Tuesday, 3 March 2020

১.৪ সংকল্প, সমস্যা, অনিশ্চয়তা, প্ৰত্যাহ্বান ইত্যাদি



এই মুহূৰ্তত বৰকৈ মনত পৰিছে, মেন্‌-চু-খা (জনপ্ৰিয় নাম মেচুকা)স্থিত গেবু চোনা আৰু নানা নাক্‌চাঙৰ জি.টি.এল. হ’মষ্টেত বিগত ২৭.১১.২০১৬ তাৰিখে লগ পোৱা ৬০ ঊৰ্ধ্বৰ ক্ৰোৱেচিয়ান নাগৰিক, লণ্ডন নিবাসী অৱসৰপ্ৰাপ্ত সাংবাদিক Zarko Vodinelioলৈ ৷ তেওঁ দেখোন অকলেই আহিছিল ইমান দূৰ বাট ৷ আল’ৰ পৰা টাটা ছুম’ত বহি মেন্‌-চু-খা ওলাইছিলহি, সাধাৰণভাৱে ৷ ৬১ বছৰ বয়সতো নিৰ্ভয়ে-নিৰ্বিঘ্নে ঘূৰি ফুৰিছে, অকলশৰীয়াকৈ ! বিদেশৰাষ্ট্ৰ ভাৰতবৰ্ষ আহি পালেহি ৷ তাৰো আকৌ তেনেই এমূৰীয়া অৰুণাচল প্ৰদেশ ৷ তাকো আকৌ ঘোঁকটৰ মেন্‌-চু-খাত উপস্থিত ৷ অকলে অকলে ! কিহৰ তাড়নাত ? কেনেকৈ পাৰে এই বিদেশীবোৰে ? কিহে লৈ ফুৰায়, কিহে সাহস (প্ৰকৃততে মৰসাহস) যোগায় এইসকলক ? ঘৰুৱা মানুহ হৈও আমি কিয় নোৱাৰোঁ ? স্বদেশৰ ভিতৰত ঘূৰা-পকাত আশংকা বা আপত্তি কিহৰ ? আপোন ভালেই জগত ভাল ৷ বাকী সকলোবোৰ অদৰকাৰী আৰু অমূলক ধাৰণা, ভয়াতুৰ মানসিকতা৷ এনেকৈ ভাবিব ধৰিলোঁ আৰু পূব ইউৰোপৰ সমুদ্ৰ তীৰৰ বৰ্ষীয়ান ক্ৰ'ৱেটছজনক মোৰ এইবাৰৰ একক আনিনি যাত্ৰাৰ প্ৰেৰণা হিচাপে ল’লোঁ ৷
এইফালে, আনিনি সম্পৰ্কে ফোনত সিদিনা নিৰুত্তৰ হৈ পৰা জিবি প’ল’কে সাহস হিচাপে লৈছিলোঁ, ৰ’য়িং পৰ্যন্ত ৷ কিন্তু হঠাতে কি হ’লজানো, তেওঁচোন তাপ মাৰিলে ! আশা কৰি আছিলোঁ যদিও উভতি কোনো বাৰ্তাই নাহিল হোৱাট্‌ছএপত ৷
সিফালে আকৌ হ’ল কি ? তিনিয়ে দুয়ে পাঁচটাকৈ ফোন নম্বৰত ডায়েল কৰি কৰি আমনি লাগি গ’ল, আনিনিয়ান (আনিনিৰ বাসিন্দা) এজনৰো সৈতে এবাৰো সংযোগ পাবৰ সাধ্য নহ’ল ৷ ডিবাং ভেলী যেন আজিও পাণ্ডৱবৰ্জিত, আজিও ক’লীয়াপানীৰ নামান্তৰ !
এইবোৰকে গুণা-গঁথা কৰি মনে মনে খুব চিন্তিত, অতিকৈ ব্যথিত হৈ আছোঁ ৷ ইফালে, যাম বুলি এবাৰ যিহেতু ভাবি ল’লোঁ, নিজমুখে আনকো কৈ দিছোঁ যেতিয়া পিছ হোঁহকাৰ প্ৰশ্নই নুঠে ৷ যিকোনো উপায়ে হ’লেও এই যাত্ৰা সাকাৰ কৰিবই লাগিব মই ৷ ই যেন এক প্ৰত্যাহ্বানৰ ৰূপ লৈ লৈছে !
