Saturday, 15 November 2014

মেম’ৰীটো মোৰ গৈছে যেন লাগিছে!

(গল্প নহয়, সত্য)



পুৱা শুই উঠাৰ পিছত প্ৰাতঃকৰ্মৰ লগতে গাটোও ধুই ফ্ৰী হৈ ল’লোঁ৷ তাৰ পিছত চাহ-জলপান খাই স্কুল ডিউটি৷ স্কুলৰ পৰা বাহিৰে বাহিৰে তেল ডিপ’ পালোঁগৈ৷ তেল ভৰাই ঘূৰি আহোঁতে ভাইহঁতৰ ঘৰ৷ ভাইৰ সৈতে পুৰণি কথা অলপ আলোচনা কৰিবলগীয়া আছিল৷ এইকেইদিন তাক বিচাৰি নাপাই আজি পুৱাই হামলা দিম বুলি কালি ৰাতিয়ে ভাবি থৈছিলোঁ৷ ক’ৰবালৈ যাবলৈ বুলি গে’টৰ মুখ পাইছিল যদিও মই গৈ ওলোৱাত সি ৰ’ল৷ কথাৰ গুৰুত্ব বুজি সময় অলপ দিলে যেনিবা৷ ড্ৰয়িংৰুমত বহাৰ পিছত তাৰ লগত কথাখিনি পাতিলোঁ৷ আলোচনা সোনকালে সমাপ্ত কৰি গ’লোঁগৈ জানক বিচাৰি, সিহঁতৰ ঘৰলৈ৷ ল’ৰাক স্কুলত থ’বলৈ ঠিক গাড়ীখন ষ্টাৰ্ট কৰাৰ সময়তেই পালোঁগৈ তাক৷ যদিও সময়ৰ নাটনি তৎসত্ত্বেও সিও অলপ ৰৈ মই জানিব বিচৰাখিনিৰ উত্তৰ দিলে, আনন্দ মনেৰে৷

ভাই, জান আমি সৰুৰে পৰা একেলগে খেলা-কাজিয়া কৰি ডাঙৰ হোৱা৷ গতিকে অন্তৰৰ টান এটা এতিয়াও আছে৷ সত্যৰ সন্ধান আৰু তথ্য সংগ্ৰহৰ কামটো মোৰ সমাধা হৈ গ’ল৷ জানহঁতৰ মাক-দেউতাক আমাৰ পুৰণি চিনাকি, ঘৰুৱা ধৰণৰ মানুহ৷ মোক দেখা মাত্ৰকে দুয়ো ওলাই আহিল৷ অতীত-বৰ্তমান-ভৱিষ্যৎ তিনিওটা কাল সামৰি সতকাই শেষ নোহোৱা ধৰণে কথা ওলাল৷ তাৰ মাজতে চাহ-তামোলো আহিল৷ সেয়া সামৰি ঘৰ পাওঁহি মানে ঘড়ীৰ কাঁটাই প্ৰায় দহ চুলেগৈ৷

খৰধৰকৈ আহিয়ে পদূলিৰ জামুজোপাৰ সৰাপাতবোৰ বুটলি ষ্টেপকেইটা সাৰিলোঁ৷ পৰিষ্কাৰ হৈ নাথাকিলে মনটো কিবা ভাল নালাগে৷ তাতে আজি আলহী অহাৰো কথা আছে৷ হাত দুখন ধুই লৈ চিধাই কম্পিউটাৰটো অন কৰিলোঁ৷ সংগ্ৰহ কৰি অনা তথ্যখিনি এতিয়াই সংযোজন কৰাৰ লগতে আগতে হৈ যোৱা ভুলকেইটা লগে লগে সংশোধন কৰাটো ভাল৷ একান্তমনে তাকে কৰি আছোঁ৷ সিফালৰ পৰা মায়ে চিঞৰ এটা মাৰি ভাত খাবলৈ মাতিলে৷ কাম সমাপ্ত নোহোৱা পৰ্যন্ত বেলেগ কোনো কথাত লৰচৰ নকৰোঁ বুলি সুদৃঢ় হৈ থাকিলোঁ৷

অলপ পাছত কামখিনি হৈ গ’ল৷ কম্পিউটাৰ বন্ধ কৰি চিধাই বাথৰুম পালোঁগৈ৷ ভাবিলোঁ, গাটো ধুই লওঁ৷ গা ধুই ভাত খাওঁ৷ তাৰ পিছত অন্য কামত লাগিম৷ নিজৰ লগতে ল’ৰা-ছোৱালীয়ে পুৱাতে এৰি থৈ যোৱা কাপোৰকেইটা ধুই আছোঁ৷ তেতিয়াহে মনত খেলালে... অ’, অথনি দেখোন স্কুললৈ যোৱাৰ আগতে গাটো মই ধুইছিলোঁৱেই! পাহৰি থাকিলোঁ একেবাৰে৷ মনে মনে হাঁহি উঠি গ’ল৷ ভিতৰি চিন্তা এটাও আহিল অৱশ্যে... গা ধোৱা কথাটোযে ইমান পাহৰিলোঁ, মেম’ৰীটো মোৰ গৈছে নেকি বাৰু!

আজিকালি আকৌ ডিমেনচিয়া নে কি সেইবিধৰহে প্ৰকোপ চৰিছে হেনো! কথা পাহৰা ৰোগ৷ চিকিৎসকে বোলে তেনে ৰোগীক সোধে, ‘কেতিয়াৰ পৰা আপোনাৰ এনেকুৱা হৈছে বাৰু কওকচোন?’ বুলি৷ ৰোগীয়ে ইফালে সময়টো সঠিকভাৱে মনত পেলাব নোৱাৰে৷ পাৰিবনো কেনেকৈ? ইতিমধ্যে তাঁৰযে ছিগিলেই! হেনজানি মই নিজৰ ৰেকৰ্ড এটা ৰাখি থোৱাৰ কথা ভাবিলোঁ৷ সেয়েহে এতিয়াই এইখিনি লিপিবদ্ধ কৰি থ’লোঁ৷ তেতিয়া অন্ততঃ সময়ত ডাক্তৰে নিৰ্ভুলভাৱে জানি যাব৷ ফলস্বৰূপে নিদান চিন্তা কৰাত সহায়ক হ’ব৷

মোৰ ক্ষেত্ৰত প্ৰশ্নটোৰ উত্তৰ হ’ব... ১৩নবেম্বৰ ২০১৪ তাৰিখ, বৃহস্পতিবাৰৰ ৰাতিপুৱা ১০.৩০ বজা৷ মেম’ৰী কাৰ্ডখন অচল হৈ ভ্ৰম বকাৰ আগেয়ে এতিয়া সুস্থ অৱস্থাতে কথাটো লিখি ৰাখিলোঁ৷

Friday, 14 November 2014

শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়াইছোঁ এটি কবিতা৷ কবি শ্ৰী সুৰেন ক্রামছা৷ কাৰবি আংলং জিলাৰ বিথিলাংছ’ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী ক্রামছাই ‘পাহাৰী নিজৰা’ (স্বৰচিত কবিতা সংকলন, ২০০৩চন), ‘লামজিৰ ইচাং’ আৰু ‘লামজিৰ আফাৰ’ (কাৰবি ভাষাত শিক্ষামূলক প্ৰবন্ধ সংকলন, ২০০৩চন) আৰু ‘কাৰবি কৃষ্টিত এভুমুকি’ (কাৰবি সংস্কৃতিমূলক এলানি প্ৰবন্ধৰ সংকলন, ২০০৪চন) ছপা কৰি উলিয়াইছে৷ ‘আমাৰ অসম’ কাকতত প্ৰকাশিত তেখেতৰ কবিতা ‘যাদিথা লংকি’ আজি ‘অকব’ৰ ৱালত উদ্ধৃত কৰিলোঁ৷

যাদিথা লংকি

হাকৌ আছন মাথাৰি৷
ননকে কাইকিমি৷
যাদিথা লংকি;
নাংহেম নাংৰিন্দি৷
নাং চেৰাইকম নাংজি৷৷
নাং হেক’ লংকি;
মাংহুতো দেতৰি৷
বাংছ’ আপিৰ্বি;
আন আদাং থেপি৷৷
তা নাং চুম আথাই
আৱেদেতজি৷৷

অসমীয়া ভাবাৰ্থ…

কিছু কথা উপলব্ধি কৰাচোন লংকি

আগৰ দিন গ’ল৷
তোমাৰ জন্মভূমিকো চাবৰ সময় হ’ল৷৷
লংকি, তুমি অজলা হৈ নাথাকিবা৷

নহ’লে তোমাৰ জন্মভূমিকো হেৰুৱাবা৷৷





Thursday, 13 November 2014

জাংগল চাফাৰী... ফটাশিল অভিমুখে
(গল্প নহয়, সত্য)


মাহদিয়েক পূৰ্বে ‘অকব’ৰ মাননীয়া সদস্যা ৰঞ্জিতা গগৈ ডাঙৰীয়ানীয়ে মোৰ মনৰ মাজত জুই একুৰা জ্বলাইছিল ফটাশিল বিষয়ক প’ষ্ট এটা দি৷ সেই সময়তে প্ৰবল ইচ্ছা জাগিছিল যে সোনকালেই ময়ো তালৈ পাক এটা মাৰিবই লাগে৷ তাৰ দিনদিয়েক পিছত, ‘অকব’ৰ মাননীয় সদস্য কালাম আজাদ ডাঙৰীয়াৰ হাতী বিষয়ক প’ষ্ট এটাই সেই জুইকুৰাত ঘিঁউ অকণমান ঢালি দিলে, যিহেতু ফটাশিল যাত্ৰাত ময়ো জীৱনত প্ৰথমবাৰৰ বাবে হাতীৰ পিঠিত উঠিবলৈ পোৱাৰ ৰেঙণি এটা দেখা গৈছিল৷ এতিয়া এইটো কৈ ভাল লাগিছে যে বহু আকাংক্ষিত পাকটো মৰা হ’ল৷ হাতীত উঠাটো অৱশ্যে নহ’ল৷ কাৰবি আংলং জিলাৰ বন বিভাগৰ কৃপাধন্য হৈ মাৰুতি জীপচি গাড়ীৰে গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যত এটা সফল 'জাংগল চাফাৰী' কৰিলোঁ সৌ-সিদিনা, ৮নবেম্বৰ তাৰিখ, শনিবাৰে৷ আজি ১৪৷ মূৰৰ পৰাই কৈ যাওঁ ৰ'ব, কথাখিনি৷

ফটাশিল-গৰমপানী এডভেন্সাৰ ট্ৰিপটোৰ প্ৰস্তাৱ মোৰ বন্ধু, উদ্যমী আৰু সাহসী সাংবাদিক, লেখক সঞ্জু বৰাৰ মুখৰ আগত দাঙি ধৰা মাত্ৰকে তেৱোঁ উত্তেজিত হৈ পৰিল৷ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত মই গভীৰভাৱে বিশ্বাস এটা ৰাখোঁ যে এনেবোৰ প্ৰস্তাৱ যাকে-তাকে দিয়াটো ভুল৷ জুইকুৰা বহুতৰে নজ্বলেই৷ গতিকে খুব ভাবি-চিন্তি, এইবোৰৰ টে’ষ্ট বুজি পোৱা সঠিক মানুহকহে ক’লোঁ৷ সিবাৰ ‘অকব’ৰ মাননীয় সদস্য প্ৰশান্ত কুমাৰ বৰা ডাঙৰীয়াৰ আতিথেয়তাত গিবনলৈ কৰা চফৰটোতো তেওঁ মোৰ সংগী আছিল৷ সঞ্জু ‘আমাৰ অসম’ কাকতৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ফ’কাচ এন.ই.ৰো পুৰণি ষ্টাফ৷ খোজ কাঢ়িব পৰা, পাহাৰ বগাব পৰা, যিকোনো ধৰণৰ মানুহ বা সমাজৰ সৈতে সহজে জীণ যাব পৰা, হাঁহিমুখীয়া, তজবজীয়া মানুহ৷ গতিকে দুয়োৰে তাল-মিলটো ভাল হয়৷ আমাৰ মাজত কথা ফাইনেল হোৱাত তেওঁ অকণো ৰৈ নাথাকিল৷ আগতীয়াকৈ যাৱতীয় অনুমতি বিচাৰি কাৰবি আংলং পূব সংমণ্ডলৰ বন বিষয়াগৰাকীলৈ ফোন লগালেই৷ বৰষুণৰ দিনকেইটাত হাবিত সোমাবলৈ হাক দিলে জয়ছিং বে’ মহোদয়ে৷ অন্যথা ভীষণভাৱে জোকৰ উপদ্ৰৱৰ সন্মুখীন হ’ব লাগিব৷ লমালমে জোক হেনো গছৰ ওপৰৰ পৰা থপথপকৈ সৰি পৰে, গায়ে-চায়ে৷ তাৰ পিছৰ বৰ্ণনা যিহে দিলে, শুনিবলৈ আৰু ভয়ংকৰ৷ অনুমতিৰ নাপাই বৰ কষ্টেৰে ৰ’ব লগা হ’ল বেয়া দিনকেইটা পাৰ হোৱালৈ৷ মনটো কিন্তু ইতিমধ্যে আগ বাঢ়িলেই! অপেক্ষাৰ অন্তত যেনিবা বিশেষ দিনটো আহিল৷ চেকেণ্ড চেটাৰডে’ত স্কুল বন্ধ থকাৰ সুযোগতে যাত্ৰাটোত আমাৰ লগত গাড়ীত উঠাই ল’লোঁ ডিফু কেন্দ্ৰীয় বিদ্যালয়ৰ ক্লাছ এইটত পঢ়া দুই সহপাঠী বন্ধু... মোৰ পুত্ৰ আদিশ আৰু সঞ্জুৰ পুত্ৰ সন্দীপনক৷ উদ্দেশ্য, ইহঁতকেইটাকো বনযাত্ৰা আৰু বনৰ সোৱাদ প্ৰত্যক্ষভাৱে ল’বলৈ দিয়া যাওক, প্ৰকৃতিযে সবাৰে ওপৰত সেয়া ভালদৰে হৃদয়ংগম কৰক ইহঁতেও৷ আৰু লগত লোৱা হ’ল টিভিৰ কেমেৰামেন কিৰণক৷

