Thursday, 28 May 2020

৮.৩ ৰিভাৰ বিচ্চ ভলীবল আৰু চ’ক’ তায়ুৰ দুঃসাহস


ভ্ৰমণপিপাসু অনুভৱী মনবোৰে সময়ৰ পূৰ্ণ আনন্দ ল’বলৈ ছট্‌ফটাই থাকে ৷ ভ্ৰমণে মানুহক পৰিপক্ক কৰে ৷ অভিজ্ঞতাৰে পৰিপক্ক হ’বলৈকে ইবাৰৰ পাছত সিবাৰকৈ ভ্ৰমণলৈ ওলাওঁ ৷ সৰহ মানুহ নোযোৱা স্থান বিচাৰি যাওঁ ৷ অনিশ্চয়তা, অসুবিধা আৰু কষ্টক জয় কৰিব পৰাতেইতো দুঃসাহসিক পৰ্যটকৰ সাৰ্থকতা ৷ তাতেই উৎপন্ন হয় লিখি বা কৈ শেষ কৰিব নোৱাৰা কাহিনী, উপ-কাহিনী কিছুমানৰ ৷ তেনে সত্য-প্ৰশস্তিৰ মাজত থাকে অন্তহীন সুখগাথা যি হৃদয়খন অনৱৰতে আনন্দময় ৰসেৰে জীপাল কৰি ৰাখে ৷ আপদ-বিপদৰ মাজেৰেই আহে জীৱনৰ বাবে কেতবোৰ দৰকাৰী শিক্ষা ৷ মানসিকভাৱে শক্তিশালী হোৱা-নোহোৱাৰ পৰীক্ষা-সম্পৰীক্ষাও সেয়া ৷ ভ্ৰমণক শিক্ষাৰ অংগ বুলি এনেয়ে নকয় ৷

কেতিয়ানো পাওঁগৈ সেইখিনি ! শূন্যত উঠা-নমা কৰি থকা ভলীবলটো ওলমা দলঙৰ ওপৰৰ পৰা চকুত পৰাৰ পাছৰে পৰাই মনটো ভীষণ কুটকুটাই আছিল ৷ বালিয়ৰি বাট বুলি ক্ষন্তেকতে পালোঁহি ৷ ৰাফটিং কৰি, আৰু ভলীবল খেলি উভতি অহা ১৫ জনীয়া যুৱকৰ দল এটাৰ সৈতে কথা পতা, আৰু গ্ৰুপ ফটো তোলা হ'ল ৷ ভলীবলটোও হাতলৈ আহি গ’ল ৷ কিমান বছৰযে খেলা নাই, পোনতে তাকে মনত পেলাবলৈ চেষ্টা কৰিছোঁ ৷ কিন্তু পৰা নাই ৷ অন্ততঃ এই মুহূৰ্তত অন্য কথা ভবাৰ অৱকাশেই বা ক'ত !

ৰিভাৰ বিচ্চ ভলীবলত বৰ্তমান খেলুৱৈৰ ভিৰ নাই ৷ বালিময় ক’ৰ্টখনত বাঁহৰ কামিৰে দি ৰখা হৈছে চাৰিসীমা ৷ নদীৰ বুকুৰ শিল আঁতৰাই জেগাকণ উলিওৱা হৈছে ৷ দুফালে পোতা আছে গা-গছৰ প’ষ্ট দুটা ৷ মাজত ওলমিছে নে’টখন ৷ জংঘলী আৰু নিৰ্জন পৰিৱেশত এনেকুৱা এক ভলীবল ক’ৰ্ট লোহিত নদীৰ বালুকাত, ডঙলৈ যোৱা হেঙিং ব্ৰীজখনৰ সমীপত, হট স্প্ৰীঙৰ দাঁতিত পাইছিলোঁ, পাইন বনাঞ্চলৰ মাজত ৷ বলৰ অভাৱত খেলা হোৱা নাছিল ৷ ইয়াত যেনিবা সহজেই পাই গ'লোঁ ৷ বলটো হাতত লৈ এনেকুৱা লাগিছে, পুৰণা দিনবোৰ যেন ঘূৰি আহিল ! পৰম আহ্লাদিত হৈ উঠিলোঁ ৷

