Tuesday, 5 December 2017

দিন পাঁচ ৷৷ খণ্ড ৯

ক’ৰবাত পঢ়িছিলোঁ, ‘When we face the worst that can happen in any situation, we grow. When circumstances are at their worst, we can find our best.’ ওচৰতে গছৰ ডাল কিছুমান লাং লাং থাং থাংকৈ পৰি আছে৷ এডাল এডালকৈ আনি সেইবোৰ ওপৰলৈ দলিয়াবলৈ ধৰিলোঁ যাতে ওপৰত শেতেলি এখন তৈয়াৰ কৰিব পৰা যায়৷ আফ্ৰিকাৰ ঘন বনাঞ্চল, ইকুৱেডৰৰ বৰ্ষাৰণ্যৰ মাজত বিষম পৰিস্থিতিত পৰি নিশা কটাবলৈ বিয়েৰ গ্ৰেইল্‌চে তেনে কৰা দৃশ্য দেখিছোঁ Man vs. Wildৰ কেইবাটাও এপিচ’দত৷ এই মুহূৰ্তত মোৰ সেই শক্তিশালী মানুহজনৰ বাদে কালৈকো মনত পৰা নাই৷

৭ জুন ১৯৭৪ত জন্মা, উত্তৰ আয়াৰলেণ্ডৰ এড্‌ভেনচাৰিষ্ট, লেখক, সুবক্তা, টেলিভিচন ধাৰাবাহিকৰ জীৱন্ত চৰিত্ৰ Edward Michael 'Bear' Grylls মোৰ অতি ভাল লগা এজন পুৰুষ৷ তেওঁৰ দ্বাৰা ময়ো প্ৰভাৱিত হওঁ৷ হেৰাই যোৱাৰ বাসনাত মজি থাকোঁ, তেওঁৰ কাণ্ড-কাৰখানাবোৰ চাই৷ এতিয়া যেন তেনেকুৱা সুযোগেই আহি ভাগ্যত ধৰা দিছে! টিভিৰ পৰ্দাত দেখা তেওঁৰ আত্মৰক্ষাৰ অনুৰূপ পদ্ধতি অনুসৰণ কৰি যাব ধৰিলোঁ৷ অলপ পাছতে বাওঁফালৰ গছডালেৰে বগাই ওপৰলৈ উঠিলোঁ৷ জোতা-মোজা পিন্ধি থাকিয়ে উঠি গ'লোঁ৷ ডালবোৰ ঠিক-ঠাককৈ পাৰি দিয়াত বহিব পৰা হৈ পৰিল৷ কাকো নাপালে নিশাটো ইয়াৰ ওপৰতে কটাবলৈ মানসিকভাৱে সাজু হৈছোঁ৷ মনত পৰিছে, ৰাক্‌চেকৰ ভিতৰত ৰছী এডাল আছে৷ তাৰ সহায়ত পাছত বেগটো ওপৰলৈ তুলি আনিব পৰা যাব৷ আন্ধাৰ হোৱাৰ আগতেই সেইটো কৰি ল'ব লাগিব৷

সদ্যহতে গছৰ ওপৰতে ভালকৈ বহি লৈছোঁ৷ বাগৰিও চালোঁ৷ ঠিকেই আছে বিছনাখন৷ এইবাৰ দুয়োখন হাত চুঙাৰ দৰে কৰি লৈ উভয় দিশলৈকে টোঁৱাই যিমান পাৰো জোৰেৰে উকিওৱাত লাগি গ'লোঁ৷ বহুত দেৰিলৈকে কোনো ফালৰ পৰা কাৰো একো উত্তৰ নাই৷ পল-অনুপলকৈ সময় পাৰ হৈ গৈ আছে৷ খাটাং হৈছোঁ যে মোৰ বাট ভুল হ’ল৷ কোনো নাহে এইফালে৷ অচিন-গভীৰ অৰণ্যত মই সঁচাকৈয়ে হেৰাই গ’লোঁ৷ ভবাৰ লগে লগে মনটো কিবাকিবিখন লাগিব ধৰিলে৷ কান্দি দিম যেনো লাগিছে৷ হ'লেও সাহস যাতে নেহেৰুৱাওঁ তাৰ বাবে যিমান পাৰোঁ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ ইমানৰ মাজতো জীৱনৰ বিচিত্ৰ অভিজ্ঞতা এটাৰ বাবে হৃদয়ৰ একোণত বেলেগ ধৰণৰ হেঁপাহ (নে শিহৰণ?) অকণমানেও ক্ৰিয়া কৰি নথকা নহয়৷ আগলৈ কি হয় নাজানো৷

প্ৰায় ১৫ মিনিট৷ এক ধৰণৰ চিন্তা আৰু উৎকণ্ঠাৰ মাজত কটোৱা হ’ল৷ অনৰ্গলভাৱে উকি মাৰি থাকোঁতে এবাৰ হঠাতে বহুত দূৰৰ পৰা ক্ষীণকৈ সঁহাৰি এটা আহিল৷ তাকে শুনি জিভালৈ ফিৰি আহিল পানী অকণমান৷ একে মুহূৰ্ততে এই প্ৰশ্নৰো অৱতাৰণা নোহোৱাকৈ নাথাকিল যে সেয়া আমাৰ মানুহ হয়নে নহয় আকৌ? এইবাৰ এই লৈ মগজুত ক্ৰিয়া কৰিলে নতুন চিন্তাই৷ উকি বাদ দি চেক্‌কে, চেক্‌কে বুলি উপৰ্যুপৰি চিঞৰাত লাগি গ'লোঁ, পানীত পৰা মানুহে প্ৰাণ বাচিবৰ শেষ আশা স্বৰূপে পোৱা নামমাত্ৰ খেৰ-কূটাকে গবা মাৰি ধৰাৰ দৰে৷ অলপ পৰ অৰণ্যখন সমূলি নিমাত৷ ক্ষন্তেক পাছতে সিফালৰ পৰা আকৌ সঁহাৰিসূচক মাত এষাৰ ভাহি আহিল, মোক উদ্দেশ্য কৰি৷ ‘ইধৰ আয়িএ চাৰ৷’ প্ৰত্যুত্তৰত ময়ো টেঁটু ফালি মাতিলোঁ… ‘ইধৰ আও, ইধৰ৷’ জীৱনত কিজানি ইমান ডাঙৰকৈ এয়াই প্ৰথম চিঞৰিছোঁ৷ মোৰ কিবা অঘটন ঘটিছে বুলি বুজি পায়ে চাগৈ, দৌৰাদৌৰিকৈ দুয়োটা কাষ চাপি আহিল৷ দুয়োৰে শৰীৰ দুটা দেখিহে মোৰ মনটো ভাল লাগিল৷ মই ক’ত আছোঁ প্ৰথমে ধৰিবই পৰা নাই সিহঁতে৷ পিছত যেনিবা গম পালে, গছৰ ওপৰত তৈয়াৰ কৰি লোৱা অভাবনীয় অৱস্থানটোৰ বিষয়ে৷

চেক্‌কে আৰু নিমা অবাক হ’ল কাণ্ড দেখি৷ ফেৰেঙণিত ওলোমাই ৰখা কেমেৰাটো লৈ চেক্‌কেই ধমাধম মোৰ ফটো তোলাত লাগি গ’ল৷ সি জানে, ফটোৱে মিছা নক’ব৷ নহ’লে আনৰ আগত বৰ্ণনা কৰিলে টিলিকি মাৰি উৰুৱায়ো দিব পাৰে৷ ঘটনাটোত সি বেচ আমোদ পালে৷ ট্ৰেকিঙত মাজে মাজে চিঞৰি অহা তাৰ সেই Survival শব্দটোৰ সৈতে নভবাকৈয়ে কিবা এটা যেন মিলি গ'ল! চেক্‌কেই মোক নামি আহিবলৈ ইংগিত দিলে৷ গা-গছেৰে চোঁচৰি মাটিলৈ নামিলোঁ৷ ট্ৰেকচুটৰ বুকু অংশ বাকলিত ঘঁহনি খাই ফিচিকিল৷ হাত বুলাই চালােঁ৷ দুখ লাগিল মনতে৷ আনন্দ লাগিল প্ৰাণ বচাব পাৰি৷ ৰাক্‌চেক্‌টো পিঠিত তুলি ল’লোঁ৷ ডিঙিত কেমেৰা৷ বাকীসকল অতপৰেও এইখিনি পোৱাহিয়েই নাই! কিমান পাইছেহি ক'ব নোৱাৰোঁ৷ ভালে সময় উৎকণ্ঠিত হৈ ৰোৱাৰ মূৰকত পুনৰ ইহঁত দুটাক অনুসৰণ কৰি পদচালনা আৰম্ভ হৈ গ'ল৷

চেক্‌কে আৰু নিমাৰ পিঠিত বোজা নথকাত খৰ খোজেৰে আগ বাঢ়িছে৷ অলপ সময়ৰ ভিতৰতে আকৌ অন্তৰ্ধান হ’ল! বোজা থাকোঁতেও যিহে গতি, বোজাহীন হ’লেতো কথাই নাই৷ তেনে হোৱাৰ স্পষ্ট কাৰণো অৱশ্যে নথকা নহয়৷ অথনিতে গতি বৃদ্ধি কৰাৰ কাৰণটোও এতিয়াহে বুজিব পাৰিলোঁ মই৷ দুয়োৰে চিন্তা এটাই৷ পোহৰ থাকোঁতেই দলটোৰ বাবে উপযুক্ত থকা ঠাইৰ সন্ধান উলিয়াব লাগিব৷ দায়িত্বৰ কথা আছে৷ গতিকে এই মুহূৰ্তত সেইটোহে সবাতোকৈ ডাঙৰ কথা৷ সিহঁত যোৱাৰ দিশলৈ চাই চাই অনুমানতে মই গৈ থাকিলোঁ৷ ২০ মিনিটমান যোৱাৰ পাছতে অন্য এক বিস্ময়ে হতবাক কৰিলে৷