পুৱা ৫.৩০বজাত সঞ্জুৰ গাড়ীৰে ডিফুৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ’ল৷ প্ৰায় তিনিঘণ্টাৰ মূৰত চিলনীজানস্থিত নৰ্থ-ইষ্টাৰ্ণ ৰেঞ্জৰ ফৰেষ্ট ৰেঞ্জাৰ বিভীষণ টকবিৰ কোৱাৰ্টাৰৰ সন্মুখত ৰ’লোঁগৈ৷ উৎসাহী ডেকা বন বিষয়া টকবি মোৰ ভাইটিহঁতৰ ঘনিষ্ঠ৷ ব্ৰেকফাষ্টৰ প্ৰস্তাৱ তেওঁ আগদিনাই দি থৈছিল৷ তেওঁৰ ঘৰতে লগ পালোঁ ডেপুটি ৰেঞ্জাৰ দিব্যধৰ শ্যামক৷ শ্যাম আকৌ সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত মানুহ৷ একেলগে পুৱাৰ আহাৰ খোৱা হ’লত সঞ্জুৰ ৱাগন-আৰখন একাষৰীয়াকৈ থৈ টকবিয়ে নিজৰ সেউজীয়া ৰঙৰ চফ্ট টপ জীপচিখন গেৰেজৰ পৰা উলিয়ালে৷ বিভাগীয় বলেৰ’ পাইলট ভেহিকল এখনত চাৰিজন বন্দুকধাৰী নিৰাপত্তাৰক্ষী লগত লৈ শ্যামো উঠিল৷ গৰমপানী বা নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত বনৰীয়া জন্তু-জানোৱাৰৰ পৰা বিপদ কি হয়-নহয় নাজানো, মানুহৰ(?) পৰা কিন্তু বিপদ ঘটাৰ আশংকা নথকা নহয় বুলি আগতে বহুজনৰে মুখত শুনিছিলোঁ৷ ডাঠ জংঘল এতিয়া হৈ পৰিছে আণ্ডাৰগ্ৰাউণ্ড সংগঠনৰ সদস্যৰ অবাধ বিচৰণস্থলী৷ তাৰ বাবেই চাগৈ আগতীয়া সতৰ্কতা এয়া৷

অফিচ কেম্পাচৰ পৰা ওলাই দুয়োখন গাড়ী ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ পালেগৈ৷ তাৰ পিছত ৰাইট টাৰ্ণ লৈ গন্তব্যস্থল অভিমুখে চেঁকুৰ মেলিলে৷ এই পথটো নুমলীগড়ত আৰম্ভ হৈ ভাৰত-ম্যানমাৰ সীমান্তৰ মোৰে পৰ্যন্ত গৈছে৷ আমি প্ৰথমে চিলনীজান পালোঁ৷ চিলনীজান কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত এখন বেপেৰুৱা ঠাই৷ চকীহোলাৰ ফালৰ পৰা অহা কমলাবোৰ এতিয়া ইয়াত দেধাৰ ওলাইছে৷ তাৰে এঠোঙা উঠাই লোৱা হ’ল৷ চিলনীজান এৰিয়ে আৰম্ভ হোৱা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যাত্ৰা কৰি গৰমপানী ফৰেষ্ট চে’ক প’ষ্টৰ সন্মুখত গাড়ী দুখন ৰ’লগৈ৷ তাতে সিখন গাড়ীত আৰু দুজন উঠিল৷ এজন ফৰেষ্ট গাৰ্ড নীৰেন দাস আৰু আনজন ডেপুটি ৰেঞ্জাৰ চন্দ্ৰছিং ক্র’৷ ক্র’ৰ সৈতে মোৰ পৰিচয় বহু পুৰণি৷ কেইবা বছৰৰ মূৰত এনেকৈ আকস্মিকভাৱে লগ পাই উভয়ে অতিশয় উৎফুল্লিত হ’লোঁ৷ সকলো মিলাই আমাৰ দলটো এতিয়া মুঠতে ১৪জনীয়া হৈ পৰিল৷

এই পথছোৱাৰে জন্মাৱধি সংখ্যাতীতবাৰ অহা-যোৱা কৰিছোঁ৷ সৰুতে নামবৰৰ পুৰণি দলংখনেৰে আমি আহ-যাহ কৰোঁ৷ দীঘল দলঙৰ ভিতৰত সেইখনৰো এটা নাম আছিল বুলি শুনিছিলোঁ৷ তেতিয়া গাড়ী ৰখাই গৰমপানীৰ উঁহটোত যাত্ৰীবোৰে হাত-মুখ ধোৱা দেখিছোঁ, খৰ-খজুৱতি গুচক বুলি৷ আমিও ধুই পাইছোঁ৷ হাবিখনৰ ভিতৰলৈ কিন্তু আগতে কাহানিও যোৱাৰ সুযোগ পোৱা নাছিলোঁ৷ শুনিছিলোঁ, ফটাশিল নামে জলপ্ৰপাত এটা সেইফালে থকা বুলি৷ আমাৰ মাহঁতে এতিয়াও কয় যে জীয়ৰী অৱস্থাত গোলাঘাটৰ কুমাৰপট্টিৰ ঘৰৰ পৰা তালৈ কেইবাবাৰো পিকনিক খাবলৈ গৈছিল৷ সেইবোৰ শুনি শুনি দীৰ্ঘদিনীয়া কৌতূহল এটা মোৰো তলে তলে জাগ্ৰত হৈ আছিলেই৷ সুযোগ ওলোৱাত তাকে নিবাৰণ কৰিবলৈ আহিছোঁ এইবাৰ, এই বয়সত৷ আনহাতে, কেইবা বছৰৰ আগতেই ৰাস্তাখিনি পোনাই দিয়াৰ উপৰি নামবৰ নৈৰ ওপৰৰ দলংখনো পকী হ’ল৷ গৰমপানীৰ উঁহটোৰ উন্নয়ন, চৌদিশে বাউণ্ডেৰী ৱাল, খটখটি, বহাৰ ব্যৱস্থা, ৱাটচ্ টাৱাৰ, নৈৰ ওপৰত ওলোমা দলং ইত্যাদিও গঢ়া হৈছে৷

ৰাষ্ট্ৰীয় ঘাইপথটো তাতে এৰি আমাৰ গাড়ী দুখন সোঁহাতে উত্তৰমুৱা হ’ল৷ এইটো মুহূৰ্তৰ বাবেই যেন অপেক্ষাৰত আছিলোঁ ইমান বছৰে! সংগোপনে ঈশ্বৰক ধন্যবাদ এটা জনালোঁ৷ হাবিতলীয়া লিকেৰে অৰণ্যৰ অন্তৰ্ভাগলৈ ধীৰ গতিৰে সোমাই যাব ধৰিলোঁ আমি৷ পথত গজি উঠা ঘাঁহ-বন, জংঘল চেটেপ চেটেপকৈ মহতিয়াই এয়া যেন এক জাংগল চাফাৰী!

এই বাটটোৱেই গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য আৰু নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমা বুলি কথা প্ৰসংগত জানিবলৈ পালোঁ৷ অৰ্থাৎ, অসমৰ দুখন পৃথক জিলা কাৰবি আংলং আৰু গোলাঘাটৰ সীমা এয়া৷ ডিফুৰ পৰা গৰমপানীৰ দূৰত্ব ১১২কিল’মিটাৰ৷ গোলাঘাটৰ পৰা প্ৰায় ২৫কিল'মিটাৰ দক্ষিণে৷ ইয়াৰ পৰা আমাৰ মূল লক্ষ্যস্থান ফটাশিললৈ আৰু প্ৰায় ৪কিল’মিটাৰ সোমাই যাব লাগিব৷ পূৰ্বে পোৱা আশ্বাসমতে হ’লে ইয়াৰ পৰাই হাতীত যাব লাগিছিল৷ কিন্তু এতিয়া আহিছোঁ ৰেঞ্জাৰৰ জীপচিত৷ বেয়া লগা নাই যদিও হাতীৰ পিঠিখনলৈ মনত পৰি আছে৷

ব্ৰিটিছৰ শাসন কালতে ১৮৭২চনৰ ৯আগষ্টত অবিভক্ত শিৱসাগৰ জিলাৰ গোলাঘাট মহকুমাৰ ১,৪১,৩৬৪হেক্টৰ বনাঞ্চলক নামবৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল৷ ব্ৰিটিছৰ দ্বাৰা ১৯১১চনত নিৰ্মিত এটা পৰিদৰ্শন বঙলা জিলা সীমান্তত অৱস্থিত গৰমপানী বন তালাচী চকীৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আমি দেখা পাই আহিছোঁ৷ নামবৰ বনাঞ্চলৰ ঐতিহ্যকে ই যেন আজিও সোঁৱৰাই আছে! তদুপৰি, যুদ্ধ বিমানৰ তলত সংযুক্ত কৰি বোমা-বাৰুদ কঢ়িয়াবৰ নিমিত্তে নিয়া প্ৰকাণ্ড পাত্ৰ এটাও তাৰ কাষতে দেখিবলৈ পালোঁ৷ ১২মিলিমিটাৰমান ডাঠ লোৰ পাতেৰে নিৰ্মিত ‘কেনষ্টাৰ’ নামৰ এই পাত্ৰটো আনুমানিক দ্বিতীয় মহাযুদ্ধৰ সময়ৰ হেনো৷ হাবিৰ মাজত এইটো উদ্ধাৰ কৰা হৈছিল৷ এতিয়া পৰিদৰ্শন বঙলাৰ সমীপত ৰখা হৈছে৷

১৯৫২চনৰ ১০জুলাইত ভাৰত চৰকাৰে নামবৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লগা গৰমপানী, বৰপুং, চৰাইপুং আদি গৰম পানীৰ উঁহসমূহক সামৰি প্ৰায় ৬বৰ্গ কিল’মিটাৰ এলেকাক গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল৷ ১৯৬৫-৬৬চনত নামবৰ বনাঞ্চলক উত্তৰ নামবৰ আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল বুলি নামকৰণ কৰা হয়৷ পিছলৈ উত্তৰ নামবৰ সংৰক্ষিত বনাঞ্চলৰ ১৬.৬৩৩হেক্টৰ এলেকা মিকিৰ পাহাৰ জিলালৈ হস্তান্তৰ কৰা হৈছিল৷

আমাৰ লক্ষ্যস্থান ফটাশিল জলপ্ৰপাতটো গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্যত পৰে৷ এই অভয়াৰণ্যখন বৰ্তমান কাৰবি আংলং জিলাৰ অন্তৰ্গত৷ ইয়াৰ দক্ষিণ দিশৰ সীমাই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ চুই আছে৷ জৈৱ বৈচিত্ৰ্যৰে চহকী এইখন অসমৰ ভিতৰতে সবাতোকৈ ক্ষুদ্ৰ অভয়াৰণ্য৷ এই অঞ্চলটো ঘাইকৈ বনৰীয়া হাতীৰ বিচৰণথলী৷ কেইবা জাতৰ চৰাই আৰু সৰীসৃপকে ধৰি বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীও নামবৰ-গৰমপানী বনাঞ্চলত আছে৷ হাতী, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, গোধাফুটুকী বাঘ, লতামাকৰি বাঘ, মেঠোন, শৰ পহু, সুগৰী পহু, শহা পহু, খুটীয়া পহু, কেটেলা পহু, দল হৰিণ, বনৰৌ, বনৰীয়া কেৰ্কেটুৱা, বনৰীয়া গাহৰি, নেউল, জহামাল, উদ, শিয়াল, ৰাং কুকুৰ, ভালুক, লাজুকী বান্দৰ, হনুমান বান্দৰ, মলুৱা বান্দৰ, হলৌ বান্দৰ, চকৰি ফেঁটী সাপ, গুঁই, পৰ্ঘুমা, হাইঠা, বনকুকুৰা, দৰিক, বতা চৰাই, শৰালি হাঁহ, পানী হাঁহ, দেও হাঁহ, ডাউক, সখিয়তী, মৌপিয়া, তেলীয়া সাৰে, হাড়গিলা, বৰটোকোলা, কাম চৰাই, বাঢ়ৈটোকা, বালিমাহী, ধনেশ, কাউৰী, হুদু, শামুকভঙা, ফেঁচা, শেন, ৰজা শগুণ, ভাটৌ, মইনা, ভীমৰাজ, কাকৈশিৰা, শিলকপৌ, নীলকপৌ, বৰকপৌ, মইনা, ফেঁচু, বাদুলি আদি জীৱ-জন্তু, চৰাই-চিৰিকটি ইয়াত পোৱা যায়৷ তদুপৰি বিলুপ্তপ্ৰায় বনজ উদ্ভিদকে ধৰি কেইবাবিধো অৰ্কিড ইয়াৰ হাবিত দেখা যায়৷ অনেক প্ৰজাতিৰ উদ্ভিদেৰে ভৰা নামবৰ বিশ্বৰ ভিতৰতে এটা উল্লেখযোগ্য গৱেষণাগাৰ বুলি গৱেষক মহলত পৰিচিত৷ বনৌষধি গছৰ সমাহাৰে ইয়াক অনন্য প্ৰাচুৰ্য প্ৰদান কৰিছে৷ বিশেষভাৱে উল্লেখনীয় ঔলতা বা পানীলতাৰ উপৰি শেলুৱৈ, কাঠফুলা, মছ আৰু ঢেঁকীয়াৰ বহু প্ৰজাতি এই বনাঞ্চলত আছে৷ সেইদৰে নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদৰো অসংখ্য প্ৰজাতি ইয়াত উপলব্ধ৷ তুলাচালনীতা, ব্ৰহ্মমধুৰী, বনআম, ললেং টেঙা, চালমোগৰা, বাঁহ ঢেঁকীয়া, গছ ঢেঁকীয়া, মোমাই কেতুৰী, লতা কপৌফুল, অৰ্কিড ৰত্ন বা জুৱেল অৰ্কিড, ওৱাহিং বেত আদি এই বনাঞ্চলত প্ৰাপ্ত নিঃশেষপ্ৰায় উদ্ভিদ৷

