Friday, 23 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২১)

কিছু দূৰ আগ বাঢ়ি বৰগোহাঁয়ে ৰৈ দিলে৷ মহাসেতুৰ ফুটপাথতে বহি পৰিল৷ ভাগৰত নহয়, অপেক্ষাতহে৷ ভালেখিনি পাছ পৰি ৰোৱা আমাৰ এওঁলৈ চাই ৰিং মাৰিলে, ‘ঐ ভনী, পাৰিবিনে? টান পাইছ নেকি?’ দূৰৰ পৰাই মিচিকিয়াই সিগৰাকীৰ উত্তৰ, ‘নাই নাই, একো অসুবিধা নাই পোৱা দাদা৷ গৈ থাওকচোন আপোনালোক৷’ মই ভেদ ভাঙিবৰ প্ৰয়াস কৰিলোঁ, ‘ঘৰতে শপত খুৱাই অনা হৈছে৷ এতেকে... চিন্তা নাই, আহি থাকিব দিয়ক৷’ এইবাৰ মোৰ ফালে চাই বৰগোহাঁইৰ মিহিকৈ জেৰা, ‘গাড়ী এডোখৰকে লৈ আহিব লাগিছিল নহ’লে, মানুহজনীক কষ্টখন খুৱাইছে আপুনি৷’ মই বোলো, ‘মোৰ গাড়ীও নাই, চলাবও নাজানো৷’ চাফ চাফ তেনেকৈ কৈ দিলত তেওঁ প্ৰথমে পতিয়ন যাবলৈ টান পালে৷ সংযোগী বাক্য আৰু দুই-চাৰিটা কোৱাৰ পাছতহে মানিলে যে অমুকাৰ সঁচাকৈয়ে বাহন-চাহন নাই৷ ঈশ্বৰপ্ৰদত্ত ভৰি দুখনেই সৰ্বস্ব৷ মানুহজনৰ চকুকেইটা উজলি উঠাটো মন কৰিলোঁ৷ 

প্ৰশ্নোত্তৰ আৰু কিছু হ’ল৷ ক'লোঁ, ‘গাড়ী থকা বন্ধুবৰ্গৰ সৈতে কথা পতা হৈ আছিল যে উদ্বোধনৰ পাছদিনাই একেলগে আহিম দলং চাবলৈ৷ পিছে কি হ'ব, কাউন্সিল ইলেক্‌চনৰ বাবে মানুহবোৰ তেনেই জব্দ হৈ গ’ল৷ কোনো ওলাব নোৱাৰে৷ চাকৰি, ৰাজনীতি ইত্যাদি ইত্যাদি কথাত আটাইবোৰ একে সময়তে ব্যস্ত হৈ পৰাত সংগীহীন হ'লোঁ৷ কথাটো এওঁক ক'বলৈহে পালোঁ, ঠেং দাঙিলেই৷ ৰাতিয়েই ৰে'লত উঠি দুয়ো গুচি আহিলোঁ৷ আহি টেম্প'তে আপোনাক লগ পালোঁ৷ তাৰ পাছৰ কাহিনী জানিছেই নহয়৷ একেলগে এয়া, দীৰ্ঘতম দলঙত কদম মিলাই আছোঁ৷' এইখিনি কোৱাৰ পাছত অলপ সময়লৈ চমু বিৰতি৷ তেওঁ নিমাত৷ কাষেৰে গাড়ী দুখনমান পাৰ হৈ গ'ল৷ পৰিৱেশটোলৈ আহি পৰা নিস্তব্ধতাৰ সুযোগ লৈ পুনৰ মুখ খুলিলোঁ মই৷ 'গৈ থাকিলে লংকাও পায় হেনো৷ আমিও সিপাৰ পামেগৈয়ে অলপ পাছত৷ কিহৰ গাড়ীডাল লাগিছেহে? খোজ কাঢ়িয়েই মজা লাগিছে দেখোন৷ দেখাও পাইছোঁ বেছি ভালকৈ৷’

লক্ষ্য কৰিলোঁ, কথাকেইষাৰ শুনাৰ পাছত তেওঁ যেন আগতকৈ আৰু অলপমান অন্তৰংগ হ'ল, মানসিকভাৱে আৰু অকণমান নিকটলৈ চাপিল আমাৰ৷ তেনেকৈয়ে তিনিও গৈ থাকিলোঁ জিৰাই-শঁতাই, ইটো-সিটো আলোচনা কৰি কৰি৷ কোনো খৰ-খেদা নাই৷ মাজে মাজে জিভাৰ তলত সুমুৱালোঁ আমূল ডেইৰী মিল্কৰ টুকুৰা৷ বৰগোহাঁইকো দিলোঁ, নিজেও ল’লোঁ, পৰিবাৰকো দিলোঁ৷ ভোক লাগিলে খাম বুলি তিনিচুকীয়াত বাছত উঠাৰ আগতে কিবাকিবি খোৱাবস্তু অলপ কিনা হৈছিল৷ খোৱাৰচোন নামেই নুলিয়াই কোনেও৷ গৈ থকাৰহে মতলব৷ ক'ৰ পৰানো শৰীৰলৈ শক্তি আহিছে নাজানো৷ খাদ্যসামগ্ৰী ৰাক্‌চেকতে যেনে আছিল তেনেই পৰি থাকিল৷

পিছফালৰ পৰা বাইক লৈ ডেকাল’ৰা এটা হাজিৰ৷ বৰগোহাঁইৰ নিচেই কাষতে ৰ’লহি৷ তেওঁ তালৈ চালে৷ ‘তই গৈ থাক, মই পামগৈ৷ কাৰবি আংলঙৰ আলহীৰ লগে-ভাগে খোজ কাঢ়িয়ে আহি আছোঁ৷ ঘৰত ক'বিগৈ৷’ কথা শুনি ডেকায়ো পালচাৰৰ গিয়েৰ সলালে আৰু কোবেৰে ঢাপলি মেলিলে মসৃণ দলংপথেৰে৷ ল’ৰাটো গুচি যোৱাৰ পাছত বৰগোহাঁয়ে জানিবলৈ দিলে, ‘সেইটো মোৰেই ডাঙৰ ল’ৰা৷ ধলাৰ পৰা আহি আছে৷’ ‘দেউতাকে খোজ কাঢ়ি কাঢ়ি গৈ থকা দেখি তুলি লৈ যাওঁ বুলি ৰৈছিল৷ নুঠিলে কেলেই তাৰ লগত? গুচি যাব পাৰিলেহেঁতেন৷’ মই অলপমান টানি ধৰিলোঁ৷ ‘নাই, আজি এনেকৈ গৈহে ভাল লাগিছে৷ আপোনালোকৰ লগত আহি মোৰো এটা বিৰল অভিজ্ঞতা হৈছে৷ নহ’লেনো ক’ত আৰু ইমান দূৰ খোজেৰে অহা হয়? ভাগ্যে লগালগি হ'লোঁ দেই আমি৷ ঈশ্বৰে মিলালে বুইছে৷ আজিৰ দিনটো কিন্তু মনত থাকিব৷ আপোনাৰ ফোন নম্বৰটো দিবচোন পাছত৷’

আমি মাজপানী পালোঁহি৷ সময়নো কিমান হৈছে বুলি চাওঁতে স্পষ্ট হ'ল যে অথনি জিৰ' পইণ্টত আল্ট্ৰাখনৰ পৰা নমাৰ পাছত এতিয়ালৈকে ১ ঘণ্টা ১০ মিনিট আহিলোঁ৷ ম'বাইল হেণ্ডছেটৰ পেড'মিটাৰটোও সেই তেতিয়াই সক্ৰিয় কৰি লোৱা হৈছিল৷ উত্তেজনা আৰু আনন্দত ৰিডিংটো নোট কৰিবলৈ পাহৰিয়েই থাকিলোঁ৷ দলঙৰ বাঁওকাষৰ ৰেলিঙত ভেজা দি একেথৰে চাই থাকিলোঁ ধলা, ছৈখোৱা ঘাটৰ ফালে দূৰ দিগন্তলৈ৷ নদীৰ নাম, বৈশিষ্ট্য, গতিপথ, পৰিচ্ছেদিকা, চৰ-চাপৰি, জলপ্ৰৱাহ, বানপানী, জলপৃষ্ঠ, বেদিকা, গেদ পৰিৱহণ, গৰা-খহনীয়া, সুঁতিৰ পৰিৱৰ্তন, নৈপৰীয়া জীৱন আদি নদীকেন্দ্ৰিক অনেক শব্দই একে সময়তে মগজুত খুন্দিয়ালেহি৷ কিছুপৰ থাকিলোঁ তেনেকৈয়ে৷ John Dyerৰ কবিতাৰ পংক্তিও আওৰালোঁ নীৰৱে৷
And see the rivers how they run
         Through woods and meadows, in shade and sun
         Sometimes swift, sometimes slow,
         Wave succeeding wave, they go
         A various journey to the deep,
         Like human life to endless sleep!

