Friday, 27 March 2015

ব’ৰদমৰ পৰা মুক্তি

আগতে খুব শুনো যাৰে-তাৰে মুখত... ‘ব’ৰ লাগিছে অ’৷’ ‘ব’ৰ হৈ গৈছোঁ ভাই৷’ ‘অকলে অকলে একদম ব’ৰ হৈ আছোঁ৷’
আজিকালি পিছে নুশুনা হৈছোঁ৷ আপুনিও চাগৈ শুনা নাই৷ মন কৰিবচোন৷ নুশুনাৰ কাৰণ আছে৷ কাৰণটো মই ভাবি পাইছোঁ সিদিনা মাত্ৰ৷ সঠিক হয়নে নহয় নাজানো৷ তথাপি ধৰিছোঁ তেনেকৈয়ে৷

ৰাজধানী এক্সপ্ৰেছ৷ এই এৰোঁ, এই এৰোঁ৷ অগ্ৰজপ্ৰতিম বন্ধু এজনৰ উচাহতে আৰু ক’লা কোট পিন্ধা চৌধুৰীদাৰ সন্মতি সাপেক্ষে জঁপিয়াই উঠি দিলোঁ ডবা এটাত৷ তৎক্ষণাতে প্লে’টফৰ্ম এৰিলে৷ সোঁসোঁৱাই আহি আছোঁ ৰাজধানীৰ পৰা, ঘৰলৈ৷ এনেয়ে ৰাজকীয় ৰে’ল৷ ৰাজকীয় চৰিত্ৰৰ মানুহবোৰ৷ হাতে হাতে আন নহ’লেও দামী ম’বাইল একোটাহঁত৷ ৰে’ল চলিছে৷ সিফালে ম’বাইলো সমানে সমানে৷ আগতে যাত্ৰীক দেখোঁ, কিতাপ পঢ়ে৷ এতিয়া কাৰো হাতত কিতাপৰ ক-টোও দেখা নাই৷ কেওফালে ম’বাইল টিপাটিপি৷ আগতে ব’ৰ হয়৷ এতিয়া মুঠেই নহয়৷ কথাটো ভাবি চালোঁ৷ গে’ম খেলাই গে’ম খেলিছে৷ ফটো চোৱাই ফটো চাইছে৷ গান শুনাই গান শুনিছে৷ চিনেমা চোৱাই চিনেমা চাইছে৷ মাজে মাজে ফোন আহিছে৷ ফোন ধৰিছে, ফোন কৰিছে৷ নেট খুলিছে৷ ট্ৰেইন আগলৈ গৈ আছে৷ বুঢ়া আৰু তৰ্জনী আঙুলিক লৈ সকলো ব্যস্ত৷ কাকো ক’তো বাৰ্থত ঢলি পৰা দেখা নাই৷ সহযাত্ৰীৰ সৈতে লেক্‌চাৰ মাৰি কাকো দিগদাৰিও দি থকা নাই৷ ‘ব’ৰ লাগিছে’ বুলি অত্ৰাহি থকাও কাৰো মুখৰ পৰা ভাহি অহা নুশুনিলোঁ৷ নাই এটাও হামি-হিকটি৷ এটা যন্ত্ৰই ব’ৰ বোলা শব্দটোকে নোহোৱা কৰি পেলালে মানুহৰ মন-মগজুৰ পৰা৷ চাৰে তিনিঘণ্টীয়া যাত্ৰাৰ সময়খিনি পৰিৱেশটোলৈ লক্ষ্য কৰি তাকে ভাবি ৰ’লোঁ মনে মনে৷

ব’ৰদমৰ পৰা মুক্তি লাভৰ উপায় ওলাই গৈছে৷ এই লাভ উঠাবলৈ হ’লে ভাল চাই আহল-বহল ম’বাইল হেণ্ডছেট একোটা হাতত থকাটো বৰ দৰকাৰী কথাই হৈ পৰিছে দেখোন! এলাগী হৈ পৰি থকা ৰে'ল আলোচনীৰ পাত লুটিয়াই থাকি মই মূৰ্খই এই কথাটো সেইদিনাহে আচলতে গমি পালোঁ৷ ইতিমধ্যে সাতোটা কী সুলকি কাহানিবাই ক’ৰবাত পৰি যোৱা, ৰবৰ বেণ্ডেৰে পেছাই আগফাল-পিছফালৰ ক’ভাৰ দুখন সৰি পৰিব নোৱাৰাকৈ জব্দ কৰি ৰখা মোৰ পুৰণি হেণ্ডছেটটোৱে ব’ৰদমৰ পৰা মুক্তি দিব মুঠেও নোৱাৰে৷ সেই বোধোদয় হ’ল সিদিনাখনহে, উজনিমুৱা ৰাজধানী এক্সপ্ৰেছত৷

No comments:

Post a Comment