দিন পাঁচ ৷৷ খণ্ড ৮

চেক্‌কেৰ দৰেই নিমাৰ ডিঙিতো ওলমি আছে দীঘল খাপেৰে সৈতে দা এখন৷ মাজে মাজে সিও বাটলৈ আগ বাঢ়ি অহা অনাকাংক্ষিত লতা, ডাল আদি কাটি মুকলি কৰি গৈছে৷ লগত দা এখন থকাটো জনজাতীয় বৈশিষ্ট্য৷ মোৰ হাততহে একো অস্ত্ৰ-শস্ত্ৰ নাই৷ ট্ৰেকিঙত দুটা বস্তু মই ইচ্ছাকৃতভাৱেই লগত নাৰাখোঁ৷ অস্ত্ৰ আৰু ঔষধ৷ চেক্‌কেই অথনিতে বাঁহৰ লাখুটি এডাল কাটি দিছিল৷ তাকে লৈ আগ বাঢ়ি আছোঁ ইহঁত দুটাৰ পদানুসৰণ কৰি৷ গতিৰ তাৰতম্যৰ বাবে সংগীসকল ইতিমধ্যে নেদেখা অৱস্থানত থাকি আহিল৷ মোৰ অৱস্থা এনেকুৱা হ'ল যে ইহঁত দুটাকো এৰিব নোৱাৰোঁ, নজনা দূৰত্বত থকা সংগীসকললৈও ৰ’ব নোৱাৰোঁ৷ দুই নাও দুই ভৰি৷

শুকান সৰাপাত মহতিয়াই উঠি উঠি গৈ আছোঁ আমি৷ হঠাতে আমাৰ মাজতো ব্যৱধান বাঢ়ি আহিল৷ কিহৰ কাৰণে নাজানো, আগতকৈ খৰ খোজ পেলাই চেক্‌কে আৰু নিমা আগ বাঢ়ি যাব ধৰিলে৷ এসময়ত নেদেখাই হৈ পৰিল৷ খোজত খোজ মিলাব নোৱাৰি গভীৰ অৰণ্যৰ মাজত অকলশৰীয়া হ’লোঁ মই৷ দুই প’ৰ্টাৰ এতিয়া মোতকৈ আগত, আনবোৰ আকৌ বহুত পাছত৷ আটাইবোৰেই নজনা দূৰত্বত৷ কি কৰা যায়? ৰৈ নিদি অকলে অকলে গৈ আছোঁ৷ ঠাইবিশেষে নিজিৰালেও নহয়৷ ইখন সিখনকৈ ট্ৰেকটোৰ ফটো কিছুমান তুলি ৰখাৰ নিচাটোও সামৰিব পৰা নাই৷ অজান অৰণ্যত সংগীবিহীন হৈ লাহে লাহে মনটো উগুল-থুগুল লাগি আহিল৷ চলনৰ ভংগী মনত পৰি খঙো উঠিল৷ ইহঁতে নাজানে নেকি ময়ো লগত আছোঁ বুলি? নতুন মানুহটোক এনেকৈ চৌঠেঙীয়া কৰিব লাগেনে?

ট্ৰেক্‌টোক লৈ গভীৰভাৱে সন্দিহান হৈ পৰিছোঁ৷ ৰাস্তা ভুল হোৱা নাইতো? ৮-১০ খোজৰ বেছি যাবই নোৱাৰি৷ উশাহ ল’ব নোৱাৰা হৈ পৰোঁ৷ ভাগৰ লগাত মাজতে অলপ ৰৈছোঁ, সাহসেৰে পুনৰ বাট বুলিছোঁ৷ ওচৰে-পাজৰে এনেকুৱা কোনো চিন-মোকামো দেখিবলৈ নাই যে সেই বাটেই চেক্‌কেহঁত গৈছে বুলি সহজে বুজিব পাৰোঁ৷ পদচিহ্ন পাওঁ নেকি চাইছোঁ৷ একো ধৰিব পৰা নাই৷ অনুমানতে চলি আছোঁ৷ উপায়হীন হৈ মাজে মাজে আগফালে এবাৰ, পাছফালে এবাৰ দূৰলৈ লক্ষ্য কৰি উকিয়াইছোঁ৷ কোনো ফালৰ পৰা একো সঁহাৰি নাই৷ বহি দিবও নোৱাৰি৷ শৰীৰ চেঁচা হৈ পৰিব৷ সেয়ে ক’তো সৰহপৰ ৰোৱা নাই৷ গছৰ পৰা পাত সৰাৰ শব্দ, আনকি নিজৰ খোজৰ ভৰত উঠা শুকান পাতৰ মৰ্‌মৰণিটোও ক্রমাৎ ভয়ংকৰ হৈ আহিছে৷ হিংস্ৰ জন্তুৰ দ্বাৰা আক্রান্ত হোৱাৰ আশংকাও একো অস্বাভাৱিক কথা নহয়৷ সেয়েহে চৌদিশে সাৱধানে চাই চাই আহিছোঁ, ক’ৰবাত কিবা লুকাই থকা নাইতো? কোনে জানে? অচিন জংঘল, অচিন পথ৷ হঠাতে কিবা ওলালে বা আক্রমণ কৰিব লাগিলে প্ৰাণৰক্ষাযে নহ’ব সেইটো খাটাং৷ অস্ত্ৰবিহীন, সংগীহীন, নিমাখিত ট্ৰেকাৰ৷

অতীজত মেন্‌-চু-খাত নৰবলিৰ দৰে ঘটনাও হেনো ঘটিছিল৷ আচম্বিতে খেলাই যোৱা নঞৰ্থক চিন্তাবোৰ আৰু তাৰ ফলত সৃষ্টি হ'ব পৰা ধিপ্‌ধিপনিবোৰ সজোৰে আঁতৰাবৰ চেষ্টা কৰিছোঁ, যদিওবা মুঠিত জীৱটো লৈ প্ৰাণপণে খোজ আগুৱাই আছোঁ৷ চেক্‌কেই অথনি কাটি দিয়া লাখুটিডালেই একমাত্ৰ ভৰসা এতিয়া৷ তথাপি সংকল্প ৰাখিছোঁ যে মই কাকো প্ৰথমে মাৰ নামাৰোঁ৷ গতিকে মোকো কোনেও আক্রমণ নকৰিলেই হ’ল৷ লাহে লাহে বুজি উঠিছোঁ যে জংঘলৰ মাজত মই হেৰাই গৈছোঁ৷ যি হয় হ'ব বুলি গান এটাকে গুণগুণোৱাৰ কথা ভাবিছোঁ৷ কিন্তু নাই, নাহে৷ মনলৈকে নাহে, ওঁঠলৈ অহাটোতো দূৰৰে কথা৷

পথ প্ৰদৰ্শনকাৰী ইংগিত বুলিবলৈ চকুৰ আগত একোটোৱেই নাইকিয়া৷ এনেস্থলত আগ বাঢ়োঁ নে থমকি ৰওঁ? কি কৰোঁ? উভতি যাওঁগৈ নেকি? অলপ অলপ সময়ৰ অন্তৰালত নিজকে নিজে বাৰে বাৰে প্ৰশ্নকেইটা কৰিবলগীয়া হৈছে৷ এই মুহূৰ্তত মই কি কৰা উচিত? অজান-অটব্য অৰণ্যৰ লুংলুঙীয়া বাটৰ পদযাত্ৰাত আমাৰ কেৰাভান্‌টো এতিয়া সম্পূৰ্ণ অদৃশ্য৷ ক’ত আছে, অৱস্থান কেনি, জনাৰ উপায় নাই৷ সংযোগহীন, সংগীহীন মই৷ কিংকৰ্তব্যবিমূঢ় সন্ধিক্ষণতে অন্তৰৰ গভীৰতম কোণৰ পৰা আচম্বিতে এইষাৰ মুখলৈ আহিব ধৰিলে… ‘ভয় নকৰিবা, ভয় নকৰিবা৷ সাহসেই মূলকথা৷'

এঠাইত ট্ৰেক্‌টো তললৈ নামি গৈছে৷ পোহৰে মাটি ঢুকি নোপোৱা গেজেপনি মৰা হাবি৷ কেইখোজমান নামি যোৱাৰ পাছতে, কি হ'ল জানো, ইচ্ছাটোৱে ভৰি দুখনক আৰু আগ বঢ়াব নুখুজিলে৷ দোমোজাত পৰি উভতি খোজ ল’লোঁ৷ স্বতঃস্ফূৰ্তভাৱেই ঘটি গ’ল কাণ্ডটো৷ মনটোৱে ক'লে, এইখিনিত বাট ভুল হোৱাৰ সম্ভাৱনা প্ৰৱল৷ ফাটি যোৱা ট্ৰেক্‌টোৰ কোনো এফালেও অথনিৰ দৰে ভেটি থোৱা হোৱা নাই৷ শুদ্ধ পথ কেনি? খোজৰ চিনো পাবলৈ নাই৷ চেক্‌কেহঁতযে পোনে পোনেই গৈছে তাৰ কি ঠিক আছে? অকলে অকলে বহুত সময় ধৰি এনেকৈ একেৰাহে আহি থাকি অৱশেষত গভীৰ অৰণ্যৰ মাজত নিশ্চিতভাৱে মই হেৰাই গৈছোঁ বুলিয়েই প্ৰতীয়মান হ’লোঁ৷ জীৱনৰ এক বিৰল ঘটনা! এতিয়া কি কৰোঁ? অপৰাহ্নটো পাৰ হ'লেই ভূতৰ ওপৰত দানহ পৰাদি আপদীয়া ৰাতি এটা চাপি অহাটো নিৰ্ধাৰিত সত্য৷ পথভ্ৰষ্ট যাত্ৰিকৰ এই মুহূৰ্তত কৰ্তব্য কি? প্ৰথম কথা, নাৰ্ভাচ হ’লে নহ’ব৷ সাহস, বুদ্ধি আৰু ধৈৰ্য লাগিব, বাচি থাকিবলৈ৷ ডিচক’ভাৰী চেনেলৰ ‘মেন ভাৰ্চাচ ৱাইল্ড’ত দেখা বিয়েৰ গ্ৰেইল্‌চলৈ মনত পৰিল৷

