Wednesday, 3 June 2015

অৰুণোদয়ৰ বাট বিচাৰি, 
উত্তৰ-পূবৰ অন্তিম পূবলৈ

চাৰি ৷৷ আই.এল.পি. তৈয়াৰ হৈ গ’ল



দিন আৰু টীম ফাইনেল হ'লত অকণো কালবিলম্ব নকৰি নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলেৰে ২৩মাৰ্চৰ পুৱাতে অকলেই ৰাওনা দিলোঁ প্ৰভিজনেল ইনাৰ লাইন পাৰ্মিট উলিয়াবৰ নিমিত্তে, গুৱাহাটীলৈ৷ কাৰণ সেইটো এটা গুৰুত্বপূৰ্ণ কাম৷ যাত্ৰাটোৰ বাবে পৰিকল্পনা, দৰকাৰী যোগাযোগ, অনুমতি আদিৰ উপৰি ট্ৰেইনৰ টিকট, গাড়ী, ড্ৰাইভাৰ, থকা, খোৱা ইত্যাদি সমস্ত ব্যৱস্থাপনাৰ দায়িত্ব স্বেচ্ছাই কান্ধ পাতি লৈছিলোঁ৷ কাৰণটো আছিল আগতে উল্লেখ কৰি অহা সেই জ্বলন্ত ইচ্ছাটো৷ সেই বাৰ্ণিং ডিজায়াৰ… ডং পাবই লাগে, এবাৰ নহয় এবাৰ৷ আৰু তাৰ সুবৰ্ণ সুযোগ এইটোৱেই বুলি ষষ্ঠ ইন্দ্ৰিয়ই মোক সকীয়াই আছিল৷ ইপিনে হায়ুলিয়াঙত থকা অৰুণাচলী সহপাঠীয়ে কৈ আছিল, 'গে'টত মই ফোন কৰি কৈ দিম, আহি যাবি, পাছ নালাগে' বুলি৷ মই নামানিলোঁ৷ বহিঃৰাজ্যখনত প্ৰৱেশৰ ক্ষেত্ৰত বাহাল থকা নিয়মক সন্মান জনোৱাটোহে উচিত কথা হ'ব৷

ইণ্টাৰনেট যোগে আই.এল.পি.ৰ বিষয়ে আগতীয়াকৈ অধ্যয়ন কৰি আমাৰ চাৰিওজনৰে ভোটাৰ আই.ডি., পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্সৰ ফটোক’পী, নিৰ্দিষ্ট আকাৰ অনুযায়ী কেইবাক’পীও ফটোগ্ৰাফ সুন্দৰভাৱে সজাই-পৰাই ল’লোঁ যাতে সময়ত অফিচত এটাও আপত্তি দৰ্শাব নোৱাৰে৷ ফৰ্মখনো ডাউনল’ড কৰি পৰিষ্কাৰ ৰূপত পূৰাই ল’লোঁ৷ উক্ত দিনাই দুপৰীয়ালৈ বিচাৰি উলিয়ালোঁ গুৱাহাটীৰ ৰুক্মিণী গাঁওস্থিত অৰুণাচল প্ৰদেশ চৰকাৰৰ ডেপুটি ৰেচিডেণ্ট কমিচনাৰৰ কাৰ্যালয়৷ ক'লা-বগা চাইনব’ৰ্ডখন দূৰৰ পৰাই দেখা মাত্ৰকে মনটোৱে নাচিবলৈ আৰম্ভ কৰিছিল৷

