Wednesday, 15 November 2017

দিন চাৰি  ৷৷ খণ্ড ১৪


চলন্ত গাড়ীৰ ভিতৰত আমাৰ কথা-বতৰা তুংগত উঠিছে৷ আজিৰ তাৰিখত যুদ্ধ-বিগ্ৰহেৰে চীন দেশে অৰুণাচলৰ মেন্‌-চু-খা, মণিগং, কিবিথু, টাৱাং দখল কৰিব পাৰিবনে নোৱাৰে সেইটো খাটাংকৈ কোৱা নাযায়৷ 'কাগজত যিয়ে হৈ নাথাকক প্ৰেক্টিকেলি ভাৰত আৰু চীনৰ মাজত পূৰ্বৰ দৰে যুদ্ধ কেতিয়াও নহয়' বুলি ৰাজীৱে তাকচিং যাত্ৰাকালতে শুনাই থোৱা বিশ্লেষণ মোৰ মনত আছে৷ সাংবাদিকতাৰ সৈতে জড়িত ৰাজীৱ বিস্তৰ অধ্যয়নেৰে সমৃদ্ধ আৰু কিতাপ লেখা মানুহ৷ আগচিটত থকা দীপকদাই আকৌ চীনখন ইতিপূৰ্বে নিজেই ভ্ৰমি থৈছে৷ সিফালৰ খিৰিকীৰ কাষত বহি যোৱা প্ৰদীপদাই মাজে-মধ্যে গম্ভীৰ মন্তব্য দি গৈছে৷ চালকৰ আসনৰ পৰা অৰূপদায়ো আগলৈ-কাষলৈ সাৱধানী দৃষ্টি বুলাই সুযোগ বুজি নিজৰ ক'বলগীয়া কৈছে৷ এওঁলোকৰ সক্ৰিয় আৰু তথ্যভিত্তিক অংশ গ্ৰহণত আড্ডা পকি উঠিছে৷ কাণ থিয় কৰি শ্ৰোতাৰ স্থানত আছোঁ মই৷ পিছফালে দেম্‌ডাপ আৰু পুলিন, নিজৰ ভাবত নিমগ্ন৷

ভাৰতবৰ্ষৰ পূজা, দেৱালী, ফাকুৱা আদিকে ধৰি উৎসৱ-অনুষ্ঠানৰ সৈতে জড়িত সামগ্ৰীৰ বিশালাকাৰ বজাৰখন চীনে ইতিমধ্যে বাৰুকৈয়ে দখল কৰি ল’লেই! চীনা বস্তু বৰ্জনৰ শ্ল’গান সময়ে সময়ে আমি দি আহিছোঁ৷ ঘৰুৱা তালিকাখনলৈ চালেও দৈনন্দিনৰ এটা নহয় এটা সামগ্ৰীৰ দেহৰ কোনোবা নহয় কোনোবা অংগ-প্ৰত্যংগত ‘মেড্‌ ইন্‌ চাইনা’ মোহৰটো লাগি থাকেইচোন! সেই সামগ্ৰী নহ'লেই নচলে আমাৰ৷ মে'ক ইন ইণ্ডিয়াৰ জোকাৰণিয়ে তল পেলাব পৰা নাই সিবোৰৰ আগ্ৰাসন কিম্বা গ্ৰহণযোগ্যতা৷ ততোধিক কি, সৰ্বদিশতে অত্যাধুনিক প্ৰযুক্তিক আগস্থান দি অতিসম্প্ৰতি চীন দেশত শ্ৰমৰ গৰাকী হ’বলৈ ওলাইছে সঠিক ডিজাইন আৰু নিখুঁত প্ৰগ্ৰেমিংযুক্ত কাৰ্যদক্ষ ৰ’বট৷ ইমানেই আগ বাঢ়ি গ'ল চীন দেশ! এইফালে সীমা সমস্যা, অভ্যন্তৰীণ কন্দল, জাত-পাততে এতিয়াও ডুবি আছোঁ আমি! গণ্ডাই গণ্ডাই ইঞ্জিনিয়াৰ আছে, বিষয়া আছে, নেতা আছে, ৰাস্তাটোকেই দেখােন নহয়হে নহয়৷ তীৰ্যক বক্তব্যৰে ক্ষোভ উজাৰিলে দুজনমানে৷

ভগ্নপ্ৰায় বাটেদি এনেকৈয়ে ৭জনীয়া দলটো হালি-জালি নামি আহি থাকোঁতেই গুৰুদ্বাৰৰ গে’টখনে সন্মুখত ধৰা দিলে৷ ২ বাজি ৩৫ মিনিট গৈছে৷ পথৰ সোঁ দাঁতিত গাড়ীখন ৰখোৱা হ’ল৷ নামিলোঁ আটায়ে৷ বাঁওহাতে প্ৰৱেশস্থলত নানকৰ ছবিৰে সৈতে গুৰু-পৰবৰ সুদৃশ্য বেনাৰ এখন৷ নানকৰ জন্মজয়ন্তী ইয়াত ধুমধামেৰে পালন কৰা হয়৷ গুৰুদ্বাৰলৈ গুট্‌খা, চাধা, চিগাৰেট আৰু মদ নিয়া নিষেধ৷ কাষতে থিয় হৈ থকা অন্য ফলক এখনে সাৱধান-বাণীষাৰ শুনাই আছে৷ তেনেবোৰ ঝামেলা আমাৰ অৱশ্যে নাই৷ গতিকে উৎসুকতাপূৰ্বক উদ্দেশ্য আগত ৰাখি মই ক’লোঁ… ‘ব’লক সোমাই যাওঁ, ভাগ্যত কি মিলে দেখা যাওক৷’

বাৰম্বাৰ লগ ধৰিলোঁ যদিও ৰাজীৱ মান্তি নহ’ল৷ 'মই গাড়ীতে শুই-বহি থাকিম, আপোনালোক যাওকচোন' বুলি আমাক যাবলৈ ক’লে৷ খুব ভাগৰ লাগিছে তেওঁৰ৷ ভোকেও লেবেজান কৰি আনিছে নিশ্চয়৷ অথনি পুৰণি গোম্পা Samden Yanchaলৈ উঠোঁতে যথেষ্ট কষ্ট হৈছে ৰাজীৱৰ৷ ৰৈ ৰৈ একেবাৰে শেষত, আমাতকৈ বহুবেলিৰ পাছতহে শিখৰ ওলাইছিলগৈ৷ এতিয়াও সন্দেহ হৈছে তেওঁৰ, আকৌ কিমানবা উঠা-নমা কৰিব লাগিব! ৰাজীৱ নিজৰ সিদ্ধান্তত অটল হৈ ৰ'ল৷ উপায় নাই৷ মন নগ'লেও তেওঁক তাতে এৰি থৈ বাকীসৱে খোজ ল’লোঁ৷ গাড়ীৰ পৰা নামি যাতে অকলে কেনিও নাযায় তাৰ বাবে সকীয়াই দিলে দীপকদাই৷

সোমাওঁতেই Happy Gurupurab বুলি লিখা শব্দযুগলৰ ওপৰত গুৰু নানকৰ অৰ্থৱহ ছবিখন বেনাৰত দেখাৰ লগে লগে এঠাইত পঢ়া তাৎপৰ্যপূৰ্ণ কাহিনী এটা মোৰ মনত পৰিল৷ এবাৰ নানকে ব্যৱসায়ী বন্ধু এজনৰ স্বাৰ্থকেন্দ্ৰিক কামৰ প্ৰতি অত্যধিক আসক্তি দেখা পাই তেওঁক ক’লে… ‘আমাৰ দুয়োৰে বয়স হৈ আহিছে৷ তুমি এই বেজীটো ৰাখি থোৱাচোন৷ পৰলোকত মোৰ দৰকাৰ হ’ব৷ মৃত্যুৰ পাছত মোক ঘূৰাই দিবা৷’ বন্ধুৱে বহুপৰ চিন্তা কৰিলে৷ কাৰণ নানক এজন সিদ্ধ-পুৰুষ৷ তেওঁৰ কথাৰ যথাৰ্থতা আছে৷ মনে মনে আকৌ ভয়ো খালে, সঁচাকৈয়ে তেওঁলোক দুয়োৰে মৃত্যুৰ দিন চমু চাপিছে নেকি! তাৰ পাছত সেপ ঢুকি কোনোমতে ক’লে… ‘ক্ষমা কৰিবা৷ মই এইটো ৰাখিব নোৱাৰোঁ৷’ নানকে সুধিলে… ‘কিয়?’ বন্ধুৱে উত্তৰ দিলে… ‘তুমিতো জানাই, মৃত্যুত আমি দেখোন একোৱেই নিব নোৱাৰোঁ৷’ নানকে তেতিয়া বন্ধুৰ চকুলৈ চাই ক’লে… ‘আৰে, যদি তুমি জানাই যে পৰলোকত বেজী এটাও নিব নোৱাৰি, তেন্তে ইমান সম্পত্তিনো তোমাক কেলেই? তাতোকৈ আৰ্ত লোকক সহায় নকৰা কিয়?’

জীৱনযে শূন্য-জমাৰ খেল, বাহ্যিক সাফল্যযে জীৱনৰ প্ৰকৃত সম্পত্তি নহয়, নানকে তাকেই বন্ধুজনক সুন্দৰকৈ বুজাই দিলে৷ বুজাই দিলে যে জ্ঞান আৰু উপলব্ধিৰ পৰা অহা আন্তৰিক সাফল্যহে মানুহৰ আচল সম্পত্তি, জীৱনৰ সূচক৷ এনেবোৰ মহানুভৱ শিকনিৰ বাবেই গুৰু নানকজী কেৱল শিখসকলৰে নহয়, সমস্ত জগতৰে গুৰু আছিল বুলি কোৱা হয়৷

প্ৰৱল অনুসন্ধিৎসা বুকুত বান্ধি চিৰিৰে আমি নামি গ’লোঁ৷ তাৰ পাছৰখিনি ঘাঁহনিৰ মাজেৰে টিনৰ প্লেট্‌ পাৰি সৃষ্টি কৰা উৰণীয়া ফুটপাথেৰে৷ গে’টখন খোলাই আছিল৷ আগ বাঢ়ি গৈ থাকোঁতেই দেখা গ’ল ভাৰতীয় সেনাবাহিনীৰ লোকৰ উপস্থিতি৷ তললৈ পৰিষ্কাৰ চৌহদ এটা৷ ইফালে-সিফালে ৰঙচুৱা ফুল কিছুমান ফুলি জক্‌মকাই আছে৷ পাহাৰীয়া নৈ দুখনৰ সংগমস্থলত ঠাইটুকুৰা৷ শিলাময় নৈ দুখন দুফালে সশব্দে বৈ আছে৷ এখন পেমাচিবু, আনখন য়াৰগ্যাপ চু৷ সন্মুখত পোৱা ধেনুভিৰীয়া খট্‌খটিটোৰে নামি গৈ আছোঁ৷ বাঁওহাতে জোতাঘৰ এটা৷ নিয়মমাফিক জোতা-মোজা খুলি নিৰ্দিষ্ট জেগাত শৃংখলাবদ্ধভাৱে থোৱা হ’ল৷ চোতালখন ঠায়ে ঠায়ে পকী৷ সোঁফালে এটা আৰাম-গৃহ৷ বহিবৰ বাবে চকী-টেবুলেৰে সুন্দৰ ব্যৱস্থাপনা৷ এছ. জছবিন্দৰ সিং আটৱালৰ সোঁৱৰণত ২০১৬ চনত প্ৰসাধনথলীও সাজি দিয়া হৈছে৷ আজি পুৱাৰে পৰাই আমি অ'লৈ-ত'লৈ ঘূৰি ফুৰিছোঁ৷ এজন এজনকৈ বেছিনত হাত-মুখ ধুই পৰিষ্কাৰ আৰু সতেজ হৈ ল’লোঁ৷ তাৰ পাছত সন্মুখতে টাইলচেৰে ধুনীয়াকৈ সাজি থোৱা স্থানত দুভৰিও তিয়ালোঁ৷ পানীৰ স্পৰ্শটোৱে সতেজতা কেইবাগুণে বঢ়ালে৷ তাৰ পাছত ৰঙা কাৰ্পেটেৰে অনুসন্ধিৎসু মনেৰে খোজ দিলোঁ গুৰুদ্বাৰ চাহিবত প্ৰৱেশৰ বাবে৷

১৯৮৭ চনৰ ১২ ফেব্ৰুৱাৰীত মেজৰ হিচাপে কৰ্মৰত দলবিন্দৰ সিং গ্ৰেৱাল আৰু ২৩৭ ইঞ্জিনিয়াৰ ৰেজিমেণ্টৰ দ্বাৰা এই গুৰুদ্বাৰটোৰ আধাৰশিলা প্ৰতিষ্ঠা কৰা হৈছিল৷ উক্ত বছৰৰে মাৰ্চ মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়৷ ২৩৭ ইঞ্জিনিয়াৰ ৰেজিমেণ্ট (৪৬২ আৰু ৪২০ কোম্পানী), ১১৭ ইঞ্জিনিয়াৰ ৰেজিমেণ্ট (৫৯৬ আৰু ৪৪৮ কোম্পানী), ১১ শিখ লাইট্‌ ইন্‌ফেণ্টৰি (ডি., চি. আৰু এ’. কোম্পানী)য়ে পূৰ্বতে ইয়াত সেৱা আগ বঢ়াই গৈছে৷ ২০১০ চনৰ আগষ্ট মাহত শিখ লাইট্‌ ইন্‌ফেণ্টৰিৰ প্ৰথম বেটেলিয়ানৰ কামাণ্ডিং অফিছাৰ কৰ্নেল কিৰিট নায়াৰ, চুবেদাৰ মেজৰ হীৰা সিং প্ৰমুখ্যে সৈনিকসকলে গুৰুদ্বাৰথলীৰ দৃষ্টিনন্দন উন্নয়ন সাধে৷


দিন চাৰি  ৷৷ খণ্ড ১৩


মেক্‌মোহন লাইনৰ এইপাৰে ভাৰত, সিপাৰে চীন অধ্যুষিত তিব্বত৷ অন্তহীন অভিযোগ সদায়ে আছে যে শান্তিকামী তিব্বতীক অন্যায় অত্যাচাৰ, উৎপীড়ন কৰি তিব্বত দখল কৰি আছে চীনে৷ সীমা সমস্যাক লৈ চীন আৰু ভাৰতৰ পাৰস্পৰিক ভেঙুচালি আৰু খকাখুন্দাও লাগিয়েই থাকে৷ এয়া কোনো নতুন কথা নহয়৷ চীনা সংবাদ মাধ্যমেও ভাৰতক মাজে-মধ্যে সকীয়নি দিয়েই থাকে, ‘দুষ্ট শিশু’ৰ দৰে আচৰণ কৰাটো বন্ধ কৰিবলৈ৷ উল্লেখ্য যে তিব্বতৰ ধৰ্মীয় গুৰু দালাই লামাক ‘হাত কৰা’ৰ জৰিয়তে ভাৰতে চীনক কাবু কৰিব বিচৰাৰ কূটকৌশল লোৱা বুলি ভাৰতৰ ওপৰত চীনযে সৰ্বদা নাৰাজ হৈ থাকে এই বিষয়ে সংবাদ মাধ্যমত শেহতীয়াকৈও মুকলিভাৱে প্ৰকাশ পাইছে৷

চীনা মহলৰ মতে টাৱাঙকে ধৰি অৰুণাচল প্ৰদেশৰ এটা বৃহৎ অংশ প্ৰকৃততে চীনৰহে অংগ৷ সেয়া দক্ষিণ তিব্বত৷ বেইজিংস্থিত চাইনা তিব্বেত’লজী ৰিচাৰ্ছ চেণ্টাৰৰ কন্‌টেম্‌প’ৰেৰী ৰিচাৰ্ছৰ সঞ্চালক লিয়ান জিয়াংমিনৰ ভাষ্যত প্ৰকাশ যে টাৱাং তিব্বতৰ অংগ৷ তিব্বত চীনৰ অংগ৷ সেয়েহে টাৱাং চীনৰ অংগ৷ ৰঙা চীনে তিব্বত বলপূৰ্বক দখল কৰি লোৱাৰ সময়তে অৰুণাচল, অসম হৈ তিব্বতৰ পৰা পলায়ন কৰা তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাই ভাৰতত ৰাজনৈতিক আশ্ৰয় লভিছিল৷ চীনৰ শত্ৰু বুলি বিবেচিত, দীৰ্ঘদিন ধৰি নিৰ্বাসিত তিব্বতীয় ধৰ্মগুৰুজনে তিব্বতৰ চৰকাৰ পৰিচালনা কৰিছিল৷ তিব্বত ত্যাগ কৰি ভাৰতত নিৰ্বাসিত জীৱন কটোৱা দালাই লামাই তেওঁৰ দীৰ্ঘ ৰাজনৈতিক আৰু ধৰ্মীয় জীৱনত অসংখ্যবাৰ চীনৰ ভাবুকি হজম কৰিবলগীয়া হৈছে৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সময়ে সময়ে এয়া সৰৱ চৰ্চাৰ বিষয়ো হৈ আহিছে৷ নিজৰ ৮১ বছৰীয়া জীৱন কালত ১৯৫৮ চনৰ মাৰ্চ মাহৰ পৰা সুদীৰ্ঘ ৫৮ বছৰ ধৰি শান্তিৰ নোবেল বঁটাপ্ৰাপকজন ভাৰতৰ অতিথি হিচাপে আছে৷ ইমান সৰহ সময় ভাৰতৰ অতিথি হৈ থকা সম্ভৱতঃ একমাত্ৰ মানুহ তেৱেঁই৷

চীনে চীনা অধ্যুষিত তিব্বতৰ গ্যিৰঙৰ পৰা নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈ ৮৭০ কিল’মিটাৰ দূৰত্বৰ পথেৰে ট্ৰাকযোগে মালবস্তু পৰিৱহণ আৰম্ভ কৰিছে৷ পৰৱৰ্তী সময়ত ৰে’লপথ স্থাপনতো আগ্ৰহ প্ৰকাশ কৰিছে৷ আনফালে, অৰুণাচল প্ৰদেশত ভাৰতে পথ নিৰ্মাণ কৰাকলৈ চীন দেশে ভাৰতক শুনাই থৈছে সাৱধান-বাণী৷ যুদ্ধকৌশলজনিত প্ৰয়োজনতে ভাৰতে ভাৰত-চীন সীমান্তলৈ ৭৩টা পথ সাজিবলৈ সিদ্ধান্ত লৈছিল৷ তাৰে মুঠ ৩,৪১৭.৫০ কিল’মিটাৰজোৰা ৬১টা পথ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে ব’ৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্বন, চমুকৈ বি.আৰ.অ’.ক৷ বি.আৰ.অ’. আৰু জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰিং ফ’ৰ্চ, চমুকৈ জি.আৰ.ই.এফ. হৈছে সীমান্তৰ পথ নিৰ্মাণকাৰী সংস্থা৷ আনহাতে উক্ত ৬১টাৰ ভিতৰত ২৭টা পথেই আছে অৰুণাচল প্ৰদেশত, যাৰ দৈৰ্ঘ ১,৭৯১.৯৬ কিল’মিটাৰ৷ তাৰে ২২টা পথৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে৷ ভাৰত চৰকাৰৰ সুৰক্ষা ৰাজ্য-মন্ত্ৰীৰ তথ্যত এই কথা প্ৰকাশ৷

ইণ্ডো-তিব্বত আন্তৰ্জাতিক সীমান্তৰ পৰা মেন্‌-চু-খালৈ দূৰত্ব ২৯ কিল’মিটাৰ বুলি ধৰা হয়৷ মেন্‌-চু-খাৰ পৰা য়াৰ্‌লুং প’ষ্টলৈ ২৫ কিল’মিটাৰ৷ বুৰঞ্জীয়ে কয়, মেন্‌-চু-খা উপত্যকাত পোনপ্ৰথমে পদাৰ্পণ কৰিছিল তাগিন মানুহে৷ ইতিহাসে আৰু কয় যে মেন্‌-চু-খা, মণিগং আৰু অন্যান্য সীমান্তৱৰ্তী এলেকাৰ অধিবাসীসকলে এসময়ত ল’লা আৰু ডুম্‌লা গিৰিপথেদি তিব্বতৰ লগত বেহা-বেপাৰ চলাইছিল৷ ভাৰত চৰকাৰ ক্ষমতালৈ অহাৰ পূৰ্বে গাল’, মিন্যং আদি জনজাতীয়সকলে বৰিসকলৰ যোগেদি তিব্বতৰ লগত বাণিজ্যিক সম্বন্ধ বজাই ৰাখিছিল৷ জন্তুৰ ছাল, শিং আদি দি সিপাৰৰ পৰা নিমখ, অষ্টধাতুৰ বাচন-বৰ্তন, দা-তৰোৱাল আদি অনাইছিল৷ আদি জনজাতিৰ লোকসকলে পূজা-পাৰ্বণত ব্যৱহাৰ কৰা দেওঘণ্টিও তিব্বতৰ পৰাই অনাইছিল৷ চীন-ভাৰত যুদ্ধৰ আগলৈকে এনে বেপাৰ চলি আছিল যদিও যুদ্ধৰ পাছতে এই দুয়োটা গিৰিপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ল৷

চীনা সৈন্যই ভাৰত আক্রমণ কৰাৰ প্ৰধান কাৰণ আছিল বিশালসংখ্যক অনুগামীসহ তিব্বতী ধৰ্মগুৰু দালাই লামাৰ ভাৰতবৰ্ষলৈ পলায়নৰ সময়ত টাৱাঙত প্ৰৱেশ কৰোঁতে ভাৰত ৰাষ্ট্ৰই প্ৰদৰ্শন কৰা আতিথ্য আৰু আশ্ৰয় প্ৰদান৷ ১৯৫৫ চনত বাণ্ডুঙত চীন আৰু ভাৰতৰ প্ৰধান মন্ত্ৰীদ্বয়ৰ মাজত পঞ্চশীল শান্তি চুক্তি স্বাক্ষৰিত হৈছিল৷ সেই চুক্তিৰ এটা দফা আছিল যে ইখন দেশে সিখন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব৷ দালাই লামাক আশ্ৰয় প্ৰদান কৰি ভাৰতে সেই চুক্তি উলংঘা কৰিছে বুলি চীনে দোষাৰোপ কৰি ভাৰতক এসেকা দিবৰ বাবে সাজু হৈছিল৷ সেই উদ্দেশ্যে বিবদমান মেক্‌মোহন সীমাৰেখাৰ সিপাৰে তেওঁলোকে সমৰসজ্জা আৰম্ভ কৰিলে৷ ঠায়ে ঠায়ে বিমানঘাটি নিৰ্মাণ কৰিলে৷ ৰাস্তা-পদূলি তৈয়াৰ কৰি যুদ্ধৰ বাবে প্ৰস্তুত হ’ল৷ সীমান্ত অঞ্চলৰ জনসাধাৰণৰ মন জয় কৰিবলৈ ঠায়ে ঠায়ে সুলভ মূল্যৰ দোকান (ব’ৰ্ডাৰ চি.পি.অ’.) খুলি তাত আৱশ্যকীয় সামগ্ৰীৰ যোগান সহজলভ্য কৰি দিলে৷ কিছুমান নেতৃস্থানীয় ভাৰতীয় নাগৰিকক চীনত বন্দুক কিনিবলৈ লাইছেন্স প্ৰদানেৰেও সুবিধা কৰি দিলে৷ শিক্ষাদানৰ অচিলা লৈ বছা বছা যুৱক কিছুমানক পিকিঙলৈ (এতিয়া বেইজিং) নি তাত মাওবাদৰ শিক্ষা দিয়াৰ প্ৰবন্ধ কৰিলে৷ চীনা সৈন্যই ভাৰত আক্রমণ কৰাৰ সময়ত এই যুৱকসকলৰে বহুজনকে চীনা সৈন্যৰ পথ প্ৰদৰ্শক আৰু দোভাষী হিচাপে আক্রমণকাৰী সৈন্যৰ লগত লৈ আহিল৷ আনহাতে এইটো মন কৰিবলগীয়া যে ভাৰতৰ ফালে থকা বহুতো জনবসতিপ্ৰধান অঞ্চলত প্ৰশাসন সোলোক-ঢোলোক আছিল৷