খৰতকীয়াভাৱে চিন্তা কৰিব ধৰিলোঁ৷ ট্ৰেকটো হঠাতে তললৈ নামি যোৱা ঠাইখিনিতে ক্ষণিক পূৰ্বে দেখিছিলোঁ, বৰ ডাঙৰ নহয় যদিও দুজোপা গছ দুফালৰ পৰা আহি হাবিতলীয়া বাটটোৰ ঠিক সোঁমাজতে কিন্তু ওপৰত লগালগি হোৱা৷ সেইখিনিলৈকে ঘূৰি আহিলোঁ৷ গধুৰ ৰাক্‌চেক্‌টো নমালোঁ পিঠিৰ পৰা৷ কেমেৰাটো ওলোমাই ৰাখিলোঁ গছৰ ফেৰেঙনিত৷ পৰ্বতত অন্ধকাৰ সোনকালে হয়৷ মোৰ হাতত সময় কম৷ পানীৰ বটলটোলৈ চালোঁ৷ আধা বটলতকৈও কমহে আছে৷ এইখিনিৰেই কাম চলাব লাগিব৷ পুৱা ট্ৰেকিং আৰম্ভণিৰ সময়তে দিয়া Good Day বিস্কুটৰ পেকেট্‌ এটা, ORS এপেকেট লগত আছে৷ ঠাণ্ডা লাগিলে জুই ধৰিবলৈ হাতত হ'লে জুইশলা নাই৷ আত্মৰক্ষাৰ বাবে দা, বন্দুকো একোটো নাই৷ তথাপি বাচিব লাগিব৷ প্ৰাণ বচাবই লাগিব আজি৷ ভয়ংকৰ পৰিস্থিতি এটাৰ পৰা পৰিত্ৰাণ পাবলৈ মানসিকভাৱে সাজু হোৱাৰ বাদে, সুস্থিৰতাৰে চিন্তা কৰাৰ বাদে অন্য বিকল্প এই মুহূৰ্তত নাই৷


দিন পাঁচ ৷৷ খণ্ড ৭

জুহালৰ তিনিফালে কাঠেৰে সুন্দৰভাৱে সজা আছে বহা ঠাই৷ বেচ স্ফূৰ্তি কৰি আমি আটায়ে তাপ লৈ আছোঁ৷ একোবত গৰম কেট্‌লিটো খালী হাতেৰেই খপ্‌কৈ ধৰি চেক্‌কেই গিলাচবোৰত চাহ বাকি যাব ধৰিলে৷ তাৰ এই অদ্ভুত কাণ্ডটোত তবধ নামানি নোৱাৰিলোঁ৷ টাইকোৱানডো মাষ্টাৰ ই কম মানুহ নহয়৷ সি যোগান ধৰা ধোঁৱাই থকা লালচাহৰ সৈতে ব্ৰেড, বিস্কুট ইত্যাদি খোৱা হ'ল৷ তাৰ পাছতে সৰুপানী চুবলৈ বুলি গৈ পৰি থকা পুৰণি গছৰ ডাল এডোখৰত আৱিষ্কাৰ কৰিলোঁ বিস্ময়কৰ কাঠফুলা এটা! প্ৰকাণ্ড জোখ আৰু ৰূপ৷ গাতে লাগি আছে সৰুকৈ আন এটাও৷ ফটো তোলাৰ উদ্দেশ্যে চৌপাশ পৰিষ্কাৰ কৰিবলৈ ধৰোঁতে ডাঙৰ ভাগটো ভাগিয়ে থাকিল৷ 'ধুৰৰ...' স্বগতোক্তি এটা আপোনা-আপুনি মুখৰ পৰা ওলাই আহিল৷ অসাৱধানতাৰ বাবে নিজকে নিজে গালিও পাৰিলোঁ৷ ঘূৰাই পাওঁনো ক'ত? বুজি পালোঁ, এই অৰণ্যখন আগতে কেনিও নেদেখা সম্পদেৰে চহকী৷ সাৱধানে লক্ষ্য কৰি যাব লাগিব৷ কলেজৰ প্ৰাক্‌-বিশ্ববিদ্যালয় শ্ৰেণীত থাকোঁতে দুটা বছৰ উদ্ভিদ বিজ্ঞান পঢ়িবলৈ পাইছিলোঁ৷ জ্ঞান তেনেই সীমাবদ্ধ৷ সেই সামান্য বিজ্ঞান-আলোকতে এতিয়া ভাবি পাইছোঁ যে বিষয়টোৰ সাত বছৰীয়া অধ্যয়নকাৰীসকলৰ বাবে ইয়াত কিজানি ভাণ্ডাৰ লুকাই আছে, গৱেষণা কৰিবলৈ৷ তম্বু, শ্লীপিং বে'গ, খাদ্যসম্ভাৰ লগত লৈ গুচি আহিব লাগে, চাবহি লাগে৷ গেবুহঁত আছেই সহায় কৰিবলৈ৷

কেম্পটোৰ কাষেদি কুলু-কুলু সুৰেৰে বৈ যোৱা জুৰিটোৰ ধ্বনি-প্ৰতিধ্বনিয়ে মোক আৰম্ভণিৰে পৰাই আকৰ্ষণ কৰি আছিল৷ পাৰি থোৱা কাঠ কিছুমানৰ ওপৰেৰে অকলেই দেও দি দি আগ বাঢ়ি জলধাৰাৰ নিকট পালোঁগৈ৷ জয়াল পৰিৱেশ৷ ভয় ভয় নলগা নহয়৷ তথাপি সাহস গোটাই হাত-মুখ ধোৱাৰ উপৰি পেট ভৰাই পানী কেইচলু খাই হেঁপাহ এটা চুপে-চাপে পূৰাই পেলালোঁ৷ কালিয়ে অৰূপদাহঁতৰ আগত স্থিৰ সিদ্ধান্ত শুনাই থৈছিলোঁ যে মেন্‌-চু-খাৰ অৰণ্যত সুবিধাজনক অৱস্থাত জান-জুৰি কিবা পালেই হ’ল, তাৰ পানী পোনে পোনে পি খামেই খাম৷ কিয়নো সেই পানীত দ্ৰবীভূত হৈ থকা খনিজ পদাৰ্থবোৰ নিঃসন্দেহে আমাৰ শৰীৰৰ বাবে দৰকাৰী আৰু উপকাৰী হ’ব৷ গতিকে পানীক লৈ অন্য চিন্তা, মিনাৰেল ৱাটাৰৰ বটল কঢ়িওৱাৰ প্ৰয়োজন নাই৷ মেন্‌-চু-খা মানেই হৈছে ঔষধি গুণযুক্ত বৰফৰ পানী৷ Me(n) মানে Medicine, medicinal; Chu মানে Water; Kha  মানে Ice / Mouth of snow৷

আগৰ দিনলৈ উভতি চালে আমি জানিব পাৰোঁ যে মেম্বা জনজাতিৰ কোনো লোক অসুস্থ বা ৰোগগ্ৰস্ত হৈ পৰিলে তেওঁলোকে ৱাটাৰ থেৰাপী প্ৰয়োগ কৰিছিল৷ প্ৰকাণ্ড গছৰ কাণ্ডত কাটি উলিওৱা হৈছিল বাথ্‌টাব্‌৷ বৰফ গলা পানী তাত জমোৱা হৈছিল৷ উষ্ণতা বঢ়োৱাৰ বাবে ৰঙাকৈ গৰম কৰা শিল কিছুমান নিৰ্দিষ্ট সময়ৰ অন্তৰালত তালৈ নিক্ষেপ কৰি থকা হৈছিল৷ কোনোবাই এতিয়া ক'বৰ দৰে, আধুনিক যুগত প্ৰচলিত Spaৰ পৌৰাণিক ৰূপ! এনেবোৰ কথাৰ দ্বাৰাই প্ৰভাৱিত হৈ এই জংঘল-যাত্ৰাত ঔষধি পানীৰ গুণকাৰী দিশটো গ্ৰহণ কৰিবলৈ নিজেও মানসিকভাৱে সৰ্বসময়ৰ বাবে প্ৰস্তুত হৈ আহিছোঁ৷ এতিয়া সুবিধা পাওঁতেই ইচ্ছাটো এবাৰলৈ সামৰি দলৰ মাজত সোমাই পৰিলোঁহি৷ কিছু সময় দেখা নোপোৱাকৈ থকাত অৰূপদাই চিধাই ধৰিলে... 'ক'ত গৈছিলা তুমি?' সত্যটো কোৱাত চকুকেইটা ঘোপা কৰি চালে৷ বুজি পালোঁ, কাকো নোকোৱাকৈ এনেবোৰ এক্সপেৰিমেণ্ট কৰি ফুৰাটো উচিত হোৱা নাই৷ কি কৰিম, মনে যে নামানে! সি যি কি নহওক, এতিয়া অকণমান শান্তি৷

