Thursday, 6 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩২)

এবাৰ শদিয়াত ভৰি থোৱাৰ পাছৰে পৰাই শদিয়াই মোকো বৰকৈ আকৰ্ষণ কৰি থৈছে৷ মন কৰিছিলোঁ, ভাবিব নোৱাৰা বিধৰ নিৰিবিলি পৰিৱেশ আছে শদিয়াত৷ তাত যেন বিচাৰি পাইছিলোঁ পুৰণি ডিফুখনৰ সৈতে মিলা কিছু চিনাকি সৌৰভ, এৰি অহা দিনবোৰৰ লগত খাপ খোৱা বাস্তৱতাৰ অংশবিশেষ৷ শান্তিপ্ৰিয় মানুহৰ বাবে শান্তি আছে তাত৷ গাঁৱৰ মিঠা সুবাস এটা আছে৷ গুটি সিঁচিলেই লহপহকৈ শস্য গজি অহা উৰ্বৰা গুণাগুণ আছে মাটিৰ৷ বাহ্যিকতাৰ পৰশ গাত পৰা নাই বাসিন্দাসকলৰ৷ গতিকে তেওঁলোকৰ চৰিত্ৰত তথাকথিত আধুনিকতা প্ৰকাশক কৃত্ৰিমতাও অনুপস্থিত৷ সেয়েহে দলং হোৱাৰ লগে লগেই স্ফূৰ্তিত ক’ব নোৱাৰা হ’লোঁ আমি৷ চব কথা বাদ দি ওলাই দিলোঁ শদিয়ালৈ বুলি৷ ঠিক কৰিলোঁ, খোজ কাঢ়ি পাৰ হ'ম দেশৰ দীঘলতম দলং৷ পামগৈ ছাজিদ-শ্বাহনাজৰ ঘৰ৷

আগতে দলং নাছিল৷ এতিয়া দলংখন হোৱাৰ পাছত শদিয়াৰ ৰং-ৰূপ, ৰস-গোন্ধ সকলোযে বেলেগ হৈ পৰিব সেইটো খাটাং৷ ব্যৱসায়ী গোষ্ঠীয়ে অনেক ধৰণৰ কায়-কাৰবাৰ আৰম্ভ কৰিব৷ শদিয়া, ৰ'য়িং, তেজু ইত্যাদি পর্যন্ত হাট-বজাৰ সম্প্ৰসাৰিত হ’ব৷ মানুহৰ সংখ্যা দিনকদিনে বাঢ়ি আহিব৷ ডাঙৰ ডাঙৰ স্কুল-কলেজ প্ৰতিষ্ঠা হ’ব৷ ডাঙৰ ডাঙৰ স্বাস্থ্য কেন্দ্ৰ হ’ব৷ আৰু অনেক কিবাকিবি গঢ় লৈ উঠিব৷ ব্যস্ততাৰে পূৰ্ণ চহৰ হৈ পৰিব শদিয়া৷ সময়ৰ সৈতে খোজত খোজ মিলাই সকলো ভাল বস্তুৱেই হোৱাৰ সপক্ষে পোষকতা কৰোঁ৷ মাথো বাৰে বাৰে এই লৈহে শংকা হয় যে শান্তিপূৰ্ণ বসতিৰ ক্ষেত্ৰত আগতে ভূ-স্বৰ্গ বোলা শদিয়াৰ আত্মিক সৌন্দৰ্য, শান্তিময় পৰিৱেশটো পিছলৈকো বৰ্তি থাকিবগৈনে? বিশুদ্ধ বায়ুৰ ঠাইত নানা তৰহৰ প্ৰদূষণে আৱৰি ধৰিব নেকি শদিয়াক? বৃহৎ পুঁজিপতিৰ কেঁকোৰা চেপাত থলুৱা কৃষক ভূমিহীন, উচ্ছেদ আদি জনস্বাৰ্থৰ পৰিপন্থী অনাকাংক্ষিত হস্তক্ষেপৰ দ্বাৰা লৈ-লৈ থৈ-থৈ নহয়তো? মহান শিল্পীগৰাকীৰ নামকৰণেৰে হোৱা সেতুখনে ইয়াৰ সহজ-সৰল মানুহখিনিক যেন আগৰ হাঁহি আৰু বিশুদ্ধ আনন্দকণেৰে সৈতে শান্তি-সম্প্ৰীতিৰে জীয়াই ৰাখে৷ অন্তঃকৰণেৰে তাকে কামনা কৰোঁ৷

মহাভাৰতৰ মহাযুগৰ সাক্ষী শদিয়া অৰুণাচল প্ৰদেশৰ দিবাং সমভূমিৰ দক্ষিণাঞ্চলৰ লোহিত আৰু দিবাং নৈৰ সংযোগস্থলত অৱস্থিত৷ গাতে লাগি আছে অৰুণোদয়ৰ দেশ অৰুণাচল৷ কত ইতিহাস, কত পুৰাকথা, কত বিচিত্ৰ মানুহৰ মনোৰম থলী এই শদিয়াখন ৰিং এটাৰ বাটযে মুঠেই নাছিল সেয়া সৰ্বজনবিদিত৷ শদিয়াৰ যাতায়াত ব্যৱস্থাক লৈ সৃষ্টি হোৱা মুখৰোচক কাহিনী এটা এদিন পঢ়িবলৈ পাইছিলোঁ৷ এবাৰ হেনো শদিয়াৰ এঠাইত ডকাইতি কাণ্ড সংঘটিত হ’ল৷ ঘটনাৰ তদন্তৰ বাবে তিনিচুকীয়াৰ পৰা আহিব লাগিল আৰক্ষীৰ দল৷ খৰালি দিন আছিল৷ ফেৰীখন ঘূৰি-পকি যাবলগীয়া হৈছে৷ ছৈখোৱা ঘাটৰ পৰা শদিয়া ঘাট পাবলৈ অনেক সময় লাগি যায়৷ নদীৰ মাজভাগত দেখা গ’ল, সিফালৰ পৰা মেচিন নাও এখন আহি আছে৷ ওচৰ পাওঁতে নাওখনৰ পৰা কোনোবাই আৰক্ষীৰ দলটোক উদ্দেশ্য কৰি ৰিঙিয়ালে, ‘ঐ ছাৰ, আমাক বিচাৰি আহিছ হ’বলা? আপোনালোক আহিব বুলি নাজানিলোঁ নহয়৷ আমি আহিলোঁৱেই৷ তাত এতিয়া কাক বিচাৰি পাবি?’ আৰক্ষীৰ মহা পয়মাল হ’ল৷ ডকাইতকেইটা মুখৰ আগত দেখা পাই আছে, অথচ ধৰিবগৈ নোৱাৰে৷ মাজপানীত নামেনো কেনেকৈ?

সেয়াই শদিয়া৷ অসমৰ ক’লীয়াপানী বুলি কৈছিল আগতে৷ এবাৰ গ’লে দ্বিতীয়বাৰ নাহোঁ বুলি কাণত ধৰিছিল মানুহে৷ আহোম যুগত ৰাজৰোষত পৰা সত্ৰাধিকাৰক নিৰ্বাসন দিয়া হৈছিল এই ঠাইলৈকে৷ বাৰিষা যোগাযোগ বন্ধ৷ বিচ্ছিন্ন দ্বীপ৷ আৰু এতিয়া? যাৰে যিমান ইচ্ছা, বাৰেপতি আহিব পাৰিব শদিয়ালৈ৷ দলং হৈ গ’ল৷ স্বাধীনতাৰ ৭০তম বছৰত ভাল দিন আহিল ক’লীয়াপানীলৈ৷ তামোল এখন খোৱাৰ পৰতে এতিয়া পাৰ হৈ যাব পাৰি বহল লোহিতখন৷ আমি যেনিবা খোজেৰে পাৰ হৈ চালোঁ৷ কইনা বুলনেৰে ৩ ঘণ্টাৰ ওচৰা-উচৰি সময় লৈ যাত্ৰাপথটো হেঁপাহ পলুৱাই উপভোগ কৰিলোঁ৷ পাছলৈ হয়তো ৰে'লপথো আহিব এইফালে৷ চাগৈ এদিন বিমানঘাটিও গঢ় লৈ উঠিব শদিয়াৰ আশে-পাশে কেনিবা৷ দলঙৰ ওচৰতে হে'লিপেড হ'ব বুলি খবৰ ওলাইছেই ইতিমধ্যে৷ হওক, সকলো হওক৷ প্ৰধান মন্ত্ৰীয়ে ক'বৰ দৰেই, পূবৰ পৰাই আৰম্ভ হওক ভাৰতৰ প্ৰকৃত বিকাশ৷