ধলাৰ ছৈখোৱা ঘাট৷ শদিয়াৰ কুণ্ডিল ঘাট৷ সেই পাৰঘাটবোৰ এতিয়া ইতিহাস হোৱাৰ পথত৷ যুগ যুগ ধৰি ফেৰীসেৱাই আছিল সৰ্বসাধাৰণৰ বাবে যাতায়াতৰ একমাত্ৰ সম্বল৷ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ, দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰলৈ লোহিতৰ বহল বক্ষইদি বছৰ বছৰ জুৰি পুৱাৰে পৰা গধূলিলৈকে ৰুটিনমাফিক চলাচল কৰি থকা চৰকাৰী-বেচৰকাৰী ফেৰী, মাৰনাও, টুলুঙা পানচৈবোৰৰ কেনিও এখনোৱেই চকুত নপৰিল৷ বিষাদৰ সুৰ বুকুত লৈ কালি বৃহস্পতিবাৰে ধলাৰ পৰা শদিয়ালৈ বুলি অন্তিম যাত্ৰা কৰিছিল অগ্নিগড় ফেৰীয়ে৷ খবৰটো পাইছিলোঁ মই৷







Thursday, 22 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২০)

লাহে লাহে আৰু আগুৱালোঁ আমি৷ কালি এইখিনিতেই চলিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ ফটো চেছন৷ ক'লা ৰে'ঞ্জ ৰ'ভাৰখনৰ পৰা নমাৰ পাছত লগত কাকো আগ বাঢ়ি আহিবলৈ নিদি অকলে অকলে তেওঁ ভালেকেইখোজ গুচি গৈছিল উত্তৰ পাৰৰ ফালে৷ লোহিতৰ অনুপম প্ৰাকৃতিক নৈসৰ্গত এখন্তেক অকলশৰীয়া হোৱাৰ আগ্ৰহ দেখি আমাৰো ভাল লাগিছিল৷ চাগৈ, অনুভৱ কৰিব বিচাৰিছিল নতুন দলংখনৰ হৃদয়ৰ নিভৃত কথা৷ টিভিত দেখিছিলোঁ, কাষলৈ গৈ ৰেলিঙত ভেজা দি তেওঁ পানীলৈ চাইছিল একান্তমনে৷ নিবিড়ভাৱে বোধ হয় কথা পাতিছিল তলেৰে বোৱা সুবিশাল জলধিৰ সৈতে৷ তাৰ পৰাই জানিব খুজিছিল উপৰ্যুপৰি অনেক দুখ-কষ্টৰ সন্মুখীন হৈ অহা এই অঞ্চলৰ মানুহবোৰৰ মনৰ বতৰা৷ অলপ পাছত ইফালৰ পৰা সিফাললৈ আহিছিল৷ লোহিতৰ আত্মাক অনুধাৱন কৰাৰ প্ৰয়াস কৰিছিল তেওঁ৷ নদীখনৰ সংস্পৰ্শত এক বিৰল সুখানুভূতিৰ মাজত আপোন পাহৰা হোৱা যেন লাগিছিল তেওঁক৷ বাঁওহাতখন দাঙি কিবা ইংগিত দিছিল৷ বোঁৱতী পানীৰ সোঁতত প্ৰধান মন্ত্ৰীজনে বিচাৰি আছিল চাগৈ চীনৰ খবৰ৷ লোহিতখন চীন দেশৰ পৰা নামি আহিছে৷ ভাৰতৰ অন্তিম পূব মূৰৰ পৰা বৈ আহি এইখিনি পাইছে৷ ভূপেন হাজৰিকা মহাসেতুৰ ওপৰত ৰাজ্যপাল, মুখ্য মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে এখন্তেক অন্তৰংগ আলাপ কৰাৰ পাছত ৰোমাঞ্চকৰ এক যাত্ৰাৰ সজীৱ অনুভূতি অন্তৰত বান্ধি প্ৰধান মন্ত্ৰীৰ কনভয় উভতিছিল৷ আমিও এতিয়া ৰৈ দিছোঁ সেই ঠাইতে৷ ইফালে-সিফালে চাইছোঁ৷ ফটো তুলিছোঁ৷ চিন্তা কৰিছোঁ, এই নদীক মোদীজীয়ে কিয় ব্ৰহ্মপুত্ৰ বুলিলে? প্ৰশ্নটোৱে বাৰে বাৰে মগজুত খুন্দিয়াই থাকিল৷ লগতে দলঙৰ দুৱাৰমুখতে সজাই ৰখা মাৰ্বলৰ ফলকখন, য'ত ব্ৰহ্মপুত্ৰ বুলি উল্লেখিত হৈছে৷ এইখন লোহিতহে, ব্ৰহ্মপুত্ৰৰ পূবৰ উপনৈ৷ এখোজ দুখোজকৈ তিনিও আকৌ আগুৱাবলৈ উদ্যত হ'লোঁ৷


দুয়োটা পাৰলৈ দৃষ্টি সলাই সলাই দৃশ্যাৱলী উপভোগ কৰি পদযাত্ৰাৰ আমেজ লৈ আছোঁ৷ আমি খোজ কাঢ়ি ভাল পোৱা মানুহ৷ মানুহে কয়, শদিয়াৰ পৰা ধুবুৰীলৈ এপাক মাৰিলে হেনো গোটেই অসমখন ঘূৰা হয়৷ শদিয়া, য’ত এটা মূৰৰ পৰা অসম নামৰ ভূখণ্ডৰ আৰম্ভণি হৈছে৷ আইডিয়া এটা ঘপহকৈ মনলৈ আহিল৷ খোজ কাঢ়িব নোৱাৰা, যান-বাহনৰ পৰা নামিব নোখোজাসকলে দলং হোৱাৰ সুবিধাতে এতিয়া এটা কাম কৰিবলৈ নিশ্চয়কৈ উৎসাহ লভিব৷ শদিয়াত উঠি একেবাৰে ধুবুৰীত গাড়ীৰ পৰা নামিবগৈ পাৰিব৷ নাইবা ওলোটাটো৷ উত্তৰ পাৰ, দক্ষিণ পাৰ মিলাই নন্‌ষ্টপ অসম ৰাজ্য পৰিক্রমা, ৰ'ড ট্ৰিপ মৰাৰ সোণালী সুযোগ এটা আনি দিলে এই দলঙে৷ খোজ কাঢ়িয়ে ভাল লাগে যদিও গাড়ী থকা কোনো বন্ধুৱে কৃপা কৰিলে লগে-ভাগে মিলি এই কামফেৰা কৰি চোৱাৰ গুপুত হাবিয়াহ এটা মোৰো নথকা নহয় অৱশ্যে৷ নতুন দলঙত আকৌ কেইমুহূৰ্তমান ৰৈ অকলে অকলে অংক কৰিছোঁ, কেতিয়াকৈ মিলাব পাৰিম সময়, সুযোগ, সুবিধা? এটা ভ্ৰমণে আন এটা ভ্ৰমণ ৰচনাত এইদৰেই আমাক প্ৰোৎসাহিত কৰে৷ ভ্ৰমণকাৰী ৰৈ থকা ভকত নহয়৷ গৈ থাকিব বিচাৰে৷ সুগম, দুৰ্গম কথা নাই৷ ৰাস্তা-দলং থাকক বা নাথাকক কথা নাই৷ ৰাষ্ট্ৰীয় ঘাইপথ, ভূপেন হাজৰিকা দলঙৰ দৰে ঐতিহাসিক সেতুবন্ধন হৈ গ’লেতো কথাই নাই আৰু৷ শদিয়াৰ পৰা ধুবুৰী, ঘূৰি ধুবুৰীৰ পৰা শদিয়া৷

ইফালে-সিফালে ভুমুকিয়াই আৰু ভাবিছোঁ, চীনৰ দৰে বৃহৎ শক্তিক প্ৰতিহত কৰিবলৈ সীমান্তলৈ যোগাযোগ ব্যৱস্থাৰ শীঘ্ৰ উন্নতি সধাটো ভাৰত চৰকাৰৰ অৱশ্যকৰণীয় আছিল৷ পলমকৈ হ’লেও কথাটো প্ৰতিফলিত হ’ল, এইখন মহাসেতু নিৰ্মাণৰ ক্ষেত্ৰত৷ দেশৰ ভিতৰতে এয়া বৃহত্তম আৰু শক্তিশালী পৰিকাঠামো বুলি পৰিগণিত হৈছে৷ ইফালে ২০০৪ চনত পৰশুৰাম কুণ্ডত লোহিতৰ ওপৰত দলং হৈছে৷ অৰুণাচলৰ ভিতৰত দীৰ্ঘতম সেইখন দলং৷ আলুবাৰীতো দলং হ’ল ২০১৬ চনত৷ তাৰ আগতে দেখিছিলোঁ, বাৰিষা আলুবাৰী হৈ পৰে এখন সাগৰ৷ বন্ধ পায়ো মোৰ অৰুণাচলী সহপাঠী বন্ধু ঘৰলৈ নাযায়৷ অন্য ছাত্ৰৰ অনুপস্থিতিত খালী হৈ পৰা হোষ্টেলতে আলু-কচু খাই থাকি যায়৷ আজিৰ পৰা ২৪ বছৰৰ পূৰ্বে তাৰ সৈতে তেজুলৈ প্ৰথমবাৰ যাওঁতে আলুবাৰীয়েদিয়ে গৈছিলোঁ৷ লোহিত, ডিগাৰু, কামলাং পাৰ হৈ সেয়া আছিল অনিশ্চয়তাৰে ভৰা অতি ৰোমাঞ্চকৰ এক যাত্ৰা৷ এতিয়া তেনেকুৱা দুঃসাহসিক আনন্দ বোধ হয় আৰু নহ’ব৷ কাৰণ সেইবাটে ২.৯০ কিল’মিটাৰ দৈৰ্ঘৰ দলং নিৰ্মাণ কৰি পেলােৱা হ’ল৷ অত্যন্ত লেহেমীয়াকৈ হ'লেও নৱযুগেই কৰিলে৷ তাতো কৰিলে, ইয়াতো কৰিলে৷ দলঙে যাত্ৰা সুগম কৰিছে ঠিকেই, বিপৰীতে, আমাৰ দৰে এড্‌ভেন্সাৰ ভাল পোৱা, ভ্ৰমণ-পীড়াই বাৰে বাৰে ধৰাশায়ী কৰা মানুহে কিন্তু নিৰ্ভেজাল আনন্দ কিছুমান জীৱনৰ পৰা হেৰুৱালোঁ৷ শদিয়া-ছৈখোৱা, ছৈখোৱা-শদিয়া পানীৰে পাৰাপাৰ হোৱাটোও জানো বিপদসংকুলতা ভাল পোৱা, দুৰ্জেয় মানুহৰ বাবে কমখন ৰোমাঞ্চকৰ কথা আছিল? বুজাইহে বুজিব এইবোৰ৷ অতএব দলং হোৱাটোক সমৰ্থন কৰিও, মানুহৰ বিপদসংকুল জীৱন সংগ্ৰামখনৰ যৱনিকা পৰাটো নিৰ্বিবাদে মানি লৈও, অৱহেলিত শদিয়াৰ অনগ্ৰসৰতা আৰু অৱসাদৰ অন্ত পৰাত পূৰ্ণ আনন্দ প্ৰকাশ কৰিও এই কথা খোলাখুলিকৈয়ে ক’ব বিচাৰিম যে দলঙে তাৰ মুদা মাৰিলে৷ এতিয়া নতুন ৰোমাঞ্চ বিচাৰি উলিয়াব লাগিব আমি৷