১.০০ বাজিল৷ বস্তু-বাহানি সামৰাৰ নিৰ্দেশ আহিল৷ জুইকুৰা ভালদৰে নুমুৱাই পেলোৱা হৈছে৷ জংঘলৰ নিয়ম৷ তাৰ পাছতে নিৰুদ্দেশ যাত্ৰাটোৰ পুনৰ আৰম্ভণি৷ দলৰ সবাৰো পাছত পৰিলোঁ মই৷ আগ বাঢ়ি গুচি যাওঁ বাবেই অৰূপদায়ে পজিছনটো নিৰ্দিষ্ট কৰি দিছে৷ কুং চেক্‌কে এই ট্ৰেক্‌টো কটাত জড়িত আছিল৷ বাটটো সি ভালকৈ চিনি পায়৷ এতেকে অাগৰ দৰেই সন্মুখত সি আছে৷ একেবাৰে আগত থকা শক্তিশালী ল’ৰাটোক ৰে’লগাড়ী এখনৰ ইঞ্জিন যেন লাগিছে৷ আগ বাঢ়ি গৈ থকা ট্ৰেকাৰসকলৰ শাৰীটো আৰু পৰ্বতৰ ঢালটোলৈ চাই অনুমান কৰিবলৈ অসুবিধা নাই হোৱা যে ইয়াৰ পৰা ক্রমান্বয়ে ঊৰ্ধ্বমুখীকৈ পদচালনা চলিব৷ আৰু এনেকৈয়ে কোনোবা শিখৰ ওলাবগৈ লাগিব৷

সবাৰে পিছে পিছে ময়ো গৈ আছোঁ৷ ট্ৰেকটো ক্রমাৎ উঠি গৈ আছে৷ নমাৰ কোনো লক্ষণেই নাই৷ সোনকালেই মোৰ পূৰ্বানুমান শুদ্ধ বুলি প্ৰতিপন্ন হ’ল৷ ৰাস্তা এনেকুৱা থিয় হৈ পৰিল যে ১০-১২ খোজমান যোৱাৰ পাছতে অকণমান নৰ’লেই নহয়৷ খৰ হৈ পৰা উশাহ-নিশাহৰ গতিটো স্বাভাৱিক কৰি আকৌ আগলৈ যোৱাৰ চেষ্টা চলে৷ আকৌ ১০-১২ খোজ৷ আকৌ উশাহ ঘূৰাই অনাৰ সংগ্ৰাম৷ জিৰণিৰ সময়টো কাৰোবাৰ ক্ষেত্ৰত অলপ বেছিয়ে হয়গৈ৷ ছল চাই তেনেকুৱাতে আগত গৈ থকাজনক অ’ভাৰটেক কৰাৰ সুযোগ উলিয়াই লৈছোঁ মই৷ অৰূপদাক পিছ পেলাওঁতে হেই হেইকৈ চিঞৰি উঠিল৷ বাট ভেটিবৰ চেষ্টা চলালে যদিও নোৱাৰিলে৷

কম সময়ৰ ভিতৰতে চেক্‌কে, নিমা আৰু মই বাকীসকলতকৈ অগ্ৰগামী হ’লোঁ৷ অথনি দালা আছিল লগত, এইবাৰ নিমা৷ ৰেইন্‌ ফৰেষ্ট এলেকা এইটো৷ কিতাপত পঢ়িবলৈ পোৱামতে চাৰিটা কাৰণত অৰণ্যৰ সৈতে বৰ্ষাৰণ্যৰ প্ৰভেদ আছে৷ বৰষুণৰ পৰিমাণ অৰণ্যতকৈ বৰ্ষাৰণ্যত বেছি৷ অৰণ্যত একেটা প্ৰকাৰৰে গছ-গছনি থাকে, বৰ্ষাৰণ্যত কিন্তু বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বসতি৷ অৰণ্য বেলেগ বেলেগ জলবায়ুত বৰ্তি থাকে, বৰ্ষাৰণ্য দেখা যায় উষ্ণ অথবা সেমেকা জলবায়ু প্ৰভাৱিত অঞ্চলত৷ অৰণ্যৰ গছ-গছনিয়ে খাদ্যবস্তু শিপাত সঞ্চয় কৰি ৰাখে, বৰ্ষাৰণ্যৰ ক্ষেত্ৰত এই সঞ্চয় ইয়াৰ মাটিত হয়৷ পৃথিৱীৰ প্ৰাণীকুল আৰু উদ্ভিদকুলৰ ৫০ শতাংশৰে বসতি বৰ্ষাৰণ্যত৷ গতিকে বৰ্ষাৰণ্য ধ্বংস কৰা মানে এই দুইবিধৰে বাসস্থানৰ ক্ষতিসাধন৷ কাগজ, চক্‌লেট্‌, ৰবৰ, ঔষধ ইত্যাদিসমূহ বৰ্ষাৰণ্যই আমাক দিয়া কেতবোৰ পণ্যৰ উদাহৰণ৷ বৰ্তমান ঘটি থকা বন ধ্বংসযজ্ঞৰ অধ্যয়নৰ ভিত্তিত এইবুলি ধাৰণা কৰা হৈছে যে আগন্তুক ১০০ বছৰত বনাঞ্চল বিলুপ্ত হ’ব৷ গতিকে ক’ব পাৰি যে মানুহৰ প্ৰয়োজনীয় এনে ধৰণৰ বনজাত পণ্যসমূহলৈকো অচিৰেই বিভীষিকা নহাকৈ নাথাকিব৷ খোজত খোজ মিলাই কিতাপৰ কথাবোৰকে পাগুলি গৈ আছোঁ৷

বৰ্ষাৰণ্যই বতাহত জলীয় বাষ্প এৰি দিয়ে৷ ফলত বৃষ্টিপাত হয়৷ তেনেকৈয়ে জল-চক্রই সমতা ৰক্ষা কৰি থাকে৷ বৰ্ষাৰণ্যই উচ্চ হাৰত কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে৷ বনাঞ্চল ধ্বংস হ’লে বৃষ্টিপাতৰ তাৰতম্য ঘটে৷ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়৷ মানৱ সমাজৰ বাবে এইবোৰ অত্যন্ত ক্ষতিকাৰক৷ বৰ্ষাৰণ্যক ‘পৃথিৱীৰ হাঁওফাঁও’ বুলি কোৱা হয়৷ আমি যদি আমাৰ শ্বাস-প্ৰশ্বাসৰ প্ৰক্রিয়াটো স্বাভাৱিক কৰি ৰখাটো বিচাৰোঁ, হীন-ডেঢ়ি হোৱাটো অকণো নিবিচাৰোঁ, তেনেহ’লে পৃথিৱীকো মুক্তভাৱে উশাহ-নিশাহ ল’বলৈ দিব লাগিব৷ 'গছ থাকিলেহে মানুহ থাকিব' কথাষাৰ প্ৰণিধানযোগ্য৷ নিৰ্বাকভাৱে খোজ পেলাই থকা অৱস্থাত নিমা আৰু চেক্‌কেৰ মনোজগতত কি ঘটিছে নাজানো, মোৰ হ'লে কিতাপৰ কথাবোৰে এনেকৈয়ে মনত দোলা দি গৈছে৷ নিৰ্জনতাই আমাক বহু কথাই সোঁৱৰাৰ সুযোগ আনি দিয়ে৷ তাকেই ঘটিছে এতিয়া৷ গৱেষক কিম্বা উদ্ভিদ বিদ্যাৰ ছাত্ৰ নহ'লোঁ, নহ'লে ৰৈ ৰৈ খুঁচৰিলোঁহেঁতেন৷


দিন পাঁচ ৷৷ খণ্ড ৬

১১ বাজি ৩০ মিনিট গৈছে৷ নিমা আহি পালে৷ চাং এখনত গাত গা লগাই বহি দলৰ বাকী সদস্যসকলৰ বাবে অপেক্ষাৰে আমি চাৰিও আড্ডা পিটিব ধৰিছোঁ৷ চক্‌লেটৰ টুকুৰা ভাগ-বতৰা কৰিছোঁ৷ কথা প্ৰসংগত নিমাই জানিবলৈ দিলে যে ট্ৰেকাৰ্ছৰ খোজ লেহেমীয়া হৈছে৷ আহি পাওঁতে কিছু সময় লাগিব৷ আৰ্মী জোৱানৰ ট্ৰেকিং-কেম্পিং ট্ৰেইনিঙৰ বাবে এই অৱস্থানটো ব্যৱহাৰ কৰা হয় বুলি চেক্‌কেই জনালে৷ এইখিনিক ১ নং কেম্প বোলা হয়৷ ৰেহৰূপলৈ চাই বহুদিন ধৰি জেগাখিনি অব্যৱহৃত যেনহে লাগিল৷ পৰিত্যক্তও হ'ব পাৰে৷ হঠাতে মনত খেলালে, এই আপাহতে পকেট নোটবুকখনত মালবাহক আটাইকেইটাৰে নামবোৰ শুদ্ধকৈ আৰু সম্পূৰ্ণকৈ লিপিবদ্ধ কৰোৱাই লোৱা যাওক৷ অন্যথা আচহুৱা শব্দবোৰ পিছত ভ্ৰমণ কাহিনী লিখিবৰ সময়ত মনত পেলোৱাটো সহজসাধ্য নহ'বও পাৰে৷ উদ্দেশ্যটো কৈ দালাৰ ফালে বহী-কলম আগ বঢ়াই দিয়াত সি খচাখচ লিখি যাব ধৰিলে৷ আখৰকেইটা চালোঁ৷ ভাল, পৰিষ্কাৰ৷ কেপিটেল লেটাৰত লিখিছে সি৷

