Saturday, 27 July 2019

নুৰাক পাহাৰ, কাংথি জলপ্ৰপাত ইত্যাদি


খণ্ড-১

ৰিণিকি ৰিণিকি আজিও মনত পৰে৷ বয়স আৰু উচ্চতাৰ লেখেৰে আমি তেতিয়া ‘পোৱালি’৷
বছৰটো কিমান আছিল?
মনত পেলাবলৈ আপ্ৰাণ চেষ্টা চলাওঁ৷ বাৰে বাৰে উজুটি খাওঁ৷ আঙুলিৰ পাবত হিচাপ কৰিও চাওঁ৷
মোটামুটি ছয়সত্তৰেই আছিল যেন পাওঁ৷ মানে চন ১৯৭৬৷

পি.ডব্লিউ.ডি. (আৰ. এণ্ড বি.) ডিফু ডিভিজন অৰ্থাৎ গড়কাপ্তানি বিভাগৰ ডিফু পথ আৰু দলং সংমণ্ডলৰ আৱাসিক এলেকাৰ পৰা তদানীন্তন সময়বোৰত বাছ-ট্ৰাক-জীপগাড়ী লৈ ঢোলে-দগৰে-সদলবলে বাৰ্ষিক একোটা বৃহৎ বনভোজৰ আয়োজন কৰা হৈছিল৷ থলী আছিল প্ৰাকৃতিকভাৱে মনোমোহা শিলনি, শিলভেটা, ভেলৌঘাট, আকাশীগংগা, লাংছ’লিয়েট ইত্যাদি৷ গৌৰৱেৰে আমি কৈছিলোঁ পি.ডব্লিউ.ডি. পিক্‌নিক্‌ বুলি৷ খুব স্ফূৰ্তি কৰিছিলোঁ লগ-সমনীয়ামখাই মিলি৷

সেইবাৰ বনভোজৰ স্থল আছিল পাণ জুৰি৷ আমাৰ কিশোৰ-জিভাৰ সনা-পিটিকাত ‘পাঞ্জুৰি’৷ আগৰবোৰৰ তুলনাত পূৰ্বতে কেতিয়াও নজনা-নুশুনা নাম৷ অৱস্থান সম্পৰ্কে ধাৰণা বুলিবলৈ শূন্য৷ কোনবাটে যায় গম নাপাওঁ৷ এতিয়াও ভালকৈ মনত আছে, কেইবাঘণ্টাও লাগি গৈছিল ‘হাংমা’ আৰু ‘মধুমিতা’ক, জেগা পৌচাওঁতে৷ অকোৱা-পকোৱা, উঠা-নমা পাহাৰীয়া ৰাস্তাত কোনো কোনোৱে বমিও কৰিছিল হোলোকা-হোলোকে৷

পাণ জুৰি নামক সেই অজান-অচিনা ঠাইখণ্ডলৈ তেতিয়া মূল পথটোৰ পৰা কেনি কেনিনো সুমুৱাই লৈ গৈছিল আমাক, তাকে লৈ আনকি ডাঙৰ হোৱাৰ পাছতো নিজৰ মনতে মাজে-মধ্যে গম্ভীৰ প্ৰশ্ন একোটাই ভুমুকিয়াবলৈ এৰা নাছিল৷ উত্তৰহে পোৱা নাছিলোঁ৷ অতীতলৈ উভতি চালেও ধূসৰ ছবি৷ তেনে পৰিপ্ৰেক্ষিতত স্বাভাৱিকতেই চিন্তিত হৈ পৰিছিলোঁ গভীৰভাৱে, অকলে অকলে৷ ক’ত আছিল বাৰু ‘পাঞ্জুৰি’? কছৰৎ অব্যাহত ৰাখি মন-মগজুৱে পম খেদিয়ে আছিল, খেদিয়ে আছিল৷ আৰু, সদৌ শেষত…

অনন্ত উৎসুকতা সুদীৰ্ঘকাল একেৰাহে বৰ্তি থকাৰ অন্তত এদিনাখন সমিধান পাই গ’লোঁ৷ ডেনগাঁও বজাৰেদি সোমাই যোৱা ঠেক ৰাস্তাটোৰে অগ্ৰসৰ হৈছিল আমাৰ বাছ দুখন৷ উপস্থিত হৈছিলোঁগৈ লক্ষ্যস্থান ‘পাঞ্জুৰি’ত৷ আজিৰ পৰা ৪৩ বছৰৰ পূৰ্বে৷

সেই ‘পাঞ্জুৰি’, পাণ জুৰিয়েই সময়ৰ সোঁতত পাছলৈ জনাজাত হৈছে বিথিলাংছ’ বুলি৷ বিথিলাংছ’ কাৰবি ভাষাৰ শব্দ৷ বিথি মানে পাণ, লাংছ’ মানে সৰু নৈ অৰ্থাৎ জুৰি৷

বছৰ বাগৰাৰ লগে লগে স্মৃতিৰ অসহযোগিতা মানুহে সহজে মানি লোৱাৰ প্ৰৱণতা পৰিলক্ষিত হয় যদিও মোৰ মানসপটত কিন্তু সুৰক্ষিত হৈ আছিল তেতিয়াই দাগ কাটি যোৱা ‘পাঞ্জুৰি’ৰ অমলিন চিত্ৰপট৷ তাত জলসিঞ্চন বিভাগৰ বান্ধ আৰু শ্লুইচ গে’ট আছিল৷ সমীপতে আয়োজন কৰা হৈছিল পি.ডব্লিউ.ডি. পিক্‌নিক্‌টোৰ৷ সেউজেৰে পৰিৱেষ্টিত শান্ত-সমাহিত পৰিৱেশ৷ আগলৈ হাবি আৰু নিৰ্জন পাহাৰ৷ সেইদিশে আগুৱাবৰ অনুমতি অৱশ্যে নাছিল৷ জুৰিটোৰ বোঁৱতী পানীত নামি ডাঙৰচামৰ কোনো কোনোৱে গামোচাৰে মাছ ধৰিছিল৷ আমাৰ দৰে ‘পোৱালি’বোৰৰ বাবে সেইটোও আছিল নিষিদ্ধ৷ ইচ্ছাই আমনি কৰিলেও বয়সে অনুমতি দিয়া নাছিল নিশ্চয়৷ এতেকে অভিভাৱকৰূপী জ্যেষ্ঠজনৰ ঘোষণা তথা শৃংখলা নতশিৰে মানি পাৰতেই থমকি ৰৈছিলোঁ৷ মুকলিত ওমলি-জামলি আনন্দ লৈছিলোঁ লগৰ টুটু, দিজু, জিত, গৌতমহঁতৰ লগত৷ পিক্‌নিক্‌ খাই বিয়লি প্ৰত্যাৱৰ্তন কৰা হৈছিল ডিফুলৈ৷ ওভতনি বাটটো বৰ দীঘলীয়া যেন অনুভৱ হৈছিল৷ যাবৰ দৰেই আহোঁতেও কিছুমানে বাঁতি কৰিছিল৷ ৰাতি হৈ গৈছিল ঘৰ পাওঁতে পাওঁতে৷

সেই ছবিবোৰত ভেজা দি দীৰ্ঘদিনে বুকুৰ কোণত সযতনে কঢ়িয়াই লৈ ফুৰা সেই কৌতূহল, সেই প্ৰশ্নবোধক চিহ্ন, সকলোবোৰেই এদিন নিৰসন হৈছিল, পাণ জুৰি, বিথিলাংছ’ৰ আহ্বানত৷ ৰিক্ত স্থান পূৰ্ণ কৰি পেলাইছিল কেতবোৰ অনুপম সংযোগ, বিদ্যায়তনিক কৰ্ম আৰু ভ্ৰমণ অভিজ্ঞতাই৷



খণ্ড-২


বিথিলাংছ’ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰেন ক্ৰামছা৷ জন্ম ১৯৬০ চনত, আদায় হাঞ্চে গাঁৱত৷ ২০ বছৰ বয়সতে কাইবং ক্ৰ’ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্ত হৈছিল৷ ১৯৯০ চনত ডকমকাৰ থং নক্‌বে’ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আহৰণ কৰাৰ পাছৰ বছৰটোৰ পৰা অদ্যপৰ্যন্ত বিথিলাংছ’ এম.ই. স্কুলৰ হেডমাষ্টৰ হিচাপে নিৰৱচ্ছিন্নভাৱে সেৱা আগ বঢ়াই আহিছে৷ একাধাৰে কবি, গদ্য লেখক, সম্পাদক-সংকলক, ভাষা জননীৰ নিষ্ঠাৱান সেৱক৷

কাৰবি আংলং মধ্য ইংৰাজী শিক্ষক সন্থাৰ মুখপত্ৰ ‘জ্ঞানজ্যোতি’ৰ ছপা-কৰ্মৰ জৰিয়তে এদিন মোৰ সৈতে পৰিচয় ঘটিছিল ক্ৰাম্‌ছা ছাৰৰ৷ কাৰবি লাম্‌মেত আমেই (কাৰবি সাহিত্য সভা)ৰ মাধ্যমেৰে ঘনিষ্ঠতা আৰু অন্তৰংগতা বৃদ্ধি৷ ‘জ্ঞানজ্যোতি’, ‘হাম্‌বি’, ‘লামজিৰ আফাৰ’, ‘লাম্‌জিৰ ইছাং’, ‘নুৰাক’, ‘দেংকেন্দু’, ‘কাৰবি কৃষ্টিত এভুমুকি’ৰ অচিলাৰে বন্ধুত্ব কালক্ৰমে গাঢ়তৰ হৈ পৰে৷ ডেনগাঁৱৰ ঘোঁকটৰ পৰা জিলা সদৰত অৱস্থিত মোৰ প্ৰতিষ্ঠান ‘প্ৰিণ্টৱেল’লৈ সঘনাই আহে, ঘৰলৈও আহে, কিতাপ-আলোচনী, স্মৰণিকা-স্মৃতিগ্ৰন্থ, অনাতাঁৰ কেন্দ্ৰৰ শিক্ষামূলক কথিকা, বাৰ্ষিক মুখপত্ৰ আদিৰ কাম লৈ৷ মন খুলি কথা পাতে৷ আন্তৰিকতাৰে ভাব বিনিময় কৰে৷ কবিতা পুথি ‘পাহাৰী নিজৰা’ৰে আৰম্ভ কৰি এনেকৈয়ে, ২০০৩ চনৰ পৰা এতিয়ালৈ, অসমীয়া আৰু কাৰবি ভাষা মিলাই নিজৰ ভালেকেইখন কিতাপ প্ৰকাশৰো মৰসাহস কৰিলে সৰলচিতীয়া মানুহজনে৷ শেহতীয়াভাৱে, আগতে ডেনগাঁৱত আৰু বৰ্তমান বৰগাঙত কৰ্মৰত টিকাৰাম উপাধ্যায়ে ইংৰাজীলৈ তৰ্জমা কৰিছে তেওঁৰ প্ৰৱন্ধ পুথি ‘কাৰবি কৃষ্টিত এভুমুকি’৷ অচিৰেই প্ৰকাশ পাব৷

সেইযে আমাৰ মাজত যোগসূত্ৰ স্থাপন হ’ল, সেই মুহূৰ্তৰ পৰাই মাতি থাকে ভিতৰুৱা গাঁওখনত থকা তেওঁৰ নিজা ঘৰটিলৈ৷ ‘অহিব, জলপ্ৰপাত দেখুৱাবলৈ নিম আপোনাক৷ বাইদেউকো লৈ আহিব দেই৷’ প্ৰায়ে আহ্বান জনায় এইবুলি৷ সঁহাৰিৰ ইচ্ছাকণ মোৰ বুকুত তৎমুহূৰ্ততে জাগি উঠে যদিও বাস্তৱায়িতহে হৈ নুঠে, এৰাব নোৱাৰা কিবাকিবি কাৰণত৷ তাগিদা দি থাকোঁ, নিজকে নিজে৷ পাহাৰ আৰু জলপ্ৰপাতৰ যুগলবন্দী, এক মনোৰম প্ৰাকৃতিক সংমিশ্ৰণ৷ ওলামগৈ নিশ্চয়কৈ এদিন৷

ভাবি ভাল লাগে যে আমি দুয়ো অৰ্থাৎ ক্ৰাম্‌ছা ছাৰ আৰু মই একেলগে ২০০৪ চনত সুদূৰ ঢকুৱাখনাৰ ম’হঘুলি চাপৰি পাইছিলোঁগৈ, চাৰিকড়িয়াৰ পাৰৰ ঐতিহ্যমণ্ডিত ফাটবিহু জীৱনত প্ৰথমবাৰৰ বাবে দৰ্শন কৰাৰ আন্তৰিক অভিপ্ৰায় আৰু বিহুখনৰ মহত্ত্ব তথা গৰিমা উপলব্ধিৰ মানসেৰে৷ কাৰ্যসূচীৰ তাৰিখকেইটা আজিও মনত আছে৷ ৭, ৮, ৯ মে’ত আছিল৷ ডেনগাঁৱৰ পৰা গোগামুখলৈ বদলি হৈ যোৱা পুৰণা বন্ধু পৱিত্ৰ সন্দিকৈৰ পথ-নিৰ্দেশনা আৰু সহযোগিতাত অজানাৰ পম খেদি যোৱা সেয়া আছিল অন্য এক সফল এড্‌ভেন্‌চাৰ৷ উভতি আহি ‘আমাৰ অসম’ কাকত (২৮ মে’)ত হেঁপাহ পলুৱাই লিখিহে শান্তি লভিছিলোঁ৷ ইতিহাসবিজড়িত বাৰ্ষিক উদ্‌যাপনটোৰ বলিষ্ঠ আকৰ্ষণ মুকলি বিহু, প্ৰথিতযশা সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি ছাৰৰ জন্মভূমি তথা শিক্ষানুষ্ঠান, বান্তৌৰ গ্ৰাম্য পৰিৱেশ, গোগামুখৰ মিচিং জনজাতীয় জীৱনশৈলী স্বচক্ষে প্ৰত্যক্ষ কৰাৰ লগতে মিঠা আপঙৰ জুতি আৰু গেৰুকামুখত পোৱা ‘স্বৰ্ণদী’ সোৱণশিৰিৰ শীতল পানীৰ স্পৰ্শত আত্মহাৰা হৈ ক্ৰাম্‌ছা ছাৰেও হিয়া উজাৰি এদিন একলম বেলেগে লিখিছিল ‘ঢকুৱাখনাত ফাটবিহু চাই আহিলোঁ’ বুলি৷



খণ্ড-৩

চনটো একেটাই, অৰ্থাৎ ২০০৪৷ তাৰিখটোহে হাজাৰ চেষ্টা কৰিও মনলৈ আনিব পৰা নাই৷ ক্ৰাম্‌ছা ছাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁওগামী বাছ এখনত সিদিনা খুব পুৱাতে উঠি দিছিলোঁ৷ লগত কাকো লোৱা নাই৷ অকলে ওলাইছোঁ৷ সাম্প্ৰতিক কালত প্ৰায় প্ৰত্যেকৰে হাতে হাতে উপলব্ধ ইউটিউবৰ ভাষাত, চ’ল’ ট্ৰিপ্‌৷ লক্ষ্যস্থান ডিফুৰ পৰা ৯৫ কিল’মিটাৰ নিলগৰ ডেনগাঁও৷ আগতে কেতিয়াও নমাৰ অভিজ্ঞতা নাই হোৱা যদিও একেটা ৰাস্তাৰেই ডেনগাঁৱৰ মাজেদি নগাঁও, গুৱাহাটীলৈ কিমানবাৰযে যোৱা-অহা হৈছে তাৰ হিচাপ নাই৷

বাছত উঠি প্ৰথমে মাঞ্জা তিনিআলি৷ তাৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকলীয়া, লাংহিন, ফুলনি, ডকমকা আদি পাৰ হ’লোঁ৷ ‘মোৰ লক্ষ্যস্থান হ’ল তেজপুৰ’ৰ সুৰ আৰু শব্দ ধাৰ কৰি মনে মনে গুণগুণাইছোঁ… মোৰ লক্ষ্যস্থান হ’ল ডেনগাঁও... বেচৰকাৰী বাছেৰে৷ ডেনগাঁও, ডেন আৰং ওচৰ চাপি আহিছে৷ নামিবলগীয়া জেগাটুকুৰা পোৱাৰ ৩-৪ কিল’মিটাৰমান আগতে হাইৱে’ৰ সোঁহাতে নাতিদূৰত, দুটা চূড়াযুক্ত নুৰাক আংলং অৰ্থাৎ নুৰাক পাহাৰ৷ ওখ বৰ বেছি নহয় যদিও ইয়াৰ সৈতে কাৰবি জনগোষ্ঠীৰ কেতবোৰ সাধু, কিংবদন্তী আৰু ইতিহাস বিজড়িত হৈ আছে৷ জড়িত হৈ আছে মোৰো জীৱনৰ দুটা স্মৰণীয় তথা সুবাসিত দিন৷

