Saturday, 10 February 2018

তৃতীয় দিন (২০.০১.২০১৩), অংশ-১

আজি দেওবাৰ৷ পুৱা ৫ বজাৰ অলপ পাছতেই আমি গোটেইকেইটা উঠিলোঁ৷ সূৰুযে প্ৰথমে কিৰণ বিলোৱা অৰুণাচলৰ একোণত আছোঁ আমি৷ বাহিৰখন চকাছন্দা৷ শীতলতাই ছানি ধৰিছে৷ ঠাণ্ডাৰ মাজতে ওলাই আহি নামপঙৰ ফালে দৃষ্টিপাত কৰিলোঁ৷ কুঁৱলীৰ মাজত পোহৰৰ কুণ্ড এটা উজলি থকা যেন লাগিছে৷ সেয়া ফেষ্টিভেল গ্ৰাউণ্ডৰ আলোকসম্পাত৷ একদম নিশ্চিত৷

প্ৰাতঃকৰ্ম সম্পাদনৰ পাছতে ভালকৈ কাপোৰ-কানি পিন্ধি, কাণ দুখন ভালদৰে মেৰিয়াই ওলাই গ’লোঁ৷ পকেটত কেমেৰা৷ ইয়ে বৰ্তমানত সাক্ষীগোপাল আৰু ৰোমন্থনৰ বিশ্বস্ত সহযোগী, ভৱিষ্যৎ কালত৷ ছাঁ-পোহৰৰ মাজতে হিচাপ কৰি পালোঁ, চোতালখনত মুঠতে ৫খন গাড়ীয়ে অৱস্থান কৰি আছে৷ ক’ৰ ক’ৰ পৰা মানুহ আহিছে, আছে, নাজানো৷ আমাৰ মহিন্দ্ৰ বলেৰ’খনৰ বাদেও এখন স্কৰপিঅ’, তিনিখন এল্ট’ শাৰী পাতি ৰৈ আছে৷ কালিৰে পৰাই এইটো মন কৰিছোঁ যে এইফালে মাৰুতি এল্ট’ৰ পয়োভৰ বেছি৷ পাহাৰৰ ওপৰলৈকে অনায়াসে বগায়৷

বাঁওহাতে উঠি যোৱা লিক্‌ এটাৰে আমি আগ বাঢ়িলোঁ৷ আমি মানে ৰাজু গগৈ, পংকজ দাস, সঞ্জু বৰা আৰু মই৷ লগত স্থানীয় কাকো লোৱা হোৱা নাই৷ অঞ্চলটোৰ আও-ভাও কালিয়ে পাই থৈছোঁ৷ চিন্তা কৰিবলগীয়া একো নাই বুলি কৈছিল জাংখং-নাজংহঁতে৷ আমাৰো মনবোৰত সেই বিশ্বজনীন ভাব... 'আপোন ভালেই জগত ভাল'৷

নঙলা আঁতৰাই সোমাই গৈ যিটো চাংঘৰ পালোঁ, আমাক দেখি আগৰে পৰাই ৰৈ থকা মানুহ এজন আগুৱাই আহিল৷ চেহেৰাত থলুৱা গঠন-শৈলী অনুপস্থিত৷ কথা পাতি গম পালোঁ, তেৱেঁই দেৱেন গগৈ৷ টাংচা গাভৰু বিয়া পাতি ইয়াতে নিগাজি হৈ পৰিল৷ খেতি-বাতি কৰি সাধাৰণভাৱেই জীৱন কটাই আছে৷ গাহৰি, কুকুৰা পোহে৷ আকালো নাই, ভঁৰালো নাই৷

