Wednesday, 11 April 2018

পঞ্চম দিন, অংশ-৭

বিনন্দীয়া প্ৰকৃতি জগতৰ লগতে থলুৱা সাংস্কৃতিক বাতাবৰণক নিষ্কলুষ ৰূপত চাবলৈ হেঁপাহ কাৰণো নাথাকে? সময়, সুবিধা আৰু সুযোগৰহে অভাৱ৷ তথাপিও মানুহৰ জীৱনলৈ এনেকুৱা সোণালী মুহূৰ্ত নহা নহয়, আহে৷ প্ৰথম কথা, তাক চিনি পাব লাগিব৷ দ্বিতীয় কথা, তাক পাই হেৰুৱাব নালাগিব৷ তাগিদা আৰু বাহানা বুলি দুটা বিপৰীতধৰ্মী শব্দ নথকা নহয়৷ গুৰুত্ব কোনটোত, সেয়া নিজৰ কথা৷ তাগিদাক প্ৰশ্ৰয় দি, বাহানাক বিদূৰ কৰি, সুযোগক চিনি-বুজি আমি পাংচু পাছ ৱিণ্টাৰ ফেষ্টিভেললৈ আহিলোঁ৷ আহি উত্তৰ-পূবৰ নৃগোষ্ঠীয় ঐতিহ্যৰ প্ৰতিফলন দেখা পালোঁ৷ প্ৰাকৃতিক পৰিৱেশত টাংচা জনজাতীয় চাঙত কটালোঁ৷ অনাগত জীৱনৰ বাবে যি নেকি উৎসাহ আৰু আনন্দৰ অমল সঁফুৰা হৈ ৰ’ল৷

হ’মষ্টে’ৰ জৰিয়তে ক্ষুদ্ৰ তথা গ্ৰাম্য অৰ্থনীতিৰ সবলীকৰণ আৰু পৰ্যটনক্ষেত্ৰৰ বিকাশৰ উদ্দেশ্য আগত ৰাখি ইয়াত পৰ্যটন সংস্কৃতিক এক সুনিৰ্দিষ্ট নিয়ন্ত্ৰণৰেখাৰ গণ্ডীত বিকশাই তুলিব পাৰিলে সমাজৰ বাবে, অৰুণাচল ৰাজ্যখনৰ বাবে নিশ্চয় মংগলজনক হ'ব৷ পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শন, সাজপাৰ আৰু থলুৱা পৰম্পৰাগত খাদ্য-সম্ভাৰতে সীমিত নাৰাখি তথ্যচিত্ৰ প্ৰদৰ্শন, বৃক্ষৰোপণ, প্ৰকৃতি সংৰক্ষণ আদিকে ধৰি আৰু কিছু কিছু বিষয়ত উদ্যোক্তাসকলে মনোযোগ দিব লাগে৷ পৰিৱেশতন্ত্ৰ, পাৰিপাশ্বিকতা বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰকৃতি আৰু জীৱ-জন্তুৰ প্ৰতি স্থানীয় মানুহখিনিৰ মনত প্ৰেম, দয়া ভাবৰ উদ্ৰেক হ’ব লাগিব, ঠিক ১৫ শতিকা পুৰণি ৰাজস্থানৰ বিষ্ণইসকলৰ দৰে৷ নাগালেণ্ডৰ খনমাৰ আংগামীসকলৰ দৰে বন-বননি আৰু পশু-পক্ষীৰ সংৰক্ষণত জুমুঠি ধৰিব লাগিব এইফালৰ টাংচাসকলে৷

টাংচা জনগোষ্ঠীৰ উমাল সান্নিধ্যৰ বিক্ষিপ্ত ছবি কিছুমানে ওৰে বাট মোৰ চিন্তা-চেতনাত অগা-ডেৱা কৰি আছে৷ এই সান্নিধ্য পাহৰিব নোৱাৰিম৷ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত বসবাস কৰা টাংচা জনসমষ্টিয়ে অসমীয়া সাহিত্যৰ উত্তৰণতো বিশেষ ভূমিকা লৈ আছে৷ টাংচা জনজাতীয় জীৱনৰ পটভূমিত ৰচিত প্ৰথম অসমীয়া উপন্যাসখন হৈছে ‘লংকাই আৰু থাকনাং’৷ সমাজৰ পৰম্পৰাগত ৰীতি-নীতি, বিশ্বাস, সংস্কাৰ, ধ্যান-ধাৰণা আদিৰ বুকুত লুকাই থকা মানৱতাবাদী আৰু যুক্তিনিষ্ঠ চিন্তাই কেনেকৈ মানুহৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰাৰ উপৰি সমাজকো বাট দেখুৱাই নিব পাৰে, তাৰে এখন সঁচা চিত্ৰ অংকন কৰা হৈছে এই উপন্যাসত৷ বিগত ২০০৩ চনতে কেংচাম কেংলাঙে এইখন ৰচিছিল৷ টাংচা জনজাতিৰ জীৱনভিত্তিক অসমীয়া ভাষাৰ দ্বিতীয়খন উপন্যাসৰ নাম ‘পাটকাই পাহাৰৰ সেউজীয়া তলুৱা’৷ ৱাংচাম জংচামে লিখিছিল, ২০০৪ চনত৷ এইখন উপন্যাসত জনগোষ্ঠীটোৰ সামাজিক-সাংস্কৃতিক জীৱনৰ কিছুমান দিশ পোহৰলৈ আহিছে৷ অর্থ আৰু সামাজিক প্ৰতিপত্তিতকৈ শিক্ষা আৰু কৰ্মমুখী জীৱনেহেযে ব্যক্তি জীৱনৰ লগতে সমাজ জীৱনকো প্ৰভাৱিত কৰি শান্তিপূৰ্ণ সমাজ ৰচনা কৰাত ইন্ধন যোগাব পাৰে তেনে এটি বিষয়-বস্তুকে লৈ উপন্যাসখনৰ কাহিনীটো নিৰ্মাণ কৰা হৈছে৷ এই উপন্যাস দুখনে বাস্তৱিকতে অসমীয়া জনজাতীয় জীৱনভিত্তিক উপন্যাসক বৰ্ণাঢ্য মাত্ৰা প্ৰদান কৰিছে৷ অসমীয়া ভাষাত চৰ্চা কৰা ভালেকেইজন অৰুণাচলী মূলৰ সাহিত্যিকৰ ভিতৰত এই দুগৰাকী অন্যতম৷