প্ৰথম চাৰ্ভিচ ৷ দুৰ্বল ৷ নে’টলৈকে গৈয়ে নাপালে বল ৷ দ্বিতীয় চাৰ্ভিচো একেই ৷ নে’ট পাৰ নহ’ল ৷ কি হ'ল মোৰ ? তৃতীয় চাৰ্ভিচ ৷ কোনোমতে পাৰ হ’ল ৷ এইফালে হাতমোজা, জেকেট চব বালি বালি হৈ পৰিল ৷ জাৰি-জোকাৰি পুনৰ লাগি গৈছোঁ ৷ জোতাত বালি সোমাইছে ৷ ভ্ৰূক্ষেপ নাই ৷ এবাৰ হাতেৰে ঢুকি নোপোৱাকৈ বল এটা আহিল ৷ ৰখাওঁ বুলি সজোৰে মাৰি দিলোঁ চোঁত ৷ বল উৰি গ’ল নৈখনৰ ফালে ৷ সিখন ক’ৰ্টত থকা চ’ক’ই পাছে পাছে লৈছে খেদা ৷ ধৰিলেগৈ যেনিবা ৷ লগে লগে দৌৰি যাওঁতে দেখা পালোঁ, পাৰতে বাঁহ এডাল পেলাই থৈছে ৷ পানীত পৰি যোৱা বলত আঁজোৰ মাৰিবলৈকে নিশ্চয় ৷ কিন্তু সোঁতে লৈ গ’লে কি হ’ব ? ৰাখিব পাৰিবজানো ? ভাগ্য ভাল ৷ সেইটো নহ'ল ৷ অঘটন ঘটে বুলি পেটে পেটে ভয় লাগিছিলেই ৷

অলপ সময় ক’ৰ্টত কিবাকৈ তিষ্ঠি থকাৰ পাছত নিজৰে বিবেচনা হ’ল যে মই এতিয়া এই খেলৰ লায়ক হৈ থকা নাই ৷ গাত ইনাৰ, জেকেট, ৰেইনকোট, টুপী, মোজা ৷ পিঠিত স্কুলবেগ ৷ যিজাপহে পিন্ধি আছোঁ, খেলিবলৈ অসুচল হ'বই ৷ খুলি থৈ লওঁ নেকি ? খৰকৈ চিন্তা কৰিছোঁ ৷ নাই, খুলিব নোৱাৰি ৷ ঠাণ্ডা লাগিব ৷ তাতোকৈ ক'ৰ্ট এৰাই ভাল ৷ প্ৰাকৃতিক দৃশ্য চাম ৷ ইফালে-সিফালে ফুৰিম ৷ 'আউৰ নেহী খেলেগা' বুলি সজোৰ ঘোষণা কৰি দিলোঁ ৷

মই এনেকৈ কোৱাত সিটোফালে বলটো লৈ চ’ক’ই অকলে অকলে জাগলিং কৰাত ধৰিছে ৷ নোচোৱাকৈয়ে মোলৈ ৰিঙিয়াইছে, ‘মে’ জাগলিং কৰতা হুঁ ৷ আপ মে’ৰা ফ’টো খিচিয়ে হাঁ ৷’

চ’ক’য়ো যেন ঘূৰাই পাইছে শৈশৱ, কৈশোৰ, যৌৱন ৷ স্কুলীয়া নতুবা কলেজীয়া দিনত ফুটবলাৰ আছিল যেনেই লাগিছে শৰীৰী ভংগীমা আৰু বল নিয়ন্ত্ৰণ দেখি ৷ উত্তেজনাত ভলীবল হাতৰ পৰা গৈ ভৰি পাইছে তেওঁৰো, মানে ফুটবলৰ ৰূপ পালে !