Wednesday, 21 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৯)

জিৰ’ পইণ্টৰ দিশৰ পৰা ধেনুভিৰীয়াকৈ পাক লৈ ক্রমাৎ উঠি অহা অতিকায় দলংখন এইডোখৰৰ পৰা আগলৈ পোন দেখা গৈছে৷ মাটি আৰু পানীৰ সংযোগস্থল পালোঁহি আমি৷ ওপৰৰ পৰা তললৈ চালোঁ৷ খুঁটাবোৰত নম্বৰ লিখা আছে৷ P52 খুঁটাটো পানীত আছে৷ P51 বামত৷ দলংখনত মুঠ খুঁটা ১৮২টা আছে বুলি পঢ়িবলৈ পাইছোঁ৷ টেলিভিচনৰ পৰ্দাত কালি লিখা দেখিছিলোঁ ১৮৩টা বুলি৷ খোকোজা এটা তেতিয়াই ৰৈ গ'ল৷ সি যি কি নহওক, কেৱল দীৰ্ঘতাৰ অংকৰেই নহয়, খুঁটাৰ সংখ্যাৰেও অভিলেখ ৰচিছে হেনো ধলা আৰু শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৱে৷ প্ৰতিটো খুঁটাতে প্ৰয়োগ কৰা হৈছে ভূমিকম্প প্ৰতিৰোধী অত্যাধুনিক প্ৰযুক্তি কৌশল৷ দুটা খুঁটাৰ মাজৰ দূৰত্ব ৫০ মিটাৰ বুলি কোৱা হৈছে৷ তেনেকুৱা ফাঁকবোৰ এতিয়া আমাৰ চকুৰ সন্মুখত৷

একে উৎসাহেৰে দৌৰ মাৰি গৈ বিপৰীত পাৰেও চালোঁগৈ৷ ব্ৰহ্মপুত্ৰক ধিয়াই বৈ আছে ভাৰতৰ অন্তিম পূবৰ পৰা বাগৰি অহা লোহিতখন৷ পাৰত লগাই নাও এখন বন্ধা আছে খুঁটি এটাত৷ মানুহ-দুনুহ হ’লে নাই৷ ভিতৰভাগৰ আধালৈকে পানী৷ দেখিয়েই মোৰ ধাৰণা হ’ল যে এই নাও এতিয়া এলাগী হ’ল! অদূৰত আৰু দুখন দেখিলোঁ৷ পানীত নহয়, বামত৷ কুৰুৱা বতাহে নাৱৰীয়াৰ অস্থায়ী বহাটোৰ চালি দুখন কেতিয়াবাতে উৰুৱাই উৰুখা কৰিলে৷ গৰাকীৰ খবৰ আছেনে নাই নাজানো৷ দীৰ্ঘকাল পাৰ কৰা বিপদসংকুল জীৱন-যাত্ৰাৰ বিকল্প পাই গ’ল নিশ্চয়, দলং হৈ উঠাৰ লগে লগে৷ কিছু নিলগত গৰু, ম’হ, ছাগলী এপালমান চৰি আছে আপোনমনে৷ সেউজকোমল ঘাঁহনিত সিহঁতৰ মুখবোৰ৷ তাতো যেন কিবা এক আনন্দৰ বহিঃপ্ৰকাশ!

বতৰটো মুকলি বুলিব নোৱাৰি৷ বৰষুণ এতিয়ালৈকে পৰা নাই যেনিবা৷ কিন্তু শংকা নথকা নহয়৷ আমাৰ ছাতিকেইটা পিঠিত ওলমি থকা ৰাক্‌চেকৰ তলত অকামিলা হৈ পৰি আছে৷ থাকক তেনেকৈয়ে৷ বৰষুণ অহাটো কামনা কৰা নাই৷ এতিয়াও যাবলৈ আছে বহুদূৰ৷ ৰ’দ নথকাটো খোজ কঢ়াৰ বাবে কিন্তু ভাল হৈছে৷ মূৰৰ ওপৰৰ বিশাল আকাশখনলৈ চালোঁ৷ অৰুণাচলৰ পাহাৰৰ সমীপৱৰ্তী হেতুকে এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ বেছি৷ তাৰ বাবে দলংখন সম্পূৰ্ণ কৰাত বিলম্ব হোৱা বুলি এন.ই.চি.এল.ৰ তৰফৰ পৰা কোৱা হৈছিল৷ আনহাতে মোদীজীয়ে কালি ভাষণত কৈছিল যে অটল বিহাৰী বাজপেয়ীজী ২০০৪ চনত ক্ষমতালৈ অহা হ’লে ধলা-শদিয়াবাসীয়ে এক দশকৰ আগতে দলংখন পালেহেঁতেন৷ ভাবিলোঁ, তেনেকুৱা হোৱা হ'লে ১০ বছৰত কিমান কিযে পৰিৱৰ্তন আহিলহেঁতেন ক'লীয়াপানী, ঘোঁকট, অজান্তি-মুলুক আদি বদনামৰ উপৰি বদনাম থকা এইফালৰ ঠাইবোৰলৈ! 'শদিয়ালৈ নাযাবা, সটফুল নাখাবা'ৰ ঠাইত মানুহৰ মুখত তেতিয়াই উচ্চাৰিত হ'লহেঁতেন 'মা আমি শদিয়ালৈ যামেই', পলমকৈ হ'লেও যিটো এতিয়া ঘটিছে৷ অন্ততঃ অপেক্ষাৰ মিঠা ফলটো খাবলৈ পোৱা গ'ল যেনিবা৷ ২,০৫৬ কোটিৰ বিনিময়ত বাজপেয়ীৰ স্বপ্ন সাকাৰ হ'ল৷

যান-বাহনৰ সংখ্যাটো এক-দুইকৈ বৃদ্ধি পাবলৈ ধৰিছে৷ অ'ত-ত'ত কাৰ-বাইক, বলেৰ'-বুলেট ৰখাই দলং চাইছে, লোহিত চাইছে মানুহবোৰে৷ গ্ৰুপ ফটো তুলিছে, ছেল্‌ফী লৈছে, ৰং-তামাচা কৰিছে৷ এটা পৰিয়ালৰ সৈতে অহা বড়ো পৰম্পৰাগত সাজ পৰিহিতা বয়সস্থ মাতৃ এগৰাকীক সম্ভাষণ জনালোঁ৷ অৰুণাচলৰ চৌখামৰ পৰা আহিছে, সপোনৰ দলংখন চাবলৈ৷ লোহিত জিলাৰ চৌখাম এচিয়াৰ ভিতৰতে সবাতোকৈ ধনী গাঁও হিচাপে গৰিমামণ্ডিত৷ অৰুণাচল চৰকাৰৰ চাইনব'ৰ্ড নেদেখিলে ম্যানমাৰ কিম্বা থাইলেণ্ডৰ ভিতৰুৱা জেগা যেনেই লাগে৷ থাইলেণ্ড ভ্ৰমণ কৰোঁতে যেনি-তেনি দেখা পোৱা সোণালী দৃশ্যপটবোৰৰ সৈতে চৌখামৰ আংশিক সাদৃশ্য ময়ো তালৈ যাওঁতে লক্ষ্য কৰিছিলোঁ৷ এতিয়া মানুহগৰাকীৰ মুখখনলৈ চাই ভাবিলোঁ, কিমানযে হেঁপাহ! বয়সেও হাৰ মনাব পৰা নাই বুঢ়ীক৷ একেই হেঁপাহেৰে আমিও আহিছোঁ ৩৫০ কিল'মিটাৰমান আঁতৰৰ পৰা৷

