Saturday, 16 May 2020

৭.৬ আনিনিত দ্বিতীয় ৰজনী


বচ্চন মিপিৰ বাহিৰে আটায়ে ঘৰ সোমাল ৷ বচ্চন নাই ৷ ক’ত গ’ল কোনেও গম নাপায় ৷
‘ছাৰ আপনে উধৰ মে’ খানা খায়া ?’ ভিতৰত উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰশ্নটো মোক অনিয়াই কৰিলে ৷
‘মিনিষ্টাৰলোগকা খানা খাকে আয়া ৰে’ ৷’ বাহাদুৰিৰ বোল সানি লগে লগে উত্তৰ দি দিলোঁ ৷
সকলোৰে চকু কপালত ৷ সত্য প্ৰতিষ্ঠাৰ বাবে বিৱৰিবলগীয়া হ’ল অৱশ্যে, কেনেকৈ ক'ৰ পৰা গৈ ক'ত সোমালোঁ, চ'ক' তায়ুৰ আহ্বানক্ৰমে ৷
‘আপকা নচিব আচ্ছা হে’ !’ বিৱৰণী শুনি এইদৰে মন্তব্য কৰিলে অনিয়াৰ মাকে ৷ তেওঁ চাহ কৰিব ধৰিছে ৷
ঠাণ্ডা বাঢ়ি অহাত পোনে পোনে জুইৰ গুৰিত আসন লৈছোঁ ৷ ৱুটাচ্ছিয়ে খেলি আছে ৷ মাজে মাজে ৱাকাৰখন লাগি ধৰে ৷ সহায়ৰ চাৱনিৰে মোলৈ চায় ৷ ততালিকে ঠেলা দুটামান মাৰি সহজ কৰি দিওঁগৈ ৷ আকৌ খেলে ৷
‘প্ৰগ্ৰাম কেইছা লাগা য়হাঁকা ?’ বচ্চনৰ মাকে জানিব বিচাৰিলে ৷
‘আচ্ছা লাগা ৷ মিনিষ্টাৰলোগকা সামনে আপকা ডেন্স ভি দে’খনেক' মিলা ৷’
নাচোন দেখিলোঁ বুলি কোৱাত সশব্দে হাঁহি দিলে সকলোৱে ৷ লগৰ কোনো কোনোৰ ষ্টেপ হেনো মিলা নাছিল ৷ তাকে লৈ আক্ষেপসূচক বাক্য কেইটামানো ক'লে বচ্চনৰ মাকে ৷
'কেট্‌লি আৰু গিলাচ হাতত লৈ পেণ্ডেলৰ ভিতৰত আপোনাক য়ু বিলাই থকাও দেখা পাইছিলোঁ ৷'
'ক'তা, মইতো য়ু বিলোৱা নাছিলোঁ !' আচৰিত হৈ পৰিল মানুহগৰাকী ৷
'বেলেগ কোনোবা হ'ব চাগৈ ৷ আপুনি মাৰ নিচিনা দেখিলে ৷' অনিয়াই কৈ উঠিল ৷
'মুখত মাস্ক পিন্ধি আছিল অৱশ্যে ৷ ফটো তুলি থৈছোঁ ৷ মই আকৌ আপুনি বুলিহে ভাবিছিলোঁ ৷ ভাগ্য ভাল, নামাতিলোঁ ৷ মাতোঁ মাতোঁ লাগিছিলেই ৷'
কেমেৰাটো অন কৰি ফটোখন দেখুৱাত নিশ্চিত হ'ল যে সেয়া য়াচ্ছু মিহু নহয়, অান কোনোবাহে ৷ য়ুৰ লগত তেওঁলোকৰ ঘৰখনৰ কোনো কাৰবাৰেই নাই ৷ নাখায় কোনেও ৷ মোৰহে চিনাত ভুল হ'ল ৷