আচৰিত কথা যে যি দিশৰ পৰাই নহওক কিয়, নুৰাক পাহাৰখনলৈ চালে দুটা চূড়া সদায়ে চকুত পৰে৷ তাৎপৰ্যপূৰ্ণ কথা যে বনজুই লাগিলেও এই চূড়া দুটা হেনো কেতিয়াও স্পৰ্শ নকৰে৷ তেনে পৰিস্থিতিত চৰাই-চিৰিকটি, জীৱ-জন্তু আদিয়ে তাতে আশ্ৰয় লয়গৈ৷ বন্ধুবৰ বিদ্যাছিং ৰংপিয়ে এঠাইত লিখিছিল এইবুলি৷ তেওঁৰ পৰাই জানিছোঁ যে কোনো কোনোৰ মতে নুৰাক পাহাৰৰ মূল চূড়া চাৰিটা৷ সেইবিলাক ক্ৰমে নিচান আংলং, আৰ্‌লং লাংদ’, থাৰ্‌ৱে আংলং আৰু কাৰজ’ আংলং৷ কোনোৰ মতে আকৌ নুৰাক আংলং নামে পঞ্চম শৃংগ এটাও আছে, য’ত বহি নুৰাক ছাৰ্প’ই শাসন কাৰ্য চলাইছিল বুলি কাৰবিসকলৰ মাজত জনবিশ্বাস প্ৰচলিত হৈ আহিছে৷

নিচান আংলং অৰ্থাৎ নিচান পাহাৰত ইংৰাজৰ আমোলত চৰকাৰীভাৱে জৰীপ চলাই চূড়াটোত এটা শিলাস্তম্ভ স্থাপন কৰা হৈছিল৷ অনুৰূপ স্তম্ভ এই পাহাৰৰ অনেক পূবৰ সিংহাসন আৰু পশ্চিমৰ মিছ’লংজন পাহাৰতো স্থাপন কৰা হৈছিল৷ স্তম্ভ স্থাপন কৰা পাহাৰকেইখনক সংযোগ কৰি ব্ৰিটিছে কিছুমান কাল্পনিক ৰেখা অংকন কৰিছিল৷ স্তম্ভৰ তলিত অজস্ৰ হীৰা-মুকুতা, সোণ-ৰূপ ইত্যাদি মূল্যৱান সম্পদ ঠাহ খাই থকা বুলি সাধাৰণ মানুহে ধাৰণা কৰিছিল৷ তাৰে ফলশ্ৰুতিত পৰৱৰ্তী সময়ত নুৰাক পাহাৰত সজা স্তম্ভটো এদিন অজ্ঞাত কোনোবা লোকে খান্দি পেলাইছিল৷ ইফালে-সিফালে সিঁচৰতি হৈ থকা অৱস্থাত পোৱা গৈছিল অৱশেষবোৰ৷

নুৰাকৰ আন এটা চূড়া আৰ্‌লং লাংদ’, যাৰ অৰ্থ পানী থকা শিল৷ ভূপৃষ্ঠৰ পৰা বহুত ওপৰলৈ ওলাই থকা প্ৰকাণ্ড শিল এটা ইয়াত আছে যাৰ উপৰিভাগত থকা গাঁতত হেনো বছৰৰ বাৰমাহে পানী জমা হৈ থাকে৷ কোনোদিনে নুশুকায়৷ শিলটোৰ ওচৰে-পাজৰে পানীৰ কোনো উৎসও নাই৷ খৰালি যি সময়ত নৈ, বিল, জান-জুৰি শুকাই খৰাং ৰূপ লয়, তেনেকুৱা সময়ত শিলটোত পানী বেছিকৈহে জমা হয় আৰু নিগৰি পৰি থাকে৷ জীৱ-জন্তু, চৰাই-চিৰিকটি আদিয়ে সেই স্থানলৈ গৈ পিয়াহ গুচায়৷ এয়া প্ৰকৃতিৰ এক আশ্চৰ্য৷ ঐশ্বৰিক কাণ্ড বুলি মানুহে কোৱা-কুই কৰে৷

কাৰবি জনবিশ্বাসত নুৰাক হৈছে থান-দেৱতা৷ পাহাৰখনৰ আশে-পাশে বৃহৎ এলেকা ব্যাপী বসতি কৰা জনসাধাৰণে নুৰাক দেৱতাক মানে আৰু গভীৰভাৱে শ্ৰদ্ধা কৰে৷ এই দেৱতাৰ নামত উচৰ্গা কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনাৰে ৰংকেৰ অৰ্থাৎ থান পূজা পাতে৷ জনশ্ৰুতি অনুসৰি, নুৰাক পাহাৰলৈ গৈ নুৰাক দেৱতাৰ নামত পূজা-অৰ্চনা কৰিলে কাৰবি পৰম্পৰাগত সাজপাৰ প্ৰাপ্তি হৈছিল৷ আগদিনা পূজা আগ বঢ়ালে পাছদিনাখন কাপোৰ পায়৷ এক অলৌকিক কাৰবাৰ৷ উৎসৱ-পাৰ্বণ, বিশেষকৈ চ’মাংকানৰ সময়ত এইদৰে কাপোৰ-কানি বিচৰা হৈছিল৷ উৎসৱৰ অন্তত কাপোৰবোৰ ধুই-ধাই পুনৰ যথাস্থানত মেলি থৈ আহিব লাগিছিল৷ বয়োজ্যেষ্ঠ লোকৰ ভাষ্যমতে এসময়ত কোনোবাই এনেকৈ লাভ কৰা কাপোৰ ঘূৰাই নিদিলে৷ তাৰ পাছৰে পৰা হাজাৰ পূজা-পাতল কৰিলেও বস্ত্ৰ ওলোৱা প্ৰক্ৰিয়াটো বন্ধ হৈ পৰে৷



খণ্ড-৪

নুৰাক পাহাৰৰ নামটোৰ উৎপত্তি সম্বন্ধে সাধু, কিংবদন্তী, জনপ্ৰবাদ আদি শুনা যায়৷ আলোচনীৰ পাতত পঢ়িবলৈ পোৱা এক কাহিনী অনুসৰি বহু হাজাৰ বছৰৰ পূৰ্বতে দুৰ্গম হাবি-জংঘলেৰে পৰিপূৰ্ণ পাহাৰখন ৰংবিন (অদৃশ্য গাঁও)বাসী মানুহৰ অন্যতম বসতি স্থল আছিল৷ সেই সময়ত তাত লংকামাৰ নামৰ দেৱতা এজন আছিল৷ পাছলৈ তেওঁ লংবামন নামে পৰিচয় দিবলৈ ধৰে৷ অঞ্চলটোৰ মানুহ, জীৱ-জন্তু, গছ-গছনি, নৈ-নিজৰা আদিৰ তেওঁ প্ৰতিপালন কৰিছিল৷ লংবামনকে অঞ্চলটোৰ মুখিয়াল পাতি নুৰাক উপাধি দি এদিন ৰংবিনসকলে স্থান ত্যাগ কৰি সিংহাসন পৰ্বতৰ পিনে গুচি যায়৷ তেতিয়াৰে পৰা পাহাৰখনৰ নাম হৈ পৰে নুৰাক৷

আন এক প্ৰবাদ অনুযায়ী এই পাহাৰৰ সমীপৱৰ্তী অঞ্চলত নুৰাক নামে এজন সুন্দৰ-সুঠাম যুৱক আছিল৷ তেওঁ ভাল চিকাৰী আছিল আৰু মাজে মাজে মৃগয়ালৈ গৈছিল৷ এদিন পাহাৰত চিকাৰ কৰিবলৈ যাওঁতে অটব্য অৰণ্যৰ মাজত এজনী হৰিণী দেখা পালে৷ শৰ নিক্ষেপ কৰিবলৈ লওঁতেই হৰিণীয়ে মাত দি উঠিল… ‘মোক নামাৰিবা, মোক নামাৰিবা৷ মই প্ৰকৃততে হৰিণী নহওঁ৷ মই এই পাহাৰৰ দেৱতাৰ জীয়ৰীহে৷ মই তোমাকেই লগ পাবলৈ আহিছোঁ৷’ হৰিণীৰ মুখত মানুহৰ কণ্ঠস্বৰ শুনি নুৰাক আচৰিত হ’ল৷ ততোধিক আচৰিত কৰি হঠাতে হৰিণীজনী অদৃশ্য হৈ পৰিল৷ এনেকৈ কেইবাদিনো দেখা দিয়াৰ পাছত এদিন হৰিণীয়ে এজনী দীপলিপ গাভৰু হৈ নুৰাকৰ সন্মুখত ধৰা দিলে আৰু মনৰ কথা বিৱৰি ক’লে৷ দুয়োৰে মাজত প্ৰেম হ’ল আৰু সেই প্ৰেম গাঢ় হৈ এদিন দুয়ো বিবাহ-পাশত আবদ্ধ হ’ল৷ ইফালে নুৰাক বহুদিন ধৰি ঘৰলৈ উভতি নহাত অঞ্চলটোত হাঁহাকাৰ লাগিল৷ অনেক বিচাৰ-খোঁচাৰ কৰিও পুত্ৰক নোপোৱাত মাক-দেউতাকে দেওধনীৰ হতুৱাই মঙল চোৱালে৷ তেতিয়া জ্ঞাত হ’ল যে নুৰাকে দেৱকন্যাৰ সৈতে বিবাহ সম্পন্ন কৰি পৰ্বতত আশ্ৰয় লৈ আছে৷ দেওধনীয়ে আমন্ত্ৰণ কৰাত নুৰাকে সঁহাৰি দিলে৷ সমস্ত কথা জনোৱাৰ লগতে ক’লে… ‘মোক আৰু বিচাৰিব নালাগে৷ পাহাৰখনতে আছোঁ মই৷ মই এতিয়া গাঁওবুঢ়া৷ পাহাৰখনো এতিয়া মোৰ নামেৰেই নুৰাক পাহাৰ বুলি জনাজাত হ’ব৷’ তেতিয়াৰে পৰা পাহাৰখনৰ নাম নুৰাক হোৱা বুলি বিশ্বাস কৰা হয়৷

অন্য এক জনপ্ৰবাদ অনুসৰি তাহানিতে এই অঞ্চলত এজন খুব প্ৰতিভাশালী মানুহ আছিল৷ তেওঁ একাধাৰে মৌজাদাৰ, বৰ-গাঁওবুঢ়া আৰু কাখ্ৰে-পানচা অৰ্থাৎ শনিৰ দশা বা আন প্ৰকাৰে অপমৃত্যু ঘটা মৃতকৰ আত্মাক উদ্ধাৰকাৰী ব্যক্তি আছিল৷ তিনিটাকৈ উচ্চ পদবীৰ অধিকাৰী হোৱাৰ বাবে তেওঁক নুৰাক অৰ্থাৎ মহান পদবীধাৰী বুলি সন্মান জনোৱা হৈছিল৷ তেওঁৰ মৌজাৰ বিস্তৃতি আছিল সুদূৰ যমুনা, দৈয়াং, কপিলী, কলং নদী আৰু সিংহাসন পৰ্বত পৰ্যন্ত৷ কাৰবি ৰজা ৰেংবংহমৰো নিৰ্ভৰযোগ্য ব্যক্তি আছিল নুৰাক৷ এই নুৰাকৰ পৰাই পাহাৰখনৰ নামটো হ’ল বুলি ধাৰণা কৰা হয়৷


নুৰাক পাহাৰত শিলেৰে নিৰ্মিত কেতবোৰ ঘৰ আছে৷ সেয়া কোনো শিল্পী-ভাস্কৰৰ দ্বাৰা নিৰ্মিত ঘৰ নহয়৷ পাহাৰৰ ওপৰত থকা ডাঙৰ ডাঙৰ শিলবোৰ প্ৰাকৃতিকভাৱেই তেনেকুৱা আকৃতিৰ৷ কাৰবিসকলে ইয়াক আৰনাম আহেম অৰ্থাৎ দেৱতাৰ ঘৰ বোলে৷ 

নুৰাক পাহাৰক কোনো কোনোৱে লাংলাই পাহাৰ বুলিও কয়৷



খণ্ড-৫


ৰূপত ৰহণ চৰোৱা ঘাইপথৰ বিশেষ ভাঁজটো আৰু দাঁতিৰ জৰিজোপাৰ কাষ পোৱাৰ লগে লগে আপোনা-আপুনি ডিঙিটো ঘূৰি গ’ল নুৰাক পাহাৰৰ পাদদেশৰ বিস্তীৰ্ণ পথাৰখনলৈ৷ নুৰাক আক্লাম অৰ্থাৎ নুৰাক ক্ষেত্ৰ৷ সেইখন পথাৰতে মাৰ্চ মাহৰ ২৪-২৫ত দুদিন-দুৰাতি কটোৱাৰ সৌভাগ্য হৈছিল কাৰবি জনমানসৰ আদৰণীয় জাতীয় অনুষ্ঠান কাৰবি লাম্‌মেত আমেই (কাৰবি সাহিত্য সভা)ৰ পঞ্চদশ ডেনগাঁও অধিৱেশনৰ সময়ছোৱাত, উৎসাহী কৰ্মকৰ্তাসকলৰ মৰমৰ উষ্ণতা আৰু দাবীৰ প্ৰতি সন্মান জনাই৷ ৰাস্তাৰ দাঁতিত থকা বেঁকা গছজোপাৰ ওপৰত খেৰ-বাঁহেৰে তেতিয়াই সজা হেমতাপ অৰ্থাৎ পৰম্পৰাগত টঙি ঘৰটো এতিয়াও আছেচোন! মনত পৰিছে, অধিৱেশনৰ সময়ত বগাইছিলোঁ তাত৷ অলপ সময়ৰ বাবে ঘূৰাই পোৱা যেন লাগিছিল নিজৰ ল’ৰালি৷

মনত পৰিছে, সেইবাৰ অধিৱেশনৰ আলহী চাৰ্প’ (মুখ্য অতিথি) আছিল হোমেন বৰগোহাঞি ছাৰ৷ নিমন্ত্ৰণকাৰী দলত মোকো লৈ গৈছিল ‘আমাৰ অসম’ কাকতৰ গুৱাহাটী কাৰ্যালয়লৈ৷ কি ভাবি নাজানো৷ ডিফুৰ পৰা যাওঁতে কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে নিৰ্মীয়মান অধিৱেশনথলীত, সৌখিনিতে এখন্তেক ৰৈছিলোঁ৷ নাতিদূৰৰ নুৰাক পাহাৰখনলৈ আঙুলিয়াই কিছু কথা কৈছিল লেখক-বন্ধু বিদ্যাছিং ৰংপিয়ে৷ যেন আনুষ্ঠানিক পৰিচয়হে আছিল সেয়া, মোৰ আৰু নুৰাকৰ!