এই মুহূৰ্তত যি স্থান পাইছোঁহি, ৰিণিকি ৰিণিকি দেখা পাই আছোঁ চুবুৰীয়া অৰুণাচলৰ কৰ্দৈসিৰীয়া পৰ্বতমালা৷ পাহাৰৰ ডাঠ সেউজীয়া, ডাৱৰৰ বগা, আকাশৰ ঘন নীলা৷ চকুৰ আগত এই তিনিটা ৰঙৰ খেলা আৰম্ভ হৈ গ'ল৷ মোহনীয়া অৰুণাচলৰ এনেকুৱা চিনাকি ৰূপটোৱে মোক পাগল কৰে৷ তলে তলে ভাবিলোঁ, আগতে গৈছোঁ যদিও কাইলৈ ৰ'য়িঙৰ ফালে এপাক মাৰিম৷ নতুন দলঙৰ প্ৰভাৱ সেইফালে কেনেকুৱানো, তাক লক্ষ্য কৰিম৷ দেওপানীৰ পাৰত ক্ষন্তেক বহিম৷ পানী খেলিম৷ পাৰিলে মিছিমি হিল্‌ কেম্পলৈ যাম৷ জিবি পলোক মাত এষাৰ দিম৷ ক'ম যে চাওক, কৈছিলোঁ নহয় আকৌ আহিম বুলি, এয়া আহি গ'লোঁ ৰ'য়িং... ইত্যাদি, ইত্যাদি৷ মুঠতে যিমানেই ওচৰ চাপিছোঁ, অৰুণাচল-প্ৰীতিয়ে মনত গভীৰভাৱে ক্ৰিয়া কৰিলেই! ঠিক তেনেতে, কেঁকুৰি এটা ঘূৰিবলৈ ধৰোঁতে সোঁহাতলৈ থিয় দি থকা চাইনব’ৰ্ড এখনে আমাক চপাখোৱা টাউনলৈ আদৰণি জনালে৷ লিখা আছে, চহৰ এলেকাত যান-বাহনৰ স্পীড লিমিট ২০ কিল’মিটাৰ৷ ৰাস্তাটো ভাল, মসৃণ৷ হ'লেও আমাৰ গাড়ীখন কিন্তু আগৰে পৰাই ধীৰে ধীৰেই চলি আহিছে৷

প্ৰায় ৩৫ মিনিট ধৰি কৰা ডাম্পাৰ যাত্ৰাটোৰ সমাপ্তি ঘটিল যেতিয়া শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ পালোঁগৈ৷ আগেয়ে জনাই থোৱামতেই গগৈয়ে সেইখিনিতে ব্ৰে’কত হেঁচা প্ৰয়োগ কৰিলে৷ ভাড়া দিব খোজোঁতে তেওঁ ল’বলৈ ইতস্ততঃবোধ কৰি উঠিল৷ কথা নামানি ‘সেইটো কেনেকৈ হ’ব? আপুনি চাহ খাব দেই৷ লওকচোন লওক’ বুলি টকাকেইটামান হাতৰ মুঠিত গুজিহে শ্ৰীমতী বেগম ক্ষান্ত হ’ল৷ আমি দুয়ো নামিলোঁ৷ স্বভাৱজাতভাৱেই মই ওপৰৰ পৰা জাঁপ দিলোঁ৷ আনহাতে অন্য বাহনৰ তুলনাত বেছ ওখ যদিও আমাৰ এওঁ দৰ্শনীয় পাৰ্গতালিৰেই ডাম্পাৰৰ পৰা নামি শদিয়াৰ মাটিত প্ৰথমবাৰলৈ ভৰি দিলে৷ ভাৰতৰ দীৰ্ঘতম দলংখন খোজেৰে পাৰ হৈ অহাৰ পাছত কলেজীয়া দিনৰ পুৰণি বান্ধৱীক সুদীৰ্ঘ ১৭টা বসন্তৰ বিৰতিতযে সন্মুখলৈ অহা কেইটামান উৎকণ্ঠিত মুহূৰ্তৰ ভিতৰতে দেখা পাই যাব, সেই আনন্দৰ জিলিঙনি তেওঁৰ দেহে-মনে ফুটি উঠা দেখা গ’ল৷








শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩১)

চপাখোৱাত প্ৰথমবাৰ উপস্থিত হওঁতে ভাবিছিলোঁ, ক’তা, শদিয়াখনচোন ঠিকেই আছে৷ মানুহে এনেয়ে ভুল ভুলকৈ কয়৷ ইমান আহল-বহল ৰাস্তা ইয়াত! মানুহবোৰোচোন হাস্যমুখী৷ আমি তেতিয়া ৰ’য়িঙৰ ফালৰ পৰা আহিছিলোঁ৷ অৰুণাচল প্ৰদেশ এৰি শান্তিপুৰ গে’টেৰে সোমাইছিলোঁ অসমত৷ পাছত ঘাটলৈ যাওঁতেহে দেখিলোঁ প্ৰকৃত সত্যটো৷ সঁচাকৈ, ইণ্টাৰনেটৰ পৰা সংগৃহীত শদিয়াৰ পুৰণি ফটো চালে ভাবনাই নহয় যে ঠাইখনৰ ৰূপটো এসময়ত তেনেকুৱা আছিল৷ আজি সেইখন শদিয়া আৰু নাই৷ সি যি কি নহওক, দীৰ্ঘ বিৰতিৰ অন্তত এতিয়া কিন্তু শদিয়াক নকৈ গঢ়াৰ সোণালী সুযোগ এটা আহি গ’ল৷ ধলা-শদিয়া দলঙে সম্ভাৱনা আৰু আশা লৈ আহিছে৷ শদিয়াৰ নতুন প্ৰজন্মই নতুন চিন্তাৰে অঞ্চলটোৰ প্ৰসাৰণ আৰু বিকাশৰ দায়বদ্ধতা কান্ধ পাতি ল'ব লাগিব৷ বৃহত্তৰ এলেকাটোৰ ওপৰত নতুন দলংখনৰ প্ৰভাৱ কিমান, ধনাত্মক ৰূপত তাক বিচাৰ কৰি সুপৰিকল্পিতভাৱে আগ বঢ়াটো সকলোৰে বাবেই মংগলজনক৷

নৈৰ ঘাটলৈ যোৱা তদানীন্তন জৰাজীৰ্ণ পথটো অলপ আগেয়ে বাঁওহাতে এৰি আহিলোঁ৷ নিশ্চিতভাৱে, আজিৰ তাৰিখত সেইটো পুৰণি আৰু এলাগী হ’ল৷ সেই ৰাস্তাৰে বানবিধ্বস্ত ঠাইবোৰৰ মাজেৰে ঢলং-পলংকৈ গাড়ীৰে গৈ থকাৰ অভিজ্ঞতা পূৰ্বতেই পাই থৈছোঁ যেনিবা৷ আগলৈ তেনে সুযোগ নাপাওঁ৷ তেতিয়া পাৰ হৈ যাওঁতে ভগা-ছিগা বাটটোৰ দুয়ো দাঁতিত মাজে মাজে জনপদ, মাজে মাজে খেতি, মাজে মাজে পৰিত্যক্ত জেগাবোৰ দেখি গৈছিলোঁ৷ কৃষিজীৱী আৰু মাছুৱৈ থলুৱা মানুহবোৰে বৰ্তমান সম্প্ৰসাৰিত হ'বলগীয়া বজাৰসমূহ কেনেকৈ নিজৰ হাতৰ মুঠিত ধৰি ৰাখে সেইটো নিশ্চয়কৈ লক্ষণীয় হ'ব৷ চিন্তাশীল মানুহ মাত্ৰেই জানে যে এখন দলঙে নৈপৰীয়া দুটা অঞ্চল বা কেইখনমান ঠাইকে সংযোজিত নকৰে, সংযোজিত কৰে দুখন বজাৰকো৷