শ্ৰীমতী বেগমে খোজ বঢ়াই আছে৷ কি ভাবি ভাবি গৈ আছে নাজানো৷ যান-বাহন নথকাৰ সুযোগত দলঙৰ সোঁমাজত ৰৈ আকাশলৈ দুহাত প্ৰসাৰিত কৰি আনন্দ প্ৰকাশক মুদ্ৰা দেখুৱালে, বোধ হয় ফটোৰ বাবে৷ দূৰৰ পৰাই মই কেমেৰাটো টোঁৱালোঁ যদিও শ্বাটাৰ হ’লে এবাৰো টিপা নাই৷ ফটো তুলিছোঁ কেৱল দলং আৰু চৌপাশৰহে৷ মই কিম্বা তেওঁ য’ত এজনো নাই৷ ডক্টৰ ভূপেন হাজৰিকা দলং, লোহিত নদীৰ বিশালতাৰ সন্মুখত আমিবোৰ তেনেই নগণ্য প্ৰাণী৷







Tuesday, 20 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৮)

লোহিতৰ বগা পানী এইখিনিৰ পৰা ৰিণিকি ৰিণিকি দেখা পাই আছোঁ৷ আমাৰ বাঁওহাতে তললৈ কেঁচা ৰাস্তা এটা৷ ঘাটলৈকে গৈছে চাগৈ৷ ৰাস্তাৰ দাঁতিত এটা নামঘৰ৷ তাৰ সন্মুখতে টিউবৱেলত দুজন লোকে হাত-ভৰি পখালি আছে৷ অৰুণাচলৰ পাহাৰত প্ৰৱল বৃষ্টিপাত হ’লে হিল-দ’ল ভাঙি নামি অহা বাঢ়নী পানীৰ ধলে বিস্তীৰ্ণ অঞ্চল নিমিষতে জলমগ্ন কৰি পেলায়৷ লোহিত, দিবাং, দিহাং আৰু আন আন উপনৈবোৰৰ সমন্বয়ত সিফালে ব্ৰহ্মপুত্ৰই কালৰূপ ধৰে৷ অদূৰত এটা মথাউৰি চকুত পৰিছে৷ তাকে আশ্ৰয় কৰি বাঁহগছ, কলগছৰ মাজে মাজে টিনপাত লগোৱা কেঁচামাটিৰ ঘৰ কিছুমান৷ বিদ্যুৎ সংযোগ আছে এইফালে৷ খুঁটা আৰু তাঁৰ দেখিছোঁ৷

দূৰৈত দলঙৰ কেঁকুৰিটো৷ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ ৰঙা বাছ এখন আকৌ ওলালহি৷ এইবাৰ শদিয়াৰ দিশৰ পৰা৷ কত যুগৰ অপেক্ষাৰ অন্তত, কত বিপদ-বিঘিনিৰ দিন-ৰাতি পাৰ হোৱাৰ পাছত পোৱা গৈছে এনেকুৱা চিন্তাহীন আৰামদায়ক যাত্ৰা, এ.এছ.টি.চি. লাক্‌চাৰী ক’চ্চ৷ শদিয়া এতিয়া মূল ভূখণ্ডৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ পৰিল৷ তাৰ আগতে কিন্তু শদিয়াৰ মানুহখিনিৰ কি দুৰৱস্থা আছিল, তালৈ নোযোৱা মানুহে নুবুজিব৷ আগতে এবাৰ ভৰি দিয়েই সেয়া অনুধাৱন কৰি থৈছোঁ৷ পুৰণি শদিয়া, শদিয়া ঘাট আদিৰ যাত্ৰাপথৰ বিড়ম্বনা বুজি থৈছোঁ৷ এতিয়াহে সকাহ আৰু দীৰ্ঘনিশ্বাস৷

সেৰেঙাকৈ অন্য গাড়ী কিছুমানো আহ-যাহ কৰিব ধৰিছে৷ ওচৰ চাপি অহাত বাছখনলৈ চালোঁ৷ যাত্ৰাকালত টোপনিওৱাৰ অভ্যাস থকাসকলৰ বাবে ৯.১৫ কিল’মিটাৰৰ নিশ্চিত সুখনিদ্ৰা এটা৷ আনহাতে, সাৰ পাই থকাসকলৰ বাবে ৯.১৫ কিল’মিটাৰৰ এক অভূতপূৰ্ব আৰু উত্তেজনাপূৰ্ণ সুখযাত্ৰা৷ দেখিলোঁ, যাত্ৰীসৱৰ মুখবোৰত সন্তুষ্টি আৰু হাঁহিৰ ৰেশ, আগৰ বাছখনৰ দৰেই৷ চকুবোৰত দলঙেৰে পানী অতিক্রম কৰাৰ নতুন উৎকণ্ঠা৷ কেবিনত বহাজনৰ হাত ম’বাইলৰ বুটামত৷ তাৰ মানে ইয়াতো ভিডিঅ’ ৰেকৰ্ডিং চলি আছে ভূপেন হাজৰিকা সেতুৰ৷ কম সময়তে হৈ যাব আপল'ড৷

ভূপেন হাজৰিকাৰ জন্মস্থান শদিয়া পোৱাৰ ১৭ কিল’মিটাৰমান আগত অৱস্থিত এই মহাসেতু৷ জানিবলৈ পাইছোঁ যে বিশ্বভ্ৰাতৃত্ব আৰু বিশ্বশান্তিৰ প্ৰবক্তা, অমৰ সংগীত সাধকগৰাকীৰ জীৱনজোৰা সাধনাক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াসেৰে এই সেতুখনৰ সমীপত অচিৰেই আঞ্চলিক সাংস্কৃতিক সমন্বয় ক্ষেত্ৰ এখন চৰকাৰী পৃষ্ঠপোষকতাত গঢ়ি তোলা হ’ব৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতিক উক্ত ক্ষেত্ৰখনে একে ঠাই কৰাৰ উপৰি উত্তৰ-পূববাসীৰ সদ্ভাৱ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে৷ নিশ্চয়কৈ এটা উত্তম প্ৰস্তাৱ৷

সুধাকণ্ঠৰ চিন্তা-চৰ্চাক আগুৱাই নি অসম তথা উত্তৰ-পূব প্ৰান্তৰ স্বকীয় কৃষ্টি-সংস্কৃতিক ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগতে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰা তথা নৱপ্ৰজন্ম যাতে শিপাৰ পৰা বিচ্ছিন্ন হৈ নাযায় সেই উদ্দেশ্য সন্মুখত লৈয়ে সমন্বয় ক্ষেত্ৰখনি নিৰ্মাণ কৰা হ'ব বুলি অসম চৰকাৰে সদৰি কৰিছে৷ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণােৱাল ডাঙৰীয়াৰ ভাষাত, ‘অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নানা জাতি, উপজাতিৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিক সংগীতৰ মাধ্যমেৰে প্ৰকাশ কৰি ডক্টৰ ভূপেন হাজৰিকাই সমন্বয়ৰ বান্ধোন সুদৃঢ় কৰিছিল৷ সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজতো সংগীতৰ মাধ্যমেৰে ডক্টৰ ভূপেন হাজৰিকাই দিয়া একতাৰ বাণীসমূহে কেৱল সাংস্কৃতিক জগতকে নহয়, মানৱীয় প্ৰমূল্যবোধ গঢ়াৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ ২৬ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ আৰ্থ-সামাজিক জীৱনধাৰা তথা দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পৰা ধলা-শদিয়া সংযোগী দলং ৰাষ্ট্ৰ নামত উছৰ্গা কৰাৰ উপৰি ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বিষয়৷ ভূপেন হাজৰিকা দলং এখন প্ৰত্যাশাৰ সেতু৷ এই দলঙে অসম আৰু অৰুণাচলৰ মাজত যাতায়াত ব্যৱস্থা সুচল কৰি মনৰ মিলনৰ সেতু গঢ়িব৷ এই দলঙৰ সমীপতে ৰাজ্যখনৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতি তথা উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ স্বকীয় মহিমাৰে মহিমামণ্ডিত কৃষ্টি-সংস্কৃতি প্ৰতিফলিত কৰিব পৰাকৈ এখন সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই প্ৰস্তাৱিত সমন্বয় ক্ষেত্ৰই দেশ-বিদেশৰ পৰা অসমলৈ অহা পৰ্যটকসকলৰ সন্মুখত অসম তথা উত্তৰ-পূবৰ সাংস্কৃতিক জীৱন প্ৰবাহৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱাৰ উপৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সমন্বয়ৰ বান্ধোন অধিক সুদৃঢ় কৰিব৷’

এনে ঘোষণাই স্বাভাৱিকতে সকলোকে আনন্দিত কৰাৰে কথা৷ প্ৰকল্পৰ যথাযথ ৰূপায়ণৰ বাবে আনৰ লগতে আমিও অনাগত দিনলৈ আগ্ৰহেৰে বাট চাই থাকিম৷ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ মুকলি হোৱাৰ লগে লগে নিশ্চয়কৈ আকৌ এবাৰ লোহিতৰ পাৰলৈ আহিবলৈ ৰৈ নাথাকিম৷ ইয়াৰ নৈসৰ্গিক পৰিৱেশ, দেশৰ দীৰ্ঘতম দলং আৰু এতিয়া ৰিং এটাৰ বাট হৈ পৰা শদিয়াৰ সৈতে যোগ হ’বলগীয়া উক্ত সমন্বয় ক্ষেত্ৰখন যিকোনোজন ভ্ৰমণকাৰীৰ বাবে আকৰ্ষণৰ হেতু হৈ পৰিব৷ কোনো ধৰণৰ ধৰ-পাকৰ নথকাত আপোনমনে খোজ কাঢ়ি গৈ থাকোঁতে চিন্তা কৰিছোঁ আৰু কি কি গঢ়ি তুলিব পৰা যায় এই দলং আৰু নৈক ভিত্তি কৰি৷






শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৭)

