷ ‘গুড ইভিনিং মোডীজী’ বুলি কেইফুটমান আঁতৰৰ পৰাই চিঞৰ মাৰি জনোৱা সম্ভাষণ বাক্যফাকি কাণত পৰাৰ লগে লগে মোডীজীয়ে ত’ৰ পৰাই সোঁহাতখন মোৰ ফালে আগুৱাই থ’লে৷ ভিতৰ সোমোৱাৰ ইংগিত দিলত ওচৰ পায়ে থপিয়াই হাতখন ধৰি পেলালোঁ, হেণ্ডচেক ভংগীমাৰে৷ অনুৰোধ আহিল, আসন গ্ৰহণ কৰিব লাগে বুলি৷ দুয়ো মুখামুখিকৈ বহি ল’লোঁ৷ তাৰ পিছত হাৰ্ডৱেৰৰ ৰাজ্য এৰি তেৱোঁ বিচৰণ কৰিলেগৈ অষ্ট্ৰেলিয়া, আমেৰিকা, মাউলিননং, গেমছ এণ্ড স্পৰ্টছৰ দুনীয়াত৷ হাঁহি-আনন্দৰ মজা লৈ পাৰ হ’ল শীতৰ এটা সন্ধিয়া৷

অ’. পি. মোডীজী বাষষ্ঠি চনৰে মেকানিকেল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট৷ বিৰলা প্লাইউড ফেক্টৰীৰ এসময়ৰ নিষ্ঠাৱান আৰু কৰ্মপটু চাকৰিয়াল৷ চুপ্ৰিম ক’ৰ্টে কাঠ কটাত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত ফেক্টৰী এদিন বন্ধ হোৱাৰ উপক্রম ঘটিল৷ পূৰ্বৰ কাম বাদ দি মোডীজীয়ে আৰম্ভ কৰিলে হাৰ্ডৱেৰৰ দোকান৷ চহৰৰ মাজ-মজিয়াত বজাৰৰ এমূৰে এই 'জগদম্বা এণ্টাইপ্ৰাইজেচ'তে তেতিয়াৰ পৰা এতিয়ালৈ দেখি আহিছোঁ সদাহাস্যময় মানুহজনক৷ দেউতাৰ সমসাময়িক বয়সৰে হ’ব চাগৈ তেওঁ৷ অন্তৰংগতা বেছি কিন্তু মোৰ লগত৷ তাৰ স্পষ্ট কাৰণ নথকা নহয়৷ প্ৰথম কথা, উভয়ৰে শিক্ষাগত চাৰ্টিফিকেটৰ ৰূপ একেটাই৷ মাত্ৰ বছৰৰ আগ-পাছ৷ এই তফাৎ সুদীৰ্ঘ বৰ্ষৰ যদিও দৃষ্টিভংগী আৰু মন কিন্তু তেনেই আধুনিক৷ দ্বিতীয় কাৰণটোৱে সম্পৰ্কটো সবল ৰখাত এক ধৰণৰ অনুঘটকৰ কাম কৰি আহিছে৷ উভয়ে একোজন চেল্ফ এমপ্লয়ড, বেচৰকাৰী মানুহ৷ গতিকে ওপৰৱালা কেও নাই৷ কাৰো আঙুলিৰ নিৰ্দেশো মানিবলৈ নাই৷ অৰ্থাৎ, নিজেই নিজৰ বছ৷ বিন্দাচ বুলি যাক কয়৷