ভূমিকম্প, বানপানী, খহনীয়াকে ধৰি শদিয়া নামৰ ভূখণ্ডটিৰ ওপৰেৰে কিমানযে বিভীষিকা, ধামখুমীয়া পাৰ হৈ গৈছে! কল্পনা কৰাও টান৷ বাৰিষাৰ দিনকেইটাত যাত্ৰিকৰ অৱস্থা অতিকৈ দুখলগা হয়৷ খৰালি আকৌ পানী শুকাই যায়৷ দুয়োপাৰে বালি, কেৱল বালি৷ তাৰ ওপৰে ওপৰে বহু দূৰ বাটকুৰি নাবালেই নহয়৷ সিও এক বিড়ম্বনা৷ যাতায়াতৰ অসুবিধাৰ কাৰণেই আগতে অলপধতুৱা চাকৰিয়াল চপাখোৱাত যোগদান কৰিবলৈ নতুবা চপাখোৱালৈ বদলি হৈ আহিবলৈ ইচ্ছুক নহৈছিল৷ বিষয়া-কৰ্মচাৰীসকলৰ শদিয়াত চাকৰি কৰিবলৈ ইচ্ছা নথকাক কেন্দ্ৰ কৰি বদনামেই এটা আছিল৷ কাৰণটো তুলনামূলক৷ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, বিদ্যুৎ, টেলিফোন নাই৷ আধুনিকতাৰ প্ৰলেপ বুলিবলৈ মস্ত শূন্য৷ হোটেল-বজাৰ, শ্বপিং মল নাই৷ উচ্চমানৰ পঢ়াশালি, সম্ভ্ৰান্ত বিদ্যালয়-মহাবিদ্যালয় নাই৷ আমোদ-প্ৰমোদৰ বাবে চিনেমা-থিয়েটাৰ নাই৷ চিকিৎসাৰ বাবে ভাল চিকিৎসালয় কিম্বা ডাঙৰ নাৰ্ছিং হ’ম নাই৷ কাৰোবাৰ বেমাৰ-আজাৰ হ’লে সিপাৰলৈ নিয়াৰ যিহে অসুবিধা, প্ৰাথমিক চিকিৎসাকণৰ অভাৱতে বেমাৰীৰ কেতিয়াবা ৰাতিয়েই মৃত্যু হৈ যায়৷ সঁচাকৈয়ে অতি দুঃখদায়ক আছিল পুৰণি সময়বোৰ৷ আৰু হয়ো, তেনেকুৱা প্ৰেক্ষাপটত জানি-শুনি বিপদৰ মুখামুখি হ'বলৈ আহিবনো কোন? গতিকে চপাখোৱাত চাকৰি কৰিবলৈ মানুহ নাহে৷ ফলত চৰকাৰী কাম-কাজ স্থৱিৰ হৈ পৰে অনিশ্চিত কালৰ বাবে৷

নৈপৰীয়া মানুহ শদিয়াবাসী৷ নদীৰ সৈতে সম্পৃক্ত জীৱন৷ এনেকুৱা জীৱনবোৰৰ জীৱিকা নদীয়েই দি যায়৷ সেই ধৰণেই শেষ পৰ্যন্ত শদিয়াবাসীকো নদীয়েই সমৃদ্ধ কৰি আহিছিল৷ ৰ’দ-বৰষুণ নেওচি, তলে-ওপৰে ঠাহ খোৱাকৈ যাত্ৰী, গাড়ী-মটৰ, জীৱ-জন্তু, বয়-বস্তু তুলি লৈ বোকা-পানী, ঢৌ বালি ফালি প্ৰতিটো মুহূৰ্ততে সন্মুখলৈ যাবৰ বাবে কৰা বিপদসংকুল সংগ্ৰামখনৰ যৱনিকা পৰিল যেনিবা এতিয়া৷ চাপৰিৰ ঝাও বনবোৰৰ মাজেৰে ধূলি উৰুৱাই ধীৰে ধীৰে আগ বাঢ়ি ফেৰী ধৰা আৰু ‘আমি একেখন নাৱৰে যাত্ৰী’ ভাবনাৰে ইকুল-সিকুল নেদেখা সিপাৰলৈ বুলি কৰা শিহৰণকাৰী নৌকাযাত্ৰা এতিয়া হৈ পৰিল স্তব্ধ৷ এফালৰ পৰা চাবলৈ গ'লে ফেৰীৰ কাৰণে অপেক্ষা কৰি চাহৰ লগতে নৈৰ জীয়া মাছৰ গৰম গৰম ভজাত কামোৰ মৰা বা ঘাটত মাছ-ভাত এমুঠি খোৱাৰ মাদকতাই বেলেগ আছিল৷ সেই ধৰণৰ তৃপ্তি পূৰ্বতে পাই থোৱা সকলোজনৰে মনৰ মাজত পিছলৈকো থাকি যাব লেখ-জোখহীন কাহিনীৰে পৰিপূৰ্ণ চপাখোৱাৰ স্মৃতি, শদিয়া যাত্ৰাৰ স্মৃতি৷






শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৩০)

ভাবনাৰে গধুৰ হৈ লোহিতৰ উপনৈ কুণ্ডিলৰ পকী দলং পালোঁহি৷ বহু স্মৃতি বুকুত বান্ধি থৈছে কুণ্ডিল নৈখনে৷ ভীষ্মক, ৰুক্মবীৰ, ৰুক্মিণী, শ্ৰীকৃষ্ণ, বেদনিধি, সাধনী, নিতাই আদিৰ কাহিনী, ঐশ্বৰ্য আৰু ঐতিহ্য বিজড়িত হৈ আছে ইয়াৰ সৈতে৷ শদিয়াৰ কুণ্ডিলমুখতে ব্ৰিটিছ চাহাবৰ দ্বাৰা অসমৰ ভিতৰত প্ৰথমখন পৰীক্ষামূলক চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল বুলি বুৰঞ্জীয়ে কয়৷ সেইখন পিছত নদীয়ে ধ্বংস কৰে৷

ঠেক যদিও কুণ্ডিলৰ দলংখন অকণমান দীঘলেই যেন লাগিল৷ তাৰ ওপৰতে সিফালৰ পৰা অহা ‘নিৰজুলি’ৰ সৈতে মুখামুখি হ’লোঁ৷ ৰ’য়িং, শদিয়া, তিনিচুকীয়াৰ বেচৰকাৰী পৰিৱহণ সেৱাৰ ইতিহাসত নিৰজুলি এটা সঘন-উচ্চাৰিত নাম৷ শব্দটোৱে মোকো বিশেষভাৱে আকৰ্ষণ কৰে৷ আমাৰ শিক্ষানুষ্ঠান নেৰিষ্টখন য’ত আছিল বা এতিয়াও আছে, সেইডোখৰৰ নামো নিৰজুলিয়েই৷ তেনেস্থলত নিৰজুলি শব্দটোৰ সৈতে মোৰ চিনাকি অনেক আগৰে পৰাই৷ বাছখনৰ সন্মুখৰ আইনাত লিখি থোৱা ডাঙৰ ডাঙৰ আখৰকেইটাই ভ্ৰমণৰ আনন্দৰ মাজতে এই বিশেষ মুহূৰ্তটোত কিছু পৰিমাণে হ’লেও নস্তালজিক নকৰাকৈ নাথাকিল মোক৷ মোৰ চিনাকি পুৰণি নিৰজুলিখন এতিয়া আৰু আগৰ ৰূপত নাই৷ সময়ৰ সৈতে খোজ মিলাই বহুত সলনি হ’ল৷ যোৱা বছৰ নাহৰলগুন, জিৰ', ডাপৰিজ', তালিহা, চিয়ুম, নাচ্ছ', লিমেকিং, কেতেনালা ইত্যাদি সামৰি সোৱণশিৰিৰ পাৰে পাৰে আন্তৰাষ্ট্ৰীয় সীমান্তলৈ কৰা দীঘলীয়া এডভেন্সাৰ ট্ৰিপ এটাত যাওঁতে ৰে'ল লাইনৰ পৰাই দেখা পাই আহিছোঁ৷

এতিয়া গৈ আছোঁ বুৰঞ্জীপ্ৰসিদ্ধ কুণ্ডিলৰ ওপৰেদি৷ নৈখন অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ মাজেদি বৈ আহিছে৷ কুণ্ডিলৰ নামেৰে হোৱা, সীমাক লৈ অদ্যাপি মত-পাৰ্থক্য থকা কুণ্ডিল-কলীয়া বনাঞ্চলখন অৰুণাচল আৰু অসমৰ সীমা বুলি কোৱা হয়৷ শদিয়া মহকুমাৰ উত্তৰ-পূব চুকত বালিজান নৈৰ শাখা এটাক বাঁওপাৰে লৈ কুণ্ডিলখন পশ্চিমমুৱা হৈছে৷ তাৰ পৰা ৪ কিল’মিটাৰ আহি দিফু নৈক সোঁপাৰে সামৰি লোৱাৰ পাছতে বহল ৰূপ লৈছে৷ তাৰ পৰা ১০ কিল’মিটাৰ আহি কপৌপানী নৈক সোঁপাৰে লগত লৈ দক্ষিণ-পশ্চিমমুৱা হৈছে৷ ৫ কিল’মিটাৰ আগলৈ বৈ অহাৰ পাছত জীয়া নৈক সোঁপাৰে সুমুৱাই নৈখন চপাখোৱা চহৰৰ পূব অংশত ওলাইছেহি৷ ইয়াৰ পাছৰ পৰা কুণ্ডিলৰ গতিপথ সৰ্পিল৷ ১৩ কিল’মিটাৰ ভটিয়াই কুণ্ডিল বজাৰত নৈখনে বাঁওপাৰে একাজান আৰু সোঁপাৰে দিচৈ নৈক লগত লৈছে৷ সেই স্থানৰ পৰা আৰু ২ কিল’মিটাৰ বৈ কুণ্ডিল গাঁৱত নৈখন বিলীন হৈছে লোহিতত৷