লোহিতৰ ওপৰত নিৰ্মিত দেশৰ ভিতৰতে দীৰ্ঘতম দলংখন উদ্বোধন কৰাৰ লগে লগে আৰ্থ-সামাজিক, ৰাজনৈতিক-সামৰিক দিশত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে বিবেচিত হৈছে৷ ভূপেন হাজৰিকা সেতুৱে সিপাৰৰ শদিয়াক ৰিং এটাৰ বাটত পৰিণত কৰিলে বুলি বিভিন্নজনে কৈছে৷ যুগ-যুগান্তৰ ধৰি একাষৰীয়া হৈ ৰোৱা শদিয়াৰ সৈতে যাতায়াত ব্যৱস্থা এতিয়া সুচল হৈ উঠিল৷ শদিয়ালৈ উভতি নাহো দুনাই বুলি কাণত ধৰি শপত খাই থোৱাসকলে সিদ্ধান্ত আৰু মনোভাব সলাবলৈ বাধ্য হ'ল৷ নৌকা যাত্ৰাৰে নিতৌ বিপদৰ সৈতে খেলা কৰি ইপাৰ-সিপাৰ হোৱা শদিয়াবাসী, অৰুণাচলবাসী লোকসকলে হাততে সৰগ ঢুকি পালে৷

ইতিপূৰ্বে প্ৰকাশিত এটা তথ্যত দলংখনৰ পৰা শদিয়াৰ দিশে প্ৰায় ১.২০ লাখ আৰু অৰুণাচল প্ৰদেশৰ দিশে প্ৰায় ১ লাখ লোক উপকৃত হ’ব বুলি জানিবলৈ পাইছোঁ৷ সেই হিচাপে চাবলৈ গ’লে ২,২০,০০০ সংখ্যক মানুহক উপকাৰ কৰিব এই দলংখনে৷ প্ৰতিৰক্ষা, চিকিৎসা, শিক্ষা, পৰ্যটন, ব্যৱসায়, সীমান্ত বাণিজ্য, যোগান ব্যৱস্থা, উদ্যোগিক উন্নয়ন ইত্যাদি বিভিন্ন দিশত এতিয়া আগতকৈ সুচলতা আৰু খৰতকীয়া ব্যৱস্থাপনা উপলব্ধ হ’ব৷

আশা কৰা হৈছে যে নতুন দলংখনে অসম-অৰুণাচলৰ মাজৰ বাণিজ্যিক সম্পৰ্কক নতুন গতি দিব৷ দক্ষিণ-পূব এচিয়াৰ দেশসমূহৰ সৈতে যোগাযোগ সম্ভৱ হৈ উঠিলে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱিক আদাই বিশ্বৰ বজাৰ সহজে পাবগৈ৷ দলংখনে এনেদৰে কেৱল অঞ্চলটোৰ জনসাধাৰণৰ বহুদিনীয়া সপোন বাস্তৱায়িত কৰাই নহয়, ভাৰতৰ সুৰক্ষাৰ পিনেও অতি গুৰুত্বপূৰ্ণ ভূমিকা আগ বঢ়াব, যিহেতু দলংখনৰে সংযোগী অৰুণাচল প্ৰদেশৰ চীন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা সংযুক্ত হৈ আছে৷ অসম আৰু অৰুণাচল প্ৰদেশবাসীৰ যাতায়াতৰ ক্ষেত্ৰত দলংখন যিমান দৰকাৰী সিমানেই দৰকাৰী আছিল দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো৷

এইটো সকলোৱে জানে যে চীনে বিভিন্ন সময়ত ভাৰতৰ প্ৰতি শত্ৰুতাৰ মনোভাব পোষণ কৰি আহিছে৷ ভূপেন হাজৰিকা সেতু মুকলি হৈ যোৱাৰ আগে-পাছে ৰঙা চীনৰ নিৰন্তৰ সকীয়নি আহিছে ভাৰতলৈ৷ সতৰ্ক কৰি দিছে ভাৰতবৰ্ষক৷ অৰুণাচল প্ৰদেশত আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত সাৱধানী আৰু সংযমী হ’বলৈ হুমকি দিছে৷ চুবুৰীয়া চীনে ভৱিষ্যতে ভাৰতৰ লগত পুনৰবাৰ যুদ্ধত লিপ্ত হ’লে শত্ৰুক ভেটিবলৈ এই দলংখনে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে৷ ৰণকৌশলগত কাৰণত দলংখন ভাৰতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷ কিয়নো ইয়াৰ ভৰ বহন ক্ষমতা ৬০ টন পৰ্যন্ত৷ গতিকে ইয়াৰ ওপৰেদি যুদ্ধৰ গধুৰ গধুৰ সা-সৰঞ্জাম আনকি টেংকো অনায়াসে পাৰ হৈ যাব পাৰিব৷ তাকে লৈ মূৰৰ কামোৰণি চীনৰ৷ কাৰণ, জানিব পৰামতে ভাৰত-চীন সীমান্তৰ পৰা ১৬০ কিল’মিটাৰমান আকাশী দূৰত্বত অৱস্থান এই দলঙৰ৷ ফলত দিবাং ভেলীৰ আনিনিলৈকে সেনা সঞ্চালনৰ সময় ৩৬ ঘণ্টা হ্ৰাস হ’ব৷ ১৯৬২ চনত আনিনিৰ পৰা ৯০ কিল’মিটাৰ উত্তৰ-পূবে থকা কিবিথো ফ্ৰণ্টৰ ৱালং, চাংৱিনটি পৰ্যন্ত চীনা সৈন্য সোমাই আহিছিল৷ চীনৰ সীমান্তৱৰ্তী অৰুণাচলৰ কিবিথো আৰু ৱালং সংযোগী বিকল্প পথৰূপেও এই পথটো ব্যৱহৃত হ’ব৷ ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োজিত সৈন্যবাহিনীৰ জোৱানসকলৰ বাবে ৰচদ-পাতি, খাদ্য সামগ্ৰী পৰিৱহণ কৰাটোও মহাসেতুখনে এতিয়াৰ পৰা সুচল কৰি তুলিব৷

১৯৬২ৰ পূব থিয়েটাৰ বুলি অভিহিত যুদ্ধথলী ৱালং, হেলমেট টপ, নামতি ভেলী, চীনা সৈনিকৰ প্ৰৱেশদ্বাৰ কিবিথো, সীমান্তৰ শেষ ভাৰতীয় গাঁও কাহোলৈ যাওঁতে লাইন অফ্‌ এক্‌চুৱেল কণ্ট্ৰলৰ সিপাৰে নিজ চকুৰে দেখি আহিছোঁ পিপুলচ লিবাৰেচন আৰ্মী (পি.এল.এ.)ৰ সষ্টমতা, বিল্ডিং আৰু ৰাস্তা৷ আনহাতে দেখা নাই যদিও পঢ়িবলৈ পোৱামতে চীন চৰকাৰে হেনো আনিনিৰ দিশে থকা তেওঁলোকৰ অন্তিম চহৰ মেট’ক সংযোগ কৰি সুৰংগ পথ নিৰ্মাণ কৰি উলিয়াইছে৷ এল.এ.চি.ৰ পৰা প্ৰায় ২৫ কিল’মিটাৰতে এয়াৰ ফিল্ড স্থাপন কৰি ৰাখিছে৷ ভাৰত-চীন সম্পৰ্কত তিক্ততা আহি পৰাৰ সময়তে চীন দেশে ভাৰতৰ সিপাৰত নিজৰ সীমামূৰীয়া অঞ্চলসমূহত ৰে’লপথ আৰু স্থলপথৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা বুলিও খবৰত প্ৰকাশ৷

অৰুণাচলক নিজৰ বুলি দাবী কৰা চীন দেশে চতুৰ্দশ দালাই লামাৰ শেহতীয়া টাৱাং ভ্ৰমণৰ পাছত উগ্ৰমূৰ্তি ধৰি ভাৰতক কঠোৰভাৱে সকীয়নি প্ৰদান কৰাটো ভাৰতবাসী মাত্ৰেই জানে৷ সীমান্ত প্ৰদেশখনৰ ৬খন ঠাই ক্ৰমে অগাইনলিং, কইডংগাৰবৰি, মেইনকুকা, মিলাৰী, বুমলা আৰু নামখা চুক নতুনকৈ তেওঁলোকৰ অন্তৰ্গত দক্ষিণ তিব্বতৰ অংগৰূপে চিহ্নিত কৰি মানচিত্ৰও প্ৰকাশ কৰিছে৷ তাকে লৈ স্বাভাৱিকতে জাঙুৰ খাই উঠিছে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা (আপছু) প্ৰমুখ্যে চুবুৰীয়া ৰাজ্যখনৰ অনেক দল-সংগঠন৷ ৰঙা চীনৰ কমিউনিষ্ট চৰকাৰৰ সাম্ৰাজ্যবাদী আৰু পৰভূমিলোভী নিকৃষ্ট মানসিকতাক গৰিহণা দি বিশাল প্ৰতিবাদী সমদল উলিওৱা হৈছে৷ চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙৰ প্ৰতিকৃতি দাহ কৰা হৈছে৷ শাসকগোষ্ঠীক সকীয়াই দিয়া হৈছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু ই কোনোকালেই চীনৰ অংশ নাছিল৷ অৰুণাচলী ছাত্ৰৰ চীনবিৰোধী স্থিতিক অসমৰ পৰাও সমৰ্থন দিয়া হৈছে পেট্ৰিয়টিক পিপল্‌ছ ফ্ৰণ্ট, অসম (পি.পি.এফ.এ.)ৰ জৰিয়তে৷ আনহাতে এইটো মন কৰিবলগীয়া যে আমি এতিয়া থিয় হৈ থকা দলংখন চীনে দীৰ্ঘদিন ধৰি অন্যায়ভাৱে দাবী জনাই অহা অৰুণাচল প্ৰদেশৰ কোনো স্পৰ্শকাতৰ অঞ্চলবিশেষতো স্থাপন কৰা হোৱা নাই৷ অসমত হৈছে৷ তদুপৰি ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰো কোনো অধিকাৰ নাই চীনৰ৷ তেনেস্থলত বিভিন্ন মহলত এইটো সৰৱ চৰ্চা হৈছে যে দেশৰ দীৰ্ঘতম সেতুখনক লৈ বিৰাট উদ্বিগ্ন হৈ পৰা চীনে এনে কাৰ্যৰ দ্বাৰা নিজৰ আগ্ৰাসী মনোবৃত্তিকে পুনঃ পুনঃ প্ৰমাণ কৰিব ধৰিছে৷