‘অউৰ ফেশ্বন শ্ব’ ? আচ্ছা লাগা হ’গা না ছাৰ আপক' ?’ অনিয়াই উৎসাহেৰে সুধিলে ৷ উত্তৰ দিবলৈ নাপালোঁৱেই ৷ জুইকুৰা ফুকিয়াই ফুকিয়াই নিজেই আকৌ ক’লে, ‘বহত সুন্দৰ দিখায়া না ছাৰ ? ইতনে দিনোসে, মতলব প্ৰেকটিছ চল ৰহা থা না ৷ আজ দেখনেক' মিল গয়া ৷ মুঝে ত’ বহত আচ্ছা লাগা ৷’
‘ফেশ্বন শ্ব’ নাচাওঁ বুলি মই বাহিৰ ওলাই আহিবই খুজিছিলোঁ ৷ পাছত কিন্তু খুব ভাল লাগিল দেই ৷ ভাষণো ভাল পালোঁ ৷ ভি.আই.পি. খানাও খালোঁ ৷ শেষত চ’ক’ তায়ুৰ লগত ট্ৰেডিছনেল ইদু মিছিমি চাংঘৰটোতো উঠি চালোঁগৈ ৷’
‘বাঃ ছাৰ, আপনে’ত’ চব কৰ লিয়া ৷ মিটিং মে’ লোগোক’ হ’মষ্টে’ বনানেকে’ লিয়ে কহা না ? অ'হ ! কব বনেগা অপনা হ’মষ্টে’ !’
হ’মষ্টে’ৰ স্বপ্নত বুৰ গ’ল অনিয়া ৷ মাকে চাহ-বিস্কুট দিলে মোক ৷ সংগীত সন্ধিয়া চাবৰ বাবে আটাইবোৰ ব্যাকুল হৈ আছে ৷ ‘ফাংচন দেখনেক’ যায়েগা ছাৰ আপ ?’
মোৰ মন নাই বোলাত আচৰিতেই হ’ল তাই ৷ অনিয়াৰ মাকো নাযায় ৷ বাকীবোৰ যাব ৷
পানী স্পৰ্শ কৰাই টান ৷ হ’লেও কাপোৰযোৰ সলাই যেনে-তেনে হাত-মুখ ধুয়ে পুনৰ জুইৰ গুৰিত আশ্ৰয় ল’লোঁহি ৷ চোতালৰ পৰা শিলগুটি এটা বুটলি আনিছোঁ ৷ অনিয়াক ক’লোঁ, ‘তোমাৰ চোতালৰ বস্তু এটা ল’লোঁ হ'লে দেই ৷’
কিনো বুলি তাই অবাকনেত্ৰে চাই ৰ'ল ৷ শিলগুটি এটা ৷ ‘পত্থৰ ক' লে'কে' আপ ক্যা কৰেগা ছাৰ ?’
‘লৈ যাম ঘৰলৈ, চিনস্বৰূপে ৰাখিম ৷ মইযে আনিনিলৈ আহিছিলোঁ তাৰ সোঁৱৰণি ৷ তাৰিখটো ওপৰত লিখি ৰাখিম ৷ শিলটোৱে কথা কৈ থাকিব ৷ য’তে যাওঁ ত’ৰে পৰাই মই এনেকৈ শিল একোটা সংগ্ৰহ কৰোঁ ৷ ঘৰত ঢেৰ আছে মোৰ ৷’
অনিয়া, শাহুৱেক, ৰিংকু, ৱুটাচ্ছি আৰু অৰন পিন্ধি-উৰি ফেষ্টিভেল গ্ৰাউণ্ডলৈ যাবলৈ তৈয়াৰ হৈছে ৷ যাবৰ পৰত অনিয়াই মাত লগালে, ‘ছাৰ আপ দ’ন’ লেকচাৰ মাৰতে ৰহিয়ে ৷ হাম নিকলতে’ হে’ ৷ গ্ৰুপ ডেন্স ভি হে' হামাৰা ৷'
মই পাহৰিছিলোঁৱেই কথাটো ৷ 'আচ্ছাছে নাচনা হাঁ ৷ অল দ্যা বে'ষ্ট ৷'
'থেংক ইউ ছাৰ ৷'
'চব সামান লে' লিয়া ?'