লোহিত নদীৰ দক্ষিণেই ধলাৰ ছৈখোৱা ঘাট৷ উত্তৰ পাৰে শদিয়াৰ কুণ্ডিল ঘাট৷ জন এম্‌কোছৰ ‘টপগ্ৰাফ্ৰী অফ্‌ আছাম’ (১৮৩৭)ৰ তথ্য অনুসৰি শদিয়াখন কুণ্ডিল নৈৰ সোঁপাৰে, কুণ্ডিল আৰু লোহিতৰ সংগমৰ পৰা ৬ মাইল অৰ্থাৎ ৯.৬ কিল’মিটাৰ উজনিত আছিল৷ ১৯৫০ চনৰ ভূমিকম্পত শদিয়া নগৰ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়৷ সেই ঘটনাৰ চাক্ষুস বিৱৰণ মহেশ্বৰ নেওগ সম্পাদিত ‘পৱিত্ৰ অসম’ত এনেকৈ আছে… ‘সেই বছৰ কাতি মাহৰ দুৰ্গা পূজাৰ বিসৰ্জনৰ পিছদিনা দিবাং নৈ ফেনে-ফোটোকাৰে বাঢ়ি আহিল৷ ২০ অক্টোবৰৰ দিনা ৩৪ মাইল দীঘল সদিয়া-নিজামঘাট বাটটো পানীত ডুব গ’ল৷ দিবাং নৈৰ পানী সদিয়াৰ ওপৰেদি বাগৰি লোহিতত পৰাৰ লগে লগে সদিয়া চহৰৰ প্ৰকৃত বিপদ ঘটিল৷ আজি এহাত কালিলৈ এহাত, এইদৰে চহৰৰ কাষত লোহিতৰ পাৰ খহিবলৈ ধৰিলে৷ এই ধ্বংসাত্মক লীলা সম্পন্ন কৰিবলৈ প্ৰকৃতিক প্ৰায় দুবছৰ সময় লাগিল৷ তাৰ পাছত সদিয়া পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ গ’ল৷ অকল বুৰঞ্জীতহে সদিয়াৰ নাম ৰ’ল৷’

কুণ্ডিলৰ পাছত ঘূৰামূৰা নৈ লোহিতত পৰিছেগৈ৷ তাৰ পাছতে দিবাংখন৷ শিলগুটি দিয়া আলিৰে যাত্ৰা কৰি আছোঁ আমি৷ হৰিপুৰ, মংগলপুৰ, ইচলামপুৰ আদি গ্ৰামীণ এলেকা পাৰ হ’লোঁ৷ বহল ৰাস্তা সাজি থকা হৈছে৷ এফাল ওখ, এফাল চাপৰ হৈ আছে৷ অলপ আগেয়ে পাৰ হৈ অহা ভাৰতৰ দীৰ্ঘতম দলংখনৰ পৰা ইচলামপুৰলৈ দূৰত্ব ৯ কিল’মিটাৰ৷ ইচলামপুৰৰ পৰা অৰুণাচল-অসম সীমাৰ শান্তিপুৰ চে’ক গে’টলৈ ১১ কিল’মিটাৰ৷ ধলা-শদিয়া দলঙে ২,০০০ মানুহক কৰ্মসংস্থানহীন কৰিব বুলি সমীক্ষা এটাত পঢ়িবলৈ পাইছিলোঁ৷ বাটত দেখা ঘৰবোৰলৈ চাই চিন্তা এটা কৰিব ধৰিলোঁ, এই অঞ্চলত বসবাস কৰা আবাসীসকলে নতুন বিকল্পৰ সন্ধানত কেতিয়াবাই নিশ্চয় নামি নপৰাকৈ থকা নাই৷ স্বনিয়োজন ব্যৱস্থাৰে স্বাৱলম্বী হোৱা মানুহৰ বাবে নতুন সম্ভাৱনাই পোখা মেলা এই ভূখণ্ডত জীৱিকাৰ আকাল হয়তো নহ'ব৷

বৰগোহাঁইৰ ইংগিতত ন মাইলত ডাম্পাৰখন থামিল৷ তেওঁ নামিল৷ সোঁহাতে সোমাই যোৱা বাটেৰে তেওঁৰ ঘৰটো কিছু আগলৈ৷ নানামোঁতেই আঙুলিয়াই দেখুৱালে আমাক৷ সময়-সুবিধা মিলিলে এপাক মাৰিবলৈকো দঢ়াই দঢ়াই কৈ গ’ল৷ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে দিনটোৰ সংগীজনক বিদায় জনালোঁ৷ তেওঁৰ ম’বাইল ফোনৰ নম্বৰটো মোৰ পকেট নোটবুকত অথনি আলফা নলাত চাহ খাবলৈ বহোঁতেই টুকি লৈছিলোঁ৷ বৰগোহাঁইক নমাই গাড়ী আগ বাঢ়িল৷ পৰিবাৰে এবাৰ ঘূৰি চাই স্বগতোক্তিৰ সুৰত ক’লে, ‘অচিনাকি মানুহজনৰ সৈতে আজি ভূপেন হাজৰিকা দলঙৰ ওপৰৰে একেলগে খোজ কঢ়াটো আমাৰ কপালত লিখা আছিল৷ কি আচৰিত!’




Sunday, 2 July 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৯)

মানুহে ক'বলৈ আৰম্ভ কৰিছেই, শদিয়া, চপাখোৱা এতিয়া আৰু অজান্তি মুলুক হৈ থকা নাই৷ উক্তিটো এশ শতাংশই শুদ্ধ৷ আমাৰ চকুৰ সন্মুখৰ নতুন ৰাস্তাটোৱে চপাখোৱাক বহিঃজগতৰ সৈতে সংযোগ কৰিছে৷ অৰুণাচলক সংযুক্ত কৰিছে লোহিতৰ দক্ষিণ পাৰৰ লগত৷ সেইটো পথেৰেই আমিও আগ বাঢ়িছোঁ শ্বাহনাজহঁতৰ ঘৰলৈ বুলি৷ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ গ্ৰাম্য সেৱাৰ ছেমি ডিলাক্স বাছ এখনকে ধৰি কেইবাখনো গাড়ীৰ মুখামুখি হ'লোঁ যাত্ৰাটোৰ আৰম্ভণিতেই৷

আগৰ চিটত বহি যোৱা বৰগোহাঁয়ে তামোল-পাণৰ টোপােলা খুলিব ধৰিছে৷ মই চালক গগৈৰ কাষত৷ এহাতেৰে ড্ৰাইভাৰৰ চিটটোত হেঁচা মাৰি ধৰি লৈছোঁ৷ তিতা কাপোৰ কিছুমান গাড়ীৰ ভিতৰতে ৰছী টানি মেলি থোৱা আছে৷ চালকৰে হ'ব৷ মাজে মাজে গাত লাগি অশান্তি দিছে যদিও উপায়ো নাই৷ ইফালে মোৰ পৰা দুহাত আঁতৰত বহা শ্ৰীমতীৰ হাঁহি যেন শেষেই নহ'ব৷ জীৱনৰ প্ৰথম ডাম্পাৰ যাত্ৰা৷

চপাখোৱাৰ পিনে গৈ থকা, দুয়ো কাষৰ লগতে মাজত বগা আঁচ পৰা বহল পকা ৰাজআলিটো এৰি ৰাস্তা এটা বাঁওহাতে সোমাইছে৷ শিলগুটি আৰু শিলৰ গুড়ি দিয়া ঠেক ৰাস্তা৷ ডাম্পাৰখন সেইবাটে সোমাল৷ মোৰ দুচকু পোনকৈ আঁতৰি যোৱা বহল ৰাস্তাটোলৈ৷ কিবা সোধাৰ আগতেই চালক গগৈয়ে স্বগতোক্তি কৰিলে, 'হাইৱে'টো সেইফালেদি বনাই থকা হৈছে৷ কিমান দিনবা লয়? সোনকালে হ'লে ভাল হ'ব ৰাইজৰ৷'