মোডীজীৰ চাৰিগৰাকী দুহিতা৷ সকলো বিবাহিতা৷ এজনী গুৱাহাটীত, এজনী লণ্ডনত, এজনী ইউ.এছ.এ.ত, এজনী মুম্বাইত থাকে৷ প্ৰথমে ঘৰুৱা কথা-বাৰ্তা, ভাল-বেয়া ইত্যাদি৷ তাৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সূত্ৰ ধৰি মাননীয় প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টাত ২অক্টোবৰত সূচনা হোৱা স্বচ্ছ ভাৰত অভিযানৰ আলাপেৰে আমাৰ আলোচনাই গতি লাভ কৰিলে দেশ-বিদেশ মহতিয়ায়৷ নিজে গৈছে বাবেই মোডীজীৰ চাক্ষুস বিৱৰণীও জীৱন্ত, প্ৰাণৱন্ত৷ মনে বিচৰা প্ৰসংগৰে তেওঁ মোক মানসিক পৰিতৃপ্তিৰ ৰসত তেনেই জুবুৰিয়াই পেলালে৷ চাফ-চিকুণতাৰ প্ৰসংগ লৈয়ে স্থানীয়ৰ পৰা গৈ মাউলিননঙৰ কথাও ওলাল৷ নিজে এবাৰ যোৱা হেতুকে মোৰো বৰ্ণনা শক্তিশালী হৈ পৰিল আৰু মোডীজীক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰিলোঁ৷ 

ঘঁড়ীৰ কাঁটা আগ বাঢ়ি গৈ থাকিল৷ তাৰ মাজতে কফি আহিল৷ লাহে লাহে আলোচ্য বিষয়ে খেলপথাৰলৈ টাৰ্ণ ল'লে৷ দেউতাকৰ দিনৰ কনচেপ্তটো মোডীজীয়ে হাঁহি হাঁহি মাতি শুনালে... ‘খেল’গে’ কুদ’গে’ হ’ যাৱ’গে খাৰাব, পঢ়’গে’ লিখ’গে’ বন যাৱ’গে’ নবাব৷’ তেতিয়াৰ পৰা এতিয়ালৈ কতযে দিন গৈ ৰাতি হ’ল, ৰাতি বাগৰি পুনৰায় দিন হ’ল! সমান্তৰালভাৱে, ধাৰণাবিলাকো দেখ দেখকৈ কিমানযে সলনি হৈ পৰিল! আন নালাগে, খেলি-দৌৰি মহাৰাজ হোৱাটোও পৰৱৰ্তী কালত সত্য প্ৰমাণিত হৈ গ’ল৷ অন্তত মোডীজীয়েও তাকেই দোহাৰিলে আৰু পোষকতা কৰিলে খেলা-ধূলাৰ৷ ধন্যবাদ জনাই ঘৰমূৱা হ'লোঁ৷ অলপ পাছতে মোডীজীয়েও চাটাৰখন পেলালে৷

Tuesday, 2 December 2014

বাৰ্বি প্লেয়াৰ!
(গল্প নহয়, সত্য)


পঞ্চম শ্ৰেণীত পঢ়া ছোৱালীজনীক নিশা ভাত খোৱাৰ পিছত কাষতে বহি লৈ এনেয়ে সুধিলোঁ... ‘ইণ্ডিয়ান ছুপাৰ লীগত কোনটো টীমক চাপ’ৰ্ট কৰা, তুমি?’

অকণো দেৰি নকৰাকৈ তাই ঘপকৈ ক’লে... ‘নৰ্থ-ইষ্ট ইউনাইটেড এফ.চি.৷’ শব্দকেইটা যেন জিভাৰ আগত লাগিহে আছিল!

‘ইহঁতে দেখোন গলেই দিব নোৱাৰে৷ স্ক’ৰাৰ নাই৷ ফিনিশ্বিং দুৰ্বল৷ ড্ৰিবলিং বেছি৷ বেকপাছ, মিছপাছ...’

‘হ’লেও, নিজৰ টীম৷’

ৱৰ্ল্ডকাপত জাৰ্মানীৰ দুৰ্দান্ত সমৰ্থক আছিল এইজনী৷ ডিমাপুৰৰ পৰা জাৰ্চি এটা আনি দিলতহে শান্তি৷ এবাৰ ধোৱাতে সেইটো টান হোৱাত আকৌ কলকাতাৰ পৰা আন এটা৷ জাৰ্মানী চেম্পিয়ন হ’লত কিযে স্ফূৰ্তি! ফিলিপ লাম তেওঁৰ ফেভাৰিট ফুটবলাৰ৷ এতিয়া সলাইছে৷ এতিয়া বোলে অঝিল৷ ইফালে আকৌ বাৰ্ছিলোনাৰো ঘোৰ সমৰ্থক দেই৷ মন কৰিছোঁ, ব্ৰাজিল বিশ্বকাপৰ সময়ৰ পৰা ফুটবলে এইকো ভালকৈ লম্ভিছে৷

‘বাৰু, আই.এছ.এল.ত ফেভাৰিট প্লেয়াৰ কোন তোমাৰ?’

