Sunday, 1 June 2014

জীৱনৰ ডুখৰীয়া ছবি...
(গল্প নহয়, সত্য)

পুৱা এবাৰ আৰু দুপৰীয়া এবাৰ, দিনটোত দুবাৰকৈ প্ৰজেক্টটোৰ সন্মুখলৈ যাব লগা হয়৷ উগ্ৰপন্থীৰ হুমকিত মাজতে ভালেমান দিন ধৰি স্থবিৰ হৈ থকাৰ পিছত সম্প্ৰতি ৰাতিয়ে-দিনে দ্ৰুতগতিত কাম চলি আছে ইয়াৰ কনষ্ট্ৰাকচন চাইটত৷ এখন মেডিকেল কলেজ তথা ৰিচাৰ্চ ইনষ্টিটিউটৰ নিৰ্মাণস্থল এয়া৷

মোৰ গন্তব্যস্থানৰ সন্মুখেৰে যোৱা সৰু পকী পথটোৰ দাঁতিত গাঁথি থকা বাউণ্ডেৰী ৱালখন দিনক-দিনে ওখ হৈ আহিছে৷ নাতিদূৰত পাহাৰৰ বক্ষত কেইবাখনো এক্সকেভেটৰৰ সহায়ত আৰ্থ কাটিঙৰ কাম চলিছে৷ সমতলৰ খলা-বমাবোৰ ফিলিং হৈ আছে শাৰী শাৰীকৈ ডাম্পাৰে কঢ়িয়াই অনা মাটিৰে৷ ৰোলিঙৰ পিছত সমান হৈ পৰা ঠাইত শিল-বালিয়ে দ’ম বান্ধিছে৷ পোনে পোনে চকুৱে দেখা দূৰত্বলৈকে একেলগে চলিছে শাৰী শাৰীকৈ পাইল ফাউণ্ডেচনৰ কাম৷ কেইবাটাও মিক্সাৰ মেচিনৰ ঘৰ্ঘৰণিৰ শব্দ একেলগে ভাহি আহিছে৷ পানীৰ পাম্পে অহৰহ পানী টানিছে৷ কাষ্টিঙৰ কামত ভাইব্ৰেটৰ চলিছে৷ বনুৱাবোৰ পূৰ্ণোদ্যমে লাগি গৈছে৷ অদূৰত সিহঁতৰ অস্থায়ী বেৰৰেক, অফিচ, মাল-গুদাম আদি৷ সময়ৰ লগত তাল মিলাই নিতৌ কাম-কাজ আগুৱাই আছে৷ ওচৰে-পাজৰে দোকান-পোহাৰৰ সংখ্যা ক্রমায়ে বেছি হ’ব ধৰিছে৷ ব্যস্ততা বৃদ্ধি হোৱাৰ ফলতে কিবা যেন এক নতুন প্ৰাণ সঞ্চাৰিত হৈছে ঠাইখিনিলৈ৷ সকলো মিলি বাসিন্দাসকলৰ মুখবোৰ হাঁহিৰে জীপাল হৈ উঠা দেখা গৈছে৷

পৰিৱেশটোৱে মনটো উৰুৱাই লৈ গ’ল পাৰ হৈ অহা জীৱনটোৰ এটা অধ্যায়লৈ৷ চন ১৯৯৫৷ স্থান নুমলীগড় শোধনাগাৰৰ নিৰ্মাণস্থলী৷ ১৯৮৫চনত সম্পাদিত অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ কৰিবলৈ লোৱা হৈছিল খাৰুৱা তেলৰ এই শোধন কাৰখানা, অত্যাধুনিক প্ৰযুক্তিৰে৷

উভতি চাই দেখিছোঁ, কুৰি বছৰেই হয়হি এতিয়া৷ আৰ্থ ৱৰ্ক সমাপ্ত হোৱাৰ অন্তত এদিন পদাৰ্পণ কৰিছিলোঁ উক্ত নিৰ্মাণস্থলত৷ বৰষুণ বেছিকৈ হোৱা অঞ্চলটোত আলতীয়া মাটিয়ে তোলা বোকা খচকি উপস্থিত হৈছিলোঁ প্ৰস্তাৱিত ডি.চি.ইউ. এলেকাটোৰ চাৰিসীমা চমজি লওঁ বুলি৷ বোকাৰ ভৰত জোতা গধুৰ হৈ পৰিছিল৷ কোনোবা মুহূৰ্তত অভিযাত্ৰী যেনেই লাগি গৈছিল নিজকে৷ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা ৰিফাইনেৰীৰ অস্থায়ী অফিচ ঘৰটোৰ বাহিৰে চকুত পৰাত একোৱেই নাছিল তেতিয়া৷ দুই-এটা কোম্পানীয়ে আমাৰ দৰে নিজৰ নিজৰ প্ৰজেক্ট চাইট চাবলৈ আহিছে৷ পৰিৱেশ দেখি মনতে এটা উৎসাহ জাগিছিল যে কিবা এটা কৰাৰ সুযোগ পাইছোঁ৷ শূন্যৰ পৰাই আৰম্ভ কৰিব লাগিব এই যাত্ৰা৷ শিক্ষানুষ্ঠানত আহৰণ কৰা অভিযান্ত্ৰিক শিক্ষণৰ জ্ঞানকণক কামত খটুৱাৰ, প্ৰেক্টিকেলৰ কষটি শিলত নিজকে পৰীক্ষা কৰাৰ সময় এয়া৷ থিয়ৰীৰ পৰা প্ৰেক্টিকেললৈ যেন এক নতুন পৰিক্রমা৷