মনত পৰিল, কেশৱ মহন্তই তাহানিতে বৈপ্লৱিক চেতনাৰে, গীতৰ আংগিকেৰে সকীয়াই থৈ যোৱা 'শদিয়ানো কি ৰিং এটাৰ বাট'লৈ৷ খ্যাতনামা শিল্পী খগেন মহন্তই গাইছিল গীতটি৷ 'মা আমি শদিয়ালৈ যামেই৷' সময়ৰ গতিত সেইটোৱেই এতিয়া সত্য হ'ল৷ পুৰণি মানুহে আজিও উৎসাহেৰে এনেকৈ কয় যে সেয়া গীত নাছিল, আছিল একোটা সপোন৷ কথাংশৰ শব্দ চয়ন, সুৰ সংযোজন, সংগীত ৰচনাৰ উৎকৃষ্টতা আৰু অভিনৱত্বই সপোন পুৰীতহে যেন আটাইকে ওমলাই আছিল ইমানদিনে! এতিয়া সপোনটো পূৰ্ণ হ'ল৷ দিঠকত শদিয়ালৈ সহজে যাব পৰা হৈ পৰিল৷ 'শদিয়ালৈ আৰু কেতিয়াও নাহো' বুলি শপত খোৱাসকলেও হেৰোৱা, বিস্মৃত নতুবা পুৰণি সম্পৰ্ক পুনৰ্স্থাপনৰ বাবে উদ্যত হ'ব নতুন দলংখন হৈ উঠাৰ অচিলাতে৷ সেইখন অদৃশ্য তালিকাৰ প্ৰথমফালেই চাগৈ আমি পতি-পত্নীহালো আছোঁ৷

আজিৰ তাৰিখত নতুন দলঙত যি নতুন পৰিৱেশ আৰু সম্ভাৱনা দেখিলোঁ, তালৈ চাই বুকুত হাত দি কৈ দিব পৰা যায় যে ভ্ৰমণ-অনুৰাগী মানুহে এতিয়া সময় পালেই আন্তৰ্জাতিক নৈখনৰ ওপৰত সজা দলঙলৈ ওলাব৷ এপাক ফুৰি আহোঁ বুলিও ওচৰ-পাজৰৰ বহুতেই এতিয়া পাবহি দেশৰ দীৰ্ঘতম দলং৷ গৰমৰ দিনত মহাসেতুৰ ওপৰত বতাহ খাবলৈ আহিব৷ পূবৰ সূৰ্যোদয়, পশ্চিমৰ সূৰ্যাস্তৰ ৰাঙলী ৰহণ চাবহি স্বাভিমানী লোহিতৰ বুকুত৷ ছেল্‌ফী ল'ব৷ ফটো আপ্‌ল'ড কৰিব ফে'চবুক, হোৱাটছ্‌আপত৷ যোৰাই যোৰাই প্ৰেমিক-প্ৰেমিকাও আহিব ইয়ালৈ৷ অভিন্ন হৃদয়ৰ পুৰুষ-নাৰীৰ বাবে মিটিং প্লে'ছ হৈ পৰিব ভূপেন হাজৰিকা সেতু৷ প্ৰকৃতিৰ মিঠা সংস্পৰ্শত নিৰলে কিছুমান ভাল লগা মুহূৰ্ত অতিবাহিত কৰিব পাৰিব প্ৰকৃতিপ্ৰেমীয়ে৷ ভাবুক মানুহ আহিব, কথা পাতিব নিজৰ সৈতে, বোঁৱতী পানীৰ সৈতে, নীল গগনৰ সৈতে৷ সংবেদনশীল মানুহ আহিব, কবিতা ৰচিব, গীত লেখিব৷ ৰং-তুলিকা লৈ ছবি আঁকিবলৈও আহিব চিত্ৰশিল্পত নিচা থকাজন৷ গীটাৰ বজাই দলঙতে বহি ভূপেন হাজৰিকাৰ কালজয়ী গান দুটামান গাবলৈ আহিব সংগীতপ্ৰেমী মানুহ৷ বাইকাৰ্ছ, ৰাইডাৰ্ছতো আহিবই সদলবলে৷ মসৃণ নপথেৰে কাৰ ৰে'লীও হয়তো ওলাই যাব শদিয়াৰ পৰা ফ্লেগ অফ্‌ হৈ, এই দলঙৰ ওপৰেদিয়ে৷ লোহিতৰ বালিত পিক্‌নিক্‌ পাৰ্টী, মিউজিক্‌ ফেষ্টিভেল, চৰকাৰী-বেচৰকাৰী পৃষ্ঠপোষকতাত শদিয়া উৎসৱ আৰু কত কিযে অনাগত দিনত অনুষ্ঠিত নহ'ব! মুঠতে আগৰ নিমাওমাও ৰূপটো এতিয়াৰ পৰা আৰু নাথাকিব বুলিয়ে ধাৰণা হৈছে৷ মুখৰ হৈ উঠিব দিন-প্ৰতিদিন৷ কথাই কথাই 'লাইফ নাই' বুলি কোৱা সন্তানসকলে ইয়াতেই পাব অতদিনে সন্ধানৰত 'মস্তিভৰা লাইফ'ৰ৷

আহকচোন ডিচেম্বৰ-জানুৱাৰী৷ মানুহবোৰে শদিয়া, তিনিচুকীয়া জিলাৰ সীমা চেৰাই আৰু আগলৈ যাব৷ গাড়ী লৈ পুটুক পুটুক ঢাপলি মেলিব মোহনীয়া অৰুণাচলৰ দিবাং ভেলীলৈ৷ সমুদ্ৰপৃষ্ঠৰ পৰা ২,৬৫৫ মিটাৰ উচ্চতাৰ মায়'ডিয়া গিৰিপথত কাশ্মীৰসদৃশ প্ৰাকৃতিক পৰিৱেশত বৰফ দলিওৱা-দলি খেল খেলিবগৈ৷ কেইটামান ঘণ্টাৰ বিৰতিতে সেই আনন্দোল্লাস পাব পৰা হৈ গ'ল এতিয়া, দলংখন হোৱাৰ লগে লগে৷ তিনিচুকীয়া-আনিনি, তিনিচুকীয়া-কিবিথু টুৰিষ্ট চাৰ্কিট আৰম্ভ হ'ব৷ আলুবাৰী দলঙেৰে ভ্ৰমণকাৰী মানুহ তেজুলৈ যাব৷ ভাল গাড়ী থকা মানুহে দিনজোৰা সূচীৰে চাৰ্কুলাৰ ট্ৰিপ মাৰিব ৰূপাই, ধলা গাঁও তিনিআলি, ভূপেন হাজৰিকা দলং, শদিয়া, শান্তিপুৰ গে'ট, ৰ'য়িং, তেজু, ৱাই পইণ্ট, পৰশুৰাম কুণ্ড, চৌখাম, নামচাই, ডিৰাক গে'ট, আকৌ ৰূপাই৷ যাত্ৰাকালত ফুল ভলিউমত বাজিব মহন্ত-বন্দিতাৰ 'শদিয়ালৈ যাম, দীঘল দলং চাম', খগেন মহন্তৰ 'মা আমি শদিয়ালে যামেই', ভূপেন হাজৰিকাৰ 'চিয়াঙৰে গালং, লোহিতৰে খামতি' আদি গান৷ ভ্ৰমণপিপাসু অনুভৱী মনবোৰে তাতেই বিচাৰি পাব পূৰ্ণ আনন্দ আৰু শেষ নোহোৱা মানসিক খাদ্য৷ সেই দিন আহি গ'ল৷






শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৮)

সেতু এৰিয়েই সংযোগী পথটো আৰম্ভ হৈছে চপাখোৱাৰ দিশে৷ টেম্প' এখন দলঙৰ গুৰিতে ৰ'লহি৷ চালকজনৰ কাষ চাপি গৈ সুধিলোঁ, 'চপাখোৱালৈ কিমান দূৰ হ'ব, ইয়াৰ পৰা?' '১৪-১৫ কিল'মিটাৰ হ'ব৷' 'ইয়াৰ পৰাই ঘূৰি যাব নেকি আপুনি?' 'যাম, কিন্তু এতিয়াই নাযাওঁ৷ দলং চোৱা পেচেঞ্জাৰৰ বুকিঙত আহিছোঁ৷ কিমান দেৰি হয় ঠিকনা নাই৷' 'বাৰু, আমি ইয়াৰ পৰা চপাখোৱালৈ যাবলৈ কিবা পামনে?' 'পাব পাব, গাড়ী চলাচল কৰিয়েই আছে নহয়, পাই যাব৷' তেওঁ অভয় দিলে৷

দলঙৰ গুৰিতে ৰৈ আছোঁ, বাহনৰ আশাত৷ সুবিধাজনক একোৱেই নাই৷ 'খোজ কঢ়াটো আটাইতকৈ সহজ আৰু উত্তম ব্যায়াম৷ সেয়েহে আমি দূৰ-দূৰণিলৈ খোজ কাঢ়ি যোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে৷' থমাছ জেফাৰচনৰ সাৰবাক্য দুটাৰ গইনা লৈ নাজমা আৰু বৰগোহাঁইক উপলক্ষ্য কৰি প্ৰস্তাৱ এটা উত্থাপন কৰি চালোঁ, 'ব'লক নহ'লে, খোজ লওঁ আকৌ, কেইঘণ্টামানতে চপাখোৱা পাই যাম'৷ দুয়ো দুফালৰ পৰা চালে মোলৈ৷ সেই চাৱনিৰ অৰ্থ বুজিবলৈ অকণো কষ্ট নহ'ল মোৰ৷ প্ৰস্তাৱ বাতিল৷

