Tuesday, 22 September 2015

স্কুটী চলোৱা ছোৱালী এজনী
(গল্প নহয়, সত্য)

মুগা বৰণীয়া কৰি লোৱা চুলিকোছা উৰুৱাই কাণত ইয়েৰ ফোন গুজি ভুৰুংকৈ কোন গ’লঅ’ সেইজনী?

অ’ সেইজনী দেখোন ৰূপলীন! বাঃ, স্পীড দেখা!

কিনকিনকৈ আৰম্ভ হৈ যোৱা বৰষুণজাকত তিতি তিতি সিদিনা এইজনীয়েইতো সোমাইছিলহি আমাৰ ঘৰত৷ ‘আংকল আংকল’ বুলি মৰা কাৰোবাৰ চিঞৰকেইটামান শুনিয়ে বিতত হৈ দৰজাখন খুলি প্ৰথমে ওলাই আহিছিল মা৷ পিছে পিছে মই৷ ৰাতিখন কাৰ কি বিপদ হ’ল আকৌ? বাহিৰত ইফালে বৰষুণজাকে ধাৰাসাৰ ৰূপ লৈছে৷

বাৰাণ্ডাৰ চকীখনত বহি লৈ তায়েইতো কৈছিল, ‘আংকল, মোৰ স্কুটীখন ষ্টাৰ্ট নহয়৷ আপোনালোকৰ ঘৰতে নিশাটোৰ বাবে থৈ যাব পাৰিমনে? কাইলৈ পুৱাই মেকানিক লৈ আহিম৷’

উপায় নোহোৱাত ষ্টেপকেইটা নামি ইয়াতে সোমাইছেহি বেচেৰী! সদায় দেখি থকা চকুৰ চিনাকি, সৰু ছোৱালী৷

‘চাওঁচোন মই’ বুলি ছাতি এখন মেলি ওপৰলৈ উঠি গ’লোঁ৷ ৰাস্তাৰ প্ৰায় মাজ-মজিয়াতে স্কুটী খাড়া! কিংকৰ্তব্যবিমূঢ়তাত ঠিকমতে চাইড কৰিবলৈও পাহৰিলে! নম্বৰ প্লেক্সটলৈ চালোঁ৷ উকা৷
ৰেজিষ্ট্ৰেচন নোহোৱাকৈয়ে পুৰণি হ’ব ধৰিছে বেঙেনাবুলীয়া মহেন্দ্ৰ ৰ’ডিঅ’৷

চাবিটো খুজিলোঁ৷ চালোঁ৷ তেল আছেনে? আছে৷ চেল্‌ফ? নাই৷ বেয়া৷ তাৰ মানে কিক্‌ মাৰিব লাগিল৷

কিক্‌ মাৰোঁতে মাৰোঁতে গাৰ ঘাম বাজ হ’ল৷ বৰষুণজাক কমি গ’ল৷ একোবত ষ্টাৰ্ট হ’লগৈ যেনিবা৷ কি কৰোঁ কি নকৰোঁকৈ ইমানপৰে দাঁতিতে ৰৈ মস্ত ম’বাইলটোকে পিটিকি পিটিকি চাই আছিল তাই৷ কিবা নটিফিকেচন আহিছিল যদি নাজানো৷ কাৰোবাক ফোন কৰিব খুজিছিল যদিও ক’ব নোৱাৰোঁ৷ ইঞ্জিনৰ শব্দতহে যেন সম্বিৎ ফিৰিল!

যেই ষ্টাৰ্ট হ’ল, ম’বাইল গৈ জিনছৰ পকেটত সোমাল৷ হেণ্ডেলডাল চমজি ল’লে৷ বহিল৷ লাইট অন কৰিলে৷ এক্সেলাৰেটৰ পকাই ঢাপলি মেলিলে৷

হেলমেট আছেনে? নাই৷ লাইচেন্স আছেনে? নাজানো৷ বয়সটো চাই নথকাযেনেই লাগে৷

সেইজনী ৰূপলীনেই এতিয়া গৈ আছে, মুগা বৰণীয়া কৰি লোৱা চুলিকোছা পিছলৈ উৰুৱাই৷ কাণৰ পৰা ওলমিছে বগা ইয়েৰ ফোনৰ ৱায়াৰ৷ হেলমেট? নাই৷ নম্বৰ? নাই৷ লাইচেন্সো নাই চাগৈ৷ চকুত ৰঙীন চানগ্লাছ৷ তাৰ মাজেৰে মোক এতিয়া নেদেখাটোৱেই স্বাভাৱিক৷



No comments:

Post a Comment