‘চান্তোছ৷’ অলপ পৰ ভাবি উত্তৰটো দিয়েই হাতত লৈ থকা ৰিম’ট কণ্ট্ৰলটো অ’পাৰেট কৰাত লাগিল তাই৷

তেনেকুৱাতে ককায়েকে ধৰিলে... ‘কোনটো চান্তোছ?’

‘ডছ চান্তোছ৷ দিল্লীৰযে৷’ চাৱনিটোত ‘মই চিনি নাপাওঁ বুলি ভাবিছ?’ টাইপৰ প্ৰকাশ৷

‘বাৰু, তোমালোকৰ ক্লাছৰ বাকীবোৰৰ ফেভাৰিট প্লেয়াৰ কোন কোননো, কোৱাচোন?’

‘ৰংগীৰহে আছে৷ বাকীবিলাকৰ নাজানো৷’

‘কিয়? বিকাই ফুটবল নাচায় নেকি?’

‘নাই নাচায়৷’

‘ফুটবল নাচায়?’

‘তাই বাৰ্বি খেলে৷ তমচিয়ে অলপ-চলপ চায়৷ দীপাইতো কয়েই, গেমছ এণ্ড স্পৰ্টছ বোলে তাই ভাল নাপায়৷’ কথাকেইটা কওঁতে বেকেটামুৱা হৈ পৰিল গোটেইজনী!

‘শৈলৰ কোনবা?’

‘বাৰ্বি খেলে৷’

‘অৰ্নিৰ?’

‘সিহঁত চবেই বাৰ্বি প্লেয়াৰ বুলি কৈছোঁৱেই দেখোন৷ এইবোৰ একো বুজি-চুজি নাপায়৷ ফেভাৰিট প্লেয়াৰ কেনেকৈ থাকিব?’


স্পষ্টকৈ কথাকেইটা কৈ তাই টিভিৰ পৰ্দাত মনোনিৱেশ কৰিলে৷ কাৰ্টুন ছবিখনতো ফুটবল এটা দেখা গ’ল৷

Monday, 1 December 2014

দাগ আচ্ছে হ্যে
(গল্প নহয়, সত্য)


পাঁচ নম্বৰী নিভিয়া বলটো পাই এইকেইদিন ক’ব নোৱাৰা হৈ পৰিছে ল’ৰা৷ কিমানবাৰযে ধন্যবাদ দিছে মোক! ধন্যবাদৰ পিছত ধন্যবাদ৷

সন্ধিয়া লাগিছে৷ আৰ্ট ক্লাছৰ পৰা আনি ঘৰৰ আগত নমাইছোঁ মাত্ৰ, দৌৰাদৌৰি আৰম্ভ৷ লক্ষ্য আন একো নহয়, নতুন ফুটবলটো৷

অলপ পিছতে ভনীয়েকৰ চিঞৰ... ‘বেগেতে আহাচোন, বৰ বেয়াকৈ কাটিলে ইয়াক৷ বহুত তেজ ওলাইছে৷’

চাওঁগৈযে হয়৷ গেটৰ মুখতে পিছল খাই পৰিল সি৷ গেটত লগোৱা টিনখনে ভালকৈ এবখলা নিলে৷ সোঁহাতৰ ভিতৰফালে কিলাকুটিৰ পৰা চাৰিআঙুল দূৰত৷ চাৰিআঙুলমান বহলকৈ ফালি মাংস ওলাই গৈছে৷ মাকে কিবা এখনেৰে হেঁচি ধৰিছে৷ মচিও আছে, বকিও আছে৷ কাপোৰখন তেজেৰে ৰাঙলী৷ ভনীয়েকৰ চকুপানী৷ সি কিন্তু অলপো কন্দা নাই! ঘাটুকুৰালৈ একেৰাহে চাই আছে৷