চাংঘৰটোৰ মূধচেৰে ঘন ঘনকৈ ধোঁৱা ওলাইছে৷ শুকান বাঁহ এডাল লৈ জনজাতীয় মহিলা এগৰাকী অন্য এফালৰ পৰা আহি চাঙৰ পাছফালে অদৃশ্য হ’ল৷ সেয়া গগৈৰ পৰিবাৰ৷ একে গগৈ-গগৈ ওলাই পৰাত আমাৰ ৰাজু গগৈ বোলাজন আগে-ভাগে জখলাৰ ওচৰ পালোঁগৈ৷ সিজন গগৈয়ে আমাক ওপৰলৈ মাতিলে যদিও আগলৈ যোৱাৰ, আৰু আশ-পাশ চোৱাৰ তাড়নাত তেওঁৰ আহ্বান সসন্মানে প্ৰত্যাখ্যান কৰা হ’ল৷ চিনা-পৰিচয় আৰু উদ্দেশ্য বেকত কৰাৰ পাছত তেওঁকহে আমাৰ লগত ওলাবলৈ অনুৰোধ জনালোঁ৷ একে আষাৰতে সৈমান হ’ল মানুহজন৷

পাহাৰৰ বক্ষত অ’ত এটা ত’ত এটা ঘৰ৷ প্ৰতিটোৱে চাংঘৰ৷ বসতি সেৰেঙা৷ গাইডৰ ভূমিকাৰে দেৱেন গগৈ আগে আগে৷ শাৰী পাতি আমিকেইটাই তেওঁৰ পদাংক অনুসৰণ কৰিছোঁ৷ কথাও পাতি গৈছোঁ৷ ৰাজ্যৰ ৰাজধানী ইয়াৰ পৰা বহুত দূৰৈত৷ নামপঙেই নহয়, চাংলাং, টিৰাপৰ সৰহসংখ্যক আবাসীয়েই আজিও দেখাগৈ নাই কেপিটেল টাউন ইটানগৰ৷ বৰ বেছি ১১২ কিল’মিটাৰ আঁতৰৰ তিনিচুকীয়া চহৰ দেখিছে৷ চিকিৎসাজনিত কাৰণত কিছুমানে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় দেখিছে৷ বেছিভাগৰে পৰিক্ৰমা ২০-২৫ কিল’মিটাৰৰ৷ তাতোকৈ বেছি নহয়৷ অৰ্থাৎ আন্তঃৰাজ্যিক সীমান্তৰ জয়ৰামপুৰ বা অসমৰ জাগুনেই সীমাৰেখা৷ ৰে’লৱে’ৰ ভাষাত ‘লাষ্ট ফ্ৰণ্টিয়াৰ’৷

পাহাৰীয়া জুৰি এটা পালোঁ৷ য’তেই নাথাকক কিয়, এই জান-জুৰিবোৰ সদায়ে গতিশীলতাৰ প্ৰতীক৷ ইয়াতো বনাঞ্চলক প্ৰাণৱন্ত কৰি খলখলাই আছে৷ শব্দটোৱে নিৰ্জনতা ভংগ কৰিছে৷ তাৰ বাদে অান শব্দ নাই৷ নৈৰ বুকুৰ ৰঙচুৱা সৰু-বৰ পাথৰবোৰৰ সহায়ত হেলাৰঙে জলস্ৰোতটো পাৰ হ’ব পাৰিলোঁ যেনিবা৷ পৰ্বতৰ মাজত সমতল কিছুমানো আছে৷ এনে অংশত ধান খেতি কৰা হয়৷ এঠাইত এগালমান বিলাহী দেখা পালোঁ৷ তাৰ পাছতে অদূৰত চাংঘৰ এটা ওলাল৷ গগৈয়ে সেইটো ভঁৰাল বুলি ক’লে৷ চাঙৰ তলত খৰি এদ’মমান গোটাই থৈছে৷ অন্য এটা চাংঘৰৰ সন্মুখত আকৌ আহল-বহল চোতাল এখন৷ ইয়াত মৰণা মৰা হয়৷ গুটি ধান ভঁৰালত থয়৷ প্ৰকাণ্ড চোতালখনত ঘাঁহ-বন এডালৰো অস্তিত্ব নাই৷ নৰা কিছুমান সিঁচৰতি হৈ আছে৷ নিজান আৰু সেউজ প্ৰাকৃতিক পৰিৱেশ৷