ইফালে পুৰণি দিনৰ পৰ্যালোচনাবোৰ পঢ়িলে জনা যায় যে ১৯৬২ চনৰ চীনা যুদ্ধত ভাৰত সহজে পদানত হোৱাৰ অন্যতম মুখ্য কাৰণ আছিল দেশৰ অন্যান্য প্ৰান্তৰ অৰুণাচলৰ সৈতে থকা পুতৌ লগা যোগাযোগ ব্যৱস্থা৷ ২২ অক্টোবৰত চীনা সৈন্যদলৰ হাতত বন্দী হৈছিল ইণ্ডিয়ান আৰ্মীৰ অফিচাৰ ব্ৰিগেডিয়াৰ জন পৰশুৰাম ডালভী৷ পি.এল.এ.ৰ বন্দীত্বৰ পৰা মুক্তি লাভ কৰি ঘূৰি অহাৰ পাছত ১৯৬৮ত তেওঁ প্ৰকাশ কৰিছিল ৫০৬ পৃষ্ঠাজোৰা ‘হিমালয়ান ব্লাণ্ডাৰ’ নামৰ বহুচৰ্চিত আৰু সমালোচিত গ্ৰন্থখন৷ কিতাপখনত ভাৰতৰ পৰাজয়ৰ কাৰণবোৰ ফঁহিয়াই দেখুৱাইছিল অ'পাৰেচন ওংকাৰৰ গুৰিধৰোঁতা, ভাৰতীয় সৈন্যবাহিনীৰ ৭ ইনফেনট্ৰী ব্ৰিগেডৰ কামাণ্ডাৰজনে৷ তদানীন্তন প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজলমঠালি আৰু ত্ৰুটিপূৰ্ণ ফ'ৰৱাৰ্ড পলিচী, নেহৰুৰ বন্ধু তথা সোঁহাতস্বৰূপ তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী ভি. কে. কৃষ্ণমেনন, ইণ্ডিয়ান আৰ্মীৰ চীফ অফ্‌ দি আৰ্মী ষ্টাফ জেনেৰেল পি. এন. থাপাৰ, ইণ্ডিয়ান আৰ্মীৰ চীফ অফ্‌ জেনেৰেল ষ্টাফ লেফটেনেণ্ট জেনেৰেল বি. এম. কৌল আৰু ইণ্টেলিজেন্স বুৰ'ৰ চীফ বি. এন. মল্লিকৰ অপুদঘাত চিন্তা আৰু সিদ্ধান্ত কিছুমানেই অৰুণাচল তথা অসমক চীনৰ মুখলৈ ঠেলি দিছিল৷ সেই সময়ৰ একাংশ নেতা-পালিনেতাৰ খামখেয়ালি, শৃংখলাহীনতা, সংঘবদ্ধতাহীনতা, পৰিকল্পনাহীনতা, পৰিস্থিতি অনুধাৱন কৰাত ব্যৰ্থতা, অস্ত্ৰ-শস্ত্ৰৰ অভাৱ, চীনৰ দুমুখীয়া নীতি তথা বিশ্বাসঘাতকতাৰ লগতে অতিশয় গুৰুত্বপূৰ্ণ কথাটো আছিল পথ-দলঙৰ শোচনীয় অৱস্থা৷ গতিকে ভৱিষ্যতে হ’ব পৰা যি কোনো পৰিস্থিতিত চীনৰ আগ্ৰাসন প্ৰতিৰোধৰ বাবে যোগাযোগ আৰু যাতায়াতৰ দিশৰ পৰা অতিকৈ প্ৰয়োজনীয় হৈ পৰিছিল এই সেতুখনৰ নিৰ্মাণ৷ বিশ্বশান্তি তথা বিশ্বায়নৰ যুগত যুদ্ধ-বিগ্ৰহ কোনো কাৰণতে সমৰ্থনযোগ্য নহয় যদিও এতিয়া এইখন হৈ উঠাত ভাৰতৰ সাহস, শৌৰ্য আৰু আত্মবিশ্বাস কিছু পৰিমাণে হ’লেও বাঢ়িল বুলিব লাগিব৷ লোহিতৰ ওপৰত কালি মুকলি হোৱা ডক্টৰ ভূপেন হাজৰিকা সেতুৰ সামৰিক গুৰুত্ব কিমান সেয়া সময়ে আমাক নিশ্চয় জনাব৷






শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৬)

শৰীৰত এশিঙীয়া গঁড়ৰ চিত্ৰ অঁকা অসম ৰাজ্যিক পৰিৱহণ নিগমৰ ৰঙা বাছ এখন দলঙৰ ওপৰেৰে গহীন গতিত আহিব ধৰিছে৷ চকু মুদি কৈ দিব পাৰোঁ যে সেইখন শদিয়াৰ চপাখোৱালৈকে যাবলৈ আহিছে৷ বেলেগ ধৰণৰ অনুভূতি এটাই হৃদয় চুই গ’ল৷ সঁচাই এক ঐতিহাসিক দৃশ্য৷ দলঙৰ সৈতে এক অভিনৱ দৃশ্যপট৷ কত যুগ যুগৰ অপেক্ষাৰ অন্তত আজি এই বিৰল সত্যটোৱে দুচকুত ধৰা দিছে৷ আৰু পুৱাই পুৱাই তাৰ প্ৰথম দৰ্শক হ’লোঁ আমিয়েই৷ এতিয়াৰ পৰা অৱশ্যে সুলভ হৈ পৰিব এনে দৃশ্য৷ দৈনন্দিনৰ স্বাভাৱিক কথা হৈ পৰাত পৰৱৰ্তী সময়ত উত্তেজনা স্বাভাৱিকতে নাথাকিব৷ সেতু মুকলি হোৱাৰ দ্বিতীয় দিনাই মানে আজিৰে পৰাই শদিয়ালৈ ৰাজ্যিক পৰিৱহণ নিগমৰ পোনপটীয়া বাছ সেৱা আৰম্ভ কৰা হৈছে৷ ৰাস্তা খুলিল মানেই গাড়ীৰ আহ-যাহ আৰম্ভ৷

বাছখন ওচৰ চাপি আহিছে৷ যাত্ৰীসৱলৈ চালোঁ৷ চকুৱে-মুখে সুখকৰ অভিব্যক্তি৷ ম'বাইল ফোন হাতত লৈ কেবিনত থিয় দি ভিডিঅ' ৰেকৰ্ডিং৷ খিৰিকীৰেও বাহিৰলৈ ওলাইছে সাৱধানী হাতেৰে খামুচি থকা হেণ্ডছেট৷ সোনকালেই ফে'চবুক, হোৱাটছআপত আপল'ড হৈ যাব সেই ফটো, ভিডিঅ' আদি৷ য'তেই নাথাকক কিয়, বন্ধু-বান্ধৱ সমস্তই তুৰন্তে গম পাই যাব, চাবলৈ পাব ভূপেন হাজৰিকা দলং, লোহিতৰ নৈসৰ্গিক সৌন্দৰ্য ৷ তাৰ পাছত লাইক, কমেণ্টৰ জাউৰি৷ উন্নত যোগাযোগ ব্যৱস্থাই একো একোখন ঠাই বা একো একোটা অঞ্চলৰ মানুহৰ যাতায়াতৰ দুখ-কষ্ট এনেকৈয়ে লাঘৱ কৰি যাত্ৰা সুগম কৰি পেলায়৷ নতুবা এই যাত্ৰীসকলে বিগত দিনপঞ্জীকে সাৰোগত কৰি আজিও ছৈখোৱা ঘাটত বোন্দাপৰ দি থাকিব লাগিলহেঁতেন৷ এতিয়াযে কিমান সুখ!