'জী ছাৰ ৷'
ছাৰ ছাৰ কৈ থকাটো মোৰ ভাল লগা নাই ৷ 'মোক ছাৰ বুলিব নালাগে অ' ৷ ভাইয়া, আংকল জ’ মৰজি ব’ল লেনা ৷’ টান পাই কৈ দিলোঁ এনেকৈ ৷ তাই হাঁহিলে ৷
'আপ খানা খা লিজিয়েগা হাঁ ছাৰ ৷ অ' ছৰী, ভাইয়া ৷’ আকৌ হাঁহি ৷ মাককো নিজৰ দোৱানত কিবা-কিবি নিৰ্দেশ দিলে ৷ বোধ হয় মোক সময়মতে ভাত দিবলৈকে কৈ গ’ল ৷ টাইম শব্দটো বুজি পালোঁ ৷ অন্য একোৱেই ধৰিব নোৱাৰিলোঁ ৷
সিহঁতবোৰ ওলাই গ’ল ৷ ইদু চাঙৰ ওপৰত জুইৰ গুৰিতে বহি আমি দুয়ো কথা পাতিব ধৰিলোঁ ৷ কথা-বতৰাৰ লগে লগে অনিয়াৰ মাকে ইটো সিটোকৈ নিশাৰ সাঁজৰ যা-যোগাৰো চলাই থাকিল ৷ ইটালিনৰ সম্বন্ধে সুধিলোঁ ৷ অথনি ফেষ্টিভেলত দেখা দলীয় নৃত্যটোৰ প্ৰসংগও ওলাল ৷ ঘৰুৱা কথাবোৰেও আলোচনাত ঠাই পালে ৷
পিলি মেয়াৰ সৰু ভনীয়েকজনী অসমলৈ বিয়া হৈছে ৷ ভনী-জোঁৱায়েক অসমীয়া ৷ ডিব্ৰুগড়ত থাকে ৷ বৃত্তিত এগৰাকী চিকিৎসক ৷ 'নামটো কি ?' তেওঁ মনত পেলাব পৰা নাই ৷ 'উপাধিটোকে কওকচোন ৷' সিও মনত নাই ৷ কেৱল ইংৰাজী ডি আখৰেৰে আৰম্ভ হয় বুলি ক’লে ৷ মই এফালৰ পৰা গাই যাব ধৰিলোঁ ৷ দাস ? নহয় ৷ ডেকা ? নহয় ৷ দত্ত, দেউৰী … ৷ নাই নহয় ৷ মনলৈ আনিব নোৱাৰি তেওঁৰ উচ্‌পিচ্‌ লাগিছে ৷ সোঁৱৰাই দিব নোৱাৰি মোৰো নিজৰ স্মৃতিশক্তিৰ ওপৰতে ধিক্কাৰ জন্মিছে ৷ শেষ পৰ্যন্ত উপাধিটো উলিয়াব নোৱাৰিলোঁৱেই ৷ থাকি গ’ল তেনেকৈয়ে ৷
কোনোবা অহাৰ শব্দ ভাহি আহিছে ৷ উহুহু উহুহুকৈ বচ্চন মিপি সোমাই আহিল ৷ চিধাই জুইৰ ওচৰত বহিলহি ৷ শাহুৱেকক কিবাকিবি সুধিলে ৷ বোধহয় ঘৰৰ বাকী মানুহবোৰৰ কথাকে সুধিছে ৷ ৰে'হ আৰু ফাংচন শব্দ দুটা বুজি পালোঁ ৷
‘আচ্‌হিছ’ যাকে আয়া ৷ বাপ ৰে’ বাপ ! বহত ঠণ্ডা হে’ ৰে’ উধৰ মে’ ৷ মৰ যায়েগা ৷’