২২ তাৰিখে হোৱাট্‌ছএপত দীঘলীয়াকৈ এবকলা লিখি জিবি প’ল’ক কথাবোৰ খোলাখুলিকৈ জনালোঁ, কিজানি বৰফ গলেই, সেই ভাবি ৷ তদুপৰি দুটা কথাত সহায় আশা কৰি অনুৰোধো জনালোঁ ৷ এক. আনিনিত স্থানীয় কোনো ইদু মিচিমি পৰিয়ালত মোৰ থকা-খোৱা, অৰ্থাৎ হ’মষ্টে ৷ আৰু দুই. ৰ’য়িঙৰ পৰা আনিনিলৈ যোৱাৰ ব্যৱস্থা ৷ দ্বিতীয় কামটো ৰ’য়িঙত উপস্থিত হৈ নিজে কৰিব পাৰিম বুলি দৃঢ়তা থাকিলেও প্ৰথমটোৰ সাধ্য সদ্যহতে মোৰ নাই ৷ সেয়ে শৰণাপন্ন নহৈ নোৱাৰিলোঁ ৷ পিছে সিমূৰৰ পৰাহে সঁহাৰি হ’লগৈ শূন্য ৷ কি কৰা যায় ? মনটো বাৰে বাৰে অস্থিৰ হৈ উঠিছে ৷ টিক্‌ টিক্‌ টিককৈ সময় বাগৰি গৈ আছে ৷ প্ৰস্তুতি-পৰ্বলৈ আহিছে স্থবিৰতা আৰু দুশ্চিন্তা ৷ সেইবোৰক কোনোপধ্যে কাবু কৰিবলৈ দিব নোৱাৰি ৷ এনেকুৱাতে প্ৰয়োজন অকণমান ধৈৰ্য, অকণমান শুভবুদ্ধিৰ ৷
পাছদিনা (২৩.১.২০) ৷ হচপিটেলিটি উদ্যোগখণ্ডৰ ব্যক্তিগত মালিকানাধীন কোম্পানী OYOৰ মাধ্যমেৰে ৰ’য়িঙৰ ল’ৱাৰ মাৰ্কেটত অৱস্থিত হোটেল মিম’ত এজনীয়া কোঠা এটা বুক্‌ কৰি পেলালোঁ, অন্ততঃ ৰ’য়িঙলৈকে যাত্ৰাটো সুনিশ্চিত হৈ থাকক বুলিয়ে ৷ তাৰ পৰা আগলৈ সম্পূৰ্ণ অনিশ্চয়তা ৷ যি হয় দেখা যাব, পেটে পেটে এই ভাব ৷
২৪.১.২০ ৷ Kindly let me know about the communication, accommodation etc. during the forthcoming Reh Festival. I wish to visit Anini, Acheso during the festival time. ফোন যোগাযোগ সম্ভৱ নোহোৱাত ইতিমধ্যে সংগৃহীত নম্বৰসমূহলৈ একাদিক্ৰমে এছ.এম.এছ. লিখিব ধৰিলোঁ ৷ লগে লগে একো প্ৰত্যুত্তৰ নাহিল ৷ সঁহাৰি নাপালেও নিৰাশো কিন্তু নহ’লোঁ ৷ মনটো ঘূৰি ফুৰিছে মায়’ডিয়াৰ সিপাৰৰ কাল্পনিক কোনোবাখন হুনলি, আনিনি, আচ্‌হিছ’ত ৷ মানসপটত বাৰে বাৰে উজলি উঠিছে Zarko Vodinelioৰ মুখখন ৷ এতিয়া তেৱেঁই মোৰ ৰ’ল মডেল, একমাত্ৰ পথিকৃৎ ৷ (ক্ৰমশঃ)

No comments:

Post a Comment