মই কেমেৰা লৈ ৰে’ডী ৷ ক্লিক্‌ কৰি গৈছোঁ ৷ হঠাতে কি হ’লজানো, বেয়াকৈ গা উঠিল দেখোন ফুটবলাৰজনৰ ৷ ওপৰলৈ জোৰত মাৰি পঠিয়ালে ৷ দিশো ভুল হ’ল ৷ কাষৰ শিলগুটিৰ ওপৰত পৰিয়ে বলটোৱে নৈখনৰ ফালে গতি লৈ ল'লে ৷ চ’ক’য়ো পাছে পাছে খেদা মাৰিছে ৷ কিন্তু ক’ত ধৰিব পাৰে ? বলে ইতিমধ্যে পানী চুলেগৈয়ে ৷ জল-তৰংগই পাই আগুৱাই নিব ধৰিলে ৷ দৌৰি যোৱা চ’ক’ই জল আৰু স্থলৰ সীমনাত, বালিচটত ৰৈ এক মুহূৰ্তৰ বাবে কিবা এটা ভাবিলে ৷ ভাবিলে চাগৈ, বলটো গুচি গ'লে কি হ'ব ? তাৰ পাছতে আগ-পাছ নুগুণি জপং জপংকৈ দিলে পানীত নামি ৷

মই চাই আছোঁ ৷ বচ্চনো অসহায় দৰ্শক ৷ মনত প্ৰশ্ন ৷ হাৰে, হঠাতে কি হ’ল চ’ক’ তায়ুৰ ? কিয় এনেকৈ নদীত নামি যাব লাগে ? আমি ভাবি থাকোঁতেই তেওঁ আৰু আগুৱালে ৷ বলটোও আগলৈ উটি গৈ আছে ৷ চ'ক'ও সোমাই পৰিল একাঁঠু পানীত ৷ বচ্চন আৰু মই নিৰুপায় ৷ দুয়ো দুয়োৰে মুখলৈ চাইছোঁ ৷ কি কৰিব খুজিছে এই মানুহটোৱে ? আকস্মিক ঘটনাটোক লৈ দুশ্চিন্তা আৰম্ভ হ'ল আমাৰ ৷ পাৰলৈ দৌৰিলোঁ ৷ আগলৈ নাযাবলৈ চিঞৰি চিঞৰি সকীয়ালোঁ ৷ ইফালে সোঁতে বল টানি নি আছে, নি আছে ৷ চ’ক’য়ো পাছ এৰা নাই ৷ আৰু অলপমান ডুবিল ৷ কৰঙন পৰ্যন্ত ড্ৰিৰ জলস্তৰত ৷ তথাপি লক্ষ্য এৰি দিয়া নাই ৷ অন্তত বলটো ধৰাত সফল হ’ল যেনিবা ৷

চ'ক' তায়ুৰ দুঃসাহসিকতাত স্তব্ধ হৈ পৰিলোঁ ৷ এপলকৰ বাবে ভাবিবলৈ বাধ্য হ’লোঁ যে তেওঁৰ জোতা, পেণ্ট এইবোৰ কি জলনিৰুদ্ধ নেকি ? গম নাপাওঁ ৷ মই পিন্ধি অহা জলফাইৰঙী কাৰ্গোটো জলৰোধী যদিও সাঁতুৰিব নাজানো বাবেই মোৰ জলভীতি অাছে ৷ কোনো কাৰণতে পানীৰ লগত ধেমালি নচলিব বুলি আগতেই হুঁচিয়াৰ ৷ এইবোৰ পাহাৰীয়া খৰস্ৰোতা শীতল পানীৰ নৈ ৷ আৰম্ভণিৰে পৰাই সেয়ে খুব সতৰ্ক হৈ চলিছোঁ ৷ য’ত যি ধেমালি কৰিব লাগে কৰিম, কিন্তু নদীত নমাৰ কোনো ধৰণৰ আপোচ নহ'ব ৷