মনত পৰিছে, সেইবাৰ অধিৱেশনত প্ৰকাশনত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল৷ কিতাপ, বাৰ্ষিক মুখপত্ৰ, স্মৃতিগ্ৰন্থ সমন্বিতে মুঠ ১৫ খন উন্মোচিত হৈছিল৷ তাৰে বিদ্যাছিং ৰংপিৰ প্ৰৱন্ধ সংকলন ‘লাম্‌জিৰ কাংদাক’ আৰু কিংবদন্তী কাব্য সংকলন ‘কুংৰিছ’ মিৰদান’, দেবেন তিমুঙৰ আধুনিক কাৰবি কবিতাৰ সংকলন ‘জেংজিৰি’, সুৰেন ক্ৰাম্‌ছাৰ ৰেডিঅ’ত প্ৰচাৰিত শিক্ষামূলক কথিকাৰ সংকলন ‘লাম্‌জিৰ ইছাং’ আৰু সমাজ-সংস্কৃতিমূলক ৰচনাৰ সংকলন ‘লাম্‌জিৰ আফাৰ’, জৰছিং বে’ৰ পৰম্পৰাগত কাৰবি ৰোমাণ্টিক গীতৰ পুথি ‘ডিমিৰ আলুন’, মেনছিং বে’ৰ দ্বাৰা সম্পাদিত আদৰণী সমিতিৰ স্মৃতিগ্ৰন্থ ‘নুৰাক’ --এই ৭খন ছপা কৰাৰ সুযোগ লভিছিলোঁ৷

আৰু মনত পৰিছে, প্ৰৱল অনিচ্ছাসত্ত্বেও অধিৱেশনৰ দ্বিতীয় দিনা পুৱাৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী অৱেলিৰ আমেই (বুৰঞ্জী সন্মিলন)ৰ কাংপুজি (উদ্বোধক)ৰ দায়িত্ব পৰিছিল অমুকাৰ ওপৰত৷ সভাই-সমিতিয়ে কথা কোৱাটো মুঠেই অপচন্দ আৰু বাঞ্ছা নকৰা মানুহ৷ আমেইৰ স্বয়ং মেইফু (সভাপতি) বিদৰছিং ক্ৰ’ দাদাই এদিন নিজ হাতে দিয়া আমন্ত্ৰণী পত্ৰখন পঢ়ি পেটতে হাত-ভৰি লুকাল৷ ‘যি কলাৰ বিকাশেই নহ’ল তাক লৈ ল’ৰা-ধেমালি নকৰোঁ’ বুলিলোঁ, স্পষ্টভাৱে৷ সিফালে সিজনো নাছোড়বান্দা৷ কিমানযে অভয় বাণী, সহায়ৰ প্ৰতিশ্ৰুতি ইত্যাদি ইত্যাদি! চাৰ্লছ দ্য গলৰ বাক্যৰে, ‘বৰকৈ কথা কোৱা বা বক্তৃতা দিয়াজনে বিশেষ একো কৰিব নোৱাৰে, কথাই বা বক্তৃতাই চিন্তাৰ চোক কমাই পেলাই আৰু কাম কৰাৰ উৎসাহ হ্ৰাস কৰে’ বুলি মূৰ পোলোকা মৰাৰ শেষ চেষ্টা এটা চলালোঁ যদিও বৃথা হ’ল৷ মোক ফান্দত পেলোৱাৰ আঁৰত নিৰ্ঘাত দুই বন্ধু ক্ৰমে চিত্ৰশিল্পী দেবেন তিমুং আৰু লেখক বিদ্যাছিং ৰংপিৰ ষড়যন্ত্ৰ থকা বুলি এতিয়াও মোৰ অন্তৰত ধাৰণা এটা বদ্ধমূল হৈ নথকা নহয়৷

সি যি কি নহওক, দুই পৃষ্ঠা ক’বলগীয়া প্ৰস্তুত কৰি নিৰ্দিষ্ট তাৰিখত, নিৰ্দিষ্ট সময়ত, নিৰ্দিষ্ট স্থানত দি দিছিলোঁ ‘কাৰবি ইতিহাস প্ৰণয়নৰ সমস্যা আৰু সমাধান’ শীৰ্ষক উদ্বোধনী ভাষণ, সৌখন পথাৰতে সজা বৃহৎ মঞ্চত খোপনি লৈ৷ তাৰ পাছতে লিখিত ৰূপত অৰ্পণ কৰিছিলোঁ সভাপতি ক্ৰ’দাৰ দুহাতত৷ পাছত দেখিছিলোঁ, ২০০৫ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত সভাৰ সপ্তদশ লংচাপ অধিৱেশনৰ স্মৃতিগ্ৰন্থ ‘হংক্ৰাম’ত প্ৰৱন্ধ আকাৰে প্ৰকাশ পাইছিল৷ এতিয়া মাজে মাজে পঢ়ি চাওঁ, কিনো কৈছিলোঁ বুলি৷ চিন্তা কৰি, আশা কৰি কোৱা কথাবোৰ কিমান বাস্তৱায়িত হ’ল নাজানো৷ নিজে হ’লে মিটিং আৰু ইটিং সমূলি প্ৰত্যাখ্যান কৰি নিজকে হেৰাই যাবলৈ দিয়া হ’লোঁ প্ৰকৃতিৰ বাহুবন্ধনত৷ এইটো কামতহে মজা বেছি লাগে৷ সেয়ে আজি আহিছোঁ ক্ৰাম্‌ছা ছাৰৰ আহ্বান পাই৷ জলপ্ৰপাতৰ সন্ধানত লংবুই পাহাৰৰ অভ্যন্তৰত সোমাম দুয়ো৷


নুৰাক পাহাৰ, নুৰাক ক্ষেত্ৰ য’ত যেনেকৈ আছিল ত’ত তেনেকৈ এৰি বাছখন ঢাপলি মেলিছে৷ সন্মুখত ডেনগাঁও৷ ক্ষন্তেকতে পামগৈ প্ৰথম লক্ষ্যস্থান৷ আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাত কি ক’ত কিয় বিখ্যাত শীৰ্ষক প্ৰশ্নোত্তৰত কিতাপৰ ভাষা অনুসৰণ কৰি শিকিবলগীয়া হৈছিল… মিকিৰ পাহাৰ জিলাৰ ডিফু মহকুমাৰ এখন সৰু ঠাই ডেনগাঁও৷ ইয়াৰ পূৰ্বৰ নাম ডেন আৰং৷ ইয়াত চৰকাৰী প্ৰাথমিক, মজলীয়া আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপৰি ৰাজ্যিক চিকিৎসালয়, পশু চিকিৎসা কেন্দ্ৰ, ৰেছম বিভাগৰ পাম, হস্ততাঁত বয়ন বিভাগৰ বস্ত্ৰ উৎপাদন কেন্দ্ৰ, জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বঙলা, বহুমুখী সমবায় সমিতিৰ কাৰ্যালয়, ধান বনা কল আদি আছে৷ সাপ্তাহিক বজাৰ এখন বহে৷ খেতি-বাতি ভাল হয়৷



খণ্ড-৬

ডেন আৰং, ডেন গাঁও৷ কাৰবি ভাষাত ৰং মানে গাঁও৷ ডেনগাঁৱৰ অতীত ইতিহাসে কয়, কুৰি শতিকাৰ প্ৰথম দশকত বৰ্তমানৰ ডেনগাঁও বজাৰখনৰ নাতিদূৰত থকা হৰিণা নৈৰ পকী দলঙৰ উত্তৰ-পশ্চিম দিশে ডেন তেৰাং নামে গাঁও এখন আছিল৷ ব্ৰিটিছৰ আমোলত বন বিভাগত ফৰেষ্ট গাৰ্ড হিচাপে কাম কৰি চাকৰিৰ পৰা অব্যাহতি লোৱা ডেন তেৰাং আছিল বৰ-গাঁওবুঢ়া৷ তেওঁৰ নামেৰেই গাঁওখনৰ নামকৰণ কৰা হৈছিল৷ সেই গাঁওখন পাছলৈ বজাৰৰ পৰা ১ কিল’মিটাৰ নিলগত উত্তৰ-পূব দিশৰ পথাৰৰ মাজলৈ স্থানান্তৰিত হয়৷ পৰৱৰ্তী সময়ত উক্ত স্থানৰ পৰাও স্থানান্তৰিত হয় বৰ্তমানৰ লাংলাই পাহাৰ (নুৰাক আংলং)ৰ নামনি অঞ্চললৈ৷ ভাষিক সংমিশ্ৰণত পাছলৈ এই অঞ্চলটো ডেনগাঁও নামে পৰিচিত হয়৷

তেতিয়াৰ দিনত ৰাস্তাৰ দুই দাঁতি গভীৰ অৰণ্যৰে ভৰি আছিল৷ সেই অৰণ্যানি নাহৰফুটুকী, কুকুৰনেচীয়া আৰু ঢেঁকীয়াপতীয়া বাঘকে ধৰি বন্য জীৱ-জন্তুৰে ঠাহ খাই আছিল৷ ডেনগাঁৱৰ দাঁতি-কাষৰীয়া ভালুকজান আছিল ভালুকৰ বিচৰণভূমি আৰু খোৰোং থকা জেগা৷

ডেনগাঁৱৰ সাপ্তাহিক বজাৰখনৰ আৰম্ভণি হৈছিল ১৯৫৮ চনমানত৷ প্ৰয়াত নিহাং টক্‌বি, খয়াছিং টেৰণ, জয়ছিং ৰংপি, ছাৰমেন টক্‌বি আদিয়ে বজাৰ প্ৰতিষ্ঠা কৰাত উদ্যোগ লৈছিল৷ প্ৰয়াত সভাৰাম বৰা, খুটি, মজুমদাৰ আদি নামৰ ব্যৱসায়ী এচামে ডেনগাঁৱত সৰ্বপ্ৰথমে দোকান খুলিবলৈ আৰম্ভ কৰিছিল৷ একেদৰে পাছলৈ ইয়াত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে৷

ডেনগাঁৱৰ মেৰক এল. পি. স্কুল অতি পুৰণি আৰু ঐতিহ্যমণ্ডিত৷ ত্ৰিশৰ দশকৰ শেষভাগত মেৰক ৰংপি নামৰ শিক্ষানুৰাগী ব্যক্তি এগৰাকীৰ প্ৰচেষ্টাত বাচেন পাহাৰত নিম্ন বুনিয়াদী বিদ্যালয় এখন স্থাপন কৰা হৈছিল৷ বিভিন্ন কাৰণত কেইবা ঠাইলৈ স্থানান্তৰিত হোৱা বিদ্যালয়খন মেৰক নামকৰণেৰে পাছলৈ ইয়াত স্থায়ী হয়৷ ১৯৪০ চনত এই বিদ্যালয়খনৰ ছাত্ৰৰ সংখ্যা আছিল ১০৪ জন৷ প্ৰতিষ্ঠাপক শিক্ষকজনৰ নাম ৰংবং ৰংপি৷ ১৯৪৩ চনত মেৰক মধ্য ইংৰাজী বিদ্যালয় আৰু ১৯৫৮ চনত ডেনগাঁও উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছিল৷ আনহাতে ভাৰত দাস নামৰ এগৰাকী লোকৰ তৎপৰতাত ১৯৫৪-৫৫ চনত বৰ্তমানৰ বজাৰখনৰ দক্ষিণ-পশ্চিম দিশে ১.৫ কিল’মিটাৰমান আঁতৰত হাবি-জংঘল কাটি পৰিষ্কাৰ কৰি গঢ়ি তোলা হৈছিল ভাৰত খেলপথাৰ৷ এনেকৈয়ে শিক্ষা-দীক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আগ বাঢ়ি গৈছিল ডেনগাঁও অঞ্চলটো৷

কাৰবি, বড়ো, তিৱা, নেপালী, বঙালী, আদিবাসী, গাৰো, চুতীয়া, কলিতা আদি বিভিন্ন সম্প্ৰদায় তথা ধৰ্মাৱলম্বী জনসাধাৰণে সংমিশ্ৰণ, সংহতি, সমন্বয় আৰু সহাৱস্থানৰ ভাবধাৰাৰে ডেনগাঁও অঞ্চলত অতীজৰে পৰাই বসতি কৰি আহিছে৷



খণ্ড-৭


ডেনগাঁও পোৱাত বাছখন ৰ’ল৷ প্ৰায় তিনিঘণ্টীয়া যাত্ৰাটোৰ অন্ত পেলাই মই মাটিত ভৰি দিলোঁ৷ বাকী কোন নামিল কোন উঠিল সিমান খেয়াল নাই৷ মনৰ ভিতৰত পাহাৰ আৰু জলপ্ৰপাতৰ উজান-ভাটী৷ নতুনৰ সন্ধানত ৯৫ কিল’মিটাৰ বাট সুকলমে অকলেই অতিক্ৰম কৰিলোঁ বাৰু৷ এতিয়া লাগে, সুৰেন ক্ৰাম্‌ছাক৷ আজিৰ অভিযানটোত তেওঁ মোৰ গাইড আৰু জ্ঞানদাতা৷

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী তিনিআলিটোত থকা দোকানৰ শাৰীটোতে ক্ৰাম্‌ছা ছাৰৰ ভায়েক বীৰেনৰ ফটো ষ্টুডিঅ’৷ পুৰণা বাজাজ ছুপাৰ স্কুটাৰখন ষ্টুডিঅ’ৰ সন্মুখতে থৈ ছাৰে মোলৈকে অপেক্ষা কৰি আছিল৷ গাড়ীৰ পৰা নামি হাত-ভৰিবোৰ পোনাই-পজৰাই শেষ নহ’লেই, বাছখন আঁতৰি যোৱাত সহজেই আমাৰ চাৰি চকুৰ মিলন হৈ গ’ল৷ উত্তেজনাটোও স্বাভাৱিকতে এখোপ বাঢ়ি গ’ল৷ অনৱৰতে আহ-যাহ চলি থকা যান-বাহনবোৰৰ পৰা সামান্য সুৰুঙা পায়ে ব্যস্ত ৰাজমাৰ্গটো একে দৌৰে পাৰ হ’লোঁ৷ দেখিছোঁ, বিপৰীত দিশৰ পৰা ক্ৰাম্‌ছা ছাৰেও মোৰ ফালেই খৰধৰকৈ আহিবৰ চেষ্টা কৰিছে৷ মই ছাৰৰ কাষ পালোঁহি৷ আন কালৰ দৰেই হাঁহিমুখীয়া কাৰ্‌দম্‌ অৰ্থাৎ নমস্কাৰ ভংগীমাৰে পাৰস্পৰিক সম্ভাষণ বিনিময় হ’ল৷

বাটৰ প্ৰসংগৰে দুই-এটা প্ৰশ্ন সুধি থাকি ছাৰে দুচকীয়াখন সামান্যভাৱে হাওলাই ল’লে৷ এইবাৰ চিধাকৈ ধৰি ৰাখি কিক্‌ মৰাত লাগিল৷ বেছি দেৰি নালাগিল যেনিবা৷ ইঞ্জিন ষ্টাৰ্ট হৈ গ’ল৷ পাছফালে মোক বহুৱাই প্ৰথমেই আগুৱান হ’ল ডেনগাঁও বজাৰৰ সমীপতে থকা জৰছিং বে’ৰ ঘৰলৈ৷ বে’ এজন অক্লান্ত সাংস্কৃতিক কৰ্মী৷ কিতাপ-আলোচনীৰ যোগেদিয়ে আমাৰ চিনাকি৷ পুৱাই পুৱাই হঠাতে মোক নিজৰ চ’ৰাঘৰত দেখা পাই জৰছিং বে’ আচৰিত৷ তাতোকৈও আচৰিত হ’ল, ক্ৰাম্‌ছা ছাৰৰ মুখে ডেনগাঁও আগমনৰ উদ্দেশ্য সম্বন্ধে জানিব পাৰি৷ এড্‌ভেন্‌চাৰ যাত্ৰাটোৰ প্ৰতি আলোড়ন তথা সদিচ্ছা প্ৰকাশ কৰিলে যদিও পূৰ্বনিৰ্ধাৰিত সভা এখনলৈ ওলাই যাব লাগিব হেতুকে তেওঁ আমাক সংগ দিব নোৱাৰিলে৷

বে’ৰ ঘৰৰ পৰা ওলাই পাৰখোৱাৰ দিশে অকণমান আগলৈ নকৈ ঘৰ সাজি বাস কৰিবলৈ লোৱা শিক্ষক, সাংবাদিক তথা সাহিত্যসেৱী জীৱন পাটৰৰ ঘৰতো এভুমুকি মাৰিলোঁগৈ দুয়ো৷ তাৰ পৰা উভতি আহি ঘাইপথৰ পৰা বাঁৱে সোমাই যোৱা ঠেক বাটটোৰে ধীৰে ধীৰে অগ্ৰসৰ হ’লোঁ ক্ৰাম্‌ছা ছাৰৰ গৃহলৈ বুলি৷ ‘কিমান দূৰ যাব লাগিব ছাৰ’ বুলি সোধাত চালকৰ আসনৰ পৰা ছাৰে জনালে, ‘৬ কিল’মিটাৰমান হ’ব৷’

ইফালে-সিফালে চাই চাই গৈ আছোঁ৷ ডেনগাঁও তিনিআলিৰ পৰা প্ৰায় ৫ কিল’মিটাৰ অহা হ’ল৷ ৰাস্তাৰ সোঁফালে বিদ্যালয় চৌহদ এটা৷ সন্মুখত ৰৈ ক্ৰাম্‌ছা ছাৰে চিনাকি কৰালে, ‘এইখনেই মোৰ স্কুল৷’ তেওঁৰ পৰাই গম পালোঁ যে এইখন কাইবং ক্ৰ’ গাঁও৷ গাঁওখনৰ প্ৰথমজন গাঁওবুঢ়াৰ নাম আছিল কাইবং ক্ৰ’৷ তেওঁৰ নামেৰেই গাঁওখনৰ লগতে প্ৰাথমিক বিদ্যালয়খনৰো নামকৰণ কৰা হৈছে৷ এইখনেই ক্ৰাম্‌ছা ছাৰে আজিৰ পৰা ২৪ বছৰৰ আগতে, ১৯৮০ চনত নিযুক্তি লভা প্ৰথম শিক্ষানুষ্ঠান৷ কাষতে ১৯৮৬ চনত স্থাপিত বিথিলাংছ’ মধ্য ইংৰাজী বিদ্যালয়৷ ছাৰৰ বৰ্তমান কৰ্মস্থলী৷ স্কুলখনৰ তেওঁ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক৷

স্কুলটো এৰি শিলগুটি দিয়া পথেৰে আমি আকৌ অগ্ৰসৰ হৈছোঁ৷ এই অঞ্চলটোত ইফালে-সিফালে সিঁচৰতি হৈ ১৮-১৯খন গাঁও আছে৷ কথা পাতি পাতি এসময়ত ছাৰৰ বাসস্থানৰ আগ পালোঁহি৷ এই গাঁৱৰ নাম আদায় হাঞ্চে৷ কেঁচা ৰাস্তাটোৰ বাঁওফালে বাসগৃহটো৷ সোঁফালে পথাৰ৷ পথাৰখন দূৰলৈকে বিস্তৃত৷ অন্তিমত জিলিকি আছে পাহাৰৰ লানি৷ নুৰাক পাহাৰ ইয়াৰ পৰা পোনে পোনে ৫ কিল’মিটাৰমানেই হ’ব বুলি ক’লে৷ স্কুটাৰৰ পৰা নামি ৰাস্তাটোৰ দাঁতিত এপলক ৰৈ মনে মনে চিন্তা কৰিলোঁ, আমাৰ অভিযানটো কেনি চলিব বাৰু!