এনেকৈ সকলোফালে পৰিকল্পিতভাৱে সুসজ্জিত হোৱাৰ পাছত ১৯৬২ চনৰ ১২ ছেপ্টেম্বৰত চীনা সৈনিক ভাৰতত প্ৰৱেশ কৰিলে৷ সোৱণশিৰি জিলাৰ লংজু পহৰা চকীৰ পৰা অসতৰ্ক অৱস্থাত থকা পহৰাদাৰী অসম ৰাইফল্‌ছৰ চিপাহী কেইজনমানক চীনা সৈন্যই ধৰি নিলে৷ অসাৱধান ভাৰতীয় জোৱানক হেলাৰঙে পৰাস্ত কৰি বিদেশী সোমাই আহিল৷ টাৱাং, ব’মডিলাৰ ফালে জাউৰিয়ে জাউৰিয়ে অবিৰাম গুলী বৰ্ষণ হ’ল৷ ৰেডিঅ’ত ভাহি আহিল ভাৰতীয় সেনাৰ পশ্চাদপহৰণ আৰু চীনা বাহিনীৰ অগ্ৰগতিৰ খবৰ৷ চীনে টাৱাং, ব’মডিলা, কিবিথু, ৱালং আক্রমণ কৰি অসমৰ ফালে দ্ৰুতগতিৰে আগ বাঢ়ি অহাৰ বাতৰি প্ৰকাশ পালে৷ তেজপুৰলৈ ৫০ কিল'মিটাৰ ৰ'ল৷ পূৱে নেফাৰ চাংৱিনটি পালেহি৷ ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসম তথা উত্তৰ-পূব ভাৰতবাসীলৈ শুনালে বিদায় বাণী৷ ৭ ডিচেম্বৰত চীনে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰি ঘূৰি যোৱাৰ পাছত যুদ্ধবন্দীসকলকো প্ৰত্যাৰ্পণ কৰা হৈছিল৷

৬২ৰ যুদ্ধত অংশ গ্ৰহণ কৰা ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত লেফ্‌টেনেণ্ট জেনেৰেল প্ৰাণ পাহুৱাৰ মতে চীনৰ হাতত ভাৰতে পৰাজয় বৰণ কৰাৰ কাৰণ আছিল প্ৰধানকৈ ভাৰতীয় নেতাৰ ৰাজনৈতিক অপৰিপক্কতা, সৈন্যবাহিনীৰ ব্যৱহাৰিক জ্ঞানৰ অভাৱ আৰু অসতৰ্কতা৷ জৱাহৰলাল নেহৰুৰ দৰে কাকো নমনা এজন প্ৰধান মন্ত্ৰী আৰু কৃষ্ণ মেননৰ দৰে এজন দাম্ভিক প্ৰতিৰক্ষা মন্ত্ৰীক প্ৰকৃত তথ্য উপলব্ধি কৰোৱাব পৰা সেনাধিনায়ক এজনৰ সেই দিনত অভাৱ আছিল৷ সেয়েহে নিজৰ সৈন্যবাহিনীৰ দুৰ্বলতা আৰু অসতৰ্ক অৱস্থালৈ ভ্ৰূক্ষেপ নকৰি চীনৰ দৰে ৰণমত্ত শক্তি এটাক জোকাই লোৱাৰ দৰে অদূৰদৰ্শিতাৰ কাম সংঘটিত হ’বলৈ পাইছিল দেশৰ পূব মূৰত, ১৯৬২ চনত৷ মেন্‌-চু-খা, য়াৰ্‌লুং প'ষ্টে আমাক এই কথাবোৰ পুনৰবাৰ সোঁৱৰাই দিলে৷

এইটো সত্য যে চুবুৰীয়া বিদেশ ৰাষ্ট্ৰ চীন দেশৰ সৈতে ভাৰতৰ বৈৰিতা অদ্যাপি জীয়াই নথকা নহয়৷ সেয়ে হ’লেও শেহতীয়াকৈ গ্ৰীণপীচ্‌ ইণ্ডিয়াৰ প্ৰতিৱেদনত প্ৰকাশ পোৱা পৰিৱেশজনিত বিষয়টোহে সৰ্বত্ৰ চৰ্চিত হৈ পৰিছে৷ অতিসম্প্ৰতি চীনৰ ভাবুকি বা বৈৰী ভাবতকৈও ভাৰতবৰ্ষৰ বায়ুমণ্ডলৰ অৱস্থাটোৱেহে অধিক ভয়ংকৰ ৰূপত দেখা দিছে বুলি কথা ওলাইছে৷ ভাৰতৰ বায়ু আজি ইমানেই প্ৰদূষিত যে চীনৰ সম্ভাব্য আক্রমণৰ তুলনাত ইহে অধিক প্ৰাণনাশকাৰী বুলি চিহ্নিত হৈছে৷ ফলত অকালতে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে৷ আন্তঃৰাষ্ট্ৰীয় বায়ুমান নিৰীক্ষণ পদ্ধতিৰ প্ৰয়োগেৰে প্ৰদূষণ ৰোধৰ দিশত উচিত পদক্ষেপ ল’বলৈ আমাৰ দেশত এতিয়াও বাকী৷ সীমান্তৱৰ্তী মেন্‌-চু-খা অৱশ্যে ব্যতিক্রম আৰু এতিয়ালৈ প্ৰদূষণমুক্ত হৈ আছে৷ ইয়ালৈ আহি বিশুদ্ধ বায়ু সেৱন কৰিবলৈ পাইছোঁ আমি৷ নিৰ্মল পানী খাবলৈ পাইছোঁ৷ বিশুদ্ধ বায়ু, নিৰ্মল পানী৷ এইবোৰেই জীৱন-সঞ্জীৱনী৷ মেন্‌-চু-খা, নামেই যাৰ পৰিচয়, ইয়াত এই সঞ্জীৱনী পৰ্যাপ্ত ৰূপত আছে৷


দিন চাৰি  ৷৷ খণ্ড ১২


আমাৰ দৰে ক্ষমতাহীন, নগণ্য, সাধাৰণ মানুহবোৰৰ বাবে যিহেতু এই পথ সদ্যহতে নিষিদ্ধ বুলি গম পালোঁৱেই, সেয়ে সীমান্তৰ উত্তেজনা হৃদয়ত শাম নাকাটিলেও সৰ্বসন্মতিক্ৰমে গাড়ীখন ইয়াতেই ঘূৰাই ল’বলৈ উদ্যত হ’ল অৰূপদা৷ পুৱাৰে পৰা বাট বুলি বুলি য়াৰ্‌লুং প'ষ্টত লক্ষ্মণৰেখা চুই পালোঁ৷ চিলাপথাৰৰ পৰাই কদমত উঠি আহি থকা অশ্বমেধৰ ঘোঁৰাসদৃশ শুভ্ৰৰঙী বলেৰ'ৰ অগ্ৰগতিও ইমানতে ৰোধ হ'ল৷

১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধৰ সময়ত চাইনীজ পি.এল.এ.ই বিভিন্ন পথেৰে সৈন্যদল পঠাইছিল৷ তাৰ ভিতৰত মেন্‌-চু-খা গিৰিপথো আছিল অন্যতম৷ সীমান্তত বাহৰ পাতি নিৰ্দেশৰ অপেক্ষাত ৰৈছিল চীনা জোৱানসকল৷ আনফালে সীমা-কাষৰীয়া অঞ্চলসমূহত ভাৰতবৰ্ষৰ প্ৰশাসন যন্ত্ৰ আছিল অত্যন্ত দুৰ্বল৷ ফলস্বৰূপে চীনে এই এলেকাসমূহত ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ পূৰ্ণ সুবিধা লাভ কৰিলে৷ মেক্‌মোহন ৰেখাৰ পৰা চিয়াং ফ্ৰণ্টিয়াৰ ডিভিজনৰ মেন্‌-চু-খাৰ ফালে প্ৰায় ১০০ কিল’মিটাৰ ভিতৰলৈ প্ৰায় বিনাবাধাই সোমাই আহি চীনা সৈন্যই নেফাৰ প্ৰতিৰক্ষা শক্তি নিষ্ক্ৰিয় কৰি পেলালে৷ ভাৰতীয় সৈন্যবাহিনীৰ দুটা বেটেলিয়ানক সেই সময়ত মেন্‌-চু-খাতে ঘেৰি ধৰি বেয়াকৈ বিধ্বস্ত কৰি পেলোৱা হৈছিল৷ পৰ্বতবোৰ বৰফে আৱৰি থকাত সৈনিকসকল ঘূৰি যাব নোৱাৰিলে৷ যুদ্ধবিধ্বস্ত মেন্‌-চু-খা মহকুমাত ভাৰতীয় সৈন্যই য’তে-ত’তে পেলাই যোৱা ৩০৩ ৰাইফল, কাৰ্বাইন, এল.এম.জি., হাতবোমা আদি অস্ত্ৰ-শস্ত্ৰবোৰ পিছত চীনা জোৱানৰ দ্বাৰা সংগ্ৰহ কৰি লোৱা হৈছিল৷ চীনে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰাৰ সময়ত ৩,৪৮৮ কিল'মিটাৰজোৰা লাইন অফ্‌ এক্‌চুৱেল কণ্ট্ৰ'ল (এল.এ.চি.)ৰ দুয়ো পাৰে ২০ কিল’মিটাৰ পৰ্যন্ত অঞ্চল নিউট্ৰেল জ’ন হিচাপে ঘোষণা কৰিছিল৷ অৰুণাচলত লক্ষ্য কৰা অজস্ৰ ভাৰতীয় সেনা-জোৱানৰ বলিদানক লৈ বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা, কণ্ঠদান কৰা যুগজয়ী গীতটো আচম্বিতে মনলৈ আহিল৷ য়াৰ্‌লুং প'ষ্টৰ কাষৰে-পাজৰে জংঘললৈ চালেই সহজে দৃষ্টিত পৰা ভিন্নৰঙী পাতৰ অচিন গছবোৰলৈ চাই চাই আপোনমনে গুণ্‌গুণাই উঠিলোঁ ‘কত জোৱানৰ মৃত্যু হ’ল...’৷

ৰাস্তা সমাপ্ত৷ এতিয়া ওভতনি যাত্ৰা কৰিব লাগে জি.টি.এল. অভিমুখে৷ 'চ্যায় পীকে যাইএ৷' সীমান্ত চকীত আমাক চাহ খাই যাবলৈ সেনা জোৱানে সানুনয়ে অনুৰোধ জনালে৷ ইফালে ভোক লাগি আছে আটাইৰে৷ নিগনি দৌৰিছে পেটত৷ চাহৰ সলনি গৰম পানীকে খুজিলে ৰাজীৱে৷ পূব হিমালয়ৰ পাদদেশত অৱস্থিত পৰ্বতৰ গহ্বৰত সোমাই ঠাণ্ডায়ো শৰীৰত খোঁচা-বিন্ধা কৰি আছে৷ অফিছাৰৰ নিৰ্দেশত আথে-বেথে পানীৰ যোগান ধৰিলে এজন জোৱানে৷ 'এতিয়া আৰু দেৰি কৰাৰ সকাম নাই৷ প্ৰত্যাৱৰ্তনৰ চিন্তা কৰা হওক, যাতে বাটত পাই অহা গুৰুদ্বাৰটোত সোমাবগৈ পাৰোঁ৷ অন্যথা পলম হৈ যাব৷ অসময় হ’লে তাত হয়তো মিলিবলগীয়া ভাতসাঁজো নিমিলিব৷ লঘোণে-ভোকেই গুচি যাব আজিৰ দিনটো! চেষ্টা এটা কৰি চোৱাত আপত্তি কিহৰ?' আঁকোৰ-গোঁজালি নেৰিলোঁ মই৷