আমি আহি পোৱাৰ ১৫ মিনিটমানৰ পাছতহে গেবু আৰু দাৱাৰ সৈতে অন্য সংগীসকল ওলালহি৷ গেবুহঁত হাঁহিমুখীয়া, শক্তিশালী মনৰ মানুহ৷ ইমান ওজন পিঠিত কঢ়িয়াই অনাৰ পাছতো অকণোৱেই কেৰ্‌জেৰ্‌, উঃ-আঃ নাই৷ আপত্তিজনক মন্তব্যও প'ৰ্টাৰহঁতৰ এজনৰো মুখতে নুশুনিলোঁ৷ বৰঞ্চ আমাৰ সদস্যসকলৰ গতি ধীৰ হোৱাতহে চিন্তিত হ'ল৷ বোজাবোৰ শাৰী পাতি নমাই থৈ সিহঁতে অকণ অকণ জিৰালে৷ জিৰণিৰ লগতে মিলাই চাহ-বিৰতি ঘোষণা কৰা হ’ল৷ সোঁকাষেদি জুৰি এটা বৈ গৈছে৷ এইখিনিৰ পৰা নেদেখি৷ পানীয়ে শিলত খুন্দিওৱাৰ ফলত উঠা শব্দটোহে কেৱল শুনা পাই আছোঁ৷ দাৱা চোনা আৰু দালা নাক্‌চাঙে তৎপৰতাৰে পানী আনিলেগৈ৷ কুং চেক্‌কেই ফটাফট শুকান খৰি যোগাৰ কৰিলে৷ নিমা শ্বুক্‌লাই ততালিকে জুই একুৰা ধৰি চাহৰ কেট্‌লি বহুৱাই দিলে৷ গেবু চোনাই বাস্কেট খুঁচৰি খোৱাবস্তু উলিওৱাত লাগি গ'ল৷

ইমানবোৰ বয়-বস্তু কঢ়িওৱাৰ মাজতো গেবুৱে তাৰ ছ’নী ব্লুটুথ্‌ স্পীকাৰটো ঘৰৰ পৰা লৈ আহিবলৈ পাহৰা নাই৷ ম'বাইল ফোনেৰে সংযোগ ঘটাই তাতে এতিয়া ফুল ভলিউমত গান বজাই দিছে৷ পৰিৱেশটোৱে প্ৰাণ পাই উঠিছে৷ জংঘল বিদীৰ্ণ কৰি সংগীত-চাঞ্চল্য এটা বৈ গৈছে চৌদিশে৷ উপভোগ্য হৈ পৰিছে সময়খিনি৷ ঘৰ-বাৰী, কাম-কাজ সকলো পাহৰি গৈছোঁ আমি৷ ভাবিছোঁ, ক'ৰ পৰা আহি ক'তযে পালোঁহি! মেন্‌-চু-খাৰ অভ্যন্তৰত কি আছে, কি নাই চোৱাৰ সুযোগ দিছে এই পদযাত্ৰাই৷ পকা ৰাস্তাৰে ঘূৰি-ফুৰি দেখা মেন্‌-চু-খাখনেই পৰ্যটকৰ বাবে শেষকথা নহয়৷ অনেক আছে ইয়াত৷ সিফালে ৰাজীৱে বা অকলে অকলে কি কৰি আছে? মেম্বা গাঁও পালেগৈনে নাই বা? জনাৰ উপায় নাই৷ সুধিবলৈ ম'বাইল নে'টৱৰ্ক থাকিলেহে! 'এইবাটে নাহিল, ভালেই হ’ল৷ কষ্ট খালেহেঁতেন৷' সকলোৱে এইদৰে ক’ব ধৰিলে৷ এই বাটযে কঠিন সেয়া কথা-বতৰাত প্ৰকাশ্যে সাব্যস্ত হৈছে৷ আগলৈযে কঠিনতৰ হ'ব সেয়া মই অনুমান কৰিছোঁ৷ কঠিন হ'লেও ভাল লাগিছে আহি৷

চৌপাশে অপৰিচিত গছ-গছনি৷ নাতিদূৰত বৰ্ষাৰণ্যৰ দৰে শেলাই ওলমি থকা গছবোৰ৷ প্ৰকাণ্ড গোলাইৰে সৰল গছ কিছুমানো আছে৷ এইকেইজোপা বুঢ়া আৰু খুব ওখ৷ গছবিলাকৰ ফাঁকেৰে সূৰ্যৰ কিৰণ এচমকা পৰিছেহি৷ ওপৰৰ পৰা কোনোবাই টৰ্চ লাইটহে যেন মাৰি পঠিয়াইছে, এনে লাগিছে৷ ৰ’দজাক গাত পৰাত বেচ আমেজ অকণ পাইছোঁ৷ পিন্ধি থকা ট্ৰেকচুটযোৰলৈ চোৱা নাই, বাগৰি দিছোঁ বাঁহৰ চাঙত৷ কেৰেক্‌-মেৰেক্‌ শব্দ উঠিছে৷ পাহাৰ বগাই ঘামি-জামি অহা প্ৰদীপদা, অৰূপদাহঁতে গাৰ তিতা কাপোৰ সলাই ৰ’দ পৰা জেগাত মেলি দিছে৷ এইটো ভাল লাগিছে যে কষ্টক হাঁহিৰে জিনিবলৈ নিজ নিজ ভাগে প্ৰত্যেকেই অবিৰাম চেষ্টা চলাইছে৷ তামাচা আৰম্ভ হৈছে বাটছোৱাত ঘটি অহা বিভিন্ন কথা-কাণ্ডক প্ৰমুখ্য কৰি৷ অকস্মাতে দেখিলোঁ, কাষতে গছ এজোপাৰ খোৰোঙত মন্দিৰৰ দৰে সাজোন-কাচোন! জংঘলৰ মাজত গোপন দেৱস্থান! আমাৰ বাবে নতুন বিস্ময় এটা৷ সেনাৰ জোৱানৰে সৃষ্টি হ'ব চাগৈ৷ ওচৰলৈ গৈ কেইবাজনেও সভক্তিৰে প্ৰণাম জনালে৷ অৰণ্য দেৱতাক মিনতি কৰিলে চাগৈ, লক্ষ্যস্থান সুস্থ-শৰীৰে পোৱাই দিবলৈ৷ পিছে সেই কাল্পনিক গন্তব্যস্থল কেনি আছে? কোনেও নাজানে৷ কুং চেক্‌কেইহে জানে কিজানি৷ বাকী প্ৰতিজনৰে বাবেই এই যাত্ৰাৰ অন্য নাম হৈ পৰিছে নিৰুদ্দেশ যাত্ৰা৷

আটাইখিনি মানুহ এনেকৈ থূপ খাই থাকোঁতেই দালা আৰু গেবুৰ মূৰত খেলালে অন্য এক চিন্তা৷ সিহঁতৰ ধৰণে আমাৰ প্ৰত্যেকৰে একোটাকৈ উপনাম দিয়াৰ কথা ভাবিলে দুইটাই৷ নহ’লে পিতৃপ্ৰদত্ত নামে-মানুহে প্ৰতিজনকে চিনি পোৱাটো আৰু নাম কাঢ়ি মতাটো সিহঁতৰ পক্ষে কঠিন হৈ পৰিছে৷ ইফালে নাম নাজানিলে জংঘলৰ মাজত প্ৰয়োজনৰ সময়ত চিঞৰিব কি বুলি?

নিজৰ মাজতে গুণা-গঁথা কৰি সিহঁতে প্ৰথমে প্ৰদীপদালৈ চালে৷ তেওঁৰ নাম দিলে ধৰমপাল৷ গেবুৱে নামটো ঘোষণা কৰা মাত্ৰকে দালা আৰু গেবুক বাদ দি বাকীবোৰ হাঁহিত ফাটি পৰিল৷ সমজুৱাৰ টিটকাৰিত সিহঁত দুটাৰ মুখমণ্ডলতো হাঁহিৰ ৰেশ বিৰিঙি নুঠাকৈ নাথাকিল অৱশ্যে৷ নভবা-নিচিন্তা নাম এটা৷ ‘ঐ ধৰমপাল…৷’ অৰূপদাই চিঞৰ-বাখৰ আৰম্ভ কৰিয়ে দিলে৷ ঠাট্টা-মস্কৰা চলিল কিছু পৰ৷ তাৰ পাছতে দীপকদাৰ পাল৷ তেওঁ হ’লগৈ আচ্ছি গ’বুম৷ জয়ন্তদা ন্যাছিটিৰ৷ এই নাম দুটা আমাৰ বাবে টান হ’ল জোঁটাবলৈ৷ অৰূপদাক দিলে লিৰা৷ নামটো ঘোষিত হোৱাৰ লগে লগেই প্ৰদীপদাই পোতক তুলিবলৈ তেওঁক উভতি ধৰি ডায়লগ কেইটামান শুনালে৷ হাঁহিৰ খলকনিত ৰজনজনাই গ’ল মেন্‌-চু-খাৰ হাবি৷ গেবুৱে এইবাৰ শিৱদেব সিং কাটাউচলৈ আঙুলিয়ালে৷ ক’লে, ‘আপকা নাম হ’গা চ’টু’৷ আকৌ এজাউৰি খোলা হাঁহিয়ে অৰণ্য কঁপাই গ’ল৷ বিশাল অবয়ৱৰ মানুহটোৰ নাম সেইটোহে হ’লগৈ! হ'ব লাগিছিল ম'টু, হ'লগৈ চ'টু! কাৰ হাঁহি নুঠিব?