আমাৰ আগে আগে গৈ থকা নিৰাপত্তাৰক্ষী উঠি যোৱা বলেৰ’খনে নিৰ্দিষ্ট এঠাইত ব্ৰেক মাৰিলে৷ জীপচিখনো পিছতে ৰ’ল৷ আমাক নামিবলৈ নিৰ্দেশ দিয়াত সকলোটি নামিলোঁ৷ ফৰেষ্টৰ অভিজ্ঞতাৰে পূৰঠ বন বিষয়াকেইজনক অনুসৰণ কৰি হাতীদণ্ডিৰে শাৰী পাতি আগলৈ খোজ ল’লোঁ৷ মাটিত নমাৰ পিছতে জোকৰ ভয় এটা আছিল যদিও কেৰেপ নকৰি লুংলুঙীয়া বাটেৰে অগ্ৰসৰ হ’লোঁ৷ মাজে মাজে সন্মুখলৈ আগ বাঢ়ি অহা লতা-গুল্ম হাতেৰে আঁতৰাই যাবলগীয়া হ’ল৷ নামনি পাই দেখিলোঁ, হাবিৰ মাজত এটুকুৰা মুকলি ঠাই৷ ঠাইখিনিত গছ-বিৰিখ নাই৷ বৰগছ, ভেলৌগছকে ধৰি চৌকাষে থকা ওখ ওখ গছবোৰত অনেক চৰাই৷ হাইঠা, পৰ্ঘুমা ইত্যাদি৷ ইফালৰ পৰা সিফাল কৰি জাকে জাকে ওপৰত উৰি ফুৰিছে৷ চুপচাপ ৰৈ আমি সেই দৃশ্য বেছ কিছু সময় উপভোগ কৰিলোঁ৷ সেইখিনি ঠাইৰ নাম চৰাইপুং৷ চৰাইবোৰে ইয়াত পানী খাবলৈ আহে৷ তলত অৰ্থাৎ ভূমিলৈ চাই দেখা পালোঁ, গৰম পানীৰ ভালেমান উঁহ৷ অসংখ্য বুদ্‌বুদ্‌ ওলাই আছে আৰু পানী জমা হৈছে ইফালে-সিফালে৷ চুই চালোঁ, কুহুমীয়া৷ গন্ধক মিহলি এই পানীত গা ধুলে খৰ-খজুৱতি নহয়৷ চৰাইবোৰে ইয়াত নামি গা ধুৱেহি৷ পুৱা খুব সোনকালে গ’লে সেই দৃশ্য ধুনীয়াকৈ দেখা যায়৷ পানী খাবলৈ আন বন্য জন্তুও আহে৷ যেনি-তেনি সিঁচৰতি হৈ থকা জন্তুৰ খোজবোৰেই তাৰ প্ৰমাণ দিলে৷

তাৰ পৰা উভতি পুনৰ গাড়ীত বহিলোঁহি৷ হাবি ফালি আমাৰ গাড়ী আকৌ আগলৈ চলিল৷ অকাই-পকাই নামনিলৈ যোৱাৰ পিছত গাড়ী ৰ’ল৷ এইখিনি বৰপুং৷ হাতীয়ে পানী খোৱা, গা ধোৱা, জলকেলি কৰা ঠাই৷ এই পানীত গা ধুৱাৰ ফলত হাতীৰ ঘা, খজুৱতি আদি ভাল হোৱাৰ লগতে গাৰ বিষৰ পৰাও হেনো সিহঁতে উপশম পায়৷ অঞ্চলটোত যেনি-তেনি অনেক হাতীৰ খোজ আৰু লাদ দেখা পোৱা গ’ল৷ পুখুৰীটোৰ এফালৰ পাৰটো হাতীয়ে গচকি ভাঙি পেলোৱাত দুদিনৰ আগতে বিভাগীয় কৰ্মীয়ে এক্সকেভেটৰ সহায়ত পুনৰ বান্ধি দিছে৷ বৰপুঙৰ কাষেৰে বৈ অহা নিজৰাৰ পানীয়ে বাট ভেটি ধৰাত দুজন ৰখীয়াসহ গাড়ী দুখন তাতে এৰিবলগীয়া হ’ল৷ সেই বোঁৱতী ধাৰটোতো দেখিলোঁ, অসংখ্য বুদ্‌বুদ্‌, অসংখ্য গৰম পানীৰ উঁহ৷ চুই চোৱাত গৰম গৰম ভাব হ’ল৷ এলেকাটো কিছু মুকলি আৰু জয়াল৷ দূৰে দূৰে দুজোপা প্ৰকাণ্ড ঔটেঙাৰ গছ চকুত পৰিল৷ ঔবোৰ ওলমি আছে৷ সেইবোৰ হাতীৰ খাদ্য৷ অনুমতি পালে ঘূৰি আহোঁতে কেইটামান গোটাব লাগিব বুলি মনতে ভাবি থ’লোঁ৷ গগৈ ডাঙৰীয়ানীয়ে তেতিয়াই লিখিছিল, সেই ঔটেঙা খুব সোৱাদযুক্ত বুলি৷ কথাষাৰ মনত পৰিল৷ ইতিপূৰ্বে ফৰেষ্ট গাৰ্ড দাস আৰু ডেপুটি ৰেঞ্জাৰ ক্র’ক ‘ইয়াত ঔটেঙা গছ কেনি আছে’ বুলি সুধি সুধি ব্যতিব্যস্তও কৰিছিলোঁ৷ নিজ চকুৰে দেখাৰ পিছতহে স্বস্তি!

গাড়ী থৈ এইবাৰ সদলবলে লুংলুঙীয়া পথেৰে অগ্ৰসৰ হ’লোঁ, খোজ কাঢ়ি৷ ক্রমে ওপৰলৈ, আকৌ তললৈ৷ হাবিৰ মাজত কোনোবাই চোৰাংভাৱে কটা কাঠ চকুত পৰিল৷ অভিজ্ঞ গাইডৰ পিছে পিছে জংঘল ফালি ফালি গৈ অলপ পিছতে এক নৈসৰ্গিক পৰিৱেশত নিজকে উপস্থিত কৰোৱালোঁ৷ প্ৰাকৃতিক শোভা প্ৰত্যক্ষ কৰাৰ লগতে দুয়োখন ভৰিতে তেজ খাই থকা জোককেইটা টানি টানি এৰুৱাই ল’লোঁ৷

এইখনেই নামবৰ নৈ৷ ধনশিৰি নদীৰ অন্যতম প্ৰধান উপনৈ এইখন৷ মুখ বাগৰি চলি অহা কথামতে, দাঁতি-কাষৰীয়া কাৰবিসকলে নৈখনৰ নাম নামবৰ বুলি কোৱাত হাবিখনো নামবৰ বুলিয়ে জনাজাত হ’ল৷ চিলনীজানৰ পৰা থুৰামুখলৈ এই হাবিক নামবৰ হাবি বুলি এতিয়াও বহুতে কয়৷ কেইবাটাও গৰম পানীৰ উঁহ বুকুত লৈ কেইবাখনো বিল অতিক্রমি ৰহস্যময় নামবৰ অৰণ্যৰ মাজেৰে বৈ যোৱা নামবৰ নৈখনে কেৱল ভৌগোলিকভাৱে গুৰুত্ব লাভ কৰি অহাই নহয়, অঞ্চলটোকো প্ৰাকৃতিকভাৱে আকৰ্ষণীয় আৰু জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ কৰি তুলিছে৷ কাৰবি আংলং জিলাৰ ডিফু মহকুমাৰ মধ্যস্থলৰ দিং তেৰাং নামৰ ঠাইৰ পশ্চিমে পাহাৰৰ মাজৰ পৰা এই নৈখন ওলাইছে বুলি কিতাপত পঢ়িবলৈ পাইছিলোঁ৷ নামবৰ হাবিৰ মাজেৰে আহি আহি কাৰবি আংলং আৰু গোলাঘাট জিলাৰ সীমাত অৱস্থিত গৰমপানীৰ ওচৰত নৈখনে ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈছে৷

তললৈ নামি যোৱাত বালিচৰ এটা পালোঁ৷ সেইছোৱাত নামবৰে ধেনুভিৰীয়া পাক লৈছে৷ সোঁতৰ বিপৰীতে আৰু কিছু আগুৱাওঁতেই চকুৰ আগত দেখা গ’ল আমাৰ মূল লক্ষ্য ফটাশিল জলপ্ৰপাত৷ অৰণ্যৰ মাজৰ গহীন পৰিৱেশত শিলৰ ওপৰেৰে হৰহৰকৈ অনৱৰতে পানী বাগৰি আছে৷ অঞ্চলটো শিলাময়৷ দলটোৰ কেইজনমানে নৈ পাৰ হৈ আগধৰি জলপ্ৰপাতৰ কাষত হাজিৰ হ’লগৈ৷ শ্যামৰ নেতৃত্বত আমি অলপ পিছ হুহকি আহি অন্য পথ অনুসৰণ কৰি পুনৰ আগলৈ পাহাৰ বগাবলৈ ধৰিলোঁ৷ দণ্ডিৰে বাট বুলি ওপৰেৰে আগ বঢ়াৰ পিছত শিলেৰে চুঁচৰি তললৈ নামিলোঁ আৰু একেবাৰে জলপ্ৰপাতৰ দাঁতিতে ওলালোঁ৷

মনত আছে, প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত ভূগোল-সাধাৰণজ্ঞানৰ পাঠত আমি উদাহৰণসহ সূত্ৰ লিখিছিলোঁ... ‘কোনো পাহাৰৰ পৰা বৰ জোৰেৰে পোনে পোনে তললৈ পৰা পানীভাগকে জলপ্ৰপাত বোলে৷ যেনে... ফটাশিল জলপ্ৰপাত৷’ চকুৰ আগত এয়া সেই জলপ্ৰপাত৷ নিজকে তৃতীয় শ্ৰেণীৰ ছাত্ৰাৱস্থালৈ লৈ গ’লোঁ, অলপ সময়ৰ বাবে৷

প্ৰাপ্ত তথ্য অনুসৰি ভৈয়ামমুখী প্ৰৱাহ পথৰ আদিতে তিৰিখেঙত ২৫মিটাৰ উচ্চতাৰ আৰু লাচিন নৈৰ মোহনাত ২০মিটাৰ উচ্চতাৰ জলপ্ৰপাত দুটাৰ লগতে এই ফটাশিল জলপ্ৰপাতে নামবৰ নৈক গতি প্ৰদান কৰিছে৷ নৈখনৰ কাষে কাষে আৰু গৰ্ভতো গৰম পানীৰ অনেকটা উঁহ আছে৷ এনে হট স্প্ৰিংবিলাকত কেলচিয়াম, মেগনেচিয়াম, আইৰণ, পটাচ আদি ৰাসায়নিক দ্ৰব্যৰ উপৰি মিথেন, নাইট্ৰ’জেন, কাৰ্বন ডাই-অক্সাইড, অ’জন, ৰেডন, হিলিয়াম আদি গেছ মিহলি হৈ থাকে বুলি গৱেষণাত প্ৰকাশ৷ সিংহাসন শৃংগৰ পাৰ্শ্বৱৰ্তী স্থানত হোৱা উৎপত্তিৰ পিছৰছোৱাত সৰ্পিল গতিপথেৰে ক্রমাৎ নামনিলৈ ধাৱমান হোৱা নামবৰে যাত্ৰাপথত দলংজান, গেলাজান, লাচিন, চেইলাংছ’, ফদংশ্যাম, লাংছ’মেপি, ৰংগিৰি, পুংজান, বৰজান আদি পাহাৰীয়া জান-জুৰি, নিজৰাক সামৰি লৈ ধনশিৰিত বিলীন হৈছে৷ নগা পাহাৰৰ পৰা ওলাই অহা ধনশিৰি আকৌ পৰিছেগৈ ব্ৰহ্মপুত্ৰ নদত৷

ফটাশিল জলপ্ৰপাতত বেছ কিছু সময় পানী খেলিলোঁ৷ নৈসৰ্গিক সৌন্দৰ্য আৰু ঐশ্বৰ্যৰে মহিমামণ্ডিত, শান্ত প্ৰকৃতিয়ে অকৃপণভাৱে বিলাই থকা শ্যামলীমা পান কৰি শিলত বহি অনেক কথাই আলোচনা-পৰ্যালোচনা কৰিলোঁ আমি৷ তাৰ পিছত উভতনি যাত্ৰা আৰম্ভ হ’ল৷


কৌতূহলী প্ৰকৃতিপ্ৰেমীৰ উপৰি অধ্যয়নকাৰী গৱেষক আৰু দেশী-বিদেশী পৰিব্ৰাজক বছৰৰ বিভিন্ন সময়ত নামবৰ হাবিলৈ আহে৷ ইক’ টুৰিজমৰ প্ৰচুৰ সম্ভাৱনা আছে ইয়াত৷ অন্য বনাঞ্চলত দুৰ্লভ কেইবাবিধো উদ্ভিদ এই বনাঞ্চলত আছে৷ সেইবোৰ সংৰক্ষণ কৰাটো অতি জৰুৰী আৰু সময়োপযোগী কথা৷ মনত পৰিল, নামবৰ বনাঞ্চলৰ সংৰক্ষণৰ ক্ষেত্ৰত সংবাদ পৰিৱেশন কৰিয়ে প্ৰহ্লাদ গোৱালা নামৰ নিৰ্ভীক সাংবাদিকজনে ঘাতকৰ হাতত প্ৰাণ আহুতি দিয়াৰ কথা পে’পাৰত পঢ়িবলৈ পাইছিলোঁ৷ আমাৰ প্ৰয়োজনীয় পাৰিপাৰ্শ্বিক অৱস্থাৰ ভাৰসাম্য ৰক্ষা কৰা জৈৱ বৈচিত্ৰ্যপূৰ্ণ বনাঞ্চলসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে মানুহক নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই৷ কিন্তু কাৰ্যকৰী পদক্ষেপৰ দিশত নতুনকৈ চিন্তা-চৰ্চা কৰাৰ নিশ্চয়কৈ প্ৰয়োজন আছে৷ বন্যজীৱন আৰু পৰ্যটন উদ্যোগৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো সকলোৱে গুৰুত্ব সহকাৰে লোৱা উচিত৷


