১৯৫৯ চনৰ এপ্ৰিল মাহত ১০,০০০ অনুগামী লৈ তিব্বতৰ ধৰ্মীয় শাসক দালাই লামা চীনৰ ভয়ত ভাৰতলৈ পলাই আহিছিল৷ সেই সময়তে ভালেমান তিব্বতীয় ভগনীয়া য়াৰ্‌লুঙৰ নিকটৱৰ্তী ল’লা গিৰিপথেদি আহি মেন্‌-চু-খাত প্ৰৱেশ কৰিছিল৷ তাৰে সৰহসংখ্যক লোকক আকাশীযানেৰে পঠাই দিয়া হৈছিল তেজুলৈ৷ ১৫০ জনমান মেন্‌-চু-খাত ৰৈ গৈছিল৷ তাৰে কিছুমানক ৬২ৰ যুদ্ধৰ সময়ত চীনা সৈন্যই তিব্বতলৈ ঘূৰাই লৈ গৈছিল৷ সেই তিব্বতীয় ভগনীয়াবোৰ আহোঁতে বস্তু-বাহানি বোজাই কৰি বহুতো ঘোঁৰা লৈ আহিছিল৷ ঘোঁৰা চলিব পৰা ৰাস্তা-পদূলি নোহোৱা বাবে মেন্‌-চু-খাত জন্তুবোৰ ব্যৱহৃত নোহোৱাত বনৰীয়া জন্তুৰ দৰে য’তে-ত’তে চৰি-মেলি জীয়াই থাকিল৷ মেন্‌-চু-খাত কালি আমি ঘূৰি-ফুৰোঁতে যেনি-তেনি অনেকবোৰ ঘোঁৰা আমাৰ দৃষ্টিগোচৰ হৈছিল৷ মনতে প্ৰশ্ন এটাও জাগি আছিল যে ইমান ঘোঁৰা ক’ৰ পৰা, কেনেকৈ আহিল ইয়ালৈ? উত্তৰটো আজি পাই গ'লোঁ৷ অতীজৰ ঘোঁৰাবোৰৰে বংশজ আমি দেখা ঘোঁৰাবোৰ৷ পৰ্যটকক ঘোঁৰাত তুলি ইয়াত Pony Trekking আৰম্ভ কৰি দিব পৰা যায়চোন৷ কালি গেবু চোনাৰ লগত আমাৰ কথা প্ৰসংগত এই বিষয়টোৱে ঠাই নোপোৱাকৈ নাছিল৷ চিন্তা কৰি আছোঁ বুলি ক'লে তেওঁ৷

সেনাৰ সৈতে হাত মিলাই বিদায় লোৱাৰ পাছত গাড়ী চলিব ধৰিলে নামনি অভিমুখে৷ অতি গুৰুত্বপূৰ্ণ সীমা সুৰক্ষা কাৰ্যৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এইফালৰ ৰাস্তাবোৰ৷ পিছে যিহে অৱস্থা! কেতিয়াকৈনো জানো মসৃণ আৰু সুচল হৈ উঠিব! ঠাইবিশেষে শিল কাটি পথ উলিওৱা হৈছে৷ হ'লেও তীব্ৰবেগী সোৱণশিৰিখনৰ পাৰে পাৰে তাকচিংগামী পথটোৰ তুলনাত, লোহিতৰ পাৰে পাৰে শিলাময় পৰ্বতৰ দাঁতিৰে কাহোলৈ আগ বঢ়া ৰাস্তাটোৰ তুলনাত এইটো দিশে পথ নিৰ্মাণৰ প্ৰত্যাহ্বান ইয়াত নৈ নাথাকিলেও কম নহয় যেনেই লাগিল৷ ঘন জংঘলৰ মাজত এঠাইত এটা কালভাৰ্ট সাজি থকা হৈছে৷ এঠাইত আকৌ ৰাস্তাৰ ওপৰেদিয়ে নিৰ্বিঘ্নে নামি গৈছে জুৰি৷ সীমান্তৰ অদমনীয় উত্তেজনা আৰু হেঁপাহত অথনি তেনেই মন কৰা নহ'ল৷ এইফালৰ পৰ্বতসমূহৰ পৰা নামি অহা প্ৰতিটো জান-জুৰিৰে লক্ষ্য য়াৰগ্যাপ চু৷ অৰুণাচলৰ পাহাৰৰ পৰা নামনিলৈ নমা সমস্ত জলৰাশি অসমভূমিত ব্ৰহ্মপুত্ৰৰে বৈ বংগোপসাগৰত বিলীন হৈছে৷

পানীৰ চহকী উৎসৰে অতি সমৃদ্ধ হেতুকে তিব্বতক ‘এচিয়াৰ জলস্তম্ভ’ বুলি কোৱা হয়৷ প্ৰকৃতিয়ে ইয়াত অদ্ভুত ধৰণে পানী সঞ্চয় কৰি ৰাখে৷ জাৰকালি পৰ্বতৰ দেহত বৰফৰ ৰূপত সংগ্ৰহ কৰি থয়৷ জহকালত সেই বৰফ গলাই নৈ-নিজৰাৰে জলধাৰা বোৱাই দিয়ে৷ ২০১৫ চনত তিব্বতে ৪,০০,০০০ টনতকৈও অধিক প্ৰাকৃতিকভাৱে বিশুদ্ধ জল-সম্পদ উৎপন্ন কৰিছিল৷ তাৰে সুযোগ লৈ চীন দেশে প্ৰথমবাৰৰ বাবে তিব্বতৰ পৰা দেশৰ বিভিন্ন অংশলৈ পেয়জল সৰৱৰাহ কাৰ্য আৰম্ভ কৰিছে৷ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ৰাজধানী লাছাৰ পৰা পূব প্ৰান্তৰ ঝিজিয়াং প্ৰদেশৰ নিংবু মহানগৰীলৈ বটলত ভৰোৱা পানী ৰে’লযোগে কঢ়িয়াই নিয়া হৈছে৷ আক্ষৰিকভাৱে মেন্‌-চু-খাৰ অৰ্থ ঔষধি গুণ থকা বৰফৰ পানী থকা অঞ্চল যদিও ইয়াত ইয়াৰ পানী কোনেও কেনিও তেনেকৈ পৰিৱহণ কৰি থকা ইমানখিনি ভ্ৰমিও আমি এতিয়ালৈ দেখা নাইপোৱা৷ সাধাৰণভাৱেই অনৰ্গল বৈ গৈ আছে য়াৰগ্যাপ চুৰ পানী৷ তাৰ মানে আমাৰ জল-সম্পদে প্ৰকৃত স্থান পাবলৈ অৰ্থাৎ ধন-সম্পদলৈ ৰূপান্তৰিত হ’বলৈ আজিও বহুত বাকী!

পুৱাতে গেবুৱে কৈছিল, অৰুণাচলৰ ভিতৰতে সুন্দৰ জলাশয়টো আছে এইফালৰ চীন সীমান্তত৷ ফটোও দেখুৱাইছিল৷ নামটো কৈছিল Pasang Sonam Tso৷ Tso মানে সৰোবৰ৷ গিৰিপথক La বুলি কোৱা হয়৷ গেবুৱে জনোৱা মতে সীমান্তত পেন্‌চাং নামে অন্য এটা লে'কো আছে৷ কঠিন পদপথেৰে হাবি ভাঙি খোজ কাঢ়ি কেইবাদিনো গৈ থকাৰ মূৰকত পোৱা যায় সুন্দৰৰো সুন্দৰ সেই স্পটবিলাক য'লৈ আঙুলিৰ মূৰত লেখিব পৰা সংখ্যক মানুহহে গৈ পাইছে৷ প্ৰকৃতিৰ বুকুত লুকাই থকা উক্ত অৱস্থানকেইটালৈ আমাক নিবলৈ মানুহটোৰ ভীষণ আগ্ৰহ৷ মেন্‌-চু-খাৰ অভ্যন্তৰত লুকাই থকা এইবোৰ বিচাৰি উলিয়াই দুঃসাহসী পৰ্যটকক দেখুওৱাত ওস্তাদ, দুৰ্দান্ত Explorer আৰু Adventurer প্ৰকৃতিৰ লোক গেবু চোনা, যাৰ ঘৰত আমি বাহৰ পাতিছোঁ৷ আজি সন্ধিয়াৰ টীম মিটিঙত নিৰ্দিষ্ট হ'ব কাইলৈ পুৱা কোন দিশে খোজ চলিব৷ আগতে ঘৰ গৈ পাই লওঁ৷ সদ্যহতে খাদ্যৰ চিন্তা৷


দিন চাৰি  ৷৷ খণ্ড ১১


গহীন অৰণ্যৰ মাজেৰে ঘূৰি-পকি উঠি উঠি অৱশেষত বন্ধ গে’ট এখনৰ সন্মুখত চকা ৰৈ গ'ল৷ বেৰত লিখি থোৱা আছে... য়াৰ্‌লুং প’ষ্ট৷ উচ্চতা ৭,৯৩৮ ফুট৷ ফটো তোলা নিষেধ৷ বুজি পাই গ'লোঁ যে এইটোৱেই সেই সীমান্ত চকী, য'ৰ পৰা অসামৰিক মানুহ বিনা অনুমতিত আগ বঢ়াটো অসম্ভৱ৷ ভাৰতীয় সৈন্যবাহিনীৰ কুমাওঁ ৰেজিমেণ্টে বৰ্তমান ইয়াত বাহৰ পাতি আছে৷ ৬,২৫৪ ফুট ওখ মেন্‌-চু-খাৰ পৰা আৰু ১,৬৮৪ ফুট উঠি আহি আমি এইখিনি পাইছোঁ৷ প্ৰহৰী সেনা জোৱানৰ বাদে বাহিৰা কাৰো বসতি, ঘূৰা-ফিৰা কিম্বা গাঁও নাই ইয়াত৷ পূৰ্বপ্ৰান্তৰ কিবিথু সীমান্তত কাহো নামৰ গাঁও এখন আছিল৷ ভাৰতৰ পূবৰ অন্তিম গাঁও সেইখনেই৷ কাহোত থকা গোম্পাৰ বাৰাণ্ডাৰ পৰা বাধাহীনভাৱে দেখা পাইছিলোঁ ৰঙা চীন৷ ন' মেন্‌ছ লেণ্ড, তাৰ পাছতে চীনদেশৰ ঘৰবোৰ চাব পাৰিছিলোঁ৷ এইফালে দৃশ্যপট সমূলি তেনেকুৱা নহয়৷ অটব্য জংঘল আৰু জোঙা পৰ্বতে ঘেৰি ৰাখিছে৷ মুকলি বুলিবলৈ অকণোৱেই নাই৷

অৰূপদাই গাড়ীখনৰ ষ্টাৰ্ট বন্ধ কৰিলে৷ এজন এজনকৈ মাটিত ভৰি দিলোঁ আমি৷ দায়িত্ববাহী জোৱান গে’টত ৰৈ আছে৷ ধৰিব পাৰিছোঁ যে ভৰিৰ পৰা মূৰলৈকে নিৰীক্ষণ আৰম্ভ হৈ গৈছে৷ সদলবলে ওচৰ চাপি গ'লোঁ৷ নেতৃত্বত দেম্‌ডাপ৷ অৱধাৰিতভাৱেই ৰাষ্ট্ৰভাষাতে সোধা-পোছা আৰম্ভ হ'ল৷ ক'ৰ পৰা আহিছে, কি কৰে, কাক বিচাৰিছে ইত্যাদি ইত্যাদি৷ আলোচনা চলি আছে৷ ৰৈ আছোঁ, মুখৰ আগৰ দাংডাল গুচাই কিজানিবা খোজ কাঢ়ি আগুৱাই যাবলৈ দিয়েই! নাই, পৰিস্থিতি সলনি হোৱা নাই৷ ভিতৰুৱা খবৰৰ ভিত্তিতে কিছু পৰৰ পাছত অফিছাৰ এজন আহি ওলাল৷ আগুৱাবলৈ অনুমতি নিদিলে আমাক৷ আমি সাধাৰণ পৰ্যটকহে৷ গতিকে এয়াই লাস্ত টাৰ্মিনেল৷