গগৈ ৰৈ গ’ল৷ আমিও ৰ’লোঁ কিছু সময়৷ অনেক কথা ওলাইছে৷ ইফালে সিফালে আঙুলিয়াই দেখুৱাইছে আৰু বুজাইছে৷ কেনেকৈ তেওঁ এই ঘোঁকটত সোমালহি, তাকে কেন্দ্ৰ কৰি ৰাজু গগৈৰ পৰা এইবাৰ জাউৰিয়ে জাউৰিয়ে প্ৰশ্নৰ সন্মুখীন হ’ল দেৱেন গগৈ৷ খোৱাঙৰ খৰ্গেশ্বৰ সোণোৱালো একে পথৰে পথিক৷ ক’ৰ পৰা আহিযে এই মানুহ দুটাই ক’ত কেনেকৈ জীৱন প্ৰৱৰ্তাই আছে, দেখি আচৰিত হ’লোঁ৷ ধৰ্মান্তৰিতও হৈছে দুয়ো৷ নাম সলনি কৰি টাংচা নাম লৈছে যদিও নাজানিলোঁ অৱশ্যে৷ সন্তানে টাংচা উপাধি লিখে বুলি ক’লে৷ মানে জাতে-পাতে তেওঁলোক এতিয়া টাংচা৷ মা-মাটি-মানুহৰ এয়াই বৈচিত্ৰ্য উত্তৰ-পূৰ্বাঞ্চলৰ৷ আমাৰ ওচৰতে বসতি কৰা, কাৰবিলৈ সলনি হোৱা জনৈক দাস (এতিয়া হাঞ্চে)ৰ মুখখনলৈ মোৰ মনত পৰিল৷ হেনজানি এইবোৰ একো অসম্ভৱ কথা নহয়৷ শস্যশ্যামলা উৰ্বৰা ক্ষেত্ৰ, ভাত-কাপোৰ-বাসস্থানৰ সন্ধানত অতীজৰে পৰাই মানুহৰ নানান ধৰণৰ ইফাল-সিফাল, নাম-ঠিকনা সাল-সলনি কাৰ্যতঃ হৈ আহিছে৷

আকাশত চপৰা-চপৰে ডাৱৰ৷ আকাশী নীলা ৰং এটা মাজে মাজে ছটিয়াই দিয়া যেন লাগিছে৷ দূৰ দিগন্তই পাটকাই পৰ্বতক স্পৰ্শ কৰি আছে৷ এক অপৰূপ দৃশ্যপট৷ আগলৈ আৰু ঘৰ নাই৷ ৰাস্তাও নাই৷ গগৈয়ে জানিবলৈ দিলে৷ যাওঁতে যোৱা ট্ৰেকটোৰেই উভতিলোঁ আমি৷ জুৰিটো পোৱা মাত্ৰকে ৰাজু গগৈয়ে আমাক আগ বাঢ়ি এঠাইত ৰ’বলৈ অনুৰোধ জনালে৷ মতলবটো মই বুজি পাই গ’লোঁ৷ আমি আঁতৰি দিয়াত তেওঁ অকণমান উজাই গ’ল৷ তাৰ পাছত জংঘলৰ আঁৰ লৈ বহিল৷ সুখৰ লাজকুৰীয়া হাঁহি এটা ওঁঠত লৈ ওলাই আহিল কেইমিনিটমানৰ পাছত৷ গগৈৰ চাংখনৰ তলৰ লিক এটাৰে বাট বুলি আমি আমাৰ হ’মষ্টে’ত সোমালোঁ৷ ৭ বাজিবৰ হ’ল৷

No comments:

Post a Comment