বিপৰীতে, পি.পি.ডব্লিউ.এফ.ৰ আয়োজনত অনা-অৰুণাচলীৰো বৰঙণি আছে৷ উৎসৱটিক লৈ পৰ্যটন উদ্যোগেযে ঠন ধৰি উঠিব পাৰে সেয়া সহজবোধ্য৷ আনহাতে এইটো মন কৰিবলগীয়া যে অনিয়ন্ত্ৰিত পৰ্যটনে থলুৱা সংস্কৃতি আৰু সমাজ-জীৱনলৈ বিপৰ্যয় মাতি আনিব পাৰে৷ ভূটানে গ্ৰহণ কৰাৰ দৰে নিয়ন্ত্ৰিত পৰ্যটন নীতি ইয়াতো প্ৰয়োগ কৰিব লাগিব৷ সুন্দৰ আৰু আটকধুনীয়া এই অনুষ্ঠানবোৰ বিজতৰীয়া প্ৰভাৱত অদূৰ ভৱিষ্যতত মূলৰ পৰা বিচ্ছিন্ন হৈ সাংস্কৃতিক চিৰিয়াখানা হৈ পৰাটো অগণন সংস্কৃতিপ্ৰেমীসকলৰ লগতে আমাৰ পক্ষেও কেতিয়াও হজম কৰিব পৰা কথা নহ’ব৷ গতিকে থলুৱা ৰীতি-নীতিয়ে বহিঃপ্ৰভাৱৰ ফলত বিকৃত ৰূপ যাতে নলয় তালৈ ৰাখিব লাগিব শেনদৃষ্টি৷ নহ'লে এসময়ত অস্তিত্বৰ সংকট আহি পৰিব, যিটো আজি কোনো কোনোফালে কাৰ্যতঃ ঘটিছে৷ সাংস্কৃতিক মূলৰ পৰা বিচ্ছিন্ন, ব্যাপক হাৰত বৃদ্ধি পোৱা অপৰিকল্পিত, অসংযত পৰ্যটনৰ প্ৰাদুৰ্ভাৱত থলুৱা পাৰম্পৰিক সমাজ-ব্যৱস্থাৰ নৈতিক শৃংখলাৰ অৱনতি যাতে নঘটে, তাৰ বাবে সৰ্বসময় সজাগতা অপৰিহাৰ্য৷

গাড়ীৰ গতিৰ সমানে সমানে এনেবোৰ ভাবনাত ডুবি আছিলোঁ ইমানপৰে৷ আধা ঘণ্টাও নালাগিল৷ কেঁকুৰি এটা ঘূৰি দিওঁতে ঠেক ৰাস্তাটোৰ বাওঁফালে দণ্ডায়মান World War II Cemetery, Jairampur বুলি লিখা বগা বৰণৰ পকী ফলকখন দেখা পাই গ’লোঁ৷ ফলকৰ বিপৰীতে গছৰ ছাঁত বীৰেন্দৰে গাড়ীখন ৰাখিলে৷ অদূৰত টীম-বিৰ ক'লা টাকচনখন৷ বাইক আদিকে ধৰি অন্য দৰ্শনাৰ্থীৰ বাহন কিছুমানো আগৰে পৰাই ৰৈ আছিল৷ আমাৰ দৰে বহুতেই পি.পি.ডব্লিউ.এফ.ৰ পৰা প্ৰত্যাৱৰ্তনৰ সময়ত ইয়াত ভুমুকি মৰাৰ সুযোগ লৈছে৷ তেওঁলোকেও জানে যুদ্ধ সমাধি চাই নগ'লে দ্বিতীয় মহাযুদ্ধ, ষ্টীলৱেল ৰ'ড আদিৰ ধাৰণা পৰিষ্কাৰ নহ'ব৷

আমাৰ সন্মুখত বাউণ্ডেৰী ৱালেৰে ঘেৰা, মাজত ডিভাইডাৰ দিয়া এটা প্ৰৱেশ পথেৰে গছ-গছনিৰে ভৰা চৌহদ এটা৷ দুপতীয়া গে’টত বৰ বৰ হৰফেৰে লেখা আছে WORLD WAR TWO CEMETERY, JAIRAMPUR, DIST. CHANGLANG৷ গে’টৰ সন্মুখত দুফালে দুটা ওখ স্তম্ভ৷ স্তম্ভ দুটাত সোঁফালে বন্দুকধাৰী সৈনিক আৰু বাওঁফালে জনজাতীয় বীৰৰ প্ৰতিকৃতি৷ ডাঙৰ গে’টখনৰ বাওঁফালেৰে মানুহ সোমোৱা সৰু গে’ট আছে৷ সেইফালেদিয়ে আমি এজন এজনকৈ ভিতৰলৈ যাব ধৰিলোঁ৷ (আগলৈ)


No comments:

Post a Comment