নিয়ম অমান্য কৰাৰ ইচ্ছা বা ধৃষ্টতা আমাৰো নাই৷ ভালেখিনি সময় সেনা বিষয়াজনৰ সৈতে বেছ সম্ভ্ৰমেৰে কথা-বতৰা চলিল৷ মেন্‌-চু-খাৰ অতিৰিক্ত উপায়ুক্ত আৰু পহৰাৰত সেনা দল, ইণ্ডো-তিব্বেতান ব’ৰ্ডাৰ পুলিছ (আই.টি.বি.পি.)ৰ সেউজ সংকেত থাকিলে দুদিনজোৰা ট্ৰেকিং কৰি সীমান্ত অভিমুখে কিছু যাব পাৰি বুলি এটা সূত্ৰৰ জৰিয়তে জানিছিলোঁ৷ আমাৰ হাতত অনুমতি-অনুমোদনসূচক তেনেকুৱা একো কাগজ-পত্ৰও নাই৷ 'য়াৰলুং প'ষ্ট তক যা সক্‌তা হ্যায়' বুলি গেবুৱেও কৈছিল৷ তথাপিতো ৰাজীৱে পুনৰবাৰ কুটুৰি চালে৷ বৰফ পিছে নগ’লিল৷ ‘সদ্যহতে তেনেকুৱা অনুমতি কাৰো বাবেই নাই’ বুলি চাফ চাফ কৈ দিলে৷ সংবেদনশীল এলেকা এইটো৷

আলোচনা কালত বিষয়াজনৰ মুখৰ পৰা জানিব পাৰিলোঁ যে গে’টখনৰ পৰা আগলৈ এটা হেলিপেড আছে৷ সেনাৰ শিৱিৰ, বাংকাৰ আদি আছে৷ সেউজীয়া, অৰণ্যময় পাৰ্বত্য এলেকা এইটো৷ এই ভূখণ্ডৰ অৱস্থান এনেকুৱা যে ইয়াৰ পৰা ভাৰতবৰ্ষৰ সমতললৈ অহাতকৈ তিব্বতৰ মালভূমিলৈ যোৱাটোহে সহজ৷ ইয়াৰ পৰা কিছু আগত পুকৰ৷ তাৰ আগলৈ লামাং৷ তাৰ আগত ন’ মেন্‌চ লেণ্ড, মেক্‌মোহন লাইন৷ কাল্পনিক আন্তৰ্জাতিক সীমান্ত পাবলৈ য়াৰ্‌লুঙত আমি থিয় হৈ থকা ঠাইখিনিৰ পৰা খোজ কাঢ়ি দুদিনৰো ওপৰ লাগি যায়৷ তাৰ বাবে যথাযথ প্ৰস্তুতিৰ প্ৰয়োজন৷ বাট মুঠেই সহজ নহয়৷ গতিকে অনুমতি পালেও উপযুক্ত ট্ৰেকিং-কেম্পিং সঁজুলি, পৰ্যাপ্ত খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাৱধানতা অবিহনে নোযোৱাই ভাল বুলি বুজাই দিলে৷

সীমান্তত কেইবাটাও ধুনীয়া সৰোবৰ থকা বুলি গেবু চোনাৰ মুখে শুনিছিলোঁ৷ ল’লা গিৰিপথটো এইফালেই৷ সিপাৰে চীন অধিকৃত তিব্বত৷ ল’লালৈ মেন্‌চুখাৰ পৰা ৪০ কিল’মিটাৰ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ১৭,০০০ ফুট উচ্চতাত অৱস্থিত উক্ত গিৰিপথৰ চৌপাশৰ অঞ্চলটো প্ৰায় ৩০০ ফুট বহল এক মালভূমি৷ গিৰিপথটো দীঘলে ১০ কিল’মিটাৰ৷ তাত ১০টা হ্ৰদ আছে বুলি কোনো কোনোৱে কয়৷ বিৱৰণী অনুযায়ী গোটেই মালভূমিটোতে পেন্সি ফুলৰ দৰে ফুলৰ দলিচা আৰু ঠায়ে ঠায়ে একোজোপা বগা অৰ্কিড দেখা যায়৷ বেলেগ বেলেগ হ্ৰদৰ পৰা ওলাই ভাৰতৰ ফালে এখন আৰু তিব্বতৰ ফালে অইন এখন নৈ বৈ গৈছে৷ ল’লা গিৰিপথৰ পৰা ৫ কিল’মিটাৰ উত্তৰ-পশ্চিমে চীনা সৈন্যৰ ছাউনী তামাদেন্‌৷ ৬২ৰ চীন-ভাৰত যুদ্ধৰ পাছত তাত চীনদেশীয় সৈনিকে বাহৰ পাতি লৈছিল৷ কুমিণ্টাং বাহিনীৰ জোৱান কিছুমান সেই পথেদিয়েই ভাৰতত প্ৰৱেশ কৰিছিল৷ ল’লাৰ নামনিত ভাৰতৰ ফালে বিস্তীৰ্ণ অঞ্চলজুৰি শাৰী শাৰী সৰল গছৰ হাবি; অগৰু আৰু চন্দন কাঠৰ জাৰণি আছে৷ নামনিৰ পাহাৰত আছে অসংখ্য সৰু-বৰ গুহা৷

এতিয়া মনত পৰা, আগতে এঠাইত পঢ়ি থোৱা এক তথ্যমতে মেন্‌-চু-খাৰ পৰা ১৫ কিল’মিটাৰমান আঁতৰত আমি বাটত পাই অহা সৰু খৰস্ৰোতা নৈ পেমাচিবুৰ পাৰতো প্ৰকাণ্ড শিলৰ গুহা আছে৷ তাৰ পৰা ১৫ কিল’মিটাৰত য়লুং নামৰ এটা জুৰি৷ য়লুঙৰ পৰা ৬ কিল’মিটাৰত চুদি৷ চুদিৰ পৰা ৫ কিল’মিটাৰ আঁতৰত পখাৰ ভেলীত য়াৰগ্যাপ নৈৰ এটা জলপ্ৰপাত আছে৷ ১৯৫০ চনৰ বৰভূঁইকঁপৰ কঁপনিত পখাৰ পৰ্বত ভাগি এই নৈত পৰি গৈছিল৷ সেই ভগ্ন শিলাখণ্ড অতিক্রমি তললৈ নামি আহিছে নৈখন৷ পখাৰ ভেলীৰ পৰা লামাঙৰ দূৰত্ব ৬ কিল’মিটাৰ৷ তাত অসম ৰাইফল্‌ছৰ পহৰাদাৰী সৈন্যৰ শিৱিৰ আছে৷ ১৯৬২ৰ ১৬ নৱেম্বৰলৈ বাহৰ পতা চীনা সৈন্যই লামাং আক্রমণেৰে উৎখাত কৰিছিল ভাৰতীয় সৈনিকৰ শিৱিৰ৷ লামাঙৰ পৰা ৪ কিল’মিটাৰ আগত লাচাম্‌৷ অসংখ্য সৰু-বৰ জুৰি আহি ইয়াতে এটা ডাঙৰ জুৰিত পৰিছে৷ তাৰো আগলৈ গ’লে সমতলভূমি পোৱা যায়৷ তাত ১০০ বৰ্গফুটমান জোখৰ স্বচ্ছ পানীৰ হ্ৰদ দেখা যায়৷ হ্ৰদটোৰ নাম ল’লা-ছেগ’৷ মালভূমিটোৰ ওপৰত দক্ষিণলৈ একে জোখৰ আন এটা স্বচ্ছ পানীৰ হ্ৰদ আছে৷ একেবাৰে উত্তৰ ঢালত তিব্বতৰ ফালে একে ধৰণৰ, একে অৱয়বৰ আন এটা হ্ৰদো আছে৷ স্থানীয় লোকে এই দুটা হ্ৰদক চদম্‌ বুলি কয়৷

য়লুঙেই আমি ৰৈ থকা য়াৰলুং আৰু পখাৰেই সেনা বিষয়াজনে অলপ আগতে কোৱা পুকৰ হ'ব যেন মনে ধৰিছে৷ আনহাতে পেমাচিবু শব্দটো পেমাচুবু বুলিও উল্লেখ পাইছিলোঁ৷ লামাঙলৈ এই স্থানৰ পৰা অকাই-পকাই ১৩-১৪ কিল’মিটাৰৰ কম  নহ'ব৷ যাওঁতে বাটত ১৭০ ফুট দৈৰ্ঘ্যৰ বেইলী ব্ৰীজ এখন পোৱা যায় হেনো৷ লামাং পৰ্বতৰ পৰাই নামি আহিছে মোহময়ী য়াৰগ্যাপ-চু৷ উৎসৰ পৰা বৈ আহি এভাগ পানী তিব্বত অভিমুখে গুচি গৈছে৷ এভাগ আহিছে মেন্‌-চু-খা উপত্যকাৰ বুকুলৈ৷ হিমবাহৰ পৰা বাগৰি অহা এই জলৰাশি ঔষধি গুণযুক্ত বুলি স্থানীয় লোকে কালনিৰৱধি বিশ্বাস কৰি আহিছে৷ তাৰ ভিত্তিতে মেন্‌-চু-খা নামটোৰো উৎপত্তি৷

য়াৰ্‌লুঙৰ নেদেখা আগলিভাগৰ ভিতৰুৱা কথাবোৰ ভাবি ভাবি সীমান্ত চকীৰ চৌপাশলৈ মনোনিৱেশ কৰি থাকোঁতেই এঠাইত চকু স্থিৰ হৈ ৰ’ল৷ ওখ স্থান এটাত বিভিন্ন জাতৰ এগালমান ম’বাইল হেণ্ডছেট ৰাখি থোৱা হৈছে৷ কেইজনমান জোৱানে ফোনযোগে কথা পাতি আছে৷ এইফালে এনে কিছুমান বিশেষ জেগা আছে য’ত ম’বাইল ফোনৰ নেটৱৰ্ক পোৱা যায়৷ জোৱানসকলে জানে আৰু তেনেকৈয়ে পা-পৰিয়ালৰ সৈতে কথা পাতে, স্পীকাৰ অন্‌ কৰি৷ অস্বস্তিজনক কথাটো হ’ল, ফোনটো কেনেবাকৈ লৰচৰ হ’লেই নেটৱৰ্ক হেৰায়৷ গৃহভূমিৰ পৰা শতযোজন দূৰত আমাৰ দেশৰ একাংশ সীমাৰখীয়াই অপৰিমেয় প্ৰতিকূলতাৰ মাজতো এনেকৈয়ে জীৱন নিৰ্বাহ কৰি মাতৃভূমিৰ প্ৰতি সেৱা আগ বঢ়াই আহিছে৷ তেওঁলোকৰ উছৰ্গিত মনোবৃত্তি, কৰ্তব্যপৰায়ণতা আৰু কঠোৰমনা দায়িত্ববোধক চেলুট্‌ নিদি নোৱাৰি৷


Wednesday, 8 November 2017

দিন চাৰি  ৷৷ খণ্ড ১০


পুলিন গগৈ নহয়, এইবাৰ চালকৰ আসনত উপৱিষ্ট হ’ল অৰূপদা৷ অৰুণাচলৰ পাৰ্বত্য পথত গাড়ী চলোৱাৰ পূৰ্বসঞ্চিত অভিজ্ঞতা আৰু তাৰেই ফলশ্ৰুতিত জন্মা স্বভাৱজনিত নিচা এটা তেওঁৰ হাতে-ভৰিয়ে অনৱৰতে লাগিয়ে থাকে৷ কথাটো মই প্ৰায়েই মন কৰোঁ৷ এতিয়াও সেইটোৱেই উক্‌ দিলে৷ দাদাক ষ্টিয়েৰিং এৰি দি পুলিন পিছৰ আসনলৈ গ’লগৈ৷ ক্ষন্তেকতে ইঞ্জিনটোৱে গৰজি উঠিল৷ নীলা আকাশ, বগা ডাৱৰ৷ চৌপাশে আমেজভৰা ৰ'দৰ জিলিঙনি৷ চিট বে'ল্ট কচি লোৱা অৰূপদাৰ কুশল ড্ৰাইভিঙত অকাই-পকাই আমাৰ বলেৰ’ ৰাওনা হ’ল চীন সীমান্ত অভিমুখে৷