ৰিফাইনেৰীৰ বাউণ্ডেৰী ৱালৰ সিপাৰে বিষ্ণুপুৰ৷ সেই অঞ্চলতে আমাৰ বাবে খেৰ-বাঁহৰ অস্থায়ী কেম্প সাজি থকা হৈছিল৷ তাৰেই এমূৰীয়া কোঠা এটাত জুন মাহৰ মধ্যভাগৰ কোনোবা এদিন কেম্পখাটখন পাৰি নিজৰ বে’ডিং মেলি দিলোঁ৷ বিদ্যুৎ সংযোগ নাছিল৷ লালটেন আৰু মেন্থল লাইটৰ পোহৰেই আছিল সাৰথি৷ জোনাকী পৰুৱাৰ জিলমিলনি, ভেকুলীৰ টোৰটোৰণি, জিলীৰ ঝিঁঝিঁয়নী আদিবোৰ আছিল নিত্যসহচৰ৷ ৰিফাইনেৰীৰ ভিতৰত বাঁহ-খেৰেৰে চাইট অফিচ সজাৰ কামো একে সময়তেই আৰম্ভ হ’ল৷ ৱৰ্ক ফ্ৰণ্ট চিনি-বুজি অন্যান্য দলবোৰেও যথাসময়ত কামত ধৰিলেহি৷ ওচৰা-ওচৰিকৈ কেম্পবোৰো গঢ় লৈ উঠিল৷ লাহে লাহে আগতে কাহানিও নোপোৱা সম্পূৰ্ণ বেলেগ ধৰণৰ পৃথিৱী এখনলৈ অগ্ৰসৰ হ’লোঁ৷

ৰ’দ-বতাহ-বৰষুণৰ সৈতে নিৰন্তৰ মোকাবিলাৰ মাজেৰে আমাৰ দৈনন্দিন আগুৱাই গৈ থাকিল৷ স্থানীয় গঞা, স্থায়ী-অস্থায়ী বনুৱা, অসমীয়া-অনাঅসমীয়া কাৰ্যবাহীকে ধৰি বিভিন্নজন ব্যক্তিৰ সান্নিধ্য লাভ কৰিলোঁ৷ অঞ্চলটোত প্ৰায়ে দেখা দিয়া বনৰীয়া হাতীজাকৰো মুখামুখি হোৱাৰ সৌভাগ্য (!) হ’ল৷ তেনেকৈয়ে তেজ, ঘাম, শ্ৰম আৰু টেকনল’জীৰ সমন্বয়ত লাহে লাহে এদিন মূৰ দাঙি উঠিল ডিলেইড ক’কাৰ ইউনিট৷

দিনবোৰে এতিয়া মনৰ পৰ্দাত পুনৰবাৰ ভুমুকিয়াই উঠিছে, সন্মুখত চলি থকা এই মেডিকেল কলেজ প্ৰজেক্টৰ কাম-কাজবোৰ দেখি৷ ইয়াতোযে আজি শত-সহস্ৰজন লোকৰ শ্ৰম-ঘাম-ৰক্তৰ সমাহাৰ ঘটিছে৷ কাৰ্যক্ষম হোৱাৰ পিছত চাগৈ এইসকলৰ কোনোজনেই ইয়াত স্থায়ীভাৱে নাথাকিব, স্বগৃহাভিমুখে প্ৰত্যাৱৰ্তন ঘটিব তেওঁলোকৰ, যিদৰে নুমলীগড় তৈল শোধনাগাৰৰ ক্ষেত্ৰত মোৰ ঘটিছে৷ আৰু কেতিয়াবাকৈ কিবা কাৰণত আহিলেও তেওঁ নিশ্চয়কৈ উৎফুল্লিত কণ্ঠে ক’ব... সৌখিনিত, পাহাৰৰ কাষত আমি অমুকটো সাজিছিলোঁ…, যিদৰে আজিও কেতিয়াবা কিবা কাৰণত এন.আৰ.এল.ৰ আগেৰে পাৰ হৈ যাব লগা হ’লে সহযাত্ৰীক সেইফালে আঙুলিয়াই দেখুৱাই এবাৰলৈ হ’লেও মই উৎসাহেৰে এইষাৰ কওঁৱেই... সৌযে দেখিছা ... সেই ইউনিটটো আমি সাজিছিলোঁ…৷

জীৱন তেনেকুৱাই৷ কোনোবাই কষ্টেৰে জন্ম দিয়ে, কোনোবাই প্ৰতিপালন কৰে৷ সত্য সেইটোৱেই৷


(ৰচনা : জানুৱাৰী ২০১৪)

No comments:

Post a Comment