বাছখন পাৰ হৈ গ'ল৷ পিছফালৰ পৰা চাই ৰ'লোঁ৷ এই সেতুখনৰ নিৰ্মাণে লোহিত উপত্যকাৰ দুয়ো পাৰলৈকে প্ৰচুৰ সম্ভাৱনাময় এক উজ্জ্বল ভৱিষ্যতৰ বতৰা কঢ়িয়াই আনিছে৷ তাৰ মূলতেই পথ যোগাযোগ ব্যৱস্থাৰ উত্তৰণ৷ ভাল পথ য’লৈ যায় সভ্যতাও ত’লৈ যায় বুলি এষাৰ প্ৰেক্টিকেল কথা আছে৷ ১৮৮৬ চনৰ ১৬ জুলাইত ব্ৰিটিছে ডিব্ৰু-শদিয়া ৰে’লপথ স্থাপন কৰিছিল৷ ১৯৫০ চনৰ বৰভূঁইকঁপত সেইটো ধ্বংস হ’ল৷ বাকীখিনি বানপানীয়ে নিশ্চিহ্ন কৰিলে৷ উক্ত দিন ধৰি শদিয়াৰ সৈতে বহিঃজগতৰ পোনপটীয়া যোগাযোগ নোহোৱা হৈ থাকিল৷ ভূমিকম্পৰ পাছৰে পৰা ধলা আৰু শদিয়াৰ মাজত ফেৰী চলাচল কৰোৱা হৈছিল৷ তাকো কেৱল দিনৰ ভাগতহে৷ বিপদসংকুল নৌকাযাত্ৰা ভৰ-বাৰিষাৰ বানৰ সময়ত আছিল সবাতোকৈ মাৰাত্মক৷ তেনে অভিজ্ঞতা এইফালৰ বহুতৰেই হৈছে৷ এতিয়া দলং হোৱাত শংকা আঁতৰিল৷ ২৪ ঘণ্টাজুৰি নিৰ্বিঘ্নে আহ-যাহ কৰাটো সম্ভৱ হ’ল৷ এই দলঙে প্ৰথমবাৰৰ বাবে শদিয়াৰ সৈতে বহিঃ জগতৰ প্ৰত্যক্ষ সংযোগ স্থাপন কৰি অন্য এক বুৰঞ্জীৰ সূচনা কৰিলে৷

প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণ আৰু দলঙৰ শুভ-উদ্বোধনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কালি তিনিচুকীয়া আৰু ধেমাজি জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছিল৷ চতুৰ্থ শনিবাৰ হেতুকে আজি অফিচ নাই৷ ৰূপাইৰ পৰা টেম্প’ৰে আহি থাকোঁতে ডাঙৰী আৰু ধলা গাঁও তিনিআলিৰ মাজত হাফ্‌পেণ্ট, টি-চাৰ্ট পৰিহিত চাইকেল আৰোহী দুজন দেখি আহিছিলোঁ৷ দেখিলোঁ, দুয়ো আহি আহি দলং উঠিলহি৷ বতৰ চাই কঠীয়া তেওঁলোকেও পাৰিছে তাৰ মানে৷ এনেকুৱা মন-মতলবৰ মানুহ আৰু আহিব৷ আহিয়েই থাকিব এতিয়াৰে পৰা৷ ভাৰতৰ দীৰ্ঘতম বুলি ভূপেন হাজৰিকা সেতুৰ প্ৰতি আকৰ্ষণ এটা ভ্ৰমণপিয়াসী, জীৱনপ্ৰেমী মানুহ মাত্ৰৰে সদায়েই থাকিব অন্ততঃ এবাৰ এই মহাসেতুত নুঠা পৰ্যন্ত৷ আমি সেই আকাংক্ষাটো আজিয়েই, উদ্‌ঘাটনৰ ২৪ ঘণ্টা সম্পূৰ্ণ নৌহওঁতেই পূৰ্ণ কৰি লৈছোঁ৷

কংক্রিটৰ বাদে সোঁৱে-ৱাঁৱে সেউজময় পৰিৱেশ৷ আমি কথা পাতি পাতি গৈ থাকিলোঁ৷ বিভিন্ন কথা৷ তাৰ মাজত দলং আৰু শদিয়াৰ কথাই সৰহ৷ আমাৰ বাবে আজি ধলা-শদিয়াৰ স্মৃতি ৰোমন্থন কৰাৰে দিন৷ পুৰণি শদিয়াৰ অস্তিত্ব আজি আৰু পাবলৈ নাই৷ সেয়া এতিয়া নল-খাগৰি৷ বান আৰু খহনীয়াই নিঃশেষ কৰিলে অতীতৰ সেই পৰিপাটি চহৰ শদিয়া৷ ব্ৰিটিছ চৰকাৰে গঢ় দিয়া তাহানিৰ শদিয়া চহৰখনক বোলা হৈছিল দ্বিতীয় শ্বিলং৷ বৰভূঁইকঁপ আৰু বানপানীয়ে সমুদায় বিধ্বস্ত কৰি পেলালে৷ অজান্তি মুলুক হৈ পৰিল শদিয়া৷ কালি আগবেলা শদিয়াই যেন সেই বদনামৰ পৰা মুক্তি পালে৷ তাৰে আনন্দত সেউজীয়াৰ আৱেষ্টনীত ৰৈ থকা একাংশ জনতাৰ সৈতে মোদীজীয়ে হাত জোকাৰি অভিবাদন আৰু শুভেচ্ছা আদান-প্ৰদান কৰিছিল কালি৷ ঘৰত আমি টিভিৰ পৰ্দাত চাবলৈ পাইছিলোঁ৷

যোগাযোগ আৰু পৰিৱহণ ব্যৱস্থাই উন্নয়নৰ বাট প্ৰশস্ত কৰে৷ সবল নিৰ্মাণে সবল কৰে উন্নয়নৰ ভেটি৷ দলংখনৰ উদ্বোধন আৰু চৰকাৰী যাতায়াতী ব্যৱস্থাই শদিয়া অঞ্চলৰ উন্নয়নমূলক কাম-কাজ ত্বৰান্বিত কৰিব৷ দলংখনে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমা আৰু অৰুণাচল প্ৰদেশৰ সৈতে অন্যান্য অঞ্চলসমূহৰ পথ যোগাযোগ ব্যৱস্থালৈ আমূল পৰিৱৰ্তন আনিব৷ এই দলং নিৰ্মাণ নহওঁতে ৰূপাইৰ পৰা ৰয়িঙলৈ যাবলৈ সময় লাগিছিল ৫-৬ ঘণ্টা৷ বাটৰ কষ্ট আছিল অবৰ্ণনীয়৷ তদুপৰি বিপদৰ উপৰি বিপদ৷ এতিয়া মাত্ৰ এঘণ্টাতে সম্ভৱ হ’ব! নৈৰ এইটো পাৰৰ পৰা অৰুণাচল চুবলৈ এতিয়া মাথো ৩০টা মিনিটৰ প্ৰয়োজন বুলি কোৱা শুনিছোঁ৷ দলংখনে পথ-দূৰত্ব ১৬৫ কিল’মিটাৰ আৰু ৫ ঘণ্টাৰ যাত্ৰাকাল হ্ৰাস কৰিব বুলিও হিচাপ দেখুৱা হৈছে৷

ধলা গাঁৱৰ পৰা পৰশুৰাম কুণ্ডৰ লোহিত ব্ৰীজেৰে ঘূৰি-পকি সিপাৰৰ ইছলামপুৰ তিনিআলি পাবলৈ হ’লে আগতে হেনো ৮ ঘণ্টামান লাগি গৈছিল৷ ফেৰীৰে পাৰ হৈ আহিবলৈও দৰকাৰ হৈছিল প্ৰায় ৪-৫ ঘণ্টা৷ শুনামতে এতিয়া এই দলঙে দূৰত্বটো আধাঘণ্টীয়া কৰি পেলালে৷ অৰুণাচলৰ মানুহক তিনিচুকীয়া ৰে’লৱে জংছন আৰু ডিব্ৰুগড়ৰ মোহনবাৰী এয়াৰপ’ৰ্ট সোনকালে আৰু সুকলমে পোৱাত সহায় কৰিব এই মহাসেতুখনে৷ সকলো মিলাই যান-বাহনৰ পৰা দৈনিক ৰাহি হ’ব ১০ লাখ টকাৰ ইন্ধন৷ প্ৰধান মন্ত্ৰীয়ে কালি ভাষণত এই প্ৰসংগ উল্লেখ কৰি গৈছে৷ দেশৰ এইটো প্ৰান্তত অৰুণাচলৰ বিভিন্ন নদীত নিৰ্মাণ হৈ থকা জলবিদ্যুৎ প্ৰকল্পবিলাকলৈও এতিয়া পথ-দূৰত্ব কমি যাব৷ তাকে লৈ পূব প্ৰান্তলৈ অচ্ছে দিন আহি গ’ল বুলি কোৱা-কুই চলিছে৷ ‘হম পূৰব সে শুৰু কৰেংগে ভাৰত কা বিকাশ কা কাম’ বুলি নৰেন্দ্ৰ মোদীজীয়ে আগতে ক'ৰবাত কৈ থোৱা কথাষাৰ বহুতৰে মনত নথকা নহয় নিশ্চয়৷ তেহেলৈ, কথামতে কাম আৰম্ভ হ'ল বুলিয়ে ধৰি লৈছোঁ৷ পিছৰ কথা পিছত৷












শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (১৫)

ধলা-শদিয়া দলঙৰ নিৰ্মাণকাৰী সংস্থা, হায়দৰাবাদৰ নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড (এন.ই.চি.এল.)ৰ ক্রেন, ডাম্পাৰ, ৰ’লাৰ আদি গধুৰ গধুৰ বাহন, যন্ত্ৰপাতি, লোহা-লক্কৰ, ঘৰ-দুৱাৰ, কৰ্মস্থলেৰে দলঙৰ বাঁওফালে তললৈ দেখাত যেন এখন মস্ত ঔদ্যোগিক পাম৷ ২০১১ চনৰ ১৯ জানুৱাৰীত কাম আৰম্ভ কৰিছিল কোম্পানীটোৱে৷ তেতিয়াৰে পৰা ব্যস্ততাপূৰ্ণ সেই কৰ্মস্থলীৰ পৰিৱেশ আজি নিমাওমাও৷ ভাৰতৰ ভিতৰত দীঘল দলং সাজি উলিওৱাৰ আনন্দ আৰু গৌৰৱত সংস্থাটোৰ কলা-কুশলীসকলো নিশ্চয় আনন্দিত আৰু উল্লসিত৷