নামকৰণ প্ৰক্ৰিয়াত বাকী ৰ'ল অন্তিম এজন৷ মোক সিহঁতে প্ৰথমে মুন্সী ভাই বুলিলে৷ কি ভাবিনো এই নামটো বিচাৰি পালে নাজানো৷ য'তে-ত'তে বহি হিচাপ-কিতাপবোৰ লিখি ৰখা দেখিয়ে দিলে যেন লাগিছে৷ কিন্তু অকণমান পাছতে, আকৌ কি ভাবিজানো, দুয়ো ফুচ্‌ফুচাই কিবা আলোচনা কৰিলে৷ তাৰ পাছত আগৰ নামটো সলাই কৰিলে অ’ইচাক্‌পু৷ চমুকৈ, চাক্‌পু৷ সিহঁত দুটালৈ চাই লগে লগে প্ৰশ্ন কৰিলোঁ, ‘অ’ইচাক্‌পু কা মিনিং ক্যা হ্যায় ৰে'?’ ক’লে, ‘মেম্বা দোৱানত অ’ই মানে পুত্ৰ, চাক্‌পু মানে কেঁচুৱা৷’ তাৰ মানে সিহঁতৰ মানত কেঁচুৱা ল’ৰাহে হ'লোঁ মই! পেটে পেটে এইবুলি ভাবিলোঁ যদিও হ'ব দে বুলি বিনাবাক্যই মানি ল'বলৈ বাধ্য হ'লোঁ৷ দালা-গেবুৰ এনে ৰসবোধ আৰু এনে নামাংকনে ট্ৰেকটোত পিছলৈকো আমাৰ মাজত অন্তহীন হাঁহিৰ খোৰাক যোগাই গ'ল৷ বাকী চাৰিটা নাম মনত নৰ’লেও প্ৰদীপদাক ধৰমপাল আৰু শিৱদেবক চ’টু বোলাটো সহজ হ’লত এই দুটা নামক লৈ হৈ-চৈবোৰ বেছি হ’ব ধৰিলে৷ জমি থাকিল সময়খিনি৷ ভাগৰ কেনিবাদি পলাই পত্ৰং দিলে৷


দিন পাঁচ ৷৷ খণ্ড ৫

বৰ্ষীয়ান, আকাশলংঘী গছ কিছুমানৰ তলেৰে, বাঁহনিৰ মাজেৰে ধাৱমান আমাৰ ১১জনীয়া এড্‌ভেন্‌চাৰিষ্টৰ দল৷ ৰ’দ এচেৰেঙা মাজে মাজে গাত পৰে৷ উম লাগে৷ মাজে মাজে বেলিটো নেদেখা হওঁ৷ তেতিয়াই ঠাণ্ডাই আক্ৰমণ কৰিব ধৰে৷ 'সময়ৰ খবৰ কি?' চেক্‌কেক সোধাত হাতঘড়ীলৈ চাই সি উত্তৰ দিলে... 'দিনৰ ১১ বাজি পাৰ হ’ল৷' সেমেকা এলেকাত জমা হৈ থকা বোকাৰ ওপৰত গছৰ ডাল কাটি পেলাই থোৱা হৈছে৷ তাৰ ওপৰেদি যাব লাগিছোঁ৷ বগৰাই থোৱা গছো পুনৰবাৰ পাইছোঁ৷ কোনে কাটিলে নাজানো৷ বুঢ়া বৃক্ষৰ তলেৰে সৰাপাতত মৰ্‌মৰণি তুলি দল আগ বাঢ়িছে৷ মৰ্‌মৰণিৰ শব্দই কোনোবা ৰহস্যময় জগতলৈ লৈ গৈছে মনটোক৷ ভৌতিক ভৌতিক যেন লাগিছে পৰিৱেশটো৷ হ'লেও ভয় লগা নাই৷ কুং চেক্‌কে সন্মুখত আছে৷ সি মাৰ্চিয়েল আৰ্ট জনা ল'ৰা৷ বন্দুক-বাৰুদ আমাৰ হাতত নাই৷

ঠায়ে ঠায়ে গছৰ ডালৰ টুকুৰা কিছুমান শাৰী শাৰীকৈ পাৰি খট্‌খটিৰ দৰে কৰি থোৱা হৈছে, উঠি যাবলৈ৷ জংঘলৰ মাজত মাজে মাজে তিনিআলি একোটাও পাইছোঁ৷ তেনেকুৱা পালেই চেক্‌কেই কাম এটা কৰি অহাটো মন কৰিছোঁ৷ যাব নলগীয়া লিক্‌টো সি ওচৰতে পৰি থকা ডাল বা বাঁহ কাটি ভেটি থৈছে, যাতে পাছত আহি থকাসকলে ট্ৰেক্‌ ভুল কৰি অন্যবাটে নোসোমায়৷ নহ’লেযে কোন ধুবুৰী ওলাবগৈ, ঠিকনা নাই৷ হাবিৰ মাজত হেৰোৱা সংগীক বিচাৰি পোৱাটোও মস্কিলেই হৈ পৰিব তেতিয়া৷ সেয়েহে এইকণ সাৱধানতা৷ অনুসৰণকাৰীৰ বাবেও ইংগিত এটা৷ এইবোৰ চাগৈ সিহঁতে প্ৰশিক্ষণৰ পৰা পোৱা শিক্ষা৷ তাৰ লগত থাকি ময়ো শিকিছোঁ এতিয়া৷

অলপ পাছতে শিলাময় জুৰি এটা ওলাল৷ সৰু-বৰ পাথৰ কিছুমানৰ ওপৰেৰে দুপিয়াই দুপিয়াই উঠি গৈ আছোঁ৷ ওপৰত ৰৈ আছে আন এক আশ্চৰ্য৷ গছৰ ডালেৰে সজা সাঁকো এখন৷ ২০ ফুটমান দীঘল হ'ব৷ ৮ ইঞ্চিমান ব্যাসৰ তিনিটা মজবুত ডাল পৰা আছে৷ হাতেৰে ধৰিবলৈও সুব্যৱস্থা কৰি থৈছে৷ তাৰ ওপৰেদি হেলাৰঙে খৰস্ৰোতা জুৰিটো অতিক্ৰম কৰিলোঁ৷ সাঁকোত উঠাৰ আগে আগে চেক্‌কেই মজবুত বাঁহ এডাল কাটি মোক ৱাকিং ষ্টিক সাজি দিলে৷ মোৰ হাতত একোৱেই নথকাটো সি তং কৰি আহিছিল চাগৈ৷ খালী হাতেৰে গৈ থাকি একো অসুবিধা পোৱা নাছিলোঁ যদিও সি দিলে যেতিয়া লাঠীডাল লৈ থ'লোঁ৷ জংঘলত কোন মুহূৰ্তত প্ৰয়োজন হ'ব কোনে জানে?

দলৰ বাকী সদস্যসকল আৰু আমাৰ তিনিওৰে মাজত ইতিমধ্যে যথেষ্ট দূৰত্ব আহি গৈছে৷ হ'লেও পথ প্ৰদৰ্শকজনে এবাৰো ৰৈ নিদিয়াত সংযোগহীনভাৱেই ময়ো অনুসৰণ কৰিবলগীয়াত পৰিছোঁ৷ শুকান পাতবোৰত খৰ্‌মৰণি তুলি কিছু বগাই যোৱাৰ পাছত একেটা জুৰিকে আকৌ পাৰ হ'বলগীয়া হ'ল৷ আকৌ একে ধৰণে গছৰ ডাল পাৰি থোৱা সাঁকো এখন পালোঁ৷ গছৰ ডালৰ খটখটি বগালোঁ, শেলুৱৈজাতীয় উদ্ভিদ ট্ৰেকটোৰ দুপাৰে অজস্ৰ দেখা পালোঁ৷ সেমেকা এলেকাটো ঠায়ে ঠায়ে বোকাময় হৈ আছে৷ অসাৱধান হ'লেই পিছল খোৱাৰ সম্ভাৱনা৷

এইবাৰ বেলেগ এটা জুৰি পালোঁ৷ এতিয়ালৈ পোৱা সকলোতকৈ এইটো ডাঙৰ৷ পানীৰ পৰিমাণ অধিক৷ ঢাল বেছি বাবে শব্দটোও ডাঙৰ৷ জুৰিৰ বুকুখনত ভৰি থকা বগা বগা শিলবোৰ দেখি নামনিত অথনি পাৰ হৈ অহা তাম্‌ৰিংফুজলৈ মনত পৰিল৷ অনুমান হ'ল, সেইখনৰেই আগলি হ'ব চাগৈ এই জুৰিটো৷ এইফালৰ পৰা যিমান পানী নামিছে সকলো তাম্‌ৰিংফুজতে পৰিছেগৈ বুলি ধাৰণা হৈছে৷ নিশ্চিত যে তাম্‌ৰিংফুজ মিলিছে য়াৰগ্যাপ চুত৷ তাৰ পাছত য়মগ, চিয়ম, চিয়াং, দিহাং হৈ ব্ৰহ্মপুত্ৰ৷ অৱশেষত বংগোপসাগৰ৷

সন্মুখত বিপদসংকুল ট্ৰেক৷ চোঁচৰি কিছু তললৈ নামিবলগীয়া হৈছে৷ জুৰিৰ বাওঁপাৰে পেলাই ৰখা দীঘল গছৰ ডাল এটাৰ ওপৰেদি যাব লাগিব৷ ঠিক চাৰ্কাচৰ দৰে কাৰবাৰ৷ ভৰি কঁপিলেই অথন্তৰ৷ সন্তুলন বজাই ৰাখি চেক্‌কে, দালা আৰু মই এজন এজনকৈ গ'লো পাৰ হৈ৷ তাৰ পাছত শিলে শিলে বগুৱা বাই কিছু ওপৰলৈ উঠিব লাগে৷ এইখিনিলৈকো উঠিলোঁ৷ দুফালে দুখন সাঁকো দৃষ্টিগোচৰ হৈছে৷ আমি ওপৰৰফালে থকাখনেৰে পাৰ হ'ম৷ তিনিও আগ বাঢ়িছোঁ৷ ৰেইন ফৰেষ্টৰ মাজত পোৱা মিঠা ৰ'দজাক উপভোগ কৰিবলৈ বৰ মন গ'ল৷ ক্ষন্তেক সময় ৰ'লোঁ জুৰিৰ মুকলি বুকুত৷ সূৰ্যৰশ্মিৰ উত্তাপ গাত ল'লোঁ শিলত বহি৷ মজা লাগিল৷ তাৰ পাছত সাঁকোখনেৰে সিপাৰ৷