গাড়ীৰ ভিতৰত মৃদুভাৱে গান বাজি আহিছে৷ মনবোৰ বাস্তৱ পৃথিৱীত নাই৷ লাহে-ধীৰে হালি-জালি গৈ থাকি বেইলী ব্ৰীজ এখন পালোঁ৷ তলেৰে বৈছে খৰস্ৰোতা পেমাচিবু নৈ৷ পাৰ হৈয়ে কেঁকুৰি এটা৷ বাওঁহাতে এখন তোৰণ৷ ৰং সেউজীয়া৷ কাষতে স্তুপ এটা৷ বগা ৰং দিয়া৷ Shri Gurudwara Sahib, Topo Asthan Shri Guru Nanak Dev Ji বুলি গে'টখনত লিখা আছে৷ জাগি উঠা অনুসন্ধিৎসা কোনো ৰকমে সামৰি থৈ ১০০ মিটাৰমান গৈছোঁ কি নাই, Gurudwara Sahib বুলি নিৰ্দেশ জনাই সোঁহাতলৈ কাঁড় মৰা চাইনব'ৰ্ড এখন দেখা পালোঁ৷ পকী তোৰণ এখনো থিয় হৈ আছে৷ হিন্দীৰ উপৰি ইংৰাজী আখৰেৰেও ওপৰত লিখা আছে Gurudwara Toposthan Shri Guru Nanak Dev Ji বুলি৷ তোৰণৰ ঠিক বিপৰীতে অৰ্থাৎ পথটোৰ বাওঁ দাঁতিত ৰখীয়াঘৰজাতীয় চালি এখন৷ ঘপহকৈ দেখা পাই আৰ্মীৰ চে'ক বুথ বুলিয়ে ভাবিছিলোঁ৷ পিছে নহয়৷ 

ফ্ৰী ভোজন সব কে’ লিয়ে in 24 hours, সেৱা মে' গুৰুদ্বাৰ মেন্‌-চু-খা বুলি হিন্দী-ইংৰাজী খিচিৰি ভাষাত বেৰত জিলিকি থকা শাৰীকেইটা পলকৰ বাবে মোৰ দৃষ্টিগোচৰ হ'ল৷ আমাৰ আজি দিনৰ আহাৰ ক'ত কেনেকৈ মিলিব তাৰ কোনো গেৰাণ্টি নাই৷ ভাতৰ কথা নোকোৱাই ভাল৷ লালচাহ একাপ খাওঁ বুলিলেও এই ৰাস্তাত হোটেল, দোকান আনকি মানুহৰ ঘৰো পাবলৈ নাই৷ অৰুণাচলৰ চুকে-কোণে অহৰহ ঘূৰা-ফিৰাৰ অভিজ্ঞতাৰে এয়া আমাৰ কাৰণে সহজবােধ্য৷ লোকালয়ৰ পৰা আঁতৰত এইটো হৈছে ব'ৰ্ডাৰ ৰ'ড৷ গতিকে গুৰুদ্বাৰেই একমাত্ৰ সুযোগ৷ তাতে লিখিতভাৱে আহ্বান জনাইছে যেতিয়া ওভতনি যাত্ৰাত ইয়াতে হামলা দিব লাগিব৷ 'এতিয়া নৰওঁ৷ ৰৈ সময় নষ্ট কৰিব নোৱাৰি৷ আগতে সীমা চাই আহোঁ৷ য়াৰ্‌লুং প’ষ্টলৈ আৰু ১১ কিল’মিটাৰ বাকী আছেই৷' বাক্যকেইটো শেষ কৰি সংগীসৱৰ মুখবোৰলৈ চালোঁ৷ সঁহাৰি নোপোৱাৰ কথাই নাই, পাই গ'লোঁ৷ অৰূপদাৰ সাৱধানী চালনাত গাড়ীখন অলপো নৰৈ অকাই-পকাই উঠি গৈ থাকিল৷

পেমাচিবু আৰু য়াৰগ্যাপ চুৰ সংগমস্থলত আমি পাৰ হৈ অহা গুৰুদ্বাৰ চাহিবৰ অৱস্থিতি৷ শিখসকলৰ ধৰ্মগুৰু নানকে অতীতত কৰা তিব্বতৰ যাত্ৰাকালত এই ঠাইডোখৰত ৰৈছিল, আশ্ৰয় লৈছিল, নৈত স্নান কৰিছিল, তপ কৰিছিল বুলি দেম্‌ডাপে ক'লে৷ মেন্‌-চু-খাৰ পেমাচিবু নামৰ এই স্থানত অগা-পিছাকৈ এহাতে অৱস্থিত গুৰুদ্বাৰ আৰু আনহাতে থকা তপোস্থানে ১৫১৬-১৫১৭ খ্ৰীষ্টাব্দত নানকজীয়ে উত্তৰ দিশে কৰা তেওঁৰ তৃতীয়টো ভ্ৰমণৰ সময়ত ইয়ালৈ অহা আৰু ধ্যান কৰাৰ সত্যতাকে সূচাইছে৷ ভূটানৰ পৰা আহি টাৱাঙেৰে তেওঁ অৰুণাচলত প্ৰৱেশ কৰিছিল৷ লাছা আৰু চাম্যা মনাছটাৰীত পদাৰ্পণ কৰিছিল৷ দাক্‌ব’-কাংব’ৰ পৰা মেম্বাসকলক আনি উপত্যকাটোত সংস্থাপন কৰিছিল বুলিও জনা যায়৷ মেন্‌-চু-খাৰ পৰা টুটিং, গেলিং, শদিয়া, পৰশুৰাম কুণ্ড, ৱালং হৈ তেওঁ পাইছিলগৈ চীন দেশ৷ কমখন ভ্ৰমিছিলনে বাৰু সেই দিনতে? কথাবোৰ জনাৰ পাছত, নিজ চকুৰে শদিয়া, পৰশুৰাম কুণ্ড, ৱালং দেখাৰ পাছত, আৰু চকামকাকৈ হ'লেও এতিয়া এই ঠাইটুকুৰা দেখি আশ্চৰ্যান্বিত হৈছোঁ৷ তাহানি কালতে নানকজীৰ গতিপথে সামৰা ঠাইবিলাক কেনেকুৱা দুৰ্গম আছিল বাৰু! 'তপোস্থান আৰু গুৰুদ্বাৰটো ঘূৰি আহোঁতে চাই যাবই লাগিব দেই৷' সকলোৱে শুনাকৈ ডাঙৰ ডাঙৰকৈ কৈ দিলোঁ, যাতে পাছত কোনেও না কৰিব নোৱাৰে আৰু এতিয়াই সমৰ্থন কৰি থয়৷

সন্মুখত হনুমান কেম্প৷ মেন্‌-চু-খাৰ পৰা হনুমান কেম্পলৈ দূৰত্ব ২০ কিল’মিটাৰমানেই হ’ব৷ ৰাস্তাটো মাজে মাজে অত্যন্ত ঠেক আৰু জংঘলময়৷ নৈখন এইফালে নাই৷ হঠাতে এঠাইত গাড়ীত বহি থকাৰ পৰাই পৰ্বতৰ গাত দেখা পালোঁ, সোঁহাতে ওপৰলৈ হিন্দুসকলে দেৱতা জ্ঞান কৰা বীৰ হনুমানৰ মুখাকৃতিৰ সাইলাখ এটা প্ৰকাণ্ড শিল৷ গাইডৰ পৰামৰ্শমতে অৰূপদাই অকণমান সময়ৰ বাবে ৰখালে৷ হুৰমূৰকৈ নামিলোঁ আটায়ে৷ প্ৰাকৃতিকভাৱে আবিৰ্ভাৱ হোৱা হনুমানৰ মুখযেন লগা পাথৰটো একান্তমনে নিৰীক্ষণ কৰিব ধৰিছোঁ৷ দেখি আচৰিতো হৈছোঁ৷ দেম্‌ডাপে জনালে যে বহু বছৰ ধৰি শিলটোৱে এই ৰূপ ধৰি আছে৷ ইয়াক Honuman Rock বুলি কোৱা হয়৷ প্ৰকৃতিয়েই ইয়াৰ আৰ্কিটেক্ট৷ বায়ৱীয় স্খলনৰ ফলতে ইয়াৰ সৃষ্টি৷ দেখি আশ্চৰ্যচকিত নহৈ নোৱাৰি৷ শ্ৰেষ্ঠ খনিকৰ প্ৰকৃতিয়ে কটা প্ৰকাণ্ড এই অবিকল হনুমানৰ মুখক উপলক্ষ্য কৰি পথৰ দাঁতিত মন্দিৰ এটাও সজাই ৰখা হৈছে৷ ৰাজীৱ ভট্টাচাৰ্য প্ৰমুখ্যে আমাৰ সংগী দুজনমান মন্দিৰটোত সোমালগৈ৷ নৈৰ পাৰত গাড়ীত উঠাৰে পৰা আধা ঘণ্টামান লাগিল এইখিনি আহি পাওঁতে৷

কোনো পূৰ্বজাননী অবিহনে, ভাবিব নোৱাৰাকৈ, হঠাতে দেখা দিয়া বীৰ হনুমানে আমাক যেন আগুৱাই থাকিবলৈ সাহস দিলে! এইবাৰ লক্ষ্য য়াৰ্‌লুং প’ষ্ট৷ ইয়াৰ পৰা ৪ কিল'মিটাৰমান আগলৈ৷ ইমান দূৰলৈকে আহি তালৈ নগ’লে আন সংগীসকলৰ কি হ'ব নাজানো, মোৰ হ'লে মনটোৱে কোনোৰকমে শান্তি নাপাব৷ সেয়েহে মই আগৰে পৰাই জোৰ দি আছোঁ যাতে উদ্দেশ্য পূৰণত কোনেও না নকৰে বা কোনো কাৰণতে পিছ নুহুহকে৷ য়াৰলুং প'ষ্ট মুঠতে পাবই লাগিব৷ সংকীৰ্ণ ৰাস্তাটোৰে আমাৰ গাড়ী ধীৰে ধীৰে আকৌ আগলৈ চলিল৷ অৰণ্যৰ মাজৰ ৰাস্তা৷ যিমানেই আগুৱাইছোঁ ভাৰত-চীন সীমান্ত ওচৰ চাপি আহিছে৷ বুকুৰ মাজৰ উৎকণ্ঠাও সিমানে বৃদ্ধি পাই আহিছে৷ ৰাস্তাটোৰ অৱস্থা অতি বেয়া হৈ পৰিল৷ আনে কি ভাবিছে নাজানো, মই হ’লে অন্য একো নাভাবি Fitzhugh Mullanৰ বাক্য এটিৰেই মনক প্ৰবোধ দি আছোঁ... ‘Stop worrying about the potholes in the road and celebrate the journey’৷ সীমান্তই উত্তেজিত কৰি তুলিছে দেহা-মন৷ ইণ্টাৰনেশ্বনেল ব'ৰ্ডাৰ বুলিলেই অন্তহীন শিহৰণ অৱধাৰিত৷


দিন চাৰি  ৷৷ খণ্ড ৯


এলেকা এটাৰ ভৌগোলিক স্থিতি আৰু ইতিহাস সম্বন্ধে সম্যক জ্ঞান নিজৰ আয়ত্তত থকাটো এজন গাইডৰ বাবে অত্যন্ত জৰুৰী৷ কথা-বতৰা আৰু চাল-চলনত আমাৰ পথ-প্ৰদৰ্শকজনৰ সেইখিনি থকাৰে উমান পাইছোঁ৷ ৰাস্তাই ৰাস্তাই তৰহ তৰহৰ তথ্য তেওঁ সদৰি কৰি গ’ল৷ দীঘলীয়া কাহিনীও শুনাই গ'ল৷ হাঁহি-মাতি আমাৰ সৈতে বেছ মিলি পৰিছে দেম্‌ডাপ দাৰ্‌চুম৷ 

পাইন অৰণ্যৰ মাজেৰে ভৱিষ্যতৰ পথটোৰে কিছু দূৰ খোজ কাঢ়ি আহি থকাৰ পাছত দেম্‌ডাপৰ নিৰ্দেশত শ্বৰ্টকাট্‌ এটাইদি বাওঁহাতে নামি দিলোঁ৷ গাড়ীখন এৰি থৈ অহা, নৈৰ সিপাৰৰ স্থানডোখৰেই পোনপটীয়া লক্ষ্য৷ ৰাস্তা চিনি-জানি নাপাওঁ যদিও প্ৰদীপদা আৰু মই আগৰণুৱাৰ ভাও দিছোঁ৷ সাহসেৰে আগুৱাই গৈ আছোঁ লুংলুঙীয়া বাটটোৱেদি৷ খোজেপতি অনন্ত উৎসাহৰ পয়োভৰ৷ আৰু আগ বাঢ়োঁতে বোকা-পানী খচকিবলগীয়াও হ'ল কিছু৷ নাম নজনা বনৰীয়া ফুলবোৰৰ মাজে মাজেই লিকটো৷ অৱস্থানটোৱে জুলাইত ভ্ৰমি অহা ঝুক' ভেলীলৈ মনত পেলাই দিছে৷