ন’ এণ্ট্ৰিৰ ব’ৰ্ড কেইখনমান দলঙতে আওঁজাই ৰখা হৈছে৷ কালি সেইবোৰৰ প্ৰয়োজন আছিল৷ মন্ত্ৰী-বিধায়ক আহিল-গ'ল৷ আজি আৰু দৰকাৰ নাই৷ বাট খোলা৷ ঘটিৰাম-বাটিৰাম সকলোৱেই আহিব পাৰিছে মুক্তমনে৷ গাড়ী কিছুমান আহিব ধৰিছে৷ কিছুমান গৈছে৷ ব্যক্তিগত বাহনৰ বাদে সকলোবোৰেইচোন ৰিজাৰ্ভড্‌! জাকে জাকে মানুহে হাঁহি-স্ফূৰ্তি কৰি দলং দৰ্শন কৰিবলৈ আহিছে৷ টুৰিষ্ট এট্ৰেকচনত পৰিণত হৈছে ভূপেন হাজৰিকা সেতু৷

বিস্ময়-বিমুগ্ধ নেত্ৰে চাই আছোঁ অলপ আগেয়ে খোজেৰে পাৰ হৈ অহা মহাসেতুখনলৈ৷ মহিলা এগৰাকী আৰু ছোৱালী কেইজনীমানে দলং আৰু তোৰণ সজোৱা মালা কিছুমান গোটাই লোৱা দৃষ্টিগোচৰ হ’ল৷ ঘৰত নি সজাব চাগৈ৷ অন্য কণমানি দুটাই আকৌ নাৰ্জী ফুলৰ সেই মালাকে নিজৰ ডিঙিত আঁৰি লৈছে৷ সিহঁতৰ গাড়ীখনতো লগাই আছে৷ ইয়ালৈ আহিবলৈ পাই খুব স্ফূৰ্তি হৈছে ইহঁতৰ৷ ময়ো সুযোগ বুজি সিহঁতৰ স্নেপ এটা লৈ থ'লোঁ৷

মোৰ ড্ৰেচ-পাতি দেখি স্থানীয় বুলিয়েই ভাবি ল'লে চাগৈ, জনৈক দৰ্শনাৰ্থীয়ে চুইফ্‌ট ডিজায়াৰ এখনৰ পৰা নামি পোনেই আহি প্ৰশ্ন কৰিলে ইয়াৰ পৰা শদিয়ালৈ কিমান দূৰ, ৰাস্তা কেনেকুৱা, ইত্যাদি ইত্যাদি৷ পূৰ্ব সংগৃহীত জ্ঞান আৰু অভিজ্ঞতাৰে ময়ো শুদ্ধ উত্তৰ দিবৰ চেষ্টা কৰিলোঁ৷ আগন্তুকক সন্তুষ্ট হোৱা যেনেই লাগিল৷ কম সময়তে তেওঁৰনো মতলব কি তাৰ উমান পাই গ'লোঁ৷ দলঙেই লক্ষ্য৷ গতিকে ইয়াৰ পৰাই ঘূৰিব৷ আৰু আগলৈ যোৱাৰ আগ্ৰহ নাই৷ চালকক গাড়ী ঘূৰাবলৈ নিৰ্দেশ দিলেই৷ 'শদিয়ালৈ যদিহে আগতে কেতিয়াও যোৱা নাই, ইমানখিনি আহি পালেহি যেতিয়া কম-চেকম চপাখোৱাৰ পৰা আহকগৈ, জীৱনৰ বাবে অভিজ্ঞতা এটা হ'ব৷' এইবুলি মই উচতোৱাত লাগি গ'লোঁ৷ অলপ পাছত দেখা গ'ল, ডিজায়াৰৰ চকাকেইটা দলঙৰ বিপৰীতে ঘূৰিব লাগিছে৷

আগৰে পৰাই তাত ৰৈ থকা টাটা মেজিক এখন শদিয়াৰ দিশে যাব বুলি অথনিতেই শুনা পাইছিলোঁ৷ সুযোগ বুজি ক্ষন্তেক জিৰাওঁ বুলি পৰিবাৰসহিত সেইখনতে বহি থাকিলোঁহি৷ ইফালে ভালে সময় ধৰি বৰগোহাঁই নাই৷ কেনি গ'ল, কেনি গ'ল বুলি বিচাৰ-খোঁচাৰ কৰোঁতে দূৰত দেখা পালোঁ, 'শদিয়াত এসাজ'ৰ ফালে কোবাকুবিকৈ গৈ আছে তেওঁ৷ পাইছেগৈয়ে প্ৰায়৷ ভাবিলোঁ, কথাটো কি? ইফালে আমি বহি থকা বাহনখনতো যাত্ৰী বুলিবলৈ তৃতীয় কোনো নাই৷ চালকো অন্তৰ্ধান৷ ১০ মিনিটমান অতিবাহিত হ'ল তেনেকৈয়ে৷ দৌৰি-ঢাপৰি বৰগোহাঁই ওলালহি৷ 'আমাৰ গাঁৱৰে ল'ৰা এটাই ধাবাখন খুলিছে৷ খবৰ এটাকে লৈ আহিলোঁগৈ, সুবিধাটো পাওঁতেই৷' আহিয়েই উৎসাহেৰে ব্যক্ত কৰিলে তেওঁ হঠাতে নিৰুদ্দিষ্ট হোৱাৰ কাৰণটো৷ মই আকৌ মনে মনে ভাবি আছিলোঁ, অলপ আগতে কণী দুটা খাই পেট চলিলবা! নাই, নহয়৷

দুপৰীয়া ১২ বাজিবৰ হ'ল৷ মেজিকখন যোৱাৰ লক্ষণ নাই৷ নামি আহি ৰাস্তাৰ দাঁতিত খাপ পাতি আছোঁ৷ ডাম্পাৰ কেইখনমান আহিল৷ শাৰী পাতি ৪খন৷ সন্মুখৰ আইনাত কাগজ মৰা আছে, অন ডিউটি, মিনিষ্ট্ৰি অফ্‌ ৰ'ড ট্ৰেন্সপ'ৰ্ট এণ্ড হাইৱে'৷ ভাবিলোঁ, ছিগনেল দিওঁ নেকি? এগাল মানুহ উঠি আহিছে৷ এখন এখনকৈ ৩খন গহীনাই পাৰ হৈ গ'ল৷ আচম্বিতে চতুৰ্থখন আমাৰ মুখৰ আগতে ৰৈ দিলে৷ মতাই-মাইকীয়ে, ল'ৰাই-ছোৱালীয়ে গোটেইমখা নামিল৷ গাড়ী খালী৷ চালকক সুধিবলৈকে নাপালোঁ, ডাম্পাৰৰ পৰা নমা এজনেই আমালৈ চাই সুধিলে আৰু আহ্বানো জনালে৷ 'ক'লৈ যাব আপোনালোক?' 'আমি চপাখোৱালৈকে যাম৷' 'পাৰিব পাৰিব, উঠক, উঠক, গাড়ী ৰ'য়িঙলৈ যাব৷' আৰু পায় কোনে? হাঁহি-স্ফূৰ্তি কৰি উঠি গ'লোঁ এজন এজনকৈ৷ পূৰ্বতে কাহানিও ডাম্পাৰত উঠি পোৱা নাই৷ ওখ বাহনখনত উঠোঁতেই সেয়েহে আনন্দৰ মাত্ৰাটো একোব চৰিল৷ গগৈ উপাধিৰ চালকজনে ধীৰে ধীৰে আমাক আগুৱাই নিব ধৰিলে৷ খোলামনে কথা-বতৰাও পাতি গ'লোঁ৷ গাড়ীখনৰ মালিক ডিব্ৰুগড়ৰ৷ এতিয়া ৰ'য়িঙলৈ যাব, পাথৰ আনিবলৈ৷ আহল-বহল অভ্যন্তৰভাগত বহাত আৰাম সিমান নাই লগা যদিও পৰম উৎসাহ আৰু অনুসন্ধিৎসাত ডুবি গৈ থাকিলোঁ চপাখোৱা অভিমুখে৷









শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৭)

মন-কাগজত লিখি থোৱা হৈছিল ধলা-শদিয়া ব্ৰীজৰ নাম৷ আত্মাৰ তৃপ্তি সাধন হ'ল৷ আকস্মিকভাৱে সংগী হৈ পৰা ডিব্ৰু-ছৈখোৱাৰ বনৰক্ষী বিনোদ বৰগোহাঁই আমাৰ অভিযানৰ জীয়া-সাক্ষী হৈ ৰ'ল৷ বহুদিনতে ভাবি থোৱা কাম এটা সুকলমে সম্পাদন হোৱাৰ আনন্দকণ উদ্‌যাপন কেনেকৈ কৰোঁ?