সিফালে পানীৰ পৰা উঠি অহা চ’ক’ তায়ুৰ অৱস্থা জলৌ-জথৌ ৷ জোতা-মোজাত সম্পূৰ্ণভাৱে পানী সোমাইছে ৷ পেণ্টটোও কঁকালৰ তললৈকে বুৰিল ৷ এই ঠাণ্ডাত এই অৱস্থা ৷ কিহে পাইছিলে বাৰু মানুহটোক ? কি হ’ব এতিয়া ? সলাবলৈতো কোনো উপায়েই নাই ৷

কাষতে, বালিৰ ভেটি এটাৰ ওপৰত জোঙাকৈ সজা চামিয়ানা এখন ৷ তলত চকী কিছুমান পতা আছে ৷ তাতে বহি লৈ জোতা খুলিলে, মোজা সোলোকালে ৷ মোজাৰ লগতে পেণ্টটোও যি পাৰে চেপি চেপি পানী বাহিৰ কৰাত লাগিছে ৷

‘কি দৰকাৰ পৰিছিল তেনেকৈ পানীত নমাৰ ? সোঁতে লৈ যোৱাহেঁতেন ?’ চ’ক’ৰ দুঃসাহস দেখা পাই ভালো লাগিল, খঙো উঠিল ৷ বচ্চনেও বকিলে ৷ ‘ক্যা দৰকাৰ থা… ?’ জলকুঁৱৰীয়ে টানিছিলে নেকি আকৌ ? আকস্মিক চিন্তা এটা আহিল মোৰ মনলৈ ৷

‘মুঝে চুইমিং আতা হে’ ৷’ গহীনাই কৈ জেপ্‌জেপীয়া পেণ্টটো পুনৰ চেপাত লাগি গ’ল তেওঁ ৷ সাঁতুৰিব জানিলেও মনে মনে এতিয়া হয়তো ভাবিছে, ক্ষন্তেকতে কিযে কৰি পেলালোঁ ! এতিয়া জাৰত কঁপি মৰিছোঁ ৷

চামিয়ানাখনক কেন্দ্ৰ কৰি গোলাকাৰ ৰূপত, মাজে মাজে বাট এৰি দি এইখিনিত বাঁহৰ ডেস্ক-বেঞ্চ কিছুমান সাজি দিয়া হৈছে ৷ ওপৰ অংশত বাঁহেৰেই নিৰ্মিত অৰ্ধচন্দ্ৰাকাৰ আৱৰণ ৷ বহুত মানুহে একেলগে খাদ্য খাব পৰা ব্যৱস্থা ৷ আচ্‌হিছ’ পিক্‌নিক্‌ স্পট এয়া ৷ অদূৰত ডাষ্টবিন আছে, প্ৰস্ৰাৱগাৰ আছে ৷ পানীৰ সুবিধাও ৰখা আছে ৷

ড্ৰিৰ বুকুত জলকেলি কৰি অহা চ'ক' তায়ুক তেনেকৈয়ে এৰি ইফালে সিফালে ঘূৰা-ঘূৰি কৰি আছোঁ ৷ হঠাতে মনত পৰাত সৰু জোখৰ শিলগুটি এটা বুটলি ল’লোঁ ৷ ভৱিষ্যতে এইটোৱে সোঁৱৰাব মোক ড্ৰিৰ বুকুৰ কাহিনী ৷ পিঠিত লৈ থকা বেগটোৰ ভিতৰত সযতনে ভৰাই থোৱা হ’ল বিশেষ শিলগুটিটো ৷

নতুনকৈ আৰম্ভ হৈছে বৰষুণ এজাক ৷ ইয়াত এনেদৰে মাজে মাজে পৰিয়েই থাকে ৷ ডাঙৰকৈ দিলেই জলাতক হৈ পৰিব ড্ৰিৰ বুকু ৷ ৰেইনকোট পিন্ধি আছোঁ যদিও ততালিকে চামিয়ানাত আশ্ৰয় ল’লোঁহি ৷ চকী এখনত কিবা ভাবি ভাবি বহি আছে চ'ক' তায়ু ৷ বচ্চনে কাষতে কাৰোবাৰ সৈতে কথা পাতি আছে ৷