Wednesday, 12 November 2014

ক্রিকেটাৰৰ পৰা গৈ থৈ ক্রিমিনেল হৈ গ’লোঁ!
(গল্প নহয়, সত্য)


বিগত বৰ্ষৰ ফাইনেলখনৰে পুনৰাবৃত্তি এইবাৰো৷ মানে, অসমী ক্লাব ভাৰ্চাচ ৱ’জাৰু ক্লাব৷ যোৱাবাৰ আমি অসমীয়ে ৱ’জাৰুক হৰুৱাই চেম্পিয়ন হৈছিলোঁ৷ গতিকে মানসিকভাৱে আগৰে পৰাই সবল হৈয়ে আছোঁ৷ অকণো ঢিলাই দিয়া নাই কাকো৷ কঠোৰ অনুশীলন অব্যাহত ৰখা হৈছে যাতে এইবাৰো ট্ৰফী নিজৰ দখলত ৰাখিব পাৰোঁ৷ এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে যোৱাবাৰ মানে ১৯৮৯চন আৰু এইবাৰ মানে ১৯৯০চনক বুজোৱা হৈছে৷ নিজৰ অভিজ্ঞতা, অনুভৱ আৰু জীৱনত প্ৰতিফলিত কথাৰে একাংশ এয়া৷

টাউন প্ৰাইমেৰীৰ ফিল্ডত ৰেগুলাৰ নে’ট প্ৰেকটিচ৷ ওচৰৰে অমলহঁতৰ ঘৰৰ পৰা খেলাবস্তুবোৰ কঢ়িয়াই অনা, বাঁহৰ খুঁটাকেইটাত নে’টখন সুন্দৰকৈ লগোৱা, মোৰ কাম৷ লগত কেতিয়াবা থাকে ভাই (বিমান), নতুবা ভাইটি (আৰিফুৰ)৷ কাইলৈ ফাইনেল৷ সেয়েহে আজিও পিছবেলা সোনকালেই আৰম্ভ হৈছে৷ অ’পেনিং বেটছমেন গতিকে প্ৰথমে মোৰেই অনুশীলন চলিছে৷ এতিয়াৰ লাচিথ মেলিংগাসদৃশ এক্সনৰ দুদুলৰ ফাষ্ট ব’লিং, ৰূপম-গৌতম-প্ৰীতমৰ মিডিয়াম পে’চ; সঞ্জয়, ৰূপ আৰু কেপ্টেইন বিছুদাৰ স্পীন বল এফালৰ পৰা সাহসেৰে খেলি গৈছোঁ সুনীল মনোহৰ গাভাস্কাৰৰ চেলফ্ টক্ মন্ত্ৰ আঁওৰাই৷ নিৰ্দিষ্ট সময়ত পেড খুলি পিছৰজনক সুযোগ দিছোঁ৷ ঘাম মচিছোঁ৷ পানী খাইছোঁ৷ নে’টৰ সিপাৰৰ পৰা বিনীত, ভাই, নাচিমহঁতকো নিৰীক্ষণ কৰিছোঁ৷ কেপ্টেইনৰ লগত কাইলৈৰ ষ্ট্ৰেটেজী সম্পৰ্কে কথা পাতিছোঁ৷ চব চিষ্টেমেটিকেলি চলি আছে৷

তেনেকুৱাতে আহি ওলাওক পুলিচৰ ট্ৰেকাৰ এখন৷ কথা নাই বতৰা নাই ঘেঁ-ঘেঁকৈ ফিল্ডৰ ভিতৰ পালেহি৷ চেকেণ্ড অফিচাৰ নে চাব-ইন্সপেক্টৰ আছিল জানো, দপদপাই নামিল গাড়ীৰ পৰা৷ লগত লৈ অহা চিপাহীকেইজনো নামিল৷ ভাবিলোঁ, কি হ’লনো! দুজনমানে হাতত লৈ থকা লাঠীৰে নে’টখন এফালৰ পৰা এৰুৱাবলৈ লাগিল৷ তাৰ লগে লগে আমাৰ ফালে চাই চিৎকাৰ... ‘ঐ, কোনো নপলাবি৷ গোটেইকেইটা গাড়ীত উঠ৷ থানালৈ ব’ল৷’ তলকিবই নোৱাৰিলোঁ, কে’চ কি! আমাৰ নে’ট, বেট, বল, ষ্টাম্প, পেড, গ্ল’ভচ, হেলমেট, এবডমেন গাৰ্ড সোপাকে এঠাইত দ’মাই চিপাহীকেইটাই ট্ৰেকাৰৰ পিছফালে ভৰালে৷ তাৰ পিছত একেবাৰে সৰুকেইটাক বাদ দি তাত উপস্থিত গোটেইমখাকে উঠালে৷ উইকেটকীপাৰ বিভূতিৰ পেড-গ্ল’ভচ খোল নাখালেই৷ গাড়ী চলি গ’ল৷ বুজিলোঁ, এই যাত্ৰা ডিফু থানালৈকে কৰা হৈছে৷ ডিফু থানা বাৰু বেছি দূৰ নহয়৷ কিন্তু আচলতে হ’লনো কি?

বস্তুখিনি থানাৰ ফ্ল’ৰৰ এচুকত অদৰকাৰী জাবৰৰ দৰে পেলাই ৰখা হ’ল৷ দেখি দুখ লাগিল৷ কেইমিনিটমানৰ আগলৈকে সেইখিনিয়েই আমাক আনন্দ দি আছিল৷ আৰু এতিয়া, এয়া কি হৈ গ’ল হঠাতে! আমাক নমাই থৈ ট্ৰেকাৰখন আকৌ কেনিবা ওলাই গ’ল৷

থানাত থকা ক’লা ৰঙৰ ফোনটো মাজে মাজে ক্রিং ক্রিংকৈ বাজে৷ কিবাকিবি খবৰ আহে৷ একো বুজি নাপাওঁ আমি৷

সন্ধিয়া লাগি আহিছে৷ এতিয়া কি হ’ব-নহ’ব তাকে লৈ আমাৰ চিন্তা হ’ল৷ কাইলৈ ইফালে ফাইনেল মেচ খেলিব লাগে৷

‘বহা বহা ভাইটি৷ তোমালোকে বেঞ্চতে বহাচোন৷ টিভি চোৱা৷ আহাঁ আহাঁ৷’ ...কথাবোৰ ভাবি ভাবি অস্থিৰভাৱে ইফাল-সিফাল কৰি থকা অৱস্থাত দেখা পাই কনিষ্টবল দুই-একে আমালৈ চাই মোলায়েম সুৰত ক’লে৷ ঘটনাৰ ভু-ভটং তেওঁলোকেও একো নাজানে যেনেই লাগিল৷ কেৱে কেৱে আমাক চিনি পায়৷ কথা নাপাতিলেও চকুৰ চিনাকি৷ এইকেইটা কেনেকৈ ইয়ালৈ আহিল, এইকেইটা কি সূত্ৰত অপৰাধী হ’ল, তাকে লৈ তেওঁলোকৰো মনত চাগৈ প্ৰশ্নই ইতিমধ্যে পাকঘূৰণি লগাইছে৷ হ’লেও ওপৰৱালাই কি কাৰণতবা ধৰি আনিছে, সেয়া বোধ হয় গম নাপায়৷ জানিলেওনো কি? ওপৰৰ হুকুম কিজানি তেনেকুৱাই! থানাৰ আলেখলেখ একো ধৰিব নোৱাৰিলোঁ৷ বেঞ্চত শাৰী পাতি বহি আমি টিভি চিৰিয়েল চোৱাত লাগিলোঁ৷ পাহৰি গ’লোঁ যে আমি দাগী অপৰাধী আৰু সেয়ে বন্দী!

খটক খটক পদধ্বনি তুলি অলপ পাছত অফিচাৰ ইনচাৰ্জ পালেহি৷ সোমাই আহিয়ে গুজৰণি... ‘তহঁতৰ কোনটোৱে এছ.পি. ছাৰৰ ছোৱালীক জোকাইছিলি হুঁ? আজি তহঁত গোটেইকেইটাৰে মজা বাহিৰ কৰিম ৰহ৷ চিনি পোৱা নাই? কাৰ পাৰমিচন লৈ সেইখনি ঠাইত ক্ৰিকেট খেলিছিলি তহঁতি?’

আমি অবাক৷ স্কুল ফিল্ডত খেলিবলৈ পাৰমিচন! সৰুৰে পৰা দেখোন তাতে খেলা-ধূলা কৰি ইমানটো হ’লোঁ৷

এজনে দীঘল বহী এখন উলিয়াই লৈ গোটেইকেইটাকে নামবোৰ এফালৰ পৰা সুধি সুধি লিখাত লাগিল৷ দেউতাকৰ নাম কি, ঘৰৰ ঠিকনা কি ইত্যাদি ক’ব লগা হ’ল৷ তাতো আকৌ লাগিল এটা জেং৷ খেলুৱৈ নহয় যদিও আমাৰ শুভাকাংক্ষী আৰু সমৰ্থক ৰাজুৱে ভয়তে তাৰ নামটো কৈ দিলে ৰাজ বুলি৷ সেইদৰেই লিপিবদ্ধ হৈ গ’ল৷ পিছতহে কথাটো ওলাল যে সি মিছা মাতিছে৷ নতুনকৈ জইন কৰা চাকৰিটোত কিবা অসুবিধা হ’ব পাৰে বুলিয়ে সি হেনো তেনেকৈ কৈছিল৷ সেই লৈ বেলেগে আকৌ এখণ্ড!

‘পুলিচৰ লগত ধেমালি কৰিবলৈ আহিছ? কাৰ ল’ৰা ই? ঐ, ইয়াৰ বাপেকক উঠাই আনগৈ যা এতিয়াই৷ অমুক ধাৰাটো লগাই দে৷ তমুক ধাৰাটোও লগাই দে চাল্লা৷ ঐ, ইহঁত গোটেইকেইটাকে ভৰাই থ৷’

কৰ্তব্যৰত চিপাহীয়ে লক-আপৰ তলা খুলিলে৷ সুৰসুৰকৈ গোটেইকেইটা সোমাই গ’লোঁ৷ পুৰণি ব্লেংকেট এখন আছিল তাত৷ সেইখনকে পাৰি গাত গা লগাই গোটেইকেইটা বহি থাকিলোঁ৷ ক্রিকেটাৰৰ পৰা হৈ গ’লোঁ ক্রিমিনেল!

ঠাণ্ডাও লাগি আহিছে৷ গৰম কাপোৰ এটাৰো গাত নাই৷ আবেলি ফিল্ডত খেলোঁতে যি পিন্ধি আছিলোঁ সেয়াই৷ তেনেকুৱাতে দৰজাৰ ৰডৰ ফাঁকেৰে দেখিলোঁ, আমাৰ দেউতাহঁত আহি থানাৰ বাহিৰত গোট খাইছেহি৷ খবৰটো অহুকাণে-পহুকাণে শুনি কাৰোবাৰ মাক নতুবা পৰিয়ালৰ কোনোবা সদস্য আহিছে৷ শুভাকাংক্ষীসকল আহিছে৷ সকলোৱেই উদ্বিগ্ন৷ কি হ’ল ইহঁতৰ? সঠিকভাৱে কোনেও নজনা কাণ্ড এটা আজি আবেলিটোত ঘটি যোৱাত কল’নিৰ মানুহখিনি স্বাভাৱিকতেই আশ্চৰ্যচঁকিত হৈ পৰিছে৷ ল’ৰাৰ বাবে গৰম কাপোৰ, চুৱেটাৰ, শ্বল আদি লৈ আহিছে৷ কোনোবাই নিজে এতিয়াই আহিব নোৱাৰি আনৰ হাততে কাপোৰকেইটা দি পঠাইছে, ঠাণ্ডা নাপাওক বুলি৷

অভিভাৱকসকলৰ জুমটোৰ মাজত গুণগুণনি আৰম্ভ হ’ল৷ কি কৰা যায়? কেনেকৈ মোকলোৱা যায় ইহঁতক? অ’.চি. চাহাবৰ লগত আলোচনা চলিল৷ জনালে বোলে এছ.পি. ছাৰৰ অৰ্ডাৰ পালেহে তেওঁ এৰি দিব পাৰে৷ অন্যথা একো কৰাৰ পথ নাই৷ বহুপৰ ভাবি-গুণি আলোচনা কৰি এছ.পি.ক সাক্ষাৎ কৰিবলৈ যোৱাটোৰে সিদ্ধান্ত লোৱা হ’ল৷ দলটো খোজ কাঢ়ি কাঢ়ি এছ.পি.ৰ চৰকাৰী ভৱনলৈ ৰাওনা হ’ল৷ এছ.পি. চাহাব আৰু তেখেতৰ পৰিবাৰৰ সৈতে দীৰ্ঘ সময় ধৰি আলোচনা চলিল৷ চাহাবে মানিলে যদিও তেওঁৰ পৰিবাৰ কিন্তু আঁকোৰ-গোঁজ৷ কোনো পধ্যেই নামানে৷ তেওঁৰ মতে, ইহঁতক এৰিব নালাগে৷ জীয়েকক জোকোৱাৰ উচিত শাস্তি গোটাইকেইটাই পাবই লাগিব৷ অনেক অনুনয়-বিনয় কৰাতো তেওঁ মান্তি নহ'ল যি নহ’লেই৷ ৰৈ ৰৈ তাতে বহুত দেৰি হ’ল৷ পিছত চৰ্ত এটা ওলাল যে যিটো ল’ৰাই ছোৱালীজনী জোকাইছিল তাক প্ৰথমে উলিয়াই দিব লাগে৷ বাকী কথা পিছত হ’ব৷ 'মেইন কালপ্ৰিট'টোক লাগিবই৷