খণ্ড-৮

কোনো পাহাৰৰ অৱস্থিতিৰ সহায় লৈ দুটা স্থানৰ মাজৰ দূৰত্ব বুজোৱা প্ৰথা এটাৰ কাৰবিসকলৰ মাজত আগৰে পৰাই প্ৰচলন আছে৷ তেওঁলোকে কয়, 'নেতুম আৰং পেন ইংলং ইছি কাহেল' অৰ্থাৎ, আমাৰ গাঁৱৰ পৰা পাহাৰ এখনৰ দূৰত্ব৷ নাতিদূৰত দেখা পাই থকা পাহাৰলানিৰ ফালে চাই মগন হৈ আছিলোঁ৷ ক্ৰাম্‌ছা ছাৰে 'অাহক ছাৰ, সোমাই আহক' বুলি মৰা চিঞৰত সম্বিৎ ফিৰি আহিল৷

গৃহ-প্ৰৱেশৰ পাছতে ছাৰে পৰিবাৰ হোমবাৰী টেৰণপীৰ সৈতে আনুষ্ঠানিক পৰিচয় কৰোৱালে৷ ‘সোমবাৰে জনম লভা হেতুকে এওঁৰ নামটো মাক-দেউতাকে হোমবাৰী ৰাখিলে বুইছে ছাৰ...’ বুলি তৎমুহূৰ্ততে ৰসিকতা কৰিবলৈও নেৰিলে৷ নামক লৈ হাঁহি উঠা কাহিনী ছাৰৰ ক্ষেত্ৰতো নথকা নহয়৷ তেওঁৰ জন্ম বাৰটো আছিল শুকুৰবাৰ৷ গতিকে পিতৃপ্ৰদত্ত নামটো হ'লগৈ শুকুৰাম৷ শুকুৰাম ক্ৰাম্‌ছা৷ এল. পি স্কুলত পঢ়িবলৈ লওঁতে সহকাৰী শিক্ষক সোণাছিং ইংতিয়ে শুকুৰাম গুচাই সুৰেণ কৰিলে৷ পাছত এদিন কাৰোবাৰ পৰামৰ্শত বানানটো সুৰেণৰ পৰা কৰা হ'ল সুৰেন৷ তাৰ পাছত এদিন সংস্কৃত মননৰ কোনোবা লোকৰ প্ৰভাৱত হৈ পৰিল হেনো সুৰেন্দ্ৰ, মানে দেৱৰাজ ইন্দ্ৰ৷ পাছত আকৌ সুৰেন কৰা হ'ল৷ এনেকৈ অনেক কথা৷ এইবোৰকে লৈ আৰম্ভণিতে বেছ কিছু হাস্যৰসৰ সঞ্চাৰ হ’ল৷ তাৰ মাজতে ঘৰখনত দেখা পোৱা ছাৰৰ কিতাপ-পত্ৰবোৰৰ নামবিলাক চিকাৰী চকুৰে মই পঢ়িবৰ চেষ্টা চলাই গ’লোঁ৷

ক্ৰাম্‌ছা দম্পতীৰ ল’ৰা দুটা৷ সুনিন্দ্ৰ আৰু বিপিন৷ ছোৱালীও দুজনী৷ স্বপ্না আৰু মিৰ্‌মিলি৷ আটাইকেইটাই পঢ়ি আছে৷ ভিতৰুৱা স্থানত থাকিও শিক্ষা-দীক্ষাৰ মোল বুজি পোৱাত পৰিয়ালটো মোৰ ভাল লাগি গ’ল৷ কথা-বতৰাৰ মাজতে সন্তানহঁতক মাতি আনি মোৰ সৈতে সাক্ষাৎ কৰালে৷ চাহ-পানী খুৱাই উঠাৰ পাছত বাৰী-ঘৰ, চৌপাশ দেখুৱালে৷ তাৰ পাছতে পৰিবাৰক মাত লগাই ছাৰে মোক লগত লৈ ৰাস্তালৈ ওলাই আহিল৷ উদ্দেশ্য, জলপ্ৰপাত দৰ্শনাৰ্থে ততালিকে যাত্ৰা আৰম্ভ কৰা৷ নহ’লে উভতি আহোঁতে পলম হৈ যাব৷ ঘূৰি আহি আমি ভাত খাম৷ তাৰ পাছত মোৰ ডিফুলৈ প্ৰত্যাৱৰ্তন৷

মোক উঠাই লৈ ক্ৰাম্‌ছা ছাৰে এক্সেলাৰেটৰ পকাই দিলে৷ গ্ৰামীণ ৰাস্তাত স্কুটাৰে গতি ল’লে সন্মুখলৈ বুলি৷ ঘৰৰ পৰা ৩ কিল’মিটাৰমান গ’লোঁ কি নগ’লোঁ, চকুৰ আগলৈ আহিল জলসিঞ্চন বিভাগৰ নলা আৰু শ্লুইচ গেট এখন৷ বৰ্ষীয়ান কঁঠাল গছ আৰু অন্যান্য কেতবোৰ গছ-গছনিৰ আৱৰ্তত ঘাঁহনি আৰু মুকলি ঠাই৷ এলেকাটো দেখিয়ে কিবা যেন বহুদিনৰ আগৰ চিনাকি চিনাকি ভাব এটা আচম্বিতে হৃদয়ত খেলিব ধৰিলে মোৰ৷ ‘এয়া হৰিণা ইৰিগেচন স্কিম৷ পান জুৰি৷’

ছাৰে এইদৰে কোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰিলোঁ৷ স্বগতোক্তি ওলাই আহিল মুখৰ পৰা৷ ‘হয়, হয়৷ এয়াই আছিল আমাৰ কৈশোৰৰ পিকনিক স্পট পাঞ্জুৰি৷ ঠেক গাঁৱলীয়া পথেৰে 'হাংমা' আৰু 'মধুমিতা'ই ইয়ালৈকে কঢ়িয়াই আনিছিল আমাক পি.ডব্লিউ.ডি. কল'নী পিক্‌নিকত, ১৯৭৬ত৷ তেতিয়া আপোনাৰ ঘৰৰ আগেৰেই পাৰ হৈ আহিছিলোঁ তাৰ মানে!’ মনটো উভতি গ’ল পুৰণা দিনলৈ৷ সুদীৰ্ঘ ২৮ বছৰৰ পাছত আজি পাই গ’লোঁ দীৰ্ঘকাল ধৰি উত্তৰৰ সন্ধানত থকা এটা প্ৰশ্নৰ৷ নিজকে পুনৰবাৰ আৱিষ্কাৰ কৰিলোঁ পাঞ্জুৰিৰ ঘাঁহনিত৷ মনলৈ আহিল কৈশোৰ কালৰ আনন্দময় মুহূৰ্তবোৰ৷ নিৰসন হ’ল সমস্ত খূদুৱনিৰ৷


ছাৰে মোক বুজাই দিলে, ‘হৰিণা জলসিঞ্চন আঁচনিৰ এই বান্ধটো পোৱাৰ আগছোৱাত, মানে বাঁৱে, ওপৰলৈ, জুৰিটোৰ নাম কাংথি৷ এলেকাটোও কাংথি বুলিয়ে জনা যায়৷ শ্লুইছ গে’টৰ পাছৰছোৱাত জলধাৰাটো হৰিণা বুলি জনাজাত৷ ডেনগাঁৱলৈকে নৈখনৰ নামটো হৰিণা৷’

গতিপথ অধ্যয়ন কৰোঁতে কিতাপত মই পাইছিলোঁ যে ডিফু মহকুমাৰ উত্তৰ-পশ্চিমভাগৰ ওখ পৰ্বতৰ মাজত সৃষ্টি হোৱা হৰিণা জুৰিটো উৎপত্তিস্থলৰ পৰা প্ৰায় ৭ কিল’মিটাৰ বৈ অহাৰ পাছত কাংথি জুৰিক সোঁপাৰে লৈ দক্ষিণ-পূবমুৱাকৈ ডেনগাঁও অভিমুখে ধাৱমান হৈছে, ডিখাৰুক ধিয়াই৷ পুৰাতত্ত্ববিদ ৰাজমোহন নাথৰ মতে হৰিণাৰ অতীজৰ নাম আছিল ললিতা৷

আমি এতিয়া হৰিণা আৰু কাংথিৰ সংগমস্থলত আছোঁ৷ ইৰিগেচনৰ বান্ধটো এৰি অহাৰ পাছতে স্কুটাৰ আৰু আগ নবঢ়া হ’ল৷ কাৰণ, আগলৈ বাটেই নাই৷ কাজেই বাহনখন জুৰিৰ পাৰতে এঠাইত এৰিবলগীয়া হ’ল৷ ছাৰৰ নিৰ্দেশত জোতা-মোজাও তাতে সোলোকাই থৈ লংপেণ্ট কোঁচালোঁ৷ এইবাৰ কাংথি জুৰিটো যিফালৰ পৰা বৈ আহিছে সেইফালে পানীয়ে পানীয়ে, শিলে শিলে জঁপিয়াই-দুপিয়াই আগ বঢ়া কাম৷ কাংথিৰ শীতল পানীত ভৰি দিবলৈ পাই প্ৰথমবাৰলৈ কিবা যেন এক স্বৰ্গীয় স্পৰ্শসুখ পোৱা যেন লাগিল! 




খণ্ড-৯


অকাই-পকাই দুয়ো উজনিলৈ উঠি গৈ আছোঁ৷ বুজি পাইছোঁ যে ক্ৰমাৎ পাহাৰৰ ভিতৰত সোমাই পৰিছোঁ আমি৷ অন্য নৰমনিচৰ সঁচ দেখিবলৈ নাই৷ কোলাহল বুলিবলৈও কেৱল বোঁৱতী পানীৰ মৃদু-মধুৰ খল্‌খলনি৷ দূৰত কিবা চৰাইৰ মাত এটা৷ ৰৈ ৰৈ শুনিবলৈ পাওঁ, আকৌ হেৰাই যায়৷ কি চৰাই নাজানো৷
দুজন অহিংস পৰ্যটক, এড্‌ভেন্‌চাৰিষ্ট৷ মাজে মাজে মনে মনে, মাজে মাজে মাত-কথা৷ চিন্তাত ভুমুকি মৰা দুই-এষাৰ পাতি গৈ আছোঁ দুয়ো, আপোনমনে৷ এই জেগাবোৰ সৌ-সিদিনালৈকে উগ্ৰপন্থীৰ বিচৰণভূমি আছিল বুলি ছাৰে জানিব দিলে৷ তেওঁৰ ঘৰৰ সন্মুখেদিয়ে কেডাৰৰ আহ-যাহ৷ এতিয়া কমিল৷ শুনিয়ে মই সন্ত্ৰস্ত হৈ পৰিলোঁ৷ দৃষ্টি প্ৰসাৰিত ৰাখি ইফালে-সিফালে চাই গৈছোঁ৷ বেছি দূৰলৈকে চোৱাও নাযায়৷ তথাপি, কাৰো পৰা ক’তো একো অসুবিধা বা বাধা পোৱা নাই অৱশ্যে৷
মন-প্ৰাণ প্ৰফুল্লিত হৈ উঠিছে৷ প্ৰাকৃতিক শোভা যিমান পাৰি পান কৰি গৈছোঁ৷ নিৰ্মল বতাহেৰে বুকু ফুলাই উশাহ লৈছোঁ দীঘল দীঘলকৈ৷ যেন এটা থেৰাপী চলি আছে!
জুৰিটো কেইবাবাৰো পাৰপাৰ হৈ গৈ থাকি এসময়ত জলপ্ৰপাত এটাৰ ঠিক সন্মুখত উপস্থিত হ’লোঁ৷ আঁতৰৰ পৰা দেখি অহা পাহাৰখনৰ অভ্যন্তৰত এনেকুৱা মনোৰম প্ৰাকৃতিক অৱস্থানযে লুকাই আছে, কল্পনা কৰা নাছিলোঁ৷ থিয় গৰাৰ আশে-পাশে গুলপীয়া ৰঙৰ এবিধ ফুলে শোভা বিলাই আছে৷ পৰিৱেশটো নিজান, ভৌতিক ভৌতিক যেন লগা৷ আন কথাত এয়া জয়াল জেগা৷
ওপৰৰ পৰা নামি অহা পানীভাগ পৰি থকা ঠাইখিনি এটা কুণ্ডত পৰিণত হৈছে৷ দেখি এনে লাগিছে, সেই কুণ্ডটোৰ পৰাহে যেন জুৰিটোৰ আৰম্ভণি! পাহাৰৰ জয়াল গহ্বৰত কেৱল আমি দুটা মানুহ৷ আন কোনো নাই৷ শব্দ বুলিবলৈও এতিয়া কেৱল জলপ্ৰপাতৰ হোহোৱনি৷ তাৰ বাদে অন্য একোকে শুনা নাই৷ কোনোবাই মাতিলেও গম পোৱা নাযাব৷
ছাৰে ক’লে, ‘ওপৰত জলপ্ৰপাত আৰু আছে৷’ সন্মুখৰ পাহাৰখনত বগাই বগাই আমি অলপমান ওপৰলৈকে উঠি গ’লোঁ৷ আৰু নোৱাৰি৷ কঠিন হৈ পৰিছে৷ আগলৈ যাবলৈ মন থাকিলেও হাতত সময় আৰু যোগাৰ নাই৷ পাছে-পৰে আহিব লাগিব বুলি কষ্টেৰে মনটোক বুজালোঁ৷
‘জলপ্ৰপাত থকা এই পাহাৰখনৰ নামটো কি ছাৰ?’ নামি অহাৰ পাছত ছাৰলৈ প্ৰশ্ন৷
‘এয়া বাচেন পাহাৰ৷ জলপ্ৰপাতৰ বাঁওফালেও বাচেন পাহাৰ৷ সোঁফালৰখন লাংথ্ৰং পাহাৰ৷’ ছাৰে উত্তৰ দিলে৷ মই দেখিলোঁ, একেই নীলা, একেই ভূ-প্ৰাকৃতিক গঠন, একে প্ৰজাতিৰ গছ-গছনিবোৰ৷ পাহাৰৰ নাম বেলেগ বেলেগ৷ এই পাহাৰবোৰৰ ওপৰত উঠিলে হেনো সিফালে সমতলৰ ফালে ব্ৰহ্মপুত্ৰ, নগাঁও চহৰ আদি দেখা যায়৷ বতৰ পৰিষ্কাৰ থাকিলে হিমালয় পৰ্বতো দেখে হেনো৷ ক্ৰাম্‌ছা ছাৰে উৎসাহেৰে ক'লে৷
মিল আছেনে নাই বা একে হয়নে নহয় নাজানো, কাৰবি লোক-কথাত আমি বাচেন পাহাৰৰ উল্লেখ পাওঁ৷ কাৰবিসকলৰ মৌখিক লোক-সাহিত্যৰ এটা প্ৰধান অংগ হৈছে লোক-কাহিনী, কিম্বদন্তি৷ তাৰে অন্তৰ্গত দিন্মীৰ নামৰ এজনী সৰলমনা কাৰবি জীয়ৰীৰ সাংসাৰিক জীৱনত সংঘটিত হৃদয়বিদাৰক কাহিনীত বাৎচেন নামক পাহাৰ আৰু গাঁৱৰ উল্লেখ পাইছিলোঁ, ‘কাৰবি কিম্বদন্তি সংকলন’ নামৰ গ্ৰন্থখনৰ কাম কৰোঁতে, ১৯৯৮ চনত, লংকাম টেৰণ ছাৰৰ ৰচনাত৷ এয়াই সেই পাহাৰ নেকি? প্ৰশ্নটো ঘপহকৈ মনলৈ আহিল৷ দিন্মীৰৰ লগতে মনত পৰিল লোক-কাহিনীত উল্লিখিত মাইলংবি, জাৰ ফানকৃ, লং, ছাৰ মাংবি, লাংতেৰই ইত্যাদি ইত্যাদি চৰিত্ৰসমূহ৷