ট্ৰেকচুটৰ নিম্নাংশত বোকাৰ ছিটিকনি৷ পথৰুৱা বোকাৰ পৰা বাচিবলৈ গছৰ ডাল কিছুমান কাটি কাটি পেলাই থোৱা আছে৷ উপৰিভাগ পিছল৷ সাৱধানে ভৰি দিছোঁ৷ কেনেবাকৈ পৰি কঁকাল ভাগিব লাগিলে হ'লেই আৰু! নাৰ্চিংহ'মতো নায়েই, চৰকাৰী চিকিৎসালয়ো চকুত পৰা নাই মেন্‌-চু-খাত৷ সমূহীয়া স্বাস্থ্য কেন্দ্ৰজাতীয় কিবাহে থাকিব চাগৈ৷ আমাৰ নগৰ-মহানগৰৰ তুলনাত ইয়াৰ মানুহবোৰৰ কোনোৱেই বেমাৰী নহয় যেন লাগিছে৷ নিৰ্মল বতাহ আৰু বিশুদ্ধ পানীয়েই জীৱৰ আচল দৰৱ বুলি মই বিশ্বাস কৰোঁ৷ এই দুটা প্ৰচুৰভাৱে আছে ইয়াত৷ খাদ্য বা আহাৰেই আমাৰ ঔষধ হোৱা উচিত, ঔষধ কাৰো আহাৰ হ'ব নালাগে৷ জ্ঞানীলোকে কোৱা কথা৷ ইয়াত এইটোৰো প্ৰতিফলন দেখিছোঁ৷ বেমাৰে আসৈ নোপোৱা, বেমাৰক প্ৰশ্ৰয় নিদিয়া মানসিকতাত সুখী হৈছোঁ৷ বিশাল এক প্ৰাকৃতিক চিকিৎসালয় এইখন য'ত মেন্‌-চু-খা নামটোৰ তাৎপৰ্য নিহিত আছে৷ ডাক্তৰ আৰু দৰৱৰ লগত মোৰো সম্পৰ্ক নাই৷ ঘৰৰ পৰা ইমান দূৰলৈ আহিছোঁ, অথচ লগত এটা দৰৱো নাই অনা৷ প্ৰাকৃতিক চিকিৎসালয়ত নিৰাপদে ভ্ৰমি আছোঁ৷ প্ৰচুৰ আনন্দ-ভাবনাই আৱৰি ৰাখিছে সকলো সময়তে৷

ৰঙচুৱা পানীৰ নলা এটা অতিক্ৰম কৰাৰ পাছতে নিজান ঘাঁহনি এডৰা চকুৰ সন্মুখলৈ আহিল৷ তাৰ মাজতো দেখা গ'ল বৌদ্ধ স্তুপ এটা৷ অথনিৰটোৰ দৰেই চৌপাশে নিৰ্জনতা বিৰাজমান৷ একেই বগা বৰণৰ স্তুপটো, দেখাতো ধুনীয়া৷ বাওঁহাতে সামান্য আগলৈ ঘৰ এটা ওলাই আছে৷ চৌহদত কেইবাখনো বৌদ্ধ পতাকা৷ নৈপৰীয়া বতাহত হালিছে-জালিছে৷ চেঁচা বতাহজাকৰ আক্ৰমণৰ পৰা বাচিবলৈ টুপীটো তললৈ টানি কাণ দুখন ভালকৈ ঢাকি ল'লোঁ৷

সোঁহাতে নাতিদূৰত দ্বিতীয়খন ওলমা দলঙৰ ওখ খুঁটাবোৰৰ অংশবিশেষে দৃষ্টিত ধৰা দিছে৷ নামনিলৈ নমাৰ আগতে শীৰ্ষৰ পৰাই দেখা পাই আছিলোঁ দলংখন৷ অনুমান ঠিকেই আছিল যে সেইখনেৰেই আমি অলপ পাছত পাৰ হ'ব লাগিব য়াৰগ্যাপ চু৷ হেঙিং ব্ৰীজ বুলিলেই বেলেগ ধৰণৰ আনন্দ, উন্মাদনা, শিহৰণ এটা মোৰ মনলৈ অহাটো অৱশ্যম্ভাৱী৷ এইবাৰো তাৰ অন্যথা নহ’ল৷ সেইদিশে আগ বাঢ়ি গৈ থাকোঁতে বিহলঙনি এগালমান ওলাল৷ আচৰিতেই লাগিল বিহলঙনিৰ বিশালতা দেখা পাই৷ তামৰঙী বিহলঙনিডৰা কঁকাল পৰ্যন্ত ওখ৷ খোজ পেলাওঁতে গাত কোবাই গৈছে৷ তাৰ মাজে মাজে লিক্‌ চাই চাই এখোজ-দুখোজকৈ আমি আগুৱাইছোঁ৷ কিবা লুকাই থাকিলেও ধৰা নাযায়৷ সাৱধানে গৈ থাকি দলঙৰ নিকটৱৰ্তী মূৰটোত উপস্থিত হ'লোঁ৷

দলঙৰ গুৰিত থিয় দি আটাইৰে নিৰীক্ষণ চলিছে৷ বেছ পুৰণি দলং এইখন৷ চাৰিডালকৈ লোৰ ৰছীৰ ওপৰত তক্তা পৰা আছে৷ ঠায়ে ঠায়ে পচিছেও৷ লোৰ ৰছীত খামুচি খুপি খুপি পুনৰবাৰ পাৰ হ'ম য়াৰগ্যাপ্‌ চু৷ ভৰি নিদিওঁতেই জাগি উঠিছে অনাবিল আনন্দ৷ আৰামছে আগুৱাই নৈৰ সোঁমাজত ৰ’লোঁ৷ ফটো কেইখনমান তুলিলোঁ৷ দৰাচলতে মনৰ কেমেৰাৰে যিমানবোৰ ধৰি ৰাখিছোঁ তাৰ তুলনাত এইবোৰ নগণ্য হ'ব৷ তথাপি ক্লিক কৰিছোঁ, আনক দেখুৱাবলৈকে৷ ফটফটীয়া পানীৰে নৈখনৰ শিলভৰা তলিখন দেখা গৈ আছে৷ পাৰ হৈ কাষৰ পৰিষ্কাৰ ঘাঁহনিত এখন্তেক বহিবৰ মন গ'ল৷ দৃশ্য উপভোগৰ লগতে বনৰীয়া ফুলৰ আৰণ্যক ঘ্ৰাণ ল’লোঁ৷ দেহা-মন শাঁত পেলোৱাৰ অন্তত এসময়ত আটায়ে পকী পথত ভৰি দিলোঁহি৷ যাওঁতে গৈছিলোঁ এটা বাটেদি, ঘূৰি আহিলোঁ অন্য এটাৰে৷ প্ৰায় ৩ ঘণ্টীয়া চাৰ্কুলাৰ ট্ৰেকিং-হাইকিং হৈ গ'ল পুৰণি গোম্পা দৰ্শনৰ সুযোগতে৷ পৰ্বতৰ পাদদেশত দুখন সাঁকোৰে দুবাৰ পাৰ হ'বলৈ পালোঁ সৌন্দৰ্যময়ী য়াৰগ্যাপ চুখন৷ এইখিনিৰ পৰা অাগলৈ উপত্যকাটো ক্ৰমাৎ ঠেক হৈ পৰাটো লক্ষ্য কৰিছোঁ৷

মেন্‌-চু-খাৰ কাষৰীয়া নৈসৰ্গিক দৃশ্যপট চৌদিশে লৈ আমি ঘাঁহনিত বহি জীৱনৰ নিৰ্ভেজাল আনন্দ উপভোগ কৰি থাকোঁতেই গাড়ীচালক পুলিন গগৈ আমাক এৰি গুচি গ'ল৷ উদ্দেশ্য বলেৰ'খন এইফালে যিমান পাৰি আগুৱাই অনা৷ তিনিআলি এটাত ৰাস্তাৰ দাঁতিত তেওঁ দলটোৰ বাবে গাড়ীসহ অপেক্ষাৰত হৈ থাকিল৷ পকা ৰাস্তাটোৰ সিপাৰে প্ৰকল্প এটাৰ অন্তৰ্গত নিৰ্মীয়মান ঘৰ কিছুমান৷ কাম চলি আছে৷ চাংঘৰৰ আৰ্হিত শাৰী শাৰীকৈ সজ্জিত আৰ.চি.চি. ঘৰকেইটা আৰু ল'কেচনটো ভাল লাগিল৷ পিছফালে বৰফাবৃত্ত পৰ্বতৰ লানি, সন্মুখত নৈ, কাষত পাইন বনাঞ্চল৷ সামান্য কোণীয়াকৈ সোঁহাতে পৰ্বতৰ ওপৰত গোম্পা, ৪০০ বছৰ পুৰণি! আন্তৰ্জাতিক সীমান্তৱৰ্তী এইখিনি ঠাইত থাকিবলৈ খুব মজা হ'ব৷ অলপ দূৰ খোজ কাঢ়ি আমি আহি পোৱাৰ পাছত গাড়ীত নিজ নিজ আসন অধিকাৰ কৰাৰ প্ৰচেষ্টা চলিল৷ হাতত ৰৈ যোৱা অৱশিষ্ট কমলা টেঙাটোকে ভাগ-বতৰা কৰি তৃষ্ণা নিবাৰণৰ চেষ্টা কৰা হ’ল৷ সম্পূৰ্ণ এঘণ্টা লাগিল পুৰণি গোম্পাৰ পৰা এইখিনি পোৱালৈকে৷


দিন চাৰি  ৷৷ খণ্ড ৮


সম্বিৎ ফিৰি আহিল যেতিয়া দেম্‌ডাপে দূৰলৈ আঙুলিয়াই নামবোৰ কৈ গ’ল, কোনফালে কি কি গাঁও আছে৷ নিজৰ গাঁওখনো দেখুৱালে৷ আৰু ক’লে যে ঘৰ সাজিবৰ বাবে দুদিনমানৰ ভিতৰতে তেওঁ তালৈ যাব৷ ঘৰটো পাইন কাঠেৰেই সজা হ’ব৷ গাঁওখনৰ সকলো ঘৰেই কাঠৰ৷ ইয়াত বহি আমি যিফালেই নাচাওঁ কিয়, যিমানবোৰ বাসস্থান দেখি আছোঁ সকলো পাইন কাঠৰে; ওপৰত টিনপাত দিয়া৷ দেম্‌ডাপৰ ঘৰটোও তেনেকুৱাই কিন্তু ডাঙৰ আৰু আহল-বহল হ’ব বুলি জনালে৷ মই তেওঁক হ’মষ্টে’ কৰাৰ পৰামৰ্শ দিলোঁ৷ গাঁৱৰ অভ্যন্তৰত তেনেকুৱা হ’মষ্টে’ত কেইদিনমান নিৰলে থাকি প্ৰশান্তি আৰু সৌন্দৰ্য দুয়োটাকে হিয়াভৰি উপভোগ কৰিবলৈ দূৰ-দূৰণিৰ পৰা কষ্ট স্বীকাৰ কৰি হ’লেও আমাৰ দৰে ইচ্ছুক মানুহ কিছুমান নিশ্চয় আহিবই আহিব৷ স্থানীয় লোক-জীৱনক ভিত্তি কৰি প্ৰতিষ্ঠা কৰা গ্ৰাম্য পৰ্যটন প্ৰকল্প ইয়াত সফল হৈছেই বুলি একে আষাৰে ক'ব পাৰি৷