অভিভাৱকৰ দলটো ঘূৰি আহি থানা পালেহি৷ অ’.চি. ছাৰক সবিশেষ জনালে৷ সিফালে অ’.চি. আৰু এছ.পি.ৰ মাজতো বোধ হয় কিবা ফোনাফোনি হ’ল৷ হঠাতে অ’.চি. চাহাবে ৰুদ্ৰ মূৰ্তি ধৰি আকৌ গৰজি উঠিল... ‘তহঁতৰ কোনটোৱে মিছবিহেভ কৰিছিলি? ক ভালে ভালে৷ ছোৱালী জোকাবলৈ আহিছ? এফালৰ পৰা গৰু পিটন দিম এতিয়া৷’

এইফালে এটাৰো মুখৰ মাত নাই৷ অবাক হৈ ইটোৱে সিটোৰ পিনে চাইছে৷ অসহায় দৃষ্টি৷ অনুশীলনত ব্যস্ত থাকি কোনে কেতিয়া কেনেকৈ কাক জোকালে গমেই নাপালোঁ৷ অস্বস্তিকৰ সময়বোৰ তেনেকৈয়ে ঘণ্টাৰ পাছত ঘণ্টা হিচাপত পাৰ হৈ গৈ আছে৷

হঠাতে দেখিলোঁ, বিভূতিৰ ভায়েক জিন্তু ষ্টেপ বগাই থানালৈ উঠি আহিছে৷ কিবা কোৱা বুলি তাৰ নাম ওলোৱাত দেউতাকে গৈ ঘৰৰ পৰা তাক মাতি আনিছিল৷লগতে বেধুম গালি৷ অ.’চি.ৰ আগত থিয় হৈ তলমূৰকৈ সি মাত দিলে... ‘ছাৰ ময়েই  কৈছিলোঁ৷’ বেচেৰাই চাগৈ ভবা নাছিল, সেয়া ছোৱালী জোকোৱা হৈছে বুলি৷

এছ.পি.ৰ ওচৰলৈ তাক লৈ গ’লে আমাক এৰি দিব পাৰে বুলি সম্ভাৱনাই দেখা দিয়াত তাকে ভাবি কেইজনমান অভিভাৱকে জিন্তুক লগত লৈ আকৌ চাহাবৰ তালৈ যাব ওলাল৷ দেউতাকে তাক ভালকৈ এজাউৰি দিলে৷ ককায়েকেও লক-আপৰ ভিতৰতে গুজৰি-গুমৰি থাকিল৷ পালেই যেন ফালি পেলাব! কন্দনামুৱা মুখখনেৰে জিন্তু দলটোৰ আগে আগে যাব ধৰিলে, অপৰাধী ভাবত৷ এছ.পি.ৰ বঙলাত উপস্থিত হৈ পৰিয়ালৰ সন্মুখত ৰৈ সি তলমূৰকৈ ক’লে, ‘ছাৰ মোৰ ভুল হৈ গ’ল৷ আপোনাৰ ছোৱালী বুলি জনা নাছিলোঁ৷ ক্ষমা কৰি দিয়ক৷’

এইফালে থানাৰ ফোনটো মাজে মাজে বাজি আছে৷ পিছে কি কথা, কি মন্ত্ৰণা চলিছে বুজি পোৱা নগ’ল৷’

নিশা তেতিয়া এঘাৰ বাজি গৈছে৷ পিছবেলা স্কুলৰ পৰা আহিয়ে কিবা কেইটামান খোৱা৷ ততাতৈয়াকৈ ফিল্ডলৈ ওলাই আহিছিলোঁ, ফাইনেল প্ৰেকটিচলৈ বুলি৷ এতিয়া ইমান পৰলৈকে ভাত-পানী নোখোৱাত পেটে কলমলাবলৈ ধৰিলে৷ ঘৰৰ পৰা আমাৰ ভাত-পানী থানালৈকে অনাৰ কথা ওলাইছিল, কিন্তু 'নালাগে একো নাখাওঁ' বুলি আমি বাধা দিলোঁ৷

সিফালে কি আলোচনা হৈ আহিল নাজানো৷ নিশা ডেৰমান বজাত আমাক মোকলাই দিলে৷ খোজ কাঢ়ি খোজ কাঢ়ি আহি ঘৰ নাপাওঁমানে ওৰে বাট অভিভাৱকসকলৰ গালিবৰ্ষণ চলি থাকিল৷ গুৰুত্বপূৰ্ণ খেল এখনৰ আগ মুহূৰ্তত অনাহকতে গোটেইপালে শাস্তিৰ সন্মুখীন হোৱাৰ বাবে পেটে পেটে পুলিচলৈ খঙো উঠিল৷ ঘৰ গৈ পাই ভালকৈ ধুৱা-পখলা কৰিলোঁ৷ হ’লেও লক-আপৰ পেচাব আৰু ফেনাইলমিশ্ৰিত উৎকট গোন্ধ এটা নাকৰ আগত লাগি ৰ’ল৷ তেনেকৈয়ে ভাত খালোঁ আৰু শুই পৰিলোঁ৷ ভাবিলোঁ, কাইলৈ ফাইনেল খেলা৷ কাইলৈ মানেচোন আজিয়েই! পুৱা আঠ বজাত ষ্টেডিয়াম ফিল্ড গৈ পাব লাগিব৷ এনেকুৱা গণ্ডগোল এটা পলকতে ঘটি যোৱাৰ পিছত খেলে কি ৰূপ লয় সেয়া অৱশ্যে ভগৱানেহে জানে৷ নহ’লে কিন্তু আমিয়ে চেম্পিয়ন হ’ম বুলি আগৰ খেলকেইখন চোৱা বহুতেই কৈ আছিল৷

শোৱাত পলম হ’ল যদিও খেলৰ অজুহাতত ৰাতিপুৱা সোনকালেই শোৱাপাটী এৰিলোঁ৷ গাটো ধুই মায়ে বাঢ়ি দিয়া গৰম ভাত কেইগৰাহমান ততাতৈয়াকৈ খাই ড্ৰেছ কৰাত লাগি গ’লোঁ৷ তাৰ পিছতে সময় বুজি টীমমেটবোৰক লগ পাবলৈ ফিল্ডলৈ ওলাইছোঁ আৰু৷ দৰজামুখতে দেউতাই পালে৷ সুধিলে... ‘ক’লৈ যাৱ?’
‘আজি ষ্টেডিয়ামত আমাৰ ফাইনেল...’
‘খবৰদাৰ৷ ঘৰত থাক৷ ক’তো নোৱাৰ যাব৷’
বচ৷ চব শেষ৷ মোৰ আৰু যোৱা নহ’ল৷ পিছত কেইটামানে বিচাৰিও আহিছিল৷ দেউতাই কৈ দিলে, সি নাযায় বুলি৷ বৰ দুখ লাগিল৷ কাৰণ অ’পেনিং বেটছমেন নথকা দলৰ কি দুৰ্দশা হয় সেয়া মই বুজি পাওঁ!

আমাৰ স্কুল ফিল্ডত ল’ৰা কিছুমান ইতিমধ্যে গোট খাইছিল৷ তাতো কালিৰ ঘটনাৰে গুণগুণনি, আলোচনা-সমালোচনা৷ খেলিব লগা ভালেকেইটাৰ ৰাতি ইফালে টোপনি খতি৷ প্লে’য়াৰবিলাকৰ তেনেকুৱা অস্থিৰ শাৰীৰিক-মানসিক অৱস্থাত অসমী ক্লাবে ফাইনেলখন নেখেলাৰে সিদ্ধান্ত ল’লে৷ আনহাতে ৰিপ’ৰ্টিং টাইমমতে দলটো ষ্টেডিয়াম ফিল্ডত হাজিৰ নোহোৱাত খবৰা-খবৰিত লাগি গ’ল৷ আগদিনাৰ আকস্মিক ঘটনাটো তেতিয়ালৈকে তাত কোনেও গম পোৱা নাছিল৷ কাৰোবাৰ মুখে জনাৰ পিছত লগে লগে কমিটিৰ মূল মানুহ, ক্রীড়া সন্থাৰ বিষয়ববীয়া, প্ৰতিদ্বন্দ্বী দলৰো কৌতূহলী খেলুৱৈ দুই-এক মিলি এপালমান আহি আমাৰ স্কুল ফিল্ডত উপস্থিত হ’লহি৷ তাৰ পিছত অনেক বুজালে... ‘আজি ফাইনেলত ডেপুটি কমিচনাৰ চাহাব চিফ গে’ষ্ট হিচাপে থাকিব৷ গতিকে খেলখনত তহঁতে ভাগ নল’লে কেনেকৈ হ’ব? যি পাৰ খেল৷ কমিটিৰ প্ৰেষ্টিজৰ কথা আছে৷’

‘আপোনালোকৰ সন্মান বচাবলৈ খেলিলোঁৱেই বাৰু৷ পিছে খেলাবস্তুও দেখোন আমাৰ হাতত একোটোৱেই নাই৷ কালি থানাত চব জব্দ কৰি থ’লে৷’

লগে লগে আকৌ দৌৰা-দৌৰি লাগিল৷ কমিটিৰ মানুহ ডিফু সদৰ থানা গৈ ওলাল৷ অলপ পাছতে ৰাতুলহঁতৰ ঘৰৰ ফালে কেঁকুৰীত দৃশ্যমান হ’ল, পুলিচৰ ট্ৰেকাৰখন৷ ঘেঁ-ঘেঁকৈ এইফালেই আহি আছে৷ আমাৰ বস্তুবোৰ উঠাই আনিছে৷ ফিল্ডৰ দাঁতিতে সেইবোৰ পেলাই থৈ গাড়ীখন অহা বাটে গুচি গ’ল৷ খেলাবস্তুখিনি অহাত মন নথকা সত্ত্বেও খৰধৰকৈ দৰকাৰীখিনি তুলি অট’ৰিক্সা কেইখনমানেৰে ডিফু ষ্টেডিয়াম ওলালগৈ অসমী ক্লাবৰ টীম৷ মই নগ’লোঁ৷ আৰু কোনোবা কোনোবা নগ’ল৷

নিৰ্দিষ্ট সময়তকৈ পলমকৈ ফাইনেল খেলখন আৰম্ভ হ'ল৷ অৱধাৰিতভাৱেই ৱ’জাৰু ক্লাবৰ হাতত আমাৰ অসমী ক্লাব হাৰিল৷ হাৰিল মানে 'গু-হাৰন' দিলে৷ ব’লিঙৰ কোনো লাইন-লেংথ হেনো নাছিল৷ ফিল্ডিঙৰ অৱস্থাও আছিল তথৈবচ৷ সুযোগ পাই সিহঁতে বহুত ৰাণ তুলিলে৷ আনহাতে, আমাৰ ইনিংছত কেইবাটায়ো শূন্য আৰু এক-দুই ৰাণ কৰিয়ে আউট হ’ল৷ টোপনি খতিৰ ফলত ভালদৰে বলকে দেখা নাছিল বুলি পিছত কাৰোবাৰ কাৰোবাৰ মুখে জানিব পাৰিছিলোঁ৷ প্লে’য়াৰ নামধাৰী ১১টা শৰীৰ ফিল্ডত বৰ্তি থাকিল একমাত্ৰ কমিটিৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি, কেৱল প্ৰেষ্টিজ ৰক্ষাৰ স্বাৰ্থত৷ খেলত মন, বল একোৱেই নাছিল৷ ডিফেণ্ডিং চেম্পিয়ন আৰু সম্ভাৱ্য চেম্পিয়ন দলটোৰ লাষ্ট খেলখন হ’লগৈ তেনেকুৱা!

পিছত জিন্তুক এদিন সুধিলোঁ... ‘এছ.পি.ৰ জীয়েকক কি বুলি জোকাইছিলিঅ’ তই? কচোন৷’

মোতকৈ ভালেকেইবছৰমানৰ সৰু সি৷ কওঁ-নকওঁকৈ মুখ খুলিলে... ‘জোকোৱা নাছিলোঁ নহয় মই৷ নাছিমে লোৱা ষ্ট্ৰ’কটোত বলটো গৈ পুলিচৰ নীলা জীপখনৰ বনেটত ঢং কৈ লাগিছিল৷ ল’ৰামতীয়া ড্ৰাইভাৰটোৱে লগে লগে গাড়ীখন ৰখাই দিলে৷ বলটোও লৈ ল’লে৷ সেই বলটো নতুন আছিল৷ এক-দুই অ’ভাৰমান খেলা হৈছিলহে মাত্ৰ৷ সেই সময়ত বল এটাৰ কাৰণে আমাৰ কিমান চিন্তা! গাড়ীত লগাৰ বাবেই বলটো সি লৈ যাব, সেইটো কথা হ'ব পাৰে নেকি? বলটো খোজাত নিদি সি বৰ বেছি বেছি দেখুৱাইছিল৷ ইফালে গাড়ীখনৰ বা মানুহৰো কাৰো একো ক্ষতি  হোৱা নাছিল৷ হ’লেও এছ.পি.ৰ গাড়ী ড্ৰাইভাৰ বুলিয়ে তাৰ বাহাদুৰী৷ মোৰ সহ্য নহ'ল৷ সি তেনেকুৱা কৰাত কিবা কথা লৈ মাজতে মই ‘বাপেৰক কৈ দিবি’ বুলি কৈ পালোঁ৷ গাড়ীখনত টিউচনৰ পৰা অহা এছ.পি.ৰ ছোৱালীজনী বহি আছিল৷ তাই গৈয়ে ঘৰত মাক-দেউতাকক বিৱৰিলেগৈ চাগৈ৷ তেওঁলোকে বুজি ল’লে, আমি জীয়েকক জোকাইছোঁ বুলি, তাইক মিছবিহেভ কৰিছোঁ বুলি৷ কথাখিনি মই তাইক উদ্দেশ্য কৰি কোৱা নাছিলোঁ কিন্তু৷ ড্ৰাইভাৰেও চাগৈ অলপ চুকলি লগালে৷ আৰু অলপ পিছত ট্ৰেকাৰখন আহি খেলাবস্তুবোৰৰ সৈতে তহঁতক সোপাকে ধৰি লৈ গ’ল৷ ঘটনাটো ফিল্ডৰ তলৰ থানালৈ যোৱা ৰাস্তাটোত ঘটা কাৰণে সিফালে দূৰত ফিল্ডিং কৰি থকা তহঁতে সিমান দেখা বা গম পোৱা নাছিলি চাগৈ৷ ঘটনাটো কিন্তু আচলতে ছোৱালী  জোকোৱাক লৈ মুঠেই ঘটা নাছিল৷আমি সেই সময়ত ছোৱালী জোকাই পোৱাই নাছিলোঁ৷ আমাৰ ল’ৰাবোৰ এটাও তেনেকুৱা নাছিল৷’