আচ্‌হিছ’ আনটাচ্চড ভেলী ৷ আকৰ্ষণীয় স্নেপ কিছুমান চ’ক’ তায়ুৱে আপল’ড কৰা ফে’চবুক্‌ একাউণ্টত দেখা পাইছিলোঁ ৷ দেখিয়ে উদ্বাউল হৈছিলোঁ ৷ আনিনিৰ লগতে আচ্‌হিছ’লৈকো যাম বুলি আহিছোঁ ৷ একেৰাহে দুমাহ তাত থাকি ড্ৰি নদীৰ ওপৰত হেঙিং ব্ৰীজকে ধৰি কেইবাটাও আকৰ্ষণীয় আৰু দৰ্শনীয় বস্তু বচ্চনহঁতেই সাজি উলিয়াইছে বুলি গম পাইছোঁ ৷
গৈ আহিলোঁ বোলাত মনটো মোৰ তেনেই কোঁচ খাই গ’ল ৷ আমাক এৰি গুচি গ’ল বুলি অভিযোগ কৰাত ক’লে যে বচ্চনে চ’ক’ আৰু মোক নিবিচৰা নহয় ৷ বিচাৰিছিল ৷ কিন্তু আমিহে হেৰাই থাকিলোঁ ৷ ফোনতো নাপায় ৷ মুঠতে বিচ্ছিন্ন ৷ সেয়ে গাড়ী এখনত চিট এটা পাই তেওঁ ৰাওনা হ'ল ৷ অৱশ্যে গ’ল হয়, লাভ কিন্তু বিশেষ নহ’ল ৷ আন্ধাৰ হৈ আহিল ৷ তাতে বতৰো বেয়া ৷ ঠাণ্ডাও প্ৰচুৰ ৷ জেকেটটোও উপযুক্ত নহ'ল ৷ বৰষুণ পৰি থকাত অলপ সময় থাকিয়ে ঘূৰি আহিবলৈ বাধ্য হ’ল ৷ ক'লে, ‘চি.এম. চাহাব, এম.পি., এম.এল.এ., চিফ্‌ ছেক্ৰেটাৰী, নাৱাজউদ্দিন ছিদ্দিকী, ডি.চি., এছ.পি. চবলোগ আচ্‌হিছ’মে’ বেইঠা হে’ ৷’
বুজিলোঁ, অৰুণাচল মন্ত্ৰীসভা, ডিবাং ভেলী প্ৰশাসন সম্প্ৰতি উবুৰি খাই পৰিছে আনিনি, আচ্‌হিছ’ত ৷ আৰু বুজিলোঁ, প্ৰচণ্ড শীতৰ মাজতো এয়া আচ্‌হিছ’ৰ দুৱাৰ খোলাৰে উষ্ম আয়োজন চলিছে ৷ সম্ভাৱনাপূৰ্ণ জেগা আচ্‌হিছ’ ৷ নতুন পিক্‌নিক্‌ স্পট ৷
আনিনিৰ পৰা গ’লে ইণ্ডো-চীন সীমান্ত পোৱাৰ আগতে সেইখনেই শেষ গাঁও ৷ ডিবাং বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰুৱা এলেকা ৷ অৰুণাচল প্ৰদেশৰ এক সুন্দৰতম অঞ্চল ৷ মন মতলীয়া কৰা সৌন্দৰ্যৰ বাবে ঠাইটুকুৰাক ‘place of rainbows’ বোলা হয় ৷ ১০ ঘৰ মানুহেৰে গাঁওখনৰ জনসংখ্যা ৩০ ৷ কৃষি-কৰ্মই মূল জীৱিকা ৷ মানুহবোৰ সহায়ক আৰু দয়ালু ৷ তালৈ যাবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা বিশেষ অনুমতিৰ প্ৰয়োজন ৷ তাৰ পৰা সীমান্তলৈ ট্ৰেকিং কৰা যায় ৷ কিন্তু দীঘলীয়া আৰু বিপজ্জনক কাৰবাৰ ৷ তাতে আকৌ বনৰীয়া মহ দামদিমৰ উপদ্ৰৱো আছে ৷ আনিনিৰ পৰা আচ্‌হিছ’লৈও ট্ৰেকিং কৰিব পাৰি ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, নিৰাপদ আৰু দুঃসাহসী যাত্ৰা ৷ পথ আছে যদিও ঠেক ৷ মাজে মাজে বেয়া ৷ সেইফালে যোৱা গাড়ীৰ সংখ্যা একেবাৰেই কম ৷ অথচ গোটেই বছৰজুৰি সৌন্দৰ্য বিলাই থকা ঠাই ৷ কোনটো উচিত সময় নিৰ্ধাৰণ কৰা সহজ নহয় ৷ সকলো সময়ৰে বিশেষত্ব আছে, স্বকীয় ৰং-ৰূপ আছে ৷
‘বাৰু, আপুনি গৈ আহিল ভালেই হ'ল ৷ ঠাণ্ডাৰ বিষয়ে গম পালোঁ ৷ মোৰ আচ্‌হিছ’ যোৱাটো কি হ’ব তেনেহ’লে ?’ প্ৰশ্নটো তুলি আশাৰে বচ্চনৰ চকুলৈ চাই ৰৈছোঁ ৷
‘কাইলৈ যদি যায়, কাৰোবাৰ পাৰ্চনেল গাড়ী লৈ যাব লাগিব ৷ কেৱল ড্ৰপিং বুলি ল’লে সিফালৰ পৰা আহিবলৈ গাড়ী নাপাব ৷ গতিকে দিনটোৰ কাৰণে ৰিজাৰ্ভ কৰিবই লাগিব ৷ ভাড়াও সেইমতে দিব লাগিব ৷ এনেকৈয়ে চলে ইয়াত ৷ ভাড়া গাড়ী বুলি বেলেগে নাই ৷’
‘হ’ব, বন্দৱস্ত কৰক আপুনি ৷ খৰচ মোৰ ৷ মুঠতে কাইলৈ যেনে-তেনে যাবই লাগিব ৷’
‘ঠিক আছে, এতিয়া মই ফেষ্টিভেল গ্ৰাউণ্ডলৈ গৈ আছোঁ ৷ নাইট প্ৰগ্ৰাম চাম ৷ চিনাকি মানুহৰ গাড়ী আছে ৷ কথাটো আলোচনা কৰি ল’ম ৷ হৈ যাব লাগে ৷’
বচ্চনৰ আশ্বাস পাই মনটো অলপ ভাল লাগিল ৷ আকৌ লালচাহ খালোঁ ৷ হলৌ জেকেট এটা পিন্ধি বচ্চন ফিল্ডলৈ ওলাইছে ৷ মাফলাৰ এখনো মেৰিয়াইছে ৷ মন কৰিলোঁ মোৰ দৰে টুপী, হাতমোজা, উলিক’ট ইনাৰ এইবোৰ হ'লে নাই ৷ কিয় পিন্ধা নাই সুধিছিলোঁ ৷ 'ৱ'চব পেহেননেকা আদত নেহী হে' বুলিলে ৷ স্থানীয় মানুহবোৰে পৰিৱেশৰ সৈতে এনেকৈয়ে খাপ খাই জীৱন অতিবাহিত কৰি আহিছে ৷ কণমানি ৱুটাচ্ছিকো দেখিছোঁ, ঠাণ্ডাৰ মাজতেই মজিয়াখনতে আৰামছে খেলি থাকে ৷ চৰ্দি, কাহ, জ্বৰ এইবোৰ একো নাই ৷ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা মানিব লাগিব ৷ প্ৰাকৃতিকভাৱেই শক্তিশালী ৷ ‘যেনে-তেনে গাড়ী এখন আপুনি যোগাৰ কৰিব দেই ৷’ বচ্চন ওলাই যাওঁতে এবাৰ মনত পেলাই দিলোঁ ৷ 'মিল যায়েগা, চিন্তা মনত কিজিয়ে' বুলি টৰ্চ লাইটটো হাতত লৈ তেওঁ গুচি গ'ল ৷