খণ্ড-১০

‘আপোনাৰ ঘৰৰ পৰা ইয়ালৈকে দূৰত্ব কিমান হ’ব ছাৰ?’
‘৪ কিল’মিটাৰৰ ওচৰা-উচৰি৷’
‘ডেনগাঁৱৰ পৰা কিমান দূৰ হ’ব?’
‘১০ কিল’মিটাৰমান ধৰক৷’

কাংথি জলপ্ৰপাতলৈ চাই চাই আমি কথা পাতি আছিলোঁ৷ যেনি-তেনি ছিটিকনি তুলি ওপৰৰ পৰা পানীবোৰ অহৰহ নামিয়েই আছে৷ ক’ৰ পৰানো আহিছে চাবলৈ মন যায়৷ পাছত এদিন এই কামটো কৰিব লাগিব৷ আনফালে, তলিত থকা কুণ্ডটোত নমাৰ সাহস হ’লে মুঠেও নাই৷ কাৰণ, সাঁতুৰিব নাজানো৷ গতিকে জানি-শুনি বিপদ চপাই লওঁনো কিয়? গভীৰতা সম্পৰ্কে ছাৰক প্ৰশ্ন কৰিলোঁ যদিও সদুত্তৰ পোৱা নগ’ল৷ ‘আমাৰ আশে-পাশে থকা জলপ্ৰপাতসমূহৰ উচ্চতা আৰু কুণ্ডবোৰৰ গভীৰতা সঠিকভাৱে নিৰ্ণয় কৰাৰ কামটো আজিৰ তাৰিখতো বাকীয়ে আছেচোন ছাৰ! লাগ বুলিলেই ক’ৰবাত পাইছোঁনে এনেবোৰ তথ্য?’ কথাখিনি ছাৰে সমৰ্থন কৰিলে৷ ক’লে, ‘সব আনুমানিকভাৱেই চলি আহিছে৷’

সামান্য দূৰলৈ গৈ ময়ো অনুমান লগালোঁ, এই জলপ্ৰপাতটোৰ উচ্চতা কিমান হ’ব পাৰে? ৭০-৭২ ফুটমান হ’ব যেন লাগিছে৷ ক্ৰাম্‌ছা ছাৰে পুনৰবাৰ মোক সমৰ্থন জনালে৷ দুয়ো এইবাৰ পাৰৰ শিলত বহি ল’লোঁ৷ জনপদৰ পৰা আঁতৰত, স্পৰ্শকলুষহীন প্ৰকৃতিৰ কুমাৰী সজীৱতা আৰু সৌন্দৰ্যসুধা ভালেমান পৰ পান কৰিলোঁ আমি, হিয়া-মন জুৰাই৷ পৃথিৱীৰ অন্য সকলো কথা পাহৰি গ’লোঁ অপূৰ্ব স্বৰ্গীয় দৃশ্যপট মুখৰ আগত লৈ৷ ঘোঁকটত সেউজ আচ্ছাদনৰ মাজত নতুন কিবা এটা বিচাৰি যোৱা, বিচাৰি পোৱা, দেখা পোৱা, প্ৰতিটো মুহূৰ্তৰ অনুভৱবিলাকে নিজকে উতলা কৰি তুলিলে৷

অতীতৰ জেৰ টানি ছাৰে কথা কৈ গ’ল৷ ‘মোৰ দেউতাই কোৱামতে এই জলপ্ৰপাতৰ প্ৰকৃততে নাম আছিল কাংথিৰ৷ আমাৰ কাৰবি ভাষাত কাংথিৰৰ অৰ্থ পৱিত্ৰ৷ কাংথিৰ শব্দটো মানুহৰ মুখ বাগৰি পাছলৈ কাংথি হ’ল৷ কাংথিৰ এই পানীৰে যিমান চাহপাত দি চাহ কৰিলেও সেই চাহ গাঢ় ৰঙা নহয়৷ এই ঠাইত যদি কোনোবাই ভাত খোৱাৰ পাছত হাত ধোৱে তেতিয়া বিপদে লম্ভে৷ প্ৰস্ৰাৱ-পায়খানা কৰিলেও বিপদ৷ এনেকুৱা ঠাইত কেতিয়াও বেয়া মাত-কথা ক’ব নালাগে৷ মাছ ধৰাটোও ভয়ৰ কথা৷ এইবিলাক আমাৰ দেউতাই আমাক কৈছিল৷ পৱিত্ৰ জুৰিক অপৱিত্ৰ কৰিলে প্ৰকৃতি নাৰাজ হয়৷ আমাৰ সমাজত এনে কেতবোৰ জনবিশ্বাস আজিও প্ৰচলিত হৈ আহিছে৷ আনহাতে, অলৌকিক বুলিয়ে ক’ব লাগিব, আমাৰ ঘৰৰ পৰা চাওঁতে এই পাহাৰৰ জংঘলৰ ফালে মমবাতিৰ দৰে পোহৰ ইফালৰ পৰা সিফাললৈ চলাচল কৰাৰ দৰে দৃশ্য মই নিজ চকুৰে দেখিছোঁ৷ তাৰ লগে লগে টিলিঙা বজাৰ দৰে আৱাজো মই নিজ কাণে শুনিছোঁ৷’

কথাত মজি থাকোঁতেই সময়ে ৰঙা চকু দেখুৱালে৷ আৰু এসময়ত, অনিচ্ছাসত্ত্বেও অৱস্থানটো ত্যাগ কৰি এখোজ-দুখোজকৈ ওভতনি খোজ দিবলৈ বাধ্য হ’লোঁ৷ জনপ্ৰাণীহীন জেগা, জনপ্ৰাণীহীন নদীপথ৷ ডাউন ষ্ট্ৰিমত আহি আহি স্কুটাৰখন পাওঁহি মানে বতৰটো বেয়া হৈ আহিল৷ অবিশ্বাস্যভাৱে, কম সময়ৰ ভিতৰতে চৌদিশ আন্ধাৰ-মুন্ধাৰ হৈ পৰিল৷ খৰখেদাকৈ উভতিছোঁ দুয়ো, ছাৰৰ ঘৰলৈ৷ মূৰৰ ওপৰৰ আকাশখন ভয়ংকৰভাৱে ক’লীয়া হৈ পৰিছে৷ বতাহ-বৰষুণে ওন্দোলাই আনিছে৷ কথমপি আমি ঘৰ সোমালোঁহি৷ বতাহৰ হো-হোৱনি আৰু গছৰ ডাল-পাত ভগাৰ শব্দৰ মাজতে ছাৰৰ পৰিবাৰ আৰু স্বপ্নাই দুয়োৰে বাবে পাকঘৰত ভাত বাঢ়িলে৷ মোৰ বাবে নিৰামিষ ভাত৷ যাওঁতেই ছাৰে পৰিবাৰক খাদ্যাভ্যাসটোৰ বিষয়ে বুজাই থৈ গৈছিল৷

ইতিমধ্যে ভোকো লাগিছিল৷ বাহিৰত বতাহে তাল-ফাল লগাইছে৷ ভাত খাই উঠি হাতখন ধুইছোঁ কি নাই, প্ৰচণ্ড ধুমুহা আৰম্ভ হৈ গ’ল৷ পৰস্পৰে পৰস্পৰক কোৱা-কুই নকৰাকৈ নোৱাৰিলোঁ যে আজি আমাৰ ভাগ্য ভাল আছিল৷ জংঘলৰ মাজত থাকোঁতে এইজাকে পোৱা হ’লে কিযে নগুৰ-নাগতিখন হ’লহেঁতেন! ঈশ্বৰেৰে বচালে৷

পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পালোঁ বাৰু৷ কিন্তু এতিয়া মোৰ চিন্তা হৈছে, ইয়াৰ পৰা ডেনগাঁওযে পাবগৈ লাগিব, তাৰ পৰা ডিফুলৈ বাছযে ধৰিব লাগিব, সময়মতে ওলাই যাব নোৱাৰিলে ঘৰলৈ যাবলৈ গাড়ীযে নাপাম, তেতিয়া কি হ’ব? 'অসময়ত কিয়যে গালে হাঈ-মুৰ গীত! ফচিব লাগিব যেনেই পাইছোঁ আজি৷' বৰষুণজাকলৈ চাই ধেমালিতে এনেকৈ কওঁতে ছাৰ আৰু পৰিবাৰে মিলি খুব হাঁহিব ধৰিলে৷ অৰ্থপূৰ্ণ হাঁহি৷ 

এই হাঁহিৰ সৈতে সম্পৃক্ত হৈ আছে সৰ্বকালৰ সৰ্বজন সমাদৃত, কাৰবি হৃদয়ত গভীৰভাৱে প্ৰোথিত, হাঈ-লঙৰ পৱিত্ৰ আৰু মহত্ত্বপূৰ্ণ প্ৰেম-কাহিনীৰ ভিতৰুৱা কথা৷ ছ'চেঙৰ ৰাজপুৰোহিত কাথাৰপ'ই কৃষিৰ বতৰত পৰ্যাপ্ত পৰিমাণৰ পানীৰ কামনাৰে ঋতু দেৱী হাঈৰ পূজা-অৰ্চনা কৰিছিল আৰু আৱাহনী স্তুতি-গীত গাইছিল৷ কথাবোৰ কিতাপত আছে৷ এই গীতৰ প্ৰথমফাকি গালেই আকাশ মেঘে আৱৰি ধৰে৷ দ্বিতীয়ফাকি গালেই বিজুলী-গাজনি মাৰে আৰু তৃতীয়ফাকি গালেই ধৰালৈ ধাৰাসাৰে বৰষুণ নামি আহে বুলি কাৰবিসকলে বিশ্বাস কৰে৷৷ ক্ৰাম্‌ছা দম্পতীও ইয়াৰ ব্যতিক্ৰম নিশ্চয় নহয়৷ মনে মনে মই এতিয়া দেৱী হাঈ-মুকে খাটিছোঁ, বতৰটো অনুকূল কৰি দিবলৈ৷

সময় হাতত থাকোঁতেই এসময়ত বৰষুণজাকে শাম কাটিলে যেনিবা৷ বৰ্ষা দেৱী ক্ষান্ত হোৱাত ছাৰ ওলাল মোক বাছত উঠাবলৈ৷ দুয়ো যাত্ৰা কৰিলোঁ ডেনগাঁৱলৈ৷ বতাহ-ধুমুহাই কেইবা ঠাইতো গছ-গছনি বগৰাই প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে৷ বন্ধ কৰি পেলাইছে মানুহৰ অহা-যোৱা৷ ভাল কথা এইটোৱেই দেখিলোঁ যে যুদ্ধকালীন তৎপৰতাৰে গঞা যুৱক কিছুমানে হাতে হাতে দা-কুঠাৰ লৈ বাট মোকলোৱাত লাগি গৈছে৷ আমিও কোনো ৰকমে পাৰ হৈ আহি আছোঁ৷ এঠাইত প্ৰকাণ্ড বাঁহ গছ সমুলঞ্চে উভালি বেয়াকৈ পথৰুদ্ধ হ’ল৷ হাউলি থকা বাঁহৰ তলেৰেই ডাল-পাত মহতিয়াই, শৰীৰত খোঁচা-বিন্ধা-আঁচোৰ লৈ, মানুহ আৰু স্কুটাৰ ঠেলি ঠেলি পাৰ কৰি এসময়ত তিনিআলিত উপস্থিত হ'লোঁহি৷

সৰহপৰ অপেক্ষা কৰিবলগীয়া নহ’ল৷ পাৰখোৱাৰ দিশেৰে নগাঁৱৰ পৰা আহি থকা ডিফুগামী বাছ এখন পাই গ’লোঁ৷ ছাৰৰ পৰা বিদায় লৈ চিটত বহি ভাবি থাকিলোঁ, আমাৰ এড্‌ভেন্‌চাৰ ট্ৰিপটোৰ কথা৷ বিভিন্ন মুহূৰ্তৰ ছবিবোৰ মনৰ পৰ্দাত ইফাল-সিফাল কৰিব ধৰিলে৷ বৰষুণে চপ্‌চপীয়া কৰি পেলোৱা নুৰাক পাহাৰৰ নামনিৰ পথাৰ, নাম নজনা জান-জুৰি আৰু যেনি-তেনি বগৰাই পেলোৱা অনেকবোৰ গছ-গছনি ৰাষ্ট্ৰীয় ঘাইপথৰ দুকাষে দেখা পালোঁ ঘূৰি আহি থাকোঁতে৷ শিলভেটা পৰ্যন্ত প্ৰত্যক্ষ হ'ল অনুৰূপ দৃশ্য৷ এটা বিৰল অভিজ্ঞতা পুঞ্জীভূত কৰি ঘৰ সোমাওঁতে সন্ধিয়াই লাগিল৷


খণ্ড-১১
ইয়াৰ পাছতো ক্ৰাম্‌ছা ছাৰে অনৱৰতে মাতিয়েই থাকে… ‘আকৌ আহকনা৷ কাংথিৰ জলপ্ৰপাতটোহে দেখিলে আপুনি৷ আৰু কেইটামান আছে৷ আপোনাক লৈ যাম৷ দেখুৱাম৷ চুঙা ভাত খাম৷ আহি যাব, আগৰ নিচিনাকৈ৷’

নাই, মোৰহে যোৱা নহয়৷ তেনেকৈয়ে বাগৰি যায় বছৰৰ পাছত বছৰ৷ যোৱাটো সাকাৰ হোৱা নাই যদিও ‘ফলঙ্ক’, ‘বিৰ্‌ৱাৰ আৰ্চিম’, ‘জিৰ্‌ছং’, ‘পুৱা আৰু কুকুৰাৰ ডাক’, ‘ধূলিয়ৰি ফাগুনৰ ৰিঙা ৰিঙা মনবোৰ’, ‘নুৰাক আৰ্চিম’ আদি কিতাপ-আলোচনীৰ কাম-কাজে ক্ৰাম্‌ছা ছাৰ আৰু মোৰ মাজত সংযোগ নিয়মীয়াকৈ ৰখাত অনুঘটকৰ কাম কৰি গ’ল৷ টেলিফোনিক বাৰ্তালাপো চলি থাকিল, বিভিন্ন প্ৰসংগ লৈ৷ ডিফুলৈ আহিলে সুযোগ পালে ছাৰে ভুমুকি মাৰিবলৈও নাপাহৰিলে, আমাৰ ঘৰত৷

পাছত এদিন চ’জুন পূজাৰ নিমন্ত্ৰণ আহিল... ‘আহি যাওক ছাৰ৷’
ক্ৰাম্‌ছা ছাৰৰ ঘৰত মাংগলিক আয়োজন৷ বৰকৈ মাতিছে৷ কৈ দিলোঁ, ‘মই যাম’ বুলি৷