মন কৰিছোঁ অথনি নলাটো পাৰ হৈ জংঘলত সোমোৱাৰ পাছৰে পৰাই ট্ৰেকটো ক্ৰমান্বয়ে কঠিন হৈ আহিছে৷ এইবাৰ মুখৰ আগত ওলাল সুৰংগসদৃশ হৈ পৰা বাঁহনি এডৰা৷ ফাঁকে ফাঁকে যাব লাগিব বোকা-পানী খচকি৷ কলাফুল ঢকাকৈ গামবুট পিন্ধা চেক্‌কে আৰু দালা গপগপাই গৈ আছে৷ কি কৰা যায়? কাষতে পোৱা গছৰ ডাল, পাথৰ আদি দূৰৰ পৰাই বোকাৰ মাজলৈ খৰধৰকৈ দলিয়াব ধৰিলোঁ৷ সেইবোৰৰ ওপৰত ভৰি ৰাখি পাৰ হোৱাৰ বুদ্ধি৷ জোতাৰ অৱস্থাটো ইতিমধ্যে চাব নোৱাৰা হৈ পৰিছেই৷

হঠাতে ওলাল পৰ্বতৰ অভ্যন্তৰত পূৰ্বসজ্জিত এডোখৰ জেগা! ৰেহৰূপ আঁতৰৰ পৰা দেখা পায়ে মই হতভম্ব৷ কোনোবা উগ্ৰপন্থী সংগঠনৰ ঘাটি নহয়তো? নে পৰিত্যক্ত শিৱিৰথলী? বাঁহৰ চাং কিছুমান যেনি-তেনি সজা আছে৷ জুই ধৰাৰ বাবে নিৰ্দিষ্ট স্থান এডোখৰো আছে৷ ওখ গছৰ তলে তলে অকণমান মুকলি ঠাই এইডোখৰ৷ দলৰ সদস্যসকলৰ ভিতৰত আমি তিনিজনেই প্ৰথমে ইয়াত উপস্থিত হ’লোঁহি৷


Friday, 1 December 2017

দিন পাঁচ ৷৷ খণ্ড ৪

জোঙা শিলটোত বহি থকাৰ পৰাই দেখা পাই আছোঁ, বাওঁহাতে লুংলুঙীয়া বাট এটা৷ তললৈ নামি যোৱা ৮ ইঞ্চি ব্যাসৰ পাইপডাল সিপিনৰ পৰাই আহিছে৷ লগে লগে পকী নৰ্দমা এটাও আছে৷ সেই বাটে আমি এইবাৰ শাৰী পাতি আগ বাঢ়িলোঁ৷ অচিন জংঘলৰ মাজত যেনি-তেনি পাইন গছ আৰু বাঁহ গছ৷ কেইবাঠাইতো ভূমিস্খলন হৈছে৷ তেনে জেগাবোৰ সাৱধানে পাৰ হৈ গৈছোঁ৷ ক'ৰবাত আকৌ প্ৰকাণ্ড গছ বাগৰি পৰি আছে৷ তলেদি সৰকিবলগীয়া হৈছে৷ তললৈ দূৰত ভাহি উঠা মেন্‌-চু-খাৰ প্ৰশস্ত চিত্ৰপটে সঘনাই দৃষ্টি কাঢ়ি নি থাকিল৷

চেক্‌কেই আমাক বাট দেখুৱাই নিছে৷ ট্ৰেক্‌টো কটা মানুহবোৰৰ অন্যতম সিও আছিল৷ গতিকে বাট মুখস্থ আছে৷ দেখা গৈছে, তাৰ পিঠিতে সৰ্বাধিক ওজন৷ গেবুৱে তাক খুব প্ৰশংসা কৰিছে৷ মাজে মাজে তালৈ দেখুৱাই কৈছে… ‘কুং চেক্‌কে ওৰফে জন্‌ ৰেম্ব’৷ সিও হাঁহিৰেই সঁহাৰি জনাই দপ্‌দপাই গৈ আছে৷ গধুৰ বোজা কঢ়িয়াই থাকিলেও সিহঁতকেইটাৰ মনবোৰ প্ৰফুল্ল৷ নিজৰ দোৱানত কিবা কিবি বলকি ধেমালি কৰি গৈছে৷ হিন্দীতো পাতিছে৷ কষ্ট, দুখ-ভাগৰ যেন নায়েই! কেৱল আনন্দ কৰিবলৈকেহে যেন জীয়াই আছে ইহঁত! দেখি পেটে পেটে মোৰ হিংসাই লাগিছে৷ তাৰ মাজতে শিকিবলৈ চেষ্টা কৰিছোঁ কিছুমান দৰকাৰী কথা৷

যদিও ট্ৰেকটো অকাই-পকাই আগ বাঢ়িছে, পৰ্বতৰ ওপৰত এইছোৱা বাট সমান৷ ক্ৰমান্বয়ে মেন্‌-চু-খাৰ ঘৰ-দুৱাৰবোৰ নেদেখা হৈ পৰিল৷ চেক্‌কেৰ পাছে পাছে গৈ থাকি এইবাৰ আটায়ে অকণমানি জুৰি এটা পালোঁ৷ শিলে শিলে পাৰ হৈ সোঁহাতে কেঁকুৰি ঘূৰিলোঁ৷ পাইপডাল বাঁওহাতে ওপৰলৈ উঠি গ’ল৷ গেবুৱে জনালে যে সেইফালে পানীৰ উৎস এটা আছে, য’ৰ পৰা মেন্‌-চু-খালৈ আমি দেখি অহা পাইপডালেৰে পানী বোৱাই নিয়া হয়৷ উঠি গৈ চাই আহিবৰ মন আছিল, কিন্তু সময় বা সুযোগ কোনোটোৱেই নাই৷ এতিয়া সন্মুখত পাইপডাল নাই, নৰ্দমাটোহে আমাৰ লগে লগে থাকিল৷ ওপৰৰ পৰা বৈ অহা পানীৰে এইখিনিত নৰ্দমাটো ভৰি আছে৷ তলিখন চকুৰে দেখা পোৱাকৈ ফট্‌ফটীয়া৷ আঙুলিকেইটা সুমুৱাই চালোঁ, উঃ ঠাণ্ডা! বৰফ গলা পানী৷

চেক্‌কেক অনুসৰণ কৰি সকলোটি আগুৱাই আছোঁ৷ সি এঠাইত ৰ'ল৷ নৰ্দমাটো পাৰ হৈ ইয়াৰ পৰা আমি বাঁওহাতে সোমাব লাগিব৷ সমতল অন্ত পৰিল৷ এইডোখৰৰ পৰা বগাব লাগিব৷ সন্মুখত ৰ’দ নপৰা ডাঠ হাবি৷ এলিফেণ্ট ক'ৰিডৰৰ দৰে লাগিছে বাটটো৷ চেক্‌কেৰ নিৰ্দেশক্রমে এইখিনিতে সকলোটি একগোট হোৱালৈ ক্ষন্তেক বাট চাবলগীয়া হ’ল৷ ঠাণ্ডা আগতকৈ বেছি অনুভূত হৈছে৷ ১০ বাজিবৰ হ'ল৷ ঠেক ট্ৰেক্‌টোৰে শাৰী পাতি এজন এজনকৈ ওপৰলৈ উঠিব ধৰিলোঁ৷ ঠায়ে ঠায়ে শিল কিছুমান আছে৷ ঠায়ে ঠায়ে খোপনি ৰাখিবৰ বাবে গছৰ ডাল কিছুমান পুতি থোৱা অৱস্থাত পাইছোঁ৷ ডাঙৰ ডাঙৰ গছ-গছনিৰ লগতে বাঁহগছ কিছুমান ঘনভাৱে একেৰাহে দেখি আহিছোঁ৷ কাষেদি অকণমানি লোৰ এটাৰে পানী খলখলাই নামি আহি আছে৷ শব্দ বুলিবলৈ সেয়াই৷

খোজ দিয়াৰ সমানে সমানে চেক্‌কেই হাতত থকা দাখনেৰে ট্ৰেক্‌টোলৈ আগ বাঢ়ি অহা বাঁহৰ আগ, লতা, গছৰ ডাল আদি কাটি মোকলাই গৈছে৷ মই তাৰ গতি আৰু শক্তি খুব সন্তৰ্পণে লক্ষ্য কৰিছোঁ৷ আনন্দমনে আৰু উৎসাহেৰে সি আগলৈ নি আছে আমাক৷ মাজে মাজে ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰিছে... Survival Group৷ টেলিভিছনৰ এড্‌ভেন্‌চাৰ্‌ চেনেলবোৰত দেখুওৱা Survival ধাৰাবাহিকবোৰ চায়েই চাগৈ সি আমাৰ পদযাত্ৰাটোক ৰিজাইছে সিবোৰৰ সৈতে৷ কিদৰে ঘন জংঘলত নিজক বচাই চলিম তাৰেই যেন সম্পৰীক্ষা এয়া৷ শব্দ দুটা কৈ ঘূৰি চাইছে অনুসৰণকাৰী দলটোলৈ৷ ড্ৰেছে-পাতিয়ে, খোজে-কাটলে কোনোবা এড্‌ভেন্‌চাৰ ফিল্মৰ হিৰ' যেনেই লাগিছে তাক৷