দায়িত্ববাহী বিষয়াজনে মই আগ বঢ়াই দিয়া ফৰ্মখনলৈ চাই সুধিলে, ‘কিবিথো? কিয় যায় কিবিথোলৈ?’ ডেষ্টিনেছন লক্ষ্য কৰি অফিছাৰ বৰাছাৰ বোধ হয় আচৰিতেই হৈছিল৷ কাৰণ, আজিও খুব কমসংখ্যক অসামৰিক মানুহহে সেই বাটে যায়৷ মন কৰিছিলোঁ, সিদিনাৰ পাছ-প্ৰয়াসীসকলৰ বেছিভাগৰে উল্লিখিত গন্তব্যস্থল আছিল হয় ইটানগৰ, নহয় পাছিঘাট; বৰ বেছি তেজু৷ ৱালং, কিবিথো, ডং কাৰো লক্ষ্যস্থান নাছিলেই৷ সাধাৰণতে দৰকাৰো নপৰে বা যাওঁ বুলিলেও সতকাই আহ-যাহ কৰিব পৰা সহজ লক্ষ্যও নহয় চাগৈ৷ উত্তৰত ক’লোঁ, ‘ভ্ৰমণৰ উদ্দেশ্যৰে যাওঁ ছাৰ৷’ ‘নৰ্থ ইষ্ট ট্ৰেভেল গাইড’খন সেই মুহূৰ্তত মোৰ আঙুলিৰ ফাঁকত আছিল৷ অৰুণদাই সেইখন মোক পঢ়িবলৈ দিছিল, যাত্ৰাৰ প্ৰস্তুতি চলাবৰ অৰ্থে৷ কিন্তু হাতত পৰাৰে পৰাই বুকলেটখন নিজৰ ৱৰ্কিং টেবুলত চকুৰ আগত সজাই থৈছিলোঁ৷ পাৱাৰ অফ ভিচুৱেলাইজেচন যেনিবা! ভিচুৱেলাইজ কৰি কৰি সেই ঠাই কেতিয়া পামগৈ তাৰে উত্তেজনাত মছগুল আছিলোঁ দিনটোৰ সৰহ সময়৷ সিদিনাও বেগত সুমুৱাই সেইখন লৈ গৈছিলোঁ৷ বুকলেটখনৰ পাত লুটিয়াই অফিছাৰজনক দেখুৱালোঁ, কিবিথো পৃষ্ঠাটো৷ লগতে দৃঢ়তাৰে উত্থাপন কৰিলোঁ,‘সুবিধা কৰিব পাৰিলেই উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম, অনিশ্চয়তাৰে ভৰা, কষ্টগম্য ঠাইবোৰ আমি ভ্ৰমি ফুৰোঁ৷ আমাৰ বাবে সেইটো এটা পছন্দৰ অভিযান৷ জীৱনৰ আনন্দ৷ জয়ৰামপুৰ গে’টেৰে পাংচাও পাছ অতিক্রম কৰি ম্যানমাৰৰ লে’ক অৱ ন’ ৰিটাৰ্ণলৈকে পদব্ৰজে গৈছোঁ৷ নামচিক গে’টলৈকো গৈছোঁ৷ লিকাবালি গে’টৰ মালিনী থানৰ ওপৰলৈ উঠিছোঁ৷ অৰুণাচলৰ নিৰজুলিত পঢ়ি থকা কালতে কিমিন গে’টেৰে য়াজালিলৈ গৈ ৰঙানদী হাইড্ৰ’ইলেক্‌ট্ৰিক্‌ প্ৰজেক্ট চাইছিলোঁ৷ বান্দৰদেৱা, ইটানগৰ, নাহৰলাগুন, দুইমুখ, টাৱাং, ব’মডিলা, ভালুকপুং, টিপি আদিতো তেতিয়াই ঘূৰিছোঁ-ফুৰিছোঁ৷ তেজুলৈ ছাত্ৰাৱস্থাত, ১৯৯৩চনতে যোৱা৷’ ইচ্ছা কৰিয়ে পৰিসংখ্যা অলপ শুনাই দিলোঁ৷ মানুহজনে হাঁহিলে৷ পাগল বুলি ভাবিলে যদিও নাজানো৷ ভাবিলেও কোনো কথা নাই৷ মুঠতে আমাক আই.এল.পি. লাগে, ডিৰাক গে'টেৰে, কিবিথোলৈ৷ ইফালে তেওঁৰ সন্মুখতে বহা অৰুণাচলী লেডীগৰাকীয়েও পুস্তিকাখন খুজি লৈ পাত-পাতকৈ চাব ধৰিলে৷ সুধিলে, ‘য়ে’ আপক’ কাহাঁছে মিলা?’ উৎসটোৰ সম্বন্ধে চমুকৈ বিৱৰিলোঁ৷ দিওঁ-নিদিওঁকৈ ঘূৰাই দিলে অলপ পিছত৷ বুজি পালোঁ, তেওঁ সেইখনৰ প্ৰতি আকৃষ্ট হৈছে৷ দ্বিতীয় এক’পী থকা হ’লে দিয়ে দিলোঁহেঁতেন কিজানি৷ কি ঠিক, তেওঁৰো আমাৰ দৰে ভ্ৰমণপিয়াসী মন এটা জানোচা আছেইবা!