ভাবি আজিও দুখ লাগে, প্ৰাণচাঞ্চল্যৰে ভৰা আমাৰ ডিফু টাউন প্ৰাইমেৰী স্কুলৰ ফিল্ডত সেই তেতিয়াৰে পৰাই আমাৰ দ্বাৰা ক্রিকেট খেলা স্তব্ধ হৈ পৰিল চিৰকাললৈ৷

Tuesday, 11 November 2014

বৰ্মনৰ বিষাদ
(গল্প নহয়, সত্য)


পুৱা কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত ৰৈ থকা বৰ্মনৰ মুখখনলৈ চাই প্ৰথম দৃষ্টিতে মোৰ এনেহে লাগিল, যেন কিবা এক গভীৰ বিষাদত তেওঁ ভাৰাক্রান্ত হৈ আছে! এখোজ-দুখোজকৈ যিমানেই ওচৰলৈ আগুৱাই গ’লোঁ, বৰ্মনৰ মুখমণ্ডলৰ বৰণ ক্রমাৎ সলনি হ’ব ধৰিলে৷ ক’ৰবাত পঢ়িছিলোঁ, পেটৰ কথাৰ মুখেই চিন বুলি৷ বৰ্মনৰ মুখতো পঢ়িবলৈ পালোঁ, কিবা কথা কিছুমানেৰে যেন উদৰ পূৰ্ণ হৈ আছে! ফলত মনটোৱে ছাটিফুটি কৰি আছে৷ কিবা যেন খুলি ক’ব বিচাৰিছে মানুহটোৱে৷ কিন্তু পৰা নাই অইনক ক’ব৷ আৰু তাৰেই প্ৰচেষ্টাত তেওঁ এতিয়া মোৰ মনৰো শুং-সূত্ৰ ল’বলৈ উদ্যত হৈছে, মই কাষ চাপি যোৱাৰ লগে লগে৷

স্কুলত ল’ৰা-ছোৱালী থ’বলৈ গৈ দেখাদেখি হ’লেই আমি প্ৰায়ে আঠা লাগি ধৰোঁ৷ বিভিন্ন প্ৰসংগ ওলায়৷ ভগা ৰাস্তাই ভোগোৱা দুৰ্ভোগেৰে এই মুলুকৰ উন্নয়নহীনতাৰ ছবিখনৰ পৰা আৰম্ভ কৰি শেহতীয়া ঘটনা-প্ৰৱাহলৈকে৷ ‘অকব’ৰ কথাও দেৰিকৈ হ’লেও চৰ্চালৈ নহাকৈ নাথাকে৷

বৰ্মনৰ কলম ভাল৷ পিছে এইকেইদিন কি হৈছে জানো মানুহটোৰ, এটাও লেখা প’ষ্ট কৰা নাই তেওঁ৷ কথাটো লক্ষ্য কৰি আছোঁ৷ চিন্তা কৰিছোঁ, কি কাৰণ হ’ব পাৰে? ফঁহিয়াবলৈ যত্ন কৰিছোঁ৷ ছেগ চাই সুধিম বুলিও ভাবি থৈছোঁ৷

মই বৰ্মনলৈ চাই হাঁহিলোঁ৷ প্ৰত্যুত্তৰত শেঁতা হাঁহি এটা তেওঁৰ ওঁঠৰ কোণেৰেও বাগৰি গ’ল৷ দুয়ো একাষৰীয়া হৈ কৃষ্ণচূড়াজোপাৰ তলত অৱস্থান কৰিলোঁগৈ৷ মই মনতে ভাবি থকা কথাটোৱেই আলোচ্য বিষয় হিচাপে তেওঁৰ মুখৰ পৰা পোনছাটেই বাহিৰ হ’ল৷

‘আজিকালি প’ষ্টৰ সংখ্যাটো দাদা, বৰ কমি গৈছে৷ মন কৰিছেনে আপুনি? বহু সময়লৈকে নতুন প’ষ্ট নাহেই৷ এপ্ৰ’ভেল লগোৱাৰ পিছত এইটো হৈছে নেকি বাৰু? কোনোবাই কোনোবাই কৈছে৷ মোৰো কিন্তু তেনেকুৱা যেন লাগে৷’ ইমানলৈকে কৈ বৰ্মন ৰ’ল৷ মই বুজিলোঁ, এতিয়া মোৰ পাল৷

‘হ’ব পাৰে৷ অসম-নাগালেণ্ড সীমান্তৰ ঘটনাৱলী চলি থকাৰ সময়ৰে পৰা প’ষ্টসমূহত এডমিনৰ এপ্ৰ’ভেল দৰকাৰ হৈছে৷ সমন্বয়-সম্প্ৰীতিৰ পৰিপন্থী গণ্ডগোলীয়া কথা উপস্থাপন নহওক বুলিয়ে চাগৈ এইকণ সাৱধানতা৷ পিছত উঠাই দিবও পাৰে৷ পৃষ্ঠপটত অন্য কিবা কথাও থাকিব পাৰে অৱশ্যে৷ সঠিকভাৱে নাজানো দেই মই৷’ চমু সঁহাৰিৰে, নঞৰ্থক অন্তিম বাক্যটিত দাড়িডাল দি বৰ্মনলৈ চালোঁ৷

‘বহুতে এপ্ৰ’ভেলটো বেয়া পায় দাদা৷ সেয়েহে প’ষ্টৰ সংখ্যা কমিছে বুলি ভাবিছোঁ৷ ধৰক লেখা এটা দিলে, এপ্ৰ’ভেল নাপালে৷ তেনেস্থলত হতাশা বা মানসিক দূৰত্ব এটা নিৰ্ঘাত আহি যাব পাৰে৷ কি কয় আপুনি?’ অভিমত জানিবলৈ এইবাৰ বৰ্মনৰ পোনপটীয়া প্ৰশ্ন মোলৈ৷

‘প্ৰকৃততে কাৰ ক্ষেত্ৰত কি ঘটিছে সেয়া নজনাকৈ ঘপকৈ কোৱাটো একেবাৰেই অনুচিত দিয়ক৷ সেইটো একান্ত নিজস্ব বাস্তৱ অভিজ্ঞতা বা মানসিক প্ৰসংগ৷ কাৰণ কিছুমান সাজি সাজি অনুমানতে কৈ দিয়া যায়৷ পিছে তেনে কণা-ফৰ্মূটি শুদ্ধ নহ’বও পাৰে, হ’বও পাৰে৷ আনে বেয়া পাবও পাৰে৷ গতিকে Oil your own machine, বিপদ চপোৱাতকৈ নিজৰ চকাত তেল দিয়াই শ্ৰেয়ঃ নেকি!’ বিষয়টোৰ সংক্রান্তত বাহিৰে বাহিৰে থাকি গা এৰা দিবলৈ চালোঁ মই৷

‘ঊনৈশ হাজাৰৰ গ্ৰুপ এটাত সক্রিয় সদস্যৰ সংখ্যাটো কমি আহিলে বেয়া লাগে দিয়কচোন৷’ বিষাদৰ আচল কাৰণটো বৰ্মনৰ মনৰ দৰজা খুলি সংগোপনে বাহিৰ ওলাই আহিল৷ বুজিলোঁ, কিমানযে আন্তৰিকতাৰে ভাল পায় তেওঁ ‘অকব’ক!

‘কথাটো ঠিকেই৷ ময়ো ভাবোঁ৷ হ’লেওনো কাক কি ক’ব? বেয়া লাগিলেও উপায় নাই৷ আন্দাজ আপনা আপনা৷’ সিমানতে মুখনি মৰাৰ কথা চিন্তিলোঁ যদিও ফটামুখ জপোৱা টান হৈ পৰিল৷ ‘পঢ়া-শুনা, চাকৰি-ব্যৱসায়, অন্যান্য জৰুৰী কথা-বতৰাত অগ্ৰাধিকাৰ দিয়াকলৈ ব্যস্ত থাকিব পাৰে বিভিন্নজন৷ জীৱন-যুদ্ধই কাক কেতিয়া কোনফালে নিয়ে একোটো ঠিক নাই৷ জীৱন সকলোৰে ওপৰত৷ সময় প্ৰত্যেকৰে নিজৰ মতেহে চলে৷ গতিকে এই বিষয়ত খাটাং কোনো কথা কোৱা নাযায়অ’৷ হকে-বিহকে অনুমানহে কৰা যায়৷’ মোৰ মনোভাবটো চিধিচিধি বেকত কৰি দিলোঁ৷

‘একাউণ্টৰ সংখ্যা ইমান বেছি! অইন কোনো ছ'ছিয়েল নেটৱৰ্ক ছাইতত ইমান অসমীয়া মানু্হ নাই বুলিও শুনিছোঁ। অথচ আমি সক্রিয় সদস্যনো কিমানজন দেখোঁ? হয়নে নহয় কওক?’ বৰ্মনে চিকুটিয়ে থাকিল৷ বুজিলোঁ, আজি কথা সোনকালে শেষ নহ’ব৷

‘একাউণ্ট হ’ল্ডাৰৰ সংখ্যা আৰু সক্রিয় সদস্যৰ সংখ্যা নিশ্চয়কৈ দুটা বেলেগ বেলেগ ফিগাৰ৷ কোনে কি কাৰণত, কাৰ আহ্বানত বা অনুপ্ৰেৰণাত, কি উদ্দেশ্যত একাউণ্ট খুলিছিল সেয়া এটা কথা৷ তেনেই ব্যক্তিগত কথা৷ বৰ্তি থাকিব পৰা-নোৱাৰাটো অইন এটা কথা৷ সেয়াও নিতান্তই ব্যক্তিগত বেপাৰ৷ প্ৰাথমিক প্ৰয়োজনসমূহ যেনে কম্পিউটাৰ চিষ্টেম, কাৰোবাৰ ক্ষেত্ৰত আকৌ ম’বাইল ফোন, বিদ্যুৎ ব্যৱস্থা, ইণ্টাৰনেট ব্যৱস্থা আৰু স্পীড আৰু অসমীয়া ইউনিকোডত টাইপ কৰাৰ অভ্যাস; নিজকে বৰ্তাই ৰখাৰ বাবে এইকেইটা অপৰিহাৰ্য চৰ্ত বুলি ভাবোঁ, যদিওবা অঘোষিত৷ সেই পৰ্যায় কাৰ কেনেকুৱা নজনাকৈ কেনেকৈনো কওঁ? থাওক দিয়ক, কোনোবাই শুনিলে মনত দুখ পাব৷’

‘আগতে ৰেগুলাৰ লিখা বহুতেই এতিয়া নিলিখা হ’ল!’ বিষাদৰ অনুভূতি প্ৰকাশ নকৰি থাকিব পৰা নাই বৰ্মনে!