দলঙৰ এইটো মূৰে অৰ্থাৎ শদিয়াৰ ফালৰ মূৰে আলফা নলা৷ সঁচা-মিছা নাজানো, আলফাই হেনো বৃহৎ পৰিমাণৰ টকা নলাত পুতি থৈছিল৷ সেয়েহে নামটো তেনেকুৱা৷ বৰগোহাঁয়ে সেইবুলিয়ে ব্যাখ্যা দাঙি ধৰিলে৷ খেনোৰ মতে, নদীৰ সুঁতি এটা সলাবলৈ আলফাই নলা এটা খন্দাইছিল৷ সেই কামত স্থানীয় ৰাইজেও সহযোগ কৰিছিল৷ নলাটো এতিয়া নাই যদিও ঠাইডোখৰৰ নামটো আলফা নলা হৈয়ে থাকিল৷

ৰাজপথটোৰ নামনিৰ ফালে সোঁহাতে কিছু দূৰৈত ‘শদিয়াত এসাজ’ নামে ধাবা এখন নকৈ খুলিছে৷ গছৰ ছাঁত পতা অস্থায়ী চালিৰ তলত চাহ দোকান এখনো দেখা গৈছে৷ তালৈকে গৈ লালচাহ একোকাপকৈ খোৱাৰ প্ৰস্তাৱ দিলে বৰগোহাঁয়ে৷ তেওঁক অনুসৰণ কৰি আমি নামি গ'লোঁ৷ তিনিকাপ চাহৰ অৰ্ডাৰ তেৱেঁই দিলে আগে-ভাগে৷ ৰৈ নাথাকি সিদ্ধ কণী এটাটো কামোৰ বহুৱালে মানুহজনে৷ খোজ কাঢ়ি কাঢ়ি লেবেজান হৈ পৰা যেন সামান্যও কিন্তু তেওঁক লগা নাই৷ ভোক লাগিব পায় চাগৈ৷

পুৱাৰে পৰা একে লেথাৰিয়ে ক'তো নবহাকৈ প্ৰায় ৩ ঘণ্টাত আহি আহি এইখিনি পাইছোঁ৷ ভগা প্লাষ্টিকৰ চকী এডোখৰ পাই তাতে আসন গ্ৰহণ কৰিলোঁ৷ পানী কেইঢোকমান পি লৈয়ে দোকানী বাইজনীৰ সৈতে কথা চোবাবলৈ আৰম্ভ কৰি দিলোঁ৷ স্বভাৱজাত সপ্ৰতিভতাৰে তায়ো মুখ খুলিলে, 'কালি এনেকুৱা সময়ত এই ঠাইখিনি অতিপাত ব্যস্ত হৈ আছিল৷ আজি ঠাণ্ডা৷ নাহোঁ বুলিয়েই ভাবিছিলোঁ৷ ১০ বজাতহে আহিছোঁ৷ নাই, বিক্ৰী-বাৰ্তা সিমান নহ'বগৈ আজি৷' গচকত ঘাঁহ-বন মৰি আছে৷ ইফালে-সিফালে দুচকু ঘূৰায়েই অৱস্থাটো দেখিলোঁ আৰু সত্যটো বুজি পালোঁ৷ টিভিতো দেখা পাইছিলোঁ কালি, অগণন মানুহৰ সমাগম হৈছিল, বিৰ দি বাট নোপোৱা অৱস্থা বুলি কৈছিল ধাৰা ভাষ্যকাৰে৷

কম সময়ৰ ভিতৰতে চাহ তৈয়াৰ হৈ গ'ল৷ ইমান পৰে পিঠিত লৈ থকা ৰাক্‌চেকটো এতিয়াহে নমাই থোৱাৰ সম্বিত হ'ল৷ পৰিবাৰে তিনিচুকীয়াত কিনা বিস্কুটৰ পেকেট বাহিৰ কৰিলে৷ আনন্দমনে আটায়ে ভগাই খালোঁ৷ অথনি ধলা গাঁও তিনিআলিৰ সমীপত উঠি জিৰ' পইণ্টলৈকে আহোঁতে বাছৰ ভাড়া মই দিছিলোঁ৷ এতিয়া তাৰেই ভদ্ৰতাসূচক প্ৰত্যুত্তৰ হিচাপেই চাগৈ, বৰগোহাঁয়ে আগে-ভাগে চাহৰ বিনিময় পৰিশোধ কৰি আজৰি হৈ থাকিল৷

অকণমান আগুৱাই গ'লোঁগৈ৷ ৰাস্তাটোৰ বাঁওকাষৰ এঢলীয়াত শ্ৰমিক কিছুমানে ব'ল্ডাৰ জাপি আছে৷ ওপৰলৈ উঠি যাবলৈ খাজ কটা আছে৷ আমি মূল পথলৈ উঠি আহিব ধৰিলোঁ৷ দুবছৰৰ আগতে শদিয়াৰ পৰা ফেৰীৰে গৈ থাকোঁতে দেখা মনত আছে, তলতে সাজি উলিওৱা দলঙৰ ব্লকবিলাক ক্ৰেনেৰে দাঙি দাঙি ওপৰত বহুৱাই আছিল৷ বীম ব্ৰীজ প্ৰযুক্তিৰে নিৰ্মিত ভূপেন হাজৰিকা সেতুখনে খুঁটাৰ সংখ্যাৰে অভিলেখৰ গৰাকী হৈছে বুলি সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰিত হৈছেই৷ P182 লিখা খুঁটাটো এইখিনিৰ পৰা ভালকৈ দেখা পাই আছোঁ৷ আনহাতে দেখা নাযায় যদিও ধাৰণা এটা হ'ল যে সেইটোৰ পাছতো আৰু এটা খুঁটা থাকিব লাগিব৷ সেইটো ৰাস্তাৰ তলত লুকাই পৰিল৷ অৰ্থাৎ দলংখনৰ মুঠ স্পান (দুটা খুঁটাৰ মাজৰ দূৰত্ব)ৰ সংখ্যা ১৮৩ বুলি আশ্বস্ত হ’লোঁ৷ ১৮৩ x ৫০ মিটাৰ = ৯.১৫ কিল'মিটাৰ৷ সাধাৰণ বিচাৰেৰে বৰগোহাঁয়েও খুঁটাৰ সংখ্যাটো উলিয়াবৰ চেষ্টা কৰিলে৷ 'ঘৰৰ কোঠা এটা সাজোঁতেওচোন মাৰলিডাল দুটা খুঁটাৰ ওপৰত বহি থাকে৷ গতিকে, ১৮৩ + ১ = ১৮৪৷'

এই উল্লেখ পিছে ঘূণাক্ষৰেও ক'তো পোৱা নাই৷ আনহাতে বৰগোহাঁইৰ ঘৰুৱা মৌলিক ধাৰণাটো হ'লে বেয়া নালাগিল৷ সি যি কি নহওক, বিহাৰত গংগাৰ ওপৰত সাজিবলগীয়া ৯.৮০ কিল'মিটাৰ দৈৰ্ঘৰ নিউ গংগা ব্ৰীজ প্ৰজেক্ট হৈ নুঠা পৰ্যন্ত ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতু ভাৰতৰ দীৰ্ঘতম দলং হিচাপে গণ্য হৈ থাকিব আৰু ইয়াক লৈ আমিও গৌৰৱ কৰি যাম৷ ইফালে ইতিমধ্যে ঘােষণা হৈছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত অসমৰ ধুবুৰীৰ পৰা অসম-মেঘালয় সীমামূৰীয়া ফুলবাৰী সংযোগী ১৪ কিল'মিটাৰ দীঘল সেতু এখন অনাগত দিনত নিৰ্মাণ কৰা হ'ব৷ উক্ত দলঙৰ প্ৰায় ২ কিল'মিটাৰ অংশ থাকিব মেঘালয়ৰ ভিতৰত৷ দেশৰ উন্নয়নত পথ-দলঙৰ ভূমিকা সদায়েই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে৷ এই দলঙে এইফালৰ অৰ্থাৎ অসমৰ পূব মূৰে উন্নয়নৰ বাট মুকলি কৰিছে, সিখনে পশ্চিম মূৰে কৰিব৷