আজিকালি এচাম মানুহে নগৰ-মহানগৰ চোৱাৰ সলনি প্ৰদূষণমুক্ত, ধুনীয়া, এনে ধৰণৰ প্ৰাকৃতিক পৰিৱেশহে পছন্দ কৰা হৈছে৷ আমিও সময়-সুবিধা-সুযোগ পালেই প্ৰকৃতিৰ বুকুলৈ ঢপলিয়াওঁ, জংঘলত এৰাতি কটাওঁ৷ এইবাৰ আহিছোঁ মেন্‌-চু-খালৈ৷ কাৰ্যসূচী অনুযায়ী কাইলৈ আছে জংঘল যাত্ৰা৷ আমাৰ দৰে মানুহৰ আজিকালি ভ্ৰমণ মানে হৈছে Far from the madding crowd, নিৰিবিলি, নিজঞ্জাল, আত্মাৰ শান্তি, মনৰ প্ৰশান্তিৰ গহ্বৰলৈ যাত্ৰা৷ দেম্‌ডাপে মোৰ কথাখিনি মনোযোগেৰে শুনিলে আৰু মূৰ দুপিয়াই গ'ল৷ উৎসাহ যোগাবলৈ মই তেওঁক ক’লোঁ… ‘পাছৰবাৰ আহোঁতে আপোনাৰ ঘৰত থাকিম কিন্তু৷ সোনকালে কাম আৰম্ভ কৰক৷' বাক্যটো শুনি মানুহজন বিৰাট সুখী হোৱা যেন লাগিল৷ উপলব্ধিৰ জেৰ টানি মোৰ মনটোৱেও কৈ দিলে যে মেন্‌-চু-খা ইমান সৰু নহয়, এবাৰতে সমাপ্ত নহ'ব কিজানি৷ চাবলৈ বহুতো বাকী৷ আকৌ নাহিলে নহ'ব৷

কেইবাটাও কাৰণত অৰুণাচল প্ৰদেশৰ মেন্‌-চু-খা খৰতকীয়াভাৱে এক বিৰাট সম্ভাৰপুষ্ট আৰু জনপ্ৰিয় টুৰিষ্ট ডেষ্টিনেছন হৈ পৰিছে৷ প্ৰাকৃতিক সৌন্দৰ্য, শান্ত বনাঞ্চল, বৰফাবৃত্ত পৰ্বত, মোহনীয় য়াৰগ্যাপ্‌ চু আৰু নৈখনৰ দুপাৰ, বন্ধুভাবাপন্ন স্থানীয় জনসাধাৰণ ইত্যাদিসমূহ তাৰ ভিতৰত উল্লেখনীয়৷ পৃথিৱীৰ পৰ্যটন মানচিত্ৰত এই আকৰ্ষণীয় পাৰ্বত্য নিবাসেযে বিশিষ্ট স্থান অধিকাৰ কৰিবগৈ, সেয়াও ধুৰূপ৷ দিনকদিনে প্ৰচাৰ বাঢ়ি আহিছে মেন্‌-চু-খাৰ৷ এড্‌ভেন্‌চাৰ এট্‌ মেন্‌-চু-খাই ইন্ধন যোগাইছে৷ কোনোবাই কৈছে উত্তৰ-পূবৰ চুইজাৰলেণ্ড, কোনোবাই কৈছে প্ৰাকৃতিক ভূস্বৰ্গ, সুপ্ত সৰগ৷ তিনি ঠাই দেখা মানুহৰে কোনােবাই আকৌ তুলনাত্মক অধ্যয়নেৰে কৈছে লাডাখ আৰু কাশ্মীৰৰ সমষ্টি বুলি৷ গুঁইজানত সেই তেতিয়া বেণুদাই বাক্যকেইটা হিচাপ কৰিয়েই কৈছিল যেন মোৰ বোধ হ'ল৷

প্ৰসংগক্ৰমে এই মুহূৰ্তত মনলৈ আহিছে জৰ্জ লুই বোৰ্গেজৰ এটা উক্তি৷ 'মই সদায় এই কথা কল্পনা কৰিছোঁ যে স্বৰ্গ এক ধৰণৰ গ্ৰন্থালয়৷' বোৰ্গেজৰ কল্পনাৰ সৈতে মিলাই মই পতিয়ন গৈছোঁ যে মেন্‌-চু-খাও এক গ্ৰন্থালয়েই হয়৷ কিমান কথা, কিমান ঘটনা-পৰিঘটনাযে সুপ্ত হৈ আছে ইয়াত! ভাবিয়ে অভিভূত হৈছোঁ৷ আহি ৰোমাঞ্চিত হৈছোঁ এই বিশাল সৌন্দৰ্যথলীলৈ৷ এখন এখনকৈ পৰ্দা আঁতৰি গৈ আছে৷ ততোধিক ৰোমাঞ্চিত হৈ পৰিছোঁ৷ জীৱনক জীপাল কৰি তুলিছোঁ প্ৰদূষণমুক্ত পৰিৱেশত য়াৰগ্যাপ চুৰ পাৰৰ নৈসৰ্গিক শোভা পদব্ৰজে উপভোগ কৰি৷ এইটো সঠিক কথা যে এবাৰ আহিলেহে গম পোৱা যাব মেজিক মেন্‌-চু-খাৰ ব্যতিক্ৰমী চৰিত্ৰ৷ গৱেষণাৰ সমল কিমান থূপ খাই আছে সেয়া গৱেষকে ক'ব৷ আমি গৱেষক নহওঁ৷ সত্যসন্ধানী সামান্য পৰিব্ৰাজক, অৰুণাচলপ্ৰেমী৷

গোম্পাৰ সন্মুখত থিয় দিওঁতে দূৰত য়াৰগ্যাপ চুখন, এ.এল.জি.ৰ এয়াৰ ষ্ট্ৰীপটো আৰু ঘৰবিলাক ৰিণি ৰিণি দেখা পাইছিলোঁ৷ আজিৰ তাৰিখৰ ৰূপ এইটো৷ ৪০০ বছৰ পূৰ্বে উপত্যকাটোত পিছে জনবসতি আছিল শূন্য৷ তিব্বতৰ পৰা প্ৰতি বছৰে দুই-তিনি মাহৰ বাবে তীৰ্থযাত্ৰীসকল আহিছিল৷ তেওঁলোকে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি গুহাত আশ্ৰয় লৈ কটাইছিল৷ তেওঁলোকে বিশ্বাস কৰিছিল যে মেন্‌-চু-খা এটা সৰগীয় উপত্যকা, মেন্‌-চু-খালৈ আহিলে তেওঁলোকৰ পাপ খণ্ডন হ’ব আৰু মৃত্যুৰ পাছত স্বৰ্গত প্ৰৱেশ কৰিব পাৰিব৷ সেই হেতুকে ইয়াৰ পৰা তিব্বতলৈ উভতি যোৱাৰ পাছত তীৰ্থযাত্ৰীসকলক তাত উষ্ণ সম্ভাষণো জনোৱা হৈছিল হেনো৷ এই কথাখিনি জনাৰ পাছত, সৰগীয় উপত্যকাটোত পদধূলা দিবলৈ পাই আমাৰো আগতকৈ বেছিকৈয়ে ভাল লাগি গ'ল৷

অঞ্চলটোৰ ভিতৰত বৃহত্তম কায়াৰ বুদ্ধ মূৰ্তি থকা মনাছটাৰীটো আছে দেৰ্‌জিলিং ভিলেজত৷ Rinpoche Kunsang Dechen Rangdolএ দেৰ্‌জিলিং গাঁৱৰ মুখ্য গাঁওবুঢ়াক উক্ত পৱিত্ৰ স্থানৰ চোৱা-চিতাৰ দায়িত্ব দি গৈছিল৷ বৰ্তমান দেৰ্‌জিলিং মনাছটাৰীৰ দায়িত্বত আছে তাচি পিল্‌লেই৷ ইফালে, হ্লালুং ভিলেজত আছে নাহ্‌ চেন্‌দেন্‌ টক্‌৷ স্থানীয় ভাষাত হ্লা মানে ভগৱান, লুং মানে ঠাই৷ 'ভগৱানৰ ঠাই' বুলি ঠাইখনক জনা যায়৷ লামা লড্ৰি গ্যামট্‌চু তিব্বতৰ পৰা তেওঁৰ কুকুৰটো আৰু লাখুটিডালৰ সৈতে আহিছিল৷ তেওঁ আহি দেখিলে যে হ্লালুং অঞ্চলটো ঘন অৰণ্যৰে আৱৰা৷ লামাই ভূমিস্খলনৰ বাবে প্ৰাৰ্থনা কৰিলে যাতে সেই স্থানত মানুহে বসতি কৰাটো সম্ভৱপৰ আৰু সুবিধাজনক হয়৷ তাৰ পাছৰে পৰাই ঠাইখিনিৰ নাম হ’ল হ্লালুং৷ পেমাজিলিঙত থকা এজোপা চন্দন গছক লামাৰ লাখুটিডাল বুলি ভবা হয়৷ আসন আকৃতিৰ শিল এটাক লামাৰ সিংহাসন জ্ঞান কৰা হয়৷ প্ৰতি বছৰে স্থানীয় লোকৰ উপৰি তীৰ্থযাত্ৰীসকলে গছজোপাৰ লগতে সিংহাসনখনক চক্রাকাৰে প্ৰদক্ষিণ কৰাটো পৱিত্ৰ কৰ্তব্য বুলি ভাবে৷ গালিং ভিলেজত আছে taxus baccata plantation৷ এইজোপা হৈছে কেন্সাৰ প্ৰতিৰোধী ঔষধি গছ৷ গৱেষক আৰু আগ্ৰহী ভ্ৰমণকাৰীয়ে বৃক্ষ উদ্যানখনত সোমাই প্ৰয়োজনীয় সমল আৰু জ্ঞান আহৰণ কৰিব পাৰে৷


এঢলীয়া ঘাঁহনিত বহি একেৰাহে ভালেমান পৰ মুক্ত প্ৰকৃতিৰ বিমুগ্ধকাৰী ৰূপ দৰ্শন কৰি হৃদয় জুৰাই লোৱাৰ সমানে সমানে চলা বিভিন্ন আলোচনাৰ অন্তত বেলেগ এটা পথেৰে আমাৰ ওভতনি খোজ আৰম্ভ হ’ল৷ গোম্পা সংযোগী, ভৱিষ্যতৰ যানবাহন চলাচলৰ পথ এইটো৷ নিৰ্মাণ অসম্পূৰ্ণ৷ আৰ্থ কাটিং কেতিয়াবাই হৈ গৈছে৷ বৰ্তমান ৰিটেইনিং ৱাল সজাৰ কাম ঠায়ে ঠায়ে চলাই থকা হৈছে৷ নিশ্চয়কৈ এদিন ওপৰলৈ গাড়ী-মটৰ চলিব৷ এতিয়া অৱশ্যে আমি খোজ কাঢ়িয়েই আহিছোঁ-গৈছোঁ৷

আগলৈ গৈ থাকোঁতে এঠাইত দেৱাল এখনৰ এছোৱা খহি পৰি থকা দেখিলোঁ৷ বৰষুণৰ পানীয়ে ইয়াত ৰাস্তাৰ ক্ষতিসাধন কৰাটো একেবাৰে সহজবোধ্য কথা৷ বেৰখনৰ ক্ষেত্ৰতো সেইটোৱেই কাৰণ৷ অন্য এঠাইত পুৰুষ-মহিলা শ্ৰমিক কিছুমানে কাম কৰি আছে৷ মাজে মাজে সেইফালৰ পৰা ভাহি অহা হাঁহিৰ খলকনিয়ে সহজেই বুজাই দিলে যে কিবা প্ৰসংগ লৈ তেওঁলোকৰ মাজত প্ৰচণ্ড ৰসৰ উদ্ৰেক ঘটিছে৷ খোলা মনৰ আনন্দপ্ৰিয় মানুহবোৰ৷ আকালো নাই, ভঁৰালো নাই৷ হাঁহিৰে জীৱন ৰঙীন কৰিব জানে৷ হিংসাই লাগে দেখিলে৷ জুমটোৰ পৰা উফৰি অহা হাঁহিৰ প্ৰতিধ্বনিয়ে আমাৰ মুখবোৰতো সহজেই হাঁহি বিৰিঙালে৷ পাহাৰীয়া নিৰ্জনতাত প্ৰাণখুলি কিৰীলি পৰাৰ পূৰ্ণ সুযোগ আকৌ ল’লোঁ৷ মেন্‌-চু-খা... ৷ আমাৰ উপস্থিতি চৌপাশে সকলোৱে গম পাই যাওক বুলি সজোৰে মাৰি পঠিওৱা চিঞৰটো পৰ্বতৰ ফাঁকে ফাঁকে সোমালগৈ৷