একে ষ্টাইলতে আকৌ ওলালোঁ, নগাঁওমুখী বাছেৰে, খুব পুৱাতে, অকলে অকলে৷ আগৰবাৰ তাৰিখ পাহৰিছিলোঁ যদিও এইবাৰ মনত আছে৷ দিনটো আছিল ১ অক্টোবৰ৷ চন ২০১৫৷ ২০০৪ৰ পাছত ২০১৫৷ মোটামুটি এক দশকৰ ব্যৱধান৷ কাংথি জলপ্ৰপাতেদি অত বছৰে বহুত পানী নামি ভৈয়ামলৈ বৈ গ’ল৷ নিজৰ জীৱনৰো ভালেকেইটা বসন্ত পাৰ হৈ গ’ল৷ উৎসাহ কিন্তু একেই আছে৷

নুৰাক পাহাৰৰ সন্মুখেৰে যাত্ৰা কৰি এইবাৰো ডেনগাঁৱত নামি দিলোঁ, ৰাষ্ট্ৰীয় পথৰ দাঁতিত৷ পূৰ্বৰ অভিজ্ঞতাৰে জনা আছে যে প্ৰায় ৬ কিল’মিটাৰমান ভিতৰত ছাৰৰ ঘৰ৷ ৰাস্তা আৰু বাসস্থান চিনি পাম বুলি আত্মবিশ্বাসো আছে৷ বাছৰ পৰা নামি সেয়ে অকণো ৰৈ থকা নাই৷ পদযাত্ৰা লগে লগেই আৰম্ভ কৰি দিলোঁ৷ অতীতক সুঁৱৰি দুভৰি নিৰ্ভয়ে আগুৱাই আছোঁ গোজোং-গোজােংকৈ৷

পুৰণা স্মৃতি, নতুন পৰিস্থিতি৷ ডেনগাঁও বজাৰৰ পট পৰিৱৰ্তন হৈছে৷ দৃশ্যসমূহ সলনি হৈছে৷ আগুৱাই থাকোঁতে মন কৰিলোঁ, ৰাস্তাটো আগতকৈ বেয়া হৈ গ’ল৷ আল্‌কতৰাৰ তৰপ অদৃশ্য৷ শিলগুটিয়ে দাঁত নিকটাই ৰৈছে৷ পৰ্যটকলৈ ভেঙুচালি! আজিকালি এইটো ৰাস্তাৰে টেম্প’ চলে৷ ফোনত ক্ৰাম্‌ছা ছাৰেও জনাইছিল কথাটো৷ তথাপিতো মই খোজ কাঢ়ি যোৱাৰে সংকল্প লৈ আহিছোঁ৷ পৰিৱেশ আৰু জনজীৱনৰ অগ্ৰগতি-দুৰ্গতি সকলোবিলাকৰ চৰজমিন বুজ লোৱা, স্বচক্ষে প্ৰত্যক্ষ কৰাৰ মতলব৷ অচিনাকিৰ সৈতে চিনাকি হৈ দুই-এটা কথা সোধাৰ, জনাৰ আন্তৰিক স্পৃহাটোও সংযুক্ত হৈ আছে লগতে৷

অৱধাৰিতভাৱেই এইফালে আগতকৈ মানুহৰ বসতি, বাসগৃহৰ সংখ্যা বাঢ়িছে৷ ভিতৰুৱা স্থানৰ পৰা কাৰবি পৰিয়ালবোৰ পথটোৰ দাঁতিলৈ উঠি আহিছে৷ বাৰী পাতিছে৷ আগতে মানুহবোৰ সোমাই আছিল৷ এতিয়া সুচল আৰু সহজগম্য জেগা লাগে সকলোকে৷ স্বাভাৱিক কথা৷ ইয়াকে লৈ কাৰবিসকলৰ নিজৰ ভাষাতে যোজনা এষাৰ আছে… ‘অ’ৱে চু প্ৰেক্‌চু, মিৰজ’ৱে কাংথু’৷ যুগ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ভাব-ভংগী, চিন্তাধাৰাৰো পৰিৱৰ্তন ঘটে৷ ফলস্বৰূপে খেতিপথাৰৰ বিলুপ্তি ঘটি ঘৰময় হৈ পৰে ৰাস্তাৰ দুপাৰ৷ সেইটো এইফালেও নঘটাকৈ থকা নাই৷

দেখা পাইছোঁ, ঠায়ে ঠায়ে পথাৰৰ মাজত মানুহৰ জুম৷ ভালকৈ মন কৰি বুজি পালোঁ, সেয়া একো একোখন পূজাথলী৷ পৰম্পৰাগত নীতি-নিয়মেৰে চ’জুন অৰ্থাৎ সৰগদেউৰ পূজাভাগ অনুষ্ঠিত কৰা হৈছে৷ বাটৰ পৰাই মানুহমখালৈ চাই চাই গৈ আছোঁ৷ পূজাথলীৰ পৰা মোলৈও লক্ষ্য কৰি চাৱনি নিক্ষেপ কৰা হৈছে৷ আচহুৱা ৰূপত অনাহূত বাহিৰা মানুহ দেখি স্বাভাৱিকতে থলুৱাৰ মনত কৌতূহলে বাহ ল’বই৷ ক'ৰ মানুহ, কি কথা বুলি প্ৰশ্ন জাগিবই৷ চকুৱে চকুৱে মুহূৰ্তৰ বাবে দৃষ্টি বিনিময় ঘটিছে আমাৰ৷ আগুৱাই গৈ আছোঁ, গাঁৱৰ মাজৰ ৰাস্তাৰে৷ সিফালৰ পৰা আহি থকা অচিনাকি এজনক এবাৰ এনেয়ে সুধিলোঁ, ‘এইটো বিথিলাংছ’লৈ যোৱা ৰাস্তা হয়নে নহয়’ বুলি৷ আগন্তুকে মূৰ দুপিয়ালে৷ ‘হয়’ বুলিও ক’লে৷

বিশেষ কথা নাই৷ জপং জপংকৈ গৈ আছোঁ৷ ক’তো একো বাধা নাই পোৱা৷ ক্ৰাম্‌ছা ছাৰৰ স্কুলৰ আগ পালোঁহি৷ স্কুলঘৰৰ চেহেৰা পূৰ্বতকৈ সলনি হ’ল৷ ছাৰ এনেয়েও সক্ৰিয় মানুহ৷ শিক্ষকতাৰ সমানে সমানে সাহিত্য-চৰ্চা, সমাজ-সেৱা, মেল-মিটিং, ছেমিনাৰ-কৰ্মশালা কৰি ফুৰিবলগীয়া হয়৷ ৰাজহুৱা তথা বিদ্যায়তনিক কাম-কাজত নিজকে জড়িত ৰাখি সুখ অনুভৱ কৰে৷


খণ্ড-১২

আৰু কিছু সময় খোজ পেলোৱাৰ অন্তত, ৯ বজাৰ অলপ পাছতে ছাৰৰ ঘৰৰ আগত উপস্থিত হ’লোঁহি৷ বাসস্থানৰ ঠিক মুখামুখিকৈ, বিপৰীতফালে থকা পথাৰখনত পূজাৰ আয়োজন চলিছে৷ ক্ৰাম্‌ছা ছাৰ নিজেই কুৰুছাৰ অৰ্থাৎ পূজাৰী৷ কিবা দৰকাৰত ঘৰলৈ বুলি আহিছিল৷ সেয়ে বাৰাণ্ডাতে তেওঁৰ সৈতে দেখা-সাক্ষাৎ হ’ল৷ পত্নীকো পালোঁ৷ বিভিন্নজনৰ লগতে তেওঁলোকৰ হ’বলগীয়া বোৱাৰীয়েক সবিতাও পূজালৈ বুলি আহিছে৷ ভাবী শাহুৱেকৰ কথামতে তাই মোৰ আতিথ্যত ব্যস্ত হ'ল৷ চাহকাপ খায়ে ছাৰৰ সৈতে চ’জুনথলীলৈ ৰাওনা হ’লোঁ৷

পথাৰত সজা কুন্তিৰী অৰ্থাৎ মহিলাসকলৰ আছুতীয়া অস্থায়ী পঁজাটো আঁতৰৰ পৰাই চকুত পৰিল৷ কাম কৰা মানুহেৰে পূজাথলী গিজ্‌গিজাই আছে৷ উৎসৱমুখৰ পৰিৱেশ৷ ছাৰৰ বৃদ্ধ দেউতাক, ভায়েক, পুত্ৰ, কন্যা, আটাইমখাকে তাতে লগ পালোঁ৷ ল'ৰা-ছোৱালীহ'ত ওখ-ডাঙৰ হ'ল৷ সুদীৰ্ঘ ১১ বছৰৰ পাছত ঘটা মোৰ আকস্মিক পদাৰ্পণত আটায়ে উল্লসিত হোৱাৰ লগতে ইমানদূৰ বাট অকলে খোজ কাঢ়ি উপস্থিত হোৱা দেখি আচৰিত হ’ল৷ তেওঁলোক আশ্চৰ্যান্বিত হ’লেও মই কিন্তু পদযাত্ৰাটো উপভোগ কৰিলোঁ৷

২০০৩ চনত বিদ্যাছিং ৰংপিৰ প্ৰৱন্ধ সংকলন ‘লাম্‌জিৰ কাংদাক’ৰ কাম কৰোঁতে চ’জুন পূজাৰ বিষয়ে জানিব পাৰিছিলোঁ৷ এতিয়া সুৰেন ক্ৰামছা ছাৰে উপকৰণসমূহ এফালৰ পৰা আঙুলিয়াই চিনাই যাব ধৰিলে৷ ‘এয়া অমুক, এয়া তমুক, এয়া লাংথে (পানী ভৰোৱা দীঘল চুঙা), এয়া লাংপং (চুঙা), ল'ৰূ-লচিন (কৌপাত), ৱফং (ফংৰং গছৰ ডাল), হৰলাং (লাউপানী), বংক্ৰক (তিতালাউৰ পাত্ৰ), দ'ৱান (বেদী) ... এনেকৈ৷ যেন থিয়ৰীৰ পাছৰ প্ৰেক্টিকেল! আগতে পঢ়ি থোৱা বাবে বুজাত অসুবিধা নহ’ল মোৰ৷ কেমেৰাত আবদ্ধ কৰি গ’লোঁ পূজাৰ যাৱতীয় সা-সামগ্ৰীসমূহ৷ তাৰ ফাঁকতে বিভিন্নজনৰ সৈতে কথা-বতৰা, খবৰৰ আদান-প্ৰদান, কাৰ্‌দম্‌-সম্ভাষণ বিনিময় আদিও চলি থাকিল৷ জৰছিং বে’কো লগ পালোঁ৷ আনন্দৰ সমানে আশ্চৰ্য প্ৰকাশ তেৱোঁ কৰিলে৷

কাৰবিসকলে ঘৰুৱাভাৱে অনুষ্ঠিত কৰা গৃহ দেৱতা (হেম্‌ফু, মুক্ৰাং, ৰাছিন্‌জা, চিণ্ঠং, বাৰিথে, পেং, বিৰ্নে, আৰ্নি, লাম্‌কি, দুৱৰী, পান্‌জক, পিৰ্টু, দৰ আদি)সকলৰ পূজাৰ ভিতৰত সবাতোকৈ ডাঙৰ পূজাভাগেই হৈছে আজি মই উপস্থিত থকা চ’জুন অৰ্থাৎ স্বৰগ পূজা বা সৰগদেউ পূজা৷ এই পূজাৰ মুখ্য উপাস্য দেৱতা হ’ল বাৰিথে অৰ্থাৎ ইন্দ্ৰ যাক ৱ’ফং, বিনং, আৰ্‌নাম কেথে বুলিও কোৱা হয়৷ মূল দেৱ-দেৱী হেম্‌ফু, মুক্ৰাং, ৰাছিন্‌জাই ইয়াত আগস্থান পায়৷ হিঈ (অপশক্তিনাশিনী), পাম্‌পাৰটক (কাৰ্তিক), বিৰ্নে (অগ্নি), আৰ্নি (সূৰ্য), দৰ (নাগদেৱতা), ছাৰ (পূৰ্বপুৰুষ) আদিৰো আৰাধনা কৰা হয়৷ সৰ্বশক্তিমান তিনি দেৱ-দেৱীৰ বেদীৰ স্থান কুৰুছাৰৰ সোঁপিনে৷ তেওঁলোককে প্ৰথমে বোধন কৰা হয়৷

কাৰবিসকলে কেতিয়াৰ পৰা পূজা-পাতল কৰিবলৈ আৰম্ভ কৰিলে? বিশ্বাস কৰা হয় যে নৰ ৰূপ ধৰি হেম্‌ফু দেৱতাৰ পৃথিৱীত আৱিৰ্ভাৱ হোৱাৰ পাছৰে পৰাই কাৰবি সমাজত পূজা-পাতলৰ প্ৰচলন হৈছে৷ কাৰবি কিম্বদন্তিৰ মতে ৰূকাছেন অৰ্থাৎ কাছেন ককাৰ দ্বাৰা সৰ্বপ্ৰথমে স্থাপিত মিৰিং ৰংছ’পী নামৰ গাঁওখনত হেম্‌ফু পূজাৰে এই প্ৰথাৰ সূচনা হৈছিল৷ পিছলৈ অসংখ্য দেৱ-দেৱীৰ অাৱিৰ্ভাৱ ঘটাত পূজা-পাতলৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ আহিল৷ মন কৰিবলগীয়া যে সুকীয়া পূজাবিধিৰ উপৰি তেওঁলোকে কৰা প্ৰতিটো পূজাৰ পৃষ্ঠপটতে একো-একোটা স্বতন্ত্ৰ কাহিনী সংযুক্ত হৈ আছে৷ সেইবোৰৰ সংগ্ৰহ আৰু সংৰক্ষণ নিঃসন্দেহে এটা খুব জৰুৰী কৰ্ম৷

চ’জুন পূজাৰ কেইবাটাও প্ৰকাৰ আছে৷ প্ৰতিটো প্ৰকাৰৰে কিম্বদন্তি্সদৃশ মনোৰম কাহিনী আছে৷ সেইবিলাকৰ প্ৰচাৰৰ ক্ষেত্ৰত অৱশ্যে নিষিদ্ধতাও নথকা নহয়৷

কিতাপৰ পাতত পঢ়িবলৈ পোৱা তেনে এক কাহিনীৰ মতে, লংলে কিৰিপ’ অৰ্থাৎ মৰ্তৰ চহকী খেতিয়কজনৰ নদন-বদন অৱস্থা হোৱাটো সহ্য কৰিব নোৱাৰি ছিনিং কিৰিপ’ অৰ্থাৎ স্বৰ্গৰ অধিপতি ইন্দ্ৰই খেতিপথাৰ নষ্ট কৰিবলৈ ফৰিং, পোক আদি পঠিয়াই দিলে৷ তেতিয়া লংলে কিৰিপ’ই ফেঁচা চৰাই নিয়োগ কৰি ক্ষয়-ক্ষতি প্ৰতিহত কৰিলে৷ ইয়াৰ পাছত ছিনিং কিৰিপ’ই শিল বৰষুণ দিয়ালে৷ লংলে কিৰিপ’ই চালি সাজি কৃষি ৰক্ষা কৰিলে৷ হিংসাত দগ্ধ হৈ পত্নীক লগত লৈ ছিনিং কিৰিপ’ মৰ্তলৈ নামি আহিল৷ লংলে কিৰিপ’ৰ ঘৰৰ পৰা সকলো শস্য আৰু জীৱ-জন্তুৰ সঁচ খুজি আনিবলৈ পত্নীক আদেশ দিলে৷ চতুৰালি বুজিব নোৱাৰি লংলে কিৰিপ’ই সকলোবোৰ দি দিলে৷ তেনে কৰাত সোনকালেই তেওঁ দৰিদ্ৰ হৈ পৰিল৷ পানীত হাঁহ নচৰা অৱস্থা হ’ল তেওঁৰ৷ ছিনিং কিৰিপ’ই গাহৰিক খাদ্য দিয়া পাত্ৰত খাদ্য ৰাখি আহ্বান জনোৱাত লংলে কিৰিপ’ তাত উপস্থিত হৈ আহাৰ খাবলৈ লওঁতেই গাহৰিলৈ ৰূপান্তৰিত হৈ পৰে৷ সেই গাহৰিৰে যজ্ঞ সমাপন কৰা হয়৷