পাছফালে নদীৰ মাজত সজা মঞ্চ এটা ৷ ইও এক বিৰল ইদু কাৰুকাৰ্য ৷ পানীৰ তলৰ শিলবোৰ জিলিকি আছে ৷ সংযোগী দলং এখনো সাজি দিছে ৷ তাৰে আগুৱাই গৈ নিৰ্মাণ কলা প্ৰত্যক্ষ কৰিলোঁ ৷ কৰ্মদক্ষতা মানিব লাগিব ৷ ৰঙা কাৰ্পেটৰ ওপৰত নীলা তিৰ্পাল এখনেৰে যন্ত্ৰপাতি কিছুমান ঢাকি ৰাখিছে ৷ লাইট, চাউণ্ড সকলো যা-যোগাৰ আছে ৷ যোৱা নিশা সংগীতানুষ্ঠান অনুষ্ঠিত হৈছিল ৷ পৰিৱেশ এতিয়া শান্ত ৷ ড্ৰি বৈ আছে নিৰন্তৰ বৈ থকাৰ দৰেই, নিজস্ব সংগীত শুনাই ৷ ময়ো আচলতে সুদূৰৰ পৰা এই সংগীতহে শুনিবলৈ আহিছোঁ ৷ কোনো কৃত্ৰিমতা বিচাৰি অহা নাই ৷

বৰষুণজাক ৰোৱাৰ লগে লগে বিপৰীত পাৰলৈ যোৱাৰ সম্বন্ধে চৰ্চা আৰম্ভ হ’ল ৷ আমাৰ সংগী চ’ক’ তায়ুলৈহে বেয়া লাগিছে ৷ তিতি থকা জোতা-মোজা আৰু কাপোৰক লৈ কিমান অশান্তি হৈছে চাগৈ ! তেনেকৈয়ে একেলগে ধীৰে ধীৰে খোজ পেলাব ধৰিলোঁ ৷

ওলমা দলঙৰ কাষ পায়ে বাকী দুইক এৰি পানী-যুঁৱলিলৈ পোনাইছোঁ ৷ শিলাময় পৃষ্ঠ ৷ নিৰাপদ স্থান ৷ অথনিৰে পৰা হেঁপাহ কৰি থকা ড্ৰিৰ পানী চুই চালোঁ, হাত-মুখ তিয়ালোঁ ৷ এঢোক পিও খালোঁ ৷ ভীষণ চেঁচা ৷ অলপ আগতে এনে পানীতে অৰ্ধস্নান চলি গ'ল চ’ক’ তায়ুৰ !

দলঙৰ ওপৰেৰে অনিয়া আৰু এজনী সংগী যাব ধৰিছে ৷ অনিয়াৰ ভীষণ স্ফূৰ্তি ৷ মোক দেখা পাই চিঞৰ মাৰিলে, ‘মে’ৰা কাম হ’ গয়া ৷ য়া হু…’ সফলতাৰ হাঁহিত ক'ব নোৱাৰা হৈ পৰিছে গোটেইজনী ৷ মই বুজি পালোঁ, কি কাম হ’ল তাইৰ ৷ কিছু সময়ৰ পাছত পানীৰ বটল কিছুমান হাতত লৈ সিহঁত দুয়ো উভতি আহিল ৷ নুসুধিলোঁ একো ৷ পাছত খবৰ পামেই এনেয়ো ৷

১ বাজোঁ বাজোঁ ৷ নৈৰ সিপাৰে দেখা গৈ থকা তম্বুবিলাকৰ ফালে যাব ধৰিলোঁ ৷ আচ্‌হিছ'ৰ আলহীসকল সেইফালেই আছে ৷ (ক্ৰমশঃ)

No comments:

Post a Comment