কাউণ্টাৰৰ পৰা ফৰ্ম লৈ নতুনকৈ ফিল্‌-আপ কৰি ফটো আৰু আইডেণ্টিটি প্ৰুফখিনি প্ৰত্যেকৰে বাবে ভাগে ভাগে গাঁথি দিবলৈ নিৰ্দেশ দিলে৷ এখনত ২০টকাকৈ ৮০টকাৰে চাৰিখন ফৰ্ম সংগ্ৰহ কৰি ল’লোঁ৷ পূৰাই জমা দিয়াৰ অলপ পৰৰ পিছতে মুখৰ আগতে ভেৰিফিকেচনৰ কামখিনি হৈ গ’ল৷ আই.এল.পি. ফিজ হিচাপে ১০০ টকা জমা দিবলৈ ক’লে৷ কাউণ্টাৰত বহা বাইদেউ এগৰাকীয়ে ফৰ্মকেইখন চাই আৰু ইতিমধ্যে তেজু-কিবিথোৰ কথাখিনি শুনা পাই নিজকে দমাই ৰাখিব নোৱাৰিলে৷ উৎসাহ আৰু গৰ্বেৰে জনালে যে তেওঁবিলাকো একালত তেজুত আছিল৷ সত্তৰৰ দশকত স্বামীয়ে আৰক্ষী বিভাগত কাম কৰিছিল৷ কৰ্তব্যৰ খাতিৰত খোজ কাঢ়িয়ে গৈছিল দুৰ্গম কিবিথোলৈ৷ তেওঁৰ মুখে তেনেকৈ শুনি আমাৰ ভ্ৰমণটোযে কিমান ৰোমাঞ্চকৰ হ’ব পাৰে, তাৰে কাল্পনিক ৰেখাংকন এটা মনৰ তুলিকাত তৎমুহূৰ্ততে কৰি পেলালোঁ৷ কাষৰ কাউণ্টাৰত বহাজনে ‘কাইলৈ পুৱা ১০বজাত অফিছ খোলাৰ পৰত পাছকেইখন লৈ যাবহি’ বুলি জনালে৷ 'হ'ব' বুলি স্বস্তিৰ নিশ্বাস এৰি দিছপুৰ লাষ্ট গে'ট পালোঁহি, প্ৰশান্ত কুমাৰ বৰাৰ কৰ্মস্থলী জনসংযোগ বিচাৰি৷ বাটত দেৱাল লিখন এটা চকুত পৰিল... 'মৃত্যু নোহোৱা, যদি প্ৰকৃতিপ্ৰেমী হোৱা'৷ কথাষাৰে মনত ৰেখাপাত কৰাৰ লগতে ভবাই তুলিলে৷

পিছদিনা ঠিক অফিচ খোলাৰ সময়তে উপস্থিত হ'লোঁগৈ৷ ১১এপ্ৰিলৰ পৰা ১৭এপ্ৰিল পৰ্যন্ত ইনাৰ লাইন ক্রছ কৰাৰ অনুমতি-পত্ৰ চাৰিখন সাগ্ৰহে গ্ৰহণ কৰি উজনিমুৱা গুৱাহাটী-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছত আনন্দমনে ঘৰলৈ উভতিলোঁ৷ বাটে বাটে নিজকে নিজে কৈ আহিলোঁ এষাৰ কথা… সেই পথৰ পথিক হ’ম, যি পথে যোৱা নাই সৰহ মানুহ৷ ‘সৰহ’ আৰু ‘মানুহ’ শব্দ দুটাৰ মাজত কোনোবাই বহুৱাই দিছিল ‘অসমীয়া’ শব্দটো৷

পৰৱৰ্তী খণ্ড : পাঁচ ৷৷ পূবৰ পৰা ড্ৰাইভিং আৰম্ভ কৰিব খোজা চিনাকি এজনো নাপালোঁ




No comments:

Post a Comment