আন এটা কাহিনীৰ বৰ্ণনা অনুসৰি এদিন বিধবা তিৰোতা এজনীয়ে ঘাটৰ পৰা পানী আনিবলৈ যাওঁতে ফংৰং গছ এজোপাত এটি সুদৰ্শন শিশু পাই ঘৰলৈ লৈ আহিল আৰু লালন-পালন কৰিব ধৰিলে৷ এদিন ল’ৰাটোক হৰকাংথিৰ অৰ্থাৎ ভগৱানৰ নামত ৰখা পৱিত্ৰ মদ চোৱা-চিতাৰ দায়িত্ব দি তিৰোতাজনী পানী আনিবলৈ গ’ল৷ ঘূৰি আহি হৰকাংথিৰ নষ্ট হোৱা দেখি তেওঁ খঙতে ল’ৰাটোক মাৰিবলৈ ধৰিলে৷ এনেদৰে মৰিয়াওঁতে ল’ৰাটো ক্ৰমাৎ বাঢ়ি গৈ ডেকালৈ ৰূপান্তৰিত হ’ল৷ ডেকাই বিয়াৰ প্ৰস্তাৱ দিয়াত দুয়োৰে মাজত বিবাহ সম্পন্ন হয়৷ এদিন ডেকাই জুমতলীত উৰলসদৃশ ঠেংযুক্ত কোনো প্ৰাণীয়ে খেতি নষ্ট কৰা দেখিলে৷ সেয়া ৰজাৰ উৰলৰ কাৰ্য বুলি ভাবি উৰলটোক ভালকৈ এসেকা দিবলৈ ৰজাক জনালে৷ পাছত একে ঘটনাৰে পুনৰাবৃত্তি হোৱাত নিজৰ অস্ত্ৰ লৈ উৰলটোক বধ কৰিবলৈ গ’ল৷ তেতিয়া জুমতলীত উৰলৰ পৰিৱৰ্তে দঁতাল হাতী এটা দেখিলেগৈ৷ হাতীটো বধ কৰি দাঁত দুটা লৈ আহিল আৰু পানী খোৱা পাত্ৰ হিচাপে ব্যৱহাৰ কৰিলে৷ ডেকাৰ প্ৰতাপ দেখি সকলোৱে তেওঁক পূজিবলৈ ধৰিলে৷


খণ্ড-১৩

কলপাতেৰে সজা অস্থায়ী চালি এখনৰ তলত ক্ৰাম্‌ছা ছাৰৰ দেউতাক বহি আছে৷ পিন্ধনত শুধ বগা চুৰিয়া আৰু কামিজ৷ মই কাষতে বহিলোঁগৈ৷ অঞ্চলটোৰ অতীত সম্বন্ধে কথা পাতিলোঁ৷

আমাৰ সন্মুখতে এজন-দুজন নহয় ১২জন মানুহে ১০ বৰ্গফুট মান ঠাই আৱৰি কল-পটুৱা পাৰি চাৰিওফালৰ পৰা বহি লৈ গাহৰি মাংস কটাত লাগিছে৷ ওচৰতে থিয় হৈ চালোঁ অলপ সময়৷ কাষতে কেৰাহী এখনত সিজাইছেও৷ বাঁহেৰে সাজি লোৱা দীঘল টাৰুৰে এজনে মাংসবোৰ তল-ওপৰ কৰি দিছে৷ ক্ৰাম্‌ছা ছাৰৰ নিৰ্দেশত তেওঁ তপিনাৰ মাংস এচটা নেগুৰত ধৰি দাঙি দেখুৱালে৷ কাষতে ডেক্‌চি এটাত কুকুৰাৰ মাংস৷ বাঁহৰ তমালেৰে গাঁঠি ৰখা মাংসবোৰ ছাৰে নিজহাতে ওপৰলৈ দাঙি দিলে আৰু মোক স্নেপ ল'বলৈ ক'লে৷

চ’জুন পূজা তিনিদিনীয়া৷ প্ৰথম দিনা ফংৰং কেতেং অৰ্থাৎ বেদীৰ বাবে কাঁইটযুক্ত গছ ফংৰঙৰ ডাল আৰু অন্যান্য প্ৰয়োজনীয় গছ-লতা সংগ্ৰহ কৰা হয়৷ দ্বিতীয় দিনা কাৰ্‌জাপ্‌পি বা কেচ’পি অৰ্থাৎ মূল পূজা৷ তৃতীয় দিনা হানবৰ-আনবৰ কাচেলাং অৰ্থাৎ পূজাৰ শুভাশুভ নিৰ্ণয় কৰা হয়৷

এই পূজাৰ বাবে ভালেমান দিনৰ আগৰে পৰাই চাউল, মদ, পিঠাগুড়ি, কণী আদিৰ সন্ধানত গৃহস্থ ব্যস্ত হৈ পৰে৷ এসপ্তাহমান থকা অৱস্থাত লাংপং, লাংথে, ল’ৰূ-লচিন আদিৰ যা-যোগাৰ আৰম্ভ হৈ যায়৷ সবাৰো পূৰ্বে, পূজাৰ বাবে অৱশ্য-প্ৰয়োজনীয় মতা কুকুৰা ৬টা, মাইকী কুকুৰা ৩জনী, গাহৰি আদিৰ কথা চিন্তা কৰা হয়৷ কাৰবি জনজীৱনত কুকুৰাৰ অপৰিহাৰ্যতা কিমান তাক বুজিবলৈ তেওঁলোকে কোৱা ৱ'কে এ আৰথ' অৰ্থাৎ কুকুৰাই আমাৰ শিৰস্নায়ু বাক্যাংশই যথেষ্ট৷

চ’জুন পূজাৰ প্ৰথম দিনা সন্ধিয়া ছে কাছাদি অৰ্থাৎ দেৱতাক আমন্ত্ৰণ জনোৱা হয়৷ দ্বিতীয় দিনা কুৰুছাৰ অৰ্থাৎ পূজাৰী আৰু বৰ্‌ৱা অৰ্থাৎ সহকাৰী পূজাৰীয়ে দোক্‌মোকালিতে উঠি স্নান কৰি ন সাজ পৰিধান কৰি বিশুদ্ধ চিত্তে মূল বেদীত ফংৰং গছৰ ডাল স্থাপন কৰে৷ বৰ্‌ৱাই লৰূ পাতত অকণ অকণকৈ ৩৬ ভাগ চাউল আৰু ১২টা স্থানত চাউল অকণ অকণ আগ বঢ়ায়৷ বেদীত পিঠাগুড়ি ছটিয়াই পূজাৰ বাবে সাজু কৰে৷ তাৰ পাছত বাৰিথে অৰ্থাৎ ইন্দ্ৰ দেৱতাৰ নামত এইদৰে শ্লোক আওৰাই পাতাম অৰ্থাৎ বোধন কৰা হয়...
‘এ হেম্‌ হেম্‌ আৰ্‌নাম,
আৰ্‌নাম কেথে, আৰ্‌নি কেথে,
বাৰিথে আছ’, বাৰিএ আছ’,
ল’ৰূ কেথে, ফংৰং কেথে,
ল’ৰূ আৰ্‌নাম, ফংৰং আৰ্‌নাম,
কেকিম আৰ্‌নাম, কেৰাক আৰ্‌নাম৷’
অৰ্থাৎ, হে’ মহান গৃহ দেৱতা, তুমিয়েই স্বৰ্গৰ শ্ৰেষ্ঠতম দেৱতা, তুমিয়েই ল’ৰূ ফংৰং দেৱতা, তুমিয়েই সৃষ্টিকৰ্তা দেৱতা৷

সমান্তৰালভাৱে অন্য দেৱ-দেৱীৰো বোধন কৰা হয়৷ বোধনৰ অন্তত উচৰ্গা কৰিবলৈ ৰখা গাহৰি, কুকুৰা আদি কাটে৷ সেইবোৰৰ মাংস ৰান্ধিবৰ বাবে দিয়া হয়৷ ৰন্ধা হ’লে খোৱাৰ আগতে প্ৰথমে দেৱতাৰ বেদীত অৰ্পণ কৰা হয়৷ পূৰ্বপুৰুষলৈও মদ-মাংস আগ কৰে৷ তাৰ পাছত উপস্থিত ৰাইজে লগে-ভাগে মিলি-জুলি এসাজ খায়৷

এই পূজা উপলক্ষে গৃহস্থৰ বংশ-পৰিয়াল, মিতিৰ-কুটুম্ব আৰু বন্ধু-বান্ধৱৰ উপৰি অং-নিহু, ছ-ছু ফিলি, ইংজিৰ আৰ্ল’ (মোমাই, ভাগিন, বাই-ভনী)সকলক পূজাৰ কিছুদিনৰ আগতেই নিমন্ত্ৰণ জনোৱা হয়৷ পৰম্পৰাগত নীতি-নিয়ম অনুসৰি নিমন্ত্ৰিত লোকসকলেও যথাসময়ত প্ৰয়োজনীয় হৰ্‌-হাক্‌, হৰ্‌-তিবুক্‌ আদি মাননি লগত আনি পূজাত অংশ গ্ৰহণ কৰে৷ মাননি অনা ব্যক্তিসকললৈ গৃহস্থৰ ফালৰ পৰা ভগৱানৰ নামৰ উছৰ্গা কৰা অক্‌ কেং অক্‌ বৰ অৰ্থাৎ গাহৰিৰ ঠেং, কুকুৰা মাংসৰ টোপোলা আদি অৰ্পণ কৰা হয়৷ পূজাৰীলৈকো মাংসৰ ভাগ আগ বঢ়োৱা হয়৷


খণ্ড-১৪

এসময়ত খবৰ আহিল যে ৰন্ধন কাৰ্য সমাপ্ত হৈছে৷ পথাৰত এতিয়া সমজুৱা খোৱা-বোৱা চলিব৷ ক্ৰাম্‌ছা ছাৰ দেখোন খৰধৰকৈ মোৰ কাষ চাপি আহিছে! কি কথা? ভাত খাবৰ বাবে ঘৰলৈ আমন্ত্ৰণ জনালে, অনুচ্ছ স্বৰেৰে৷ আলহী দূৰণিবটীয়া বুলিয়ে চাগৈ এইকণ বিশেষ আতিথেয়তা! 'ইয়াতেই হৈ যাব ছাৰ, প্ৰব্লেম নাই' বুলিলোঁ যদিও কোনোপধ্যে নৰজিল৷ মইযে নিৰামিষভোজী, কথাটো তেওঁ জানে৷ গতিকে কুকুৰা-গাহৰি কিম্বা পৰম্পৰাগত পানীয় হৰ-আৰাকক লৈ চিন্তা কৰিবলগীয়া একো নাছিল৷ নজনাজনৰ আগতহে স্বভাৱটো পোহৰলৈ আহিলে সদায়ে পোনছাটেই কাৰণ দৰ্শাবলগীয়া হয়৷ তেতিয়া ‘আমাৰ মায়ে নিশিকালে’ বুলি ৰসিকতাৰে জেৰাৰ পৰা ফালৰি কটাৰ প্ৰয়াস চলাওঁ!

কাৰণ-চাৰণ একো মনত নাই৷ মায়ে কোৱামতে, প্ৰায় ৪ বছৰ বয়সত বান্দৰে কামোৰাৰ পাছৰে পৰাই হেনো মাছ-মাংস নোখোৱা হ’লোঁ৷ পূৰ্বপুৰুষে বহুওৱা স্মৃতিচিহ্ন শৰীৰত আজিও বৰ্তমান বাৰু! অন্য এটা সূত্ৰই দাবী কৰামতে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়ত আমাৰ গৃহ-শিক্ষক শাস্ত্ৰী (প্ৰয়াত সৌমদত্ত শৰ্মা) ছাৰে শনিবাৰে শনিবাৰে শুনোৱা পৌৰাণিক সাধুকথাবোৰে মাত্ৰাধিক প্ৰভাৱিত কৰিলে হেনো মোক৷ তেতিয়াৰ পৰাই প্ৰাণীহত্যাৰ বিৰুদ্ধাচৰণ আৰু মাছ-মাংস-কণী বৰ্জন চলি আহিছে৷ সঁচা-মিছা নাজানো৷ সদ্যহতে মুখৰ আগত ওলোৱা পৰম সত্য এইটোৱেই যে ক্ৰাম্‌ছা ছাৰৰ খোৱা-মেজত মোৰ বাবে উৎসাহেৰে নিৰামিষ ভাতৰ যা-যোগাৰ চলিছে৷ পুৱা খুউৱা চাহকাপৰ দৰেই দুপৰীয়াৰ ভাতসাঁজৰ বেলিকাও মুখ্য ভূমিকাত ক্ৰাম্‌ছা পৰিয়ালৰ ভাবী-বোৱাৰী সবিতা৷ তাই গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছে, শিক্ষা বিষয় লৈ৷ হ'বলগীয়া শাহুৱেকৰ কাম-কাজত হাত ধৰিবলৈ আদায় হাঞ্চে গাঁও পালেহি৷ এতিয়া আলহীৰ আলপৈচান! কথা পাতি পাতি ভাতকেইটা খালোঁ৷

পূজাৰীয়ে থলী এৰাটো অসম্ভৱ৷ সেয়েহে সৰুপুত্ৰ বিপিনক ক্ৰাম্‌ছা ছাৰে ইতিমধ্যে নিৰ্দেশ দি থৈছিল, খোৱা-বোৱা হ'লে মোক কাংথি জলপ্ৰপাত দেখুৱাই আনিবলৈ৷ সম্প্ৰতি সেইফালে জোৰদাৰ গতিত উন্নয়নমূলক কাম-কাজ আগ বাঢ়িব ধৰিছে৷ পিক্‌নিক্‌ স্পট নিৰ্মাণৰ কাম চলি আছে৷ ঘৰৰ মাৰুতি ৮০০ কাৰখন লৈ বিপিন আৰু তেওঁৰ দুজন বাল্যবন্ধুৰ সৈতে সোনকালেই যাত্ৰা আৰম্ভ কৰি দিলোঁ৷ বিপিন গুৱাহাটীৰ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কেমিকেল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ৷ চ'জুন পূজা বুলি ঘৰলৈ আহিছে৷ বিথিলাংছ'ৰ পৰা অভিযন্তা হোৱালৈকে অতীত, বৰ্তমান আৰু ভৱিষ্যতক সামৰি বাটে বাটে আমি ঢেৰ কথা পাতিলোঁ৷

শিলগুটিৰ ৰাস্তাটোৰে কেইকিল'মিটাৰমান অতিক্ৰম কৰাৰ পাছতে গাড়ীৰ সন্মুখত দেখা দিলে ১৯৭৬ত মই বনভোজ খাবলৈ অহা পাঞ্জুৰি (পাণ জুৰি)৷ দূৰৰ পৰাই চকুত পৰিছে হৰিণা জলসিঞ্চন আঁচনিৰ শ্লুইচ গে’টখন৷ বগা ৰংটো উজলি আছে যদিও অক্টোবৰৰ শুষ্কতাই চৌপাশ গ্ৰাস কৰিছে৷ নিমাওমাও পৰিৱেশ৷ কঁঠাল গছকেইজোপা এতিয়া বহুত ডাঙৰ হ’ল৷ ইফালে-সিফালে ক'তো মানুহ এটা দেখিবলৈ নাই৷

প্ৰতি টোপাল পানীয়েই মূল্যৱান৷ জানিব পৰামতে প্ৰধান মন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ অন্তৰ্গত কাৰবি আংলং জিলাৰ জলসিঞ্চন পৰিকল্পনা ২০১৫-২০ অনুযায়ী ছামেলাংছ’ উন্নয়ন খণ্ডৰ এলেকাধীন হৰিণা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰ স্তৰ-২ৰ বাবে ৩১০.৬০ লাখ টকা ধাৰ্য কৰা হৈছে৷ আঁচনিখনৰ জৰিয়তে পানী যোগান ধৰিব লগা ভূখণ্ডৰ পৰিমাণ ১,০২০ হেক্টৰ৷ কেনি কি কাম চলিছে সেয়াহে পিছে গম নাপালোঁ৷ প্ৰতিখন খেতিপথাৰলৈকে পানী যোগান, প্ৰতি টোপাল পানী অধিক কৃষি আদি চৰকাৰী শ্ল’গানৰ বিপৰীতে দেখা পালোঁ, পকী নলা তেনেই শুকান৷ পানী বৈ থকা নাই৷ বান্ধৰ জলদ্বাৰতো মামৰ৷ আশে-পাশে থকা পথাৰখন শুকান৷ শুকান নৰাবোৰৰ মাজত আপোনমনে চৰি আছে ছাগলী এহাল৷ নীলা আকাশত থূপ থূপ বগা ডাৱৰৰ সমাৱেশ৷