পিলি মেয়াই মোক বাৰে বাৰে সুধি আছে, ভোক লাগিছে নেকি, ভোক লাগিছে নেকি ৷ অলপ পাছত মৰ-জাৰৰ মাজতে ৫টা কমলা দিলেহি খাবলৈ ৷ ইমানকেইটা দিছে, তাকো এই অসময়ত ! ভাত খাবৰে হ’লহিচোন ৷ জুইৰ গুৰিতে থৈছোঁ ৷ খাম-নাখামকৈ থকা দেখি ক’লে, ‘খাকে দেখিয়ে ৷ ইটালিন কা হে’ ৷’ ইটালিনৰ কমলা বুলিলত বখলিয়ালোঁ এটা ৷ বেচ মিঠা ! এটা এটাকৈ আটাইকেইটা খাই পেলালোঁ ৷ কমলাক কেন্দ্ৰ কৰি গম্ভীৰ আলাপো চলিল অলপপৰ ৷
ৰাজ্যখনৰ অৰ্থনীতিত কমলাই এক সবল অৰিহণা যোগাই আহিছে ৷ দেশী-বিদেশী পৰ্যটককো টানি আনিছে কমলাক ভিত্তি কৰি আয়োজিত সংগীত, ক্ৰীড়া, এড্‌ভেন্সাৰ কাৰ্যকলাপে ৷ ইটালিনৰ কমলা ৰ’য়িং, চপাখোৱা বজাৰত বিক্ৰী হয় ৷ অৰুণাচল প্ৰদেশৰ খাদ্য-শস্যৰ অন্তৰ্গত মুঠ কৃষিভূমিৰ ৪৫ শতাংশতকৈও অধিক অংশ কমলাই আৱৰি আছে ৷ ৰাজ্যখনৰ মুঠ ফল উৎপাদনৰ ৫৭ শতাংশ আহে কমলাৰ পৰা ৷ অৰুণাচলৰ কমলা গুৱাহাটী, দিল্লী, ডুবাই পৰ্যন্ত ৰপ্তানি হয় ৷ কমলা খেতি হৈছে অৰুণাচল প্ৰদেশৰ ৰাইজে কৰি অহা এবিধ পুৰণা আৰু ঘাই খেতি ৷ চিয়াং, লোহিত, ডিবাং ভেলী, ল'ৱাৰ ডিবাং ভেলী, ইষ্ট কামেং জিলাত এইবিধ উদ্যান শস্যৰ প্ৰসাৰতা যথেষ্ট বৃদ্ধি পাইছে ৷ চিয়াঙৰ পাৰৰ কমলাৰ বিশেষ মান আছে ৷ ডামবুকৰ তদল পেৰটিন এজন বিশিষ্ট কমলা খেতিয়ক ৷ কমলাৰ বাদেও ইটালিনত আপেল, আনাৰস, কল, মধুৰি, বগৰি আদি উৎপাদন হয় ৷
৮.৩০ বাজিল ৷ আমি দুয়ো ভাত খালোঁ ৷ জুই পুৱাই পুৱাই আকৌ এঘণ্টামান কথা পাতি বহি থাকি এসময়ত বিছনাত পৰিলোঁগৈ ৷
চিলমিলকৈ টোপনি ধৰিছিল ৷ ১০মান বজাত অনিয়া, ৱুটাচ্ছি আৰু আৰন অহাটো গম পাওঁ ৷ বাহিৰত লঘু বৃষ্টি চলি থকা যেনো লাগিছিল ৷ বচ্চন আৰু মাক তেতিয়ালৈকে অহাই নাই ৷ (ক্ৰমশঃ)

No comments:

Post a Comment