ওপৰলৈ উঠিবলগীয়া হোৱাত কোনোবাজন আগ বাঢ়িল, কোনোবা আকৌ পিছ পৰিছে৷ এঠাইত আগৰে পৰাই বাগৰি পৰি ট্ৰেকটো ভেটি থকা প্ৰকাণ্ড গছ এজোপা ওলাল৷ একেৰাহে বগাই অহাৰ পাছত তাতে বহি অলপমান জিৰোৱাৰ ইচ্ছা কৰিলে অৰূপদাহঁতে৷ আকাশলৈ চালোঁ৷ কেঁকুৰিত হেৰাই যোৱা ট্ৰেকটোৰ বাহিৰে চৌপাশে একো নেদেখি৷ কিছু সময় গপ চলিল৷ চক্‌লেট্‌, পানী আদি খালোঁ৷ দীপকদাই লগত অনা কিৱিৰ পেকেটটো উলিয়ালে৷ পৰহি আমি মেন্‌-চু-খা পোৱাৰ পাছত সন্ধিয়া ওলাই যাওঁতে বেকাৰী দোকানখনত কিনা হৈছিল৷ সুস্বাদু আৰু মঙহাল ফল৷ মধ্য অৰুণাচলত পূৰ্বতে কৰা ভ্ৰমণত জিৰ’ৰ আশে-পাশে কিৱিৰ বাগিচা দেখিছিলোঁ৷ মেন্‌-চু-খাৰ দিশে চকুত কিন্তু পৰা নাই৷ তেনেস্থলত জিৰ'ৰ পৰা ইয়ালৈ ফলবিধ পৰিৱহণ কৰাটো কম কথা নহ'ব৷ এতিয়া আমি সোৱাদ লৈছোঁ মেন্‌-চু-খাৰ ডাঠ হাবিৰ মাজত! কথাটোৱে বিশেষভাৱে ৰোমাঞ্চিত কৰিলে৷

খোজ পুনৰ আৰম্ভ কৰা হ'ল৷ একেৰাহে অনেকখিনি উঠিবলগীয়া হোৱাত সংগীসকলৰ পদচালনা আগতকৈ লেহেম হৈ পৰিছে৷ এজন এজনকৈ মোতকৈ পিছ পৰিব ধৰিলে৷ চেক্‌কে আৰু দালাহে মোৰ আগত গৈ আছে৷ মই সিহঁতৰ সৈতে খোজ মিলাই যাব ধৰিলোঁ৷


দিন পাঁচ ৷৷ খণ্ড ৩

'All the birds have flown up and gone
A lonely cloud floats leisurely by
We never tire of looking at each other
Only the mountain and I.'

প্ৰকাণ্ড শিল এটাত উঠি বহি ল’লোঁ৷ মুখত Li Poৰ কবিতাৰ পংক্তি৷ সকলোটি ট্ৰেকাৰ একগোট হোৱালৈ বাট চাই তলৰ শুৱনি মেন্‌-চু-খাখনৰ ৰূপ দৰ্শনত মগ্ন হৈছোঁ৷ ইয়াৰ পৰা দূৰ দিগন্ত পৰ্যন্ত সকলোখিনিয়েই বাধাহীনভাৱে দেখা পাই আছোঁ৷ অথনি পাৰ হৈ অহা পৰম্পৰাগত ঘৰটো জুইশলাৰ বাহহেন দেখাইছে৷ ইফালে-সিফালে কলপতীয়া পাইন গছবোৰ৷ মুখে মুখে থকা উকা পৰ্বতৰ গাত বৰ বৰ হৰফেৰে বগাকৈ জিলিকি আছে MENCHUKHA৷ মেন্‌-চু-খাৰ উপৰিভাগৰ গঠন প্ৰশস্ত ৰূপত উজলি উঠিছে৷ ইয়াৰে সৈতে অলপতে আমি ট্ৰেকিং কৰি অহা নাগালেণ্ড-মণিপুৰ সীমান্তৰ ঝুক’ ভেলীৰ ভূপৃষ্ঠৰ গঠনমূলক কিবা এটা মিল লক্ষ্য কৰিছোঁ৷ হাফলুসদৃশ সাদৃশ্যখিনি দেখি আচৰিতো হৈছোঁ৷ পাৰ্থক্য মাথো এয়ে পাইছোঁ যে তাত বৰণটো সেউজীয়া, ইয়াত ধোঁৱা বৰণীয়া৷ বছৰত চাৰিবাৰ ৰং সলোৱা মেন্‌-চু-খাৰ শৰীৰত এতিয়া এই ৰঙে ৰহণ চৰাইছে৷

য়াৰগ্যাপ্‌ চুৰ দুপাৰে এক সমতলভূমিত এই মেন্‌-চু-খা উপত্যকাটো৷ বিহংগম দৃষ্টিপাতেৰে অান্দাজ কৰিছোঁ, দীঘলে প্ৰায় ১৫ কিল’মিটাৰ, বহলে একৰ পৰা আধা কিল’মিটাৰমান হ’ব চাগৈ৷ সমভূমি অঞ্চলটোৰ চাৰিওফালে উচ্চভূমি৷ শাৰী শাৰী সৰলেৰে ভৰা বিনন্দীয়া দৃশ্যাৱলী৷ শিখৰত কেনিবা কেনিবা বৰফৰ জিলিঙনি৷ যেনিয়েই চাওঁ, মন ভৰি যোৱা চিত্ৰপট কিছুমান৷ তধা লাগি চাই ৰৈছোঁ আটায়ে৷ মাত-কথা বন্ধ৷

মেন্‌-চু-খা উপত্যকালৈ সোমায়ে কাদাচিল’ নামৰ গাঁও৷ চহৰ পোৱাৰ ৫ কিল’মিটাৰমান আগত গাঁওখনৰ অৱস্থিতি৷ চহৰ পোৱাৰ লগে লগে টাচিন পাংগা নামৰ তিব্বতীয় ভগনীয়াৰ শিৱিৰটো৷ পাৰ হৈ সেনাবাহিনীৰ ছাউনী৷ তাৰ পাছত মেন্‌-চু-খা প্ৰশাসনিক কেন্দ্ৰ৷ ভেলীটোৰে নিৰৱে ধাৱিত হৈছে য়াৰগ্যাপ্‌ নৈ৷ উত্তৰ-পশ্চিমৰ পৰা কেইবাটাও জুৰি আহি য়াৰগ্যাপ্‌ চুত পৰিছে৷ তাৰে পানী খালে হেনো জ্বৰ-বেমাৰ ভাল হয়৷ গতিকে নাম হৈছে মেন্‌-চু-খাঁ অৰ্থাৎ ঔষধীয় পানীৰ নিজৰা৷ এই নামেৰেই উপত্যকাটো তথা মহকুমাটোৰ নামো মেন্‌-চু-খা হৈছে৷ মেন্‌-চু-খা শব্দটোৱে মানুহৰ মুখ বাগৰি চল্‌তি ৰূপ লৈছেগৈ মেচুকা৷

য়াৰগ্যাপ্‌ চুৰ পাৰত দীঘলীয়াকৈ Advanced Landing Ground৷ অলপতে মুকলি কৰা কংক্রিটৰ ৰাণওৱে’যুক্ত এই এয়াৰ ষ্ট্ৰীপটো ভাৰতীয় বায়ুসেনাই চোৱা-চিতা কৰে৷ Autonov-32 aircraft, হেলিকপ্টাৰ ইয়ালৈ আহে বুলি শুনিছোঁ৷ মেন্‌-চু-খাৰ পৰা নিয়িং শ্বি নামৰ নৈ এখন ওলোৱা বুলিও ক’ৰবাত এবাৰ পঢ়া মনত পৰে৷ দুচকুৱে ব্যস্ততাৰে সেইখন বিচাৰি থাকিল অলপ সময়৷ শিখৰৰ পৰা দেখা পোৱা চৌদিশৰ মোহনীয় সৌন্দৰ্যত আপ্লুত হৈ মনটোৱে বাৰে বাৰে ঘোষণা কৰিব বিচাৰিলে এই কথা… Heaven is myth, Menchukha is real.

উপত্যকাত দৃশ্যমান ঘৰবিলাকৰ আটাইবোৰেই পাইন কাঠৰ তক্তাৰে নিৰ্মিত৷ ইয়াত কাঠৰ অভাৱ নাই৷ চীন-ভাৰতৰ যুদ্ধৰ সময়ত এনেকুৱা কাঠৰ ঘৰ কিছুমানতে চীনা দখলদাৰী সৈন্যই নাৰ্ছবিলাকক ৰাখিছিল৷ ১৯৬২ৰ চীনা সৈন্যৰ সেই আক্রমণৰ সময়ত মেন্‌-চু-খাৰ প্ৰতিৰক্ষাৰ দায়িত্বত আছিল পঞ্চম গোৰ্খা ৰাইফল্‌ছ৷ কমাণ্ডাৰ আছিল কৰ্নেল টেইলৰ৷ প্ৰায় বিনাযুদ্ধে তেওঁলোক পলাই যাব লগা হৈছিল৷ চমু পথেৰে তালিহাৰ ফালে পলায়ন কৰা গোৰ্খা সৈনিকবিলাকে বাটে বাটে উভতি ধৰি বহুতো চীনা জোৱান নিধন কৰিছিল৷

প’ৰ্টাৰকেইজন এখোজ-দুখোজকৈ উঠি আহিল৷ ওপৰত চৰকাৰী পানী যোগান আঁচনিৰ চৌবাচ্চাসদৃশ পকী জলাধাৰ এটা আছে৷ পানী অকণো নাই পিছে, তেনেই শুকান৷ বস্তু কঢ়িয়াই নিয়া খাংবোৰ প্ৰত্যেকেই পিঠিৰ পৰা নমালে৷ জলাধাৰৰ দেৱালতে বহি আটায়ে জিৰণি ল’লে৷ কথা-বতৰা, হাঁহি-ধেমালি চলিল৷ অথনি ট্ৰেকিং আৰম্ভণিৰ পৰতে প্ৰতিজন সদস্যকে আমূল ডেইৰী মিল্কৰ পেকেট্‌ দিছিল৷ চক্‌লেটৰ টুকুৰা এটা জিভাত থাকিলে খোজ কাঢ়িবলৈ ভাল লাগে৷ তাকে এটুকুৰা ভাঙি মুখত লওঁ বুলি আৱৰণ ফালি দেখোঁ যে শিলৰ দৰেই কঠিন হৈ পৰিছে ভিতৰৰ চক্‌লেট্‌খিনি৷ ঠাণ্ডা বেছি হোৱাৰ কাৰণেই এনেকুৱা হৈছে বুলি ভাবি ল’লোঁ৷ ভাঙিবলৈ লওঁতে খটক্‌কৈ শব্দ উঠিল৷