আগতে এইডোখৰৰ পৰা গাড়ী যাব পৰা ৰাস্তা নাছিল৷ এতিয়া হ'ল৷ গাড়ীখন ১৫ মিনিটমান চলাৰ পাছতে আমি কাংথিলাংছ’ পিক্‌নিক্‌ স্পটত উপস্থিত হ'লোঁ৷ কাৰবি আংলং জিলাৰ পৰ্যটন মানচিত্ৰত এই অৱস্থানটোৱে নকৈ প্ৰসাৰতা আৰু জনপ্ৰিয়তা লভিছে৷ এইফালে এতিয়া বনভোজথলী আৰু ইক’-টুৰিজম গঢ় লৈ উঠিছে৷ ইয়াৰ পৰা ১ কিল'মিটাৰমান আগলৈ কাংথি জলপ্ৰপাত৷ জলপ্ৰপাতটোলৈ এয়া মোৰ দ্বিতীয় আগমন, সুদীৰ্ঘ ১১ বছৰৰ পাছত৷ অলপ আগতে ক্ৰাম্‌ছা ছাৰৰ চৌহদত গাড়ীখনত বহাৰে পৰা ক্ৰিয়া কৰি অহা উৎকণ্ঠাৰ মাত্ৰাটো যেন আগতকৈ বাঢ়িব ধৰিলে, এনেকুৱা অনুভৱ হ'ল৷



খণ্ড-১৫

ভাবি খুব ভাল লাগিছে যে কোনোবা ইউটিউবাৰ গৈ পোৱাৰ আগতেই কাংথি জলপ্ৰপাতলৈ আহিছিলোঁ ক্ৰাম্‌ছা ছাৰ আৰু মই৷ পানীয়ে পানীয়ে, শিলে শিলে, জংঘলে জংঘলে৷ এতিয়া বাট কাটি উলিয়ালে৷ গাড়ী যাব পৰা কৰি দিলে৷ চৰকাৰী বিভাগৰ তৰফৰ পৰা ৰাস্তা, কালভাৰ্ট, ৰে'ষ্ট শ্বে'ড, দলং, বেঞ্চ আদি সাজি থকা স্বচক্ষে দেখা পালোঁ৷ তেনেই অস্থায়ী ৰূপত বহা দুই-এখন দোকান-পোহাৰো পাই আহিছোঁ৷

জানিব পৰা মতে ২০১০-১১ বৰ্ষৰ বৰ্ধিত পৰিকল্পনাৰ অন্তৰ্গত কাৰবি আংলং পৰ্যটন বিভাগে কেতবোৰ আঁচনি ৰূপায়ণৰ অৰ্থে অসম চৰকাৰৰ পৰা ৫০ লক্ষ টকা লাভ কৰিছে৷ তাৰে কাংথিলাংছ’ পিক্‌নিক্‌ স্পটৰ সৌন্দৰ্যবৰ্ধনৰ শিতানত ধাৰ্য কৰা হৈছে ১০ লাখ টকা৷

নিশ্চিতভাৱে, ক্ৰাম্‌ছা ছাৰৰ বাবে গভীৰ সুখ আৰু পৰম সন্তুষ্টিদায়ক কথা যে এই জলপ্ৰপাতটোক কেন্দ্ৰ কৰি জেগাখিনিৰ নাম কাংথিলাংছ’ পিক্‌নিক্‌ স্পট হ’ব লাগে বুলি চিন্তা এটা তেওঁৰ মনত খেলাইছিল, আজিৰ পৰা ৪০-৪৫ বছৰৰ আগতেই৷ তাকে লৈ সংশ্লিষ্ট কৰ্তৃপক্ষক মেম’ৰেণ্ডাম দিয়া মানুহৰ অন্যতম আছিল তেওঁ৷ এক অৰ্থত তেওঁক এই প্ৰক্ৰিয়াটোৰ আঁৰৰ সক্ৰিয় মানুহ বুলিব পাৰি৷

ছাৰে কোৱামতে ডাক্তৰ জয়ন্ত ৰংপি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (চি.ই.এম.) হৈ থাকোঁতে (১৯৮৯-৯৬) এবাৰ ডেনগাঁৱলৈ আহিছিল৷ ডেনগাঁও হাইস্কুলৰ শিক্ষক মেনছিং বে’ৰ সৈতে লগ লাগি ডেনগাঁও খেলপথাৰত তেওঁলোকে স্মাৰক-পত্ৰ দিছিল৷ অন্য এগৰাকী চি.ই.এম. (১৯৮৫-৮৬, ১৯৮৫-৮৬) মংগলছিং ইংতিকো অনুৰূপ মাধ্যমেৰেই খাটনি ধৰা হৈছিল৷ পিছে কাৰো পৰা আশানুৰূপ সঁহাৰি কিম্বা গুৰুত্ব পোৱা নগৈছিল৷ অখ্যাত-স্বল্পখ্যাত হৈ প্ৰকৃতিৰ মাজত লুকাই বৈ থাকিল কাংথি৷ উন্নয়নমূলক একো কামৰ আৰম্ভণিয়ে নহ’ল এইটো প্ৰান্তত৷ পাছত পৰিষদীয় সমষ্টি ১৬-নমাটিৰ পৰা নিৰ্বাচিত কাৰ্যবাহী সদস্য অশোক টেৰণে স্বইচ্ছাৰে এদিন ক্ৰাম্‌ছা ছাৰক লগ ধৰিলেহি৷ ২০১৪ৰ ২৩ ডিচেম্বৰত এলেকাটো পৰিদৰ্শন কৰিলে৷ এতিয়া আমি দেখা কাম-কাজবোৰ এইজন যুৱ-নেতাৰ আগ্ৰহ, সদিচ্ছা আৰু উদ্যোগতে হ'ব ধৰিছে৷ কাংথি এনেকৈয়ে পোহৰলৈ আহিল৷ অৱশ্যে ইয়াৰ নাম এতিয়াও সৰহ মানুহে শুনাই নাই৷ দেখাটো দূৰৰে কথা৷ আন নালাগে সত্তৰৰ দশকত ব’ৰ্ডিং সাজি ডেনগাঁৱত এম. ই. স্কুল, হাইস্কুলত পঢ়া বন্ধুবৰ বিদ্যাছিং ৰংপিও হেনো তাহানিখন কেতিয়াও গৈ ওলোৱা নাছিল কাংথি জলপ্ৰপাত৷ ই. এণ্ড ডি.ৰ বান্ধ থকা পাণ জুৰিয়েই আছিল লক্ষ্মণ ৰেখা৷ সৰুতে খোৱা আমাৰ পিক্‌নিকৰো সীমা সিমানেই আছিল৷

আনহাতে ক্ৰাম্‌ছা ছাৰৰ জীৱন-বুৰঞ্জীৰ পৃষ্ঠাবোৰ আছিল সুকীয়া আৰু বিচিত্ৰ৷ ল'ৰালিত সমনীয়াৰ সৈতে জংঘলত গৰু চৰাওঁতেই পাহাৰৰ ভিতৰত ক’ত কি আছে তাৰ উৱাদিহ পাইছিল৷ প্ৰাকৃতিক অৰণ্যসমূহেই আছিল তেওঁলোকৰ দৈনন্দিন বিচৰণ থলী৷ কাংথি, হৰিণাৰ জলপ্ৰপাতকেইটা আছিল শৈশৱৰ সংগী৷ ভবা নাছিল যে এড্‌ভেন্‌চাৰিষ্ট গৰখীয়া ল'ৰাটো এদিন গ্ৰেজুৱেট হ'ব, হেড-পণ্ডিত হ'ব৷ জীৱনত কাহানিবা ডিফু চহৰ দেখিবগৈ বুলিও তেওঁ হেনো মুঠেও কল্পনা কৰা নাছিল৷ ময়ো কোনো দিনে ভবা নাছিলোঁ যে 'কাংথিৰ বন্ধু'জনৰ সৈতে মোৰ আন্তৰিক যোগাযোগ স্থাপন হ'ব, আমি দুয়ো এদিন এটা অভিযানত অগ্ৰসৰ হ'ম, আৰু সেই অভিযানতে মোৰ মনৰ পুৰণা উৎসুকতাৰ সন্ধান পূৰ্ণৰূপত পাই যাম! 

এইফালৰ স্কুলসমূহৰ চাইনব’ৰ্ডত পান জুৰিৰ পৰিৱৰ্তে পাণ জুৰিৰ কাৰবি ভাষান্তৰ বিথিলাংছ’ শব্দটো ব্যৱহাৰলৈ অনাটোতো তেতিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰ সুৰেন ক্ৰাম্‌ছাৰ অৱদান আছে৷
বিপিনৰ আগত দেউতাকৰ কথাবোৰ কওঁতে, গুণবোৰ বখানোতে বুকুখন মোৰ কেই ইঞ্চিমান ফুলি উঠিল৷ উঠিবই৷ ঘৰুৱা পূজাভাগৰ গুৰি ধৰি থকা হেতুকে ছাৰে এইবাৰ মোৰ সংগ দিব নোৱাৰিলে৷ অন্যথা আহিলেহেঁতেন নিশ্চয়৷ সেয়ে হ'লেও পুত্ৰ আৰু পুত্ৰৰ বন্ধুবৰ্গক লগত দিছে, নিজৰ বাহন দিছে, মোৰ হেঁপাহক সন্মান জনাই৷


খণ্ড-১৬

নিৰ্মীয়মান পিক্‌নিক্‌ স্পটৰ পাৰ্কিং এলেকাত কাৰখন ৰাখি আমি চাৰিও নামিলোঁ৷ পদচালনাৰে এইবাৰ নীল আকাশৰ তলত মুক্ত বিচৰণ আৰম্ভ হ'ল৷ গাইড বুলি গণ্য কৰা তিনিজন কনিষ্ঠ সংগীৰ সৈতে শাৰী পাতি আগ বাঢ়িব ধৰিছোঁ৷ মনত বিৰাট আনন্দ৷

ইফালে-সিফালে আৰ.চি.চি. কনষ্ট্ৰাকচনৰ কাম চলি আছে৷ পিক্‌নিক্‌ খাবলৈ অহা দল কেইটামানকো দেখা পালোঁ৷ ইয়াত বছৰৰ বাৰমাহে বনভোজ চলে হেনো৷ কাৰবি মহিলা এগৰাকীৰ হাতত চিলভাৰৰ মগ এসোপা৷ নাই কমেও ২০টামান হ'ব৷ নাৰিকলৰ ৰছীৰে জোঁট বান্ধি লৈছে৷ দেখি আচৰিতেই হ'লোঁ৷ ইমানগাল মগ কি কৰিব বা! দলটোত মতাই-মাইকীয়ে মানুহ দেখোন ৮জনহে৷

লুংলুঙীয়া, ওখ-চাপৰ পদপথ৷ কাংথি জুৰি ইপাৰ-সিপাৰ হৈ অলপ সময়ৰ ভিতৰতে আকৌ পালোঁহি এবাৰ সেই গহ্বৰ, য’ত বাচেন পাহাৰৰ পৰা শুভ্ৰ-শীতল জলধাৰা হৰ্‌হৰাই তললৈ সৰি পৰি আছে৷ আগৰবাৰ কেৱল দুজন লোক আছিলোঁ৷ ক্ৰাম্‌ছা ছাৰ আৰু মই৷ এইবাৰ এগাল মানুহৰ সমাগম প্ৰত্যক্ষ কৰিলোঁ ইয়াত৷ জনপ্ৰিয়তা অৰ্জন কৰিছে তেনেহ'লে কাংথিয়ে! মানুহবোৰৰ মুখমণ্ডলত উৎসাহ-আনন্দৰ ৰেশ৷

জলপ্ৰপাতটোক বেক্‌গ্ৰাউণ্ড হিচাপে লৈ বিপিন আৰু তাৰ লগৰীয়া দুজন ফটো উঠাত ব্যস্ত হ'ল৷ চক্ৰাকাৰে ম'বাইল ফোন ঘূৰাই চৌপাশৰ দৃশ্যপটো ৰেকৰ্ডিং কৰি আছে৷ অদূৰত শিল এটাৰ ওপৰত অকলশৰীয়াকৈ বহি লৈছোঁ মই৷ এটা দশকৰ আগৰ আৰু আজিৰ প্ৰাকৃতিক পৰিৱেশ দুটা ৰিজাবলৈ চেষ্টা কৰিছোঁ, মনৰ ভিতৰতে৷ নিজৰ সৈতে কথা পাতিছোঁ৷

ডেনগাঁও তিনিআলিৰ পৰা কাংথি জলপ্ৰপাত৷ মোৰ ধাৰণা, দুঃসাহসিক পৰ্যটকৰ বাবে সহজ ট্ৰেকিং ডেষ্টিনেচনৰ ৰূপত এইফালে এটা নতুন ভ্ৰমণ আৱৰ্ত অৱশ্যে গঢ় লৈ উঠিব পাৰে৷ ১০ কিল'মিটাৰ খোজ কঢ়াটো বিশেষ কষ্টকৰ নহয়৷ পাহাৰৰ বক্ষত নিৰিবিলি পৰিৱেশত অৰ্কিড উদ্যান গঢ়ি তুলিব পাৰি৷ নিৰ্বাচিত গছবিশেষে কাৰবি হেম্‌তাপ কিছুমানো সাজিব পাৰি৷ আধুনিক পৰ্যটনৰ বিধি-ব্যৱস্থাসমূহ মানি ক্ৰাম্‌ছা ছাৰ বা এইফালৰ অন্যান্য ইচ্ছুক লোকে হ'মষ্টে'ৰ লগতে চাইকেল কিছুমান ৰাখিব পাৰে পৰ্যটকলৈ আতিথ্য তথা অঞ্চল পৰিভ্ৰমণ সেৱা আগ বঢ়োৱাৰ উদ্দেশ্যে৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে গঢ়ি দিয়া আন্তঃগাঁথনিৰ সুযোগ লৈ এনেকৈয়ে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাট মুকলি কৰিব পাৰে স্থানীয় জনসাধাৰণে৷ অন্নদাতা হৈ পৰিব পাৰে কাংথিলাংছ' জলপ্ৰপাত৷

সদ্যহতে সকলো পক্ষ সচেষ্ট হ’ব লাগিব পথ আৰু এলেকা উন্নয়নে যাতে অঞ্চলটোৰ প্ৰাকৃতিক ভাৰসাম্যতাত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নেপেলায়৷ এই অৰণ্যত গছ কটা, ফুল ছিঙা, শিল কঢ়িওৱা, য’তে-ত’তে প্লাষ্টিকৰ বটল, পলিথিনৰ পেকেট, জাবৰ আদি পেলাই ঠাই লেতেৰা কৰা, জলপ্ৰপাত আৰু কুণ্ডত স্নান কৰা, কাপোৰ ধোৱা, মল-মূত্ৰ বিসৰ্জনেৰে পৰিৱেশ কিম্বা পানী দূষিত কৰা, ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ, চৰকাৰী সা-সম্পত্তি ধ্বংস কৰাৰ বিৰুদ্ধে কঠোৰ বাধা-নিষেধ আৰোপ কৰিব লাগিব৷

কাংথিৰ আৱেশত আৰণ্যক নিৰৱতাত আচ্ছন্ন হৈ কিমান সময় কটালোঁ মনত নাই৷ প্ৰকৃতিৰ অব্যৰ্থ নিয়ম মানি বেলিটোৱে পশ্চিমলৈ গতি কৰি আছে৷ বিপিনৰ সংগী এজনেহে ঘৰমুখী হোৱাৰ প্ৰসংগটো উত্থাপন কৰিলে৷ জলপ্ৰপাত এৰি পদযাত্ৰাৰে আহি আহি পিক্‌নিক্‌ স্পট পালোঁহি আমি৷ তাৰ পৰা গাড়ীৰে আদায় হাঞ্চে গাঁও, সুৰেন ক্ৰাম্‌ছা ছাৰৰ ঘৰ৷

এসময়ত ক্ৰাম্‌ছা পৰিয়ালৰ পৰাও বিদায় ল'বৰ হ'ল৷ ডেনগাঁও তিনিআলিলৈ গৈ বাছ ধৰাৰ কথা আছে৷ ছাৰে বিপিনকে ক'লে নমাই থৈ আহিবলৈ৷ সকলোকে কাৰ্‌দম্‌ জনাই সময়-সুবিধা মিলাই আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মেলানি মাগিলোঁ আৰু ডিফু অভিমুখী বাছত বহি আন্ধাৰ হোৱাৰ পাছতে ঘৰ পালোঁহি, অভিজ্ঞতা তথা সফলতাৰে ভৰা মন লৈ৷ (সমাপ্ত)

No comments:

Post a Comment