ইফালে দীৰ্ঘতম দলং উদ্বোধনৰ কালি হৈ যোৱা এঘণ্টীয়া অনুষ্ঠানৰ নামত প্ৰায় ১০ কোটি টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বুলি খবৰ ওলাইছে৷ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে প্ৰধান মন্ত্ৰীৰ আগমনৰ অচিলা লৈ এই বিয়াগোম কেলেংকাৰী সংঘটিত হ’ল বুলি অভিযোগ উত্থাপিত হৈছে৷ দলঙলৈ যোৱা মূল পথছোৱাৰ পৰা নামি সভাস্থলীলৈ যাবৰ বাবে নিৰ্মাণ কৰা হৈছিল মুঠ ৪ কিল’মিটাৰ দৈৰ্ঘৰ চাৰিটাকৈ পথ৷ ইয়াৰে এটা পথ সাধাৰণ নাগৰিকৰ যাতায়াতৰ বাবে, এটা পথ ভি.আই.পি.সকলৰ বাবে, এটা পথ ভি.ভি.আই.পি.সকলৰ বাবে আছিল৷ সাধাৰণ মানুহৰ বাবে নিৰ্মিত কৰা প্ৰায় ১.৫০ কিল’মিটাৰ দীঘল পথছোৱাৰ দুৰৱস্থা টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছিলোঁ৷ বৰষুণৰ কাৰণে বোকা-পানীত বুৰ যোৱা উক্ত পথেৰে হাতত জোতা-চেণ্ডেল লৈ আঁঠুলৈকে কাপোৰ কোঁচাইহে আহ-যাহ কৰাটো সম্ভৱপৰ হৈছিল৷ দলঙৰ ওপৰৰ পৰা আটাইকেইটা ৰাস্তা এতিয়া আমি জল্‌জল্‌-পট্‌পট্‌কৈ দেখা পাই আছোঁ৷ পানীৰ ডোঙাবোৰ এতিয়াও আছে৷ সেই পথকেইটা নিৰ্মাণত ৫ কোটি টকা ব্যয় হোৱা বুলি বাতৰিত প্ৰকাশ৷ ৰাজ্যৰ গড়কাপ্টানী বিভাগৰ পৰা নিলগাই এন.ই.চি.এল. কোম্পানীয়ে নিবিদা অবিহনেই কামৰ ঠিকা আৱণ্টন দিছিল বুলিও বু-বু-বা-বা ওলাইছে৷ প্ৰধান মন্ত্ৰীৰ আগমন উপলক্ষে নিৰ্মাণ কৰা, এতিয়া ওপৰৰ পৰা দেখি থকা সভাস্থলীৰ দীঘলীয়া পেণ্ডেলটোৰ নিৰ্মাণ ব্যয় দেখুওৱা হৈছে ২ কোটি ৩৫ লাখ টকা৷ ইয়াৰ বাবেও হেনো কোনো নিবিদা আহ্বান কৰা হোৱা নাছিল৷ পথ আৰু পেণ্ডেলৰ উপৰি বিভিন্ন শিতানত হোৱা অন্যান্য খৰচ সামৰি ধলা-শদিয়া দলং উদ্বোধনী অনুষ্ঠানৰ নামত প্ৰায় ১০ কোটি টকা পথ পৰিৱহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ৰ পৰা সৰকোৱাৰ ফন্দি ৰচা হৈছে বুলি কোম্পানীটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ শুনা গৈছে৷ সঁচা-মিছা সময়ে ক'ব৷ কিন্তু দলংখন হৈ ভাল কাম এটা হ'ল৷

আনফালে সভাস্থলীত সমৱেত লক্ষাধিক জনতাক কঢ়িয়াই অনা যান-বাহন নিয়ন্ত্ৰণত আৰক্ষী বাহিনী কালি চৰমভাৱে ব্যৰ্থ হৈছিল বুলিও প্ৰকাশ পাইছে৷ আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই অসম্ভৱ যান-জঁটৰ সৃষ্টি হোৱা বুলি সৰ্বত্ৰ চৰ্চা হৈছে৷ একাংশ লোকে সভাস্থলী পাবহিয়ে নোৱাৰিলে হেনো৷ পুৱাৰে পৰাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ পহৰাৰ ব্যৱস্থা থকাৰ পাছতো যথেষ্ট খেলিমেলি হোৱা বুলি তেতিয়া তাত উপস্থিত থকা লোকে আমাক টেম্প’খনত আহি থাকোঁতে ক্ষোভেৰে ক’লে৷ সমগ্ৰ পথছোৱাত অসংখ্য মোদী অনুৰাগী তথা দেশৰ দীৰ্ঘতম দলংখনৰ দৰ্শনাৰ্থী ভোকে-পিয়াহে কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ ৰ’বলগীয়া হ’ল হেনো৷ ভাগ্য ভাল, আমি কালি নাহিলোঁ৷ তেনেকুৱা পৰিকল্পনাও নাছিল অৱশ্যে৷ আজি কিন্তু মুকলিমূৰীয়াকৈ আহি ভাল লাগিছে৷ বতৰটোও খোজ কঢ়াৰ অনুকূল পাইছোঁ৷ হ’লেও পদযাত্ৰী অন্য কাকোৱেই দেখা নাইচোন! শ্ৰীমতী বেগমে প্ৰফুল্ল মনেৰে আগ বাঢ়ি আছে৷ একান্তমনে ছেল্‌ফী তুলিছে৷ মাজে মাজে ফোন কৰিছে অ’লৈ-ত’লৈ৷ প্ৰাপ্তি আৰু সন্তুষ্টিৰ হাঁহি সামৰিবই পৰা নাই৷

মোদীজী, গাডকাৰীজী, সোণোৱালজীৰ হাস্যমুখী আলোকচিত্ৰযুক্ত নৱযুগৰ প্ৰকাণ্ড তোৰণ দলঙৰ ওপৰত সদম্ভে দণ্ডায়মান অৱস্থাত পালোঁ৷ আমি তাৰ তলেৰে দম্ভেৰেই পাৰ হৈ গ’লোঁ৷ এই দলঙে ধলা-শদিয়াবাসীৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব বুলি বিভিন্নজনে আশা কৰিছে৷ আমিও আশা কৰিছোঁ৷ একে সময়তে চিন্তা-ভাবনাও কৰিছোঁ, সম্ভাব্য কি কি পন্থাৰে আগুৱালে বাস্তৱায়িত বা ফলদায়ী হ’ব পাৰে মানুহৰ সেই আশা-আকাংক্ষাবোৰ৷

টি.এম.টি., ষ্টাকচাৰেল, প্লেট আদিকে ধৰি এই দলং সাজিবলৈ প্ৰয়োজন হোৱা  ৯০ শতাংশ অৰ্থাৎ প্ৰায় ৩০,০০০ টন ষ্টিলৰ যোগান ধৰিছিল ষ্টিল অথৰিটি অফ্‌ ইণ্ডিয়া (ছেইল)ই৷ দলঙৰ হালধীয়া ৰেলিঙৰ ওপৰেৰে আলফুলে মৰমেৰে হাত বুলাই গৈ আছোঁ৷ মোৰ নাভিদেশ পৰ্যন্ত ওখকৈ দুয়ো দাঁতিত চাইড ৱাল সজা আছে৷ গতিকে ভয় কৰিবলগীয়া নাই৷ বগা আৰু ধোঁৱা বৰণেৰে ভূপেন হাজৰিকা সেতুখন দেখাত চমৎকাৰ লাগিছে৷ সেয়াই যেন আশাবাদৰ ৰং৷ মুখ্য মন্ত্ৰীয়ে কালি ঠিকেই কৈ গৈছে৷ আশাৰ দলং এইখন৷ কেৱল ধলা-শদিয়াবাসীৰে নহয়, আমাৰ দৰে ভ্ৰমণ-অনুৰাগীৰো স্বপ্নৰ দলং এইখন৷ খোজ কাঢ়ি ভাল পোৱা মানুহে আমাৰ দৰে কাৰ্যসূচী ল’বলৈ নিশ্চয়কৈ ভাল পাব আৰু উপযোগী সময়টো অহালৈ বাট চাই থাকিব৷

অৰূপদাক ফোন কৰিলোঁ৷ তেওঁ জানি অত্যন্ত সুখী হ’ল যে আমি সোঁশৰীৰে দলঙত উঠিলোঁ৷ অৰুণদাকো কৰিলোঁ৷ দুয়োৰে মই প্ৰাক্তন ভ্ৰমণ সংগী৷ কেইবাটাও ভ্ৰমণত তেওঁলোকৰ স্নেহধন্য হৈছোঁ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ দলৰ পৰিভ্ৰমী মানুহবোৰ এতিয়া কৰ্মবন্দী৷ গতিকে ইচ্ছা তুংগত থাকিলেও চৰকাৰী কামাণ্ড ওফৰাব নোৱাৰিলে৷ প্ৰদীপদাৰো আফচোচ ৰৈ গ’ল৷ তেনেবোৰ সমস্যাৰ পৰা আমি পতি-পত্নীহাল মুক্ত৷ নিজে নিজৰ বছ৷ গতিকে মনে বিচৰা কাম এফেৰি কৰি আছোঁহি, প্ৰাণৰ আনন্দ লৈ আছোঁহি, ইয়ালৈ আহি৷