বিপৰীত ফালৰ গৰাটো চালোঁগৈ৷ জীৱনৰ এই ঐতিহাসিক যাত্ৰাটোৰ নীৰৱ সাক্ষী হৈ থাকক বুলি তাতে পৰি থকা শিল এটাকে বুটলি লওঁ বুলি ভাবিলোঁ৷ হৃদয় আকৃতিৰ শিলগুটি এটা হাতত অজানিতে উঠি আহিল৷ ভূপেন হাজৰিকা সেতুৱে আমালৈ যেন নিভাঁজ প্ৰেমৰ চানেকীহে আগ বঢ়ালে! মনটো প্ৰসন্নতাৰে ভৰি পৰিল৷ প্ৰতিজন অসমীয়া মানুহৰ অন্তৰে অন্তৰে ভূপেন হাজৰিকা আজিও জীৱিত হৈ আছে আৰু থাকিব৷ ভূপেন হাজৰিকাৰ মৃত্যু হোৱা নাই৷ ইফালে আক্ষৰিক অৰ্থত দলঙৰ আশে-পাশে ভূপেন হাজৰিকা সেতু বুলি লিখা কোনো ফলকেই শেষ পৰ্যন্ত আমাৰ কাৰোৱেই চকুত নপৰিল৷ নামকৰণ প্ৰক্ৰিয়াটো কাগজে-কলমে কেতিয়ালৈ কাৰ্যকৰী হয় নাজানো যদিও মাননীয় প্ৰধান মন্ত্ৰীৰ মুখৰ কথাকে সাৰোগত কৰি অসম-সন্তান মহান শিল্পীজনালৈ আকৌ এবাৰ অন্তৰৰ পৰা প্ৰণিপাত জনালোঁ৷







Wednesday, 28 June 2017

শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (২৬)

মাজতে জিলমিলকৈ ৰ’দ অকণমান দিছিল৷ এতিয়া নাই৷ অন্তিমলৈ গতি আমাৰ৷ আকাশৰ পৰা তেনেই পাতলীয়াকৈ বৰষুণ কেইটোপালমান সৰি পৰিব ধৰিলে৷ বৰষুণ নহয় যেন পুষ্পবৃষ্টিহে! ছাতি উলিওৱাৰ কথাই নাহে৷ বতৰটো ঠাণ্ডা হৈ থকা দেখি কেউজনেই খোজ কাঢ়ি আৰাম পাইছোঁ৷ অকণমান বাকী থাকোঁতেই দেখা গ'ল, দলংখনৰ একেবাৰে সিটো মূৰে ষ্টিল ষ্ট্ৰাকচাৰেৰে সজা তোৰণ এখন থিয় হৈ আছে৷ নাৰ্জী ফুলৰ মালা কিছুমান ওলমি আছে৷ তাৰ ঠিক সন্মুখতে টিনপাত আৰু ক’লা কাপোৰেৰে আবৃত্ত অস্থায়ী কেম্প৷ দুফালে দুটা আছে৷ ফলত যান-বাহন অহা-যোৱাৰ কাৰণে বাটটো ঠেক হৈ পৰিছে৷ সেইডোখৰতে অগা-পিছাকৈ গাড়ী কেইখনমান সোঁ দাঁতিয়ে ৰৈ আছে৷ পুলিচৰ বাহনো দেখা গৈছে৷ তালাচী চকী হ'ব চাগৈ৷ চেকিং চলি আছে যদিও নাজানো৷ ক্ৰমান্বয়ে চাপি গৈ থাকিলোঁ আমি৷

দলঙৰ অন্তিম মূৰটোহে তিনিওৰে বিশেষ লক্ষ্য৷ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ চেকিং এতিয়া আৰু কোনো প্ৰকাৰেই মূৰৰ কামোৰণি নহয়৷ ভবা কথাটো সিদ্ধি হৈয়ে গ'ল৷ অকণো অসুবিধা নোহোৱাকৈ সুকলমে পদব্ৰজে পাৰ হৈ আহিলোঁ ভাৰতৰ দীঘলতম দলং৷ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় সেতুৰে জীৱনৰ বাবে মনত ৰাখিবলগীয়া এটা ৰোমাঞ্চকৰ তথা ঐতিহাসিক পদযাত্ৰা সামৰি ধলাৰ ফালৰ পৰা আহি আহি শদিয়াৰ ফাল পালোঁহি৷ ম'বাইলটো পকেটৰ পৰা উলিয়ালোঁ৷ ঘড়ীলৈ মন দিলোঁ৷ দিনৰ ১১.১৫৷ পেড'মিটাৰৰ ৰিডিং চালোঁ৷ ১২,২৫০ খোজ৷ স্কুলীয়া দিনৰ দৌৰ প্ৰতিযোগিতাৰ সামৰণিৰ ৰঙা ফিটাডালহে যেন চুলোঁহি! তেনেকুৱাই অনুভৱ হ'ল সুদীৰ্ঘ দলংখনত খোজৰ অন্ত পৰাৰ লগে লগে৷

উত্তৰ-পূবৰ অন্তিম পূব দৰ্শন কৰি যিদিনা (১৬.৪.২০১৫) শদিয়া ঘাটেৰে ছৈখোৱা ঘাটলৈ লোহিতৰ বুকুৰে ফেৰীৰ টিংখোপত বহি আহি আছিলোঁ, নিৰ্মীয়মান ধলা-শদিয়া দলংখন প্ৰথমবাৰলৈ চকুত পৰিছিল৷ তেতিয়াই নিজকে নিজে কৈছিলোঁ, মুকলি হওক, পিছদিনাই আহিম, ওপৰেৰে খোজ কাঢ়ি পাৰ হ’ম৷ ঈশ্বৰৰ ইচ্ছা৷ ভবা মতেই কামফেৰা সমাধা হ’ল৷ লগত থাকিল আৰু দুজন সংগী৷ এজন চিনাকি, আনজন অচিনাকি৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ পূবৰ উপনৈ লোহিতৰ ওপৰত নিৰ্মিত ভূপেন হাজৰিকা সেতুৰে কৰা এই যাত্ৰাৰ প্ৰতিটো মুহূৰ্ত আৰু সঞ্চিত অভিজ্ঞতা প্ৰতিজনৰে বাবে চিৰযুগমীয়া হৈ ৰ’ল৷

প্ৰধান মন্ত্ৰীৰ দ্বাৰা কালি আনুষ্ঠানিকভাৱে উন্মোচিত হোৱাৰ পাছৰে পৰা নিশাৰ ভাগত লাইটৰ পোহৰত উদ্ভাসিত হৈ থকা ছবি এখন ইণ্টাৰনেট যোগে ধলা-শদিয়া দলং বুলি দেখুৱাই থকা হৈছিল৷ পিছে এয়া নিজেই ইমূৰৰ পৰা আহি সিমূৰ পালোঁহি৷ ক'তা? ক’তোচোন বিজুলী-চাকিৰ কোনো অস্তিত্বই বিচাৰি নাপালোঁ৷ অৰ্থাৎ সেই ফটোখন সত্য নাছিল বুলি অন্ততঃ আমি তিনিওজনে বুকুত হাত থৈ ক'ব পাৰিম৷ ভুৱা ছবিখন কোনে, কেনেকৈ, ক’ত পালে আৰু কি উদ্দেশ্যৰে প্ৰচাৰ কৰি থাকিল, কাৰ কেনেকুৱা লাভ হ'ল নাজানো৷

সদ্যহতে মহাসেতুত নিশাৰ ভাগত পোহৰৰ ব্যৱস্থা কৰাৰ বাবে সজোৰ দাবী উত্থাপিত হৈছে৷ নিৰাপত্তাৰ খাতিৰতে দলঙত বিজুলী-বাতিৰ ব্যৱস্থা কৰাৰ বাবে ৩০ কোটি টকাৰ এক সুবৃহৎ আঁচনি প্ৰস্তুত হৈ উঠা বুলি খবৰত ওলাইছে৷ দলঙৰ লগতে ২৮.৫০ কিল'মিটাৰজোৰা সংযোগী পথছোৱাকো ছ’লাৰ লাইটিং চিষ্টেম কাৰ্যকৰী কৰি পোহৰাব পাৰিলে নিশাৰ ভাগত দেখাত অতি মনোমোহা হ'ব আৰু আকৰ্ষণো বহুগুণে বাঢ়িব৷ তাৰ লগে লগে সৌৰ শক্তিখণ্ডৰ বিকাশ আৰু বিনিয়োগৰ এক অভূতপূৰ্ব বাতাৱৰণ সৃষ্টি হ'ব বুলি ভাবিব পৰা যায়৷ তেনে প্ৰকল্প স্থাপনেৰে অপৰম্পৰাগত শক্তি আহৰণ কৰিলে আমাৰ ৰাজ্যখনে আপাততঃ মুখামুখি হৈ থকা বিদ্যুতৰ নাটনিৰ পৰাও হাত সৰা নহ'বজানো?