‘পুৰণি যাব, নতুন আহিব৷ সেয়া অৱধাৰিত৷ অন্যহাতে, সংযোগ কৰিবলৈ ভাল৷ সংযোগ ৰক্ষা কৰাটো টান৷ সেইটোও অপ্ৰিয় হ’লেও সত্য৷ সৰ্বোপৰি ব্যক্তিগত ইচ্ছা-অনিচ্ছাৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰে৷ গতিকে তাকে লৈ আপুনি মৰ্মাহত হৈ পৰাৰ কোনো কাৰণ মই নেদেখোঁ৷ সক্রিয়তা কমাৰ হাজাৰটা কাৰণ থাকিব পাৰে৷ আগতে অকণমান ইংগিত দিলোঁৱেই৷ দৈনন্দিন জীৱন যাপনৰ উদ্দেশ্যে অৰ্থ-সন্ধানৰ কল্পে বিভিন্নজনৰ বিভিন্ন ধৰণৰ কৰ্ম-ব্যস্ততা আৰু তাৰেই ফলশ্ৰুতিত সময়ৰ অভাৱ বা অনেক ধৰণৰ বাধ্যবাধকতা, নিশ্চয়কৈ সেইবিলাকৰ প্ৰভাৱ থাকিব৷ জীৱন-শৈলী কাৰ কেনেকুৱা, চিষ্টেম কাৰ কেনেকুৱা, ইণ্টাৰনেট ব্যৱস্থা কাৰ কেনেকুৱা, বিদ্যুৎ পৰিস্থিতি কাৰ কেনেকুৱা আদি হৈছে পৰিকাঠামোৰ সৈতে সম্পৃক্ত প্ৰাথমিক তথা গুৰুত্বপূৰ্ণ দিশ৷ আনহাতে, সৃষ্টিশীল বিষয়ৰ দৃষ্টিৰে চালে এনেকুৱাও হ’ব পাৰে যে কোনোবাই হয়তো লাইক, চুপাৰ-লাইক নোপোৱাৰ বাবে লিখিবলৈ এৰি দিছে৷ ‘দীঘলীয়া প’ষ্ট কোনেও নপঢ়ে’ বুলিও ধাৰণা বোধ হয় কোনো কোনোৰ আছে৷ কোনো সদস্য বা সদস্যাই হয়তো মনে মনে প্ৰতিজ্ঞা কৰিয়ে পেলাইছে বোলে ‘এশটা লাইক নাপালে আৰু একো নিলিখোঁৱে যা’৷ অৰ্থাৎ, বাঃ বাঃ বা অনুপ্ৰেৰণাশূন্যতাত ভুগিব পাৰে কোনোৱে কোনোবাজন৷ শুনাত বেয়া লাগিলেও, কোনোবাজনে আকৌ লাভ-লোকচানৰ অংকটো কৰি, ধন-মান-যশ প্ৰাপ্তিৰ আশা নেদেখি অন্তৰ্ধান হ’ব পাৰে! নতুন লেখকে আকৌ পুৰণিসকলৰ কমেণ্ট নোপোৱাত ‘লিখি একো লাভ নাই, কোনেও ফিৰিয়ে নাচায়’ বুলিও ধৰি লৈ আত্মগোপন কৰি আছে চাগৈ৷ কোনোবাই ‘বীৰ-বীৰাংগনা’ৰ অতপালিত লিখিবলৈ শংকা প্ৰকাশ কৰিছে কিজানি৷ আন কোনোবাই হয়তো ‘তৰোৱালধাৰী’ৰ ভয়তে কলম সামৰিছে৷ তৰোৱালৰ কাম নথকাত তৰোৱালধাৰীও সিফালে নিদ্ৰামগ্ন হৈছে৷ কোনোৱে আকৌ লেখাৰ বিষয়-বস্তু বা সমলেই বিচাৰি নাই পোৱা চাগৈ৷ বিপৰীতে, কোনোবাই ই-আলোচনীৰ থিমক লৈ গভীৰ অধ্যয়ন আৰু বিশ্লেষণেৰে মানসম্পন্ন, মননশীল, গৱেষণাধৰ্মী লিখাৰ প্ৰস্তুতিত ব্যস্ত থাকিবও পাৰে৷ কোনোবাৰ হয়তো এনে ঘটিবও পাৰে যে অতদিনে অফিচৰ ফ্ৰি কম্পিউটাৰ, ফ্ৰি ইণ্টাৰনেট লাৰিবলৈ পোৱাৰ সুযোগতে আনৰ চকুত ধূলি মাৰি ফে’চবুকৰ তিকি-তাকাৰ ষ্টাইলত কিবা অকণমান হাই-হেল্ল’ কৰি ভুমুকিয়াই আছিল৷ পিছে দুৰ্ভাগ্য, কৰ্তব্য বাদ দি ফে’চবুক কৰি থকা বুলি ওপৰৱালাই জানি যোৱাৰ লগে লগে তেওঁৰো তেনেই চিলিম ছিগিল৷ ফলত ভলিউনটেৰী ৰিটায়াৰমেণ্ট লৈ ল’লে৷ কাৰোবাৰ হয়তো অসমীয়াত টাইপ কৰি কৰি ভাগৰেই লাগিল৷ ই-কাৰ, উ-কাৰ ইমানযে -কাৰবোৰ! খুটিয়াই খুটিয়াই আঙুলিয়ে বিষাই যায়৷ চকুৰো বৰ কষ্ট৷ আচল ‘কাৰ’ৰ কোনো আশা নাই৷ এতেকে, ‘মই আজি অসমীয়াত টাইপ কৰিব পাৰিলোঁ’ জাতীয় বাক্যটোতে আধ্যা পৰিল চাগৈ টাইপিং সাধনাৰ! ‘ৰোমান সেনা’ হৈ থকাটোতো চুইচাইডৰ লেখিয়াই কথা৷ এই লিখে এই মচ খায়, আকৌ লিখে আকৌ মচ খায়৷ শিকালেও নিশিকে৷ কৈ থাকিলেও নুশুনে৷ গতিকে ৰোমান সেনা নিজেই মৰি-হাজি খাস্তাং৷'

‘হয় দেই৷ ঠিকেই কথাটো৷’ বিষাদগ্ৰস্ততাৰ পৰা মুক্তি৷ বৰ্মনক কিবা অকণমান সকাহ পোৱা যেন মোৰ ভাব হ’ল৷

‘জীৱনটোনো কি? আজি আছে, কাইলৈ নাই৷ গতিকে লিখি থাকক আপুনি৷ বেলেগ কথা ভাবি লাভ নাই৷ নিজৰ অভিজ্ঞতা, অনুভৱ আৰু জীৱনত প্ৰতিফলিত কথাৰে সৃষ্টিৰ ভৰপূৰ আনন্দ লওক৷ নিজকে পুনঃ পুনঃ আৱিষ্কাৰ কৰক৷’ এইখিনিলৈকে কৈ অলপ ৰ'লোঁ৷ দেখিলোঁ, বৰ্মনে মোৰ ফালে একেথৰে চাই আছে৷

‘সময় দিব নোৱাৰা, নিজৰ কম্পিউটাৰ এটা নথকা, কম্পিউটাৰ থাকিলেও টাইপিঙত অভ্যস্ত নোহোৱা, ইণ্টাৰনেট ব্যৱস্থা সুবিধাজনক নোহোৱা, বিদ্যুৎ শক্তি পৰ্যাপ্ত নোহোৱা, ইণ্টাৰনেটৰ খৰছ আৰু বিদ্যুতৰ খৰছ বহন কৰিবলৈ অপাৰগ... এনেকুৱা কোনোও থাকিব পাৰে৷ বহুতৰে আকৌ মনৰ ভাব উপস্থাপনত খোকোজা বা ভয় ভয় ভাব এটায়ো ক্রিয়া কৰিব পাৰে, যেন কিবা লিখিলে তেওঁক কোনোবাই খাইহে পেলাব! তেনে অহৈতুকী শংকা নিজে নিজে অনুশীলন নকৰিলে বিদূৰ কেতিয়াও নহ’ব৷ হ’ব জানো?’

বৰ্মনৰ মনটো ফৰকাল দেখা গ’ল৷ বেলেগৰ কথা বাদ দিয়ক, আপুনি লিখি থাক্ক৷ সঁচা-মিছা নাজানো, লাইক-কমেণ্ট একো নিদিলেও বহুতেই চুপচাপ লেখাবোৰ পঢ়ে বুলি শুনিছোঁ৷ আৰু কওঁ, আনে নহ’লেও মই বাৰু পঢ়িম আৰু আপোনাৰ সৈতে সুযোগ পালেই আলোচনা কৰিম দিয়ক৷ গতিকে চিন্তা কৰিব নালাগে৷ চলাই থাকক কলম, গৈ থাকক আগুৱাই৷ চলতিকা নাম গাড়ী, গৈ থকাই জীৱন৷’

সিমানতে কথাৰ মুখনি মাৰিবলৈ গৈ অন্তিম এষাৰ নোকোৱাকৈ থাকিব নোৱাৰিলোঁ৷ চৰাই মৰে ৰৈ, মানুহ মৰে কৈ৷ আনহাতে, সত্যও সদায় অপ্ৰিয়ই হয়৷ অপ্ৰিয় হ’লেও মুখৰ খজুৱতি মাৰিব নোৱাৰি কৈয়ে পেলালোঁ আৰু… ‘বহুতৰে আকৌ ফে’চবুক মেলিলেই ঘৈণীয়েকৰ খেচখেচনি, গিৰিয়েকৰ কেটকেটনি, ল’ৰা-ছোৱালীৰ পেনপেননি, গৃহকন্দল…'

এক্টিভাখন আস্তেকৈ ডাউনত এৰি দিলোঁ৷ গন্তব্যস্থল অভিমুখে নিজে নিজে চলি গৈ থাকিল৷ বৰ্মনৰ ৱাগন-আৰখন আগ বাঢ়ি অহাত তেওঁক বাট এৰি দিলোঁ৷ হাঁহি মুখত লৈ তেওঁ গৈ থাকিল৷ গৈ পায়ে আজি কিবা এটা লিখিব যেন মোৰ মনে ধৰিলে৷


সমস্ত বিষাদক একাষৰীয়াকৈ থৈ বৰ্মনে এতিয়া লিখি আছে৷ ভাল ভাল লিখি আছে৷ মই পঢ়ি আছোঁ৷ মজা লৈ আছোঁ৷

Monday, 10 November 2014

খেল-ধেমালিৰে পৰিপূৰ্ণ 
আমাৰ স্কুলীয়া দিনবোৰ...
(গল্প নহয়, সত্য)


‘বিগত দিনৰ হাঁচতি খুলি,
অতীতক লিৰিকি বিদাৰি চাওঁ,
সুখৰ নতুন সংজ্ঞাৰে পুৰণি সময়বোৰ সজাওঁ...’

মানুহৰ বাবে কেতিয়াবা এনেকুৱা কিছুমান ব্ৰহ্ম-মুহূৰ্ত আহে যেতিয়া মগজুৰ কোষত লুকাই থকা কিছুমান স্মৃতি টানি-আঁজুৰি উলিয়াই আনি আকৌ লালিত-পালিত কৰাৰ প্ৰবল ইচ্ছা জাগে৷ মোৰ মাতৃসমা শিক্ষালয় (alma mater) ডিফু চৰকাৰী বালক বিদ্যালয়ৰ খেল-ধেমালিৰে পৰিপূৰ্ণ দিনবোৰৰ কথা সুঁৱৰিলে হৃদয়ৰ কোঁহে কোঁহে আজিও সজীৱ হৈ ৰোৱা, পৰস্পৰ সংযোগহীন ঘটনা-পৰিঘটনা কিছুমানে মনৰ পৰ্দাত পোনেই চিনেমাৰ ৰীলৰ দৰে অহা-যোৱা কৰেহি৷ পুনৰ্মিলনৰ দৰে আন্তৰিক উত্তাপময় অনুৰাগেৰে আজিও অন্তৰখনে শিক্ষানুষ্ঠানৰ কোঠাই কোঠাই ঠিক সেইবোৰ স্মৃতিকে পুনৰায় বিচাৰি চলাথ কৰি ফুৰে৷ সঁচাকৈ বৰ সুখময় দিন আছিল সেইবোৰ৷

আমাৰ স্কুলৰ দুটা ছাত্ৰাৱাস আছিল৷ ১৯৭৫চনত ফাইভত নাম লগোৱাৰ পিছৰে পৰা প্ৰায় প্ৰতিদিনেই তালৈ গৈছিলোঁ৷ বাৰাণ্ডাৰ তাঁৰত মেলি থোৱা, স্কুল টীমৰ হৈ ফুটবল খেলা অগ্ৰজ ছাত্ৰবিলাকৰ নীলা ৰঙৰ জাৰ্ছিবোৰ, সিবোৰৰ পিঠিত ডাঙৰ ডাঙৰকৈ লিখা বগা নম্বৰবোৰ, ৰ’দ পৰা ঠাইত শুকাবলৈ দিয়া ফুটবল খেলা জোতাবোৰে মোৰ দৃষ্টি বৰকৈ হৰণ কৰিছিল৷ এটা সময়ত সিহঁতৰ কোঠাবিলাকতো আনকি বাধাহীনভাৱে প্ৰৱেশ কৰিব পৰা হৈছিলোঁগৈ৷ বিছনাৰ তলত থোৱা ফুটবল বুটৰ ভিতৰত নিজৰ কণমানি ভৰিখন সুমুৱাই চাবলৈ প্ৰয়াস কৰিছিলোঁ৷ আমাতকৈ জ্যেষ্ঠ ৰঞ্জিৎ নাৰ্জাৰী, মোকা বে’ আদিয়ে মোক ইমানযে মৰম কৰিছিল! ডিফু চিভিল হস্পিতালৰ ওচৰৰ হোটেললৈ সিহঁতৰ সৈতে লৈ গৈছিল৷ ডাঙৰবোৰে নিজে চাহ খাইছিল৷ মোক কিন্তু গাখীৰ খাবলৈ দিছিল৷ সেই দৃশ্য আজিও মনত পৰে৷

হাইস্কুল ফিল্ডত হোৱা বছৰেকীয়া খেল-ধেমালি, মাণ্ডলিক খেলাবোৰ, জিলাখনৰ স্কুলবিলাকৰ খেল, মণ্টু দত্ত সোঁৱৰণী ফুটবল প্ৰতিযোগিতা, আন্তঃ স্কুল ফুটবল টুৰ্ণামেণ্টৰ মুহূৰ্ত কিছুমান এতিয়াও অমলিন ৰূপত হৃদয়ৰ মণিকোঠাত সঞ্চিত হৈ আছে আৰু আগলৈও থাকিব৷ ক্রীড়াংগনৰ এগৰাকী সক্রিয় কৰ্মী, আমাৰ অংকৰ শিক্ষক প্ৰমোদ নাৰায়ণ সোম ছাৰে মাইকযোগে ঘোষণা কৰে... First call for boy's hammer throw... ছবিখন আজিও মোৰ মানস-পটত ফট্‌ফটীয়া হৈয়ে আছে৷ লাংহিন পামগাঁও হাইস্কুলৰ চুটি-চাপৰ Sprinter এজনক মোৰ খুব ভাল লাগিছিল৷ সেইদৰে Pole volt eventটো চাই বিশেষ মজা পাইছিলোঁ৷ গজাল লগা কাঠৰ ষ্টেণ্ড দুটাৰে জুখিব পৰাতকৈও অধিক উচ্চতালৈ জঁপিয়াই ৰেকৰ্ড কৰিছিল ধনছিং ৰংপিয়ে৷ এথলেটিকচৰ বিভিন্ন ইভেণ্টৰ খেলুৱৈবিলাকক আমি আটায়ে জুমুৰি দি ধৰিছিলোঁ৷ সিহঁত আছিল আমাৰ হিৰ’, আমাৰ ৰ’ল মডেল৷ আমিও যাতে আগলৈ সিহঁতৰ দৰে হ’ব পাৰোঁ, ফিল্ডৰ পৰা ঘূৰি ঘৰলৈ গৈ তাৰে অন্তহীন আলোচনা, জল্পনা-কল্পনা চলিছিল৷ অনুশীলনৰ পদক্ষেপ আৰম্ভ হৈ গৈছিল অকণো পলম নকৰি৷ একেলগে পঢ়া ৰাতুলহঁতৰ ঘৰৰ কাষেৰে নামনিয়েদি বৈ যোৱা লৰুলাংচ’ জুৰিৰ পাৰৰ পৰা জিত, গৌতমহঁতৰ লগত বালি কঢ়িয়াই আনি আমাৰ নিতৌ আবেলিৰ খেলা ঠাই টাউন প্ৰাইমেৰী স্কুলৰ ফিল্ডত দ’ম কৰিছিলোঁ৷ তাৰ পিছত বাঁহৰ যোগাৰ৷ সেইবোৰ ঠিকঠাক কৰি আমিও আৰম্ভ কৰি দিছিলোঁ হাই জাম্প, লং জাম্প, হপ ষ্টে’প এণ্ড জাম্প, প’ল জাম্প৷ বিশ্ব ৰেকৰ্ডৰ গৰাকী, ইউক্রেইনৰ প’ল ভল্টাৰ চাৰ্গেই বুবকা একালত মোৰ সবাতোকৈ প্ৰিয় এথলেট আছিল৷