বুজিলোঁ, ই অলপ টান হৈছে৷ সৰুতে কেনেবাকৈ ক’ৰবাত অকণমান তেজ ওলালেই হ’ল আৰু৷ কান্দোনত যেন গছৰ পাত সৰাব, তেনে টাইপৰ আছিল৷

আঘাত পোৱা ঠাইখিনি নিৰীক্ষণ কৰি গালি এজাউৰি পাৰিলোঁ প্ৰথমে৷ তাৰ পাছত তুৰন্তে হস্পিতাল৷ ইমাৰজেন্সিৰ ডিউটিত থকা ডাক্তৰ নুনিচাই মনোযোগেৰে চালে৷ ‘চিলাব লাগিব৷ নহ’লে আগলৈ দাগ থাকি যাব৷ চিলালে দাগ নাথাকিব৷' তেওঁ ক'লে৷

ল'ৰাক অলপ চিন্তাত পৰা যেন লাগিল৷  ডাক্তৰৰ আগত একো ক’বও নোৱাৰে৷ মুখমণ্ডল চাই ভিতৰৰ অৱস্থা মই ধৰি পেলালোঁ৷ চিলোৱাৰ সপক্ষে এটা-দুটা বাক্য নিজেও ক’লোঁ৷ সি সেমেনা-সেমেনি কৰিলে৷

তেনেকুৱাতে ডেকা ডাক্তৰজনে তাৰ পিঠিত ঢকিয়াই কৈ উঠিল... ‘এ ডেকা ল'ৰা৷ নালাগে দিয়া চিলাব৷ দাগ থাকক৷ তেহে ডাঙৰ হ’লে আনক দেখুৱাব পাৰিবা৷ আৰু ক’বও পাৰিবা৷’

লগে লগে তাৰ মুখত হাঁহি বিৰিঙি উঠিল৷ ডাক্তৰে লিখি দিয়া প্ৰেছক্রিপচনখন হাত পাতি লওঁতে হাঁহিটো যেন একেবাৰে পূৰ্ণাংগ হ’ল! বিষ-বেদনা নিমিষতে শূন্য হৈ পৰিল! ড্ৰেচাৰজনে এণ্টিচেপ্তিক ড্ৰেচিং কৰি দিলে৷ বেণ্ডেজ সলাবৰ কাৰণে আহিবলৈ ক’লে৷ তাৰ পিছতে টিটেনাচ টক্সইড এটা৷ নাৰ্চকেইগৰাকীৰ লগত কথা পাতি থকা দেখি মনতে ভাবিলোঁ, আমাৰ দিনত বেজীৰ কথা ওলালেই বুকু কঁপি উঠিছিল আৰু ভয়তে পলাই পত্ৰং দিছিলোঁ৷ এতিয়া ইনজেকচনটো লওঁতে ইয়াৰচোন অকণো কেৰেপেই নাই৷

বুজিলোঁ, ই অলপ সাহসীও হৈছে তাৰ মানে৷ সৰুতে ডাক্তৰ, বেজীৰ নাম ল’লেই, চকুপানী কিন্তু আগত!

সকলোকে ধন্যবাদ জনাই ঘৰ পোৱাৰ পিছত মাকে কথাবোৰ সুধিলে৷ সি ক’লে... ‘ডাক্তৰজনে প্ৰথমে চিলাব লাগিব বুলি কৈছিল৷ পিছত নিজেই ক’লে, নালাগে বুলি৷ ময়ো ভালেই পালোঁ৷ দাগ থাকিলেহে পিছত বাহাদুৰী মাৰিব পাৰিম৷ নহ’লে দেখোন একোৱেই চিন নাথাকিব৷ সঁচা কথা ক’বলৈ প্ৰমাণ লাগিব নহয়৷ দাগ আচ্ছে হ্যে৷ বুইছা?’