আমাৰ হাইস্কুলীয়া দিনত ইটো শ্ৰেণীৰ সৈতে সিটো শ্ৰেণীৰ মাজত স্কুলৰ ফিল্ডত প্ৰায়েই ফুটবল মেচৰ আয়োজন চলিছিল৷ লগৰীয়াৰ মাজত দুই-তিনি টকাকৈ তুলি গোপনে বাজিও মৰা হৈছিল৷ ক্লাছ চেভেনত পঢ়ি থাকোঁতে এবাৰ ক্লাছ এইটৰ লগত খেলা ঠিক হ’ল৷ লাষ্ট পিৰিয়দত ছুটী বিচাৰি আগতীয়াকৈ হে’ডচাৰক লিখিত আৱেদন জনোৱা হৈ গ’ল৷ শেষৰ আগৰ পিৰিয়দটো আহিল৷ আমাৰ সহপাঠী প্ৰণৱজ্যোতি খাউণ্ড আন দুটামানৰ সৈতে প্লে’য়াৰ লিষ্ট তৈয়াৰত ব্যস্ত৷ পিন্ধনত ক’লা হাফপেণ্ট, বগা স্প’ৰ্টিং গেঞ্জী৷ স্কুলৰ ইউনিফৰ্ম খাকী পেণ্ট, বগা চাৰ্ট কেতিয়াবাই সোলোকালে৷ সেই সময়ত আমাৰ স্কুলৰ সাজ তেনেকুৱাই আছিল৷ তাৰ লগতে বেজ পৰিধান কৰিব লাগিছিল৷ জোতা পিন্ধা-নিপিন্ধাটো বাধ্যতামূলক নাছিল৷ টাই মৰাৰ কোনো দস্তুৰেই নাছিল৷ যি কি নহওক, দৰখাস্ত মঞ্জুৰ হ’ল৷ ইতিমধ্যে অফিচ ৰুমৰ পৰা বলটোও খুজি আনি ৰখা হৈছে৷ লাষ্ট বেঞ্চৰ দুটামানে সেইটো দলিয়া-দলি কৰি আছে ইফালৰ পৰা সিফাললৈ৷ তেনেকুৱাতে সেই পিৰিয়দৰ শিক্ষক কমলাকান্ত কৰ ছাৰ সোমাই আহিল৷ ছাৰে আহিয়েই দেখিলে, কোঠাটোত খেলিমেলি, হৈ-চৈ৷ প্ৰণৱকে ধৰি অত্যুৎসাহী কেইটামানৰ ইউনিফৰ্ম উধাও৷ ছাৰ অবাক৷ খঙেৰে সুধিলে... ‘ঐ, কি হৈছে তহঁতৰ ?’ প্ৰণৱে অনুচ্ছ স্বৰত উত্তৰ দিলে... ‘ছাৰ, এইটৰ লগত আজি আমাৰ ফুটবল মেচ আছে নহয়৷ তাৰে প্লে’য়াৰ লিষ্ট বনাই আছোঁ৷’ ছাৰ আহি তাৰ নিচেই ওচৰ পালেহি৷ তাৰ জেংখৰি সদৃশ ভৰি দুখনৰ শুকান কলাফুল দুটাৰ পিনে কেৰাহিকৈ চালে৷ তাৰ পিছত চকু টেলেকা কৰি ধমকিয়ালে... ‘পিলিয়াৰ ওলাইছ, হুঁ! পঢ়া-শুনাত মন নাই?’

ডিফুৰ হাইস্কুলবিলাকৰ মাজত তেতিয়া বছৰি আন্তঃ বিদ্যালয় প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল৷ প্ৰতিযোগিতাত ভাগ লৈছিল ৰেংবংহম, ডনবস্ক’, ইউনিয়ন খ্ৰীষ্টান, ডি.এ.ভি., বীণাপানি হাইস্কুল আৰু আমাৰ বিদ্যালয়ে৷ আমাৰ বিদ্যালয় আৰু ৰেংবংহম হাইস্কুলৰ মাজৰ খেল সদায়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হৈছিল৷ সোম ছাৰকে ধৰি স্থানীয় ক্রীড়াক্ষেত্ৰৰ অগ্ৰণী ব্যক্তি বালিৰাম কলিতা, আত্মা সিং, ৰেবেল সিং, বেনু বৰুৱা, সুধাংশু ৰঞ্জন দে’, লক্ষীৰাম ডেকা, ৰতন বসুমতাৰী, ৰবীন ব্ৰহ্ম, গাঁওবুঢ়া তিমুং, প্ৰদীপ নুনিচা, জগদীশ বৰ্মন, শশী দৈমাৰী, ধনছিং টেৰণ আদিয়ে খেলবিলাক পৰিচালনা কৰিছিল৷ লীগ ভিত্তিত অনুষ্ঠিত উক্ত খেলসমূহত প্ৰবল হৰ্ষোল্লাসেৰে আমি আমাৰ স্কুল টীমৰ খেলুৱৈসকলক উৎসাহিত কৰি গৈছিলোঁ৷ দলৰ জয়লাভত বিপুল আনন্দ প্ৰকাশ কৰিছিলোঁ৷ পৰাজয়ত হৈ পৰিছিলোঁ নিস্তেজ, নিৰুত্তাপ৷ সেই পৰাজয়ে আমাক আহত কৰিছিল৷ অকণমানি হৃদয়ত ভাবিব নোৱাৰা ধৰণে দুখ দিছিল৷

ধনছিং ৰংপি, ‘পেলে’ বুলি জনাজাত মেকেন বসুমতাৰী, দীনেশ্বৰ তিমুং, দিলিৰাম তেৰাং, বেৰিষ্টাৰ বসুমতাৰী, যোগেন ৰংহাং, 'ৱাল' বুলি জনাজাত চেবেন্দ্ৰ নাৰ্জাৰী, বৰালাল দৈমাৰী, বন্ধুৰাম বসুমতাৰী, ৰমেশ শইকীয়া, বিজয় ৰায়, ৰাজেন কোঁৱৰ, মোকা বে’, অৰূপ কলিতা, ৰমিন চাংমা, অৰুণ হাজৰিকা, অদিন বসুমতাৰী, জিনয় নাৰ্জাৰী, সুমৰ ৱাৰী, হাৰছিং তিমুং, দীনেশ মমিন, ছয়ছিং ৰংপি, লংকি টেৰণ, বুৰন নাৰ্জাৰী, হুৰনাত তেৰাং, দীপক ব্ৰহ্ম, আচুম লথা, তপন হাজৰিকা আদি আছিল আমাৰ স্কুল দলৰ প্ৰতিভাসম্পন্ন ফুটবলাৰ৷ ডনবস্ক’ হাইস্কুলৰ ভিনচেণ্ট চাংমা, ইউ.চি. স্কুলৰ ৰুডিল চাংমা, ৰেংবংহম স্কুলৰ কিশোৰ হাজৰিকা, তৰুণ হাজৰিকা, এনি হাজৰিকা, লক্ষীন্দ্ৰ বসুমতাৰী, দেবেশ্বৰ শ্যাম, বিনোদ বসুমতাৰী, জন্মেজয় বসুমতাৰী; ডি.এ.ভি. স্কুলৰ পালাল চিংচন, বীণাপানি স্কুলৰ সজল ৰয়, কাজল ৰয়, কালীপদ দে’ আদিৰ ক্রীড়াশৈলীয়েও আমাক আপ্লুত কৰিছিল৷

আমাৰ স্কুলৰ ৰমিন চাংমা আৰু বীনাপাণি হাইস্কুলৰ সজল ৰয়ে চাব জুনিয়ৰ ফুটবলত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছিল৷ ভাৰতীয় স্কুল দলত স্থান লাভ কৰা ৰমিন চাংমাই দক্ষিণ কোৰিয়াৰ ছিউলত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত (এছিয়ান জ’ন) খেলাৰ সুযোগ লাভ কৰি গুৱাহাটীৰ অভিৰুচি ক্রীড়া দিৱসত সম্বৰ্ধিত হৈছিল৷ ক্রিকেট খেলতো আমাৰ বিদ্যালয়ৰ ছাত্ৰসকলে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল৷ নিৰ্মল নুনিচা, বিষুৰাম নুনিচা, সঞ্জয় গোহাঁয়ে চাব জুনিয়ৰ পৰ্যায়ত অসম দলৰ বাছনি শিৱিৰলৈ আমন্ত্ৰণ লাভ কৰিছিল৷ ১৯৭৮চনত আমি অষ্টম শ্ৰেণীত থাকোঁতে দেউকন শ্বিল্ড স্কুল ফুটবল প্ৰতিযোগিতা ডিফুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল৷ ছাব জুনিয়ৰ অসম দলৰ প্ৰশিক্ষক আব্দুল লতিফক সেই সময়তে দেখা পাইছিলোঁ৷


আমি হাইস্কুলৰ ল’ৱাৰ ক্লাছত থকা অৱস্থাত খৰছিং তেৰাং ফুটবল প্ৰতিযোগিতাখন কেৱল আমাৰ বাবেই নহয়, ডিফু চহৰখনৰ  কাৰণেই এক উৎসৱসদৃশ আছিল৷ সেই সময়ত উক্ত প্ৰতিযোগিতাখন বৰ জাকজমকতাপূৰ্ণ আছিল৷ খেলৰ বাবে স্কুল-কলেজ, অফিচ-কাছাৰী সোনকালে ছুটী দিয়া হৈছিল৷ টিকট নকটাকৈ খেল চাবলৈ আমি আমাৰ লগৰীয়া নিৰ্মল নুনিচাই দেখুওৱা পথ অনুসৰণ কৰি ফিল্ডৰ ওপৰত অৱস্থিত মেলেৰীয়া অফিচেদি গৈ পেচাব কৰাৰ ভাও ধৰি লাহেকৈ দৰ্শকৰ মাজত সোমাই পৰিছিলোঁ৷ কেতিয়াবা সি আমাক তাৰিখ নথকা পুৰণি টিকটৰ অংশৰো যোগান ধৰিছিল৷ বিনা টিকটত খেল উপভোগ কৰিব পৰাটো আমাৰ বাবে বাহাদুৰীৰ কথা আছিল৷ জনাকীৰ্ণ ডিফু ষ্টেডিয়াম ফিল্ডত অনুষ্ঠিত খেলবিলাকত কেতিয়াবা স্কুলৰ ফালৰ পৰা ভলণ্টিয়াৰো হৈছিলোঁ আমাৰ শিক্ষক ৰবীন সন্দিকৈ ছাৰৰ তত্ত্বাৱধানত৷

সেই সময়ত জিলা সদৰ ডিফুত কাৰবি আংলঙৰ সকলো চক্রৰ স্কুল পৰ্যায়ৰ ইনড’ৰ-আউটড’ৰ খেলা-ধূলা অনুষ্ঠিত হৈছিল৷ সপ্তাহজোৰা এই খেল-ধেমালিয়ে সৃষ্টি কৰা পৰিৱেশটো আমাৰ বাবে বৰ উপভোগ্য আছিল৷ ঠিক যেন এক উৎসৱহে! ডিফু, বালিপথাৰ, হাওৰাঘাট আৰু বৈঠালাংছ’ জ’নত বিভক্ত খেলুৱৈসকলৰ থকা-খোৱাৰ বাবে শিৱিৰ স্থাপন কৰা হৈছিল আমাৰ স্কুলত৷ আমাৰ ক্লাছত কাক থাকিবলৈ দিয়া হৈছে, কোন স্কুলদল কোনটো ক্লাছৰুমত আছে আমি সেইবোৰ পিটপিটাই চাই ফুৰিছিলোঁগৈ৷ হাওৰাঘাট মণ্ডলক প্ৰতিনিধিত্ব কৰি অহা লাংহিন পামগাঁও হাইস্কুলে ফুটবল আৰু ভলীবলত আমাৰ ডিফু চৰকাৰী বালক বিদ্যালয় অথবা ৰেংবংহম হাইস্কুল দলৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগ বঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷

শেষত এটা কথা উল্লেখ কৰিবই লাগিব যে স্কুলীয়া দিনত আমি দেখা সেই খেলসমূহৰ পৰ্যায় আছিল যথেষ্ট উচ্চ৷ খেল চাবলৈ খেলপথাৰৰ চৌকাষ লোকে-লোকাৰণ্য হৈ পৰিছিল৷ তেতিয়াৰ সেই পৰিৱেশটো আৰু ক্রীড়াপ্ৰেমী স্থানীয় ৰাইজৰ সঁহাৰিৰ কথা ভাবিলে আজিও আচৰিত লাগে৷ আজি তেনেকুৱা খেলো নাই, খেলুৱৈও নাই, সংগঠকো নাই, দৰ্শকো নাই৷ খেল-ধেমালিৰে পৰিপূৰ্ণ আমাৰ স্কুলীয়া দিনৰ কথাবোৰ যেন কিবা সাধুকথা হৈ পৰিল! স্কুলীয়া স্তৰত খেলৰ প্ৰতি পিঠি দিয়াৰ ফল আজি সমাজখনে বাৰুকৈয়ে ভোগ কৰিছে৷